Home Blog Page 3323

নাজিৰাত ক’ৰনা ৰোগীক লৈ ফেচবুকত ভুৱা প্ৰচাৰ : ১ জন গ্ৰেপ্তাৰ ।

নাজিৰাত ক'ৰনা ৰোগীক লৈ ফেচবুকত ভুৱা প্ৰচাৰ : ১ জন গ্ৰেপ্তাৰ

গেলেকী

 সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই আতংকিত কৰিব বিচৰা লোকৰ ওপৰত শেন চকু অসম আৰক্ষী চাইবাৰ চেইলৰ । ছ’চিয়েল মিডিয়া ফেচবুকত আপত্তিজনক মন্তব্যৰে ভুৱা প্ৰচাৰ চলাই আটক হ’ব লগা হ’ল নাজিৰাৰ এজন যুৱক । ৪জুনৰ দিনা নাজিৰা মহকুমা ৰজাপুলৰ মিণ্টু দিহিঙ্গীয়া (২৮) নামৰ এজন যুৱকে নিজা ফেচবুক একাউণ্টৰ পৰা কৰ’না ৰোগী সন্দৰ্ভত এক আপত্তিজনক উৰা বাতৰি প্ৰচাৰ কৰি ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা চলাই । শিৱসাগৰ জিলা আৰক্ষী অভিযোগ অনুসৰি গড়গাঁও কোৱাৰেণ্টাইন চেণ্টাৰটোৰ পৰা এজন কৰ’না ৰোগী পলায়ন কৰিছে । খবৰ অনুসৰি ৰোগীজন নাজিৰা মলাগাওঁৰ নিৱাসী । সামাজিক মাধ্যমত কৰ’না আতংক মাজত উক্ত ভুৱা প্ৰচাৰ কৰাৰ অভিযোগ ৰজাপুলৰ মিণ্টু দিহিঙ্গীয়াৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত আৰক্ষী চাইবাৰ চেইলে সমূহ ঘটনা তদন্ত কৰি যুৱকজনে দিয়া ফেচবুকৰ পুষ্টটি ভুৱা অভিহিত কৰে । অপৰাধীক ফেচবুক একাউণ্টৰ জড়িয়তে আৰক্ষীয়ে চিনাক্ত কৰি ৪জুনৰ আবেলি অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে । সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলোৱা ধৃত যুৱকজনৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাই এক গোচৰ ৰুজু কৰি আৰু অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

শিৱসাগৰ জিলা কৃষি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচনিৰ হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ : ৩৫২ জন অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন : ১৩ গৰাকীয়ে উভতালে ধন ।

