Home Blog Page 3439

মৰিগাঁৱত ভূৱা সাংবাদিক আটক

মৰিগাঁৱত ভূৱা সাংবাদিক আটক

লাহৰিঘাট

মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীয়ে ফাৰুক আহমেদ নামৰ এজন স্বয়ংভূ সাংবাদিকক আটক কৰে৷ ভূৱা সাংবাদিকটোৱে নিজে এখন নিউজ টুডে নামৰ  সংবাদ মধ্যমৰ নাম দি ফেচবুক পেজৰ সংবাদ মাধ্যমৰ স্বয়ংভূ সাংবাদিক বুলি নিজে নিজৰ প্ৰেছ কাৰ্ড বনাই লৈছিল৷ মিকিৰভেটা আৰক্ষীয়ে ইতিমধ্যে ধৃত ভূৱা সাংবাদিকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লৈছে৷

নাজিৰা গেলেকীত লকডাউনে জুৰুলা কৰিছে কেঁ‌চা চাহ পাত ব্যৱসায়ীক : অসমৰ কেঁচা চাহ পাত ব্যৱসায়ীক নগালেণ্ডত প্ৰৱেশ নিষিদ্ধ

নাজিৰা

 বিগত প্ৰায় কেইবাদিনো ধৰি দেশত চলি আছে প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনত আৰ্থিক দিশত লোকচানৰ দিশে কেঁ‌চা চাহপাত ব্যৱসায়ীৰ। নাজিৰাৰ গেলেকী অঞ্চলৰ বাসিন্দা প্ৰধান জীৱিকা কেঁ‌চা চাহপাত সংগ্ৰহ কৰি যোগান ধৰা। কিন্তু লকডাউনত কেঁ‌চা চাহ পাত ব্যৱসায়ত অধিক লোকচানৰ সন্মুখীন হৈছে গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীসকল। প্ৰায় দহ বছৰ ধৰি গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীয়ে নাগালেণ্ড মুককচাং জিলাৰ অন্তৰ্গত লুচাইপানী, এনাকী আৰু কানছাং বস্তিৰ নগা লোকসকলৰ চাহ বাগান লিজত লৈ কেঁ‌চা চাহ পাত সংগ্ৰহ কৰি গেলেকীৰ বিভিন্ন চাহপাতৰ উদ্যোগৰ যোগান ধৰি আহিছিল। প্ৰতি বছৰৰ দৰে এইবছৰো বাগান লিজত লোৱাৰ হেতু আগধন হিচাপে কেইবাজনো কেঁ‌চা চাহপাত  ব্যৱসায়ীয়ে প্ৰায় ৮০লাখ টকা নগা লোকসকলক আদায় দিছিল। কিন্তু দেশত চলি থকা লকডাউনৰ পৰিস্থিতিৰ বাবে নাগালেণ্ডত গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নাগালেণ্ড চৰকাৰে। তাৰ ফলত বিমোৰত পৰিছে গেলেকীৰ কেঁ‌চা চাহপাত ব্যৱসায়ীসকল। কিয়নো চাহপাত উদ্যোগসমূহৰ পৰা চাহপাত দিয়াৰ চুক্তি কৰি ৮০ লাখ টকা আগধন লোৱাৰ বাবে চাহপাতৰ উদ্যোগ সমূহে চাহপাতৰ বাবে হেঁ‌চা প্ৰয়োগ কৰিছে। কিন্তু এতিয়া উপায়হীন এই সকল কেঁ‌চা চাহপাত ব্যৱসায়ী।আনফালে লকডাউনৰ সময়ত নাগালেণ্ডৰ পৰা গেলেকীৰ ভিন্ন অঞ্চললৈ এটা বৃহৎ চিণ্ডিকেটৰ মাজেৰে দৈনিক সৰবৰাহ হৈ আহিছে কয়লা আৰু পান। তেনেস্থলত কিয় মুটা অংকৰ আগধন লৈও নিত্য ব্যৱহাৰ্য্য চাহপাত নাগালেণ্ডৰ পৰা গেলেকীলৈ সৰবৰাহ কৰাত বন্ধ কৰি দিছে ইয়াকে লৈ বিমূৰত পৰিছে৷

