Home Blog Page 3342

হোজাইৰ ঠেপেলাগুৰিত বানপানীৰ মাজতে পথৰ কাষতেই সত্কাৰ মৃতব্যক্তিক ।

হোজাইৰ ঠেপেলাগুৰিত বানপানীৰ মাজতে পথৰ কাষতেই সত্কাৰ মৃতব্যক্তিক ।

লংকা

 হোজাইত কপিলী নৈৰ জলপৃষ্ঠ ফেনেফূটুকাৰে বঢ়াত ,নৈ খনৰ কাষৰীয়া বহু অঞ্চল বৰ্তমান জলমগ্ন। হোজাই জিলাৰ  যমুনাচিট,ৰাইকটা,কোমৰাকটা,ঠেপেলাগুৰী,নভঙা আদি কৰি বহু অঞ্চল বৰ্তমান বানৰ কৱলত। বৰ্তমানো অপৰিবৰ্তিত ৰূপত বান । সেয়েহে  হোজাইৰ ঠেপেলাগুৰিত হোজাই-কাৰ্বিআংলং সংযোগী পথৰ কাষতেই  মৃতদেহ সত্কাৰৰ ব্যৱস্হা স্হানীয় গাঁওবাসীৰ  । উল্লেখ্য যে,হোজাইৰ ঠেপেলাগুৰিৰ গাঁওৰ  নিৰ্বাসী  উত্তম থাউচেন(৭০) বহু দিনৰ পৰা আক্ৰান্ত হৈ আছিল বেমাৰত। আৰু যোৱা নিশা  নিজ ঘৰতেই মৃত্যুক সাৱটি লয় উত্তম থাউচেন নামৰ ব্যক্তি জনে। গাঁওখনৰ  চাৰিওদিশে ক’তো এডুখৰ ওখ শুকান ঠাই নোপোৱাত , এনেদৰে পথৰ কাষতেই সত্কাৰৰ ব্যৱস্হা কৰিছে স্হানীয় গাঁওবাসীয়ে ।

লকডাউনৰ সময়তো সক্ৰিয় বনজ সম্পদ লুণ্ঠন অব‍্যাহত

জখলাবন্ধা খণ্ড বন বিষয়া-বনৰক্ষীৰ তৎপৰতাত জব্দ অবৈধ কাঠ ভৰ্তি বাহন

কলিয়াবৰ

লকডাঊনৰ জটিল সময়ছোৱাত ৰাজ‍্যত অবৈধ বন সম্পদ ধ্বংস যজ্ঞ অব‍্যাহত। তাৰ মাজতে কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ কৰিছে বন বিভাগে। জখলাবন্ধা বন বিভাগে বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি বামুণী ওপৰ গাঁৱত ধৰিলে এ. এছ. ০৩ এ. চি. ১০২৬ নম্বৰৰ টাটা ডি আই বাহনখন। বাহনখনে কাৰ্বি আংলংৰ পৰা মূল্যবান কাঠ কঢ়িয়াই আনিছিল।উল্লেখযোগ‍্য যে, যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা নগাঁও জিলাৰ শালনা স্থিত বন বিভাগৰ উত্তৰাঞ্চল বন বিষয়াৰ নেতৃত্বত জব্দ হৈছে কেইবালাখ টকাৰ অবৈধ কাঠ ভৰ্তি সাতখনকৈ বাহন।

গেছৰ অভাৱত বন্ধ উজনিৰ বহু চাহ ফেক্টৰী ! সমস্যাই যেন লগ এৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক

গেছৰ অভাৱত বন্ধ উজনিৰ বহু চাহ ফেক্টৰী ! সমস্যাই যেন লগ এৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক

টীয়ক

 অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ  সমস্যা আজি কোনো নতুন খবৰ নহয় প্ৰতিবছৰে কেচাপাতৰ উপযুক্ত মূল্যৰ অভাৱকে আদি কৰি অলেখ সমস্যাই বাধা দি আহিছে এই সকল শিক্ষিত  ক্ষুদ্ৰ চাহ কৃষকক৷ সমগ্ৰ দেশ  মহামাৰি প্ৰকোপত লক  ডাউনৰ হোৱাৰ প্ৰভাৱ অন্য সকলৰ দৰেই বাৰুকৈয়ে পৰিচিল এই চাহ উদ্যোগটোত৷ চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ সময়ত চৰকাৰে দিয়া কিছু শিথিলতাৰ বাবে  এই খেতিয়ক সকললৈ আংশিক সকাহ আহিছিল যদিও৷ পুনৰ এক নতুন সংকতৰ সন্মুখিন হৈছে উজনীৰ বহু চাহ ফেক্টৰি ৷ অসম গেছ কোম্পানীযে যোগান ধৰা গেছেৰে যি সমূহ ফেক্টৰী চলি আছিল সেই সমূহ চাহ ফেক্টৰীত পৰ্যাপ্ত গেছ যোগান ধৰাত ব্যৰ্থ হোৱাত ফেক্টৰী সমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ এনে সময়ত ফেক্টৰি সমূহে কেঁচাচাহপাত ক্ৰয় কৰা বন্ধ কৰি দিয়াত এক বৃহৎ লোকচানৰ সন্মূখিন হৈছে এই ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে বৃহৎ উদ্যোগটো ৷

লংকাত কোৱাৰেণ্টাইনত থকা চাৰি ব্যক্তিৰ দেহত ক’ৰোনা

লংকা

লংকা চহৰৰ ফাতেমা হোটেল কোৱাৰেণ্টাইনত থকা চাৰিজন লোকৰ দেহত ক’ভিড -১৯ পজিটিভ ধৰা পৰিছে। লোক কেইজন হৈছে আব্দুল ৰহিম, জয়নাল হক, ইকবাল হুছেইন আৰু হবিবুৰ  ৰহমান। আক্ৰান্ত গোটেইকেইজন  বহিঃৰাজ্যৰ পৰা উভতি অহা। ইয়াৰে তিনিজনৰ ঘৰ লংকাৰ খাৰিখানা আৰু এজনৰ দক্ষিণ লস্কৰপথাৰৰ। উল্লেখ যে যোৱা ২৩ মে’ত যুৱককেইজন শ্ৰমিক ৰে’লেৰে পুনেৰ পৰা আহি গুৱাহাটীত নামিছিল আৰু তাৰ বাছেৰে আহি ২৪ মে’ত পুৱা লংকা পোৱাৰ পিছত স্বাস্হ্য বিভাগে লংকাৰ ফাতেমা হোটেলত স্হাপন কৰা কোৱাৰেণ্টাইনত কেন্দ্রত ৰখা হৈছিল। উল্লেখ যে কেন্দ্রটোত মুঠ ১৫ জন লোকক কোৱাৰেণ্টাইনত ৰখা আছে৷ ইয়াৰ পাছতে লোককেইজনৰ শ্বোৱাব সংগ্রহ কৰি পৰীক্ষা কৰিবলৈ দিয়া হৈছিল। যোৱা নিশা  চাৰিগৰাকী লোকৰ পৰীক্ষাৰ ফলাফল পজিটিভ অহাত নিশায়েই নগাঁওৰ ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়।

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগী

মঙলদৈ

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি কৰোৱা হ’ল প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগীক৷ জিলা স্বাস্থ্য বিভাগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে। এই ব্যক্তিজন হ’ল খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১ নং আৰিমাৰীৰ আমিৰুল ইছলাম (১৭)। তেওঁৰ লগত পৰিয়ালৰ আন ৪ জন সদস্যকো মঙলদৈ অসামৰিক  চিকিৎসালয়লৈ আনি ক’ভিড “ছাছপেকটেড ৱাৰ্ড”ত ৰখা হৈছে৷ উল্লেখযোগ্য যে যোৱা ২২ মে’ ত ৫ জন সংগীসহ কলকাতাৰ পৰা আহি দৰঙত উপস্থিত হৈছিল আমিৰুল৷। তেওঁৰ লগত অহা এই ব্যক্তিসকলকো চিনাক্ত কৰি আছুতীয়া কক্ষত ৰখাৰ লগতে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। ইয়াৰ উপৰি গাঁৱত থকা সময়ছোৱাত আমিৰুল যিসকললোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোককো বিচাৰি উলিয়াবলৈ প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা হৈছে। ইফালে দৈনিক বহিঃৰাজ্যৰ পৰা দৰঙলৈ বিভিন্ন লোকৰ আগমণ ঘটিয়েই আছে। এই লোকসকলৰ যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰাণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। বহিঃৰাজ্যৰ পৰা আগমন ঘটা লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আন কেইবাখনো শিক্ষানুষ্ঠান ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে গঢ়ি তুলিছে জিলা প্ৰশাসনে। নতুনকৈ গঢ়ি তোলা ক’ভিড কেয়াৰ চেণ্টাৰকেইটা হ’ল ছিপাঝাৰ বি, এড কলেজ, কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈ, উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু খাৰুপেটীয়া মহাবিদ্যালয়।

