Home Blog Page 3453

হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত

ওদালগুৰি

সমগ্ৰ বিশ্বত ক’ৰ’ণাৰ আতংক তথা আৰ্থিক আৰু খাদ্যৰ সংকটে দেখা দিছে সময়তে ওদালগুৰি জিলাৰ ভাৰত -ভুটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷ যোৱা সোমবাৰৰ সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ডিমাকুচিৰ থানাৰ অন্তৰ্গত ১ নং শগুনবাৰী গাঁৱৰ নিবাসী  টাউকে দৰ্জী (৪০) নামৰ ব্যক্তিজনে হাতী খেদিবলৈ চেষ্টা কৰোতে হাতীয়ে আক্ৰমণ কৰে৷ ফলত তেওঁৰ ভৰি এটা সম্পূৰ্ণ ৰূপে চেপেটা হৈ যায়৷ বৰ্তমান তেওঁক উন্নত চিকিৎসাৰ বাবে ওদালগুৰি জিলাৰ অসামৰিক চিকিৎসালয়ৰ লৈ প্ৰেৰণ কৰে৷ লগতে যোৱা সোমবাৰৰ নিশা প্ৰায় দুই বজাত পানেৰি থানাৰ অন্তৰ্গত ওৰাঙ্গাজুলি চাহ বাগিচাৰ লহ তান্তী নামৰ মনুহজনৰ ঘৰ হাতীয়ে ভাগি সম্পূৰ্ণ ৰূপে ধংসস্তুপত পৰিণত কৰে আৰু তেওঁলোকৰ সকলো ঘৰৰ সা-সামগ্ৰী, বাচন- বৰ্তন, চাউল-দাইল, কাপোৰ, ৰন্ধন গেছ আদি সম্পূৰ্ণ ৰূপে নষ্ট কৰে৷ অৱশ্যে পৰিয়ালে আন্ধাৰৰ সুযোগলৈ কথমপী প্ৰাণ ৰক্ষা কৰে।

সুলভ মুল্যৰ কেৰাচিন বিক্ৰী কৰি ৰঙাঘৰত সোমাল দোকানীসহ ২ যুৱক

খাৰুপেটীয়া

দলগাঁৱৰ সমবায় সমিতিসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এইবাৰ বৰুৱাঝাৰ সমবায় সমিতিৰ এজন সুলভ মূল্যৰ দোকানীক ক’লা বজাৰত কেৰাচিন বিক্ৰীৰ অপৰাধত মঙলবাৰে দৈপাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে চোৰাং কেৰাচিন ক্ৰয়ৰ অপৰাধত আন দুজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। স্মৰ্তব্য যে মোল্লাপাৰা আৰু কুঁৱৰী পুখুৰী গাঁৱৰ  দুজন যুৱকে ৪০ লিটাৰ কেৰাচিন লৈ গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ হাতত ধৰা পৰে পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে দৈপাম আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কেৰাচিনৰ লগতে এখন হেৰোহোণ্ডা কোম্পানীৰ মটৰ চাইকেল জব্দ কৰি এক গোচৰ ৰুজু কৰি দুলীয়াপাৰা গাঁৱৰ সমবায় সমিতিৰ সুলভ মুল্যৰ দোকানী হানিফ আলীসহ তিনিওকে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইফালে, সাংবাদিকৰ আগত যুৱক দুজনে প্ৰতি লিটাৰ কেৰাচিন ৪৫ টকাত মুঠ ৪০ লিটাৰ কেৰাচিন হানিফ নামৰ সুলভ মূল্যৰ দোকানীৰ পৰা ক্ৰয় কৰে বুলি কয়৷