নাজিৰা 

 শিৱসাগৰ জিলা কৃষি বিভাগৰ দ্বাৰা ৰূপায়ণ হোৱা ” প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি ” আচনিৰ জৰিয়তে অযোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জিলা কৃষি বিভাগে এই আচনিৰ হিতাধিকাৰী সকলৰ যোগ্যতাৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । শিৱসাগৰ জিলা কৃষি বিষয়া ভীমকান্ত গগৈয়ে এক বিবৃতি যোগে এই কথা সদৰী কৰি লগতে জনাইছে যে , শিৱসাগৰ জিলাত ” প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি ” আচনিৰ অধীনত মুঠ ৭০,৮৬৯ গৰাকী হিতাধিকাৰীৰ নাম আপলোড কৰা হৈছিল যদিও ৫৮,৬৪৫ গৰাকী হিতাধিকাৰীয়েহে ধনন লাভ কৰিছিল।বিভাগে আৰম্ভ কৰা হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ প্ৰক্ৰিয়াত বৰ্তমানলৈকে ৪৭,৪৬৮ গৰাকী হিতাধিকাৰীৰ ২,৭৪২ গৰাকী অযোগ্য বুলি প্ৰমাণিত হৈছে । এই পৰীক্ষণ প্ৰক্ৰিয়াৰ প্ৰায় ৮১ শতাংশ কাম সম্পন্ন হৈছে আৰু বাকী থকা কামখিনি অতি শীৰ্ঘ্ৰে সম্পন্ন কৰা হ’ব বুলি জিলা কৃষি বিষয়াগৰাকীয়ে বিবৃতিটোৰ যোগে জনাইছে । আনহাতে এই সন্দৰ্ভত ইতিমধ্যে যোৱা ১৩ মে’ ত বিভাগীয় ভাৱে বাতৰি কাকতৰ যোগেদি বিজ্ঞাপন প্ৰকাশ কৰি অযোগ্য হিতাধিকাৰীসকলক নাম প্ৰত্যাহাৰ কৰিবলৈ গোহাৰি জনোৱাৰ লগতে প্ৰাপ্ত ধনন নিদিষ্ট নিয়মেৰে ঘূৰাই দিবলৈ আহ্বান জনোৱা হৈছিল । ধন ঘূৰাই দিবলৈ শিৱসাগৰস্থিত ” চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া “ৰ একাউণ্ট নং ৩৮১৫৯১৫৪১২ আৰু IFSC code CBIN0283213 ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল । সেইমৰ্মে বৰ্তমানলৈকে বিভাগীয়ভাৱে ৩৫২ গৰাকী অযোগ্য হিতাধিকাৰীৰ ননাম কৰ্তন কৰা হৈছে আৰু১৩ গৰাকী হিতাধিকাৰীৰ পৰা ১,০৬,০০০ টকা বিভাগে ঘূৰাই পাইছে । জিলা কৃষি বিষয়াগৰাকীয়ে জনোৱা মতে, ইতিমধ্যে বিভাগৰ তৰফৰ পৰা কৃষি মহকুমা অনুযায়ী তিনিগৰাকী মহকুমা কৃষি বিষয়াক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি তদাৰক কৰিবলৈ দায়িত্ব ন্যস্ত কৰে । কিবা ওজৰ – আপত্তি থাকিলে এই তিনিগৰাকী মহকুমা কৃষি বিষয়া ক্ৰমে দিলীপ গায়ন , মহকুমা কৃষি বিষয়া , শিৱসাগৰ , ফোন নং ৯৪৩৫৩-৬০৪৭৯ , ক্ষিৰেশ্বৰ শইকীয়া , মহকুমা কৃষি বিষয়া , আমগুৰি , ফোন নং ৯৯৫৪৮-৯৩৫৫০ আৰু সুৰভী লাহন মহকুমা কৃষি বিষয়া , নাজিৰা , ফোন নং ৯৮৫৪৩-৬১৮১৯ যোগাযোগ কৰিব পাৰিব বুলি বিবৃতিটোত লগতে জনাইছে ।

আজি বিশ্ব পৰিবেশ দিৱস ৷ দৰঙৰ আন্ধেৰীঘাটত প্ৰতিশ্ৰুতিয়ে ৰোপণ কৰিলে এক হাজাৰ গছপুলি ৷

ৰঙৰ আন্ধেৰীঘাটত প্ৰতিশ্ৰুতিয়ে ৰোপণ কৰিলে এক হাজাৰ গছপুলি ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷

 আজি বিশ্ব পৰিবেশ দিবস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ আন্ধেৰীঘাটত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰোপণ কৰিছে গছপুলি ৷ প্ৰতিশ্ৰুতি নামৰ আন্ধেৰীঘাটৰ এটা আত্মসহায়ক গোটে সেউজী ধৰণী ধুনীয়া নামেৰে নামাকৰণ কৰি এই কাৰ্যসুচী ৰূপায়ণ কৰে ৷ অঞ্চলটিত প্ৰায় এক হাজাৰ গছপুলি ৰোপণৰ প্ৰয়াস আত্মসহায়ক গোটটিৰ ৷ পৰিতাপৰ বিষয় বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰী /বেচৰকাৰী ভাৱে গছপুলি ৰোপণ কৰাৰ উপৰিও অন্যান্য দিনতো ৰাজ্যত গছপুলি ৰোপণ কৰি পৰিবেশ উন্নিতকৰনৰ চেষ্টা কৰা হয় যদিও একাংশ দুষ্কৃতিকাৰীৰ কৱলৰ পৰা গছ সমুহ ৰক্ষা কৰাত বিফল হৈছে চৰকাৰ ৷ গছ থাকিলেহে মানুহ থাকিৱ বুলি কোৱাৰ পিছতো কিমান সচেতন আমি ৷ আহক সকলোৱে গছপুলি ৰোপণৰ উপৰিও আমি আমাৰ গছসমুহ ৰক্ষা কৰো দুষ্কৃতিকাৰীৰ কৱলৰ পৰা ৷

