Thyroid: উচ্চ ৰক্তচাপৰ হ'লে নিমখ, ডায়েবেটিছ হ'লে চেনি
উচ্চ ৰক্তচাপৰ হ’লে নিমখ মানুহে, ডায়েবেটিছৰ হ’লে চেনি নাখাই মানুহে! কিন্তু আপুনি জানেনে থাইৰয়ড হ’লে কোনবোৰ খাদ্য খাব নালাগে?(Thyroid) হৰম’নৰ নিঃসৰণ বৃদ্ধি হ’লে ‘হাইপাৰথাইৰয়ডিজম’ বুলি কোৱা হয়, আৰু হৰম’নৰ নিঃসৰণ কমি গ’লে ‘হাইপ’থাইৰয়ডিজম’ বুলি কোৱা হয়। সামান্য পৰিশ্ৰম কৰি ভাগৰ লগা, ওজন বৃদ্ধি, চুলি সৰা আৰু মুখৰ উজ্জ্বলতা কমি যোৱা এইবোৰ লক্ষণ থাইৰয়ডৰ। এনে সমস্যা বেছি হোৱাৰ লগে লগে মানুহৰ শৰীৰত হ’ব পাৰে থাইৰয়ড। পুষ্টিবিদসকলে কয় যে যদি থাইৰয়ড বৃদ্ধি হয় তেন্তে পনিৰ কাব নালাগে। কবি, ফুলকবি, ব্ৰকলি, চজিনাৰ দৰে খাদ্যই থাইৰয়ডৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। মূলা, বাদাম আদিও খাব নালাগে।
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে গোটা শস্য খালে থাইৰয়ডৰ ঔষধে সঠিকভাৱে কাম কৰাত বাধা দিব পাৰে। গতিকে থাইৰয়ড ৰোগত আক্ৰান্ত হ’লে মটৰ, চয়াবিন আদি খাদ্য খাব লাগে।
যিকোনো ধৰণৰ কবি খালে থাইৰয়ডৰ সমস্যা বৃদ্ধি পাব পাৰে। এই শাক-পাচলি শীতকালত বেছিকৈ খোৱা হয়। কিন্তু থাইৰয়ড ৰোগত আক্ৰান্ত হ’লে প্ৰতিদিনে সৰ্বাধিক পৰিমাণৰ কবি খাব বিচাৰিলে পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
পেকেজড বা প্ৰচেছড খাদ্যত অতিৰিক্ত নিমখ, চেনি আৰু অস্বাস্থ্যকৰ চৰ্বি থাকে। গতিকে নিয়মিতভাৱে এনে খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। অন্যথা শৰীৰৰ অন্যান্য সমস্যাৰ লগতে থাইৰয়ডৰ সমস্যাও বৃদ্ধি পাব।
মীন ৰাশি- এই ৰাশিৰ লোকে কাম কৰাৰ ধৰণ সলনি কৰাৰ কথা চিন্তা কৰিব। উচ্চ বিষয়াৰ সৈতে পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰে। আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে নতুন বিনিয়োগত মনোনিৱেশ কৰা। বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগত থাকিবলৈ চেষ্টা কৰক কিয়নো বন্ধু-বান্ধৱীৰ জৰিয়তে নতুন সুযোগৰ বিষয়ে তথ্য পোৱাৰ সম্ভাৱনা আছে।
উত্তৰ-পূৰ্বাঞ্চলৰ একতা আৰু কৃষ্টি-সংস্কৃতিৰ সমন্বয় এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি, কৃষ্টি-সংস্কৃতিৰ সমন্বয়ৰ বিৰল উদাহৰণ স্থাপন কৰা হয়। ভক্তি আন্দোলনৰ এক নতুন দিশ উন্মোচন কৰাৰ লগতে ধৰ্মীয় আৰু সাংস্কৃতিক ঐক্যৰ প্ৰতিৱিম্ব প্ৰতিস্থা কৰে এই অনুষ্ঠানই।
উল্লেখযোগ্য ঘটনাৰ সামৰণি শঙ্ঘৰ এই কাৰ্যসূচীয়ে কৃষ্ণ ভক্তি আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰ পোহৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিস্তাৰ কৰে। লাখ লাখ ভকতৰ অংশগ্ৰহণ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীয়ে অধিৱেশনক সফলতাৰ শিখৰত পৌঁছে।
৮ ফেব্ৰুৱাৰী, ২০২৫ঃ নতুন দিল্লীৰ নিৰ্বাচনত ঐতিহাসিক জনাদেশ লাভ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে এক উল্লেখযোগ্য বিজয় অৰ্জন কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিজয়ৰ বাবে দিল্লীৰ জনতাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। Delhi Election Results 2025
