Home Blog Page 3346

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিমৌ

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সোণোৱাল ইয়াত উপস্থিত হৈ পৰিদৰ্শন কৰে ডিমৌৰ  বৰুৱাচাংমাই গাঁওস্থিত শিৱসাগৰ কাৰিকৰী বিদ্যালয়স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰ। লক্ষণীয় যে মুম্বাই, চেন্নাই, কেৰেলা, বাংগালুৰু, দিল্লী আদি বহিঃৰাজ্যৰ পৰা অহা ৭৩ গৰাকী লোক এই কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছে। ডিব্ৰুগড়ৰ নিজা বাসগৃহৰ পৰা পোনে পোনে ডিমৌৰ এই কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হৈ ক’ৰোনা যুদ্ধৰ প্ৰকৃত যোদ্ধা চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে “আগন্তুক দিনবোৰ আমি ক’ৰোনা বিৰুদ্ধে যুদ্ধৰ বাবে সাজু হ’ব লাগিব৷ সন্মুখত অহা সমস্যাসমূহক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগিব।” তেওঁ আনুষ্ঠানিক কোৱাৰেণ্টাইন আৰু হোম কোৱাৰেণ্টাইনত থকা লোকসকলকো ধৈৰ্য সহকাৰে ক’ৰোনা বিৰোধী যুদ্ধত সহায় আগবঢ়াবলৈ আহ্বান জনায়। তদুপৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা একাংশ আৱাসীয়ে বিগত দিনকেইটাত কৰা কেতবোৰ উদ্ভণ্ডালি সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ লগত সাংসদ তপন গগৈ, মন্ত্ৰী যোগেন মহন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, থাওৰাৰ বিধায়ক কুশল দুৱৰী, সোণাৰীৰ বিধায়ক নৱনীতা সন্দিকৈ আদি মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকে।

সাপেখাতীত ক’ভিড-১৯ সেৱাত জড়িত চিকিৎসক, সংবাদ কৰ্মী, আৰক্ষীক সম্বৰ্ধনা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ

সাপেখাতী

 অসম এতিয়া সৰ্বত্ৰে মহামাৰী ক’ৰোনাৰ গৰাহত ত্ৰস্তমান হৈ থকাৰ সময়তে জৰুৰীকালীন সেৱাত আত্মনিয়োগ কৰি থকা পুলিচ প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মীকে ধৰি বিভিন্ন স্তৰৰ  লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজৰ সেৱাত ব্ৰতী  হৈ আছে।তেনে এক জটিল সময়তে চৰাইদেউ জিলাৰ সাপেখাতীৰ মাজমজিয়াত অস্থায়ীভাৱে সাপেখাতীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত কোৱেৰেণ্টাইন চেণ্টাৰত নিয়োজিত চিকিৎসক, আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন অঞ্চলত এই দুৰ্বিসহ দিনটো সংবাদ সংগ্ৰহত ব্যস্ত সাংবাদিকসকলক আগন্তুক দিনসমূহত দুগুন উৎসাহেৰে কৰ্ম প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে  আজি সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ হৈ  অধ্যক্ষ ৰবীন বৰুৱা, বিষয় শিক্ষক অৱিকল গায়ন, প্ৰশান্ত ফুকন, নন্দ কুর্মী সহিতে একোখন কৈ ফুলাম গামোচাৰে শুভেচ্ছামূলক সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰে সাপেখাতী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ  চিকিৎসক ধ্ৰুৱলোচন নাথ, সাপেখাতী প্ৰেছ ক্লাবৰ সম্পাদক গৌতম গগৈ, সাংবাদিক মুকুল বড়া, সাংবাদিক মিন্টু বড়া, সাংবাদিক নৱদ্বীপ বৰুৱাৰ লগতে অন্য চিকিৎসা কৰ্মীসকলে৷ উক্ত অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰখনৰ শিক্ষক প্ৰশান্ত ফুকনে লগতে আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱাই সকলোকে এনে জটিল সময়তো  নিজ কৰ্মত পিছ নুহুকি নিষ্ঠা আৰু  দুগুণ কর্ম উদ্যোমেৰে আগবাঢ়ি যোৱাত ধন্যবাদ দিয়াৰ লগতে ভৱিষ্যতেও এনে সুন্দৰ মনোবৃত্তিৰে আগুৱাই যাবলৈ আহ্বান জনায়।

জামুগুৰিহাটত ছেনিটাইজ ৰক্তদাতা (এইচবিএছ) স্বেচ্ছাসেৱী সংগঠন, অগ্নিনিৰ্বাপক বাহিনীৰ

