Home Blog Page 3468

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

At Chirang vegetables are waste in the field.

পাণবাৰী

দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে৷ উল্লেখ্য যে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষডোবা,১,২,৩ নং গৰাইমাৰী, বিচীমাৰী, নিজদামুগাঁও, আবগুৰী আদি অঞ্চলত শ শ বিঘা শাক-পাচলিৰ খেতিতে নষ্ট হৈ পৰিছে৷ মন কৰিব লগা যে বিলাহী, ভাত কেৰেলা, পটল, কোমোৰা, বেঙেনা, নেমু, কল, জিঙা আদি খেতিপথাৰতে পচিবলৈ ধৰিছে। ইফালে কুচলাইগুৰি গাঁৱত কৃষকসকলে এই বিলাহী খেতিৰ পৰা এটা বিলাহীও বিক্ৰী কৰিব পৰা নাই বজাৰত। বন্ধৰ ফলত খেতিপথাৰতে নষ্ট হৈছে পাচলী৷ একমাত্ৰ কৃষি প্ৰধান অঞ্চলত চৰকাৰে কৃষকসকলৰ কাৰণে বিভিন্ন আঁচনি ঘোষণা কৰে যদিও এই অঞ্চলবোৰত চৰকাৰৰ কোনো আঁচনিয়ে স্পৰ্শ নকৰে। লকডাউনত সকলোৱেই ঘৰত আবদ্ধ হৈ থকাৰ বাবে পাচলি কিনিবলৈ মানুহ নাই৷ যফলত কৃষকে মূৰে কপালে হাত দিব লগা অবস্থা হৈছে। বিজনী জিলা এবিএমছুয়ে এই কৃষকসকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে৷

শিৱসাগৰত বৃহৎ পৰিমাণৰ গুটখা জব্দ

শিৱসাগৰ

শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডৰ ইৰ্টাজা আনছাৰি নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয়।মৰানৰ এক পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰায় ৭ লাখ ৬০ হাজাৰ টকাৰ গুটখা ক্ৰয় কৰিছিল আনছাৰিয়ে৷ মঙলবাৰে পুৱা গুটখাবোৰ গাড়ীৰ পৰা নমাই থকাৰ অৱস্থাত আৰক্ষীয়ে জব্দ কৰে। গুটখাখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে ইৰ্টাজা আনছাৰি আৰু তেওঁৰ ভায়েকক জেৰাৰ বাবে জিম্মাত লৈছে।

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ১৪ খন গাঁও বানপানীত বুৰ যোৱাৰ আশংকা

14 villagese under the Patharighat circle of Darrang will suspect to occure in flood.

দৰং  

দৰঙত লকডাউনৰ সময়ত ৰাতিৰ ভিতৰতে এটা ডোং একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত কেইবাঠাইতো বান্ধি পেলোৱাত সৃষ্টি হৈছে ব্যাপক  প্ৰতিক্ৰিয়া৷ যাৰ বাবে বাৰিষাৰ বানত প্ৰায় ১৪ খনকৈ গাঁৱৰ লোক এইবাৰ বুৰ যাব বানপানীত৷ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ পাতিদৰঙত এই ঘটনা সংঘটিত হৈছে৷ টংলাৰ পৰা পাথৰিঘাট দ্বিগজ নদীলৈ বৈ অহা বলনটি পাতিদৰঙৰ কেইবাঠাইতো একমাত্ৰ মাছৰ লোভত একাংশ দুষ্ট চক্ৰৰ লোকে বান্ধি পেলোৱাত বৃহত্তৰ ১৪ খন গাঁওৰ কৃষকৰ মাজত হাঁহাকাৰ সৃষ্টি হৈছে৷ দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ প্ৰায়বোৰ গাঁৱেই  হৈছে বানপীড়িত এলেকা৷ গাঁওবোৰৰ লোকসকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে যদিও একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত পাতিদৰঙৰ কেইবাঠাইতো ডোংটি বান্ধি পেলোৱাত বাৰিষা পাতিদৰং, কৈকাৰা, খাৰখোৱাপাৰা, হীৰাপাৰা, বৰেৰী, পোটাপুখুৰী, আঠকুৰিয়াপাৰাকে ধৰি প্ৰায় ১৪ খন গাঁৱৰ লোকে বাৰিষা কৰিব নোৱাৰিব খেতি৷ এই ১৪ খন গাঁৱৰ লোক বাৰিষা বানপানীত বুৰ যোৱাৰ আশংকা কৰিছে ডোংটি পুটি পেলোৱাৰ বাবে৷ এই সন্দৰ্ভত বৃহত্তৰ অঞ্চলৰ লোকে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াক ২৮ এপ্ৰিলত লিখিত অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত ডোংটি পৰ্যবেক্ষণ কৰা নাই কোনো বিষয়াই৷ যদিহে বাৰিষাৰ পূৰ্বে ডোংটি মুক্ত নকৰে তেনেহ’লে বাৰিষা ১৪ খন গাঁৱৰ লোকে পাৰ কৰিব লাগিব দূৰ্বিসহ জীৱন৷ সেয়ে ডোংটি পৰ্যবেক্ষণ কৰি লকডাউনৰ সময়ত সুবিধা গ্ৰহন কৰি ৰাতিৰ ভিতৰতে ডোংটি পুটি পেলোৱা লোকসকলক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে গঞা ৰাইজে৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ : তদন্তৰ দাবী