গড়গাঁও কোৱাৰেন্টীন কেন্দ্ৰৰ আবাসী পলোৱাৰ ভূৱা বাৰ্তাঃ নাজিৰাত আটক ১ ।

নাজিৰা

নাজিৰাৰ গড়গাঁও কলেজ চাব-ডিভিজনেল কোৱাৰেন্টাইন কেন্দ্ৰত বৰ্তমানলৈকে ৫৪ জন আবাসী থকা বুলি জানিব পৰা গৈছে । সময়ে সময়ে স্বাৱ পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱা বহুকেইজন আবাসীক কেন্দ্ৰটোৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ লগতে পৰৱৰ্ত্তী সাদিন হোম কোৱাৰেন্টীন হৈ ৰোৱাৰ নিৰ্দেশনা জাৰি কৰি পঠোৱা হয় । কেন্দ্ৰটোৰ যোৱা ২৬ মে’ ত চেন্নাইৰপৰা আহি পোৱা আৰু ২৭ মে’ ত স্বাৱ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা মুঠ ৫ জনৰ দেহত ৩১ মে’ৰ ঘোষিত ফলাফলত পজিটিভ ধৰা পৰাৰ মূহুৰ্ত্তত নিশাই শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদৰ ক’ভিড -১৯ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহাতে ফেচবুক চ’ছিয়েল মিডিয়াযোগে নাজিৰাৰ মিণ্টু দিহিঙ্গীয়া নামৰ যুৱকজনে কালি দুপৰীয়াৰ ভাগত নাজিৰাৰ আন এজন যুৱক গড়গাঁও কোৱাৰেন্টীন কেন্দ্ৰত আবাসী হৈ ৰোৱা অৱস্থাতে তেওঁৰ নাম উল্লেখ কৰি কোৱাৰেন্টীন কেন্দ্ৰৰপৰা পলাই যোৱা বুলি এক বাৰ্তা প্ৰচাৰ কৰাৰ লগে লগে ফেচবুক অনুকৰন কৰা সকলৰ মাজত তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি হয় । আৰক্ষীয়ে ভূৱা ফেচবুক বাৰ্তা  বিয়পোৱাৰ অপৰাধত যুৱকজনক তেওঁ নিজে কম্পিউটাৰ সেৱাৰ কাম কৰি থকা প্ৰতিষ্ঠানটোৰপৰা আটক কৰি নাজিৰা আৰক্ষী থানালৈ লৈ যায় । আনহাতে কালি বিয়লি বিধায়ক তথা বিধান সভাৰ  বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, নাজিৰাৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, প্ৰহ্লাদ গোৱালাই কেন্দ্ৰটিত উপস্থিত হৈ কাম-কাজৰ বুজ লয়  ।

লোক সংস্কৃতিৰ বিশিষ্ট গবেষক চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । আশু আৰোগ্যৰ প্ৰাৰ্থনা ।

লোক সংস্কৃতিৰ বিশিষ্ট গবেষক চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন

ৰহা

লোক সংস্কৃতিৰ বিশিষ্ট গবেষক , ৰহাৰ এগৰাকী জেষ্ঠ নাগৰিক , অৱসৰপ্ৰাপ্ত শিক্ষাবিদ , ৰহা নগৰৰ ১নং ৱাৰ্ডৰ গড়মাৰি নিবাসী চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । যোৱা কালি লোক সংস্কৃতিৰ গবেষক গৰাকীৰ শাৰীৰিক অসুস্হতাৰ বাবে গুৱাহাটীৰ ছয়মাইলৰ জি. এন. আৰ . চি.ত ভৰ্তি কৰা হৈছে । ৰহাৰ বিভিন্ন দল,সংগঠনে বিশিষ্ট গবেষক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

মংগলদৈ সমষ্টিত অসম আদৰ্শ গ্ৰাম যোজনাৰ ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ ৷

মংগলদৈ সমষ্টিত অসম আদৰ্শ গ্ৰাম যোজনাৰ ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা 

দৰঙত ” অসম আদৰ্শ  গ্ৰাম যোজনা ” ৰ অধিনত ৫০ লাখ টকাৰ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ মংগলদৈ বিধানসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰি অতি সক্ৰিয়তাৰে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা গুৰুজ্যোতি দাসে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে সমষ্টিৰ প্ৰতিটো পঞ্চায়তত ৷ অসম চৰকাৰে প্ৰতিটো সমষ্টিত দুখনকৈ আদৰ্শ  গাঁও হিচাৱে নিৰ্মাণ কৰাৰ যি পৰিকল্পনা গ্ৰহন কৰিছে তাৰ অংশ হিচাৱে বিধায়ক গুৰুজ্যোতি দাসে ডাঁহী পঞ্চায়তৰ  অন্তৰ্গত বৰসত্ৰ গাঁও নিৰ্বাচন কৰিছে ৷ অসম গ্ৰাম যোজনা ২০১৮-১৯ বৰ্ষৰ অধিনত বৰসত্ৰ গাঁও আদৰ্শ গাঁও হিচাৱে প্ৰতিস্থা কৰিবলৈ বিধায়ক গুৰুজ্যোতি দাসে সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৫০ লাখ টকাৰ আঁচনি শুভ উদ্বোধন কৰে ৷ আঁচনি সমুহত আছে দক্ষিণ বৰসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণ , সামুহিক পানী যোগান আঁচনি , দীঘিৰপাৰ বিষ্ণু মন্দিৰৰ খোৱা পানী যোগান আঁচনি , দীঘিৰপাৰ হৰি মন্দিৰৰ সভাগৃহ নিৰ্মাণ , দক্ষিণ বৰসত্ৰ সামুহিক কেন্দ্ৰৰ খোৱাপানী আঁচনি , দীঘিৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণ   ৷ আনহাতে বৰসত্ৰ গাঁওখন পোহৰাই ৰাখিবলৈ ১০ লাখ টকা ব্যয়ৰে প্ৰায় ৩৫ টা চলাৰ  ষ্টিত লাইট স্থাপন কৰাৰ উপৰিও এম পি কে পথত ৯ লাখ টকাৰে বৰসত্ৰ গাঁওত নিৰ্মাণ কৰিব “বৰসত্ৰ আদৰ্শ গাঁও তোৰণ ৷ আঁচনিখন ৰূপায়ণৰ ফলত অঞ্চলবাসী ৰাইজৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৱ বুলি আশা কৰে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যোতি দাসে ৷ আঁচনি সমুহৰ শুভ উদ্বোধনী অনুস্থানটিৰ আঁত ধৰে পশ্চিম মংগলদৈ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তথা বৰসত্ৰ আদৰ্শ  গাঁও উন্নয়ণ সমিতিৰ মুখ্য সম্পাদক বিতোপন ডেকাই ৷

আজমল পাৰফিউম কোম্পানীৰ কৰ্মচাৰী ছমহীয়া সন্তানক বিষ খোৱাই -পিতৃয়ে কিয় আত্মহত্যা কৰিলে ?