জামুগুৰিহাট

ক’ৰোনাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে মহামাৰীৰ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে কালি জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান-পোহাৰ, বেংক প্ৰতিস্থান, আৰক্ষী থানা, চিকিৎসালয়, পৰিদৰ্শন বঙলাকে আদি কৰি সকলোবোৰ স্থান ছেনিটাইজ কৰে ৰক্তদাতা (এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত উপায়ুক্তৰ নিৰ্দেশ লৈ স্বেচ্ছাসেৱী সংগঠনটোৱে এইদৰে ছেনিটাইজ কৰি আহিছে জনসমাগম এলেকাসমুহ৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনাৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত এসপ্তাহ পূৰ্বেও স্বেচ্ছাসেৱী সংগঠনটিয়ে জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰপৰা আহি জামুগুৰিহাটত এইদৰেই ছেনিটাইজ কৰাৰ লগতে জৰুৰীকালিন সেৱাৰ লগত জড়িত লোকসকলৰ লগতে জনসাধাৰণক মাস্ক, ছেনিটাইজৰ বিতৰণ কৰা আৰু ৰাইজক সজাগ সচেতন কৰিবৰ বাবে চৰকাৰী নীতি নিয়ম সম্বলিত টোকাৰ বেনাৰ দেৱাল পোষ্টিৰিঙকে ধৰি কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ ইয়াৰোপৰি বহিঃৰাজ্যৰপৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰত থকা যুৱক-যুৱতীসকলৰ বাবেও চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে তিনিশ মাস্ক আৰু ছেনিটাইজৰ প্ৰদান কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে৷ অন্যহাতে আজিও জামুগুৰি অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত বাৰেচহৰীয়া সামুহিক ভৱণত থকা কোৱাৰেণ্টাইন চেণ্টাৰ ছেনিটাইজ কৰাৰ লগতে জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলটোও ছেনিটাইজ কৰে৷ উল্লেখ্য যে জামুগুৰি বাৰেচহৰীয়া সামুহিক ভৱনটোত বৰ্তমান বহিঃৰাজ্যৰপৰা উভতি অহা ৩০ জনৰো অধিক যুৱক কোৱাৰেণ্টাইন হৈ আছে৷

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস পালন

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস পালন

 তিনিচুকীয়া

২১৮ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আজি কেন্দ্ৰীয়ভাৱে তিনিচুকীয়াৰ তিনিকোণীয়াত পালন কৰা হয়৷ মটক সন্মিলন, ৰাজবংশকে ধৰি জনগোষ্ঠীটোৰ কেউটা সংগঠনে অনুষ্ঠিত কৰা দিবসত নামঘৰত ভকত সেৱা প্ৰতিমূৰ্তীত মাল্যাৰ্পণ কৰা হয়। ৰাজ্য চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে মাল্যৰ্পণ কৰাৰ পিছতে সামাজিক দুৰত্ব বজাই ৰাখি এক সভা অনুষ্ঠিত হয়। হেমন্ত গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মৰান সভাৰ ধৰ্মেন্দ্ৰ মৰান, মৰান ছাত্ৰৰ অৰুনজ্যোতি মৰান, প্ৰনব বৰুৱা আদিকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্ধিয়া প্ৰতিমূৰ্তিৰ চাৰিওকাষে ২১৮ বন্তি প্ৰজ্জ্বলন কৰা হয়। ইয়াৰ উপৰি মটক সন্মিলনৰ মুখ্য কাৰ্যালয় আৰু জিলাখনৰ বিভিন্ন অঞ্চলত দিবস পালনৰ লগতে সন্ধিয়া ঘৰে ঘৰে বন্তি প্ৰজ্জ্বলন কৰা হয়৷

বহিঃৰাজ্যত কৰ্মৰত লোকৰ আগমণত শ্বাসৰুদ্ধ পৰিৱেশ টিংখাঙত : প্ৰতিটো অঞ্চলতে কোৱাৰেণ্টাইন শিবিৰ

টিংখাং

ৰাজ্যখনত ক’ৰোনা ভাইৰাছত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত জনসাধাৰণ শংকিত হৈ পৰিছে।বিশেষকৈ বহিঃৰাজ্যত কাম কবিবলৈ যোৱা হাজাৰ হাজাৰ লোক নিজ গৃহলৈ ঘূৰি অহাৰ বাবে ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। ডিব্ৰুগড় জিলাৰ বৃহত্তৰ টিংখাং অঞ্চলত এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে টিংখাং অঞ্চলতো স্থানীয় প্ৰশাসনে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। জানিব পৰা মতে বহিঃৰাজ্যত থকা অঞ্চলটোৰ পাঁচ সহস্ৰাধিক লোকৰ অধিকাংশই নিজৰ ঘৰলৈ আহিব। গতিকে এই লোকসকলক কোৱাৰেণ্টাইনৰ বাবে ইতিমধ্যে শ’লগুৰি আৰু শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয় দুখনত কোৱাৰেণ্টাইন কৰিবলৈ স্থানীয় প্ৰশাসনে সম্ভৱপৰ সকলোবোৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। এই দুয়োখন শিক্ষানুষ্ঠানৰ লগতে বৃহত্তৰ টিংখাঙৰ কেবাটা অঞ্চলৰ বহুকেইখন শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰিবলৈ যাৱতীয় প্ৰস্তুতি চলোৱা বুলি প্ৰশাসনৰ এক সূত্ৰই প্ৰকাশ কৰিছে। অহা দুই এদিনৰ ভিতৰতে সমষ্টিটোৰ বহিঃৰাজ্যত থকা লোকসকল আহি পাবহি বুলি জানিব পৰা গৈছে। এই লোকসকলক ৰে’ল ষ্টেচনৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে কোৱাৰেণ্টাইন শিবিৰলৈ নি থকাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় জিলাত এগৰাকী লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছৰে পৰা সমগ্ৰ জিলাখনতে প্ৰশাসনে ক’ৰোনাৰ বিৰুদ্ধে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে। জিলাখনৰ প্ৰায়বোৰ ঠাইৰ লগতে টিংখাঙতো প্ৰশাসনে মাইকযোগে ক’ৰোনা ভাইৰাছ পৰা পৰিত্ৰাণ পাবলৈ সামাজিক দূৰত্বৰ লগতে ফেচ মাস্ক আৰু সঘনে চাবোনেৰে হাত ধুবলৈ জনসাধাৰণক আহ্বান জনাইছে। ইপিনে টিংখাঙত সমষ্টিটোৰ বিধায়ক বিমল বড়াই বহিঃৰাজ্যৰ পৰা ঘৰলৈ ঘূৰি অহা সমষ্টিটোৰ একাংশ লোকৰ ঘৰে ঘৰে গৈ কোৱাৰেণ্টাইনৰ বুজ লোৱা বুলি জানিব পৰা গৈছে। বিধায়কগৰাকীয়ে লগতে কিছু সংখ্যক লোকক সাহায্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সমষ্টিটোত বহিঃৰাজ্যৰ পৰা অহা শতাধিক লোক হোম কোৱাৰেণ্টাইনত আছে।টিংখাঙত স্থানীয় প্ৰশাসনৰ বিভিন্ন বিভাগৰ লগতে পঞ্চায়তসমূহৰ প্ৰতিনিধিসকলেও বহিঃৰাজ্যৰ পৰা অহা সমষ্টিটোৰ লোকসকলক কোৱাৰেণ্টাইনৰ বাবে সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত টিংখাং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভা গৃহত বিধায়ক বিমল বড়াৰ উপস্থিতিত অলপতে এখন সভা অনুষ্ঠিত হয়। সভাখনত কোৱাৰেণ্টাইনৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন হয়।