নাজিৰা

 এফালে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন, আনফালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত শ শ পৰিয়াল আৰু ইয়াৰ মাজতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক অনিয়মৰ। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ অধীনত থকা প্ৰায়সংখ্যক পানী যোগান প্ৰকল্পয়েই সম্প্ৰতি বিকল হৈ আছে। কাৰ্যক্ষম নোহোৱাকৈ পৰিতক্ত অৱস্থাত বহু পানী যোগান প্ৰকল্প পৰি আছে নাজিৰা মহকুমাটোৰ প্ৰান্তে প্ৰান্তে। বিকল তথা কাৰ্যক্ষম নোহোৱাকৈ পৰি থকা প্ৰকল্প সমূহ মেৰামতিৰ ব্যৱস্থাৰে জনসাধাৰণক বিশুদ্ধ পানী যোগানৰ বাবে লক্ষ লক্ষ টকাৰ চৰকাৰী ধন অনুমোদন হয় যদিও প্ৰকল্প সমূহ কাৰ্যকৰী হৈ নুঠাত বৰ্তমানেও মহকুমাটোৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ শ শ পৰিয়াল খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে এতিয়াও। ইফালে, নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত বিকল হৈ পৰি থকা পানী যোগান প্ৰকল্পবোৰ মেৰামতিৰ বাবে কোটি টকা অনুমোদন হয় যদিও ইয়াৰ বহুকেইটা প্ৰকল্পৰ কাম নোহোৱাকৈয়ে একাংশ ঠিকাদাৰক বিল আদায় দিয়াৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰাস্থিত কাৰ্যালয়ৰ অধীনৰ বিভিন্ন শিতানৰ বাবে প্ৰায় দুই কোটি আৱণ্টন হয় আৰু ইয়াৰ সৰহসংখ্যক ধন কাম নকৰাকৈ একাংশ ঠিকাদাৰক কমিছনৰ বিনিময়ত মোকলাই দিয়ে। কাৰ্যালয়টোৰ একাংশ বিষয়াৰ গোপন মিতিৰালিৰ ফলত বছা বছা ঠিকাদাৰে বিল আদায় পোৱাৰ বিপৰীতে আন এচাম ঠিকাদাৰে কাম সম্পূৰ্ণ কৰাৰ পিছতো প্ৰাপ্য বিলৰ পৰা মাহ মাহ ধৰি বঞ্চিত হোৱাৰো অভিযোগ উঠিছে। ফলত কাম সম্পূৰ্ণ কৰাৰ পিছতো গাঁঠীৰ ধন বিনিয়োগ কৰি প্ৰাপ্য বিল আদায় ননোপোৱাত শলঠেকত পৰিছে বহু ঠিকাদাৰ৷ পানী যোগান প্ৰকল্পৰ নামত অহা দুই কোটি টকা কোন কোন শিতানত ব্যয় হল বা কোনখন প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বিল আদায় দিলে, ইয়াৰ এক তদন্তৰ দাবী জনাইছে সচেতন মহলে।

