Home Blog Page 3378

অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন : ঘটনাস্থলীত সংগ্ৰামী যুৱ-ছাত্ৰৰ প্ৰতিনিধি দল ।

দিলীপ হাজৰিকা :

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাজিৰা মহকুমাৰ অশান্তজৰ্জৰ গেলেকী শিঙিবিল অঞ্চলত “সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ”ৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ কালি নগাৰ আগ্ৰাসন প্ৰতিৰোধ আৰু সীমাবিবাদ শীৰ্ঘ্ৰে নিষ্পত্তিৰ বাবে অসম চৰকাৰ তথা প্ৰশাসন কৰ্তৃপক্ষক আহ্বান জনায়। উল্লেখযোগ্য যে,  নাজিৰা মহকুমাৰ সীমান্তৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ বৃহৎ ভূখণ্ড ইতিমধ্যে নগাই বেদখল কৰাৰ পাছত শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰশাসনৰ সহযোগত নগাই অসমৰ বৃহৎ ৰাজহ ভূমি দখলৰ বাবে যোৱা কেইবাদিন ধৰি প্ৰচেষ্টা চলোৱাৰ উপৰি কেইবাটাও গৃহ নিৰ্মাণ কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত তাণ্ডৱ অব্যাহত ৰাখিছে। যোৱা দহ জুনত শিৱসাগৰ জিলা প্ৰশাসনে অসমৰ ভূখণ্ডত নগাই নিৰ্মাণ কৰা গৃহ ভাঙি উচ্ছেদ কৰাৰ উপৰিআগ্ৰাসী নগা বাহিনীক খেদি পঠিয়াইছিল। ইয়াৰ পিছতো পুনৰ নগাই অঞ্চলটোত বাংকাৰ নিৰ্মাণ কৰি এম্বুজদি থকাত সীমান্তৱৰ্তী অসমীয়া লোকে ভীতিগ্ৰষ্ঠ হৈ পৰে আৰু বৰ্তমানেও আতংকময় পৰিৱেশে বিৰাজ কৰিছে। অসম আৰক্ষী বেটেলিয়নৰ দলে অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। এনে পৰিস্থিতিৰ মাজতে যোৱা কালি সংগ্ৰামী যুৱ-ছাত্র পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি পংকজ দত্ত,  নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি নাচিম ৰহমান হাজৰিকা,  সাধাৰণ সম্পাদক বিকাশ গগৈৰ লগতে কেইবাজনো বিষয়-ববীয়াই ঘটনাস্থলীত উপস্থিত হৈ নগাই অসমৰ ভূখণ্ডত অব্যাহত ৰখা আগ্ৰাসনৰ বুজ লয় আৰু নগাৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। আনহাতে সংগঠনটোৱে নগাৰ বিৰুদ্ধে  শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা প্ৰশাসনৰ অভিযান তথা পদক্ষেপক আদৰণি জনায়। সংগঠনটোৱে সীমান্ত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু সীমান্তবাসী  অসমীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সমস্যা কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ যোগে দুয়োখন ৰাজ্যৰ মাজত আলোচনাৰ মাধ্যমেৰে স্থায়ী সমাধানৰ দাবী জনাইছে। ইয়াৰ অন্যথা অনাগত সময়ত অসমৰ ভূখণ্ডত পুনৰ নগাৰ আগ্ৰাসন আৰু তাণ্ডৱ চলিলে সংগঠনটোৱে সীমান্তৱৰ্তী ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি এক বিবৃতি যোগে সকীয়াই দিয়ে। 

নৱেম্বৰত দেশত শীৰ্ষ পাবগৈ ক’ৰোনা সংক্ৰমণ ।

দৈনন্দিন বাৰ্তা :

