Home Blog Page 3356

দৰঙত ইমামসকলৰ সৈতে উপায়ুক্ত : কোনো কাৰণতে সমূহীয়া নামাজৰ অনুমতি দিয়া নহ’ব

দৰঙত ইমামসকলৰ সৈতে উপায়ুক্ত : কোনো কাৰণতে সমূহীয়া নামাজৰ অনুমতি দিয়া নহ'ব

মঙলদৈ

ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাথোঁ কেইটামান দিন বাকী। পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন মছজিদৰ ইমামসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সমগ্ৰ বিশ্বক আক্ৰান্ত কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা লকডাউনৰ নিৰ্দেশণাৱলী উৎসৱ-পাৰ্বনৰ নামত কোনো কাৰণতে যাতে ভঙ্গ কৰা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰু লগতে নিজৰ নিজৰ এলেকাত এই সম্পৰ্কত আগতীয়াকৈ সজাগ কৰি দিবলৈ ইমামসকলৰ প্ৰতি আহ্বান জনায়। ইফটাৰ বা ঈদৰ দিনা নামাজ সমূহীয়াকৈ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি নিজৰ ঘৰে ঘৰে নামাজ পঢ়িবলৈ আৰু ইছলামধৰ্মী জনসাধাৰণৰ মাজত এই কথা পুনৰবাৰ সকীয়াই দিবলৈ ইমামসকলক অনুৰোধ জনাই উপায়ুক্তজনে কয় যে লকডাউনৰ নিৰ্দেশনাৱলী কোনোবাই ভঙ্গ কৰিলে বা ধৰ্মীয় অনুষ্ঠানত নিৰ্দিষ্ট সংখ্যাতকৈ বেছি লোকৰ সমাগম হ’লে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। “এই সময় একেবাৰে সুবিধাজনক নহয়। উৎসৱ-পাৰ্বন আহিব আৰু যাব। কিন্তু উৎসৱ-পাৰ্বন পালন কৰাৰ আগতে আমি সকলো সুৰক্ষিত হৈ থাকিব লাগিব। গতিকে পৰাপক্ষত ঘৰত থাকি, সামাজিক ব্যৱধান অটুট ৰাখি নিজৰ লগতে সমাজখন সুৰক্ষিত হৈ থকাত সহায় কৰক “- উপায়ুক্তজনে ইমামসকলক উদ্দেশ্যি সভাত কয়।

টীয়কৰ ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ব্লক পৰ্যায়ত সজাগতা সভা

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ক'ৰোণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ব্লক পৰ্যায়ত সজাগতা সভা অনুস্থিত কৰা হয়।

টীয়ক

যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ক’ৰোণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ব্লকৰ অধীনস্থ কেওখন পঞ্চায়ৰ সভাপতি, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্য, ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া তথা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় সচেতন ব্যক্তিসকলক লৈ এক সজাগতা সভা অনুস্থিত কৰা হয়। এই সভাত যোৰহাট জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেবানন্দ দাস, খণ্ড উন্নয়ন বিষয়া তথা টীয়কৰ চক্ৰ বিষয়া আকাশী দুৱৰা, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈ, টীয়কৰ বিধায়িকাৰ প্ৰতিনিধি তথা যুৱ নেতা বিকাশ শইকীয়াকে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বৰ্তমান বহিঃৰাজ্য পৰা অহা ব্যক্তিসকলক চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰি স্হাপন কৰা কোৱাইণ্টাইন চেণ্টাৰসমূহত কিদৰে খোৱা-বোৱা, ঔষধ-পাতি, চোৱা-চিতাকে ধৰি সকলো ক্ষেত্ৰত পৰ্যবেক্ষণ কৰিব লাগিব তাৰ ওপৰত আলোচনা কৰা হয়। লগতে এই সকলো কামকাজ নিয়াৰিকে সম্পন্ন কৰিবলৈ স্থানীয়ভাৱে প্ৰতিটো ৱাৰ্ডতে জিলা প্ৰশাসনৰ সহযোগত একোখনকৈ সমিতি গঠন কৰাৰ দিহা কৰে আৰু সামাজিক দায়িত্ব পালন কৰি সকলোকে ক’ৰোণা প্ৰতিৰোধত সহায় কৰিবলৈ আহ্বান জনাই মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।

