সমগ্ৰ ৰাজ্য কঁপাই যোৱা হাজোৰ ক্ষুদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তক ফাঁচী দিয়াৰ বাবে বুধবাৰে টীয়কৰ বাদুলীপুখুৰীত মৰিয়া জাতি যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোসকলে দাবী জনায়৷ ইপিনে একাংশ লোকে হাজোৰ এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দি সামাজিক মাধ্যমৰ যোগেদি সাম্প্ৰদায়িক বীজ বাষ্প বিয়পাব বিচৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সমবেতসকলে৷ হত্যাকাৰীৰ কোনো ধৰ্ম নাই।হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰক। কিন্তু এনে ঘটনাৰ আলম লৈ সাতামপুৰুখীয়া অসমৰ সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান জনায়।
টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে অঞ্চল
টীয়ক
আৰম্ভ হ’ল নৈ পৰীয়া ৰাইজৰ দুৰ্বিস জীৱন৷ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাঁওৰ চলাচল। ফলত বহিঃজগতৰে বিছিন্ন হৈ পৰিল জাঁজীমুখৰ জপং, বৰমথাউৰি, শগুনপৰা, তিনিঘৰীয়াকে ধৰি প্ৰায় ১০-১২ খন গাঁও৷ নদীখনৰ বাঢ়নী পানীয়ে ইতিমধ্যে নদীৰ ইপাৰৰ গাঁওসমূহ বুৰাই পেলাইছে। বৰ্তমানো পানী বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ৷ এইদৰে নদীখনৰ পানী বাঢ়ি থাকিলে অনাগত দিনত নদীপৰীয়া ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা দেখা দিছে৷ সৰ্বতে ক’ৰোনাৰ আতংকৰ সময়ত ব্ৰহ্মপুত্ৰৰ এই বাঢ়নী পানীয়ে এতিয়া নৈপৰীয়া ৰাইজৰ অৱস্থা যে অধিক সংকটময় কৰি তুলিব সেয়া খাটাং হৈ পৰিছে। ইতিমধ্যে খেতি পথাৰ, বাট পথ সকলো পানীৰ কবলত।
সীমান্তৰ গেলেকীত অসমৰ ভূমি দখলৰ প্ৰচেষ্টা নগাৰ : সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
নাজিৰা
শিৱাসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত অসমৰ ৰাজহ ভূমি দখলৰ বাবে বিগত বৰ্ষৰ আগষ্ট মাহৰ নগালেণ্ড চৰকাৰ তথা প্ৰশাসনৰ পৃষ্ঠপোষকতাত নাগালেণ্ডৰ য়ংলক বস্তুিৰ ভিলেজ কাউঞ্চিলে চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া। বিৰোধী দলপতিগৰাকীয়ে অসমৰ ভূমি দখলৰ নগাৰ এনে প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূমিত আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ থলুৱা যুৱকে স্হাপন কৰা ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰায় দুহেজাৰ চাহপুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম আৰক্ষী বেটেলিয়েনক খেদি পঠিয়ায়। এই বাতৰি প্ৰকাশ হোৱাৰ পাছতে বিৰোধী দলপতি তথা স্হানীয় বিধায়ক দেৱব্ৰত শইকীয়াই নগাৰ এনে তৎপৰতাৰ বিৰুদ্ধে অসম চৰকাৰক সীমান্তৰ অসমৰ ভূমি ৰক্ষাৰ লগতে সীমান্তবাসীৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। বিৰোধী