Home Blog Page 3386

ডুমডুমাৰ ন-মেছাকীত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

পৰাগ গগৈ, ডিৰাক সীমান্ত

ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত তালাপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মেচাকী বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত ন-পথাৰ গাঁৱৰ এজন লোকৰ মৃত্যু হয়৷ মৃদুল শইকীয়া নামৰ লোকজনে বিগত সপ্তাহত হেৰুৱা দুটা গৰু বিচাৰিবলৈ গৈ ন-মেচাকী বনাঞ্চলৰ মাজেৰে থকা গো-বাটেদি আজি বিয়লি ওভতি আহোতেই  বনাঞ্চলত তিনিজনীয়া বন্যহস্তী  জাকৰ সৈতে মুখামুখি হয়। বন্যহস্তীৰ জাকটোৱে তেওঁলোকক বাট আগচি ধৰাত লগত যোৱা কেইজনে কথমপি প্ৰাণলৈ পলায়ন কৰে যদিও মৃদুল শইকীয়া (৪০) নামৰ লোকজনক হাতীৰ জাকটোৱে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত মৃদুল শইকীয়াই ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়৷ মৃত্যুৰ সময়ত মৃদুল শইকীয়াই দুগৰাকী কন্যাসহ পত্নীক এৰিথৈ যায়৷ শেহতীয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিতহৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে৷

ত্ৰিপুৰাত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানৰ শৰীৰত কভিড-১৯

দেশৰ উত্তৰ পূবৰ ৰাজ্য ত্ৰিপুৰা পুনৰ সন্নিৱিষ্ট হ’ল ক’ৰ’ণা আক্ৰান্তৰ তালিকাত। দুগৰাকী সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানৰ শৰীৰত ধৰা পৰিল কভিড-১৯ৰ উপস্থিতি। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটাৰ যোগে সদৰি কৰে এই তথ্য।জোৱান দুজন ধলাই জিলাৰ জয়নগৰস্থিত ১৩৮ নং বেটেলিয়ানত নিয়োজিত আছিল। ইয়াৰে এজনৰ আছে ভ্ৰমণ বুৰঞ্জী আৰু আনজনৰ আছে যোগাযোগৰ বুৰঞ্জী৷ জানিব পাৰা মতে, এই যোগাযোগৰ বুৰঞ্জী (Contact History)ত পুনৰ অসমৰ সৈতে যোগাযোগ থকাৰ তথ্য পোহৰলৈ আহিছে। এগৰাকী জোৱান অসমৰ ডিব্ৰুগড়ৰ পৰা গৈছিল ত্ৰিপুৰাৰ জহৰনগৰ বেটেলিয়ান কেম্পলৈ৷ আনজন এইজনৰ সংস্পৰ্শত আহি সংক্ৰামিত হৈছিল। শুকুৰবাৰৰ নিশা আগৰতলাৰ জি বি হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছিল দুয়োজন জোৱানক৷ ইয়াৰ পূৰ্বে জ্বৰ থকাৰ কাৰণে ধলাই জিলা হাস্পতালত চিকিৎসা কৰোৱা হৈছিল৷ শনিবাৰে দুপৰীয়াৰ ভাগত জোৱান দুজনৰ পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ বুলি নিশ্চিত হয়৷

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ কাৰণেও এপটো বাধ্যতামূলক কৰা হ’ল৷ সকলো কৰ্মচাৰীয়ে এই এপ ব্যৱহাৰ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ’ব বুলিও জনাইছে৷ ক’ভিড-১৯ কনটেনমেণ্ট জ’নত যে সকলো মানুহ আছে তাৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে৷ যাতে তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ দিব পাৰি৷ কনটেনমেণ্ট এলেকাৰ আৰোগ্য সেতু এপৰ ১০০ শতাংশ কভাৰেজ স্থানীয় প্ৰশাসনে নিশ্চিত কৰা হ’ব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ ক’ৰ’ণা আক্ৰান্তৰ ওপৰত নজৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ এপ্ৰিল মাহত আৰম্ভ কৰে৷ আৰোগ্য সেতু এপ৷ ব্লুটুথ আৰু জিপাএছৰ জৰিয়তে এপ ব্যৱহাৰকাৰীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হয়৷ এন্ড্ৰয়ড ফোনৰ গুগুল প্লে ষ্ট’ৰ আৰু আই ফোনত এপল ষ্ট’ৰলৈ গৈ Aarogya Setu লিখি চাৰ্চ কৰিলেই এপটো ডাউনলড কৰিব পৰা যাব৷