দেশত ক’ৰোনা সংক্রমণ শীৰ্ষত চুবগৈ নৱেম্বৰৰ মাজভাগত৷ তেতিয়াৰ বাবে আইচিইউ, বিচনা আৰু ভেণ্টিলেটৰ সাজু কৰি ৰাখিব লাগিব৷ এইদৰে কৈছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ গঠিত অপাৰেচন ৰিচাৰ্চ গ্ৰুপৰ সমীক্ষাই৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দেশত নতুন ক’ৰোনা ৰোগীৰ সংখ্যা ১১,৯২৯ জন। মৃত্যু হৈছে ৩১১ জন। সমীক্ষাত কোৱা মতে লকডাউনৰ ফলতে ভাৰতত সংক্রমণ শীৰ্ষত পাবলৈ ৩৪ দিনৰ ঠাইত ৭৬ দিন পলম হ’ল৷ স্বাস্থ্য পৰিকাঠামো চূড়ান্ত কৰাৰ সময় আহি পৰিছে৷ সংক্ৰমিতৰ সংখ্যা যিমান হোৱা উচিত আছিল তাতকৈ ৬৯ শতাংশৰ পৰা ৯৭ শতাংশ কম৷ লকডাউনৰ পাছত জনস্বাস্থ্য ব্যৱস্থা ৬০ শতাংশ বেছি বেগত হৈছে বুলি সমীক্ষাত প্ৰকাশ৷ ইয়াৰ ফলত নৱেম্বৰৰ প্ৰথম সপ্তাহ পৰ্যন্ত চিকিৎসাৰ পৰিকাঠামোত ঘাটি নপৰে৷ কিন্তু তাৰ পাছত ৫.৪ মাহ ধৰি আইছ’লেচন বিচনাৰ অভিৱ দেখা দিব পাৰে৷ আইচিইউৰ বিচনাৰ টনাটনি হ’ব পাৰে ৪.৬ মাহ আৰু ভেণ্টিলেটৰৰ ঘাটি থাকিব পাৰে ৩.৯ মাহ৷ পৰিকাঠামোৰ বৰ্তমান অৱস্থাৰ হিচাপত এই আশংকা কৰা হৈছে৷ গৱেষকসকলৰ মতে টনাটনিৰ এই চিত্ৰ যিমান হ’ব পাৰে তাতেকৈ ৮৩ শতাংশ কম৷ এয়া লকডাউনৰ ফলতে সম্ভৱ হৈছে৷ আনলক পৰ্বত ভাৰতৰ বিভিন্ন এলেকাত সংক্ৰমণ বাঢ়িছে৷ সমীক্ষাটোৰ মতে, জনস্বাস্থ্য পৰিকাঠামোৰ আওতা ৮০ শতাংশ পৰ্যন্ত বঢ়ালে মহামাৰীৰ প্ৰকোপ কমিব পাৰে৷ লকডাউনৰ সময়ত পৰিকাঠামো যিদৰে বাঢ়িছিল তাৰ পৰা মুঠ আক্ৰান্তৰ ৭০ শতাংশ আৰু নতুন ৰোগীৰ ২৭ শতাংশ কম হ’ব পাৰে৷ ক’ৰোনা চিকিৎসাত ৬০ শতাংশ মানুহ মৃত্যুৰ পৰা বাচিছে৷ ক’ৰোনা ৰোধত স্বাস্থ্য খণ্ডত সকলো মিলি জিডিপিৰ ৬.২ শতাংশ খৰচ হ’ব পাৰে বুলি সমীক্ষাটোত প্ৰকাশ৷

কলিয়াবৰৰ ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ বাবে ৫২ কোটি টকাৰ অভিলাষী আঁচনি প্ৰস্তুত। বিধায়কৰ চিগনেচাৰ আঁচনি ১০ কোটি টকাৰে নিৰ্মাণ হ’ব ফুটবল খেলা-পথাৰসহ দুমহলীয়া পেভিলিয়ন, থাকিব যাৱতীয় অত‍্যাধুনিক ব‍্যৱস্থাসমূহ ।

দৈনন্দিন বাৰ্তা :

কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল। তদানীন্তন কলায়বৰৰ বিধায়ক তথা ৰাজ‍্যৰ উদ‍্যোগ আৰু বাণিজ‍্য মন্ত্ৰী গুণীন হাজৰিকাৰ বিশেষ তৎপৰতাত গঢ়ি উঠিছিল কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ এই খেলাপথাৰখন। যোৱা ২০১৭ চনৰ আগষ্টৰ সংহাৰী বানে ধ্বংসৰ মুখলৈ ঠেলি দিয়া ষ্টেডিয়াখনে সূদীৰ্ঘ উনৈশ বছৰৰ পাছত পূৰ্ণাঙ্গ ৰূপ পাব কলিয়াবৰৰ ডা° টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনে। পুনৰ প্ৰাণ পাই উঠিব। ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গন হৈ পৰিব কলিয়াবৰ আৰু নিকতৱৰ্তী অঞ্চলৰ ক্ৰীড়াৰ বিকাশৰ অন্যতম ক্ষেত্ৰ। ২০০১ বৰ্ষৰ ১১ মাৰ্চত তদানীন্তন অসমৰ ৰাজ্যপাল এচ. কে. সিনহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল গ্ৰাম্য ক্ৰীড়াঙ্গনখন। হাটবৰৰ ওচৰৰ নাগশঙ্কৰত অৱস্থিত গ্ৰাম্য ষ্টেডিয়ামখন ২০১৭ চনৰ বানে বিধ্বস্ত কৰাত হৈ পৰিছিল জৰাজীৰ্ণ। বানৰ পিচৰ সময়ছোৱাত ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ উন্নতিকল্পে ৫২ কোটি টকীয়া এক অভিলাষী আঁচনি অসম চৰকাৰৰ ওচৰত দাখিল কৰা হয়। এই আঁচনিৰ সম্পূৰ্ণ ধন আৱণ্টিত হোৱা নাই যদিও সদ‍্যহাতে প্ৰাৰম্ভিক পৰ্য‍্যায়ত অসম চৰকাৰৰ বিধায়কৰ চিগনেচাৰ আঁচনিৰ নামত আৱণ্টিত ১০ কোটি টকাৰ জৰিয়তে ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ আধুনিকীকৰণৰ কাম অহা ১৮ জুন তাৰিখে আনুষ্ঠানিকভাৱে উন্মোচন কৰিব কলিয়াবৰৰ স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই‌। সীমাৰ দেৱাল, ২ মহলীয়া পেভিলিয়ন – ওপৰ মহলাত দৰ্শকৰ বাবে ১৫০০ আসন সমৃদ্ধ গেলাৰী, তলৰ মহলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অত‍্যাধুনিক সুবিধালব্ধ খেলুৱৈ,  খেল পৰিচালকৰ ড্ৰেছিং ৰুম,  ব‍্যায়ামগাৰ, চিকিৎসকৰ চেম্বাৰ,  দৃশ‍্য-শ্ৰাব‍্য তথা ভিডিঅ’  কন্‌ফাৰেন্সিং ব‍্যৱস্থা,  কাৰ্য‍্যালয়, ফুটবল খেলাপথাৰ,  ফেন্সিং, ফ্লাডলইটৰ ব‍্যৱস্থাকে ধৰি প্ৰাৰম্ভিক পৰ্য‍্যায়ত ১০ কোটি টকাৰ ব‍্যয় সাপেক্ষ আঁচনিৰ ৰূপায়ণ হ’ব। 