ছচিয়েল মিডিয়া প্ৰসংগ

◆ সঞ্জয় ৰবিদাস

ছচিয়েল মিডিয়া মূলত বিশ্বৰ  মানুহক  কেন্দ্ৰ কৰি গঠিত এক প্লেটফৰ্ম । মানুহেই ছচিয়েল মিডিয়াৰ ব্যৱহাৰ তথা পৰিচালনা কৰে । ছচিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যম জনগণৰ মাজত যোগাযোগ, চিন্তা-চৰ্চা,প্ৰতিভা ,মনোৰঞ্জন ,তথ্য,সংবাদ,সুখ-দুখৰ ভাগবতৰা কৰিব পৰা এক উমৈহতীয়া বিশ্ব মঞ্চ ।পৃথিৱীজুৰি ইয়াৰ ব্যাপ্তি । ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰা ডিজিটেল আহিলাসমূহ হ’ল মোবাইল, আইফোন,কম্পিউটাৰ ,লেপটপ ইত্যাদি । এইসমূহ আহিলাত ইণ্টাৰনেট সংযোগৰ লগে লগে আপুনি আপোনাৰ একাউণ্টৰ মাধ্যমেৰে  যুক্ত হৈ পৰে ছচিয়েল মিডিয়াৰ বহল পৃথিৱীখনৰ লগত । বিশ্বত ৩.৮১ বিলিয়ন ছচিয়েল মিডিয়াৰ ব্যৱহাৰকাৰী আছে । ই পৃথিৱীৰ ৪৯% জনসংখ্যাক সামৰি লয় ।ইয়াৰ প্ৰায় প্ৰতিজন ব্যক্তিৰেই আঠটাতকৈ অধিক বেলেগ বেলেগ ছচিয়েল মিডিয়াৰ একাউণ্ট আছে ।যেনে  ফেচবুক, টুইটাৰ, লিংকড ইন,ইনষ্টাগ্ৰাম,স্নেপচাট,পিন্টাৰেষ্ট,ৰেড্ডিট ইত্যাদি । ব্যৱহাৰকাৰীসকলে গড়ে প্ৰতিদিনে আঢ়ৈ ঘণ্টাকৈ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে বুলি তথ্যত প্ৰকাশ ।ভাৰতত ব্যৱহাৰকাৰীৰ সংখ্যা   ৩৫১.৪ মিলিয়ন ।চাবলৈ গ’লে দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকেই ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে । কয়লা খনিৰ শ্ৰমিকৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰপতিলৈকে সকলোৱে ফেচবুকৰ দৰে জনপ্ৰিয় সামাজিক গণ মাধ্যমৰ ব্যৱহাৰকাৰী ।

ফেচবুক,ইনষ্টাগ্ৰাম , টুইটাৰ,ইউটিউব আদি হ’ল সৰ্বাধিক জনপ্ৰিয় ছচিয়েল চাইট ।

          ছচিয়েল মিডিয়াত নিজৰ একোটা একাউণ্ট থকা সকলে অনায়াসে তেওঁৰ মনৰ ভাব ব্যক্ত কৰিব পাৰে ।ব্যক্তি বিশেষে অনুভৱ,প্ৰেম,প্ৰতিবাদ,সৃষ্টিশীল সাহিত্য, মনোৰঞ্জন ,সৃজনীমূলক ভিডিঅ’ ইত্যাদিৰ পয়োভৰ ঘটে ছচিয়েল মিডিয়া । ৰাজনৈতিক দলৰ নিৰ্বাচনী  প্ৰচাৰৰ এক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে ছচিয়েল মিডিয়া ।চৌবিশ ঘণ্টাই প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি  এই আধুনিক তথা কম খৰছী গণ মাধ্যমটোৰ লাভালাভ ভালকৈয়ে উঠাইছে ৰাজনৈতিক দলৰ নেতাসকলে । ফলত ফেচবুক, টুইটাৰ আদিত ৰাজনৈতিক পৰিৱেশ এটাই বাৰুকৈয়ে বিৰাজ কৰিব ধৰিছে । নিৰ্বাচনৰ সময়ছোৱাত ইয়াৰ প্ৰকোপ বাঢ়ে ।ছচিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে যিকোনো বিষয়ত  মুক্ত মনে নিজৰ মন্তব্য,সমৰ্থন বা বিৰোধিতা আগবঢ়াব পাৰে । এক অৰ্থত বাক্ স্বাধীনতাৰ মুক্ত প্ৰকাশ ঘটে সামাজিক মাধ্যমত । যিকোনো বিষয়ত ব্যৱহাৰকাৰীয়ে  ততালিকে নিজৰ  প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সুবিধা আছে গণমাধ্যমত । সেয়েহে সম্প্ৰতি ই অধিক সক্ৰিয় আৰু জনপ্ৰিয় হৈ উঠিছে । 