দলপতিগৰাকীয়ে ২৩ মে’ত মূখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰকপত্ৰখনত শিৱসাগৰ জিলাৰ সীমান্ত অঞ্চলসমূহত স্হাপন হ’ব লগা সীমান্ত আৰক্ষী চকীসমূহ তৎকালে স্হাপন কৰা, সীমান্তত অতন্দ্ৰ প্ৰহৰীৰূপে থকা সীমান্তবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থত সীমান্ত এলেকা পহৰাৰ বাবে পূৰ্বতকৈ অধিক আৰক্ষী নিয়োগ কৰা, তৃতীয়তে সীমান্ত অঞ্চলত যিকোনো মুহূৰ্তত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্হিতিৰ সময়ত সীমান্ত দণ্ডাধীশ নহ’লে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হয়, যাৰ বাবে নগাই সীমান্ত অঞ্চলত সঘনে আগ্ৰাসন আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সেয়েহে বছৰ বছৰ ধৰি নাজিৰা মহকুমা খালী হৈ থকা সীমান্ত দণ্ডাধীশৰ পদবীটোত এজন সীমান্ত দণ্ডাধীশ শীঘ্ৰে নিযুক্তি দিয়াৰ লগতে সীমান্ত অঞ্চলটোৰ বাট-পথ উন্নয়নৰ বাবে অধীক পুঁজি আৱণ্টন দিবলৈ স্মাৰকপত্ৰখনত দাবী জনাইছে।
নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ
নগাঁও
নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে লাগি থকা সহকাৰী পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুঁজিৰ নামত দুৰ্নীতিৰ বজাৰ মুকলি কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী সহকাৰী পৰিকল্পনা বিষয়াৰ বিৰুদ্ধে । অভিযোগ উঠা মতে, সহকাৰী পৰিকল্পনা বিষয়া বিজয় কুমাৰ বিশ্বাসে বিভিন্ন আচঁনিৰ নামত ঠিকাদাৰ, বিভিন্ন নিৰ্মাণ সমিতিৰ লোকৰ পৰা প্ৰতিটো কামৰ বিনিময়ত কমিচন আদায় কৰি আহিছে । আনহাতে, যি সকলৰ পৰা কমিচন নাপায় তেওঁলোকক নানান অজুহাতত ঘুৰাই হাৰাশাস্তি কৰে। এই গৰাকী বিষয়াই আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপিৰ নেতা অনিল শইকীয়াকে ধৰি কেইবা গৰাকী নেতাৰ সৈতে তেওঁৰ ঘনিষ্টতা থকা বুলি দম্ভালি মাৰি ফুৰা বিষয়া গৰাকীক লোক সভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ পৰা তেজপুৰলৈ বদলি কৰা হৈছিল যদিও মাত্ৰ আঠ মাহ থাকি পুনৰ নগাঁৱৰ সেইখন চকীতেই বহি দপদপনি আৰম্ভ কৰে । আৰু কাৰ্যালয়টো সোনৰ কণী পৰা হাঁহত পৰিণত কৰি কমিচন চলোৱা বুলি সচেতন মহলত চৰ্চা হৈছে। বিষয়াগৰাকীৰ এনে দুৰ্নীতিগ্ৰস্থ মানসিকতাৰ বাবেই নগাঁৱৰ বিভিন্ন সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ আচঁনিতো একাংশ বিষয়া-ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ সুযোগ লাভ কৰিছে। উত্থাপিত অভিযোগ মতে বিষয়া গৰাকীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিঃ মিঃ দূৰৈত বাসগৃহ থকাৰ বাবেই গুৰু গোসাঁই নামানি অবাধ দুৰ্নীতিত লিপ্ত হৈছে তেওঁ । শূন্য সহনশীলতাৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ প্ৰয়াস কৰি থকা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ বিপৰীতে একাংশ আমোলাই এতিয়াও তলে-তলে দুৰ্নীতিগ্ৰস্থ বিষয়াৰ সৈতে মিতিৰালি অব্যাহত ৰখাৰ বাবেই বিশ্বাসৰ দৰে বিষয়াই অনিয়ম চলাব পাৰিছে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে । বিভিন্ন বিধানসভা সমষ্টিৰ বিধায়ক পুজিঁৰ কামৰ ফাইল পোটআপ কৰি দিয়াৰ বাবদ পৰিকল্পনা বিষয়া গৰাকীয়ে জিলা উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ ব্যাপক দুৰ্নীতি-অনিয়ম কৰি থকাৰ উপৰি সাংসদ পুঁজিৰ বিভিন্ন কামতো কমিচন লোৱাৰ বাবেই বহু ঠাইত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠাত ব্যাঘাত জন্মিছে। বদলি হোৱাৰ পিছতো পূৰ্বৰ চকীৰ লোভ সামৰিব নোৱাৰি বিভিন্ন কৌশলেৰে পুনৰ নগাঁৱলৈ উভতি অহা এইগৰাকী বিজয় কুমাৰ বিশ্বাসৰ বিৰুদ্ধে মূখ্যমন্ত্ৰী সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে আৰ টি আই কৰ্মী এ জে আকন্দয়ে এটি প্ৰেছ বাৰ্তা জৰিয়তে ।
ধুবুৰীত ধাৰাষাৰ বৰষুণ, ধুমুহা : বিস্তৰ ক্ষয়ক্ষতি
ধুবুৰী
ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হয়। ধুমুহা-বৰষুণৰ ফলত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট পঞ্চায়ত, ডিংডিঙ্গা পঞ্চায়ত, কামানডাঙ্গা পঞ্চায়ত আৰু কুমাগঞ্জ গাঁও পঞ্চায়তৰ অধীনৰ অঞ্চলসমূহত বিস্তৰ ক্ষতিসাধন হয়।জিলাখনৰ গৌৰীপুৰ, বিলাসীপাৰা, পানবাৰী, বিলাসীপাৰা, চাপৰ, সাপটগ্ৰাম আদি অঞ্চল ধুমুহাৰ ফলত বহু গছ-গছনি ভাঙি ঘৰ বাৰীৰ বিস্তৰ ক্ষতি সাধন হৈছে। প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰাৰ ফলত চাৰি চকীয়া বাহনৰো ক্ষতিসাধন হয়। তাৰোপৰি গছ-গছনি ভাঙি পৰাত অঞ্চলটোৰ বিভিন্ন ঠাইত বিদ্যুতৰ তাৰ ছিঙি যোৱাত বৃহত্তৰ অঞ্চলটোত বিদ্যুত যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে।বাঢ়নি পানীয়ে জিলাখনৰ ন ন অঞ্চল প্লাবিত কৰে।
গোলাঘাটত ক’ৰোনাৰ সামাজিক সংক্ৰমণৰ আশংকা : চিকিৎসক-নাৰ্চ, স্বাস্থকৰ্মী, ৰোগীসহ কুৱাৰেণ্টাইনত ৪৮
গোলাঘাট
ক’ৰোনাই গ্ৰাস কৰিছে গোলাঘাটক৷ ৯জন সুস্থ হৈ উঠাৰ পিছত বৰ্তমানলৈ ৮৪ গৰাকীকৈ আক্ৰান্ত লোকেৰে অসমৰ সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বহন কৰিছে গোলাঘাটে। ইফালে মাত্ৰ দুটা দিনৰ ভিতৰতে ৮০ জনকৈ লোক আক্ৰান্ত হোৱা ঘটনাই অধিক আতংকিত কৰি ৰাখিছে জিলাখনক৷ তেনে সময়ত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মেডিচিন ৱাৰ্ডৰ এজন ৰোগীৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছতে জিলাখনত সামাজিক সংক্ৰমণ হোৱা আশংকাই দহিছে স্বাস্থ্য বিভাগৰ লগতে জিলাবাসীক৷ খবৰ অনুসৰি মানসিক বিকাৰগ্ৰস্ত ৫৮ বছৰীয়া নাছিম নামৰ এজন ব্যক্তিজনক কোনো লোকে বাটত প্ৰত্যক্ষ কৰি কাছমাৰি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰিছিল। তাৰ পৰা লোকজনক স্থানান্তৰ কৰা হৈছিল গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ৷ চিকিৎসালয়লৈ অহাৰ সময়ত লোকজনৰ দেহত কোনো ক’ৰোনাৰ লক্ষণ নাছিল যদিও স্বোৱাব সংগ্ৰহ কৰা হৈছিল যদিও লোকজনক সাধাৰণ ৰোগীৰ দৰেই ৰাখি চিকিৎসা কৰা হৈছিল কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। কালি লোকজনৰ দেহত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি আৰু লগে লগেই আতংকময় পৰিৱেশৰ সৃষ্টি চিকিৎসালয়খনত। তাৰ পিছতে আজি জিলা প্ৰশাসনে তেওঁৰ সংস্পৰ্শলৈ অহা ৪৮ গৰাকী লোকক কোৱাৰেন্টাইন কৰা হয়৷ জানিব পৰা মতে চিকিৎসালয়খনৰ ৬জন চিকিৎসক-নাৰ্চৰ লগতে স্বাস্থ্যকৰ্মী, ৱাৰ্ড বয় সহ ২০ গৰাকীক হোম কুৱাৰেণ্টাইন কৰাৰ লগতে ৱাৰ্ডটোৰ ৰোগী আৰু ৰোগীৰ আত্মীয় ২৪জনসহ চিকিৎসালয়খনৰ মেডিচিন ৱাৰ্ডটো (পুৰুষ) কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ হোম কুৱাৰেণ্টাইন কৰা চিকিৎসকসকল হ’ল ক্ৰমে ডাঃ ৰবীন তামুলী, ডাঃ সুনীতা এক্কা, ডাঃ দিগন্ত দাস, ডাঃ দীপক দত্ত, ডাঃ বিপুল দাস আৰু বিকাশ শৰ্মা৷ অন্যহাতে কালি ৫৯ গৰাকীৰ দেহত ক’ৰোনা ধৰা পৰাৰ পাছত আজি ২১জনৰ দেহত এই ৰোগ ধৰা পৰে৷ আজি ধৰা পৰা ৰোগীসকল হ’ল ক্ৰমে জাবাজ আলি (২২), অনিল পেগু (৪০), সুনীল মোদি (২০), জিতু দলে (২১), পাৰ্থজ্যোতি কলিতা (২৪), ৰণজিৎ বসুমতাৰী (৩২), কৃষ্ণ তামাং (২২), তৰুণ শইকীয়া (২১), ৰাহুল শইকীয়া (২৫), দামোদৰ টোডি (২৫), ভূৱনেশ্বৰ ৰয় (২৪), জয়ন্ত বৰা (২৭), ৰমেন হাজৰিকা (২৫), অজিত শইকীয়া (২৪), ডম্বৰু ৰাভা (৩৭), ৰূপম লইং (২৪), অভিজিৎ বড়ি৷
কলিয়াবৰত বৰলুইতৰ কালৰূপ ।কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ বুকুত জাহ গ’ল মছজিদ ।
কলিয়াবৰ
এতিয়া কৰ’না সন্ত্ৰাসতকৈও ভয়ানকৰূপে দেখা দিছে বৰলুইতৰ খহনীয়াই। কলিয়াবৰৰ জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিৰ বৰঘূলীত। সহস্ৰাধিক ভূমি, গৃহ বৰলুইতত জাহ যোৱাৰ পিচত ব্ৰহ্মপুত্ৰৰৰ বুকুত জাহ গ’ল মছজিদ। পবিত্ৰ ঈদ পালনৰ পিচদিনাই নৱ-নিৰ্মিত মছজিদটো খহনীযাৰ কৱলত পৰে। আনহাতে, গৰাখহনীয়া অব্যাহত থকাৰ মাজতে জলসম্পদ বিভাগৰ ঠিকাদাৰ দল এটা উপস্থিত হৈছিল বৰঘূলীত। এখন যন্ত্ৰচালিত নাঁৱেৰে উপস্থিত দলটোলৈ শিলগুটি নিক্ষেপ কৰে খহনীয়াগ্ৰস্ত বৰঘূলীৰ উত্তেজিত জনতাই। সময় থাকোতেই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰা ঠিকাদাৰে খহনীয়া অব্যাহত থকাৰ সময়ত বৰঘূলীত উপস্থিত হোৱা ঠিকাদাৰৰ কৰ্মচাৰীৰ ওপৰত উত্তেজিত হৈ পৰে নৈপৰীয়া ৰাইজ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। তৎস্বত্বেও এই সময়ছোৱাত কৰ’না সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে সামাজিক দুৰত্ব বজাই ৰখিব নোৱাৰি আন এক সঙ্কটৰ কৱলত পৰিছে বৰঘূলীবাসী।