কৰোণাৰ আতংকৰ মাজতে নলবাৰীত গৃহহীন পুৰোহিত। পত্নী , পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা পুৰোহিতৰ । উদ্ধাৰ কৰি আশ্ৰয় দিলে সাংবাদিকে।

নলবাৰীত পত্নী , পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা পুৰোহিতৰ ।

নলবাৰী 

কৰোণা ভাইৰাছৰ বিভিষিকাময় পৰিস্থিতিৰ বাবেই দেশজুৰি চলি থকা লক ডাউনৰ মাজতে নলবাৰীত গৃহহীন হৈ পৰা এগৰাকী পুৰোহিতৰ এক দুখজনক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিজৰ পুত্ৰ আৰু পত্নীৰ  নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল   অমুল্য শৰ্মা নামৰ পুৰোহিত গৰাকীয়ে ।জিলাখনৰ পশ্চিম খাটাৰ কালাকুছি গাওঁৰ অমুল্য শৰ্মা নামৰ আক্ৰান্ত  পুৰোহিত গৰাকী এটা সম্ভ্ৰান্ত পৰিয়ালৰ লোক । চিকিৎসক , ইঞ্জিনিয়াৰৰ পৰা কলেজৰ অধ্যক্ষলৈ কি নাই তেওঁৰ পৰিয়ালটোত । পৰিয়ালটোত সকলো ডাঙৰ মানুহ । পিছে তেওঁহে আৰ্থিক দৈন্যতাত ককবকাইছে । উপায় বিহীন হৈ যজমানি কৰিয়ে (পুৰোহিত) নিজৰ পৰিয়ালটোক পোহপাল দি আহিছিল দীৰ্ঘ বছৰে । কোচবিহাৰত যজমানি কৰি দুই পুত্ৰ , এগৰাকী কন্যা  আৰু পত্নীক ভৰণ পোষণ দি অহা অমুল্য শৰ্মা এতিয়া পৰিয়ালটোৰ সকলোৰে এলাগী । সুদীৰ্ঘ ৩০ বছৰ ধৰি কোচবিহাৰত যজমানি কৰি পৰিয়ালটোক পোহপাল দি অহা অমুল্য শৰ্মাই নিজে অধিক কষ্টত চলিও সৰহকৈ উপাৰ্জনৰ টকা দিছিল নলবাৰীৰ গৃহত থকা পৰিয়ালটোক । পিছে শেহতীয়াকৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ৰুগীয়া হৈ পৰে  পুৰোহিত গৰাকী । লাহে লাহে  পুৰোহিত অমুল্য শৰ্মাই কোনো কষ্টকৰ কাম কৰিব নোৱাৰা হ’ল । সেইমৰ্মে তেওঁ নলবাৰীৰ আপোন ঘৰখনলৈ ঘুৰি আহিল । আপোন ঘৰখনলৈ আহিয়েই চকুৰে সৰিয়হ ফুল দেখিলে বৃদ্ধ পুৰোহিত গৰাকীয়ে । পত্নী , পুত্ৰৰ  নিৰ্যাতনত জৰ্জৰিত হবলগীয়া হোৱাৰ অভিযোগ আনি গৃহ ত্যাগ কৰিবলৈ বাধ্য হয় লোকজন । পুৰোহিত গৰাকীৰ অভিযোগ মতে পত্নীৰ উচতনিত প্ৰায়েই সৰু পুত্ৰই মাৰপিট কৰে । পত্নী , পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰিয়ে তেওঁ আত্মহত্যাৰ সিদ্ধান্ত লৈছিল । তেনে এক মুহুৰ্ততে পুৰোহিত গৰাকীক উদ্ধাৰ কৰি শান্তি নিৱাস বৃদ্ধাশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰে সাংবাদিক মজিবুৰ ৰহমানে ।কোচবিহাৰত যজমানি কৰি পোৱা টকা কেইটাৰে নলবাৰীত থকা পৰিয়ালটোক দীৰ্ঘ বছৰে  পোহপাল দি অহা অমুল্য শৰ্মাই শেহতীয়াকৈ উচ্চ ৰক্তচাপ আৰু স্নায়ু ৰোগত আক্ৰান্ত হৈ উপাৰ্জন কৰিব নোৱাৰা হৈ উভতি আহিল  নিজৰ আপোন ঘৰখনলৈ । ঘৰলৈ ঘুৰি অহাৰ পিছত পৰিয়ালটোত আৰু শান্তিৰে থাকিব নোৱাৰিলে । পত্নীৰ তিতা কেহা মাত , কনিষ্ঠ পুত্ৰৰ মাৰপিট সহিব নোৱাৰি ঘৰ এৰি গুছি আহিল যাজনিক গৰাকী । কোনো আশ্ৰয়স্থল নাপালে জীয়াই নথকাৰ  সিদ্ধান্ত লোৱাত আপোন গাওঁখনিৰে শৰ্মা উপাধীৰ  এজন লোকে পুৰোহিত গৰাকীক কিছুদিন আশ্ৰয় দিলে তেওঁৰ বাৰান্দাত । পুৰোহিত গৰাকীৰ এনে দুখজনক ঘটনাৰ খবৰ লাভ কৰি তেওঁক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে সাংবাদিক মজিবুৰ ৰহমানে ।  অবশেষত বহুদিন ধৰি সাংবাদিক ৰহমানে তেওঁৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত পুৰোহিত অমুল্য শৰ্মাক আশ্ৰয় ও ভৰণ পোষণ দিয়াৰ পিছত পৰিয়ালৰ সতে যোগাযোগ হয় । আজি পুৰোহিত গৰাকীৰ পত্নী আৰু ভাতৃয়ে শান্তি নিৱাস বৃদ্ধাশ্ৰমত উপস্থিত হোৱাৰ পিছত বুজাই বঢ়াই পৰিয়ালটোক চমজি দিয়ে সাংবাদিক গৰাকীয়ে । ৭০ বছৰীয়া বৃদ্ধ পুৰোহিত গৰাকীক জীৱনৰ বিয়লি বেলাত পুনৰ নিৰ্যাতন নকৰিবলৈ আদহীয়া পত্নী আৰু পুত্ৰক সাদৰেৰে অনুৰোধ জনাইছে সাংবাদিক ৰহমানে । লক্ষনীয়ভাবে এগৰাকী তৃতীয় ব্যক্তিৰ প্ৰৰোচনাত পৰি পত্নীয়ে পুৰোহিত গৰাকীক অত্যাচাৰ কৰাৰো অভিযোগ উঠিছে ।

