Home Blog Page 3375

কঠিয়াতলীত অৰ্ধউলংগ মহিলাৰ মৃতদেহ উদ্ধাৰ । মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ।

নগাঁও :

কঠিয়াতলি বজাৰৰ মাজমজিয়াত আজি পূৱাভাগত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বজাৰখনৰ মাজত থকা এটি জিৰণিচৰাত অৰ্ধউলংগ অৱস্থাত এটি মৃতদেহ উদ্ধাৰৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জানিব পৰা মতে আজি পুৱা স্থানীয় ব্যৱসায়ী সকলে বজাৰ মুকলি কৰিবলৈ আহি জিৰণিচ’ৰাত মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্হলীত আৰক্ষী উপস্থিত হয় অৰ্ধউলংগ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কঠিয়াতলি চহৰ অঞ্চলত ঘূৰি ফুৰা মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ সময়ত দেহৰ কাপোৰ খোলা অৱস্থাত দেখা গৈছিল। সেয়ে স্থানীয় লোকে কোনো দুষ্ট চক্ৰই অপকৰ্ম কৰি মহিলাগৰাকীক হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান নগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

নগাঁৱত গৃহস্থৰ বিনা অনুমতিত দুস্কৃতিকাৰীৰে কাটিলে ম্যাদী পট্টাৰ কদম ।

নগাঁৱত গৃহস্থৰ বিনা অনুমতিত দুস্কৃতিকাৰীৰে কাটিলে ম্যাদী পট্টাৰ কদম ।

নগাঁও, ননৈ :

নগাঁও জিলাত ক্ৰমাত বৃদ্ধি পাইছে একাংশ দুস্কৃতিকাৰীৰ অবাধ বন ধংস যজ্ঞ ৷ পাহাৰ-চৰকাৰী মাটিত থকা মূল্যবান গছ বন কাটি তহিলং কৰি অহাৰ পিছত দুস্কৃতিকাৰীৰ শেনচকু পৰিছে এতিয়া ম্যাদী পট্টাৰ মাটিত থকা একাংশ গৃহস্থৰ মূল্যবান গছ-বনত৷ কালি তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ টাউন মৰিকলং নিৱাসী দ্বীপেন শইকীয়া আৰু তেওঁৰ মাতৃ তথা ভাতৃ সকলৰ টাউন মৌজাৰ অন্তৰ্গত মৰিকলং বাহবাৰীস্থিত তেওঁৰ ম্যাদী পট্টাৰ মাটিৰ পৰা ৬ ডালকৈ মূল্যবান কদম গছ মাটিৰ গৰাকীৰ বিনা অনুমতি কাটি নিয়াৰ চেষ্টা চলাওঁতেই একাংশ স্থানীয় লোকৰ তৎপৰতা দুস্কৃতিকাৰী কেইজনক হাতে লুতে ধৰিবলৈ সক্ষম হয় গছৰ গৰাকীয়ে৷ জানিব পৰা মতে,সপ্তাহ দিয়েক পূৰ্বে চহৰৰ পাৰ্শ্ব্ৱ্তী মহখুলী অঞ্চলৰ গছ ব্যৱসায়ীৰ লগত জড়িত ছহীদ ওৰফে মুঞ্চি নামৰ লোক জনক গছ ব্যৱসায়ীৰ লগত জড়িত চহৰৰ টংকেশ্বৰ শইকীয়াই গছ সমূহ দেখুৱাই আনি গৰাকীৰ বিনা অনুমতিত কোনো বন্দোবস্তি তথা দৰদাম ঠিক নকৰাকৈ ৬ ডালকৈ কদম গছ কাটি তহিলং কৰে৷ নিজৰ বাৰীত অজ্ঞাত লোকে গছ কটাৰ তথ্য লাভ কৰি গছৰ গৰাকীয়ে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হৈ গছ কাটি থকা লোক কেইজনৰ লগতে গছ কটা সামগ্ৰী সমূহ কৰায়ত্ত কৰি মৰিকলং আৰক্ষী চকীত চনজাই দিয়ে ৷ অৱশ্যে পিছত আৰক্ষীৰ সহযোগত গছৰ গৰাকীক বিনা অনুমতিত ৬ ডালকৈ কদম গছ কটাৰ বিনিময়ত উচিত ক্ষতিপূৰণ দিয়ে আৰু কোনো দিনে এনেধৰণৰ বে-আইনী কামত জড়িত নোহোবাৰ প্ৰতিশ্ৰুতি দিয়াত সন্ধিয়া আৰক্ষীয়ে লোক কেইজনক মুকলি কৰি দিয়ে৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গছ ব্যৱসাৰৰ লগত জড়িত লোক কেইজনৰ গছ কটাৰ কোনো চৰকাৰী অনুজ্ঞাপত্ৰ নথকাত মৰিকলং আৰক্ষীয়ে তেওঁলোকে গছ কটাৰ সময়ত ব্যৱহাৰ কৰা অত্যাধুনিক কৰত, মেচিন আদি সামগ্ৰী সমূহ জব্দ কৰি থয়৷

গৰৈমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আইডিয়েল একাডেমিৰ ।

গৰৈমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আইডিয়েল একাডেমিৰ ।

সোণতলী :

মহামাৰী কৰোণাৰ আতংকৰ  মাজতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন জনাবলৈ পাহৰা ৰাজ্যবাসীয়ে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সোমবাৰে অভিনন্দন জনালে গৰৈমাৰীস্থিত আইডিয়েল একাডেমিয়ে৷ উল্লেখ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আইডিয়েল একাডেমি, গৰৈমাৰীৰ পৰা সৰ্বমুঠ ২৮ জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷  তাৰে এজনে ষ্টাৰ নম্বৰ লাভ কৰাৰ বিপৰিতে ৬ জনে প্ৰথম বিভাগত, ১৫ জন দ্বিতীয় বিভাগত আৰু ৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয়৷ স্মৰ্তব্য যে, একাডেমিখনৰ অধ্যক্ষ ছামচুল হকৰ পৌৰহিত্যত সম্পুৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সকলক সম্বৰ্ধনা জনোৱাৰ বিপৰিতে লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ ফালৰ পৰা গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখযোগ্য যে, অনুষ্টপীয়াকৈ অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সম্পাদক আমিন জাহিদুল আলম, উপ-সভাপতি আবুল হুছেইন, সহ সম্পাদক মস্তফা হুছেইনকে প্ৰমুখ্য কৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য ভাষণ প্ৰদান কৰে৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

নলবাৰীত ড্ৰাগছ ব্যৱসায়ী আটক ।

নলবাৰী :

নলবাৰীত জব্দ হ’ল বহু পৰিমাণৰ নিচাযুক্ত টেবলেট।  নলবাৰীত আৰক্ষীৰ অভিযানত ধৰা পৰিল ড্ৰাগচৰ ব্যৱসায়ী। ড্ৰাগচ সৰবৰাহত ব্যৱহৃত  গাড়ী সহঃ  নিচাযুক্ত  টেবলেট জব্দ । জব্দ  কৰা  গাড়ী  খনৰ নম্বৰ  হল  AS 28 6202 ।  কামাল আলি নামৰ  এজন গাড়ী চালকক আটক কৰা হয়। গাড়ী চালক কামাল আলিয়ে দীৰ্ঘ দিন ধৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত  ড্ৰাগচৰ  ব্যৱসায় কৰি অহাৰ অভিযোগ  উত্থাপন হৈছে। শ্বহীদ  মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত নিচাযুক্ত টেবলেট  বিক্ৰী কৰি  পৰিবেশ বিনষ্ট  কৰিছিল কামাল আলিয়ে। আৰু   অবশেষত নলবাৰী আৰক্ষীৰ বিশেষ অভিযানত ধৰা পৰিল কামাল আলি।  আটকাধীন কামাল আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত  আৰক্ষীয়ে পুনৰ  অভিযান চলাই  মোল্লাপাৰাৰ পৰা জব্দ  কৰে বহু পৰিমাণৰ নিচাযুক্ত  টেবলেট। মোল্লাপাৰাৰ ইক্ৰাম আলিৰ ঘৰৰ পৰা এইদৰে জব্দ  কৰা হয়  এক কাৰ্টন নিচাযুক্ত টেবলেট ।দীৰ্ঘ দিন ধৰি ড্ৰাগচৰ বেহাত জড়িত থকা ইক্ৰাম  আলিয়ে সমগ্ৰ  নলবাৰীতে  নিচাযুক্ত  টেবলেট  মেলি দি ৰমৰমীয়া  ব্যৱসায়  চলাই থকাৰ  অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি ইক্ৰাম  আলি  পলাতক । ইক্ৰাম আলিক গ্ৰেপ্তাৰ  কৰিবলৈ আৰক্ষীৰ  মাৰাথান অভিযান  অব্যাহত  আছে  বুলি জানিব পৰা গৈছে।