মাশ্বৰুম উৎপাদনৰে নলবাৰীৰ ডলী ৰাণী দাসে পোহপাল দিছে নিজ পৰিয়ালৰ লগতে তিনিটাকৈ পৰিয়াল

মাশ্বৰুম উৎপাদনৰে নলবাৰীৰ ডলী ৰাণী দাসে পোহপাল দিছে নিজ পৰিয়ালৰ লগতে তিনিটাকৈ পৰিয়াল

নলবাৰী

দেশত আজি সবাতোকৈ চৰ্চা হৈ কথাটো হ’ল ক্ষুদ্ৰ উদ্যোগ আৰু স্বাৱলম্বিতা৷ তেনেকুৱা ক্ষুদ্ৰ উদ্যোগ আৰু স্বাৱলম্বিতা হোৱা অলেখ মানুহ আছে যদিও তাৰে মাজত নলবাৰীৰ ডলীৰানী দাস হালৈৰ মাশ্বৰুম ফাৰ্ম আৰু ফুড প্ৰচেচিং চেণ্টাৰ সকলোৰে বাবে আলোচ্যৰ বিষয় হৈ পৰিছে ৷ ২০১৪ চনৰ পৰা নলবাৰীৰ বানেকুছিস্থিত এই ফাৰ্মখনে মাশ্বৰুম উৎপাদনৰ লগতে মাশ্বৰুমৰ পৰা মাশ্বৰূম বিস্কুট, ব্লেক ৰাইছ, মাশ্বৰূম কেক, ভুজিয়া, দৈ, পনীৰকে ধৰি সৰ্বমুঠ ১৬ বিধ বস্তু তৈয়াৰ কৰি নিজ গৃহ জিলা নলবাৰীৰ লগতে দাতিকাষৰীয়া জিলা বৰপেটা, কামৰূপ, মঙলদৈত পঠোৱাৰ উপৰি বহিঃৰাজ্য পশ্চিম বংগলৈ পঠিয়াবলৈ সক্ষম হৈছে৷ এই মাশ্বৰুমৰ ফাৰ্মখন ডলীৰানী দাসৰ স্বামীৰ লগতে কলেজত পঢ়িথকা পুত্ৰ অৰিন্দম হালৈও ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ উপৰি ৩-৪ কৰ্মচাৰীৰ লগত লৈ আগুৱাই গৈছে৷ এটা ক্ষুদ্ৰ উদ্যোগৰ বাবে যিখিনি চৰকাৰী পঞ্জীভুক্ত হ’ব লাগে সেইখিনি সম্পূৰ্ণকৈ কৰিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো আঁচনিয়েই ঢুকি পোৱা নাই বুলি উল্লেখ কৰে ডলীৰানী দাস হালৈয়ে৷ হয়তো চৰকাৰী আঁচনি পালে এই থলুৱা উদ্যোগটো আৰু অধিক প্ৰসাৰিত হ’ব পাৰিলে হয়৷ ইয়াৰ উপৰি এই মাশ্বৰুমৰ ফাৰ্মখনত মাশ্বৰুম উদ্যোগৰ প্ৰশিক্ষণ দুদিনীয়াকৈ দিয়াৰ লগতে মঙলদৈ, বঙাইগাঁও আদি বিভিন্ন জিলাত প্ৰশিক্ষণৰ বাবে নিমন্ত্ৰণ আহিলে প্ৰশিক্ষণ দিবলৈ যোৱাৰ কথাও সদৰি কৰে৷ দেশত ক’ৰোনা মহামাৰীয়ে বিধস্ত কৰা অৰ্থনৈতিক ক্ষেত্ৰখনত এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহ  জীয়াই ৰখাৰ বাবে যথেষ্ট প্ৰয়োজনীয়তা আছে৷ 