         ছচিয়েল মিডিয়াৰ ক্ষোভবোৰ,আন্দোলনবোৰে প্ৰতিজন ব্যৱহাৰীকে চুই যায় । কোনোজনে ইয়াৰ সমৰ্থন কৰিব পাৰে বা অন্য কোনোৱে ইয়াৰ বিৰোধিতা কৰিব পাৰে ।যিকোনো জাতীয় ইচ্ছ্যুত  চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰায়েই ছচিয়েল মিডিয়া উত্তপ্ত হৈ পৰা দেখা যায় । চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ মনোভাৱ সুস্পষ্টভাৱে পৰিষ্ফূট হয় ছচিয়েল মিডিয়াত । শাসনাধিষ্ঠিত যিকোনো চৰকাৰে বা বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত ছচিয়েল মিডিয়াৰ যোগেদি প্ৰচাৰ কাৰ্য চলাই ভোটাৰক আকৰ্ষণ কৰে ঠিকেই, কিন্তু পৰৱৰ্তী সময়ত ক্ষমতাৰ গাদীত বহি জনতাই আশা কৰা ধৰণে বা প্ৰতিশ্ৰুতিমতে কাম নকৰিলে সেই চৰকাৰৰ বিৰুদ্ধে নাগৰিকে ছচিয়েল মিডিয়াত সোচ্চাৰ হৈ পৰে,চৰকাৰ বিৰোধী  শ্লোগানেৰে ভৰাই তোলে সামাজিক মাধ্যমৰ পৃষ্ঠা । চৰকাৰৰ ন্যস্ত স্বাৰ্থ জড়িত সিদ্ধান্তৰ বিৰুদ্ধে ছচিয়েল মিডিয়াৰ সহায়ত একত্ৰিত হয় আন্দোলন,প্ৰতিবাদ । ছচিয়েল মিডিয়াত হোৱা চৰকাৰ বিৰোধী প্ৰতিটো বিক্ষোভ চৰকাৰৰ মুৰব্বী বা প্ৰতিনিধিৰো প্ৰত্যক্ষ দৃষ্টিগোচৰ হয়। সেয়েহে ছচিয়েল মিডিয়ালৈ চৰকাৰৰ বিৰাট ভয় হয় । শেহতীয়াকৈ দিহিং-পাটকাই অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে কয়লা খননত অনুমতি দিয়াক লৈ ছচিয়েল মিডিয়া ফেচবুকত এক বিস্তাৰিত আন্দোলন চলিছিল  । বহু জনে চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি লিখিছিল, বহুজনে হাতত দিহিং পাটকাইক সুৰক্ষা দিয়াৰ দাবীত হাতে হাতে   প্লেকাৰ্ড লৈ ফটো তুলি ফেচবুকত আপলোড কৰিছিল । লগে লগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক তৎক্ষণাৎ দিহিং পাটকাই ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়ে । যোৱা ডিচেম্বৰ-জানুৱাৰী মাহত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আন্দোলনক গতি দিয়াত  ফেচবুকে  মুখ্য ভূমিকা পালন কৰিছিল বুলি ক’লেও ভুল কোৱা নহ’ব । অসমত  দহদিনমানলৈ চৰকাৰে  ইণ্টাৰনেট কৰ্তন কৰাটোৱেই ইয়াৰ প্ৰমাণ।  ইয়াৰোপৰি, ছচিয়েল মিডিয়াত চৰকাৰ বিৰোধী প’ষ্ট লিখাসকলো চৰকাৰৰ ৰোষত পৰে আৰু সময়ে সময়ে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া পৰিস্থিতি হয় । কেতিয়াবা ছচিয়েল মিডিয়া হৈ পৰে চৰকাৰৰ মূৰৰ কামোৰণি ।গতিকে ছচিয়েল মিডিয়াৰ প্ৰভাৱ বহুত । প্ৰতিজন মানুহেই ইয়াত কথা কয় ।     