টিংখাঙত নিজামুদ্দিন ফেৰৎসহ ১৩ জনক কোৱাৰেণ্টাইন
টিংখাং
বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ অহা লোকসকলক অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে। স্থানীয় প্ৰশাসনে অঞ্চলটোৰ শ্ৰীবাংগোৰ আৰু শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুটা কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে।এই দুখন শিক্ষানুষ্ঠানৰ লগতে অঞ্চলটোৰ আন কেবাখনো শিক্ষানুষ্ঠানত প্ৰশাসনে কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত মহিলাসহ ১৩ জন লোকক কোৱাৰেণ্টাইনত কৰা হৈছে। এই লোক কেইজনক দেওবাৰৰ সন্ধিয়া শিবিৰটোত ভৰ্তি কৰা হয়। শিবিৰটোত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা অঞ্চলটোৰ তিনিজন যুৱককো ৰখা হৈছে। ৰাজগড়ৰ এই তিনি যুৱকে দিল্লীৰ মাৰ্কাজলৈ গৈ লকডাউনৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যত আবদ্ধ হৈ আছিল।বহিঃৰাজ্যৰ পৰা অহাৰ পাছতে তিনিজন যুৱককে শিবিৰটোত কোৱাৰেণ্টাইন কৰা হৈছে। শিবিৰটোত কোৱাৰেণ্টাইন কৰাৰ পূৰ্বে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে। কোৱাৰেণ্টাইনত থকা লোকসকলে শিবিৰটোত থকা সময়ছোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা অতি সুন্দৰকৈ কৰা হৈছে বুলি প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰিছে। স্থানীয় প্ৰশাসনৰ বিভিন্ন বিভাগৰ লগতে বৰবাম গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে শিবিৰটো পৰিচালনা কৰিছে। তদুপৰি সমষ্টিটোৰ বিধায়ক বিমল বড়াই শিবিৰটো নিজে তদাৰক কৰা বুলি জানিব পৰা গৈছে। শিবিৰটোলৈ দুই এদিনৰ ভিতৰতে বহু সংখ্যক অহাৰ সম্ভাৱনা আছে। এই শিবিৰটোত শতাধিক লোকক কোৱাৰেণ্টাইন কৰাৰ বাবে সাজু কৰি ৰখা হৈছে। আনহাতে টিংখাং অঞ্চলত এই পৰ্যন্ত প্ৰায় পঞ্চাছজনৰো অধিক লোক হোম কোৱাৰেণ্টানত থকাৰ কথা জানিব পৰা গৈছে।
হোজাইত আমছুৰ শ্বহীদ দিৱস পালন
ডবকা
সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ “শ্বহীদ দিৱস” প্ৰতি বছৰৰ দৰে এইবাৰো কেন্দ্ৰীয়ভাৱে আজি পালন কৰা হয় যদিও ভয়াবহ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত উক্ত অনুষ্ঠান বাতিল কৰি আমছুৰ প্ৰতিখন জিলা সমিতিয়ে সংশ্লিষ্ট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ সহযোগত নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্টুপীয়াকৈ সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি ১৯৮০ চনৰ পৰা