কলিয়াবৰৰ বিদ‍্যালয়সমূহত বিষয় শিক্ষক, সহকাৰী শিক্ষক আৰু কৰ্মচাৰীৰ অভাৱে বিপদত পেলাইছে ছাত্ৰ-ছাত্ৰী অভিভাৱকক ।

কলিয়াবৰৰ বিদ‍্যালয়সমূহৰ বিদ‍্যায়তনিক অভাৱ পূৰণৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে।

কলিয়াবৰ : কলিয়াবৰৰ উচ্চতৰ মাধ‍্যমিক আৰু উচ্চ মাধ‍্যমিক বিদ‍্যালয়সমূহত খালী হৈ থকা শিক্ষক তথা কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবীত আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে। কলিয়াবৰৰ বিভিন্ন উচ্চতৰ মাধ‍্যমিক আৰু উচ্চ মাধ‍্যমিক বিদ‍্যালয়সমূহত বছৰ-বছৰ ধৰি প্ৰায়বোৰ বিষয় শিক্ষক আৰু সহকাৰী শিক্ষকৰ নিযুক্তিৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ‍্যত জীৱনৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়সমূহত বিষয় শিক্ষকৰ অভাৱত বহু বিষয়ৰ পাঠ‍্যক্ৰম বন্ধ হোৱাৰ উপক্ৰম হৈছে। বিষয় শিক্ষক আৰু সহকাৰী শিক্ষকসকলে অৱসৰ লোৱাৰ পিছত সেই পদসমূহ বছৰ-বছৰ ধৰি পূৰণ নোহোৱাকৈ থকাৰ ফলত কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শিলঘাট, জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়, হাটবৰ, কুঠৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, আমবাগান উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, কুঁৱৰীটোল উচ্চ মাধ‍্যমিক বিদ‍্যালয় আদি বহুকেইখন বিদ‍্যালয়ত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ নোহোৱাত ছাত্ৰ-ছাত্ৰীয়ে বাৰুকৈয়ে ভূগিছে। জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ বাণিজ‍্য শাখাটো শিক্ষকৰ অভাৱত বন্ধ হ’ল। জানিব পৰা মতে,  কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়,  হাটবৰৰ উচ্চতৰ শাখাত বিষয় শিক্ষক এই বৰ্ষটোত দুগৰাকীহে ৰ’বগৈ। তদুপৰি, কাৰ্য‍্যালয় সহায়ক, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অভাৱৰ ফলত কাৰ্য‍্যালয়ৰ কামো শিক্ষকসকলে কৰিব লগাত পৰিছে। আনকি দুই-এখন বিদ‍্যালয়ৰ বে’ল বজাবলৈও কৰ্মচাৰী নাই। তেনেস্থলত পূৰ্বৰ ঈৰ্ষণীয়ভাৱে ফলাফলৰ ক্ষেত্ৰত আগবাঢ়ি থকা চৰকাৰী বিদ‍্যালয়সমূহত এতি ছাত্ৰ-ছাত্ৰী নাই। শিক্ষকৰ অভাৱত থকা বিদ‍্যালয়ৰ পৰা নিশ্চয়কৈ ১০০% ফলাফল আশা কৰাতো একেবাৰে গ্ৰহণযোগ‍্য নহয়। সেয়ে, ছাত্ৰ জীৱনৰ এই মূল সময়ছোৱাত শিক্ষকৰ অভাৱত যাতে প্ৰয়োজনীয় শিক্ষা গ্ৰহণৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত নহয় তাৰ বাবে অতি ক্ষীপ্ৰতাৰে অসম চৰকাৰৰ শিক্ষা বিভাগক খালী হৈ থকা শিক্ষকৰ পদসমূহৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমূহ অনতি পলমে পূৰণ কৰিবলৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দাবী জনাই। শিক্ষক-কৰ্মচাৰীৰ নিযুক্তি সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰি বিষয়টো ক্ষীপ্ৰতাৰে নিস্পত্তি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। উলেখযোগ‍্য যে, কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ত ইংৰাজী , ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, বুৰঞ্জী, অসমীয়া বিষয়ৰ বিষয় শিক্ষকৰ পদ খালী। লগতে খালী আছে ৪ টা সহকাৰী শিক্ষক তথা ৪ৰ্থ কৰ্মচাৰী‌ৰ পদ। জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ শিক্ষা, অৰ্থনীতি বিজ্ঞান, অসমীয়া, ইংৰাজীৰ বিষয় শিক্ষক, ১১ টা সহকাৰী শিক্ষক, ৩ টা কৰ্মচাৰীৰ পদ খালী। উচ্চতৰ মাধ‍্যমিক শাখাৰ একমাত্ৰ বিজ্ঞান বিভাগ থকা কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শিলঘাটৰ ইংৰাজী, ভূগোল, গণিত, উদ্ভিদ বিজ্ঞান অসমীয়া বিষয়ৰ বিষয় শিক্ষক আৰু ১৪ জন সহকাৰী শিক্ষকৰ লগতে ৫ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে। কুঠৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক তথা ৫ টা সহকাৰী শিক্ষকৰ পদ আৰু ২ টা কৰ্মচাৰীৰ পদ খালী। আমবাগান উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত অসমীয়া, অৰ্থনীতি বিজ্ঞান, শিক্ষা বিভাগৰ বিষয় শিক্ষক আৰু ১২ টা সহকাৰী পদ তথা ২ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে। তদুপৰি, কলিয়াবৰ মহকুমাৰ বহুকেইখন উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত একাধিক সহকাৰী শিক্ষক আৰু কৰ্মচাৰী পদ খালী থকাত ছাত্ৰ-ছাত্ৰীসকল বিপদত পৰিছে।

হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংবাদমেল।

হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংবাদমেল।

নলবাৰী :

সুদিৰ্ঘ কালৰে পৰা অসম আৰু অসমীয়া খিলিঞ্জীয়া অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত  আৰু বেদেশী হাতোৰাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ চেষ্টা কৰি আছিল। আৰু সেই মহান উদ্যেশ্যে আগত লৈ অসমৰ ৰাইজে অতি নিষ্ঠা আৰু সততাৰে ভাৰতীয় জনতা পাৰ্টিক ৰাজপাটত বহুৱাইছিল। অসমৰ ৰাইজৰ সপোন আছিল কেনেকৈ এই দানৱ সকলক নিৰ্মুল কৰিব পাৰি হিন্দু ক্ৰান্তি দলৰ নলবাৰীৰ সংযোজক নিৰ্মল ৰাজবংশীৰ মন্তব্য। নলবাৰীত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰা এক সংবাদ মেলত নিৰ্মল ৰাজবংশীয়ে আকৌ কয় যে ৰাইজৰ সকলো আবেগ অনুভুতিক ৰাজ্য চৰকাৰে ধূলিষাৎ কৰিলে। তাৰ ফল স্বৰুপে হাজোৰ সনাতন ডেকা আৰু নুনমাতি ঋতুপৰ্ণ পেগুৰ নিম্নয হত্যাকাণ্ড। অতিকৈ দুখজনক আৰু লজ্জিত বিষয় এই যিখন চৰকাৰক অসমৰ ৰাইজৰ হিয়াৰ আমুঠু হিচাবে লৈছিল আকৌ সেইখন চৰকাৰৰ দিনতে অসমৰ ৰাইজে নিজৰ নিৰাপত্তাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হল। সেয়েহে হিন্দু ক্ৰান্তি দলৰ দাবী হত্যাকাৰীক ফাচী দিব লাগে অন্যাথায় হিন্দু ক্ৰান্তি দলে হাত সাবতি বহি নেথাকে। লগতে সংযোজক গৰাকীয়ে কয় যে অসমৰ দৃষ্টিপাত সলনি কৰিব বিচৰা পূৰ্ববংগীয়। মুছলমান অসমীয়াৰ বাবে মৃত্যু ঘণ্টা স্বৰুপ। পূৰ্ব বংগীয় মুছলমানে অসমত পেটৰ ভোকত বেপাৰ কৰিব অহা। যদি পেটৰ ভোকত আহিলেহেতেন তেন্তে এজনে ৫জনিকৈ বিয়া পাতি ১০/২০ জনকৈ লৰা-ছোৱালী জন্ম নিদিলেহেতেন।এটাই উদ্যেশ্য অসমখন ইছলামিক স্থান কৰা। সেয়েহে হিন্দু ক্ৰান্তি দলৰ স্পষ্ট কথা এইবোৰক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু যদি নোৱাৰে হিন্দু ক্ৰান্তি দলে নিজে সিদ্ধান্ত লবলৈ বাধ্য হব। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰীৰ সাংগঠনিক লিংকন কলিতা, মিন্টু কলিতা উপস্থিত আছিল।

