Home Blog Page 3375

ধনেশ, তেলিয়া সাৰেঙৰ মুক্ত বিচৰণ জনাৰণ‍্যৰ আশে পাশে

পশু-পক্ষীৰ মুক্ত বিচৰণে প্ৰকৃতিপ্ৰেমীক কৰি তুলিছে আনন্দিত।

কলিয়াবৰ

 তলাবন্ধই যেন সোণতে সুৱগা চৰাইছে প্ৰকৃতিৰ। সংৰক্ষিত বনাঞ্চল অথবা অভয়াৰণ্যত বিচৰণ কৰা দূৰ্লভ ধনেশ পক্ষী, তেলিয়া সাৰেং এতিয়া নিৰাপদে আপোন পাহৰা হৈ কলিয়াবৰৰ আকাশত বিচৰণ কৰিছে। লকডাউনৰ দীঘলীয়া সময়ছোৱাত প্ৰকৃতি ন-ৰূপেৰে জিলিকি উঠিছে। পশু-পক্ষীৰ মুক্ত বিচৰণে প্ৰকৃতিপ্ৰেমীক কৰি তুলিছে আনন্দিত।

দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ ক্ৰীড়াবিদ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ : পৰিয়ালৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক

নাজিৰা

 দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ বিশিষ্ট ক্ৰীড়াবিদ শিৱসাগৰ জিলাৰ পাটসাঁকো অঞ্চলৰ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ হৈ উঠিছে। তদুপৰি তেওঁৰ সংস্পৰ্শলৈ অহা সহধৰ্মিনী, কন্যা আৰু ভতিজাককে ধৰি পৰিয়ালৰ কোনো এগৰাকী লোকৰ দেহতেই ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই। ক্ৰীড়াবিদগৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক বুলি সদৰী কৰা হৈছে৷ আনহাতে যোৱা এঘাৰটাকৈ  দিন ধৰি পুষ্প বৰুৱাক কোৱাৰেণ্টিনত ৰখা হৈছে যদিও তেওঁৰ স্থাস্থ্য ক্ৰমাৎ উন্নতি ঘটিছে আৰু তিনিটা দিনৰ পাছত তেওঁৰ তেজৰ নমুনা পুনৰ পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পত্নী আৰু কন্যাৰ লগত তেওঁ যোৱা ৩১ জানুৱাৰীতে দিল্লীলৈ গৈছিল। পাটসাঁকোৰ আখৈয়া গাঁৱৰ ব্যক্তিগৰাকীয়ে পত্নী আৰু কন্যাৰ লগত দক্ষিণ দিল্লীৰ গোবিন্দপুৰ অঞ্চলৰ এটা ভাৰা ঘৰত থাকি ইন্দ্ৰপ্ৰস্থ এপ’ল’ চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা কৰাইছিল। যোৱা ৪ ফেব্ৰুৱাৰীত অস্ত্ৰোপচাৰ কৰোৱাৰ পাছত তেওঁ পুনৰ উক্ত ভাৰাঘৰটোলৈ যায়। তাৰ পাছত এটা এটাকৈ তেওঁ এপল’ চিকিৎসালয়ত চাৰিটা কেম’ থেৰাপি লয়৷ ২৭ এপ্ৰিলৰ দিনা তেওঁ পঞ্চমটো কেম’ থেৰাপি লোৱাৰ বাবে পুনৰ চিকিৎসালয়খনত উপস্থিত হয়৷ কিন্তু চিকিৎসকে সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। তাৰ পাছতে তেওঁক দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ ১০৩ নং কোঠাত কোৱাৰেণ্টিন কৰা হয়। ইফালে তেওঁৰ পত্নী, কন্যা আৰু ভতিজাকৰ তেজ পৰীক্ষা কৰা হয় যদিও তেওঁলোকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই বুলি চিকিৎসকে স্পষ্ট কৰি দিছে। ক্ৰীড়াবিদ পুষ্প বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ বৰ্তমানলৈকে সুস্থ বুলি ব্যক্ত কৰিছে। অৱশ্যে ক’ৰোনা আক্ৰান্ত হোৱাৰ বাবে তেওঁ কেম’ থেৰাপি লোৱাৰ পৰা বঞ্চিত হৈ আছে। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ আছে যদিও কোনো ধৰণৰ সু চিকিৎসা আগবঢ়োৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে৷