         এটা কথা ক’বই লাগিব ছচিয়েল মিডিয়া বাতৰি কাকত বা আলোচনীৰ দৰে নহয় । ছচিয়েল মিডিয়াত কোনো সম্পাদক নাথাকে । ফলত ব্যৱহাৰকাৰীয়ে যি  মন যায় ,তাকেই লিখে । বহুক্ষেত্ৰত উগ্ৰ এচাম   ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অসংসদীয়,অশ্লীল শব্দ ব্যৱহাৰ কৰি চৰকাৰ বা জনপ্ৰতিনিধিক সমালোচনা কৰা দেখা যায় । তাত কোনোধৰণৰ সম্পাদনাৰ ব্যৱস্থা নাথাকে । বহুজনে যুক্তিহীন আৰু ভুৱা তথ্য উপস্থাপনেৰে ছচিয়েল মিডিয়াৰ অন্য ব্যৱহাৰকাৰীক বিপথে পৰিচালিত কৰাও দেখা যায় । এইবিলাক পৰিস্থিতিলৈ চাই দেশৰ উচ্চতম ন্যায়ালয়েও ক’বলৈ বাধ্য হৈ পৰিছে যে বাক স্বাধীনতা অবাধ নহয় ।শেহতীয়াকৈ ধৰ্মীয় ঘৃণা তথা সাম্প্ৰদায়িক বিষবাষ্পৰ অধিক পয়োভৰ ঘটিছে সামাজিক মাধ্যমত ।একাংশই নিজ স্বাৰ্থ সিদ্ধিৰ বাবে উচতনিমূলক বক্তব্য বিয়পাই দিয়া পৰিলক্ষিত হয় । বহুক্ষেত্ৰত কোন সঁচা,কোন মিছা বিচাৰ কৰাটো কেতিয়াবা সাধাৰণ মানুহৰ বাবে কঠিন হৈ পৰে । সেয়েহে উচতনি বা উৰাবাতৰিত ভোল নগৈ আমি সাৱধানে নিজ বিচাৰ,বিবেচনাক প্ৰাধান্য দিয়াটো উচিত ।

ফোনঃ ৬৯০১১৫৪৫৮৩

প্ৰজননক্ষম মাছবোৰ ধ্বংস নকৰিব

  •  নিবেদিতা ৰাজখোৱা

 অসমৰ নদী,বিল,জলাশয় আদিত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। অসমৰ কাৱৈ, তোৰা, গৰৈ, পুঠি, চন্দা, মাগুৰ, শিঙি, বামি ইত্যাদি থলুৱা মাছবোৰৰ চাহিদা বজাৰত যথেষ্ট বেছি।অসমৰ থলুৱা মাছ বিভিন্ন ঠাইলৈ ৰপ্তানি হোৱা দেখা যায়।বাৰিষা আৰম্ভ হোৱাৰ লগে লগে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত মাছবোৰ প্ৰজননক্ষমতা হৈ উঠে।মাছৰ কণীবোৰৰ আকৃতি যথেষ্ট সৰু হোৱাৰ কাৰণে এজনী মাইকী মাছে পাঁ‌চশৰ পৰা পোন্ধৰ হাজাৰতকৈ অধিক কণী দিব পাৰে।আহাৰ মাহৰ পাছত নদী,জলাশয় বোৰত মাছেৰে ওপচি পৰে।বৰ্তমান অসমত থলুৱা মাছৰ সংখ্যা কমি আহিছে।অসমৰ পানীৰ প্ৰাকৃতিক উৎস নদী,জলাশয় সমূহত নাৰ,পাভ,বাট,লাল ইত্যাদি মাছ বিলুপ্ত হোৱা দেখা গৈছে।থলুৱা মাছ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰৱতন কৰা থলুৱা মাছৰ আইনখনক গুৰুত্ব নিদি  মানুহে সময়ে সময়ে কণীযুক্ত প্ৰজননক্ষম মাছ নিধন কৰি আহিছে।চৰকাৰে কণী পাৰিবৰ সময়ত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিলেও চোৰাং বেপাৰীৰ লগতে গ্ৰাম্য অঞ্চলৰ এচাম মানুহ একেবাৰে সজাগ নহয়।সজাগ হোৱাৰ বিপৰীতে কণীযুক্ত মাছবোৰ ধৰি বেপাৰ কৰে।বৰষুণ পালে উজান পৰা প্ৰজননক্ষম মাছবোৰ বিভিন্ন সজুলিৰ সহায়ত ধৰি মানুহে শেষ কৰি দিয়ে।এজনী মাইকী গাভিনী মাছ ধৰাৰ ফলত কেইবা হাজাৰো মাছৰ পোৱালি ধ্বংস হয়।এনেদৰে ধ্বংস কৰি থাকিলে ৰাজ্যখন সম্পদ স্বৰূপ থলুৱা মাছবোৰ হয়তো এদিন অসমৰ নদী,বিল সমূহৰ পৰা হেৰাই যাব।

       অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰে যাতে বংশবৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি মানুহ জাতিটোৱে সুবিধা আৰু গুৰুত্ব দিয়া উচিত।তেতিয়াহে অসমৰ থলুৱা তথা আলংকৰিক মাছবোৰ জীয়াই থাকিব।বিভিন্ন প্ৰজাতিৰ মাছবোৰ জীয়াই ৰখাৰ দায়িত্ব আমাৰ,ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই।প্ৰজননক্ষম থলুৱা মাছবোৰ যদি আমি ধ্বংস কৰি থাকো মাছৰ চাহিদা পূৰ্ণ কৰিবলৈ অন্ধপ্ৰদেশ,পশ্চিমবংগ আদি ৰাজ্যৰ ওপৰত অসমখন অধিক নিৰ্ভৰশীল হৈ পৰিব।সচেতনতা গঢ়ি তুলি থলুৱা প্ৰজননক্ষম আৰু আলংকৰিক মাছবোৰ ৰক্ষা কৰো আহক।

ফোন নং-৯১০১৮৩৬৯৪৪

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ

নগাঁও

ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা মাজতেেই বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটোকাৰে উফন্দি উঠিছে কপলী নৈৰ পানী। আজি কপিলী নৈৰ মথাউৰিৰ ওপৰৰে পানী  বাগৰা ফলত কামপুুুৰৰ বকলুগুৰি আৰু চিমলাইকে ধৰি বিস্তৃৰ্ণ অঞ্চল প্লাবিত হৈ পৰে। বকুলগুৰি গড়কাপ্তানী পথৰ ওপৰত কপলী নৈৰ পানী বাগৰি একঁকাল পৰ্যন্ত পানী হোৱাৰ লগতে কপিলী নৈৰ পানী পথৰ ওপৰৰে তীব্ৰ বেগত বাগৰাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।পথৰ ওপৰেদি পানী বাগৰাৰ ফলতেই   বকুলগুৰি, পদুমনি আৰু চিমলাইকে ধৰি  কেইবাখনো গাঁওত পানী সোমাই এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ বকুলগুৰি আৰু চিমলাই অঞ্চলৰ প্ৰায় সহস্ৰাধিক বাসগৃহৰ ভিতৰে বাহিৰে এতিয়া পানী ৷ বহু লোক পানীৰ মাজতেই  বাসগৃহতে আবদ্ধ হয় থাকিবলগীয়া হৈছে৷ এবকু পানীৰ মাজত অঞ্চলকেইটাৰ বাসিন্দাসকলৰ লগতে পশুধনসমূহৰ বিলাই-বিপত্তি নোহোৱা হৈছে। আজি দুপৰীয়া ভাগলৈকে জিলা প্ৰশাসনৰ কোনো লোক অঞ্চলকেইটাত উপস্থিত হোৱা নাই। স্হানীয় ৰাইজে তেওঁলোকক উক্ত স্হানৰ পৰা কোনো নিৰাপদ ওখ স্হানলৈ স্হানান্তৰিত  কৰিবৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছে।