পশ্চিম কাৰ্বি আংলং জিলাৰ শিশু নগাঁৱৰ পৰা নিৰুদ্দেশ

যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰূপন টেৰণ

হামৰেণ

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত আমট্ৰেঙৰ ছিং ক্ৰ পুলক গাঁৱৰ নিবাসী লংছিং টেৰণৰ পুত্ৰ ৰূপন টেৰণ যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে৷ সপ্তম শ্ৰেণীত ছাত্ৰ ৰূপন বয়স ১২-১৩ বছৰ হ’ব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷ জানিব পৰা মতে নগাঁৱৰ হয়বৰ গাঁৱৰ জি ডি নাৰ্চিং হোমৰ ওচৰৰ আৰক্ষী বিষয়া এজনৰ ঘৰত শিশুটি বিগত পাঁচ বছৰ ধৰি আছিল৷ শিশুটি প্ৰথম লকডাউন ঘোষণা কৰা দিনাৰে পৰাই নিশাৰ ভাগতেই আৰক্ষী বিষয়াজনৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ৰূপনৰ পৰিয়ালে ৪ মে’ৰ দিনাহে ঘটনাৰ বিষয়ে আমটেৰেং উপ আৰক্ষী চকীৰ জৰিয়তে জ্ঞাত হয়। বিগত ৪২ দিন ধৰি নিৰুদ্দেশ হৈ থকা ৰূপনৰ বাবে পৰিয়ালটো বৰ্তমানে যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। কোনো ব্যক্তিয়ে শিশুটিৰ সন্ধান পালে ৯৮৬৪৯৩০৮৬৯, ৯৪০১১৭২২৫৮ নম্বৰত যোগাযোগ কৰি পৰিয়ালক জনাবলৈ অনুৰোধ জনাইছে৷

বোকাজান আৰক্ষীৰ নেতৃত্বত নাগালেণ্ড, মণিপুৰৰ সহস্ৰাধিক লোক অসমত প্ৰৱেশ

বোকাজান আৰক্ষীৰ নেতৃত্বত নাগালেণ্ড, মণিপুৰৰ সহস্ৰাধিক লোক অসমত প্ৰৱেশ

বোকাজান

দেশত তৃতীয় লক ডাউন পূৰ্ণ গতিত অব্যাহত থকাৰ সময়ত ৰাজ্যৰ আন্তঃৰাজ্যিক সীমান্ত খুলি দিয়াত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত যোৱা দেওবাৰৰ পৰা মঙলবাবকে তিনিটা দিনত অসমৰ বিভিন্ন প্ৰান্তৰ প্রায় ১১০০ লোকে প্ৰৱেশ কৰে। বিভিন্ন কাৰণত নাগালেণ্ড, মণিপুৰত আশ্ৰয় লোৱা এইসকল লোক লকডাউনৰ বাবে আবদ্ধ হৈ আছিল। বোকাজান মহকুমা আৰক্ষী বিষয়া জ’ন দাসৰ  নেতৃত্বত খটখতি আৰক্ষী থানাৰ আৰক্ষীয়ে দিনে নিশাই সীমান্তত নিষ্ঠাৰে নিজৰ কৰ্তব্য অব্যাহত ৰাখি এই সকল লোকক স্বাস্থ্য পৰীক্ষা কৰাই হাতত ষ্টাম্প মাৰি স্বগৃহলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখযোগ্য যে অসমৰ পৰা বৰ্হিৰাজলৈ যাবলগীয়া যিকোনো লোকৰ অনুমতি পত্ৰ উলিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’লে তেওঁলোকক প্ৰয়োজনীয় অনুমতি পত্ৰ যোগান ধৰাৰ বাবে বোকাজান মহকুমা আৰক্ষীয়ে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত নাজিৰা