বোকাজানত উত্তেজনা : চিকিৎসকে সংঘটিত কৰিলে যৌন নিৰ্যাতনৰ ঘটনা

বোকাজান

যি সময়ত বিশ্বৰ চিকিৎসক সমাজে দিনে নিশাই কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখি ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে চৰম যুঁজত অৱতীৰ্ণ হৈ পৰি মানৱ সমাজৰ বাবে ঈশ্বৰৰ ট্ৰানকৰ্তা সদৃশ ৰূপ লৈছে তেনে সময়তে বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰৰ এগৰাকী পশু ৰূপী চিকিৎসকৰ দ্বাৰা চিকিৎসালয়খনত সংঘটিত হৈছে এক যৌন নিৰ্যাতনৰ ঘটনা৷ চিকিৎসালয়খনৰ হোমি’অপেথিক চিকিৎসক শুকানজান দুমুখীয়াৰ নিবাসী ড° চেখ হাচান আব্দুল কাদাৰীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ৷ তাৎপৰ্যপূৰ্ণভাৱে চিকিৎসালয়খনতে কৰ্মৰত এগৰাকী জ্যেষ্ঠ নাৰ্ছৰ ভতিজী নিৰ্যাতিতা কিশোৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁ চাইনাচাটিছ ৰোগত ভুগি থকাত দীর্ঘদিন ধৰি হোমি’অ চিকিৎসকগৰাকীৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি তেওঁ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰি আছিল। ঔষধ শেষ হোৱাত বুধবাৰে পুনৰ কিশোৰীগৰাকীয়ে চিকিৎসকজনৰ চেম্বাৰত গৈ তেওঁক লগ কৰি নতুনকৈ ঔষধ আনিবলৈ যায়। সেই সময়ত চিকিৎসালয়খনৰ মূল গৃহৰ পৰা আঁতৰত থকা হোমি’অ চিকিৎসকজনৰ আছুতীয়া কক্ষ আৰু কক্ষৰ বাহিৰত কোনো নথকাৰ সুযোগ লৈ চিকিৎসকজনে কিশোৰীগৰাকীক পুনৰ শৰীৰ পৰীক্ষা কৰিব লাগিব বুলি কৈ পৰীক্ষা কৰাৰ চলেৰে চিকিৎসকজনে হঠাৎ তেওঁ গোপন অঙ্গত স্পর্শ কৰাৰ লগতে অদ্ভুত আচৰণ কৰিবলৈ ধৰে বুলি কিশোৰীগৰাকীয়ে উল্লেখ কৰে। উক্ত সময়ত চিকিৎসালয়খনৰ দুগৰাকী কৈ চাফাই কৰ্মী উপস্থিত হৈ চিকিৎসকজনৰ কক্ষত ছেনিটাইজাৰ কৰিবলৈ আহিছিল যদিও চিকিৎসকজনে তেওঁলোকক ধমকিৰে আঁতৰাই পঠায়৷ তেনে পৰিস্থিতিত কিশোৰীগৰাকীয়ে কিংকৰ্তব্যবিমূঢ় বিমূঢ় হৈ ভয়ত চিঞৰ বাখৰ লগোৱাত  চিকিৎসালয়খনৰ মূল কেন্দ্ৰত থকা একাংশ চিকিৎসা কৰ্মী আৰু ৰাইজ দৌৰি আহি কিশোৰীগৰাকীক উদ্ধাৰ কৰে। এই ঘটনা নিমিষতে সমগ্ৰ চিকিৎসালয়খনত ৰাষ্ট্ৰ হৈ পৰাত চিকিৎসা কৰ্মী আৰু তাত থকা ৰোগীসকলৰ মাজত হুলস্থুল লাগে।পৰৱৰ্তী সময়ত একাংশই চিকিৎসকজনক তেওঁৰ কক্ষৰ পৰা উলিয়াই আনি লপাথপা দি বোকাজান আৰক্ষীক খবৰ দিয়াত চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে নিৰ্যাতিতা কিশোৰীগৰাকীক শৰীৰ পৰীক্ষা কৰাই তেওঁ জবান বন্দী লয় আৰু অভিযুক্ত চিকিৎসক শেখ হাচান আব্দুল কাদাৰীয়াক আটক কৰি সোধা পোছাৰ বাবে থানালৈ লৈ যায়। উল্লেখযোগ্য যে এই হোমি’অ চিকিৎসকজন পূৰ্বতে বকলীয়াঘাটত কৰ্মৰত হৈ আছিল আৰু তাত থকা অৱস্থাতো এনে একাধিক ঘটনাত তেওঁ নাম সাঙোৰ খাই পৰিছিল বুলি চিকিৎসালয়খনত এই ঘটনাৰ সময়ত উপস্থিত থকা একাংশই সাংবাদিকক জানিবলৈ দিয়ে৷