কেঁচা চাহ পাতৰ মূল্য হ্ৰাস, খেতিয়কৰ ক্ষোভ : মুখ্যমন্ত্ৰী সাহায্য প্ৰদানৰ দাবী

টিংখাং

মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো লকডাউন বলবৎ কৰা হয়। এই সময়ছোৱাত বিভিন্ন কৃষি উদ্যোগ আদি বাণিজ্যত বিস্তৰ ক্ষতি সাধন হয়। বিশেষকৈ ৰাজ্যখনৰ অৰ্থনীতিত গুৰুপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৃহৎ চাহ উদ্যোগৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হয়। অৱশ্যে ৰাজ্যৰ চাহ উদ্যোগত ক্ষেত্ৰত চৰকাৰে লকডাউনৰ কিছু শিথিলতা অৱলম্বন কৰি উৎপাদনৰ কাম কাজত চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছৰে পৰা ৰাজ্যৰ বৃহৎ চাহ উদ্যোগৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাসমূহত কাম কাজ আৰম্ভ হয়। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাত পুনৰ বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে।ৰাজ্যখনৰ কেবা লাখো লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত ক্ষুদ্ৰ চাহ খেতিয়কসকলে লকডাউনৰ সময়ছোৱাত ক্ষতি হোৱাৰ বাবে চৰকাৰক সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে। চৰকাৰে এই সন্দৰ্ভত অচিৰেই এক সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অন্যতম ক্ষুদ্ৰ চাহ বাগিচাৰে পৰিৱেষ্টিত টিংখাঙৰ খেতিয়কসকলৰ সৈতে সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ সহযোগত টেলিফোন যোগে এক আলোচনাত মিলিত হৈ খেতিয়কসকলে সন্মুখীন হোৱা সমস্যাৰ বুজ লৈছিল। শেহতীয়াভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছে। চলিত মাহত মাজভাগত কেঁচা চাহ পাতৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পাইছিল যদিও যোৱা দুদিনত যথেষ্ট হ্ৰাস পাইছে। জানিব পৰা মতে প্ৰতি কিল’গ্ৰাম কেঁচা চাহ পাতৰ মূল্য চাৰি পাঁচ টকাকৈ হ্ৰাস পাইছে।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে। কেঁচা চাহ পাতৰ মূল্য হঠাতে হ্ৰাস পোৱাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।টিংখাং আঞ্চলিক সমিতিৰ উপদেষ্টা যোগেশ বিকাশ চেতিয়া সভাপতি সুবোধ কুমাৰ গগৈ আৰু সম্পাদক তপন চেলেঙে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰিবলৈ দাবী কৰিছে। জানিব পৰা মতে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহ পাত ক্ৰয় কৰা বাগিচা আৰু বটলিফ ফেক্টৰীৰ মালিকবিলাকে উন্নত মানযুক্ত পাত ক্ৰয়ৰ নামত মূল্য হ্ৰাস কৰি খেতিয়কক মাধমাৰ শোধাবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত সময়ছোৱাতো চাহ বণিক গোষ্ঠীয়ে মধ্যভোগী জৰিয়ত অতি কৌশলেৰে কেঁচা চাহ পাতৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস কৰি খেতিয়কক ৰাম টাঙোন শোধাই আহিছে।