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত হ’ল নাজিৰা

নাজিৰা

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে জনাৰণ্যত পৰিণত হ’ল নাজিৰা আৰু শিমলুগুৰি নগৰ। ইয়াৰ লগে লগে জনসাধাৰণ, যানবাহন আৰু মুকলি হোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানে নাজিৰা মহকুমাটোলৈ স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি অহাৰ ইংগিত দিলে। কিন্তু ইয়াৰ মাজতো কেতবোৰ বেমেজালি আৰু দিনটোক কেন্দ্ৰ কৰি গভীৰ শংকা। তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীন জ’ন অঞ্চলসমূহৰ বাবে বিশেষ কেতবোৰ শিথিলতা প্ৰদান কৰা হৈছিল যদিও মঙলবাৰে নাজিৰা আৰু শিমলুগুৰি নগৰত দেখা গ’ল আন এক পৰিস্থিতি। ব্যৱসায়িক মহলৰ মাজত দেখা পোৱা গ’ল চৰম অনিশ্চয়তা৷ কোনে কি খুলিব, কোনে কি নুখুলিব এনে এক বিমোৰত নগৰ দুখনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰ বিশৃংখল ৰূপত আধা খোলা, আধা বন্ধ অৱস্থাৰ সৃষ্টি হয়৷ সাধাৰণভাৱে চৰকাৰী নিৰ্দেশনা ব্যৱসায়িকভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত প্ৰশাসনো বিমোৰত পৰে। এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ দিয়াৰ পাছত সেই এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান কোনে নিৰ্ধাৰণ কৰিব, তাকেলৈ এক বেমেজালি সৃষ্টি হয়৷ আনহাতে স্বাভাৱিক দিনৰ দৰে নগৰ দুখনত পুৱাৰ ভাগৰ পৰা দেখা যায় ব্যক্তিগত যানবাহনৰ মুকলি চলাচল। এনে ক্ষেত্ৰত স্বাভাৱিকতে নগৰ দুখন জনাৰণ্যত পৰিণত হয়। তেনে পৰিস্থিতিত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, দণ্ডাধীশ ক্ৰমে অদিতি বৰ্মণ, সুজাতা গগৈ, ৰাজীৱ সোণোৱাল তথা মহকুমা প্ৰশাসনৰ তৎপৰতাত মঙলবাৰৰ পৰা নাজিৰা আৰু শিমলুগুৰি নগৰ দুখনত সুশৃংখলিতভাৱে দোকান পোহাৰ খোলাৰ সঠিক পদক্ষেপ গ্ৰহণ কৰে।

নাজিৰাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

Rare Indian Pangolin rescue at Nazira

নাজিৰা

নাজিৰাৰ মেছাগড় গোহাঁই গাঁৱৰ নিবাসী বগা বৰগোহাঁই, নাৰায়ণ বৰগোহাঁই ঘৰৰ পিছফালে পথাৰত বৃহৎ আকৃতিৰ দুষ্প্ৰাপ্য বনৰৌ এটা উদ্ধাৰ হয়। দুষ্প্ৰাপ্য বনৰৌটো প্ৰত্যক্ষ কৰি ঘৰৰ লোকে বন বিভাগক খবৰ দিয়ে৷ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য বনৰৌতো স্থানীয় উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুলীয়াজান অইলৰ ৭০০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ আৰক্ষীৰ : ৰঙাঘৰলৈ ২

দুলীয়াজান অইলৰ ৭০০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ আৰক্ষীৰ

দুলীয়াজান

সোমবাৰে নিশা দুলীয়াজান আৰক্ষী আৰু নাওহলীয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে সোমবাৰে নিশা দুলীয়াজানৰ এটা আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি ২ নং নাওহলীয়াৰ বলাই মজুমদাৰ নামৰ লোকজনৰ ঘৰত অভিযান চলাই ১৫০০ লিটাৰৰো অধিক অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰে৷ বলাই মজুমদাৰৰ ঘৰত অভিযান চলাই থকা সময়ত উমান পাই একে অঞ্চলৰ পৰেশ মজুমদাৰ নামৰ লোকজনৰ ঘৰতো অভিযান চলায়। আৰক্ষীৰ অভিযানত পৰেশ মজুমদাৰৰ ঘৰৰ পৰা ৫,৫০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি, উক্ত তেল অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন তৈলক্ষেত্ৰৰ পাইপ কাটি অভিনৱ কৌশলেৰে সংগ্ৰহ কৰি অন্য অন্য ঠাইলৈ ছালান দিবৰ বাবে ঘৰত মজুত কৰি ৰাখিছিল। ইতিমধ্যেই আৰক্ষীয়ে কনণ্ডেণ্টছেট তেল চুৰি অপৰাধত দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত তথা নাওহলীয়া আৰক্ষী চকীৰ অধীনৰ ২নং নাওহলীয়া অঞ্চলৰ বলাই মজুমদাৰ আৰু পাপু মজুমদাৰক আৰক্ষীয়ে আটক কৰি মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইফালে তেল চুৰি চক্ৰটোৰ লগত জড়িত আৰু লোক শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে৷Attachments area

বাৰিষা আগমনত গৰাখহনীয়া, কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গৰাখহনীয়া আৰু কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট

গোলাঘাট সমষ্টিৰ দুখন ডাঙৰ নৈ ধনশিৰি আৰু দৈয়াং। এই নদী দুখনত প্ৰত্যেক বাৰিষাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়৷ ইয়াৰ লগতে সৰু নদী ঘিলাধাৰী, মকৰং, কাকডোঙা, চেলচেলি, চিচুপানী আদি বাম হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছে। গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে এই দুয়োটা সমস্যাক গুৰুত্ব প্ৰদান কৰি যোৱা বিত্তীয় বৰ্ষত প্ৰায় ২৩ কোটি টকাৰে দুখন আঁচনিৰ অনুমোদন লাভ কৰি গোলাঘাটবাসীক সকাহ দিবৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে। দ-চমুৱা আঁচনিৰ প্ৰায় ৬.৪০ কোটি টকাৰ কাম ফেব্ৰুৱাৰীত আৰম্ভ হয়। উক্ত কামৰ অগ্ৰগতি সম্পৰ্কে জ্ঞাত হ’বলৈ মঙলবাৰে বিধায়িকাগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ লগত দ-চমুৱা আঁচনিখন পৰিদৰ্শন কৰে। যদিও বৰ্তমান পৰিস্থিতিৰ বাবে কামসমূহ বন্ধ হৈ আছে তথাপি আগন্তুক বাৰিষাৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে কাকডোঙা নদীৰ আঁচনিৰ প্ৰায় ১৭ কোটি টকাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও বিধায়িকাগৰাকীয়ে মত ব্যক্ত কৰে। উল্লেখ্য যে কেইবাখনো নদীৰ খনন কাৰ্য সম্পন্ন হোৱাত কৃত্ৰিম বানপানী হ্ৰাস পোৱাত সেই অঞ্চলৰ কৃষকসকলে যথেষ্ট সকাহ পাইছে।

গোলাঘাটত সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট

দীৰ্ঘদিনীয়া লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ খাটি খোৱা ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে লোকসকলক কিঞ্চিৎ সহায় কৰাৰ উদ্দেশ্যে গোলাঘাটৰ শ্ৰী সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।  গোলাঘাটৰ কাবৰুগাঁও অঞ্চলত সত্য সাই সেৱা সমিতিৰ বিষয়ববীয়াসকলে আৰ্থিকভাৱে দুৰ্বল প্ৰায় ৫৫ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।  ভগৱান সত্য সাই বাবাৰ আশীৰ্বাদ আৰু প্ৰয়াত অপূৰ্ব কুমাৰ বৰগোহাঁইয়ে আৰ্তজনক সহায় কৰাৰ বাবে দেখুৱাই যোৱা পথৰ পথিক হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি শ্ৰী সত্য সাই সেৱা সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে।

হাটশিঙিমাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত অটোমেটিক ছেনিটাইজৰ মেচিন স্থাপন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত অটোমেটিক ছেনিটাইজৰ মেচিন স্থাপন কৰে৷

হাটশিঙিমাৰী

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত টেকনিকেল অফিচাৰ আকিব সৰকাৰ আৰু ইলিয়াছ আহমেদে নিজৰ প্ৰচেষ্টাত প্ৰস্তত কৰি উলিয়াইছে অটোমেটিক ছেনিটাইজৰ মেচিন। মেচিনটো মঙলবাৰে দিনৰ ১১ বজাত হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত স্থাপন কৰে৷ বিভাগটোৰ এই কাৰ্যক বিভিন্ন মহলে প্ৰশংসা কৰিছে। এই মেচিনটো শুভাৰম্ভ কৰে জিলা উপায়ুক্ত আতিকা চুলতানাই৷ অনুষ্ঠানত উপস্থিত থাকে হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ছফিয়ৰ ৰহমান মোগলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল৷ উল্লেখ্য যে এই পথৰে কোনো মানুহ প্ৰৱেশ কৰিলে তেওঁৰ সম্পূৰ্ণ শৰীৰ স্বয়ংক্ৰিয়ভাৱে ছেনিটাইজৰ হৈ যায়। হাাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে পদক্ষেপক জিলাবাসীয়ে শলাগ লৈছে।