Home Blog Page 764

কাছাৰৰ কেইবাস্থানতো বান-খহনীয়া পৰিস্থিতিৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্বিতীয় দিনাও বৰাক উপত্যকাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি বান আৰু খহনীয়া অধ্যুষিত অঞ্চলৰ বুজ লয় । কাছাৰ জিলাৰ তাৰাপুৰ শিৱবাৰীত বৰাক নদীৰ বাঢ়নী পানীয়ে লোকনিৰ্মাণ বিভাগৰ এটা পথৰ অংশ ক্ষতিগ্ৰস্ত কৰিছিল । মন্ত্ৰী হাজৰীকাই কালি এই স্থান পৰিদৰ্শন কৰাৰ পাছৰে পৰা লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে পথটি সম্পূৰ্ণ বিচ্ছিন্ন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে । আজি মন্ত্ৰীগৰাকীয়ে এই স্থান পুনৰ পৰিদৰ্শন কৰি বিভাগীয় বিষয়া অভিযন্তাক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰাৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ।

পাছত মন্ত্ৰী হাজৰীকাই উধাৰবন্দ বিধানসভা সমষ্টিৰ আংগাৰজুৰ আৰু কৰাটিগ্ৰাম অঞ্চল পৰিভ্ৰমণ কৰি বৰাক আৰু মথুৰা নদীৰ বানত ক্ষতিগ্ৰস্ত স্থানৰ বুজ লয় । আংগাৰজুৰত বৰাক নদীৰ পাৰত প্ৰায় ৪০০ মিটাৰ অংশ উন্মুক্ত হৈ থকাত কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি হোৱাত মন্ত্ৰী হাজৰীকাই বাৰিষাৰ পাছতে এই স্থানত মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাও মন্ত্ৰীগৰাকীয়ে কামনা কৰে । আনহাতে কৰাটিগ্ৰামত মথুৰা নদীৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল মটৰ চাইকেলেৰে পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগে কৰিবপৰা কামসমূহ কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে । এই স্থানতে থকা বানত ক্ষতিগ্ৰস্ত বিভাগীয় এখন শ্লুইছ গেট মেৰামতিৰ ব্যৱস্থা ল’বলৈ বিভাগীয় অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।

ইয়াৰ পৰা মন্ত্ৰী হাজৰীকাই লক্ষীপুৰ সমষ্টিৰ পালাৰবন্দত উপস্থিত হৈ পালাৰবন্দ-লক্ষীপুৰ সংযোগী পথৰ চিৰি নদীৰ ওপৰত থকা দলঙৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰে । এই দলংখনৰ এটা মূৰত বহি যোৱাৰ ফলত পথটিৰে যাতায়ত বন্ধ আছে আৰু বৃহৎ অঞ্চলটোৰ ৰাইজে সমস্যাৰ সন্মুখীন হৈছে । মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত পথৰ ক্ষতিগ্ৰস্ত অংশ যাতে বাঢ়ি নাযায় তাৰ তৎকালীন ব্যৱস্থা ল’বলৈ লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে ।

আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বৰাক উপত্যকাত এইকেইদিন হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ তৰফৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান ৰোধিবলৈ সম্ভৱপৰ সকলো কাম পৰ্যায়ক্ৰমে কৰা হ’ব । আনহাতে তিনিওখন জিলাতে মথাউৰিৰ চিগা অংশসমূহ অহা ১৫ দিনৰ ভিতৰত জিঅ’ টিউবৰ সহায়ত বন্ধ কৰি দিয়া হ’ব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

শিৱসাগৰৰ পানীবিলত লিলি ফুকন নামৰ লোকজনৰ বাসগৃহলৈ গুলী…

শিৱসাগৰৰ পানীবিলত গুলীচালনা। লিলি ফুকন নামৰ লোকজনৰ বাসগৃহলৈ গুলী।

ঘৰৰ টিনপাত ফুটা কৰি ভিতৰত পৰিল গুলী। গুলীচালনাক লৈ আতংকিত পৰিয়ালটো। ক’ৰ পৰা বাসগৃহলৈ আহিল গুলী সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

চেৰেকাপাৰ আৰক্ষীক অৱগত কৰিছে আতংকিত পৰিয়ালটোৱে।

চেঁচা কলাজল নৈত কোম্পানীয়ে এৰি দিয়া প্ৰদূষিত পানীৰ বাবে জীৱকুলৰ বাবে ভয়াবহ ইংগিত…