অসমলৈ দলে-বলে আহিছে বহিৰাজ্যৰ পৰা

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

অসমলৈ ঘূৰিছে বাহিৰত আবদ্ধ লোকসকল।চৰকাৰৰ মধ্যস্থতাত ৰাজস্থানৰ কোটাৰ পৰা সোতৰখন বাছেৰে আহিছিল অভিভাবকসহ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী।ইয়াৰ পিছতে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰৰ অনুমতি লৈ উত্তৰপূবৰ ৰাজ্যৰ পৰা কেবাহাজাৰ লোক আহিল নিজ ঘৰলৈ।ইয়াৰ পিছতে আজমেৰ দৰগাহৰ পৰা এখন বাছত প্ৰশাসনৰ চকুত ধূলি দি অহা কৰনাক্ৰান্ত এজনৰ পৰা প্ৰায় দহজনলৈ বিয়পিল প্ৰাণঘাটি ভাইৰাছ।এইবাছখনৰ আগমনে ৰাজ্যবাসীক সচকিত কৰি তুলিছে।ইয়াৰ লগতে দক্ষিণৰ মুম্বাই,গুজৰাট,হাইদৰাবাদ আদিৰ পৰাও বাছেৰে অসমলৈ মানুহ অহাৰ যাত্ৰা আৰম্ভ কৰা বুলি জিনিব পৰা গৈছে।উল্লেখ্য যে সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ পৰিয়ালসহ গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।মুম্বাইৰ পৰা অহা সকলৰ মাজত মুম্বাইত চিকিৎসাধীন ৰোগী আৰু আত্মীয় আদিও আছে।কিছুদিনৰ পূৰ্বে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ বাহিৰত প্ৰায় বিছলাখ অসমৰ বাসিন্দা থকা বূলি সদৰী কৰিছিল।এইলোকসকলৰ জৰুৰী কাম নাথাকিলে এইসময়ত অসমলৈ নাহিবলৈ তেওঁ কৈছিল।চৰকাৰে তিনিমাহলৈ আৰ্থিক অনুদান দিব বুলিও কৈছিল।তথাপি একাংশই অসম অভিমুখে যাত্ৰা কৰাৰ খবৰে বিভিন্নজনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।।।

কৰ’না হটস্পট হ’ল কেনেকৈ জিএমচিএইছ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদ হৈ পৰিছে প্ৰাণঘাটক কৰ’না ভাইৰাছৰ নতুন হটস্পট।কালি চিকিৎসক ডাঃ লিথীকেশ ডি এছ কৰ’নাক্ৰান্ত হোৱাৰ পিছত একেটা চৌহদৰে আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ পিজি শিক্ষাৰ্থী ডাঃ দীপা ডেকাৰ দেহত ওলাইছে কোভিড-১৯ ভাইৰাছ।কিন্তু কেনেকৈ আৰু কাৰ জৰিয়তে জিএমচিএইছত কৰ’না সংক্ৰমণ হ’ল তাকলৈ আতংকৰ সূচনা হৈছে।ইতিমধ্যে জিএমচিএইছৰ প্ৰায় চাৰিশ চিকিৎসক,নাৰ্ছ,চিকিৎসাকৰ্মীক কোৱাৰেন্টাইন কৰা হৈছে।২৫০০ জনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।অধীক্ষক ডাঃৰমেন তালুকদাৰ আৰু অন্য ১৮০ জনৰ নমুনাৰ ফলাফল নিগেটিভ আহিছে।আনসকলৰ ফলাফলৰ অপেক্ষা কৰা হৈছে। কন্টেইনমেন্ট কৰা হৈছে এক আৰু পাঁচ নং হোষ্টেল,দন্ত চিকিৎসা কলেজৰ ছাত্ৰীনিবাস আৰু কেন্টিনখন।ইফালে কৰনাক্ৰান্ত চিকিৎসক ডাঃ লিথিকেশ প্ৰায়ে আহিছিল দন্ত কলেজৰ কেন্টিনলৈ।ডাঃ দীপা ডেকাই জিএমচিএইছৰ কৰ’না স্ক্ৰীনিঙৰ দায়িত্বত আছিল।লগত আছিল কেবাজনো চিকিৎসক,নাৰ্ছ আদি।এনেকৈ দুই ডাক্তৰৰ দেহত কৰ’না সংক্ৰমণ হোৱাৰ ফলত বাহিৰৰ ৰোগীৰ বাবে বন্ধ কৰা হৈছে চিকিৎসালয়।এইসময়ছোৱাত ডাঃ লিথিকেশ আৰু ডাঃদীপা কিমান ৰোগী,সহকৰ্মী,নাৰ্ছ,চিকিৎসাকৰ্মী আদিৰ লগতে আন লোকৰ সংস্পৰ্শলৈ আহিছিল সেয়া এতিয়াও হিচাবৰ বাহিৰত।যাৰবাবে জিএমচিএইছত এতিয়া আতংক বিয়পি পৰিছে।।।