খণ্ড-৩ : স্বচ্ছন্দ সাংবাদিকতাৰ প্ৰত্যাহ্বান নেওচি

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক

আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ

✍ মনজিৎ কুমাৰ শৰ্মা

“The only really committed artiste is he who, without refusing to take part in the combat,

at least refuses to join the regular armies and remains a freelance”

মাত্ৰ ৪৪ বছৰ বয়সতেই সাহিত্যৰ নোবেল বটাৰে বিভূষিত ফৰাচী লেখক, সাংবাদিক আলবেয়াৰ কেমু’ৰ উপৰোক্ত ভাষ্যফাকিৰ আলমত কব পাৰি, হয়, কোনো বিশেষ বাহিনীৰ সদস্য নোহোৱাকৈয়ো এজন ব্যক্তিয়ে চলাই যাব পাৰে যুদ্ধ। সেইয়া কলমেৰেই নহওঁক কিয়! কেমু’ৰ ভাষাত সেইজনেই প্ৰকৃত শিল্পী। বিহংগম দৃষ্টিৰে চালে সত্যৰ সাধনাৰ পথাৰখনত তেনে ব্যক্তিয়েই সঁচা অৰ্থত সমাজৰ অতন্দ্ৰ প্ৰহৰী। স্বচ্ছন্দ সাংবাদিকতা নাইবা স্বতন্ত্ৰ সাংবাদিকতা তেনেকুৱাই এক সাধনা। এই তপস্যাত কোনো এক বিশেষ আদৰ্শৰে চলা সংবাদগোষ্ঠীৰ সৈতে স্থায়ীভাৱে সংলগ্ন নোহোৱাকৈয়ো এজন সাংবাদিকে কৰি যাব পাৰে গণমাধ্যমৰ চৰ্চা। অৱশ্যে শুনিবলৈ ভাল লাগিলেও স্বচ্ছন্দ সাংবাদিকতাৰে জীৱিকা অৰ্জন কৰিবলৈ ইমান সহজ জানো ? তথাপিও কেনেকৈ বাৰু বহুতেই স্বত্ন্তৰীয় সাংবাদিকতাকেই বাছি লয় আত্মপ্ৰতিষ্ঠাৰ মাধ্যম হিচাবে ? ২০০২ চনত পাকিস্তানত উগ্ৰপন্থীৰ নৃশংসতাৰ বলী হোৱা The Wall Street Journalৰ দক্ষিণ এচিয়া প্ৰান্তৰ কাৰ্য্যালয় মুৰব্বী, আমেৰিকান মূলৰ বিশিষ্ট সাংবাদিক ডেনিয়েল পাৰ্ল’ৰ পত্নী মেৰিয়েন পাৰ্ল তেনেকুৱাই এগৰাকী স্বতন্ত্ৰ সাংবাদিক। স্বামীৰ নৃশংস হত্যাৰ প্ৰবল মনোকষ্টয়ো টলাব পৰা নাই যাৰ হৃদয়ৰ আহ্বানক। সেয়েহে সেই নৃশংস ঘটনাৰ পাছতো তেওঁ অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰি গ’ল এগৰাকী স্বচ্ছন্দ (ফ্ৰিলেঞ্চ) সাংবাদিক ৰূপে আৰু ২০০৩ চনত প্ৰকাশ কৰি উলিয়ালে A Mighty Heart নামৰ বহুল ভাৱে সমাদৃত এখনি সোৱৰণী গ্ৰন্থ। জীৱনৰ বাটত প্ৰত্যাহ্বান যিমানেই প্ৰবল, সেই প্ৰত্যাহ্বানকো নেওচি, নিজৰ অন্তৰাত্মাৰ আহ্বানলৈ সহাৰি জনাব পৰা সকলেই হয়তো বাচি ল’ব পাৰে স্বচ্ছন্দ সাংবাদিকতাৰ দৰে বৃত্তিক। সেইয়া যোৱাটো শতিকাৰ অন্তিমটো দশকৰ শেষ চোৱাৰ কথা। চন বোৰ সঠিক মনত নাই যদিও ৯৭/৯৮ চন মানৰ কথা হ’ব। গুৱাহাটীত তেতিয়া ইন্টাৰনেট ব্যৱস্থা সুলভ নাছিল। আঙুলি মুৰত গনিব পৰাকৈ দুই এখন ইন্টাৰনেট