কৰ’না, অসম আৰু দিহিং-পাটকাই অভৰায়ণ্য

  •  বিদ্যাৱতী গগৈ

দ্ৰুতগতিত বাঢ়ি অহা কৰ’ণা ৰোগীৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে। কিন্তু লক্ ডাউনৰ শিথিলতাৰ সুযোগ লৈ দোকান বজাৰত মানুহৰ সমাগম দেখি আমি প্ৰকৃততেই আতংকিত হৈছোঁ বুলি ক’ব পাৰিমনে? অসমৰ তিনি কোটি জনতাৰ মাজৰ পৰা এক তৃতীয়াংশ জনতাও ছাগে আতংকিত হোৱা নাই। বৰ্হি ৰাজ্যৰ পৰা ৰেল বা বাছৰ জৰিয়তে অহা লোকসকলক কোৱেৰেন্টিন কৰাৰ ব্যৱস্থা কৰিছে ঠিকেই; কিন্তু খোজ কাঢ়ি বা অইন বিভিন্ন উপায়েৰে আহি থকা লোকসকলক দেখি তেওঁলোকৰ দুখত দুখী হৈ উঠিছোঁ। এই সকল লোক অসমলৈকে আহিছে বা অন্য ৰাজ্যলৈকে গৈছে, য’তেই নাযাওক কিয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাতো জৰুৰী আছিল। নহ’লে কি অৱস্থালৈ গতি কৰিব সেইয়া হয়তো কল্পনাতীত। আমাৰ অসমখনৰ স্বাস্থ্যবিভাগটো উন্নত নহয় যদিও বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি তৎকালীন তথা ক্ষিপ্ৰতাৰে মানুহক সজাগ সচেতন কৰাৰ লগতে বিভিন্ন ঠাইত কোৱেৰেন্টিন শিবিৰ স্থাপন কৰিছে তাৰবাবে আমি তেখেতৰ শলাগ ল’ব‌ই লাগিব। বৰ্তমান অসমৰ মানুহৰ বাবে তেখেত দেৱতাস্বৰূপ। কিন্তু ইমানখিনি কৰাৰ পিছতো আমাৰ মানুহবোৰৰ অসাৱধানতাই তেখেতৰ কষ্ট পানী কৰিব যেন বোধ হৈছে। আমি সজাগ আৰু সচেতন হ’লেহে কৰ’ণা আক্ৰমণৰ পৰা বাচিম।এতিয়া কথা হ’ল- দূৰদৰ্শনৰ পৰ্দাতে হ‌ওঁক বা চ’ছিয়েল মাধ্যমতে হ‌ওঁক, আমি পাই আহিছোঁ যে অসমৰ মানুহৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা বহু বেছি। এইয়া নিশ্চয় অসমৰ জলবায়ু তথা পৰিৱেশৰ বাবেই সম্ভৱ হৈছে। সৰুতেই পঢ়িছিলোঁ- কল-কাৰখানাই মানুহৰ দৈনন্দিন জীৱনত জীৱন ধাৰণ প্ৰণালী উজু কৰাৰ লগতে মানুহৰ জীৱনলৈ মৃত্যু ভাৱুকিও কঢ়িয়াই আনে। জীৱশ্ৰেষ্ঠ মানুহৰ তেন্তে এইকণো জ্ঞান নাই নে যে- য’ত বৰ্তমান কৰ’ণাৰ আতংক চলি আছে, যি এক অদৃশ্য মৃত্যুদূত, য’ত দিনে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে তাৰপিছতো নিজৰ লাভালাভৰ কথা চিন্তা কৰিছে! আজি কৰ’ণাৰ বাবেই গোটেই বিশ্বৰ বিজ্ঞান পিছ পৰি ৰৈছে। মৃত্যুক ৰোধ কৰিব পৰা নাই বিজ্ঞানে। মহাকাশজান, মঙ্গল গ্ৰহৰ চিন্তাও দূৰ হৈ গৈছে। একমাত্ৰ জীৱনৰ স্বাৰ্থত টকা মূল্যহীন হৈ পৰিছে। বৰ্তমান সময়তো এনেকুৱা হৈ পৰিছে দুসাঁজ ভালকৈ খাই জীয়াই থাকিলেই যেন সুখী হৈ পৰিম। তাৰপিছতো প্ৰকৃতিক লৈ  খেলা খেলখন দেখিলে সহ্য নহয়।  দিহিং-পাটকাই অভৰায়ণ্য ! বৰ্তমান সকলোৰে চৰ্চিত বিষয়। কিন্তু কিয় আমি এই বৰ্ষাৰণ্যখনৰ বাবে চিঞঁৰিব লগা হৈছে। কাৰণ Coal India Ltd.ৰ পৰা অহা প্ৰস্তাৱ অসম ফৰেষ্ট ডিপাৰ্টমেন্টে  মানি লৈছে। যিখন অৰণ্য হাতীৰ মুক্ত বিচৰণথলী সেই অৰণ্যকে আমি ধ্বংস কৰিবলৈ আগবাঢ়িছোঁ। অথচ দুদিনমানৰ আগতে যেতিয়া ব্ৰাজিলৰ আমাজানক জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল, জীৱ জন্তুবোৰ জীয়াই জীয়াই পুৰি এঙাৰ হৈছিল, বৰ বৰ গছবোৰ ছাইত পৰিণত হৈছিল তেতিয়া গোটেই বিশ্ব‌ই কান্দিছিল। আমি ভাৰতবাসীয়েও উচুপিছিলো। কিন্তু সেই উচুপনিৰ কি মূল্য থাকিব যদি আমি পুনৰ আন এখন অৰণ্যক নিজ হাতেৰে ধ্বংস কৰোঁ!! কি মূল্য থাকিব আমাৰ সেই চকুলোৰ যদি পশু পখীৰ হাহাকাৰবোৰ চকুৰে দেখিও বুজি নাপাওঁ!! যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়ক হে জীৱশ্ৰেষ্ঠ সকল! লাভ লোকচান বিচৰাতকৈ ইমানদিনে থকাখিনিকে তাতকৈ ভালকৈ গঢ়ি তোলক। প্ৰকৃতিক বিনষ্ট নকৰিব। প্ৰকৃতিৰ বুকুত থকা জীৱকুলৰ কথাও চিন্তা কৰক। আমি লক্ ডাউনত বন্দী হৈ থাকোঁতে বনৰ জীৱকুল মুক্ত হৈ ঘূৰিছিল। সিহঁতৰো একোটা প্ৰাণ আছে, মুক্ত মন আছে। আমি প্ৰাণৰ মমতাত ঘৰৰ ভিতৰত আছোঁ। অৰণ্যখন ধ্বংস হ’লে সিহঁতৰ কি হ’ব ভাৱক। বন ঔষধিৰে ভৰি থকা অসমৰ অৰণ্যবোৰ আৰু ধ্বংস নকৰিব। জীৱনটো সুন্দৰ, সৰল আৰু সুখী কৰিবলৈ বহুত বস্তু আমাক নালাগে। যদি মৃত্যুক জিনিব খোজে প্ৰকৃতিক বচাওক। প্ৰকৃতিয়েহে আমাক বচাব, উদ্যোগে মৃত্যু মাতিব।

