Home Blog Page 3342

কৃতী ছাত্ৰক অভিনন্দন জ্ঞাপন।

টিংখাং : সদ্যঘোষিত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰা টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মানস উত্তম নেওগক কালি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিকৰ নৱ-নিৰ্বাচিত সমিতিৰ এটি সঁজাতি দলে ছাত্ৰজনৰ ৰাজগড়স্থিত বাসগৃহত উপস্থিত হৈ বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে। এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু এখন সঁফুৰাৰে কৃতী ছাত্ৰগৰাকীক অভিনন্দন জনোৱা হয়। সঁজাতি দলটিত থাকে টিংখাং আঞ্চলিক সমিতিৰ সভাপতি সুবোধ কুমাৰ গগৈ, সম্পাদক প্ৰভাত ৰাজকোঁৱৰ, উপদেষ্টা যোগেশ বিকাশ চেতিয়া, কোষাধ্যক্ষ ৰোহিত কাকতি, উপসভাপতি পূৰ্ন গন্ধীয়া, সহ-সম্পাদক মহেন্দ্ৰ নেওগ, সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ আৰু সদস্য দিলীপ গগৈ।

সৃষ্টিসুলভ মনৰ অতি দৰিদ্ৰ পৰিয়ালৰ এটি কণমানি ছাত্ৰই পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বৈজ্ঞানিক বিভিন্ন আহিলা।

নাজিৰা : শিৱসাগৰৰ লংকা গোহাঁই গাঁৱৰ নিবাসী ৰুবুল বুঢ়াগোঁহাঁ‌ই আৰু আৰতী বুঢ়াগোহাঁ‌ইৰ একমাত্ৰ পুত্ৰ অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বতাহ চালিত পাংখা, কাগজ কটা মেচিন, কাগজেৰে চেলুটেপ কাটোটে ব্যৱহৃত যন্ত্ৰৰ লগতে ডাঠ কাগজেৰে নিৰ্মিত এটি আলমিৰা। পেলনীয়া সামগ্ৰীৰে অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে সামগ্ৰীসমূহ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হয় কিছু সা-সামগ্ৰী। ঘৰলৈ কোনো অতিহি আহিলে মৰমত দিয়া টকা-পইচাৰে বজাৰৰ পৰা দৰিদ্ৰ পৰিয়ালৰ এই কণমানি ছাত্ৰজনে ক্ৰয় কৰে বিভিন্ন সামগ্ৰী। পেলনীয়া সামগ্ৰীৰে বৈজ্ঞানিক আহিলা নিৰ্মিত ছাত্ৰ অলেঞ্চু বুঢ়াগোহাঁ‌ই শিমলুগুৰি শংকৰদেৱ শিশু নিকেটনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। কোনো প্ৰতিষ্ঠানে অলেঞ্চু বুঢ়াগোহাঁ‌ইক এই বৈজ্ঞানিক আহিলা নিৰ্মাণত সহায়ৰ হাত আগবঢ়ালে ইয়াতকৈও উন্নত বৈজ্ঞানিক আহিলা প্ৰস্তুত কৰাৰ চেষ্টা চলাব পাৰি বুলি কয় দৰিদ্ৰ পৰিয়ালৰ কণমানি সন্তান অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে।