পঞ্চভূতত বিলিন হ’ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তী

পঞ্চভূতত বিলিনহৈ গ'ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তীৰ নশ্বৰ দেহ

ডিৰাক সীমান্ত

পঞ্চভূতত বিলিনহৈ গ’ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তীৰ নশ্বৰ দেহ৷ ২০১৫ চনত স্থাপন হোৱা বৰডিৰাক সোণালী সত্ৰৰ সত্ৰাধিকাৰ আছিল তেওঁ৷ শেহতীয়াকৈ বাৰ্ধক্যজনিত কাৰণত চিকিৎসকৰ কাষ চাপিছিল যদিও ৮১বছৰ বয়সীয়া এই গুৰুজনাই বুধবাৰে হাৰ মানিব লগা হ’ল নিয়তিৰ ওচৰত৷ এই শোক বাৰ্তাটো চৌদিশে বিয়পি পৰাত সত্ৰত ভিৰ কৰেহি আত্মীয় স্বজন আৰু ভকত বৃন্দই৷ শেষত ধৰ্মীয় নীতি অনুসৰি পৰম্পৰা ৰক্ষা কৰি গায় বায়নৰ মাজেৰে গুৰুজনাক চন্দন পুষ্পৰে সজ্জিত চিতাৰ কাঠত তুলি জনোৱা হয় অন্তিম শ্ৰদ্ধা৷ গুৰুজনাক মুখাগ্নী কৰে পুত্ৰ জগত মহন্তই৷ এতিয়া শোকাকুল সত্ৰ চৌপাশ৷