চেঁচা কলাজল নৈ নামেৰে খ্যাত নদীত এচাম লোকে প্ৰায় চাৰি বছৰে ধৰি অমানৱীয় দুষ্কাৰ্য সংঘটিত কৰি আহিছে।যি কাৰ্য্যই ভৱিষ্যত জীৱকুলৰ বাবে ভয়াবহ ইংগিত বহন কৰিছে। জানিব পৰা মতে এচাম দুষ্কৃতিকাৰীয়ে জীৱকুলক

লৈ খেলা কৰি নৈৰ পানীত বিহ মিহলাই থলুৱা মাছ মাৰি নিজৰ মুনাফা আদায় কৰা বুলি ৰাইজে মন্তব্য কৰিছে। অন্য একাংশ ৰাইজৰ মতে কোম্পানীয়ে এৰি দিয়া প্ৰদূষিত পানীৰ বাবে এই দুষ্কাৰ্য সংঘটিত হয়।সঠিক তদন্ততহে

সত্যটো ওলাই পৰিব। গতিকে মীন মহল ,হাজো আৰক্ষী থানা,দদৰা আৰক্ষী থানা লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই এই দুষ্কাৰ্য বন্ধ কৰিবৰ বাবে উপযুক্ত তদন্ত আগবঢ়ায়।এই অমানৱীয় ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে তাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনায়।

ফুড ক্ৰাফ্ট ইনষ্টিটিউটত সামৰণি পৰিল ফাৰ্ষ্ট ফুড ভেণ্ডৰ ১০ দিনীয়া কৰ্মশালা…

নগাঁৱৰ চামগুৰিৰ ৰঙাগঢ়াস্থিত অসমৰ একমাত্ৰ খাদ্য সামগ্ৰী প্ৰস্তুত আৰু পৰিৱেশন শৈলী শিক্ষাৰ নিৰ্ভৰযোগ্য প্ৰশিক্ষণ প্ৰতিষ্ঠান ফুড ক্ৰাফ্ট ইনষ্টিটিউটত আজি সামৰণি পৰিল ১০ দিনীয়া ফাৰ্ষ্ট ফুড ভেণ্ডৰ আৱাসীক কৰ্মশালা ৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা পৰিচালিত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হোৱা ১০ দিনীয়া কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ মুঠ ত্ৰিশ গৰাকী প্ৰশিক্ষাৰ্থী ৷

মহিলা আত্মসহায়ক গোট সমূহৰ পৰা নিৰ্বাচিত উক্ত প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন প্ৰকাৰৰ ফাৰ্ষ্ট ফুড খাদ্য সামগ্ৰী প্ৰকৰণৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ যোৱা ২০ মেত ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ পঞ্চায়ত

আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিব ড° জে বি এক্কা আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সঞ্চালক মচন্দা পাৰ্টিনৰ উপস্থিতিত ফুট ক্ৰাফ্ট ইনষ্টিটিউটৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰৱাল শৰ্মা বৰদলৈৰ আদৰনী ভাষনেৰে শুভাৰম্ভ কৰা কৰ্মশালাটি আজি সৌহাদ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণেৰে সামৰণি পৰে ৷

আজি বিশ্ব ধপাঁত বিৰোধী দিৱস ! দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো বিশ্ব ধপাঁত বিৰোধী দিৱস পালন…

ৰঙিয়াৰ বিজুলী নগৰ বাণী বিদ্যাপীঠ হাইস্কুলত ৰঙিয়া ৰেডক্ৰছ চোছাইটিৰ উদ্যোগত বিশ্ব ধপাঁত বিৰোধী দিৱস উপলক্ষে ছাত্ৰ- ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় সজাগতা সভা। ৰঙিয়া ৰেডক্ৰছ চোছাইটিৰ যুটীয়া সম্পাদক প্ৰকাশ ডেকাই আত ধৰা অনুষ্ঠানটোত ৰঙিয়া ৰেডক্ৰছ চোছাইটিৰ সভাপতি ডাঃ চফিকুল হকে দিৱসটিৰ তাৎপৰ্য

ব্যাখ্যা কৰাৰ লগতে ধপাঁতে গোটেই বিশ্বত নিযুতৰ হিচাপত কেনেদৰে বছৰি মানুহক মৃত্যুৰ মুখত পেলাইছে সেই সন্দৰ্ভত তথ্য বোৰ ডাঙি ধৰে । ৰঙিয়া ৰেডক্ৰছ চোছাইটিৰ সম্পাদক ডা: খবিৰুদ্দিন আহমেদে ধপাঁত সেৱনৰ পৰা মানুহে ভুগি অহা নানান দুৰাৰোগ্য ৰোগৰ কথা উল্লেখ কৰি মানৱ সমাজৰ বাবে হানিকাৰক এই বৰবিহৰ পৰা