গেলেকীত বৰনৈৰ বান, পথৰ ওপৰৰে বাগৰিছে পানী : বুৰাই পেলাইছে ঘৰবাৰী-কৃষি ভূমি।

নাজিৰা : আজি তিনিদিন ধৰি নগা পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত নগা পাহাৰৰ পৰা ওলোৱা বৰনৈ বাঢ়নী পানীয়ে সীমান্তবৰ্তী গেলেকীৰ বিস্তূৰ্ণ অঞ্চল জলমগ্ন কৰি তুলিছে। নদীখনৰ বাঢ়নী পানীয়ে গেলেকী ন-আলি, ৰঙাগড়া, চপৰীয়া আদি বিভিন্ন অঞ্চলত বহু ঘৰ আৰু কৃষি ভূমি বুৰাই পেলাইছে। গেলেকী-ৰঙাগড়া পথৰ ওপৰেৰে পানী বাগৰি বহু মানুহৰ ঘৰ জলমগ্ন কৰি তোলাৰ লগতে শাওণৰ কৃষিভূমিৰ ৰোৱা সমূহ নষ্ট কৰিছ। নদীখনৰ বাঢ়নি পানী গেলেকী-ৰঙাগড়া বিধ্বস্ত পথৰ ওপৰৰে বাগৰিব ধৰাত পথটোৰ পুখুৰী সদূশ গাঁতসমূহৰ বাবে যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি নদীখনৰ বাঢ়নী পানীয়ে বিস্তূৰ্ণ অঞ্চল জলমগ্ন কৰি তোলাত অ’এনজিচিৰ তৈলক্ষেত্ৰ সমূহৰ বৰ্জিত খাৰুৱাতেল মিশ্ৰিত গেদেৰীসমূহ বাঢ়নী পানীত মিহিলৈ সেইবোৰ বিভিন্ন স্হানৰ কৃষিভূমিত পৰাৰ ফলত ধানকে আদি কৰি বিভিন্ন কৃষি নষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

নাজিৰাত শাৰীৰিক দূৰত্ব ৰক্ষাৰে ২০৫ জনলৈ খাদ্য সামগ্ৰী বিতৰণ।

নাজিৰা : ক’ভিড – ১৯ ৰোগ প্ৰতিৰোধৰ লগতে ব্যাপক সামাজিক শৃংখলাৰে এই ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লকডাউন আৰু সান্ধ্য আইনৰ কবলত পৰি ৰোৱা ২০৫ জন লোকক নিৰ্বাচিত কৰি এক খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্য্যসচী আজি সম্পন্ন কৰা হয়। নাজিৰাৰ ন-মাটিত কিডচ কেম্প বিদ্যালয়ৰ প্ৰাঙ্গণত এল জেফা ফাউণ্ডেশ্যন নামৰ দিল্লীৰ এক বে-চৰকাৰী সংগঠনৰ হৈ মহা প্ৰৱন্ধক চেইখ ৰাইছা তাবাচ্চম আৰু অতিৰিক্ত মহা প্ৰৱন্ধক বিষ্ণুপৰ্ণা দত্তই নেতৃত্ব গ্ৰহণ কৰি শাৰীৰিক দূৰত্ব ৰক্ষা আৰু হস্ত প্ৰক্ষালনৰ অনুশীলনেৰে পূৰ্ব পৰিকল্পিত ভাৱে সমবেত ৰাইজক এই সাহাৰ্য্য প্ৰদান কৰা হয় । শিক্ষক ব্ৰজবল্লভ দত্তই আঁত ধৰি আগুৱাই নিয়া নাতি-দৈৰ্ঘ্য কাৰ্য্যসূচীত শিক্ষক গোপাল বৰুৱা, সংবাদ-কৰ্মী ভাস্কৰজ্যোতি বৰগোহাঁই, কাউন্সিলৰ ৰুবুল আলী, গাওঁ বুঢ়া বিজয় বৰুৱা, জুনমণি গগৈ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হামিদা ৰহমান উপস্থিত থাকে । উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীৰ নেতৃত্বৰ এল জেফা ফাউনণ্ডেশ্বনে ভাৰতৰ বিশখন মহানগৰত জাতি-সংঘৰ নিৰ্ণিত উন্নয়নৰ লক্ষ্যত কাম কৰি আহিছে । ফুলপানী বৰুৱা ৰংগমঞ্চতো নিৰ্দিষ্ট একাংশ লোকে সাহাৰ্য্য সামগ্ৰী গ্ৰহণ কৰে।

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া : নদীত পৰি কৰুণ মৃত্যুক সাৱটি লোৱা জগত কোঁৱৰ পৰিয়াললৈ চাৰি লাখ টকা আৰ্থিক অনুদান ঘোষণা।