লংকাৰ হাৱাইপুৰত পথাৰত এৰাল দিয়া গৰুৰ ডিঙি কাটি পেলাই থৈ গ’ল মূৰ

লংকা

 লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱত শনিবাৰে এক অমানবীয় ঘটনা সংঘটিত হয়।  জানিব পৰা মতে,লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱৰ নিবাসী যুগেশ্বৰ নাথে নিজ ঘৰৰ দমৰা গৰুটো প্ৰত্যেক দিনৰ দৰে পথাৰত এৰাল দিছিল৷ সন্ধিয়া হোৱাত যুগেশ্বৰ নাথে গৰুটো ঘৰলৈ আনিবলৈ পথাৰলৈ যোৱাত এৰাল দিয়া ঠাইত গৰুটো নেদেখি পথাৰৰ কাষতে থকা লামডিং বনাঞ্চলত গৰুটো বিচাৰে৷ পিছত বনাঞ্চলৰ মাজেৰে কিছু দূৰ যোৱাত নিজৰ গৰুটোৰ কটা মূৰটো পাই হতভম্ব হৈ পৰে৷ গৰুটোক কোনো দুৰ্বৃত্তই এৰাৰ পৰা খুলি লামডিং বনাঞ্চলৰ ভিতৰলৈ নি মুখত চিয়ৰিব নোৱাৰাকৈ এৰালেৰে বান্ধি ডিঙি কাটি মূৰটো বনাঞ্চলতেই পেলাই ,গাৰ পিছৰ অংশটো লৈ উধাও হয়৷ পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত স্হানীয় আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্হিত হৈ অব্যাহত ৰাখিছে তদন্ত৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কাকো আটক কৰিব পৰা নাই৷ আনহাতে উক্ত অমানবীয় ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য‌ই বিৰাজ কৰিছে৷

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালীক ঘৰতে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ

ধনশিৰি

গোলাঘাট জিলাৰ প্ৰবীন সাংবাদিক তথা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালীক যোৱা শুকুৰবাৰৰ নিশা এটা দুৰ্বৃত্তই ঘৰতে হত্যাৰ ভাবুকি প্ৰদান কৰা বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত বজাত সাংবাদিকগৰাকীৰ বৰপথাৰ থানাৰ অন্তৰ্গত হেজাৰী গাঁৱৰ মণ্ডল তিনি আলিস্থিত তেওঁৰ বাসগৃহত সন্মুখৰে প্ৰয়াত যোগল বৰুবা পুত্ৰ বুবুল বৰুৱা ওৰফে ভাইকন ওৰফে বিৰাপান্নাই হাতত এখন দা লৈ সাংবাদিকগৰাকীৰ ঘৰত প্ৰৱেশ কৰি অশ্লীল গালিগালাজ পৰাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰে৷ উল্লেখযোগ্য যে উক্ত সময়ত সাংবাদিকগৰাকী ঘৰৰে আন এটা কোঠাত থকাৰ বাবে ৰক্ষা পৰে যদিও হাতত উদ্যত দালৈ বুবুলে সাংবাদিকগৰাকীৰ পত্নীৰ আগতে লম্ফজম্ফ কৰি হত্যাৰ ভাবুকি দি আঁতৰি যায়৷ পাছত সাংবাদিকজৰাকীৰ অভিযোগ ভিত্তিত বৰপথাৰ আৰক্ষীয়ে নিশাই যুৱকজনক আটক কৰি থানালৈ আনে৷ অন্যহাতে শনিবাৰে সাংবাদিকগৰাকীৰ পত্নী দীপালি ভৰালীয়ে দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোছৰ ৰুজু কৰে৷ উল্লেখযোগ্য যে উক্ত বুবুল ওৰফে বিৰাপান্না পূৰ্বে বহুতো গোচৰত অভিযুক্ত৷ তেওঁৰ বিৰুদ্ধে গাঁওখনৰ মানুক বিভিন্ন সময়ত ভাবুকি দিয়া, চুৰি কৰা, ডকাইতি কৰা আদি বহু অভিযোগ আছে৷ পূৰ্বতে তেওঁক অবৈধভাৱে মাৰণাস্ত্ৰ ৰখাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল৷ ধনশিৰি মহকুমা সাংবাদিক সংস্থা, বৰপথাৰ প্ৰেছ ক্লাব, বৰপথাৰ ব্যৱসায়ী সন্থা আদিয়ে প্ৰবীন সাংবাদিকগৰাকীক হত্যাৰ ভাবুকি দিয়া কাৰ্যক গৰিহণা দিয়াৰ লগতে অভিযুক্তৰ ওপৰত শাস্তিমূলক বিহত ব্যৱস্থা গ্ৰহণৰ দাবী তোলাৰ লগতে সাংবাদিকগৰাকীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীক দাবী জনায়৷

বন বিভাগৰে মিতিৰালি অবৈধ বালি ব্যৱসায়ীৰ : আৰক্ষীয়ে বিহিলে জৰিমনা

বোকাজান

 তৃতীয় পৰ্যায় লক ডাউন অব্যাহত থকাৰ সময়তে শনিবাৰে বোকাজানত বন বিভাগৰে মিতিৰালি থকা বুলি অভিযোগ থকা জনৈক কাথাৰচন নামৰ এজন বালি ব্যৱসায়ীৰ বালি পথাৰত থকা অবৈধ বালি মহলৰ পৰা নথিপত্ৰ বিহীনভাৱে বালি কঢ়িয়াই ডিমাপুৰলৈ বালি নি থকা অৱস্থাত ছয়খনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক বোকাজান আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াই জব্দ কৰে। তেওঁ  ট্ৰাক কেইখন আৰু বালিৰ গৰাকীক জৰিমনা বিহি জৰিমনাৰ ধন চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ট্ৰাক কেইখনে বালিবোৰ ত্ৰিপালেৰে ঢাকি আনিছিল আৰু আৰক্ষীয়ে জব্দ কৰাত প্ৰথম অৱস্থাত আৰক্ষীক ট্ৰাকত চাউল থকা বুলি কৈ চাউলৰ ভুৱা চালান দেখুৱাইছিল৷

দুলীয়াজানত ব্যতিক্ৰমী ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টি : দুচকীয়া বাহনেৰে আহি উপস্থিত হ’ল তৈল নগৰীত