দৰঙত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

মঙলদৈ

 সমগ্র বিশ্বত ছানি ধৰা ক’ভিড-১৯ৰ কবলৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ১৭ মে’ পৰ্যন্ত লকডাউন বাহাল ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাৰ সমান্তৰালকৈ দৰং জিলাৰ দণ্ডাধীশে সমগ্র জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰিছে৷ সেই সময়খিনিত জনসাধাৰণৰ চাল চলনত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। এই ক্ষেত্ৰত চিকিৎসা, আৰক্ষী, অগ্নিনিৰ্বাপণ, টেলিকম তথা বিদ্যুৎ  বিভাগৰ দৰে জৰুৰীকালীন সেৱাসমূহক  ৰেহাই  দিয়া হ’ব৷ সামগ্ৰী কঢ়িওৱা যান-বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব৷

যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়ম : এইবাৰ যুগ্ম, অযুগ্ম সংখ্যাৰ ব্যৱস্থা

যোৰহাট

যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত এইবাৰ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ব্যৱস্থা কৰা হৈছে৷ সম্প্ৰতি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে এক আদেশ যোগে কাইলৈৰ পৰা অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি থকা বাহনসমূহৰ চলাচল সীমিতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই অনুসৰি বিভাগীয় অনুমতি থাকিলেও দুচকীয়া বাহনসহ সকলো যানবাহনৰ পঞ্জীয়ন নম্বৰৰ শেষৰ সংখ্যাটো অযুগ্ম অৰ্থাৎ ১, ৩, ৫, ৭, ৯ সংখ্যাৰ বাহন প্ৰতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চলাচল কৰাৰ বিপৰীতে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে যুগ্ম সংখ্যা অৰ্থাৎ ২, ৪, ৬, ৮ সংখ্যাৰ বাহনবোৰ জিলাখনত চলাচল কৰিব পাৰিব৷ অৱশ্যে এই আদেশৰ পৰা স্বাস্থ্যসেৱা, আৰক্ষী, অগ্নিনিৰ্বাপক, জৰুৰীকালীন সেৱাত জড়িত টেলিকম সেৱা, বিদ্যুৎ সেৱা আদি, ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাছ, পৌৰসভাৰ যানবাহন আৰু মালবাহী ট্ৰাকবোৰক ৰেহাই দিয়া হৈছে৷ অৱশ্যে এই আদেশ দেওবাৰবোৰত প্ৰযোজ্য নহ’ব৷ এই আদেশ জিলাখনত তৎকালে বলবৎ কৰা হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈয়ে জনাইছে৷

যোৰহাটত নৈশ সান্ধ্য আইন জাৰি

যোৰহাট ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত  এক আদেশ যোগে জিলাখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে এই সান্ধ্য আইন বলবৎ থাকিব৷ অৱশ্যে এই আদেশৰ পৰা স্বাস্থ্য সেৱা, আৰক্ষী, অগ্নিনিৰ্বাপক, জৰুৰীকালীন সেৱাত জড়িত টেলিকম সেৱা, বিদ্যুৎ সেৱা আদিক ৰেহাই দিয়া হৈছে৷ এই সেৱা জিলাখনত তৎকালে বলবৎ হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব বুলি যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈয়ে জনাইছে৷

জামুগুৰিহাটত কিশোৰী ধৰ্ষণ আৰক্ষী জোৱানৰ : থানাত এজাহাৰ দাখিল পৰিয়ালৰ

জামুগুৰিহাটলকডাউনৰ মাজতে জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ লুঙি বজাৰত এজন অসম আৰক্ষীৰ জোৱানে এগৰাকী ১৫ বছৰীয়া কিশোৰী ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে। এই ধৰ্ষিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা অনুসৰি কালি সন্ধিয়া অঞ্চলটোৰ লুঙি বজাৰত থকা জামুগুৰি আৰক্ষী থানাৰ অস্থায়ী শিবিৰৰ কৰ্মৰত ১১নং বেটেলিয়নৰ অসম আৰক্ষী জোৱান ফুলেন ডেকাই বতিয়ামাৰী ভৈৰৱীৰ ১৫ বছৰীয়া কিশোৰীগৰাকীক ফুচুলাই নিৰ্জন স্থানলৈ লৈ যায়৷ ইয়াৰ পাছত লুঙি বজাৰৰ সমীপত কিশোৰীগৰাকীক জোৱানজনে উপযুপৰি ধৰ্ষণ কৰে। পিছত কিশোৰীগৰাকী ঘৰলৈ গৈ পৰিয়ালৰ লোকৰ আগত ঘটনাৰ সবিশেষ বিৱৰি কয়৷ প্ৰকৃত ঘটনা পোহৰলৈ অহাত পৰিয়ালৰ ফালৰ পৰা জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আজি পুৱা জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত জোৱানজনক গ্ৰেপ্তাৰ কৰি জামুগুৰি আৰক্ষী থানালৈ লৈ অনাৰ লগতে ধৰ্ষিতা কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

