Breaking

লক ডাউন আৰু অসমৰ চাহ শিল্প

0 842

এটি কলি দুটি পাত হিচাপে গ্ৰাম্য অঞ্চলত পৰিচিত চাহ উদ্যোগ।চাহ উদ্যোগ সম্পৰ্কে বিশেষ ঐতিহাসিক তথ্য বিচাৰি পোৱা নাযায় যদিও ভাৰতবৰ্ষত চাহ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ব্ৰিটিছৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত। ১৭৭৮ চনত ছাৰ যোছেফ বেংকক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নতুন শস্য উৎপাদন সম্পৰ্কত জেলানি টোকা প্ৰস্তুত কৰোঁতে ব্ৰিটিছ বিষয়াজনে তেওঁ ভাৰতবৰ্ষত চাহ উৎপাদন কৰিব লাগে বুলি পৰামৰ্শ প্ৰদান কৰে। হয়তো এয়াই আছিল আজিৰ চাহ শিল্পৰ অংকুৰিত বীজ। প্ৰথম অৱস্থাত ব্ৰিটিছ সকলে নিজা উদ্যোগত চাহ বাগিচা সমূহ স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত মণিৰাম দেৱানে নিজ প্ৰচেষ্টাত চেনিমৰা আৰু চেংলুঙত দুখন চাহ বাগিচা পাতে। উল্লেখ্য যে ১৮৫২ চনলৈ ব্যক্তিগত উদ্যোগত শিৱসাগৰত মানুহে মাথোঁ তিনিখন বাগিচা পাতিছিল। ইয়াৰ দুখন মণিৰামৰ আৰু এখন আছিল এজন চাহাবৰ। ব্ৰিটিছ যুগ বা তাৰ পৰৱৰ্তী সময়ত এক বিশেষ শ্ৰেণীৰ মাজত এই উদ্যোগ আছিল। নিবনুৱা সমস্যা বৃদ্ধিৰ ফলত আৰু স্থানীয় ভাবে বটলিফ ফেক্টৰী সমূহ হোৱাৰ ফলত অসমৰ সকলো শ্ৰেণীৰ মানুহে ইয়াক কৃষি হিচাপে আঁকোৱালি ল’লে আৰু কালক্ৰমত ই এক গ্ৰাম্য সমাজৰ অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলালে। বৰ্তমান অসমৰ কিছু কিছু অঞ্চলত চাহ শিল্পই অৰ্থনীতিৰ মূল ভেটি। সাম্প্ৰতিক সময়ৰ কোভিড-১৯ সন্ত্ৰাসে সৃষ্টি কৰা লক ডাউনৰ ফলত বিশ্ব অর্থনীতি বিধ্বস্ত হৈছে। সকলোতে হাহাকাৰ।এই বিধ্বস্ত অৰ্থনীতিৰ বতাহজাকে বাৰুকৈয়ে ভাঙি পেলাইছে চাহ শিল্পৰ অৰ্থনীতিক।এই লকডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে সমগ্ৰ ভাৰতৰ লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। সাধাৰণতে চাহ গছৰ উৎপাদন আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা। কিন্তু লকডাউনৰ বাবে এই উৎপাদন স্তব্ধ হৈ পৰিল।অৱশ্যে চৰকাৰে এই উদ্যোগৰ কথা চিন্তা কৰি লকডাউনৰ মাজতে চাহ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰে কিছু নীতি-নিৰ্দেশনা দি ৰাজ্যৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহৰ কাম-কাজ চলাবলৈ অনুমতি প্ৰদান কৰিলে যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজিও কেঁচা পাত উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।চাহ গছৰ চিঙিবলগীয়া পাত সমূহ এক নিদিষ্ট সময়ৰ ভিতৰত ছিঙিব লাগে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সময়ত কেঁচা পাত ছিঙিব নোৱাৰাৰ ফলত পাতসমূহ দীঘল হৈ পৰে। ফলস্বৰূপে বছৰৰ প্ৰথম উৎপাদনৰ কেঁচা পাত (FIRSTFLUSH) সম্পূৰ্ণ ৰূপে হেৰুৱা লগতে বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কসকলে চকুপানী টুকি টুকি দীঘল পাত সমূহ কাটি পেলাবলৈ বাধ্য হৈছে। ফলত এতিয়া আৰ্থিক অনাটনে জুৰুলা কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। ভাগি পৰিছে অৰ্থনীতি।ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া নিজৰ বাগিচাত লঘু কলম দিয়া পাছত কেঁচা পাত উৎপাদন হ’বলৈ কমেও এমাহ সময় লাগিব অৰ্থাৎ মে’ মাহৰ শেষলৈহে চাহ পাত ছিঙিব পাৰে। এনে অৱস্থাত বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ মূৰত সৰগ ভাগি পৰিছে। অলপতে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৰ্বভাৰতীয় মহাসংঘ চমুকৈ ছিছটাৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে সমগ্ৰ ভাৰতত ২ লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত অসমতে প্ৰায় ১লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। লকডাউনৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে প্ৰায় ৫০০ কোটি টকা। এটা বৰ্ষত ভাৰতত মুঠ চাহ উৎপাদন হয় প্ৰায় ১৩৯০ মিলিয়ন কেজি। ইয়াৰে ৫০ শতাংশ চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। চাহ উৎপাদন বৰ্ষৰ আৰম্ভণিৰ পৰা এপ্ৰিল মাহলৈকে বছৰটোৰ মুঠ উৎপাদনৰ ১৫ শতাংশ কেঁচা পাত উৎপাদন হয়। সেই হিচাপত প্ৰতি কেজি কেঁচা পাতত গড়ে ২০ টকাকৈ ধৰিলে প্ৰায় ১০০০ কোটি টকা সমগ্ৰ ভাৰতত ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে। এই লোকচান প্ৰতি বিঘাত প্ৰায় ৭০০০ টকাকৈ। এই হিচাপত লোকচানৰ পৰিমাণ প্ৰায় এহেজাৰ কোটি টকা। ইয়াৰে অৰ্ধেক সংখ্যক গ্ৰাম্য মধ্য, নিম্নমধ্য বিত্ত আৰু দুখীয়া পৰিয়ালৰ। অসমৰ গ্ৰাম্য বহু এনে পৰিয়াল আছে যি হয়তো নিজৰ বাৰীখনত কিছু চাহ গছ ৰোপণ কৰি যেনেতেনে চলি আছিল।এই উদ্যোগৰ লগত জড়িত আছে বহু শ্ৰমিক পৰিয়াল।এনে দুৰ্যোগপূৰ্ণ সময়ত নিশ্চয় চৰকাৰৰ কিছু কৰণীয় আছে। আমি ভাবো চৰকাৰে অৰ্থনীতিত বিশেষ অৰিহণা যোগোৱা এই চাহ উদ্যোগৰ বাবে বিশেষ সাহায্য প্ৰদান কৰি কিছু সকাহ দিব। নহ’লে এই উদ্যোগ এসময়ত মৃতপ্ৰায় উদ্যোগলৈ ৰূপান্তৰ হ’ব। আমাৰ আশা চৰকাৰে এই ক্ষেত্ৰত ইতিবাচক ভূমিকা ল’ব।