ছাত্ৰনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল অতিৰিক্ত উপায়ুক্ত-পিংকু দাসৰ । সংবাদমেলত দৰং অনুসূচীত জাতি পৰিষদৰ সভাপতিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ ।

ছাত্ৰনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল অতিৰিক্ত উপায়ুক্ত-পিংকু দাসৰ । সংবাদমেলত দৰং অনুসূচীত জাতি পৰিষদৰ সভাপতিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ ।

মঙলদৈ : সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা আৰু দৰং জিলা অনুসূচীত জাতি পৰিষদৰ মাজত সৃষ্টি হোৱা অভিযোগ-প্ৰতিঅভিযোগৰ যুঁজৰ মাজতেই বিষয়টি সন্দৰ্ভত দৰঙৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু জিলা অনুসূচীত পৰিষদৰ সভাপতি পিংকুমণি দাসে অসম অনুসূচিত জাতি ছাত্র সন্থাৰ সভাপতি যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে মঙলদৈ থানাত সুকীয়া সুকীয়াকৈ এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, যোৱা ১০ জুনত মঙলদৈ প্ৰেছ ক্লাৱত অনুস্থিত কৰা এক সংবাদমেলত অনুসৃচীত জাতি ছাত্ৰ সংগঠনতোৰ সভাপতি যুগল কিশোৰ বণিয়াই দৰং জিলা অনুসৃচীত জাতি পৰিষদৰ সভাপতি পিংকুমণি দাসে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ উলিয়াই বিভিন্ন চৰকাৰী সুবিধা যেনে বিদেশী সুৰাৰ দোকান, মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় আদিত অবৈধভাবে সুবিধা লাভ কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁৰ এনে কাৰ্যত একাংশ বিষয়া কৰ্মচাৰীয়ে সহায় কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পৰবৰ্তী সময়ত দৰং জিলা অনসূচীত জাতি পৰিষদৰ সভাপতি পিংকুমণি দাসে আন এক সংবাদমেল অনুষ্ঠিত কৰি উক্ত অভিযোগ দৃঢ়তাৰে নাকচ কৰাৰ লগতে জনমানসত সভাপতি গৰাকীৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ বিৰুদ্ধে আইনগত বৱস্থা গ্ৰহণ কৰিব বুলি জনাইছিল। সেইমৰ্মে জিলা সভাপতি পংকুমণি দাসে মঙলদৈ থানাত অনুসৃচীত জাতি ছাত্ৰ সংগঠনতোৰ সভাপতি যুগল কিশোৰ বণিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।উক্ত এজাহাৰৰ ভিত্তিত মঙলদৈ থানাৰ গোচৰ নম্বৰ ৩৩৮/২০২০ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪(বি),৫০০,৫০৬ মৰ্মে এক গোচৰ পঞ্জীয়ন কৰিছে। অনুৰূপধৰণে দৰঙৰ অতিৰিক্ত উপায়ুক্ত কে ডেকাইয়ো যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে মঙলদৈ থানাৰ গোচৰ নম্বৰ ৩৩৪/২০২০ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪(ক)৩৫৩,৩৮৫,৫০০, ৫০৬ মৰ্মে আন এক গোচৰ ৰুজু কৰিছে।    

পিছুৱালে অস্কাৰ অনুষ্ঠান ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

ক’ৰোনা সংক্ৰমণৰ আতংকই পৃথিৱীৰ আন ক্ষেত্ৰৰ লগতে ছবি জগতকো স্পৰ্শ কৰিছিল৷ অৱশেষত ছবি জগতৰ সৰ্বোচ্চ স্বীকৃতি প্ৰদান অনুষ্ঠানতো পৰিল ক’ৰোনা আতংক৷ এই অস্কাৰ অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল ২০২১ চনৰ ফেব্ৰুৱাৰীত৷ কিন্তু ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিন সলনি কৰি স্থিৰ কৰিলে ২৫ এপ্ৰিল৷ ৯৩তম অস্কাৰ অনুষ্ঠান আঠ সপ্তাহ পিছুৱাই দিয়া হ’ল৷ উল্লেখ্য যে অস্কাৰ ইতিহাসত এনে ঘটনা এয়ে প্ৰথম নহয়৷ এইবাৰকে লৈ এই অনুষ্ঠান চতুৰ্থবাৰলৈ পিছুৱালে৷ ১৫ জুনত এই কথা ঘোষণা কৰে দ্য অকাডেমী অব ম’ছন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সছ আৰু এবিচি টেলিভিচ নেটৱৰ্কে৷