দৰং আৰক্ষীৰ মহানুভৱতা : দিব্যাংগ শিল্পীক সাহায্য প্ৰদান

ছিপাঝাৰ

মঙলদৈ ভেৱাৰঘাট বাছ আস্থানত গাড়ীৰ পৰা উঠা নমা কৰা যাত্ৰীসকলৰ বাবে অন্ধ শিল্পী নিধন কলিতাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। কেতিয়াবা যদি তেওঁ বাছত গান গাই ফুৰিছে আন কেতিয়াবা আকৌ বাছষ্টেণ্ডত বহি লোকগীত জুৰিছে। সুন্দৰ কণ্ঠৰ অধিকাৰী কলিতাই ইতিমধ্যে বৈদুতিন মাধ্যমৰ জৰিয়তেও গীত পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছে। এনেকৈয়ে দুই সন্তান আৰু ঘৈণীয়েকক লৈ এখন সুখৰ সংসাৰ তেওঁৰ৷ জানিব পৰা মতে বৰপেটা জিলাৰ কোনোবা এখন গাঁৱৰ পৰা সৰুতে মাতৃহাৰা হৈ দৰঙলৈ আহিছিল তেওঁ। ইয়াতেই আৰম্ভ হৈছিল জীয়াই থকাৰ সংগ্ৰাম৷ কিছু বছৰ আগতে সেই সময়ৰ দৰং জিলাৰ উপায়ুক্ত ধ্ৰুৱ হাজৰিকা আৰু পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া, বতৰ্মান দৰঙৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ তৎপৰতাত ছিপাঝাৰ সমষ্টিৰ দেওমৰনৈ কুমাৰপাৰাত তেওঁ আঢ়ৈ কঠা মাটি লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তাতেই তেওঁৰ এটি সৰু জুপুৰীৰ লগত আধাবন্ধা এটি চৰকাৰী ঘৰ। ল’ক ডাউনৰ বাবে কতো ওলাই যাব নোৱাৰি পৰিয়ালটো চলাবলৈ তেওঁ বৰ বিপদত পৰিছিল৷ দুই এজন হৃদয়বান লোকৰ উপৰি একাধিক সংবাদ প্ৰতিষ্ঠানৰ পৰা কিছু খাদ্যসামগ্ৰী লাভ কৰিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল। এই কথা জানিব পাৰি দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকা আৰু উপ পৰিদৰ্শক কৃষ্ণকান্ত লস্কৰৰ জৰিয়তে প্ৰায় এমাহৰ বাবে তাৎক্ষণিকভাৱে কিছু খাদ্য সামগ্ৰীৰ যোগান ধৰে। আনহাতে অনাগত দিনত তেওঁলোকৰ ওচৰত দৰং আৰক্ষী যিকোনো মুহূৰ্তত থকাৰ আশ্বাস দিয়ে।দৰং আৰক্ষীৰ এই প্ৰচেষ্টাক জনতাই সাধুবাদ দিয়া পৰিলক্ষিত হৈছে।

সাংবাদিক মোজাহিদুল হকৰ বিয়োগত সাংবাদিক পৰিষদ, অসমৰ শোক

সাংবাদিক মোজাহিদুল হকৰ অকাল আৰু আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিয়ে।

