Home Blog Page 3370

নকচু খানৰ হত্যাকাণ্ডত জড়িত দুজনক জে’ললৈ প্ৰেৰণ

ধনশিৰি

লকডাউনৰ মাজতে যোৱা ১১ মেত সৰুপথাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ মূখ্য পথৰ কাষতে  চাৰি পাচ জনীয়া  দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান(৩১) নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে নকচু খানৰ ভাতৃ আককবৰ খান (২৮) গুৰুতৰভাৱে আহত হৈছিল৷ নকচু খানৰ পত্নী চৱনম খানে সৰুপথাৰ থানাত এক গোচৰ দিয়ে৷ আৰক্ষীয়ে চবনম খানৰ গোচৰৰ ভিত্তিত  হত্যাকাণ্ডত জড়িত থকা চঞ্জু আলী আৰু ইমৰান হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে   ৬০/২০২০ নম্বৰত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত ৩২৬/৩০৭/৩৪ নং গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷অন্যহাতে মৃত নকচু খানৰ জ্যেষ্ঠ ভাতৃ আচোম খানেও নকচু খানক হত্যা কৰা  আৰু আকবৰ খানক হত্যাৰ চেষ্টা চলোৱাৰ বাবে   সৰুপথাৰ থানাত সঞ্জু আলী, ৰৌজ আলী, ৰিয়াজ আলী, চিৰাজ আলী আৰু দুজন অচিনাক্ত লোকৰ বিৰুদ্ধে এক গোচৰ দিয়ে৷ আৰক্ষীয়েও  হত্যাকাণ্ডটোত জড়িত থকা ৰৌজ আলী, চিৰাজ আলী, ৰিয়াজ আলী, চঞ্জু আলীৰ  বিৰুদ্ধে আৰু  আন দুজন অচিনাক্ত দূৰ্বিত্তৰ বিৰুদ্ধে  গোচৰ নং ৬১/২০২০/ ইউ এছ  ৩২৬/৩০৭/৩০২ নং ভাৰতীয় দণ্ডাবীধি আইনৰ অধিনত আন এক গোচৰ ৰুজু কৰি হত্যাকাৰী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লাগিছে৷দূৰ্বৃত্তৰ দলটোৰ আক্ৰমণত নিহত হোৱা নকচু খানৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰি নিজ গৃহলৈ অনা হয় লগতে নকচু ভাতৃ আকবৰ খানকো গোলাঘাট কুশল কোৱঁৰ অসামৰিক চিকিৎসালত চিকিৎসকে চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰ৷ সৰুপথাৰ নগৰৰ মাজমজিয়াতে দিনদুপৰতে হত্যাকাণ্ড সংঘটিত হোৱা এই নাৰকীয় ঘটনাক আমছুৰ গোলাঘাট জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে এই হত্যাকাণ্ডত জড়িত সকলো লোককে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷

কলিয়াবৰত তিনিটা ঢোৰা কাউৰীৰ পোৱালী উদ্ধাৰ কৰিলে লেখনাথে : প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে দায়িত্ব ল’লে লালান পালনৰ

কলিয়াবৰত তিনিটা ঢোৰা কাউৰীৰ পোৱালী উদ্ধাৰ কৰিলে লেখনাথে

কলিয়াবৰ

কলিয়াবৰত উদ্ধাৰ কৰা হৈছে তিনিটি ঢোঁৰা কাউৰী পোৱালী। প্ৰাতঃ ভ্ৰমণৰ সময়তে লেখনাথ শৰ্মা নামৰ শিক্ষক এগৰাকীয়ে জখলাবন্ধা চেকনীত উদ্ধাৰ কৰে বিলুপ্তিৰ পথলৈ গতি কৰা এই প্ৰজাতিৰ চৰাইৰ তিনিটা পোৱালী। পেছাত শিক্ষক যদিও সামাজিক প্ৰকৃতিৰ সজাগতামূলক কাৰ্য‍ত সদা আগৰণুৱা লেখনাথে পোৱালীকেইটা উদ্ধাৰ কৰি খবৰ দিয়ে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী মনোজ গগৈক। খবৰ পায়েই লেখনাথৰ জখলাবন্ধা ৰাঙলুস্থিত গৃহত উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে পোৱালি কেইটি চমজি লয়। নিজৰ বন্যপ্ৰাণী লালন পালন কেন্দ্ৰত ডাঙৰ দীঘল কৰি মুক্ত বিচৰণৰ বাবে এৰি দিব মনোজ গগৈয়ে। দেখাত তেনেই সাধাৰণ ঘটনা যেন লাগিলেও প্ৰকৃতিপ্ৰেমী মনোজ গগৈৰ মতে, ঢোঁৰা কাউৰীৰ বংশ বৃদ্ধি এক উৎসাহজন বতৰা।