সকলোকে কেনেদৰে আতৰাই ৰাখিব পাৰি এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰী সকলৰ আগত সুন্দৰ ভাবে বুজাই দিয়ে।বিজুলী নগৰ বাণী বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক ফাৰুক হুছেইনে এনে স্বাস্থ্যৰ হানিকাৰক দ্ৰব্যৰ পৰা আঁতৰত ৰাখিবলৈ সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰে।

৯ জুনত ‘চৰাইদেউ বাতৰি’ ত্ৰয়োদশ বাৰ্ষিক বৰ্ষপূৰ্তি আৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন…


উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত একমাত্ৰ পষেকীয়া সংবাদপত্ৰ ‘চৰাইদেউ বাতৰি’ৰ ত্ৰয়োদশ বাৰ্ষিক বৰ্ষপূৰ্তি আৰু বঁটা প্ৰদান অনুষ্ঠানটো অহা ৯ জুন তাৰিখে চৰাইদেউ চ্যুকাফা পৰ্যটনভৱনত আয়োজন কৰিছে । ‘চৰাইদেউ বাতৰি’ৰ উদ্যোগত আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠান পুৱা ১০ বজাত শুভাৰম্ভ কৰা হ’ব । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰণৱ বৰগোঁহাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে মুকলি সভা, বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব । জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া সভাখন উদ্বোধন কৰিব চৰাইদেউ জিলা প্ৰাক্তন জিলা আয়ুক্ত বিবেকানন্দ ফুকনে ।

সভাত আদৰণি ভাষণ আগবঢ়াব ‘চৰাইদেউ বাতৰি’ কাকতৰ মুখ্য উপদেষ্টা তথা সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । উক্ত অনুষ্ঠানতে ‘ বৰ্তমান সাংবাদিকতাত মূল্যবোধৰ অভাৱ’ শীৰ্ষক বিষয়ত বক্তৃত্বা প্ৰদান কৰিব অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই । সভাত বিশিষ্ট অতিথি হিচাপে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক ৰাতুল বৰা, কেবিনেট মন্ত্ৰী যোগেন মহন, চৰাইদেউৰ জ্যেষ্ঠ আইনীজীৱি মহেশ গদুকা, সোণাৰি প্ৰেছ ক্লাৱৰ সভাপতি আলিম আহমেদ, সোণাৰিৰ জ্যেষ্ঠ সাংবাদিক নাৰায়ণ দে, সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী সমুদ্ৰ প্ৰসাদ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰশান্ত দত্ত আৰু টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দিগন্ত চাংমাই উপস্থিত থাকিব ।

উক্ত অনুষ্ঠানতে ‘চৰাইদেউ বাতৰি’য়ে প্ৰথমবাৰলৈ প্ৰদান কৰিবলগীয়া মানৱীৰাম বৰুৱা সোঁৱৰণী ‘চৰাইদেউ ৰত্ন’ বঁটা প্ৰতিষ্ঠিত সংগীত শিল্পী প্ৰশান্ত ৰাজখোৱা, যুৱ সাংবাদিকতা বঁটা শিৱসাগৰ জিলাৰ নিতাইপুখুৰী সাংবাদিক দীপক বড়া, সমাজহিতৈষী সুফল তাছা সোঁৱৰণী ‘সাহিত্য জ্যোতি’ বঁটা নলবাৰীৰ নিপ কুমাৰ মেধি, বীণাৰাণী ভূমিজ সোঁৱৰণী ‘সমাজ ৰত্ন’ বঁটা নলবাৰীৰ দেৱীপ্ৰসাদ অধিকাৰী আৰু যোৰহাটৰ বিশিষ্ট পৰিৱেশ কৰ্মী তথা সাংবাদিক জিতু কলিতাক ‘প্ৰজ্ঞাৰ সাধক’ বঁটা প্ৰদান কৰাৰ লগতে চৰাইদেউ জিলাৰ বহুকেইগৰাকী বিশিষ্ট সাংবাদিক, লেখক আৰু শিক্ষকক ‘চৰাইদেউ বাতৰি’ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব বুলি ‘চৰাইদেউ বাতৰি’ৰ মুখ্য সম্পাদক মৃদুল কুমাৰ চাহু আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই জানিবলৈ দিছে ।