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া।

ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ মুখলধাৰে দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰডিৰাক আৰু ন-চোমণি গাঁও সংযোগী পথৰ  ডিৰাক নদীৰ ওপৰত থকা বাঁহৰ দলংখন উটুৱাই লৈ যায় । কেইবাদিনো যোগাযোগ বিচ্ছিন্ন হৈ থকাত গাঁওবাসীয়ে উপায়ন্তৰ হৈ শ্ৰমদানেৰে দলংখন পুনৰ নিৰ্মান কৰাৰ সিদ্ধান্ত লৈ যোৱা ৩ জুলাইত দলংখন নিৰ্মাণ কৰি থাকোতে নদীত পৰি কৰুণ মৃত্যুক সাৱটি লব লগা হৈছিল জগত কোঁৱৰ (৪৫) নামৰ ব্যক্তিজন । আজি ব্যক্তিজনৰ ঘৰত ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই উপস্থিত হৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান আৰু কেন্দ্ৰীয় চৰকাৰলৈ সাহায্যৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে বাৰিষা অহাৰ লগে লগেই আঞ্চলবাসীৰ প্ৰধান সমস্যা এই দলংখন নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে । অন্যহাতে বাঢ়নী পানীয়ে ভাঙি নিয়া ডিৰাক ৰংপুৰীয়া আৰু তৰাজনীয়া গাঁও সংযোগী পথত থকা কালভাৰ্টটো তেখেতৰ নিজা ধনেৰে নিৰ্মাণ কৰাৰ কথা অৱগত কৰে । অঞ্চলটোৰ ৰাইজে বিধায়কজনৰ এনে প্ৰদক্ষেপ শলাগ লৈছে ।