এগৰাকী সঙ্গীত শিল্পীৰ ৰাইজৰ প্ৰতি আহ্বান

ভূপেনদা ছিজন ৫ৰ ফাইনেলিষ্ট ৰঞ্জনা ডেকাক এতিয়া মাথোঁ প্ৰয়োজন আপোনালোকৰ বহুমূলীয়া ভোটৰ

দেওপানী

এটি মধ্যবিত্ত পৰিয়ালৰ পৰা বহু সংগ্ৰাম আৰু কষ্টৰে সংগীতৰ এক কঠিন জীৱন যাত্ৰা এগৰাকী শিল্পীৰ, মুখত এটি মৰমলগা হাঁহি…কণ্ঠত তেওঁৰ মা সৰস্বতীৰ আশীষ… বৰপথাৰৰ বহু কেইখন বিদ্যালয়ৰ প্ৰাক্তন সঙ্গীত শিক্ষয়িত্ৰী আছিল৷ তেওঁৰ আমাৰ, আপোনালোকৰ সকলোৰে মৰমৰ ৰঞ্জনা ডেকা ৷ বোকাজান মহকুমাৰ শিলনীজানৰ নিৰ্বাসী দিলীপ ডেকা আৰু পুতলী ডেকাৰ প্ৰথমা কন্যা৷ সাংস্কৃতিক নগৰী যোৰহাটৰ বোৱাৰী৷ ইতিমধ্যে প্ৰাগ নিউজে আয়োজন কৰা আমাৰ ভূপেনদা ছিজন ৫ৰ ফাইনেলিষ্ট ৰঞ্জনা ডেকাক এতিয়া মাথোঁ প্ৰয়োজন আপোনালোকৰ বহুমূলীয়া ভোটৰ৷ মনত এটা দুৰ্বাৰ হেপাঁহ আৰু আশা তেওঁৰ৷ ঈশান নিউজৰ জৰিয়তে ৰঞ্জনাই এতিয়া তেওঁৰ বাবে অকণমান মৰম বিছাৰিছে ৰাইজৰ৷ ৰঞ্জনাক ভোট দিবলৈ Type কৰক ABD 5RA আৰু এছএমএছ কৰক ৮৪৮৬১৮৩৩৭৮ নম্বৰলৈ৷

নৱ নিৰ্বাচিত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয়ছিং টকবিক কাৰ্বি আংলং জিলা আপকুৰ আদৰণি

দেওপানী

 শতবৰ্ষ অতিক্ৰম কৰা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰা বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিঙ টকবিক ডিফুস্হিত আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা আদৰণি জনায়৷ দেশত চলিথকা মহামাৰী কভিড-১৯ৰ আইন অনুসৰি উপসভাপতি ৰবীন বৰুৱা, কেন্দ্ৰীয় সদস্য ছামছিং ক্ৰ আৰু এগৰাকী সদস্যৰে গঠিত সজাতি দলে আঞ্চলিক সম্পাদক জয়ছিং টকবিক আদৰণি জনায়৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত আঞ্চলিক সম্পাদক গৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে এগৰাকী বিশিষ্ট সাংবাদিক আৰু সাহিত্যিকক অসম সাহিত্য সভাই আঞ্চলিক সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত মনোনীত কৰাৰ বাবে আপকু কাৰ্বি আংলং জিলা সমিতিয়ে অসমৰ সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷

ক’ৰোণা সংক্ৰমণৰ উৰাবাতৰিয়ে মানসিকভাৱে হাৰাশাস্তি কৰিছে টীয়কৰ এটা পৰিয়ালক

টীয়ক

টীয়কত এতিয়া এটা ফেচবুকৰ পোষ্টে সচেতন সমাজত তুলপাৰ লগাইছে৷ এগৰাকী মহিলাৰ ফেচবুকত কাতৰ আহ্বান প্ৰশাসনলৈ “আমাক শীঘ্ৰে মেডিকেল টেষ্ট কৰক আৰু আভিযোগৰ পৰা পৰিত্ৰাণ কৰক “৷ ঘটনাটো টীয়কৰ, এই বিশেষ মহিলা গৰাকীৰ লগতে তেওঁৰ স্বামীৰ বিৰুদ্ধে তেওঁলোক  কভিড-১৯ত আক্ৰান্ত হোৱা, ত্ৰিপুৰাৰ পৰা পলাই আহিছে আদি কেতবোৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ ঘটনাই পৰিয়ালটোৰ প্ৰতি একাংশ লোকে পোষণ কৰা ব্যৱহাৰত ব্যৰ্থিত হৈ মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ যোগেদি এই সমগ্র ঘটনা বৰ্ণনা কৰি প্ৰশাসনৰ হস্তক্ষেপ বিচৰাৰ লগতে স্বাস্থ্য বিভাগক ক’ৰোণা সম্বন্ধীয় পৰীক্ষা কৰিবৰ বাবে আহ্বান জনাইছিল৷ ইয়াৰ পাছতে স্বাস্থ্য বিভাগৰ এটা দল আহি  তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰে স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কোনো লক্ষণ তেওঁলোকৰ দেহত ধৰা নপৰিল। উল্লেখযোগ্য যে কৰ্মসূত্ৰে গুৱাহাটীত থকা ইঙ্কু দত্ত আৰু তেওঁৰ পত্নী প্ৰিঞ্চী প্ৰিয়া কাশ্যপে যোৱা ২৯ এপ্ৰিলত গুৱাহাটীৰ পৰা চৰকাৰী নীতি নিৰ্দেশনা মানি তথা স্বাস্থ্য পৰীক্ষা কৰোৱাই অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছেৰে টীয়ক জগদুৱাৰ অঞ্চলৰ নিজ ঘৰলৈ আহিছিল৷ ইয়াৰ পাছতে এক চক্ৰই তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ লগতে ইঙ্কুৰ পিতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনো একাংশ লোকে ভাঙি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল বুলি ফেচবুক প’ষ্টটো উল্লেখ। এটা উৰাবাতৰিয়ে মানসিকভাৱে দুৰ্বল কৰি পেলোৱা পৰিয়ালটোৱে সকলোকে এই উৰাবাতৰিত ভোল নগৈ ক’ৰোণাৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনাইছে।

প্ৰকৃত উদ্যোগী, কৰ্মীক লকডাউনে প্ৰভাম্বিত কৰিব পৰা নাই : ড° পিতাম্বৰ দেৱ গোস্বামী

টীয়ক

অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পাব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে। টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ ভূমিখণ্ডত সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ আহ্বানত টীয়কৰে হাঁহচৰা অঞ্চলৰ উদ্যোগী যুৱক ভাস্কৰ হাজৰিকাই প্ৰায় ১০ বিঘা ভূমিত পাঁচ হাজাৰ জোপা ভোঁট জলকীয়া, তিনিশ জোপা নেমুটেঙাকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যি সময়ত অসমৰ বিভিন্ন অঞ্চলৰ যুৱক-যুৱতী কৰ্ম সংস্থাপন বাবে বহিঃৰাজ্যলৈ গৈছে তেনে সময়তে সত্ৰধিকাৰগৰাকীয়ে স্থানীয় যুৱকৰ সহযোগিতাত কৃষি কৰ্ম কৰি তেওঁলোকক স্বাৱলম্বিতাৰ পথ সুগম কৰাৰ পৰিলক্ষিত হৈছে। অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক-যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পোৱাৰ লগতে প্ৰকৃত কৰ্মী তথা উদ্যোগী হ’লে যিকোনো মহাসংকটতো ভাস্কৰ দৰে সকলোৱে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মন্তব্য কৰিছে সত্ৰাধিকাৰগৰাকীয়ে। লগতে বৰ্তমান সকলোৱে আদৰ্শ হৈ পৰা ভাস্কৰে সেয়ে সকলোকে বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে নগৈ বা কাৰো ওপৰত নিৰ্ভৰশীল নহৈ কৃষিকৰ্মতে নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে৷

চাহ বাগিচা কৰ্তৃপক্ষৰ হিটলাৰী নীতিৰ বিৰুদ্ধে সৰৱ আটছা স্বতন্ত্ৰ : দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীৰে জিলা উপায়ুক্তক স্মাৰকপত্ৰ