দুলীয়াজান

ক’ভিড-১৯ মহামাৰীয়ে সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমকো  ভয়াবহ অৱস্থা সৃষ্টি কৰাৰ ফলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা লকডাউন এতিয়া তৃতীয় পৰ্যায়। এই লকডাউনৰ সময়ছোৱাৰ মাজতে জিলাখনৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টিয়ে আলফা স্বাধীনৰ প্ৰতি মুকলি আহ্বান কৰি দেশৰ এই দুৰ্যোগৰ সময়ত সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি মুকলি আকাশৰ তললৈ আহিবলৈ আহ্বান জনায়৷ ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে শনিবাৰে মটৰ চাইকেল লৈ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত  দুলীয়াজান, নাহৰকটীয়া চাচনী, তেলপানী , ভাদৈ পাঁচআলি, নাওঁহলীয়া আদি অঞ্চল ভ্ৰমণ কৰি আলফা স্বাধীনৰ সদস্যৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয়। আৰক্ষী অধীক্ষকগৰাকীৰ আলফা স্বাধীনৰ পৰিয়ালৰ প্ৰতি আহ্বান যে তেওঁলোকৰ সন্তানসকল ঘৰলৈ ঘূৰি আহিবলৈ কওঁক আৰু আত্মসমৰ্পণ কৰিলে চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰিব। অধীক্ষকগৰাকীয়ে কয় যে জিলাখনৰ বিশেষ কিছু অঞ্চল যেনে ভাদৈ পাঁচআলি, নিতাইপুখুৰী, চাচনী দুলীয়াজানত আৰক্ষীৰ বিশেষ বাহিনীক সষ্টম কৰি অভিযান চলাই থকা হৈছে৷ তেওঁ বৰ্তমান পৰিস্থিতিৰ লগত খোজ মিলাই জিলাখনৰ আৰক্ষী প্ৰশাসনৰ কাম-কাজ কম্পিউটাৰ পদ্ধতিৰে পৰিচালনা কৰাৰ বাবে অইল ইণ্ডিয়াৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ ব্যৱস্থাৰ অধ্যয়ন কৰে৷ আনহাতে, ভাদৈ পাঁচআলি আৰক্ষী চকী পুনৰ্নিমাণ ক্ষেত্ৰত সোমবাৰে বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ লগত এক আলোচনাত হয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অহা বতাহ ধুমুহাৰ ফলত ভাদৈ পাঁচআলি আৰক্ষী চকী যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল।

জখলাবন্ধা বাণিজ‍্যিক এলেকাত মাস্ক, ছেনিটাইজাৰ বিতৰণ

কলিয়াবৰত সাংসদ গৌৰৱ গগৈৰ উদ‍্যোগত জখলাবন্ধা বাণিজ‍্যিক এলেকাত মাস্ক, ছেনিটাইজাৰ বিতৰণ

কলিয়াবৰ

কলিয়াবৰত সাংসদ গৌৰৱ গগৈৰ উদ‍্যোগত কলিয়াবৰ কংগ্ৰেছৰ জখলাবন্ধাৰ চফাই কৰ্মী, ৰিক্সা, ঠেলা চালক আৰু দৰিদ্ৰ লোকক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷ কলিয়াবৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া তথা সদস‍্যৰ উপস্থিতিত জখলাবন্ধাৰ পৰা কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিত শনিবাৰে এই বিতৰণ কাৰ্য‍সূচী শুভাৰম্ভণী কৰা হয়।

এদিনলৈ বন্ধ সুৰাৰ বিপনী : নতুন নিৰিখত দেওবাৰা পৰা বিক্ৰী

গুৱাহাটী

দাম বাঢ়িৰ অসমত বিলাতী সুৰাৰ। ৰাজ্য চৰকাৰে ক’ৰ’ণাৰ নামত মাহে অতিৰিক্ত এহেজাৰ কোটি টকা আহৰণৰ লক্ষৰে ২৫ শতাংশ কৰ আৰোপ কৰিছে এমআৰপিৰ ওপৰত। কিন্তু  পুৰণি বটলবোৰ কি দামত বিক্ৰী হ’ব? এইকথা থিৰাং কৰিবলৈ এদিনৰ বাবে বন্ধ কৰি দিয়া হ’ল বিলাতীৰ বিপনীবোৰ।এই ক্ষেত্ৰত আবকাৰী মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে নতুন দামৰ লেবেলসমূহ বটলৰ ওপৰত পেস্তিং কৰিবলৈ আৰু পুৰণি বটল কিমান মজুত আছে তাৰ হিচাপ উলিয়াবলৈ এদিনৰ কাৰণে দোকানবোৰ বন্ধ কৰা হৈছে। জিলা বিষয়াই এই সিদ্ধান্ত লৈছে। এই হিচাব সম্পূৰ্ণ হ’লেই দোকানবোৰ খুলিব পাৰিব।ভবিষ্যতে ক’ৰ’ণা ভাইৰাছ নোহোৱা হ’লে সুৰাৰ দাম হ্ৰাস পোৱাৰ সম্ভাবনা আছে বুলিও তেওঁ ব্যক্ত কৰে।