গুৱাহাটী

জ্যেষ্ঠ সাংবাদিক তথা কেইবাদশক ধৰি গুৱাহাটীত কৰ্মৰত মোজাহিদুল হকৰ মাত্ৰ ৫২ বছৰ বয়সতে অকাল আৰু আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিয়ে। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। এক প্ৰেছ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰকুমাৰ বৰুৱা, সাধাৰণ সম্পাদক ৰবিন দাস,উপদেষ্টা চন্দ্ৰকুমাৰ শইকীয়া, মণ্টু শইকীয়া, উপসভাপতি ভবতোষ ডেকা, বনদ্বীপ গোস্বামী, কাৰ্যকৰী সভাপতি যোগেশ মজুমদাৰ তথা সকলো কৰ্মকৰ্তাই জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। লগতে কয় যে গুৱাহাটীত ‘সান্ধ্য বাতৰি’ৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা মোজাহিদুল হকে পিছৰ কালত ‘নতুন দৈনিক’ আৰু আৰম্ভনিৰ পৰাই ডেৰদশক ধৰি ‘অসমীয়া খবৰ’ কাকতৰ সৈতে জড়িত আছিল।’অসমীয়া খবৰ’ কাকতত কাৰ্যবাহী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সাংবাদিকতাৰ মাজে মাজে হাস্য-বংগ্য লিখনিও সৃষ্টি কৰি গৈছিল। ধুবুৰীৰ পৰা আহি গুৱাহাটীৰ কাহিলীপাৰাৰ সাংবাদিক কলনীৰ স্থায়ী বাসিন্দা হৈ পৰা সাংবাদিক মোজাহিদুলে মৃত্যুৰ সময়ত পত্নী-পুত্ৰ, আত্মীয়-স্বজন আৰু সহকৰ্মী সতীৰ্থক এৰি থৈ যায়। ইফালে সাংবাদিক পৰিষদে নিছেই কম সময়ৰ ব্যৱধানত মৃত্যুবৰণ কৰা সাংবাদিক ক্ৰমে গুৱাহাটীৰ মোজাহিদুল হক আৰু পদ্মেশ্বৰ চিত্ৰকৰ, যোৰহাটৰ প্ৰাঞ্জল হাজৰিকা আৰু গহপুৰৰ সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ পৰিয়াল তথা নিকটাত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

নাজিৰা মহকুমাত থকা যোগ্যতাবিহীন পৰিয়ালক ৰেচনকাৰ্ড সমৰ্পণ কৰিবলৈ মহকুমা প্ৰশাসনৰ নিৰ্দেশ

নাজিৰা

নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত বহুতো যোগ্যতাবিহীন পৰিয়ালে “ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন” ২০১৩ অধীনত ৰেচন কাৰ্ড আৰু চাউল উপভোগ কৰি আছে বুলি মহকুমা সদৰী কৰিছে।  মহকুমাটোৰ চৰকাৰী চাকৰিয়াল, পেঞ্চন পৰিয়াল (যাৰ মাহেকীয়া পেঞ্চন ৮৩৩৩/- টকাৰ অধিক), বাৰ্ষিক আয় ১,০০,০০০ টকাৰ ওপৰৰ বেচৰকাৰী চাকৰিয়াল,  স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহনৰ অধিকাৰী পৰিয়াল আৰু যি সকলৰ এই চাউলৰ প্ৰয়োজন নাই, তেনে পৰিয়ালসমূহক অহা ১৫/০৬/২০২০ তাৰিখৰ ভিতৰত নাজিৰা মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্য্যালয়ত তেওঁলোকৰ ৰেচন কাৰ্ড সমূহ আবেদনসহ সমৰ্পণ কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছে। নাজিৰা মহকুমা দণ্ডাধীশ তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে জাৰি কৰা এই নিৰ্দেশটোত লগতে প্ৰকাশ কৰিছে যে প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত ওপৰত উল্লেখিত ধৰণৰ কোনো পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা প্ৰমাণিত হ’লে প্ৰচলিত আইনৰ অধীনত তেনে পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নাজিৰা মহকুমা প্ৰশাসন বাধ্য হ’ব বুলি নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা এক বিজ্ঞপ্তি যোগে জনাইছে৷