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

ননৈঃ “মন কৰিলেই ছন বাকৰি মাটিতেই ধন”– এই কথাষাৰকে সাৰোগত কৰি নগাঁও জিলাৰ বঢ়মপুৰৰ কৰ্মদ্যোমী যুৱক প্ৰশান্ত কুমাৰ শৰ্মাই ওৰফে গনেশ আগবাঢ়ি গৈছে নিজৰ কৰ্মত ৷ যি সময়ত আমাৰ ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সময়তে এজন কৰ্মদ্যোমী যুৱকে গো-পালনৰ জৰিয়তে উপাৰ্জনৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । আনুষ্ঠানিক কলেজীয়া শিক্ষাৰে উচ্চ শিক্ষিত হৈও এইগৰাকী ৪২ বছৰীয়া যুৱকে এনে কৰ্মৰাজিৰ জৰিয়তে ৰাজ্যখনৰ আন আন উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে । কেৱল চৰকাৰী চাকৰিৰ আশাতে বন্দী হৈ নাথাকি জীৱনৰ অমূল্য সময়বোৰ অপচয় কৰাৰ প্ৰৱণতাক একাষৰীয়া কৰি যুৱকজনে গো-পালনৰ জৰিয়তে ক্ৰমে স্বাৱলম্বী হৈ পৰিছে । দৰাচলতে বহু যুৱক -যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে বিভিন্ন বহুজাতিক কোম্পানী বা অন্য কোম্পানী প্ৰতিষ্ঠানত নিয়োজিত হৈ একোটা যন্ত্ৰৰ দৰে কাম কৰিও নিজে মানসিক সন্তুষ্টি লাভ কৰিব নোৱাৰাৰ সত্বেও এনে কৰ্মৰাজিতে ব্যস্ত থাকিবলগা হৈছে । কিন্তু ইয়াৰ বিপৰীতে প্ৰশান্ত কুমাৰ শৰ্মাই নিজ গৃহতে গো-পালনৰ জৰিয়তে যথেষ্ঠ লাভবান হোৱাৰ লগতে নিজৰ পৰিশ্ৰমৰ বলত স্বাৱলম্বী হৈ পৰাত আত্মসন্তুষ্টিও লাভ কৰিছে । জানিব পৰা মতে  বঢ়মপুৰৰ নিকটৱৰ্তী দেউৰীগাঁও নিবাসী ৰত্নেশ্বৰ শৰ্মা আৰু বিনু দেৱীৰ পুত্ৰ প্ৰশান্ত শৰ্মাই ২০০০ চনতে নগাঁও এ ডি পি কলেজৰ পৰা কলা শাখাৰ অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি চৰকাৰী চাকৰিৰ বাবে হাত সাৱটি বহি নাথাকি জ্যেষ্ঠ ভাতৃ মৃণাল শৰ্মাৰ পৰামৰ্শ অনুসৰি ২০০১ চনত পুৰণিগুদামৰ ইউ বি আই বেংকৰ পৰা ৪০ হেজাৰ  টকাৰ ঋণ গ্ৰহণ কৰি আৰম্ভণিতে দুজনী উন্নতজাতৰ গাইগৰু কিনে । সেই দুজনী গাইগৰু কিনাৰ পিছৰে পৰা তেওঁ আৰু কৰ্মসংস্থাপনৰ বাবে উভতি চাবলগীয়া হোৱা নাই পিছলৈ । নিজৰ কৰ্মস্পৃহা আৰু একাগ্ৰতাৰ বলত প্ৰশান্তই ২০০১ চনৰ পৰা বৰ্তমানলৈকে ৫ জনী উন্নতজাতৰ জাৰ্চি আৰু গাইগৰুৰ পৰা দৈনিক ৫৫-৬০ লিটাৰ গাখীৰ উৎপাদন কৰি আহিছে আৰু সেইয়া বঢ়মপুৰস্থিত দৈনিক বজাৰৰ জি এছ এম নামৰ হোটেলখনতে যোগান ধৰি আহিছে । ইয়াৰ পৰা তেওঁ মাহেকত প্ৰায় ২০-২২ হেজাৰ টকা উপাৰ্জন কৰি আহিছে । অৱশ্যে তেওঁৰ বঢ়মপুৰৰ দৈনিক বজাৰত এখন সৰু গাড়ী -মটৰৰ পাৰ্টছৰ দোকানো আছে । যুৱকজনে গো-পালনৰ সমান্তৰালকৈ  গৰুৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ নিজৰ বাৰীৰ পিছফালে ২ বিঘা মাটিত নেপিয়াৰ আৰু গিনী ঘাঁহৰ খেতি কৰাৰ লগতে কাষৰ পথাৰৰ এবিঘা মাটিত ৰিনা ঘাঁহৰ খেতি কৰা বুলিও জানিবলৈ দিছে । গো-পালনৰ ক্ষেত্ৰত  প্ৰশান্ত শৰ্মাক বঢ়মপুৰৰ পশু চিকিৎসালয়ৰ চিকিৎসক প্ৰবীৰ কুমাৰ শইকীয়াই সময়ে-সময়ে  দিহা-পৰামৰ্শ আৰু প্ৰয়োজনীয় দানা , কেলচিয়াম , মিনাৰেল মিক্সাৰ , পেলুৰ দৰৱ আদি নিৰ্দিষ্ট সময়ত প্ৰদানেৰে সহায় কৰি আহিছে । এই গৰাকী কৰ্মদ্যোমী যুৱকক তেওঁৰ  সহধৰ্মিনী ভাৰতী দেৱীয়েও যথেষ্টভাৱে সহায়-সহযোগিতা কৰা বুলিও তেওঁ সদৰী কৰিছে । প্ৰশান্তই মাজে মাজে ঘৰতে গাখীৰেৰে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰী যেনে- পনীৰ , ৰসগোল্লা আদি প্ৰস্তুত কৰিও বিক্ৰী কৰি আহিছে । উল্লেখ্য যে, বঢ়মপুৰৰ বিভিন্ন চাহ-বাগানলৈ কীটনাশক ঔষধৰ লগতে অৰ্গেনিক হিচাপে ব্যৱহাৰ কৰিবৰ বাবে প্ৰশান্তৰ গৰুৰ গো-মূত্ৰখিনি লৈ যায় আৰু ইয়াৰ বাবদ প্ৰশান্তই  প্ৰতিলিটাৰত ১০ টকাকৈ লাভ কৰে বুলিও জানিবলৈ দিছে। এইগৰাকী যুৱক প্ৰশান্ত শৰ্মাই গো-পালনৰ উপৰি কৃষিকৰ্মতো নিয়োজিত হৈ আহিছে আৰু তেওঁৰ কৃষিকৰ্মত বছৰৰ সকলো সময়তে খেতি বাতিত পানী যোগান ধৰিবৰ বাবে এটি চ’লাৰ পাম্পৰ  প্ৰয়োজনৰ হোৱা বুলি জানিবলৈ দিছে কিন্তু চ’লাৰ পাম্প এটা কিনাৰ সামৰ্থ বৰ্তমান সময়ত তেওঁৰ নথকাৰ বাবে চৰকাৰলৈ সহায়-সহযোগিতা বিচাৰি আহ্বান জনাইছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত যুঁজ দিব সংগীত শিল্পী কাইনি ৱেষ্টে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