ক্যাফে’ খোল খাইছে মাত্ৰ। শিলপুখুৰীৰ গোস্বামী চাৰ্ভিচ তেল ডিপো’ৰ সমীপৰ নৱনিৰ্মিত ভূ-তল বজাৰ চৌহদৰ এটা সৰু কোঠালীত ঠিক তেনেই এখন ক্যাফে’ আৰম্ভ কৰিছিল এজন উদ্যমী অসমীয়া যুৱকে। সম্পূৰ্ণ নামটো সঠিক মনত নাই, বোধকৰোঁ নিকুঞ্জ আছিল। সেই ক্যাফে’লৈ দৈনিক সোত বৈছিল অসংখ্য মানুহৰ। বিশেষকৈ সেই সকলৰ, যিয়ে গণমাধ্যমৰ এই নতুন আহিলাটিৰ প্ৰতি প্ৰবল ভাৱে আকৰ্ষিত আছিল। ঠিক সেইখিনি সময়তেই (হয়তো কিছু অগা পিছাকৈ) সাদিন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল এখন নতুন ইংৰাজী দৈনিক কাকত। নাম আছিল The Northeast Daily। কাকতখনৰ সম্পাদনাৰ দ্বায়িত্ব লৈছিল বিশিষ্ট সাংবাদিক ৱাচবীৰ হুছেইনে। আৰু সেই কাকতখনতেই নিজা সাংবাদিক ৰূপে কৰ্মৰত হৈ আছিল আমাৰ বহুকেইজন বন্ধু। সেই সময়ত The Assam Tribune কাকতত আমিও অলপ অচৰপকৈ দুই এটা লেখা মেলা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। গতিকে দুয়োখন কাকতৰ কাৰ্যালয় দুয়োটাও ওচৰা ওচৰিকৈ অৱস্থিত হোৱাত আমি নিকুঞ্জ’ৰ ইন্টাৰনেট ক্যাফে’তেই প্ৰায়েই সাংবাদিক বন্ধু মহলৰ সৈতে আড্ডা মাৰি সময় কটাওঁ। তাতেই প্ৰথম বাৰ লগ পাইছিলো এজন স্বতন্ত্ৰ সাংবাদিকক। The Northeast Dailyত তেওঁ নিয়মীয়াকৈ লেখা মেলা কৰিছিল। অৱশ্যে ইন্টাৰনেট ক্যাফে’খনত নিজৰ যাৱতীয় কাম কৰি তেওঁ খুউব বেছি সময় আমাৰ সতে কেতিয়াও কটোৱা নাছিল। ক’লৈ যায় বুলি শুধিলে প্ৰেছ ক্লাবলৈ যাওঁ বুলি কৈ তেওঁ প্ৰায়েই লৰালৰিকৈ বিদায় লয়। সময় বাগৰাৰ লগে লগে নিকুঞ্জ’ৰ ইন্টাৰনেট ক্যাফে’ত ৰাইজৰ সমাগম বৃদ্ধি পাবলৈ ধৰিলে। দুটা নে তিনিটা কম্পিউটাৰত দুপৰীয়া নাইবা সন্ধিয়া যেতিয়াই ভৰি দিওঁ তেতিয়াই মানুহ ভৰি থকা দেখিবলৈ পাওঁ। বাহিৰৰ ফুটপাথতেই সেয়েহে প্ৰায়েই অপেক্ষা কৰিব লাগে, বহু পৰ। তেনেকুৱা সময়তেই এজন দুজনকৈ বহু চিনাকী ব্যক্তি আহি সেই স্থানত জমা হয়হি। আৰু প্ৰায়েই সেই ক্যাফে’লৈ অহা মৃদুভাষী, সুমাৰ্জিত, সকলো কথাতে সজাগ আৰু উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত সততেই পঢ়া শুনা কৰি আৰু লিখি ভালপোৱা এই স্বতন্ত্ৰ সাংবাদিক গৰাকীকো আমি লগ পাওঁ। লাহে লাহে ভাৱৰ আদান প্ৰদান হ’ল, আমাৰ চিন্তাৰ গভীৰতা বোৰো বাস্তৱিক ভাৱে সুগভীৰ হ’বলৈ ল’লে। তেনেকৈয়ে এদিন কথা প্ৰসংগত আমাৰ মাজত আলোচনা হ’ল প্ৰেছ ক্লাবত কেইটামান কম্পিউটাৰ স্থাপনৰ বিষয়টো। সেই সময়ত বোধকৰোঁ প্ৰতি ঘন্টা ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ ক্যাফে’বোৰে ১০০ টকা মানকৈ লৈছিল (তেতিয়াৰ সময়ত ১০০ টকাৰ মুল্য যঠেষ্ট বেছি আছিল। ৱিলছ্ ফিল্টাৰটোৰ দাম বোধকৰোঁ ৬০ পইছা আৰু এতিয়া হয়তো ১০ টকাৰো ওপৰ)। অথচ ইন্টাৰনেটৰ গতিবেগ আছিল অতি মন্থৰ। আনহাতে আমাৰ লেখীয়া স্বতন্ত্ৰ তাকো নতুন মানুহক প্ৰতিটো লেখাৰ বাবদ কাকত গোষ্ঠীয়ে পইছা দিয়ে মাত্ৰ কেইটকামানহে। গতিকে লেখা এটা সম্পূৰ্ণ কৰি প্ৰকাশৰ বাবে জমা দিবলৈ হ’লে ওলোটাই পকেটৰ পৰা পইছা ভৰিবহে লাগে। সেয়েহে সাংবাদিক, বিশেষকৈ স্বত্ন্তৰীয় সাংবাদিক সকলে যাতে লেখা এটা টাইপ কৰিবলৈ নাইবা যিকোনো বিষয়ৰ ওপৰত ইন্টাৰনেটৰ পৰা লাগতীয়াল তথ্য সহজেই সংগ্ৰহ কৰিবলৈ এনেদৰে ক্যাফে’ৰ সন্মুখত বোন্দাপৰ দি পকেটৰ পইছা শৰাধ কৰিব নালাগে তাৰবাবে প্ৰেছ ক্লাবত কেইটামান কম্পিউটাৰ স্থাপন কৰিব নোৱাৰিনে বাৰু ? সেই সময়ত যিহেতু গুগুল’ৰ দৰে থাউকতে যিকোনো বিষয়ৰ ওপৰত তথ্য পাবৰ কোনো সুবিধাই নাছিল গতিকে তথ্য সংগ্ৰহ কৰিবলৈ যাব লাগে পুথিভঁৰাললৈ। কিছুমান তথ্য পুথিভঁৰাললৈ গৈ বিচাৰিলেও পাবলৈ নাই। সেই গতিকে কথাবোৰ জনাবুজা কাৰোবাক নুসুধিলে একো গমেই পোৱা নাযায়। কাকতত স্থায়ীভাৱে কাম কৰা সকলৰ কথা সুকীয়া। তেওঁলোকক কাকত গোষ্ঠীৰ ফালৰ পৰা এইবোৰ ক্ষেত্ৰত যঠেষ্ট সুবিধা দিয়ে। অন্ততঃ কাৰ্যালয়ৰ দুৰভাষ যন্ত্ৰৰ ইচ্ছামতে উপযোগ কৰিব পাৰে। আৰু আমাৰ লেখীয়া সকলে পিচিঅ’ত দিয়াৰ পিছত কেতিয়াবা চাহ একাপ খাবলৈও পইছা নোজোৰেগৈ। স্বতন্ত্ৰ ভাৱে লিখা মেলা কৰিবলৈ বিচৰা সকলৰ বাটত কিমান আহুকাল সেই কথাবোৰ এতিয়া মনত পৰিলে সচাকৈয়ে বৰ আক্ষেপ হয়। তেতিয়া একোটা বিষয় দুই চাৰিজন লগ হৈ, বহি আলোচনা কৰিবলৈকো সুচল ঠাইৰ অভাৱ। গতিকে প্ৰেছ ক্লাৱটোক এই ধৰণে সজাই ল’ব নোৱাৰিনে বাৰু? প্ৰায়েই এনেবোৰ গঠনমূলক আলোচনাৰ ততাতৈয়াকৈ সামৰণি মাৰি তেওঁ যায়গৈ। দিন মাহ বছৰ দশক এনেকৈয়ে পাৰ হৈ গৈ থাকিল। আৰু ৰ’দ বৰষুণ নেওচি আগবাঢ়ি গৈ থকা সেই স্বতন্ত্ৰ সাংবাদিক গৰাকী এদিন কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলতেই সংবাদ মাধ্যমৰ সৈতে জড়িত বেছিভাগ মানুহৰেই বাবে পৰিচিত এক নাম হৈ পৰিল। আনকি নতুন দিল্লীৰ প‌্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ জেষ্ঠ কাৰ্য্যকৰ্তাৰ মুখেৰেও নিজ কাণেৰে তেওঁ সম্পৰ্কে নিগৰিত হোৱা শুনিলো প্ৰত্যয় পূৰ্ণ শ্লাঘা।