দিহিং পাটকাইক নি:শেষ নকৰিব।

  • জুৰিতা দাস

অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য যাক আমি সকলোৱে  দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য বুলি জানো ৷ এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান (“The Amazon of the east”) বুলিও আখ্যা দিয়া হৈছিল ৷ ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল ৷ ইয়াৰ উপৰিও এই অভয়াৰণ্যখন দিহিং পাটকাই হস্তী প্ৰকল্পৰ এটা অংশ ৷ ইয়াৰ  ভৌগোলিক বিৱৰণ চাবলৈ গ’লে আমি দেখো যে এই বন্যপ্ৰাণী অভয়াৰণ্যখন তিনিটা অংশৰে গঠিত হৈছে- জয়পুৰ , দিহিং নৈ  আৰু ডিৰক বৰ্ষাৰণ্য ৷ এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷ বনাঞ্চলখনৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে- বাকী অংশ ডিব্ৰু-দেওমালি হস্তী প্ৰকল্প ৰ অন্তৰ্ভুক্ত ৷ আনহাতে ইয়াৰ জৈৱবৈচিত্ৰৰ ফালে চালে দেখিবলৈ পোৱা যায় যে জাকত জিলিকা উদ্ভিদকূল আৰু জীৱকূলেৰে দিহিং পাটকাই এখন সমৃদ্ধিশালী বনাঞ্চল।  অৰণ্যখনৰ   অৱস্থান, ভূ -প্ৰকৃতি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত মূলত চিৰসেউজীয়া বনৌষধি , নৈ-উপনৈ ,জলাহভূমি আদি দেখা যায়। ইয়াত অৱস্থিত উল্লেখযোগ্য উদ্ভিদ প্ৰজাতি সমূহ হৈছে – হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শামকঠাঁল, ভেৰ, শলখ, ঔটেঙা, ডিমৰু ইত্যাদি৷ তাৰোপৰি ইয়াত নানা প্ৰকাৰৰ  উদ্ভিদ, যেনে – অৰ্কিড, লতা-জাতীয় উদ্ভিদ আদি দেখা পোৱা যায়৷ ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত গ্ৰাচিনিয়া লেনচিফ’লিয়া, মিচেলিয়া মুনি, বাচাউৰিয়’ চুপিডা আদি প্ৰধান প্ৰজাতি৷অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে ৭৯ বিধ ইপিফাইটিক, ২১ বিধ স্থলজ আৰু এবিধ চেপ্ৰ্পফাইট ৷ তাৰোপৰি এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন , ১৫ বিধ বিপদসংকুল , ৫ বিধৰ সংকট আসন্ন । ইয়াৰ উপৰি এই অৰ্কিডসমূহৰ ভিতৰত ”থ্ৰিক্স্‌পেৰাম একুমিনাটিচিয়াম নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে ৷ তাৰোপৰি ৯ বিধ অন্য অৰ্কিড যেনে বুলব’ফাইলাম ইবুলবাম,
চাৰ’সোগ্ল’চাম ইৰাটিকাম ,চি.ৰোবিনচোনী,এৰিয়া কোনাটে, ই.পুডিকা ,হেটেৰিয়া এফিনিচ্‌ ,থেলাচিচ প্যিগমিয়া ,টানিয়ফাইলাম ক্ৰেপিডিফৰ্ম  আৰু যেউজিন ক্লেনডেছ্‌টাইন অসমত প্ৰথমবাৰৰ বাবে এই বৰ্ষাৰণ্যখনতে পোৱা যায় ৷দিহিং পাটকাইৰ প্ৰাণীকুলৰ বৈচিত্ৰ্যও অন্য এক লক্ষণীয়া দিশ৷ ইয়াত বৰ্তমানলৈকে ৪২ বিধ স্তন্যপায়ী প্ৰাণী , ৪০ বিধ সৰীসৃপ আৰু ৩০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে৷ ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ’ল- হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ, পেংগ’লিন, ভালুক, কেৰ্কেটুৱা, গোধাফুটুকী বাঘ, শৰপহু, সুগৰি পহু, সোণালী মেকুৰী ইত্যাদি ৷দিহিং পাটকাই বৰ্ষাৰণ্যত ২৯৩ বিধ চৰাইৰ প্ৰজাতি থকা বুলি অনুমান কৰা গৈছে  ৷ এই চৰাইসমূহ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোত্ৰৰ অন্তৰ্ভুক্ত৷ ইয়াত দেখা পোৱা চৰাইসমূহৰ ৬৩.৭% স্থানীয় চৰাই, ২৩.