সংগীত জগতত নিজকে প্ৰতিষ্ঠা কৰাৰ পাছত এইবাৰ ৰাজনীতিত ভাগ্য নিৰ্ধাৰণৰ চেষ্টা কৰিছে ৰেপাৰ কাইনি ৱেষ্টে ৷ স্থানীয় সময় অনুসৰি শনিবাৰে আমেৰিকাৰ স্বাধীনতা দিৱসৰ দিনা তেওঁ টুইটাৰত লিখে, ঈশ্বৰক বিশ্বাস কৰি আমেৰিকাৰ প্ৰতি প্ৰতিজ্ঞাক মই বুজি পাও, ভৱিষ্যতৰ তৈয়াৰৰ কাৰণে আমাৰ লক্ষ্য একত্ৰিত কৰা হ’ব ৷ মই ৰাষ্ট্ৰপতি পদত যুঁজ দিম ৷ হাছটেগ ২০২০ ভিছন শ্ল’গান দি টুইট প’ষ্ট শেষ কৰিছে ছোছেলাইট কিম কাৰ্ডেছিৱানৰ স্বামীয়ে ৷ ইয়াৰ আগেয়েও শিল্পীজনে কেইবাবাৰো ৰাষ্ট্ৰপতি পদত যুঁজ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ৷ ডোনাল্ড ট্রাম্পৰ সমর্থক কাইনিয়ে অৱশ্যে তেওঁৰ সমালোচকৰ কাষত পৰিষ্কাৰ কৰিছে যে ৰাজনীতিত নমাৰ কাৰণে যে তেওঁৰ সংগীত জীৱন শেষ হৈ যাব তাৰ কোনো মানে নাই ৷ তেওঁ ৰাষ্ট্ৰপতি পদত যুঁজ দিবলৈ কোন দলৰ প্ৰাৰ্থী হ’ব বা নিৰ্দলীয় হ’ব সেই বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাই ৷ আনকি ভোট যুদ্ধৰ বাবে নির্দিষ্ট কাগজপত্র দাখিল কৰাৰ ক্ষেত্ৰত একো কৰা নাই ৷ শনিবাৰে তেওঁৰ সেই টুইট প’ষ্ট আপলোড হোৱাৰ পাছত ‘লাইক’ৰ সংখ্যা তৎক্ষণাত বহু বৃদ্ধি পায় ৷ ইতিমধ্যে আঢ়ৈ লাখৰো অধিকে ৰিটুইট কৰিছে আৰু পাঁচ লাখে ‘‌লাইক’‌ কৰিছে ৷

দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয় ।

দৈনন্দিন বাৰ্তা ডেস্ক :

বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়খন দেশৰ ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে ৷ এই চিকিৎসালয়খন দীঘলে ১৭০০ ফুট, বহলে ৭০০ ফুট। প্রায় ২০খন ফুটবল ষ্টেডিয়ামৰ সমান। মাত্ৰ ১২ দিনত এখন চাদৰ তলত ১০ হাজাৰ বিচনাৰে সাজু কৰে প্ৰতিৰক্ষা সংক্ৰান্তীয় গৱেষণাৰ চৰকাৰী প্ৰতিষ্ঠান ডিআৰডিঅ’ অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অ’ৰ্গেনাইজেচনে৷ ৰাজধানী দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়- চৰ্ডাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল ৷ দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে দেওবাৰে এই চিকিৎসালয়খন আৰম্ভ কৰে ৷ চিকিৎসালয়খন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰিদৰ্শন কৰে ৷ দক্ষিণ দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ কাষৰ ভূমিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত অস্থায়ীভাৱে এই চিকিৎসালয়খন গঢ়ি তোলা হৈছে ৷ ইয়াত ৫০খন বিচনাৰে মুঠ ২০০ খনকৈ বেলেগে বেলেগে ৰখা হৈছে ৷ ইয়াত মুঠ ১০ হাজাৰ বিচনা আছে৷ তাৰ মাজতে ২৫০ টা আইচিইউৰ ব্যৱস্থা আছে ৷ আনহাতে ১০ শতাংশ অৰ্থাৎ ১০০০ বিচনাত অক্সিজেন দিব পৰা যাব ৰোগীক৷ চিকিৎসালয়খনত দিল্লী আৰু নেচনেল কেপিটেল ৰিজিৱন (এনচিআৰ)ৰ বাসিন্দাসকলে পৰিসেৱা পাব ৷ এই কথা দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে জনায় কয় যে চিকিৎসক, নাৰ্চৰ লগতে মানসিকভাৱে ভাঙি পৰা ক’ৰোনা আক্ৰান্তৰ বাবে কাউন্সিলিঙৰ ব্যৱস্থা ৰখা হৈছে ৷ তাত থাকিব মনোৰোগ বিশেষজ্ঞও ৷