কৰিমগঞ্জ

কৰিমগঞ্জৰ বাৰইগ্ৰাম এলেকাৰ ইলাশপুৰ গাঁওত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সন্তানক বিষ খোৱাই নিজেও  আত্মহত্যা কৰিলে এগৰাকী পিতৃয়ে  । পিতৃ মঞ্জুৰ আহমেদে পুত্ৰক বিষপান কৰাই নিজেও বিষ পান কৰিছিল । এই ঘটনাৰ পিছত  পৰিয়ালৰ লোকে পিতা পুত্ৰক লৈ যোৱা হৈছিল নিলামবজাৰ প্ৰথমিক স্বাস্থ্য কেন্দ্ৰত । স্বাস্থ্য কেন্দ্ৰত যোৱাৰ পিছত তাত থকা  কৰ্তব্যৰত চিকিৎসকে  পিতা পুত্ৰক মৃত বুলি ঘোষনা কৰে । অত্যন্ত নম্ৰ স্বভাবৰ যুৱক মঞ্জুৰ আহমেদ এটা সময়ত মুম্বাইত আজমল পাৰফিউম কোম্পানীত কৰ্মৰত আছিল । বিগত কিছু মাহৰ পৰাই ঘৰত কৰ্মহীন আছিল যুৱকজন । আনহাতে  ক’ৰোনাৰ ভয়াবহ সংক্ৰমনৰ ফলত কিছুদিনৰ পৰাই হতাশ হৈ পৰিছিল মঞ্জুৰ আহমেদ ।হতাশাত ভুগি থকা বাবে আত্মহত্যাৰ পথ বাচি লোৱা বুলি এলেকাৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। । আচলতে কি কাৰনত এগৰাকী নম্ৰ স্বভাবৰ যুৱকে নিজৰ ছমহীয়া সন্তানক লৈ আত্মহত্যাৰ হত্যাৰ দৰে পথ বাছি লৈছে এয়া এতিয়াও ৰহস্যৰ আবৰ্তত । আৰক্ষীৰ উচিত তদন্তৰ অন্তত হয়তো পোহৰলৈ আহিব আত্মহত্যাৰ মুল ৰহস্য।

গৰৈমাৰীত গাওঁ পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ : দল বিৰোধী কাৰ্যকলাপ ও দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত ব্লক কংগ্ৰেছৰ এই সিদ্ধান্ত ।

সোণতলী

দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ দুখনকৈ গাওঁ পঞ্চায়তৰ পঞ্চায়ত সভানেত্ৰীক দলৰ পৰা বহিস্কাৰ কৰা হয়। উল্লেখ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিয়ে গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ১২ নম্বৰ মাজোৰটোপ গাঁও পঞ্চায়তৰ সভানেত্ৰী উম্মেল খায়েৰ আৰু ৪ নং টুক্ৰাপাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী হালিমা আহমেদক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে। স্মৰ্তব্য যে সভানেত্ৰী দুগৰাকীয়ে দল বিৰোধী কাৰ্যকলাপৰ লগতে উন্নয়ন মূলক কামৰ ক্ষেত্ৰত দুৰ্নীতি কৰাৰ অভিযোগত প্ৰাথমিক সদস্য পদৰ পৰাও বহিস্কাৰ কৰা হৈছে।ইয়াৰোপৰি সভানেত্ৰী দুগৰাকীয়ে বিৰোধী দলৰ লগত গোপন মিতিৰালি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হয়।উল্লেখ্য যে যোৱা ৩ জুনত সভানেত্ৰী দুগৰাকীক বহিস্কাৰ কৰি ছয়গাঁও সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ লগতে কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতিলৈ প্ৰতিলিপি প্ৰেৰণ কৰে।