নকচু খানৰ হত্যাকাণ্ডত জড়িত দুজনক জে’ললৈ প্ৰেৰণ

ধনশিৰি

লকডাউনৰ মাজতে যোৱা ১১ মেত সৰুপথাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ মূখ্য পথৰ কাষতে  চাৰি পাচ জনীয়া  দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান(৩১) নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে নকচু খানৰ ভাতৃ আককবৰ খান (২৮) গুৰুতৰভাৱে আহত হৈছিল৷ নকচু খানৰ পত্নী চৱনম খানে সৰুপথাৰ থানাত এক গোচৰ দিয়ে৷ আৰক্ষীয়ে চবনম খানৰ গোচৰৰ ভিত্তিত  হত্যাকাণ্ডত জড়িত থকা চঞ্জু আলী আৰু ইমৰান হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে   ৬০/২০২০ নম্বৰত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত ৩২৬/৩০৭/৩৪ নং গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷অন্যহাতে মৃত নকচু খানৰ জ্যেষ্ঠ ভাতৃ আচোম খানেও নকচু খানক হত্যা কৰা  আৰু আকবৰ খানক হত্যাৰ চেষ্টা চলোৱাৰ বাবে   সৰুপথাৰ থানাত সঞ্জু আলী, ৰৌজ আলী, ৰিয়াজ আলী, চিৰাজ আলী আৰু দুজন অচিনাক্ত লোকৰ বিৰুদ্ধে এক গোচৰ দিয়ে৷ আৰক্ষীয়েও  হত্যাকাণ্ডটোত জড়িত থকা ৰৌজ আলী, চিৰাজ আলী, ৰিয়াজ আলী, চঞ্জু আলীৰ  বিৰুদ্ধে আৰু  আন দুজন অচিনাক্ত দূৰ্বিত্তৰ বিৰুদ্ধে  গোচৰ নং ৬১/২০২০/ ইউ এছ  ৩২৬/৩০৭/৩০২ নং ভাৰতীয় দণ্ডাবীধি আইনৰ অধিনত আন এক গোচৰ ৰুজু কৰি হত্যাকাৰী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লাগিছে৷দূৰ্বৃত্তৰ দলটোৰ আক্ৰমণত নিহত হোৱা নকচু খানৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰি নিজ গৃহলৈ অনা হয় লগতে নকচু ভাতৃ আকবৰ খানকো গোলাঘাট কুশল কোৱঁৰ অসামৰিক চিকিৎসালত চিকিৎসকে চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰ৷ সৰুপথাৰ নগৰৰ মাজমজিয়াতে দিনদুপৰতে হত্যাকাণ্ড সংঘটিত হোৱা এই নাৰকীয় ঘটনাক আমছুৰ গোলাঘাট জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে এই হত্যাকাণ্ডত জড়িত সকলো লোককে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷

কলিয়াবৰত তিনিটা ঢোৰা কাউৰীৰ পোৱালী উদ্ধাৰ কৰিলে লেখনাথে : প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে দায়িত্ব ল’লে লালান পালনৰ

কলিয়াবৰত তিনিটা ঢোৰা কাউৰীৰ পোৱালী উদ্ধাৰ কৰিলে লেখনাথে

কলিয়াবৰ

কলিয়াবৰত উদ্ধাৰ কৰা হৈছে তিনিটি ঢোঁৰা কাউৰী পোৱালী। প্ৰাতঃ ভ্ৰমণৰ সময়তে লেখনাথ শৰ্মা নামৰ শিক্ষক এগৰাকীয়ে জখলাবন্ধা চেকনীত উদ্ধাৰ কৰে বিলুপ্তিৰ পথলৈ গতি কৰা এই প্ৰজাতিৰ চৰাইৰ তিনিটা পোৱালী। পেছাত শিক্ষক যদিও সামাজিক প্ৰকৃতিৰ সজাগতামূলক কাৰ্য‍ত সদা আগৰণুৱা লেখনাথে পোৱালীকেইটা উদ্ধাৰ কৰি খবৰ দিয়ে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী মনোজ গগৈক। খবৰ পায়েই লেখনাথৰ জখলাবন্ধা ৰাঙলুস্থিত গৃহত উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে পোৱালি কেইটি চমজি লয়। নিজৰ বন্যপ্ৰাণী লালন পালন কেন্দ্ৰত ডাঙৰ দীঘল কৰি মুক্ত বিচৰণৰ বাবে এৰি দিব মনোজ গগৈয়ে। দেখাত তেনেই সাধাৰণ ঘটনা যেন লাগিলেও প্ৰকৃতিপ্ৰেমী মনোজ গগৈৰ মতে, ঢোঁৰা কাউৰীৰ বংশ বৃদ্ধি এক উৎসাহজন বতৰা।

এগৰাকী সঙ্গীত শিল্পীৰ ৰাইজৰ প্ৰতি আহ্বান

ভূপেনদা ছিজন ৫ৰ ফাইনেলিষ্ট ৰঞ্জনা ডেকাক এতিয়া মাথোঁ প্ৰয়োজন আপোনালোকৰ বহুমূলীয়া ভোটৰ