আটাকাটা কাণ্ডৰ নতুন মুৰ : নিশা দুৰ্বৃত্তই জ্বলাই দিলে ঘৰবাৰী, থানাত এজাহাৰ

দৰঙৰ কেইবাজনীয় দল এটাই জুই লগাই ছাৰখাৰ কৰি দিলে এটি পৰিয়ালৰ ঘৰ।

খাৰুপেটীয়া

 মহামাৰী ৰূপ ধাৰণ কৰা ক’ভিড-১৯ৰ ফলত  হাহাকাৰৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে। স্তদ্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। পিছ পৰি যোৱা নাই অসমো। মহামাৰী ক’ৰোণা ভাইৰাছৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি তাকেই লৈ চিন্তিত হৈ পৰিছে সকলোৱে। কিন্তু সেইফালে কোনো গুৰুত্ব নিদি এচাম দুষ্ট চক্ৰই সমাজখনক কুলখীত কৰাৰ বাবে এটাৰ পিছত এটাকৈ মানৱ ৰূপী দানৱৰ ঘটনা সংঘটিত কৰি আহিছে৷ দৰঙৰ ধুলাত এটাৰ পাছত এটাকৈ সংঘটিত হৈ আহিছে চাঞ্চল্যকৰ ঘটনা। আতঙ্কিত হৈ পৰিছে গাঁওবাসী। মঙলবাৰে নিশা কেইবাজনীয় দল এটাই  জুই লগাই ছাৰখাৰ কৰি দিলে এটি পৰিয়ালৰ ঘৰ। অভিযোগ অনুসৰি জিলাখনৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আটাকাটা গাওঁত নিশা প্ৰায় ১১:৩০ বজাত আলেছা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত দুৰ্বৃত্তৰ দল এটাই অগ্নি সংযোগ কৰে৷ নিমিষতে চাৰখাৰ হয় ঘৰখনৰ সম্পূৰ্ণ আচবাবৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ। উক্ত ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ধূলা আৰক্ষী  থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা মতে এসপ্তাহ  আগতে ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি আটাকাটা গাঁৱৰ  দুই ফৈদৰ মাজত দিন দুপুৰতে সংঘটিত হৈছিল ভয়ংকৰ সংঘাত। যাৰ ফলত আবু শ্বাহা পৰিয়ালৰ গুৰুতৰভাৱে আহত হোৱা কেইবাজনো ব্যক্তি এতিয়াও চিকিৎসাধীন হৈ আছে মঙলদৈ অসামৰিক চিকিৎসালয়ত। সেই অভিযোগৰ ভিত্তিত ধুলা আৰক্ষীয়ে সাতজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে এসপ্তাহ আগতে৷ ঘৰুৱা কাজিয়াৰ পৰিণতিত এটা পৰিয়ালৰ পুৰুষসকল থাকিল মঙলদৈ চিকিৎসালয়ত,আনহাতে সেই কাজিয়াত অভিযুক্ত হৈ আন এটা পৰিয়ালৰ পুৰুষ সকল গ’ল জেল হাজোতলৈ। তথাপিও সমাপ্ত নহ’ল দুই পৰিয়ালৰ মাজত সৃষ্টি হোৱা কাজিয়া? সেই কাজিয়াই চৰম সীমা অতিক্ৰম কৰিলে মঙলবাৰে নিশা। ২নং আটাকাটা গাওঁৰ হাবেজ আলীসহ সাতজনকৈ ব্যক্তি কাৰাগাৰৰ ভিতৰত আবদ্ধ হৈ থকাত মহিলাসকলে ভয়ত আতঙ্কিত হৈ ঘৰৰ পৰা আঁতৰি থকাৰ সুযোগত দুৰ্বৃত্তৰ দল এটাই আলেছা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত অগ্নি সংযোগ কৰে। নিশা সকলোৱে টুপনিত লালকাল হৈ থকাৰ বাবে পুৰি ছাৰখাৰ হয় ঘৰখন। ঘৰত থকা বিভিন্ন সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ। দুৰ্বৃত্তৰ দলটোৱে কেৱল  ঘৰ জ্বলাই দি শান্ত নাথাকি আলেছা বেগমৰ ভন্টীক প্ৰাণে মাৰিবলৈও ঘৰৰ বেৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ ধৰে। মহিলাগৰাকীৰ চিঞৰ বাখৰত ৰাইজ ওলাই অহাত পলাই পত্ৰং দিয়ে দুৰ্বৃত্তৰ দলটোৱে। ঘৰ জ্বলাই দিয়াৰ অভিযোগত ২নং আটাকাটা গাঁৱৰ তোৰাপ আলী, ৰূপচান আলী, হাবিবুৰ ৰহমান, হাবিবুল্লাহ, আশ্ৰাফুল হক, ইন্তাজ আলী, আজগৰ আলী, মজিবুৰ ৰহমান আদি ব্যক্তিসকলৰ বিৰূদ্ধে ধুলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে। উক্ত ঘটনা সংক্ৰান্তত ধুলা আৰক্ষীয়ে  অব্যাহত ৰাখিছে তদন্ত৷

বাতিল হ’ব টকিঅ’ অলিম্পিক !

বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাৰণ অলিম্পিক আয়োজন কৰাৰ সৌভাগ্য হেৰুৱাব নেকি টকিঅ’ই? জাপান চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (আই অ’ চি)ৰ অধ্যক্ষই সেই ইংগিতেই দিছে৷ বিশ্ব মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে ইতিপূৰ্বে গোলকীয় ক্ৰীড়া মহোৎসৱ অলিম্পিক এবছৰলৈ স্থগিত কৰা হয়৷ মাৰ্চত জাপানৰ চৰকাৰ আৰু আই অ’ চিয়ে আলোচনামৰ্মে এই সিদ্ধান্ত লৈছিল৷ সেই অনুযায়ী চলিত বৰ্ষৰে জুলাইত হ’বলগীয়া অলিম্পিক ২০২১ৰ জুলাইলৈ স্থগিত কৰা হয়৷ কিন্তু অহা বছৰো যদি নিয়ন্ত্ৰণহীন ক’ৰোনাৰ বাবে অলিম্পিক অনুষ্ঠিত কৰিব পৰা নাযায়, তেনেহ’লে সম্পূৰ্ণৰূপে বাতিল কৰিব টকিঅ’ অলিম্পিক৷ সমগ্ৰ বিশ্বতে প্ৰতিদিনে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংহাৰ বৃদ্ধি পাইছে৷ এই ভাইৰাছৰ ভয়াৱহতা হ্ৰাস নাপালে টকিঅ’ত মাল্টি স্প’ৰ্টছ গোলকীয় প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব নিদিয়ে জাপান চৰকাৰে৷ অলপতে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবে স্পষ্টকৈ কয়৷ আই অ’ চিৰ অধ্যক্ষ বাখেও সামগ্ৰিক পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি জাপান চৰকাৰৰ সিদ্ধান্তত সন্মতি দিছে৷ সেয়ে পৰিস্থিতি নিয়ন্ত্ৰিত নহ’লে পুনৰ অলিম্পিক আয়োজনৰ গৌৰবৰ পৰা বঞ্চিত হ’ব টকিঅ’৷ জাপানত ১৭ হেজাৰৰো অধিক আক্ৰান্ত হৈছে কৰোনাত৷ এই ভাইৰাছে দেশখনত ৭৯৭ জনৰ প্ৰাণ কাঢ়ি নিছে ৷