গলৱান নদীৰ জলস্তৰ বৃদ্ধি : চীনে দখল কৰা এলেকাৰ ৫ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

গৰমত গলিছে হিমালয়ৰ বৰফ ৷ তাৰ ফলত চীনত উৎপত্তি হোৱা গলৱান নদীৰ জলস্তৰ বাঢ়িছে৷ বৰফ-ঠাণ্ডা জলস্তৰ ক্ৰমান্বয়ে বাঢ়ি আছে ৷ পূৱ লাডাখৰ গালৱান উপত্যকাৰ যি অংশ চীনে দখল কৰিছে তাৰ পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত হৈ পৰিছে ৷ ফলত সেই ঠাইত সমস্যাত পৰিছে তাত মোতায়েন কৰা পিএলএৰ জোৱান৷ চীন সেনাৰ এক শীর্ষস্থানীয় কমাণ্ডাৰে কয়, বৰফ গলিছে দ্ৰুত হাৰত৷ নদীৰ তীৰ এতিয়া খুউব বিপদজনক ৷ তেওঁ লগতে কয়, বৰফ গলাৰ কাৰণে নদীৰ জলস্তৰ বাঢ়ি গৈছে গালৱানত৷ গোগৰা, হট স্প্ৰিংছ আৰু পেংগং ছো অঞ্চলত পিএলএৰ বৰ্তমান অৱস্থান ধৰি ৰখা কঠিন হ’ব ৷ তেওঁৰ এই কথাই ইংগিত দিছে যে দ্বিপাক্ষিক বৈঠকত সম্ভৱ নহ’ল, ভাৰতীয় সেনাবাহিনী এতিয়াও সফল হোৱা নাই পিএলএক আঁতৰাই পঠোৱাত ৷ সেই কাম হয়তু কৰিব পাৰে প্ৰকৃতিয়ে ৷ প্ৰাণ বচাবলৈ নিজৰ বৰ্তমান অৱস্থানৰ পৰা পিছুৱাই যাব পাৰে পিএলএ ৷

হাৰিয়া নৈত ডুব যোৱা বৰক’লাৰ যুৱক চিংকু বৰদলৈ মৃতদেহ উদ্ধাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা

ননৈ : নগাঁও জিলাৰ বৰক’লা আদৰ্শ লালুং গাৱঁৰ চিংকু বৰদলৈ নামৰ এজন যুৱক (৩৫) হাৰিয়া নৈত গা ধুবলৈ বুলি যাওঁতে নৈৰ বুকুত ডুব গৈছিল যোৱা শনিবাৰে ৷ কালি দিনৰে পৰা এছ ডি আৰ এফৰ লোকে যুৱক জনৰ সন্ধানত সমগ্ৰ অঞ্চলতে অভিযান আৰম্ভ কৰিছিল যদিও যুৱক জনৰ কোন সন্ধান লাভ কৰা নাছিল ৷ অৱশ্যে আজি দুপৰীয়া এছ ডি আৰ এফে অশেষ কষ্ট কৰি ঘটনাস্থলীৰ কিছু নিলগত মৃত যুৱক জনৰ নশ্বৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, যোৱা ৪ জুলাই শনিবাৰে দিনৰ ভাগত গাৱঁৰ এগৰাকী  ব্যক্তিৰ মৃতদেহ সৎকাৰ কৰি হাৰিয়া নৈত গা ধুৱলৈ বুলি নামোতেই উক্ত ঘটনাটো সংঘটিত হয় ৷ বৰ্তমান হাৰিয়া নৈ ফেনেফুটুকাৰে বাঢ়ি অহা নৈৰ বুকুত ডুব যোৱা যুৱক জনৰ আজি দুপৰীয়া সন্ধান পোৱাৰ পিছতে বৰ্তমান সমগ্ৰ অঞ্চলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