*** (ক্ৰমশঃ)

বকোৰ ডেকাচাঙত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

বকোৰ ডেকাচাঙত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

সোণতলী 

 সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ভাল ফলাফল দেখুওৱা বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীক আজি ডেকাচাংত সম্বৰ্ধনা জনোৱা হয়৷ আজি দক্ষিণ কামৰূপৰ বকোৰ  ডেকাচাংস্থিত ড° এ পি জে আব্দুল কালাম‌‌ একাডেমিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন  জনাবলৈ  অনুষ্টপীয়াকৈ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ উল্লেখ্য যে, একাডেনিখনৰ প্ৰাক্তন অধ্যক্ষ ছবুৰ উদ্দিনৰ পৌৰহিত্যত সম্পুৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি আয়োজন কৰে সম্বৰ্ধনা অনুষ্ঠান৷ স্মৰ্তব্য যে একাডেমিৰ  পৰা এইবেলি মুঠ ১৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইবোৰ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাত একাডেমীৰ ফালৰ পৰা অতিকৈ আনন্দ প্ৰকাশ কৰে । ইয়াৰ ভিতৰত এগৰাকীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ বিপৰিতে দুজনে ষ্টাৰ নম্বৰ, ৫ জনে প্ৰথম বিভাগত, ৮ জনে দ্বিতীয় বিভাগত আৰু ২ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয়৷   উল্লেখ্য যে, অসম মিঞা পৰিষদৰ কামৰূপ জিলা সমিতি আৰু একাডেমিৰ সৌজন্যত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ ছাত্ৰীক একাডেমী আৰু অসম মিঞা ( অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তিৰ মণ্ডল, কাৰ্যকৰী সভাপতি আব্দুল কাদেৰ আকন্দে  ফুলাম গামোচা, কিতাপ আৰু‌ মানপত্ৰৰে সম্বৰ্ধনা জনাই । 

গহপুৰৰ গমিৰিৰ দুই ব্যৱসায়ী ভাতৃয়ে সংৰক্ষণ কৰি ৰাখিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা কাঠৰ আৰামী চকীঃ চৰকাৰী ভাবে সংৰক্ষণৰ আহ্বান ।

গহপুৰৰ গমিৰিৰ দুই ব্যৱসায়ী ভাতৃয়ে সংৰক্ষণ কৰি ৰাখিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা কাঠৰ আৰামী চকী ।

ডুবিয়া

ৰূপতীৰ্থৰ যাত্ৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা এখন কাঠৰ আৰামী চকী নিজ বাসগৃহত সুদীৰ্ঘ বছৰ ধৰি আটোমটোকাৰীকৈ সংৰক্ষণ কৰি ৰাখিছে গহপুৰ মহকুমাৰ গমিৰিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভাতৃদ্বয় ৰাজু চন্থলীয়া আৰু উদয় চন্থলীয়াই। এই সন্দৰ্ভত চন্থলীয়া ভাতৃদ্বয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ বৰ্তমানৰ বাসগৃহত এসময়ত বসবাস কৰিছিল তেওঁলোকৰ মামা ককাক কেশৰ দেউ মোৰাৰকাই। অন্যহাতেদি সেই সময়ত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্হলী আছিল বৰ্তমানৰ গহপুৰ মহকুমাৰ ভোলাগুৰি চাহ বাগিচা। ভোলাগুৰি চাহ বাগিচাত সেই সময়ত জ্যোতি প্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিল প্ৰথম অসমীয়া কথাছবি ” জয়মতী” ৰ নিৰ্মাণৰ কাম। কথাছবি নিৰ্মাণৰ বাবে সা- সৰঞ্জামৰ সৰবৰাহ তথা অভিনেতা- অভিনেত্ৰী অনা হৈছিল ব্ৰহ্মপুত্ৰৰ জলপথেৰে আৰু তেতিয়া গমিৰি ঘাটেৰে এই যাতায়ত ব্যৱস্থা চলি আছিল। এনেদৰে গমিৰি ঘাটেৰে অহা- যোৱা কৰাৰ সময়ত জ্যোতি প্ৰসাদ আগৰৱালাই কেশৰ দেউ মোৰাৰকাৰ বাসগৃহত থকা উক্ত কাঠৰ আৰামী চকী খনত বহি খন্তেক জিৰণি লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰিছিল। কেৱল জ্যোতি প্ৰসাদ আগৰৱালাই বহাৰ বাবে ৰখা উক্ত চকী খন পিছত কেশৰ দেউ মোৰাৰকাৰ তিনি পুত্ৰ দামোদৰ মোৰাৰকা, শ্যাম সুন্দৰ মোৰাৰকা আৰু সজল মোৰাৰকাই সযতনে সংৰক্ষণ কৰি ৰাখে। পৰৱৰ্তী সময়ত উক্ত বাসগৃহটো মোৰাৰকা পৰিয়ালে ভাগিনীয়েক  ৰাজু চন্থলীয়া আৰু উদয় চন্থলীয়াক গটাই দিয়াত বাসগৃহটোত থকা উক্ত বিশেষ চকী খনো চন্থলীয়া ভাতৃদ্বয়ে লাভ কৰে। মোৰাৰকা পৰিয়ালৰ পৰা চকী খনৰ সন্দৰ্ভত সকলো কথা জানিব পাৰি চন্থলীয়া ভাতৃদ্বয়ে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত উক্ত কাঠৰ আৰামী চকী খন সুদীৰ্ঘ বছৰ ধৰি সযতনে সংৰক্ষণ কৰি ৰাখিছে। এই ক্ষেত্ৰত জনতাৰ শিল্পী গৰাকীয়ে বহা উক্ত চকী খন চৰকাৰী ভাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চন্থলীয়া ভাতৃদ্বয়ে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক বিনম্ৰ আহ্বান জনাইছে।