ঠিকাদাৰৰ হেমাহিৰ বাবে পৰিত্যক্ত হৈ পৰিছে কালাতলী-নতুন কাঠমি গড়কাপ্তানী পথ

ঠিকাদাৰৰ হেমাহিৰ বাবে পৰিত্যক্ত হৈ পৰিছে কালাতলী-নতুন কাঠমি গড়কাপ্তানী পথ

সোণতলী

চৰকাৰে গড়কাপ্তানী বিভাগৰ কামত কোটি কোটি টকা খৰচ কৰে যদিও এই কামত জড়িত একাংশ ঠিকাদাৰৰ দায়িত্বহীনতাৰ বাবে বছৰৰ পিছত বছৰ ধৰি যমৰ যাতনা ভূগি থাকিব লগীয়া হয়৷ ঠিকাদাৰৰ শামুকীয়া বিভাগে কামৰ দায়িত্ব অৰ্পণ কৰিলে ঠিকাদাৰ তাপস কুমাৰ ৰায় চৌধুৰীক৷ ঠিকাদাৰে কাম আৰম্ভও কৰিলে৷ কাম আৰম্ভ কৰিলে ঠিকেই কিন্তু কাম সম্পূৰ্ণ কৰাৰ ডেড লাইন হৈ গল অতিক্ৰম৷ ফলত ৰাইজে ভূগিছে যমৰ যাতনা৷ উল্লেখ্য যে   কামৰূপ জিলাৰ বকো সমষ্টিৰ কালাতলী বজাৰৰ পৰা নতুন কাঠমীলৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তাৰ কাম লাভ কৰে ঠিকাদাৰ তাপস কুমাৰ ৰায় চৌধুৰীয়ে৷ ৰাস্তাৰ নিৰ্মাণৰ কাম ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিলে ঠিকেই, কিন্তু ঠিকাদাৰৰ কামৰ প্ৰতি থকা অনিহা আৰু দায়িত্বহীনতাৰ বাবে কাম সম্পূৰ্ণ হোৱা দিন য়োৱা ২৪ ফেব্ৰুৱাৰীত ম্যাদ উকলি গৈছে যদিও বৰ্তমানলৈ প্ৰথম পৰ্যায়ৰ কাম শেষ কৰিব পৰা নাই৷ ৰাজ্যত লকডাউন চলি থকাৰ অজুহাতত ঠিকাদাৰে কাম বন্ধ কৰা বুলি উল্লেখ কৰিলেও ৰাইজে লকডাউনৰ পূৰ্বৰ পৰাই কাম বন্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে৷ ৰাজহুৱা স্বাৰ্থক গুৰুত্ব দি এই পথৰ কাম অনতি পলমে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে৷

টীয়কত ছোৱাইন ফিভাৰ প্ৰতিৰোধৰ বাবে এম এ চিৰ উদ্যোগত গাহৰি গড়ালত ছেনিটাইজেচনৰ ব্যৱস্থা

টীয়ক

বিশ্ব আজি ক’ৰোনাৰ গ্ৰাসত কোঙা দেশে দেশত গৃহবন্দী প্ৰজা৷ অসমো তাৰ ব্যতিক্ৰম নহয়৷ ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ৷ এই মহামাৰীৰ মাজতে ৰাজ্যত অন্য এক বিভীষিকা হৈ আবিৰ্ভাৱ হৈছে গাহৰিৰ দেহত মাৰত্মক আফ্ৰিকান ছোৱাইন ফিভাৰ৷ এই ভাইৰাছে গাহৰি পালকসকলৰ জীৱনলৈ অমানিশা নমাই আনিছে। ইতিমধ্যে পশু পালন বিভাগে কেইবাখনো জিলাত হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হোৱাত সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাহৰিৰ কিনা-বেচা, গাহৰি মাংস বিক্ৰী বন্ধ কৰি দিছে৷ গাহৰিৰ এই অস্বাভাৱিক মৃত্যু ৰোধ কৰিবৰ বাবে বিভাগৰ উপৰি বিভিন্ন স্থানত বেচৰকাৰী সংস্থাসমূহে গাহৰিৰ গড়ালকে ধৰি গাহৰিৰ বিচৰণ ঠাই সমূহত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে। টীয়কৰ জাঁজীমুখ অঞ্চল, যোৰহাটৰ বাঁহফলা অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত যোৰহাট জিলাৰ পশুপালন বিভাগৰ সহযোগত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে। যুৱ নেতা হৰেন ৰিচঙৰ বিশেষ তৎপৰতাত গ্ৰহণ কৰা এই কাৰ্যসূচীত পশু চিকিৎসক ডাঃ প্ৰবীন কুমাৰ নেওগকে ধৰি পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাগৰাকী ক্ষেত্ৰ সহায়কে সহযোগিতা আগবঢ়ায়। গাহৰি পালন যিহেতু মিচিং জনগোষ্ঠীৰ পৰম্পৰা, সেয়ে এই সংগঠনটোৱে তেওঁলোকৰ অধীনস্থ প্ৰায়বোৰ অঞ্চলতে গাঁৱৰ তথা মে এ চিৰ সদস্যৰ সহায়ত ঘৰে ঘৰে গৈ গাহৰি গড়ালসমূহ পৰিস্কাৰ কৰাৰ লগতে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।