আজিলৈকে আমছুৰ গণতান্ত্ৰিক আন্দোলনত আত্মবলিদান দিয়া বীৰ শ্বহীদ সকলৰ আত্মাৰ সদগতি অৰ্থে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে হোজাই জিলা আমছুয়েও হোজাই টাউনত আমছু কেন্দ্ৰীয় উপ-সভাপতি মনোৱাৰ হুছেইন (বকুল)ৰ উপস্থিতিত বীৰ শ্বহীদ সকলৰ আত্মাৰ সদগতি কামনাৰ্থে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কৰে৷ সংখ্যালঘুসকলৰ প্ৰাপ্য অধিকাৰ সুনিশ্চিত কৰাৰ লগতে সামগ্ৰিকভাৱে অসম আৰু অসমীয়া জাতিৰ সাৰ্বিক উত্তৰণৰ বাবে মহান শ্বহীদসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জাতীয় আন্দোলনত যোগদান কৰাৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ যুৱ সমাজক আহ্বান জনাই জিলা সাধাৰণ সম্পাদক কবিৰ আহমেদে ৷
প্ৰিণ্ট, ডিজিটেলৰ নামত সন্থা খুলি সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰক জে’ললৈ প্ৰেৰণ

ডবকা
ধন দাবীৰ অভিযোগত মোৰাজাৰ আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ কপাহবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাভিজুৰী গাঁৱৰ স্বয়ম্ভু সাংবাদিক হাচিব উদ্দিন তালুকদাৰক৷ প্ৰাপ্ত তথ্য মতে কেইবামাহৰ পৰা নিজকে সাংবাদিক সন্থাৰ সভাপতিৰ পৰিচয় দি হোজাই জিলাত সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক অৱশেষত মোৰাঝাৰ আৰক্ষীৰ জালত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সামাজিক মাধ্যম ফেচবুক, হুৱাটৱাপত আৰক্ষীক বিভিন্নজনে ধন্যবাদেৰে উপচায় পেলাইছে৷ হোজাই জিলাৰ থানাই থানাই বিভিন্ন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে এইগৰাকী স্বয়ম্ভূ সাংবাদিকৰ বিৰুদ্ধে। ফেচবুক পেজ খুলি কেতিয়াবা শিক্ষক সমাজ, আন কেতিয়াবা সাংবাদিক, আকৌ কেতিয়াবা আৰক্ষীৰ নামত অপপ্ৰচাৰত লিপ্ত হৈছিল হাচিব উদ্দিন তালুকদাৰ নামৰ স্বয়ম্ভূ সাংবাদিকজন। যি ইচ্চা তাকে কৰি গৈছিল সাংবাদিকজনে৷ উল্লেখ্য, কিছুদিন পূৰ্বে মোৰাঝাৰ আৰক্ষীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই ডবকাৰ ফাৰুক আহমেদ নামৰ এগৰাকী স্বয়ম্ভূ সাংবাদিক জে’ল হাজতোলৈ যোৱাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ হাচিব উদ্দিন তালুকদাৰ নামৰ স্বয়ম্ভূ সাংবাদিকগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হোজাই জিলাত। সাংবাদিকতাৰ নূন্যতম জ্ঞান নথকা মুখাপিন্ধা সাংবাদিকজনে ভয় ভাবুকিৰে বিভিন্ন ছিণ্ডিকেটৰ পৰা মাহিলী ৫ ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত গুণ্ডা টেক্স সংগ্ৰহ কৰাৰো অভিযোগ আছে।