পালছাৰ বাইক চুৰিঃ ব্যৰ্থ আৰক্ষীৰ ।

গুৱাহাটী ।

 মহানগীৰত লকডাউনৰ মাজতে চুৰি হ’ল এখন পালছাৰ বাইক।প্ৰাপ্ত তথ্যমতে  বেলতলা চাৰ্ভে অঞ্চলৰ ইয়ুকো বেংকৰ সমীপতে সংঘটিত হয় এইচুৰি কাণ্ড।বাইকখনৰ গৰাকী তথা সংবাদকৰ্মী মোছাদ্দিক হোছেইন উক্ত স্থানত কম্পিউটাৰৰ বিশেষ কামত ব্যস্ত আছিল।পিছত ঘৰলৈ যাবৰ সময়ত বাইকখন বিচাৰি নাপালে।লগে লগে আৰক্ষীক লিখিতভাবে অবগত কৰা হৈছে হাতীগাঁও থানাত আই পিচি ৩৭৯ ধাৰাত ২৭২/২০ নম্বৰত গোচৰ পঞ্জীয়ন হৈছে।এছ আই অৰুণ বৰুৱাই উক্ত গোচৰৰ অনুসন্ধান কৰিছে যদিও বৰ্তমানলৈ চুৰি বাইকখনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে। বাইকখন হ’ল পালছাৰ-১৮০ মডেলৰ আৰু পঞ্জীয়ন নং হ’ল এ এছ-০১/ ৮৭৪৮ ।

নগাঁৱত অসম মানৱ অধিকাৰ আয়োগৰ দল : কোৱাৰেন্টাইন চেন্টাৰ আৰু নগাঁও কাৰগাৰ পৰিৰ্দশন ।

নগাঁৱত অসম মানৱ অধিকাৰ আয়োগৰ দল : কোৱাৰেন্টাইন চেন্টাৰ আৰু নগাঁও কাৰগাৰ পৰিৰ্দশন ।

নগাঁও

আজি অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ টি, ভায়োহাই, সদস্য এন, কে, বৰা আৰু ডি, কে, শইকীয়া আহি নগাঁওত উপস্থিত হয়। তেওঁলোকে প্ৰথমে নগাঁওৰ অৱৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসনৰ লগত এক বৈঠকত মিলিত হয়। এই বৈঠকত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত  জয়ন্ত বৰা, হেমন্ত ভূঞাৰ লগতে বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।ইয়াৰ পাছতে তেওঁলোকে নগাঁও জিলা কাৰাগাৰ আৰু জিলা প্ৰশাসনে স্থাপন কৰা দুটাকৈ কভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে।  নগাঁওৰ ডচন স্কুলত স্থাপন কৰা কভিড কেয়াৰ চেণ্টাৰ আৰু ৰহা কলেজত স্থাপন কৰা কভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে আৰু এই চেণ্টাৰ সমূহত থকা লোক সকলৰ বুজ লয়।অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ টি. ভিফেই ৰ নেতৃত্বত অহা এটা দলটোৱে আজি নগাঁও জিলাৰ কেইবাটাও কোৱাৰেণ্টাইন কেম্পলৈ গৈ পৰ্যাপ্ত সা-সুবিধা আছে নে নাই তাৰ বুজ লোৱাৰ লগতে  কাৰাগাৰত কৰোনা মহামাৰীৰ ভয়াৱতাৰ সময়ত কয়দী আৰু হাজোতী সকলে প্ৰয়োজনীয় সা-সুবিধা ঠিকমতে লাভ কৰিছে নে নাই সেই কথা জানিবলৈ নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে ৷ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ গৰাকীয়ে জেলৰ ভিতৰত চি চি টিভিৰ কেমেৰাৰ ব্যৱস্থা কৰা,সুৰক্ষাৰ ব্যৱস্থা কৰা আৰু প্ৰতিখন জেলতে এখনকৈ এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগে বুলিও কয়।ইপিনে মানৱ অধিকাৰ আয়োগৰ সদস্য দেৱ কুমাৰ বৰাই সাংবাদিকৰ আগত কয় যে-অসমৰ কাৰাগাৰত পুৰণি কয়দীয়ে নিৰ্যাতন চলাই কাৰাগাৰলৈ যোৱা নতুন হাজোতী – কয়দীক ৷আনকি যৌন নিৰ্যাতনৰ দৰে ঘটনাও সংঘটিত হয়। মানৱ অধিকাৰ আয়োগৰ সদস্যজনৰ এই অভিযোগ নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক জনে অস্বীকাৰ কৰে।