নাজিৰা

  লকডাউনৰ সময়ছোৱাত চৰকাৰে পত্ৰ নং এল ই ১৬/২০১৮/৪০৩৫-৯৮ তাৰিখ ২১ মাৰ্চ , ২০২০ যোগেদি অসমৰ সমগ্ৰ চাহ বাগিচা কৰ্তৃপক্ষক আদেশ জাৰি কৰে যে চাহ বাগিচাৰ স্থায়ী-অস্থায়ী, শ্ৰমিক, উপ-কৰ্মচাৰী আৰু কৰ্মচাৰীসকল শ্ৰম আইনৰ অধীনত লাভ কৰি অহা প্ৰাপ্যসমূহৰ লগতে সাহায্যৰ ধন আদায় দিব লাগে। কিন্তু বাগিচা কৰ্তৃপক্ষই চৰকাৰৰ এই নিৰ্দেশনাক আওকাণ কৰি হিটলাৰী নীতিৰে নিৰ্দয়ভাৱে দৰমহা, ৰেচন আৰু সাহায্য আদি কৰ্তন কৰি এনে এক মাৰাত্মক দূৰ্যোগৰ সময়ত প্ৰাপ্য সম্পূৰ্ণ আদায় দি শ্ৰমিক, কৰ্মচাৰীসকলক ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ মানসিকভাৱে শক্তিশালী কৰাৰ বিপৰীতে মানসিক ভাৱে দূৰ্বল কৰাহে দেখা পোৱা গৈছে। অসমত এই বৃহৎ চাহ শ্ৰমিক, কৰ্মচাৰীৰ প্ৰতি বাগিচা কৰ্তৃপক্ষ, বাগিচা মালিক গোষ্ঠী আৰু মালিকগোষ্ঠীৰ অভিভাৱক স্বৰূপ সংস্থাসমূহ ক্ৰমে এবিটা, টাই, নেটা, বি চি পি আৰু এ টি পিয়ে শ্ৰমিক, কৰ্মচাৰীসকলৰ প্ৰতি কিমান দায়বদ্ধ? উল্লেখযোগ্য যে ক’ৰোনা ভাইৰাছ বিশ্বৰ ইতিহাসত এটা ক’লি অধ্যায়, এই সময়ছোৱাত প্ৰাপ্য কৰ্তন কৰি এৰিয়া হিচাপে ভৱিষ্যতে দিয়াৰ যি প্ৰলোভন, ই অত্যন্ত দূৰ্ভাগ্যজনক আৰু সেই বিষয়া-মূৰব্বীসকলৰ বাবে লজ্জাজনক বুলি আটছা স্বতন্ত্ৰই সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তদুপৰি আটছাৰ শিৱসাগৰ জিলা ( স্বতন্ত্ৰ ) সমিতিয়ে সমগ্ৰ বিষয়টো দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ যোগেদি এনে বাগিচাৰ জ্যেষ্ঠ, মুখ্য আৰু প্ৰধান পৰিচালখসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শ্ৰমিক, উপ – কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ ন্যাৰ্য প্ৰাপ্য সমূহ বাগিচা কৰ্তৃপক্ষৰ পৰি মোকলাই দিয়াৰ দাবীত এখনি স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তক প্ৰদান কৰি বিষয়টোৰ প্ৰতিলিপি আকাৰে গৃহ সচিব, ভাৰত চৰকাৰ, যুটীয়া গৃহ সচিব, ভাৰত চৰকাৰৰ মুখ্য সচিব, অসম চৰকিৰকো অৱগত কৰিছে৷ এক বিবৃতি যোগে আটছা স্বতন্ত্ৰৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সুৰেশ তাতী আৰু সম্পাদক ঔম প্ৰকাশ চিকে জানিবলৈ দিয়ে৷

এশ শতাংশ নিযুক্তিৰ দাবীত সৰৱ বীৰ লাচিত সেনা : মহকুমা প্ৰশাসনক স্মাৰকপত্ৰ

নাজিৰা

 ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ বাহিৰত অথবা বিভিন্ন উদ্যোগ আদিত নিযুক্ত হৈ থকা হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতী ইতিমধ্যে স্বগৃহলৈ প্ৰত্যাৰ্গমন কৰিছে। এই সকল নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ দাবীত সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নাজিৰা মহকুমা সমিতি। সংগঠনটোৰ মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া আৰু সম্পাদক অনুপম সন্দিকৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীক সাক্ষাৎ কৰি অসমৰ এই নিবনুৱা যুৱক-যুৱতীসকলকলৈ এশ শতাংশ নিযুক্তিৰ দাবী জনাই অসম চৰকাৰলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে৷ সংগঠনটোয়ে স্থানীয় উদ্যোগ, অন্যান্য চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান আদিত এশ শতাংশ নিবনুৱাক নিযুক্তিৰ দাবী জনোৱাৰ লগতে ব্যৱসায়-বাণিজ্য, ব্যৱসায়ৰ বাবে বেংকৰ ঋণ দিয়াত অগ্ৰাধিকাৰ দিয়াৰ উপৰি নাজিৰাত খালী থকা দোকানসমূহ আৰু ভাৰাতীয়া বিপনীসমূহ নিবনুৱাসকলক আৱণ্টন দিবৰ বাবে বীৰ লাচিত সেনাই মহকুমা প্ৰশাসনক স্মাৰকপত্ৰৰ জৰিয়তে আহ্বান জনায়। এই ক্ষেত্ৰত থলুৱাসকলে যাতে প্ৰথমাধিকাৰ পায় তাৰ বাবে মহকুমাধিপতিগৰাকীৰ সহানুভূতিৰ বাবে অনুৰোধ জনায় সংগঠনটোয়ে। ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে বীৰ লাচিত সেনাৰ প্ৰতিনিধি দলটোক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