১% শীতকালৰ পৰিভ্ৰমণকাৰী, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী৷ ইয়াৰে ১৩ বিধ চৰাইৰ প্ৰজাতি সংকটাপন্ন, যেনে-পাটিশগুণ, দেওহাঁহ, হাড়গিলা ইত্যাদি ৷ অভয়াৰণ্যখনকে ধৰি গোটেই অঞ্চলটোত নেচাৰ্ছ বেকন,ব’ম্বে নেচাৰেল হিষ্ট্ৰী চ’ছাইটী আৰু বাৰ্ড লাইফ ইণ্টাৰনেচনেল নামৰ সংস্থাকেইটাই একত্ৰিতভাৱে অধ্যয়ন চলাইছিল৷সেই অধ্যয়নৰ পিছত অঞ্চলটো ইম্পোৰ্টেন্ট বাৰ্ড এৰিয়া চাইট্‌ বুলি প্ৰতিপন্ন কৰা হয় । কিন্তু বৰ্তমান সময়ছোৱাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনলৈ বৰ্তমান নামি আহিছে কাল অমানিশা । বনাঞ্চল আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে দিহিং পাটকাই বৰ্ষাৰণ্য খনত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত লৈছে চৰকাৰে । যি সময়ত সমগ্ৰ বিশ্বতে কৰণা মহামাৰীয়ে ত্রাসৰ সৃষ্টি কৰিছে সেই সময়তে বন আৰু পৰিৱেশ মন্ত্ৰালয়ে এই বৰ্ষাৰণ্য খনত কয়লাৰ খনন কাৰ্য্য কৰিবলৈ যি সমূহ যাৱতীয় ব্যৱস্থাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফে এই কয়লা খননৰ বাবে প্ৰয়োজনীয় অনুমোদন আগবঢ়াইছে । এই লকডাউণৰ সময়তে যোৱা ৭ এপ্ৰিলত অনুষ্ঠিত হোৱা নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ বৈঠকত উক্ত বৰ্ষাৰণ্য খনত খনন কাৰ্য্য চলাবলৈ অনুমোদন দিয়া হৈছিল । সেই মৰ্মে ক’ল ইণ্ডিয়া লিমিটেডৰ অধীনৰ সংস্থা নৰ্থ ইষ্টাৰ্ণ ক’লফিল্ডক দিহিং পাটকাই বনাঞ্চলৰ অন্তৰ্গত চালেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত খনন কাৰ্য্য চলাবলৈ অনুমতি প্ৰদান কৰে ।যাৰ ফলস্বৰূপে বনাঞ্চলখনৰ ৩৭.২০হেক্টৰ এলেকাত বৰ্তমানেও কয়লাৰ মুক্ত খনন কাৰ্য্য চলি আছে ।বন আৰু বন্যপ্রাণীয়ে অসমৰ সৌন্দর্য ,সেই সময়তে চৰকাৰৰ এনে সিদ্ধান্তক একাংশ দল সংগঠনৰ লগতে ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ কয়লাৰ এনে অবৈধ খননে প্ৰাকৃতিক ভাৱে বৈচিত্ৰ্যময় অঞ্চলটোৰ পৰিৱেশৰ প্ৰতিও ভাবুকি আনাৰ লগতে গোটেই অবৈধ কয়লা খনন প্ৰক্ৰিয়াটোৱে পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। দিহিং পাতকাই  ইয়াৰ ফলত তাৰ সেউজ পৰিৱেশ হেৰুৱাব লগা হেৰুৱাব ।এনেদৰেই যদি পৰিৱেশ বিনষ্ট হ’য় তেন্তে   পৰিস্থিতি তন্ত্ৰত থকা জীৱসমূহৰ ওপৰত প্ৰতিকূলৰ প্ৰভাৱ পৰিব। ইয়াৰ ফলত কিছুমান প্ৰজাতি বিলুপ্ত হ’ব পাৰে, কিছুমান প্ৰজাতি লুপ্তপ্ৰায় হ’ব পাৰে আৰু কিছুমান স্পৰ্শকাতৰ হৈ পৰাৰ সম্ভাৱনা আছে ।এনেদৰেই যদি কয়লা খনন চলি থাকে তেতিয়া হলে সমগ্ৰ অঞ্চলটো ৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহি পৰিব । দিহিং পাটকাইত হৈ থকা কয়লা খননৰ ফলত বৰ্ষাৰণ্য খনত থকা নানা বিধ চৰাই চিৰিকটি, বিৰল প্ৰজাতিৰ সৰীসৃপ, গছ লতিকাৰ লগতে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ জীৱ জন্তুৰ সমুহৰ জীৱনলৈ নামি আহিছে তীব্ৰ সংকট । যদি সময় থাকোতেই বিপন্ন প্ৰজাতিৰ এই উদ্ভিদ আৰু প্ৰাণীবোৰ উপযুক্তভাৱে সংৰক্ষণ নকৰো তেন্তে সেইবোৰ সময়ৰ গৰাহত এদিন লুপ্ত হৈ যাব।সেয়ে ‘পূবৰ আমাজান’ তথা ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপে পৰিগণিত হোৱা দিহিং পাটকাই বৰ্ষাৰণ্যখনক বচোৱাৰ স্বাৰ্থত এই লকডাউণৰ সময়তো সামাজিক মাধ্যমৰ জৰিয়তে তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ সমাজে । 
‘আমাৰ প্ৰকৃতি ,আমাৰ দায়িত্ব ”আমি দিহিং পাটকাইৰ লগত আছো ‘ এনেধৰণৰ শ্লোগান দিয়ে ছছিয়েল মিডিয়াৰ জৰিয়তে একাংশই চলাই গৈছে প্ৰতিবাদ ।