জামুগুৰিহাটৰ সত্যসন্ধ্যা মহিলা সমিতিৰ উদ্যোগত চিকিৎসক, আৰক্ষীক সম্বৰ্ধনা : মাস্ক-ছেনিটাইজাৰ বিতৰণ

Free face masks and sanitizer distributed at jamugurihat.

জামুগুৰিহাট জামুগুৰিহাটৰ মহিলাৰ কল্যাণাৰ্থে গঠিত অগ্ৰণী অনুষ্ঠান সত্যসন্ধ্যা মহিলা সমিতিয়ে মহামাৰী ক’ৰ’ণাৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দিয়া চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী বিষয়া আৰু আৰক্ষীৰ জোৱানসকলক একোখনকৈ গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক মাস্ক প্ৰদান কৰে৷ ক’ৰ’ণাৰ বিৰুদ্ধে হোৱা যুঁজখন জামুগুৰি আৰক্ষী থানাত কৰ্তব্য সমাপন কৰি থকা চিকিৎসক ডাঃ হৰেণ শইকীয়া, জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈকে ধৰি কৰ্মৰত স্বাস্থ্যকৰ্মী, নাৰ্চ তথা আৰক্ষীৰ জোৱানসকলক প্ৰত্যেককে গামোছাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ লগতে সত্যসন্ধ্যা মহিলা সমিতিৰ বিষয়ববীয়া, সদস্যাসকলে মাস্ক প্ৰদান কৰে৷ লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম পালন কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি সম্বৰ্ধনা আৰু মাস্ক বিতৰণৰ এই কাৰ্যসূচীত সত্যসন্ধ্যা মহিলা সমিতিৰ সভানেত্ৰী নিৰু শৰ্মা, সম্পাদিকা বৰষা গোস্বামী ভাগৱতী, উপদেষ্টা সুৰ বৰুৱা, উপ সভানেত্ৰী ফুল মহন্ত, সহকাৰী সম্পাদিকা ৰুমী দেৱী, সদস্যা জুৰি বৰা, নাৰী সুৰক্ষা সভানেত্ৰী ৰুমী কটকী আৰু যুৱ সমাজকৰ্মী ৰাজেশ শৰ্মাও উপস্থিত আছিল৷ আনহাতে পূৱ মুঢ়াদল গাঁও পঞ্চায়তৰ জীৱিকা সখী মালা বৰাইও প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিচে৷ জীৱিকা সখীগৰাকীয়ে শিয়ালমাৰী গাঁৱত কণ কণ শিশু আৰু গৰ্ভৱৰ্তী মহিলাক শতাধিক মাস্ক আৰু পৰিয়ালবোৰক ছেনিটাইজাৰ বিতৰণ কৰে৷ মাস্ক কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু ছেনিটাইজৰৰে কিদৰে হাত ধোৱ লাগে শিশু তথা গৰ্ভৱতী মহিলাসকলক তাৰো প্ৰশিক্ষণ দিয়ে জীৱিকা সখি মালা বৰাই৷

দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্য সামগ্রী বিতৰণ

Guwahati Press Club food distribution

গুৱাহাটীদিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত  সোমবাৰে বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী সুকমল বসুমতাৰী, সাংবাদিক লীনা গগৈ, হালিমা বেগম, অনুপমা ডেকা, মাইনা গোস্বামী, কৰবী বৰশইকীয়া আদি উপস্থিত থাকে। মন্দিৰ প্ৰাংগণত থকা কপিকুলৰ লগতে ছাগলী, পাৰ চৰাই আৰু তাত উপস্থিত  কিছুসংখ্যক দুখীয়া লোকৰ মাজতো বুট, কল,পাউৰুটি আদি বিতৰণ কৰা হয়।