সোণোৱালে কৈছে, “আম আদমী পাৰ্টিৰ বহু বছৰীয়া দুৰ্নীতি, অব্যৱস্থাপনা আৰু অৰাজকতাৰ পৰা মুক্তি লাভ কৰিবলৈ দিল্লীৰ জনতাই সুশাসনৰ বাবে বিজেপিক ভোট আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিত জনতাই যি অগাধ বিশ্বাস দেখুৱাইছে, সেইকাৰণে এই বিজয় সম্ভৱ হৈছে।”
তেওঁ বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকল আৰু নিৰ্ভীক কাৰ্যকৰ্তাসকলক অভিনন্দন জনাই এই জনাদেশক দিল্লীৰ জনতাৰ দায়িত্বশীল চৰকাৰৰ প্ৰতি থকা আশা আৰু আস্থাৰ প্ৰতিফলন বুলি অভিহিত কৰে। সোণোৱালে লগতে উল্লেখ কৰে যে বিজেপিৰ শাসন ব্যৱস্থাৰ অধীনত দিল্লী উন্নত পৰিকাঠামো, কাৰ্যক্ষম জনসেৱা আৰু দুৰ্নীতিৰহিত প্ৰশাসনৰ সৈতে আগুৱাই যাব।
“মোদীৰ উন্নয়ন মডেলৰ যোগেদি নতুন দিল্লীত এক নতুন অধ্যায়ৰ সূচনা হৈছে। দিল্লীৰ জনতাই অরাজকতা পৰিহাৰ কৰি সুশাসনৰ বাবে যে দৃঢ় সিদ্ধান্ত লৈছে, তাতেই এই বিজয়ৰ সাৰ্থকতা সন্নিৱিষ্ট।”
এই বিজয়ে দিল্লীৰ ৰাজনৈতিক পৰিৱেশত এক গুৰুত্বপূর্ণ পৰিবৰ্তনৰ সূচনা কৰাৰ লগতে বিজেপিৰ বিকাশমুখী দৃষ্টিভংগীৰ প্ৰতি জনতাৰ আস্থা পুনৰ প্ৰতিপন্ন কৰিছে।
বৰ্তমান দক্ষিণৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্যই নিজৰ নতুন ছবি ‘থাণ্ডেল’ৰ প্ৰচাৰত ব্যস্ত। (Naga Chaitanya) তেনে এটা অনুষ্ঠানত তেওঁ প্ৰথম বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ। তেওঁৰ কয় যে ২০১৭ চনত সামান্থা ৰুথ প্ৰভুক বিয়া কৰাইছিল ২০২১ চনত তেওঁলোকৰ বিচ্ছেদ হৈছিল। দুয়োজনে একেলগে এই সিদ্ধান্ত লৈছিল। এতিয়াও ইজনে সিজনক সন্মান কৰে। কিন্তু বিষয়টো ছচিয়েল মিডিয়াত বা প্ৰেছত এনেদৰে চৰ্চা হৈছে যেন তেওঁ অতি দোষী।
নাগাই ক’লে, “আমি নিজৰ ৰাস্তাত যাব বিচাৰিছিলো। আমি আমাৰ ব্যক্তিগত কাৰণত এই সিদ্ধান্ত লৈছিলো। আমি ইজনে সিজনক সন্মান কৰো। আমি নিজৰ জীৱনটো নিজৰ মতে আগবঢ়াই নিবলৈ আৰম্ভ কৰিছো। বুজিব পৰা নাই আৰু কি ক’বলগীয়া আছে। তেওঁ কেতিয়াবা ইয়াৰ বাবে নিজকে দোষী অনুভৱ কৰে।
নাগাই স্পষ্টকৈ কৈছে যে তেওঁৰ জীৱনটোক ‘মনোৰঞ্জন’ হিচাপে চোৱাৰ প্ৰৱণতা দেখা গৈছে। তেওঁ আশা কৰে যে দৰ্শক আৰু সংবাদ মাধ্যমে তেওঁৰ ব্যক্তিগত গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত সচেতন হয়। তেওঁ দোষী সাব্যস্ত হোৱা বুলিও অনুভৱ কৰে। তেওঁ কয় যে তেওঁ আৰু সামান্থাই এই বিচ্ছেদক নিজৰ ভালৰ বাবে বাছি লৈছিল। লগতে তেওঁ ক’লে যে মই সুখেৰে আগবাঢ়িছো, সামান্থাও সুখেৰে নিজৰ জীৱনত আগবাঢ়িছে। মোৰ জীৱনলৈ ঘূৰি আহিছে প্ৰেম। মই বৰ সুখী।
নাগাই কয় যে তেওঁৰ জীৱনত যি ঘটিছিল সেয়া বহুত ডাঙৰ ঘটনা নহয়। বিচ্ছেদৰ বাটত কেৱল তেওঁৱে খোজ কঢ়া নাই। অভিনেতাজনে কয় যে মই নিজেই এটা ভগ্ন পৰিয়ালৰ সন্তান। সেইবাবেই সম্পৰ্ক এটা বিচ্ছিন্ন কৰাৰ আগতে হাজাৰবাৰ ভাবো। কাৰণ মই জানো ইয়াৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে। ৪ ডিচেম্বৰত তেওঁ আন এগৰাকী দক্ষিণ ভাৰতীয় অভিনেত্ৰী শোবিতা ধূলিপালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পূৰ্বে সামান্থাইও কৈছিল যে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ সকলো কথা একেবাৰে সঁচা নহয়।