ফোন নং : – ৯৭০৬৬৯৩৯৮৬

ডাক্তৰ-পুলিচ-চুইপাৰ আদি……

◆ ৰাজীৱ কমল শইকীয়া

অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ’নাত আক্ৰান্ত হৈছে । বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ জড়িয়তে অদৃশ্য শত্ৰুৰ লগত কৰা যুদ্ধখনত জীৱন হেৰুওৱাৰ বাতৰিও আমি শুনিবলৈ পাইছোঁ । তথাপিও স্থবিৰ হোৱা নাই চিকিৎসক বা এই সেৱাৰ লগত সংযুক্ত অন্য সকলৰ অকৃত্ৰিম দায়বদ্ধ-কৰ্তব্য ।  বীজাণু বিধৰ অতি দ্ৰুত প্ৰসাৰতা ৰোধ কৰি দি মানৱ জাতিক কৰ’নামুক্ত কৰি তুলিবলৈ অতন্দ্ৰতাৰে কৰ্মত মগ্ন এই সকল দেৱ-তুল্য মানুহৰ বিৰামহীন সেৱা দেখি শ্ৰদ্ধাত শিৰ দোঁ খাই আহে ।বাতৰিত আমি সকলোৱে দেখিবলৈ পাইছোঁ-গৰমৰ কথা চিন্তা নকৰাকৈয়ে বাতানুকুল বা অবাতানুকুল সকলো হস্পিতাল, কোৱাৰেণটাইন শিবিৰ ইত্যাদি সকলোতে  নিসংকোচে পিপিই কিট পৰিধান কৰি কভিড-১৯ ৰ চিকিৎসা আগবঢ়াই থকা তেখেত সকলৰ ছবি বা দৃশ্য-শ্ৰৱ্য ৰূপ| তাক দেখি প্ৰতিজন অনুভৱী মানুহে নিৰলে উচুপি উঠিছে |নিজৰ পৰিয়াল-পৰিজনৰ পৰা দূৰ হৈ থাকি,মানৱ জাতিক হতাশ হৈ যাবলৈ নিদিয়াকৈ ৰাখি,এই চৰম বিপদসংকুলতাৰ পৰা পৰিত্ৰাণৰ অৰ্থেও কি কৰা নাই তেখেত সকলে  সংকট-মোচনৰ উদ্দেশ্যেৰে তেখেত সকলকলে কৰা ত্যাগৰ ওচৰত ঋণগ্ৰস্ত আমি কিয়েইবা কৰিব পাৰোঁ, মাথোঁ অন্তৰ পৰা  কৃতজ্ঞতা আগবঢ়ালোঁ লগতে প্ৰাৰ্থনাত চামিল কৰি ললোঁ তেখেত সকলৰ কুশল কামনাৰ কথাও।একবিংশ শতিকাৰ এই সময়, ইতিহাস লিখোঁতা সকলে তেখেত সকলৰ লগতে সন্মানীয় প্ৰশাসন, পুলিচ, সাংবাদজগত, শ্ৰদ্ধাৰ চুইপাৰ আৰু অন্তেষ্টিক্ৰীয়া সম্পাদনকাৰী সকলৰ কথাও ধন্যবাদ-কৃতজ্ঞতাৰ দীপ্তমান আখৰেৰে লিপিবদ্ধ কৰি, নিজেও সমগ্র মানৱ জাতিৰ হৈ  উপকাৰত বান্ধ খাই থাকিব, এই কথা নিশ্চিত ।