দিল্লীৰ চিআৰপিএফৰ কেম্পত ক’ৰ’ণাত আক্ৰান্ত ১২২ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

অনলাইন বাৰ্তা, ২ মে’ঃ দিল্লীৰ ময়ূৰবিহাৰৰ চিআৰপিএফৰ কেম্পত ১২২জন ক’ৰ’ণাত আক্ৰান্ত হৈছে৷ উল্লেখ্য যে ক’ৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে এজন জোৱানৰ মৃত্যু হৈছে৷ তাৰ পাছত এজনক কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ ইয়াৰ পাছতো ইয়াত সংক্ৰমণ ৰোধ কৰাত সম্ভৱ নহ’ল এই কেম্পত৷ ইতিমধ্যে ১২২জনৰ দেহাত ক’ৰ’ণাই আশ্ৰয় লৈছে বুলি পৰীক্ষাৰ ৰিপৰ্টত প্ৰকাশ৷ যিহেতু এই পৰীক্ষাত পজিটিভ পোৱা গৈছে৷ বিষয়টোক লৈ অতি উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ পূব দিল্লীৰ এই কেম্পত আছে চিআৰপিএফৰ ৩১ নম্বৰ বেটেলিয়ন৷ কিছুদিনৰ আগতে এই বেটেলিয়নৰ এজন জোৱান ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ চিআইএচএফৰ এই সদস্যজন ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত নামিছিল৷ তেওঁ নাৰ্ছিং এছিছটেণ্ট হিচাপে কাম কৰিছিল৷ যোৱা ১৭ এপ্ৰিলত তেওঁৰ দেহাত ক’ৰ’ণাৰ উপসৰ্গই দেখা দিয়ে৷ ২১ এপ্ৰিলত পৰীক্ষা কৰি তেওঁ ক’ৰ’ণাত পজিটিভ ধৰা পৰে৷ তেওঁক ৰাজীৱ গান্ধী হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ ইয়াৰ পাছতে এই বেটেলিয়ন কেম্পৰ সদস্যসকল ক’ৰ’ণাত আক্ৰান্ত হয়৷ এই বেটেলিয়ন কেম্পৰ ৪৫ জন জোৱানৰ দেহাত ক’ৰ’ণাৰ অস্তিত্ব ধৰা পৰাত তাৰ এক হাজাৰজনৰ কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ এই মুহূৰ্তত ইয়াৰ সংখ্যা বাঢ়ি ১২২ হ’লগৈ৷ চিআৰপিএফৰ সূত্ৰে পোৱা খবৰ মতে ইতিমধ্যে ১২২ জনৰ ক’ভিড ৰিপৰ্ট পজিটিভ পোৱা গৈছে৷ আন এশজনৰ ৰিপৰ্টৰ অপেক্ষাত আছে৷ কিদৰে এই সংক্ৰমণ বাঢ়িল চিআৰপিএফৰ সঞ্চালক প্ৰধান এ পি মহেশ্বৰীৰ পৰা ব্যাখ্যা বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷

আমেৰিকাৰ চোৰাংচোৱাই চলালে অনুসন্ধান মানৱ সৃষ্ট নহয় ক’ৰ’ণা ভাইৰাছ

অনলাইন বাৰ্তা, ১ মেঃ চীনৰ উহানৰ পৰীক্ষাগাৰত ক’ৰ’ণা ভাইৰাছ সৃষ্টি হৈছে বুলি আলোচনা হৈছিল৷ এইবাৰ ইয়াক নস্যাৎ কৰিছে স্বয়ং আমেৰিকাৰ চোৰাংচোৱা বিভাগে৷ এই ভাইৰাছ মানৱ সৃষ্ট নহয় বুলি জনাইছে৷ এক বিবৃতিত আমেৰিকাৰ ডিৰেক্টৰ অব নেচনেল ইণ্টেলিজেঞ্চে জনাইছে, দেশৰ সকলো চোৰাংচোৱা বিভাগে পৰিস্থিতিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে৷ বিজ্ঞানসন্মতভাৱে ভাইৰাছটোক লৈ তথ্য সংগ্ৰহ কৰাৰ পাছত জানিব পৰা গৈছে ক’ভিড-১৯ মানুহৰ দ্বাৰা সৃষ্ট নহয় বা জিনগতভাৱে কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই৷ সমগ্ৰ বিশ্ব সংক্ৰমণ হোৱাৰ পাছত চীনৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোৱাইছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ ইয়াৰ কাৰণে চীনক ক্ষতিপূৰণ দিবলৈ হুংকাৰ দিছিল৷ ট্ৰাম্পৰ সেই বক্তব্যৰ কেইঘণ্টামানৰ পাছতে মাৰ্কিন চোৰাংচোৱা বিভাগে এনে তথ্য তুলি ধৰে৷ উল্লেখ্য যে যোৱা সোমবাৰে ট্ৰাম্পে কৈছিল, বেইজিঙে ভাইৰাছটোকলৈ তথ্য গোপন কৰিছে৷ ফলত সমগ্ৰ বিশ্বত ৩২ লাখ মানুহ আক্ৰান্ত হৈছে৷ মৃত্যু হৈছে ২ লাখ ২৭ হাজাৰ মানুহ৷ ইয়াৰ বাবে সম্পূৰ্ণ দায়ী চীন৷ ক’ৰ’ণা সংক্ৰমণ হোৱাৰ লগে লগে আলোচনা হৈছিল ভাইৰাছটো মানৱ সৃষ্ট৷ যোৱা ৮ এপ্ৰিলত প্ৰকাশিত পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক সমীক্ষাত দেখা গৈছিল, ২৯ শতাংশ মাৰ্কিন নাগৰিকে বিশ্বাস কৰে ভাইৰাছটো পৰীক্ষাগাৰত তৈয়াৰ কৰা হৈছিল৷ কিন্তু সেই দাবীৰ কোনো প্ৰমাণ এই পৰ্যন্ত পোৱা নাই৷ তাৰ পাছত বৃহস্পতিবাৰে আমেৰিকাৰ অফিচ অব দ্য ডিৰেক্টৰ অব নেচনেল ইণ্টেলিজেঞ্চে জনায়, মাৰ্কিন চোৰাংচোৱা সংস্থাবোৰে অত দিন ধৰি তদন্ত কৰি এই সিদ্ধান্তলৈ আহিছি যে ক’ৰ’ণা ভাইৰাছ মানুহে তৈয়াৰ কৰা নহয় বা জিনগতভাৱে ইয়াৰ কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই৷ ভৱিষ্যতে চোৰাংচোৱাই এই ভাইৰাছৰ উৎস লৈ তদন্ত কৰি যাব বুলি জনাইছে৷

কেবিনেট মন্ত্ৰীসকলৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰীৰ বিশেষ ৰে’ল চলাচলত অনুমোদন

অনলাইন বাৰ্তা, ১ মে’ঃ বৰ্তমানে অব্যাহত থকা লকডাউন অহা ৩ মে’ত অন্ত পৰাৰ আগমুহূৰ্তত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক আলোচনা সভাত মিলিত হয়৷ এই সভাত প্ৰব্ৰজন কৰা শ্ৰমিকসকলক নিজৰ গৃহ ৰাজ্যলৈ পঠাবৰ বাবে বিশেষ ৰে’ল চলাচল কৰাৰ বিষয়ে আলোচনা কৰে৷ ইয়াৰ লগতে পুনৰ বিমান চলাচল কেতিয়া আৰু কিদৰে কৰা হ’ব সেই বিষয়েও আলোচনা কৰে৷ এই সভাৰ পাছতে লকডাউনৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ প্ৰব্ৰজন কৰা শ্ৰমিক, তীৰ্থ যাত্ৰী, পৰ্যটক, ছাত্ৰ-ছাত্ৰী আৰু আন লোকক আনিবৰ বাবে গৃহ মন্ত্ৰালয়ে বিশেষ ৰে’ল চলাচলৰ অনুমোদন কৰে৷ ৰে’ল মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় ৰে’লৰ দ্বাৰা এই কাম কৰা হ’ব আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত সমন্বয় ৰাখিবৰ বাবে ন’ডেল বিষয় থাকিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২৭ এপ্ৰিলত মুখ্যমন্ত্ৰীসকলৰ সৈতে অৰ্থনৈতিক অৱস্থা, ক’ভিড-১৯ৰ সৈতে হোৱা যুঁজৰ লগতে পৰবৰ্তী পদক্ষেপৰে বিষয়ে আলোচনা কৰিছিল৷ এই সভাত গৃহ মন্ত্ৰী অমিত স্বাহ, ৰে’ল মন্ত্ৰী পিযুষ গোৱেল আৰু বিমান পৰিবহণ মন্ত্ৰী হৰদীপ পুৰি উপস্থিত আছিল৷ আনহাতে ঘৰুৱাভাৱে চলাচল কৰা ব্যক্তিগত কোম্পানীবোৰে চৰকাৰৰ সংকেতলৈ বাট চাই আছে৷ অতি সোনকালে এই কোম্পানীবোৰে চৰকাৰৰ সেউজ সংকেত পাব বুলি প্ৰাপ্ত সূত্ৰই লগতে কয়৷ অৱশ্যে এই বিমান চলাচলত ব্যক্তিগত কোম্পানীবোৰে সামাজিক দূৰত্ব ৰক্ষা কৰা আৰু ক’ভিড-১৯ ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ নিয়ম মানিব লাগিব৷ উল্লেখ্য যে ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো মাৰাথন মিটিং কৰি অৰ্থনৈতিক অৱস্থা উন্নতিৰ বাবে আলোচনা কৰিছিল৷ এই সভাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, গৃহ মন্ত্ৰী অমিত শ্বাহ আদি উপস্থিত আছিল৷