দেওপানী

এটি মধ্যবিত্ত পৰিয়ালৰ পৰা বহু সংগ্ৰাম আৰু কষ্টৰে সংগীতৰ এক কঠিন জীৱন যাত্ৰা এগৰাকী শিল্পীৰ, মুখত এটি মৰমলগা হাঁহি…কণ্ঠত তেওঁৰ মা সৰস্বতীৰ আশীষ… বৰপথাৰৰ বহু কেইখন বিদ্যালয়ৰ প্ৰাক্তন সঙ্গীত শিক্ষয়িত্ৰী আছিল৷ তেওঁৰ আমাৰ, আপোনালোকৰ সকলোৰে মৰমৰ ৰঞ্জনা ডেকা ৷ বোকাজান মহকুমাৰ শিলনীজানৰ নিৰ্বাসী দিলীপ ডেকা আৰু পুতলী ডেকাৰ প্ৰথমা কন্যা৷ সাংস্কৃতিক নগৰী যোৰহাটৰ বোৱাৰী৷ ইতিমধ্যে প্ৰাগ নিউজে আয়োজন কৰা আমাৰ ভূপেনদা ছিজন ৫ৰ ফাইনেলিষ্ট ৰঞ্জনা ডেকাক এতিয়া মাথোঁ প্ৰয়োজন আপোনালোকৰ বহুমূলীয়া ভোটৰ৷ মনত এটা দুৰ্বাৰ হেপাঁহ আৰু আশা তেওঁৰ৷ ঈশান নিউজৰ জৰিয়তে ৰঞ্জনাই এতিয়া তেওঁৰ বাবে অকণমান মৰম বিছাৰিছে ৰাইজৰ৷ ৰঞ্জনাক ভোট দিবলৈ Type কৰক ABD 5RA আৰু এছএমএছ কৰক ৮৪৮৬১৮৩৩৭৮ নম্বৰলৈ৷

নৱ নিৰ্বাচিত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয়ছিং টকবিক কাৰ্বি আংলং জিলা আপকুৰ আদৰণি

দেওপানী

 শতবৰ্ষ অতিক্ৰম কৰা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰা বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিঙ টকবিক ডিফুস্হিত আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা আদৰণি জনায়৷ দেশত চলিথকা মহামাৰী কভিড-১৯ৰ আইন অনুসৰি উপসভাপতি ৰবীন বৰুৱা, কেন্দ্ৰীয় সদস্য ছামছিং ক্ৰ আৰু এগৰাকী সদস্যৰে গঠিত সজাতি দলে আঞ্চলিক সম্পাদক জয়ছিং টকবিক আদৰণি জনায়৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত আঞ্চলিক সম্পাদক গৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে এগৰাকী বিশিষ্ট সাংবাদিক আৰু সাহিত্যিকক অসম সাহিত্য সভাই আঞ্চলিক সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত মনোনীত কৰাৰ বাবে আপকু কাৰ্বি আংলং জিলা সমিতিয়ে অসমৰ সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷

ক’ৰোণা সংক্ৰমণৰ উৰাবাতৰিয়ে মানসিকভাৱে হাৰাশাস্তি কৰিছে টীয়কৰ এটা পৰিয়ালক

টীয়ক

টীয়কত এতিয়া এটা ফেচবুকৰ পোষ্টে সচেতন সমাজত তুলপাৰ লগাইছে৷ এগৰাকী মহিলাৰ ফেচবুকত কাতৰ আহ্বান প্ৰশাসনলৈ “আমাক শীঘ্ৰে মেডিকেল টেষ্ট কৰক আৰু আভিযোগৰ পৰা পৰিত্ৰাণ কৰক “৷ ঘটনাটো টীয়কৰ, এই বিশেষ মহিলা গৰাকীৰ লগতে তেওঁৰ স্বামীৰ বিৰুদ্ধে তেওঁলোক  কভিড-১৯ত আক্ৰান্ত হোৱা, ত্ৰিপুৰাৰ পৰা পলাই আহিছে আদি কেতবোৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ ঘটনাই পৰিয়ালটোৰ প্ৰতি একাংশ লোকে পোষণ কৰা ব্যৱহাৰত ব্যৰ্থিত হৈ মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ যোগেদি এই সমগ্র ঘটনা বৰ্ণনা কৰি প্ৰশাসনৰ হস্তক্ষেপ বিচৰাৰ লগতে স্বাস্থ্য বিভাগক ক’ৰোণা সম্বন্ধীয় পৰীক্ষা কৰিবৰ বাবে আহ্বান জনাইছিল৷ ইয়াৰ পাছতে স্বাস্থ্য বিভাগৰ এটা দল আহি  তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰে স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কোনো লক্ষণ তেওঁলোকৰ দেহত ধৰা নপৰিল। উল্লেখযোগ্য যে কৰ্মসূত্ৰে গুৱাহাটীত থকা ইঙ্কু দত্ত আৰু তেওঁৰ পত্নী প্ৰিঞ্চী প্ৰিয়া কাশ্যপে যোৱা ২৯ এপ্ৰিলত গুৱাহাটীৰ পৰা চৰকাৰী নীতি নিৰ্দেশনা মানি তথা স্বাস্থ্য পৰীক্ষা কৰোৱাই অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছেৰে টীয়ক জগদুৱাৰ অঞ্চলৰ নিজ ঘৰলৈ আহিছিল৷ ইয়াৰ পাছতে এক চক্ৰই তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ লগতে ইঙ্কুৰ পিতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনো একাংশ লোকে ভাঙি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল বুলি ফেচবুক প’ষ্টটো উল্লেখ। এটা উৰাবাতৰিয়ে মানসিকভাৱে দুৰ্বল কৰি পেলোৱা পৰিয়ালটোৱে সকলোকে এই উৰাবাতৰিত ভোল নগৈ ক’ৰোণাৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনাইছে।

প্ৰকৃত উদ্যোগী, কৰ্মীক লকডাউনে প্ৰভাম্বিত কৰিব পৰা নাই : ড° পিতাম্বৰ দেৱ গোস্বামী

টীয়ক

অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পাব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে। টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ ভূমিখণ্ডত সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ আহ্বানত টীয়কৰে হাঁহচৰা অঞ্চলৰ উদ্যোগী যুৱক ভাস্কৰ হাজৰিকাই প্ৰায় ১০ বিঘা ভূমিত পাঁচ হাজাৰ জোপা ভোঁট জলকীয়া, তিনিশ জোপা নেমুটেঙাকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যি সময়ত অসমৰ বিভিন্ন অঞ্চলৰ যুৱক-যুৱতী কৰ্ম সংস্থাপন বাবে বহিঃৰাজ্যলৈ গৈছে তেনে সময়তে সত্ৰধিকাৰগৰাকীয়ে স্থানীয় যুৱকৰ সহযোগিতাত কৃষি কৰ্ম কৰি তেওঁলোকক স্বাৱলম্বিতাৰ পথ সুগম কৰাৰ পৰিলক্ষিত হৈছে। অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক-যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পোৱাৰ লগতে প্ৰকৃত কৰ্মী তথা উদ্যোগী হ’লে যিকোনো মহাসংকটতো ভাস্কৰ দৰে সকলোৱে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মন্তব্য কৰিছে সত্ৰাধিকাৰগৰাকীয়ে। লগতে বৰ্তমান সকলোৱে আদৰ্শ হৈ পৰা ভাস্কৰে সেয়ে সকলোকে বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে নগৈ বা কাৰো ওপৰত নিৰ্ভৰশীল নহৈ কৃষিকৰ্মতে নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে৷