ফোন- ৮৬৩৮৭৮২৫৫৪

চৰকাৰে “জিম” ৰ কথাও ভাবক

  • ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

যোৱা মাৰ্চ মাহৰ শেষভাগৰ পৰাই চৰকাৰৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো জিম বা ফিটনেছ চেন্টাৰ সমূহ বন্ধ হৈ আছে ৷ যোৱা দুমাহেই এই ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই নিৰ্দেশ সম্পূৰ্ণ মানি আছে ৷ ক’ৰ’নাৰ আতংক দিনক দিনে বাঢ়ি আছে ৷ অস্থিৰ হৈ পৰিছে দেশৰ অৰ্থব্যৱস্থা ৷ চৰকাৰে অৰ্থনৈতিক দিশৰ যোৰা টাপলি মৰাৰ উদ্দেশ্যে ইতিমধ্যে খুলি দিছে দোকানৰ পৰা যাতায়ত ব্যৱস্থালৈ, মিঠাইৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈ ৷ অচিৰেই আৰাম্ভ হব নিয়মিত ৰেল বিমান সেৱা ৷  প্ৰতি ক্ষেত্ৰত বান্ধি দিছে কিছু নীতি নিয়ম ৷ কিন্তু অতি আশ্চৰ্যজনক ভাবে খোলাৰ অনুমতি দিয়া নাই “জিম” সমূহৰ ৷ সচেতন বিভিন্নজনৰ অনুৰোধৰ পিছতো সলনি হোৱা নাই নিৰ্দেশ ৷ সামাজিক দূৰত্ব ৰ দিশটোক লৈ ৰাইজ ভালেখিনি সজাগ হৈছে ৷ এনেও জিম ৰ ভিতৰত সচৰাচৰ এজনৰ পৰা আনজন যথেষ্ট নিলগত ৰৈয়ে ব্যায়াম কৰে ৷ বাকী থাকিল মাস্ক পৰিধানৰ বিষয়টো ৷ আপাতদৃষ্টিত জিমৰ ভিতৰত নিয়ম পালন নকৰিব যেন বোধ হয় যদিও নিজৰ দেহক লৈ সচেতন লোকসকলে নিশ্চয় এই নিয়মো মানিব ৷ বাকী চেনিটাইজেচনৰ ওপৰত জিমৰ মালিকপক্ষক কঠোৰ নিৰ্দেশ দিব পাৰে ৷ একেলগে একে সময়ত কিমানজন মানুহ ব্যয়ামগাৰত সোমাব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা দি ইতিমধ্যেই আন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে কিছু শিথিল কৰি দিব লাগে ৷ এই ক্ষেত্ৰৰ লগত জড়িত খেলুৱৈ, প্ৰশিক্ষক আদিকে ধৰি বিভিন্নজন আৰ্থিক সমস্যাত ভূগি আছে ৷ বহু জিম ৰ গৰাকীয়ে দিব পাৰা নাই কৰ্মচাৰীৰ দৰমহা, বাকী হৈছে ভাড়াঘৰত থকা জিমবোৰৰ ঘৰভাৰা । বেংকৰ ঋণসমূহ আছেই ৷ মানসিক চাপত ভূগি আছে এই উদ্যোগৰ লগত জড়িতসকল ৷ নিয়মীয়া শৰীৰ চৰ্চা কৰাসকলৰ বহুতৰে নতুন নতুন শাৰীৰিক সমস্যাই দেখা দিছে দীৰ্ঘসময় জিম ৰ পৰা আঁতৰত থকা বাবে ৷ বহুতৰে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনক নিজৰ  পেশা হিচাপে গ্ৰহণ কৰাৰ সাহস কমি যাব ৷ আশা ৰাখিছোঁ, চৰকাৰে অতি সোনকালে এই দিশৰ পৰ্যালোচনা কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে হ’লেও “জিম” সমূহ খোলাৰ অনুমতি প্ৰদান কৰিব ৷

লেখকৰ ফোন নং- ৯৮৬৪১৪৯৬৬৪