৪ মে’ৰ পৰা ১৭ মে’লৈকে ১৪ দিনলৈ পুনৰ বৃদ্ধি লকডাউন কেন্দ্ৰৰ নতুন নিৰ্দেশনা জাৰি

অনলাইন বাৰ্তা, ১ মে’ঃ পুনৰ বৃদ্ধি কৰিলে লকডাউনৰ ম্যাদ৷ তৃতীয় পৰ্যায়ৰ লকডাউন ১৪ দিনৰ বাবে অৰ্থাৎ ১৭ মে’লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ দেশত যিদৰে ক’ভিড-১৯ সংক্ৰমণ হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি বিপর্যয় মোকাবিলা আইন, ২০০৫ অনুযায়ী এই সিদ্ধান্ত লোৱা হয় বুলি গৃহ মন্ত্ৰালয়ে জনাইছে৷ উল্লেখ্য যে ৪ মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ’ব৷ এই ১৪ দিনত কোন ক্ষেত্ৰত কি দৰে কাৰ্যকলাপ চলাব অথবা চলাব নোৱাৰে তাকে লৈও কেন্দ্ৰই নতুন নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে গ্ৰীণ জ’ন আৰু অৰেঞ্জ জ’নৰ বহু বিধিনিষেধ শিথিল কৰিছে কেন্দ্ৰই৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠক কৰে অমিত শ্বাহসহ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আন সদস্যৰে৷ সেই বৈঠকত ক’ৰ’ণা পৰিস্থিতি আৰু লকডাউনৰ প্ৰয়োজনীয়তা লৈ পৰ্যালোচনা কৰে৷ তাৰ পাছত সন্ধিয়া গৃহ মন্ত্ৰালয়ে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰে লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ৷ এই তৃতীয় পৰ্যায়ৰ লকডাউন সন্দৰ্ভত নতুন সিদ্ধান্তবোৰৰ মতে যিবহৰ জিলাত কোনো সংক্ৰমিত হোৱা নাই বা গত ২১ দিনত কৰা টেষ্টিং ৰিপৰ্টত পজিটিভ হোৱা নাই সেইবোৰ জিলাক গ্ৰীণ জ’ন ধৰা হ’ব৷ আনহাতে কোনবোৰ জিলা গ্ৰীণ বা ৰেড জ’ন হিচাপে ধৰা হ’ব সেয়া নিৰ্ধাৰণ কৰা হ’ব সেই জিলাত চিকিৎসাধীন ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা, আক্ৰান্তৰ সংখ্যা দুগুণ হোৱাৰ সময়সীমা, টেষ্টিঙৰ পৰিমাণ আৰু নজৰত অহা ৰিপৰ্টৰ ভিত্তিত৷ তদুপৰি যিবোৰ জালা গ্ৰীণ বা ৰেড জ’নৰ মাজত পৰা নাই সেইবোৰ অৰেঞ্জ জ’ন ধৰা হ’ব৷ আনহাতে গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জ’ন কোন কোন জিলাক ৰখা হৈছে সেয়া কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰতি সপ্তাহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক জনোৱা হ’ব৷ ইয়াৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ চান ৰেড বা অৰেঞ্জ জ’নৰ তালিকাট জিলাৰ সংখ্যা বঢ়াব পাৰিব৷ কিন্তু কেন্দ্ৰই দিয়া ৰেড বা অৰেঞ্জ জ’নৰ তালিকাত কটা নহ’ব৷ উল্লেখ্য যে নিত্যব্যৱহাৰ্য নোহোৱা ই-কমাৰ্চ গ্ৰীণ আৰু অৰেঞ্জ জ’নত অনুমোদন কৰা হৈছে৷ আনহাতে আন্তঃৰাজ্যিক ভ্ৰমণৰ বাবে টেক্সি আৰু কেব চালক আৰু এজন যাত্ৰীক লৈ অৰেঞ্জ জ’নত অনুমতি দিয়া হৈছে৷ বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠান মুকলিত ৰেড জ’নত অনুমতি দিয়া হৈছে৷ ইয়াত থাকিব ছাপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম, আই টি আৰু আই টি সেৱা, ডাটা আৰু কল চেণ্টাৰ, ক’ল্ড ষ্ট’ৰেজ আৰু ৱেৰহাউচিং সেৱা, প্ৰাইভেট ছিকিউৰিটি আৰু ফেকালিটি মেনেজমেণ্ট সেৱা, আত্মসংস্থাপনৰ ব্যক্তি, নাপিত আৰু আগতে উল্লেখ কৰা দিশবোৰ৷

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত নতুন ফেছন বুলি ভাবি ল’ব লাগে সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰ

অনলাইন বাৰ্তা, ১ মে’ঃ সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰক নতুন ফেছন বুলি ভাবি ল’ব লাগে৷ এই কথা কৈছে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে৷ বিষয়াজনৰ বক্তব্য, অৰ্থনৈতিক কামকাজ আৰমডা° কৰাৰ প্ৰয়োজন৷ ক’ৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ দেশত লকডাউন৷ স্থবিৰ হৈ পৰিছে অৰ্থনৈতিক কামকাজ৷ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ পূৰ্বে পুনৰ ১৪ দিনৰ বাবে লকডাউন বঢ়োৱাৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনীতিৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰাৰ আৰম্ভ কৰিছে বিশেষজ্ঞ মহলে৷ আগন্তুক দিনত সাধাৰণ জীৱন-জীবিকা কি দৰে আগুৱাই নিয়া হ’ব এই বিষয়ে সাম্ভাৱ্য পথৰ সন্ধান দিছে বিষয়াজনে৷ টুইটত অমিতাভ কান্তই লিখিছে ৰেড জ’নবোৰত কঠোৰভাৱে লকডাউন মানিব লাজিব৷ সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰ নতুন ফেছন বুলি ভাবি লোৱা হ’ব৷ ক’ৰ’ণা ভাইৰাছ ভৱিষ্যতে ঘূৰি আহিব পাৰে৷ একে ভুল কৰি চলিব নালাগিব৷ বয়স্ক লোকৰ প্ৰতি বিশেষভাৱে দৃষ্টি দিব লাজিব৷ ক’ৰ’ণা ভাইৰাছৰ ভেকছিন আবিষ্কাৰ অতি সোনকালে হ’ব৷অৰ্থাৎ সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব৷ ইয়াৰ লগতে লিখিছে, জীবিকাৰ তাগিদাত অৰ্থনৈতিক কাম আৰম্ভ কৰাৰ প্ৰয়োজন৷ ক’ৰ’ণা মোকাবিলাত কেতবোৰ বিশেষ দল গঠন কৰিছে কেন্দ্ৰই৷

গৌৰীপুৰত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়ম

ছামচুল হক সেখ, গৌৰীপুৰ

গৌৰীপুৰৰ উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে লকডাউনত গৃহবন্দী হৈ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰেচন কাৰ্ড নথকা পৰিয়ালৰ মাজত চৰকাৰে গাইপতি পাঁচ কিলোগ্ৰাম কৈ চাউল যোগান ধৰিছে যদিও দেৱীতোলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে ৰাইজক। পঞ্চায়ত সভানেত্ৰী আৰু সচিবে ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰাৰ বিষয়ে পাকে প্ৰকাৰে স্বীকাৰ কৰে। ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰাত ক্ষুব্ধ হৈ পৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে। উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তৰ অনিয়ম চৰজমিন তদন্ত কৰিব লৈ চৰকাৰক ৰাইজে দাবী কৰিছে৷

দৰঙৰ খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান পুখুৰীৰ জীৱকুলৰ বাবে খাদ্য যোগান

দ্বীপেন ডেকা, নামখলাদৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান দেৱালয়ৰ পদ্মাপুখুৰীত থকা বহু সৰু বৰ কাছ আৰু মাছকে ধৰি শহা, ম’ৰা, হাঁহ, পাৰ চৰাই লকডাউনৰ সময়ত খাদ্য সংকটত পৰিছে৷ প্ৰতিদিনে সত্ৰ আৰু দেৱালয়লৈ অহা প্ৰকৃতিপ্ৰেমী আৰু দৰ্শনাৰ্থীয়ে এই জীৱকুলক বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আগবঢ়ায়ইছিল৷ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছৰ বাবে লকডাউনৰ ফলত দেৱালয় তথা সত্ৰত দৰ্শনাৰ্থী অহা বন্ধ হোৱাত জীৱকুলৰ ওপৰত প্ৰভাৱ পৰে৷ বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে খবৰ পায় মাছ, কাছ আৰু জীৱকুলৰ বাবে খাদ্য সামগ্ৰী লৈ পৰিচালনা সমিতিৰ ওচৰত ঠিয় দিয়ে দৰঙৰ এটি বৃহৎ স্বেচ্ছাসেৱী অনুষ্ঠান “ইউনিটী উই ডা ব্লাড ডোনাৰ”৷ এই স্বেচ্ছাসেৱী অনুষ্ঠানটি শেখৰ মজুমদাৰৰ নেতৃত্বত উপস্থিত হোৱাত দেৱালয় আৰু সত্ৰৰ পৰিচালনা সমিতি কিছু সকাহ পায় বুলি জানিবলৈ দিয়ে৷