কিছুদিন পূৰ্বে দক্ষিণ নোৱাবিল গাঁৱৰ এটা অবৈধ কাঠ মিলৰ পৰা মুকলিকৈ উৎকোচ লৈ থকা দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এইগৰাকী স্বয়ম্ভু সাংবাদিকৰ। মোৰাঝাৰ বান্দৰ মেলা গাঁৱৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰাও নগত ৬০ হাজাৰ টকা দাবী কৰাৰ অভিযোগত মোৰাঝাৰ থানাত ৫৫৬/১৯ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছিল এইগৰাকী ঘোচখোৰ ডিজিটেল সাংবাদিক সন্থাৰ সভাপতিৰ বিৰুদ্ধে৷ কেৱল এয়াই নহয় কপাহবাৰী উত্তৰ ডিমৰুপাৰ নতুন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহজ সৰল প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধেও ভুৱা প্ৰচাৰ আৰু ব্লেকমেইলিঙৰ অভিযোগত ডবকা চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো অভিযোগ দাখিল হৈছিল এইগৰাকী সাংবাদিকৰ বিৰুদ্ধে৷ নিশা হ’লেই হাচিব উদ্দিনৰ নেতৃত্বত নিশাচৰ প্ৰাণীৰ দৰে নিজৰ চাৰিচকীয়া বাহনেৰে গৰু, কয়লা আদি বিভিন্ন ছিণ্ডিকেটৰ লগত জড়িত হৈ পৰাৰ অভিযোগ আছে চক্ৰটোৰ বিৰুদ্ধে৷ কয়লা, গৰু আৰু অবৈধ কাঠ মিলৰ পৰা আৰক্ষী আৰু বন বিভাগৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি আজি আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ এই গৰাকী হাচিব উদ্দিনে জিলাখনৰ একাংশ সহজ সৰল ছাত্ৰ আৰু যুৱক-যুৱতীক বিভিন্ন প্ৰলোভন দি নামনি অসমৰ এটা ৱেব পেইজৰ ই পেপাৰ আৰু ফেচবুক পেজৰ সাংবাদিক নিযুক্তি দি ভুৱাকৈ প্ৰেছ কাৰ্ড প্ৰদান কৰি টকা লোৱাৰো অভিযোগ উঠিছে ৷ ভুৱা সংবাদ প্ৰতিষ্ঠান দুটাৰ সম্পাদকে হোজাই জিলাৰ এইসকল যুৱক-যুৱতীক এক প্ৰকাৰ খিৰতি গাই হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷ এইসকল যুৱক-যুৱতীৰ পৰা প্ৰেছ কাৰ্ড প্ৰদানৰ নামত সম্পাদকদ্বয়ে একাউণ্ট যোগে হাজাৰ হাজাৰ টকা লোৱাৰো তথ্য পোৱা গৈছে৷ কেৱল হোজাই জিলাতেই নহয় সংবাদ প্ৰতিষ্ঠানৰ নামত অসমৰ বিভিন্ন প্ৰান্তৰ সহজ সৰল যুৱক-যুৱতীক প্ৰৱঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ আৰক্ষীৰ সঠিক তদন্তৰ পিছত আৰু ভয়ংকৰ তথ্য ফাদিল হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে৷ যোৱা ২৫ মে’ তাৰিখে মোৰাজাৰ আৰক্ষীৰ বিৰুদ্ধেও এইগৰাকী স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰে হোজাই আৰক্ষীৰ বিৰুদ্ধে ভুৱাকৈ সংবাদ মেলৰ নাটক কৰি ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা ঘটনা সহজভাৱে মানি ল’ব পৰা নাই হোজাই জিলাৰ দল-সংগঠনৰ লগতে সচেতন মহলে। লকডাউনৰ মাজতে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ সেৱা আগবঢ়োৱা আৰক্ষীৰ বিৰুদ্ধে চলোৱা এনে অপপ্ৰচাৰত চিন্তিত হৈ পৰিছে হোজাইৰ সচেতন মহলে৷ স্বায়ম্ভূ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত সংবাদ মহলকে ধৰি একাংশ দল-সংগঠনে হোজাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে৷