দৰঙৰ গৌৰী শংকৰ কলিতাই ৬০ দিন খোজকাঢ়ি দিল্লীত উপস্থিত হৈ গৃহ ভূমিলৈ যাত্ৰা

দৰঙৰ গৌৰী শংকৰ কলিতাই ৬০ দিন খোজকাঢ়ি দিল্লীত উপস্থিত হৈ গৃহ ভূমিলৈ যাত্ৰা

দৰং

 দৰঙৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক৷ নাম গৌৰী শংকৰ কলিতা৷ ছিপাঝাৰ সমষ্টিৰ ভেৰুৱাদল গাঁৱৰ গৌৰী শংকৰ কলিতাই জিলাখনত বহুদিনৰ পৰা ৰোপন কৰি আহিছিল বিভিন্ন প্ৰজাতিৰ গছপুলি৷ প্ৰকৃতিৰ স’তে সহবাস কৰা যুৱকজনে প্ৰকৃতি সুৰক্ষা, বিশ্ব ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ১জানুৱাৰীত ৰঙিয়াৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ খোজকাঢ়ি যাত্ৰা কৰিছিল সাহসী যুৱকজনে৷ পদযাত্ৰাৰ সময়ত যুৱকজনে বিভিন্ন জিলাৰ আৰক্ষী থানাত ৰোপন কৰিছিল এটাকৈ গছপুলি৷ দুমাহ পদযাত্ৰা কৰি  অৱশেষত ১ মাৰ্চত উপস্থিত হৈছিল দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন ৷ কিন্তু বিশ্বব্যাপী ক’ভিড-১৯ৰ বাবে দিল্লীৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত ৪৫ দিন আবদ্ধ হৈ থাকিল গৌৰী শংকৰ কলিতা৷ অৱশেষত চৰকাৰৰ অনুমোদন সাপেক্ষে ব্যক্তিগত খৰচত বাছেৰে স্ব-গৃহলৈ ৰাওনা হৈছে প্ৰকৃতিপ্ৰেমী যুৱকজন৷ যুৱকজনৰ লগত আছে অসমৰ ২২ জনীয়া এটি দল৷

শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, খাদী মাস্ক বিতৰণ ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ

শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, খাদী মাস্ক বিতৰণ ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ

শিৱসাগৰ

 ক’ভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এই মন্তব্য ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ। মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকসকলৰ মাজত মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ প্ৰদান কৰি উপাধ্যক্ষাগৰাকীয়ে আৰু কয়, সাংবাদিকসকলে এই দুৰ্যোগৰ সময়ত নিজৰ জীৱন আৰু পৰিয়ালৰ বিপৰ্যয়ৰ কথা নাভাবি প্ৰতি মুহূৰ্তৰ খবৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিছে। সেয়েহে তেওঁলোকৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁলোকক কিছু উৎসাহ দিবৰ বাবেই এই কাৰ্যসূচী হাতত লৈছ। মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিকৰ মাজত ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈয়ে আবকাৰী বিভাগৰ দ্বাৰা নিৰ্মিত হেণ্ড ছেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰে। এই কাৰ্যসূচীত জিলা মিডিয়া কোষৰ বিষয়ববীয়া সমীৰণ বৰদলৈয়ে সহযোগিতা আগবঢ়ায়। কাৰ্যসূচীত সমাজসেৱীকা ইপ্সিতা বৰুৱাও উপস্থিত থাকে। শিৱসাগৰ প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলৰ মাজত ছিনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰাৰ বাবে ক্লাবৰ সাধাৰণ সম্পাদক ইনামুল হাজৰিকা আৰু ই-মিডিয়া সন্থাৰ সভাপতি অতনু বৰাই ধন্যবাদ জ্ঞাপন কৰে।