গহপুৰৰ পূৱ বৰঙাবাৰীৰ নামঘৰত চুৰিকাণ্ড -তীব্ৰ প্ৰতিক্ৰিয়া ।

ডুবিয়া

গহপুৰ মহকুমাৰ শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, পূৱ বৰঙাবাৰী প্ৰাথমিকৰ বৰ নামঘৰত যোৱা নিশা চুৰি কাৰ্য সংঘটিত হয় ৷ মহকুমাটোৰ খাটৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে  অৱস্থিত নামঘৰ ভাগত চোৰে নিশা তলা ভাঙি মণিকূটৰ পৰা ৰূপৰ ফুলি, পিতলৰ চাকি, কাঁহৰ ঘটি – বাতি, ষ্টীলৰ গিলাচ আদি সামগ্ৰীৰ লগতে মণিকূটত জমা থকা পাঁচহেজাৰ টকা চোৰ চুৰ কৰি নিয়ে ৷ উল্লেখ্য যে, চোৰে নামঘৰভাগত মলত্যাগ কৰি থৈও যায় ৷ ইপিনে, আজি পুৱা নামঘৰীয়া নামঘৰলৈ অহাৰ পিছতে চুৰিকাণ্ডৰ কথা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ নামঘৰ পৰিচালনা সমিতিয়ে ঘাঁহিগাঁও আৰক্ষীক বিষয়টো অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ সঠিক তদন্তৰে  চোৰৰ দলটোক কৰায়ত্ব কৰিবলৈ ৰাইজে আৰক্ষী প্ৰশাসনক  দাবী জনাইছে ৷ ইপিনে, গাঁৱৰ যুৱক বৃন্দই আজি দিনত নামঘৰ ভাগ পৰিস্কাৰ কৰাৰ লগতে চেনিটাইজ  কৰি পৰিবেশ বিশুদ্ধ কৰি তোলে।

বিস্ফোৰিত বাঘজান গেছ কূপ পৰিদৰ্শন কেন্দ্রীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ।

 ডিৰাক সীমান্ত

 যোৱা ২৭ মাৰ্চৰ পূৱা বাঘজান ৫ নং গেছ কূপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল গেছ আৰু কন্ডেনছেট । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে গেছ বিস্ফোৰণৰ ১৪দিনৰ দিনা কূপটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি বিভিন্নজনৰ ঘৰবাৰী নিঃশেষ হ’ল । অন্যহাতে উক্ত অগ্নিকাণ্ডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জলাশয়ত জাপ দিয়াৰ ফলত প্ৰাণ গৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুজনকৈ কৰ্মচাৰীৰ । ভয়ত ত্ৰস্তমান ৰাইজে এতিয়া নিজৰ হেঁপাহৰ ঘৰখন এৰি থাকিব লগা হৈছে আশ্ৰয় শিবিৰত । যোৱা ইংৰাজী ১০ আৰু ১১ জুন তাৰিখে ক্ৰমে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰাই  বাঘজানৰ পৰিস্থিতি বুজ লবলৈ আহিছিল যদিও ৰাইজক আশ্বস্ত কৰাৰ বিপৰীতে জ্বলা জুইত ঘিঁউ ঢলাৰ দৰে মন্তব্য কৰি শেষত সংবাদ মাধ্যমকহে দোষাৰোপ কৰে । আজি পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কেন্দ্রীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বাঘজনত উপস্থিত হৈ গেছ কূপটো পৰ্যবেক্ষণ কৰাৰ লগতে আশ্ৰয় শিবিৰত সোমাই ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বাঘজানক নতুনকৈ গঢ়াৰ মানসেৰে বাঘজানত বান খহনীয়া প্ৰতিৰোধৰ বাবে ২৭ কোটি টকা ঘোষণা, বাঘজানত একোখনকৈ মডেল হস্পিটেল, পশু চিকিৎসাল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন, বাঘজান অঞ্চলৰ পৰা তিনিচুকীয়ালৈ যাতায়তৰ সুবিধাৰ্থে এটি পকী পথ নিৰ্মাণ, মাগুৰি মতাপুং বিল পৰিষ্কাৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব অইল ইণ্ডিয়া লিমিটেডে লব লাগিব, ভাৰত চৰকাৰ, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেডে মিলি মতাপুং মাগুৰি বিলক পৰ্যটকৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়া, অঞ্চলটোৰ যুৱ উন্নয়নৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা আৰু মহিলাসকলৰ আত্ম সহায়ক গোটৰ বাবে বিশেষ আৰ্থিক সাহায্য প্রদান কৰাৰ  কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে অঞ্চটোৰ ৰাইজৰ কিমান কি ক্ষয়-ক্ষতি হ’ল তাৰ সকলো পৰীক্ষা নিৰিক্ষা কৰি উচিত ক্ষতিপূৰণৰ দিয়াৰ কথা উল্লেখ কৰে । এতিয়া বাঘজান বাসীৰ প্ৰশ্ন অনাগত দিনত এই সকলোবোৰ ঘোষণা কাৰ্যকৰী হ’বনে নহয় ?

জুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

জুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

উজনি-মাজুলী

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯.১৬ শতাংশ নম্বৰলৈ আটাইকেইটা বিষয়তে লেটাৰসহ ডিস্টিংচন পোৱা দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পিছতে তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছে মাজুলীৰ বিভিন্ন সুহৃদ সংগঠন | আজি বিয়লি পহুমৰা নাথ গাঁওৰ নিৱাসী পৰশুৰাম নাথ আৰু ৰঞ্জুমণি নাথৰ সুযোগ্য পুত্র জিতুমণি নাথৰ গৃহত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ বিষয়ববীয়া তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনুপ্ৰভা দেৱী, কবি-সাংবাদিক  পাপু বৰা, মাজুলী জিলা সাহিত্য সভাৰ নবনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগন, প্ৰাক্তন ছাত্রনেতা শংকুসিদ্ধ নাথ উপস্থিত হৈ ছাত্রীগৰাকীক কিছু আৰ্থিক সাহাৰ্য্য আৰু লেখন সামগ্ৰী প্ৰদান কৰে | অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টে দুদিনপূৰ্বেও দৰিদ্ৰ মেধাৱী ছাত্ৰী আৰতি হাটীমতাক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছিল | ট্ৰাষ্টৰ বিষয়ববীয়াসকলৰ এনে মহান পদক্ষেপৰ শলাগ লৈছে মাজুলীৰ সচেতন সমাজে |

গৰৈমাৰীত জি কে এছ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন ।

সোণতলী ছয়গাঁও,

বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ সাধাৰণ সভাখন আজি জ্যেষ্ঠ সমাজকৰ্মী আব্দুৰ ৰহমানৰ সভাপতিত্বত গৰৈমাৰীৰ চিৰাতুনব্বী পুঁথিভড়ালত অনুষ্ঠিত হয়৷ সভাত আগন্তক বৰ্ষৰ বাবে আমিন ময়নুল হক (আমাৰ অসম)ক সভাপতি, আব্দুৰ ৰহিম (প্ৰাগ নিউজ)ক কাৰ্যকৰী সভাপতি, আবুল কালাম আজাদ (নিউজ১৮)ক উপ-সভাপতি, নুৰুল ইছলাম আৰু নয়ান আলী (নিয়মীয়া বাৰ্তা)ক সাধাৰণ সম্পাদক, আজিজুল হক (কালাতলী)ক সহকাৰী সম্পাদক, ইছমাইল হুছেইন (সোণতলী)ক সাংগঠনিক সম্পাদক, জমিৰ আল-হাছান (গৰৈমাৰী)ক প্ৰচাৰ সম্পাদক, নুৰুল ইছলাম, কামাৰুজ জামান, মহৰ আলী, ছিৰাজুল হকক কাৰ্যকৰী সদস্য আৰু ৰেজাউল কবিৰ, আনোৱাৰ হুছেইন, ছাইফুল ইছলামক সদস্য হিচাপে লৈ জি কে এছ প্ৰেছ ক্লাবৰ এখন নতুন সমিতি গঠন কৰা হৈছে৷ সভাত আব্দুৰ ৰহমান, আজাদ ওচমান গণি, মনছুৰ ৰহমান খান, আব্দুল মজিদ আৰু শ্বহিদুৰ ৰহমানক প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা হিচাপে লোৱা হৈছে৷ উল্লেখ্য যে গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবখন বিগত পোন্ধৰ বছৰ ধৰি দুটা গোটত বিভক্ত হৈ আছিল৷ দীৰ্ঘদিনৰ বিবাদৰ অন্ত পেলাই নতুনকৈ একত্ৰিত হৈ গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবখন গঠন কৰাত সচেতন মহলে অঞ্চলটোৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ লগতে সমাজৰ উন্নয়নৰ উদ্দেশ্যে আগবাঢ়ি যাৱলৈ আহ্বান জনায়৷