পুনৰ গোলকগঞ্জৰ মন্দিৰৰ কালী মূৰ্তি ভাঙিলে অজ্ঞাত দুস্কৃতিকাৰীয়ে…

যোৱা নিশা পুনৰ গোলকগঞ্জৰ মন্দিৰৰ মূৰ্তি ভাঙিলে অজ্ঞাত দুস্কৃতিকাৰীয়ে অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত উত্তেজনা। ছাগলীয়া ৰায়ডাক শ্মশান মন্দিৰৰ কালী মূৰ্তি ভাঙিলে অজ্ঞাত দুস্কৃতিকাৰীয়ে। পুৱা প্ৰাত ভ্ৰমণত অহা ৰাইজে মূৰ্তি ভগ্ন অৱস্থাত প্ৰত্যক্ষ কৰে।

খবৰ বিয়পি পৰাত যথেষ্ট ৰাইজৰ সমাগম হয় লগতে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হয় । ইপিনে ছাগলীয়া আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অঞ্চলটোৰ আইন শৃংখলা নিৰাপত্তাৰ ওপৰতো প্ৰশ্নৰ উদয় হৈছে।


কাৰণ কালি নিশাও সংঘটিত হয় একে ঘটনা। ছাগলীয়া ছোটোকুৰা শ্মশান মন্দিৰৰ কালী মূৰ্তি ভাঙিছিল দুস্কৃতিকাৰী। অৱশ্যে অঞ্চলটোৰ শান্তি সম্পৃতি নষ্ট কৰাৰ বাবে দুষ্ট চক্ৰৰ কু অভিসন্ধি বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে। ধুবৰী জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

টীয়কত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ আছুৰ…

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই আজি টীয়কৰ শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰীতম জ্যোতি শইকীয়া উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীটোত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিতোপন পোদ্দাৰ , সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত , সহকাৰী সম্পাদক প্ৰাঞ্জল বৰা আৰু চিকেবি কলেজ,টীয়কৰ ছাত্ৰ একতা সভাৰ উপ-

সভাপতি অবিশেষ লাকৰা আৰু সাধাৰণ সম্পাদক ৰঞ্জন দত্তকে ধৰি সকলো ছাত্ৰ কৰ্মীয়ে শক্তি বিভাগ গ’ বেক , শক্তি বিভাগ হায় হায় আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । অনাগত দিনত শক্তি বিভাগে নিজক সংশোধন কৰি যদি দাবী সমূহ মানি নলয় তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ।

প্ৰেম ব্লেকমেইলিং পৰৰ্ৱতী সময়ত উপায়ন্তৰ হৈ আত্মহনন ! শাৰীৰিক সম্পৰ্ক ৰাখি যুৱতীৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে চৰম সিদ্ধান্ত…

প্ৰেম,ব্লেক মেইলিং পৰৰ্ৱতী সময়ত উপায়ন্তৰ হৈ আত্মহত্যা । এই ঘটনা সংঘটিত হৈছে নাজিৰা নিৰ্মলীয়াত । দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক তথা শাৰীৰিক সম্পৰ্ক ৰাখি এগৰাকী স্মাতক ডিগ্ৰীধাৰী যুৱতীক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে বৃহস্পতিবাৰে নিজা বাসগৃহত আত্মহত্যা কৰে ।

নাজিৰা কলেজ তিনিআলিৰ সমীপৰ সেউজ নগৰৰ যুৱক পাৰ্থ দত্তৰ লগত মেধাৱী ছাত্ৰী গৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক । এই সম্পৰ্ক থকাৰ বাবে পাৰ্থ দত্তই ছাত্ৰীগৰাকীক কৰি গৈছিল ব্লেকমেইলিং । চুড়ান্ত সীমা পাৰ হৈ ছাত্ৰীগৰাকীক যুৱকজনে মানসিক,শাৰীৰিক নিৰ্যাতন চলাই অহাত উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাচি ললে ।

শুক্ৰবাৰে পৰিয়ালে যুৱতীগৰাকীৰ ৰোমত কাপোৰ সমূহ চোৱা মেলা কৰোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । ছাত্ৰীগৰাকীয়ে এখন ডায়েৰীত সকলো কথা সবিস্তাৰে লিখি থৈ যোৱাত আজি পৰিয়ালে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীৰ তদন্তৰ পিছতেই সঠিক তথ্য পোহৰলৈ আহিব ।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

নলবাৰী জিলাৰ কাপলাবড়ীত মৃতদেহ উদ্ধাৰ…


কাপলাবড়ী বজাৰ গৃহত উদ্ধাৰ হৈছে মৃতদেহটো। ৰংচোৱা মথাউৰি নিবাসী তৰুণ বৰ্মণৰ পুত্ৰ তপন বৰ্মণৰ(১৮/১৯ )বছৰীয়া বুলি জানিব পৰা গৈছে।

মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্হিত হৈ মৃতদেহটো মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।