অভিনেতা সুশান্তৰ শেষকৃত্যৰ সময়ত বৌৱেকৰ মৃত্যু ।

মাত্ৰ ৩৪ বছৰ বয়সতে যোৱা ১৪ জুনত আত্মঘাতী হোৱা বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ দেশবাসীৰ মাজত আলোচনা অব্যাহত আছে৷ তেওঁৰ মৃত্যুত দেশত শোকৰ ছাঁ পৰে৷ দেওৰেক সুশান্তৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাছিল তেওঁৰ বৌৱেকে৷ সুশান্ত মৃত্যুৰ খবৰত মৰ্মাহত হৈ পৰিচিল বৌৱেক৷ অৱশেষত মৃত্যু হ’ল সুশান্তৰ বৌয়েকৰ৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ যে সুশান্তৰ মৃত্যুৰ খবৰত বৌৱেক মানসিকভাৱে ভাগি পৰিছিল৷ সেইবাবেই তেওঁৰ মৃত্যু হয় বুলি প্ৰকাশ৷ উল্লেখ্য যে সোমবাৰে মুম্বাইৰ ভিলে পাৰ্লে শ্মশানত সুশান্তৰ শেষকৃত্য কৰি থকাৰ সময়তে বিহাৰৰ পূর্ণিয়া জিলাৰ মলডীহা গাঁৱত তেওঁৰ বৌৱেক সুধা দেৱীৰ মৃত্যু হয়৷ মন কৰিব লগা যি সুধা দেৱী কিছুদিন ধৰি অসুস্থ হৈ আছিল৷ এনে অৱস্থাত সুশান্তৰ মৃত্যুৰ খবৰ পাই সুধা দেৱীয়ে খোৱা বোৱা এৰি দিছিল৷ ফলত ক্ৰমশঃ তেওঁৰ স্বাস্থ্য অৱনতি ঘটে৷ বাৰে বাৰে সংজ্ঞাহীন হৈ পৰে৷ তেওঁৰ অৱস্থা বেয়া হোৱাত চিকিৎসা কৰোৱা৷ হয়৷ সংজ্ঞা ঘূৰি আহিলে কেৱল সুশান্তৰ কথা জানিবলৈ বিচাৰিছিল৷ শেষত সোমবাৰৰ বিয়লি তেওঁৰ মৃত্যু হয়৷ সুধা দেৱীৰ স্বামী অমৰেন্দ্ৰ সিঙে জনোৱা মতে সোমবাৰে পুৱা সুধা দেৱীৰ শৰীৰৰ অৱস্থাৰ অৱনতি ঘটিছিল৷ বিয়লি ৫ বজাত তেওঁৰ মৃত্যু হয়৷

ক’ৰোনা ভাইৰাছত মৃত্যুৰ তালিকাত পৃথিৱীৰ অষ্টম স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

দেশত নতুনকৈ ১০ হাজাৰৰ অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত ১০৬৬৭ জন লোকৰ ক’ভিড ৰিপৰ্ট পজিটিভ৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৪৩০৯১জন হ’লগৈ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই আগেয়ে লাখৰ ঘৰ অতিক্ৰম কৰিলে৷ আনহাতে তামিলনাডু আৰু দিল্লীত ৫০ হাজাৰৰ ঘৰৰ ওচৰ পাইছেহি৷ আনহাতে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ মৃত্যুৰ হিচাপত বেলজিয়ামক পিছ পেলাই পৃথিৱীৰ অষ্টম স্থান পাইছেহি ভাৰত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৩৮০ জন৷ ইয়াকে লৈ ভাৰতত মুঠ মৃত্যুৰ সংখ্যা হ’ল ৯৯০০জন৷ তাৰ ভিতৰত মহাৰাষ্ট্ৰত মৃত্যু হৈছে ৪১২৮, গুজৰাটত ১৫০৫, দিল্লীত ১৪০০ জন৷ আনহাতে পশ্চিম বংগত ৪৮৫, তামিলনাডুত ৪৭৯, মধ্য প্ৰদেশত ৩৯৯, ৰাজস্থানত ৩০১, তেলেংগানাত ১৮৭ আৰু হাৰিয়ানাত ১০০ জনৰ মৃত্যু হৈছে ৷