সামাজিক দূৰত্ব আমাৰ সংকল্প হওক

  • ভুপেশ খাটনিয়াৰ

সমগ্ৰ বিশ্ববাসীক আতংকিত কৰা এটা অতি ক্ষুদ্ৰতম ভাইৰাছৰ COVI-19 বিৰুদ্ধে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত উন্নত বহুত শক্তিশালী দেশ কেইখমানেও আজি কিছু ক্ষেত্ৰত হাৰ মানিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে যদিও কিন্তু এই যুঁজত দিনে নিশাই দৃঢ় মনোবল অটুট ৰাখি শক্তিশালী ভাবে যুঁজ দি আছে আৰু এদিন নহয় এদিন যে এই COVID-19 পৰাভূত কৰিব পাৰিব সেইটো নিশ্চিত ।আমি যদি  সমগ্ৰ পৃথিৱীৰ প্ৰেক্ষাপতৰ অন্যতম কিছুমান ঘটনা প্ৰবাহ বা কিছুমান হৈ যোৱা শক্তিশালী মহামাৰী বেমাৰৰ প্ৰতি লক্ষ্য  কৰো তেন্তে দেখিম যে সকলোবোৰৰ ক্ষেত্ৰত কিন্তু মানৱতাৰে জয় হৈছে ৷ ঠিক তেনেদৰে ক’ৰণা সংক্ৰমণৰ ক্ষেত্ৰত কিন্তু অলপ পলমকৈ হলেও মানৱতাৰ জয় হবই সেইটো নিশ্চিত।আমাৰ দেশৰ লগতে  সমগ্ৰ পৃথিৱীৰ বৈজ্ঞানিক পণ্ডিত আৰু ঔষধ নিৰ্মাণ কৰা বিজ্ঞানাগাৰ বিলাকত নিজৰ জীৱনকো তুচ্য জ্ঞান কৰি সমগ্ৰ মানৱ জাতিৰ বাবে  বৈজ্ঞানিক পণ্ডিত সকলে দিনে নিশাই যি অহোপুৰুষাৰ্থ  আৰু সাহসী প্ৰচেষ্টা অব্যাহত ৰাখি আছে তাত যে ক’ৰণা সংক্ৰমণ ক্ষেত্ৰত মানৱ জাতি এদিন জয় হব সেইটো সঁচা কথা । অসমত যদিও সংক্ৰমনৰ সংখ্যা এতিয়ালৈকে বেছি ভয়াবহ হোৱা নাই তথাপিও কিন্তু ৭৭৪ জন মানুহৰ গাত এই বেমাৰৰ লক্ষণ পোৱা গৈছে আৰু চৰকাৰৰ সহযোগ লগতে চিকিৎসা কৰ্মী সকলৰ ঐক্যবদ্ধ সাহসী সুন্দৰ প্ৰচেষ্ঠাত ইতিমধ্যে ৬২ জন ৰোগী আৰোগ্য হৈও উঠিছে ৷ মাত্ৰ আমি সকলোৱে আতংকিত নহৈ চৰকাৰে বান্ধি দিয়া নিয়ম সমূহ যদি ভালদৰে মানি চলো তেতিয়া হলে অধিক সংক্ৰমণৰ পৰা নিজক নিজে ৰক্ষা কৰাৰ লগতে সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰি উদ্ধাৰ কৰাটো সহজ হৈ পৰিব। আমাৰ দেশৰ বীৰ সৈনিক সকলে যেনেকে দেশ ৰক্ষা কৰা আৰু আমাক সুৰক্ষিত কৰাৰ স্বাৰ্থত শত্ৰু পক্ষৰ পৰা নিজকে নিজে ৰক্ষা কৰি সমগ্ৰ দেশ বাসীক উদ্ধাৰৰ বাবে নিজৰ জীৱনকো তুৎচ্য জ্ঞান কৰি সাৱধানে সুৰক্ষিত আৰু দৃঢ় মনোবল অটুট ৰাখি নিয়োজিত হৈ কাম কৰি আছে ঠিক তেনেদৰে আমি সকলোৱে সুস্থ আৰু শীতল মস্তিষ্কৰে ক’ৰণা COVID-19 ৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাবে যুঁজিবলৈ নিজকে নিজে প্ৰস্তুত কৰি তুলিব লাগিব। বহুদিন যদি লক ডাউন হৈ থাকিব হলে ক’ৰণাতকৈও অধিক ভায়াবহ ভাবে মানুহ কৰ্ম বিমুখ হৈ অনাহাৰে থাকি মৃত্যু মাতি আনিব লগা পৰিস্থিতি উদ্ভৱ হব ৷ সেয়ে আমি  ভেকচিন উদ্ভৱ নোহোৱালৈকে সকলোৱে সংকল্প বদ্ধ হব লাগিব যে আমি সামাজিক দুৰত্ব মানি মুখত মাস্ক পৰিধান কৰি পৰিস্কাৰ হৈ সাৱধানে কামো কৰিব লাগিব আৰু COVID-19 বিৰুদ্ধে যুঁজ ও অব্যাহত ৰাখিব লাগিব। শেষত সকলোকে অনুৰোধ জনাইছোঁ  বিশেষ জৰুৰী কাম নাথাকিলে আনাহকত ঘৰৰ পৰা বাহিৰলৈ নাহক ঘৰত থাকক সুৰক্ষিত হৈ থাকক আৰু চৰকাৰলৈ অনুৰোধ ৰাখিছো সকলো পক্ষকে যেনেকে পাৰে সহায় কৰক আৰু আমি অসমৰ জাতীয় জীৱনৰ সকলো শ্ৰেণীৰ মানুহৰ এজন সৈনীক হিচাপে আমি মানবতাৰ পৰিচয় দিব লাগিব | আমাৰ মানবতাৰ জয়গান দীৰ্ঘম্যাদি আচনি হব লাগে | সমাজৰ সকলো শ্ৰেণীৰ মানুহে হাতে হাত ধৰি আমাৰ এই মহামাৰী জীবন যুদ্ধ খনত জয় হব লাগিব | আমি কেতিয়াও পাহৰিব নালাগিব সামাজিক দুৰত্ব বজাই ৰখাৰ কথা, হাত দুখন পৰিস্কাৰ পৰিছন্নতাৰে ৰাখিব লাগিব, মাস্ক আমাৰ আমাৰ নিত্যব্যবহাৰিত হোৱাৰ পোচাক হওক | তেতিয়াহে আমি জীবন যুদ্ধত জিকিব পাৰিম |

লেখকৰ ফোন নং- ৯৭০৬১৪৫০৯৯