Home Blog Page 770

গোসাইগাঁৱত মানাস চছাইটিৰ বাশবাৰী শাখা সমিতি গঠন…

গোসাইগাঁৱত মানাস চছাইটিৰ বাশবাৰী শাখা সমিতি গঠন
মহিলা সৱলীকৰণৰ লগতে সমাজৰ ব্যধি সমুহ দূৰীকৰণৰ বাবে মহিলা সকলক সজাগ কৰাৰ কাম কৰিছে মানাস চছাইটিয়েঃ

কোকৰাঝাৰ সদৰ চহৰৰ বাসিন্দা মিনাৰা বেগমে নাৰী সৱলীকৰণৰ বাবে নিজকে উৎসৰ্গিত কৰি ইতিমধ্যে অসংখ্য মহিলাক আত্ম নিৰ্ভৰশীল হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে ৷তেওঁ প্ৰতিষ্ঠা কৰা মানাস চছাইটিৰ লগত কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ মহিলা সকল যুক্ত হৈ নিজৰ তথা সমাজৰ বাবে কাম কৰিবলৈ আগৱঢ়ি আহিছে ৷

আজি মানাস চছাইটিৰ অধীনত গঠিত গোসাইগাঁও মহকুমাৰ বাশবাৰী শাখাৰ বিষয়বীয়া সকলৰ সৈতে মানাস চছাইটিৰ প্ৰতিষ্ঠাপক মিনাৰা বেগমে আলোচনাত মিলিত হৈ তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত অৱগত কৰে ৷তেওঁ উপস্থিত মহিলা সকলৰ উদ্দেশ্যি কয় সমাজত বাল্যবিবাহ ,শিশু শ্ৰমিক , ,বহু বিবাহ , অন্ধ বিশ্বাস – কু-সংস্কাৰ আদি দূৰীকৰণৰ ক্ষেত্ৰত মহিলা সকলে আগবাঢ়ি যাব লাগিব ৷

চৰকাৰৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ সুবিধা লবলৈ হ’লে মহিলা সকলক সজাগ সচেতন হোৱাটো অতি দৰকাৰ ৷মহিলা সকলক আনৰ ওপৰত নিৰ্ভৰশীল নহৈ আত্ম নিৰ্ভৰশীল হবলৈ আহ্বান জনায় ৷মানস চছাইটিৰ বাশবাৰী শাখাৰ সভানেত্ৰী ছকিনা খাতুন ,সাধাৰণ সম্পাদিকা ৰেহেনা বেগম ,ধনভৰালী ৰুপিকা পাৰভীনৰ লগতে মানস চছাইটিৰ ভালেসংখ্যক মহিলা উপস্থিত আছিল ৷

পেট ভৰাৰ পিছতো কেক, বিস্কুট, ঝালমুৰি খাবলৈ মন যায় নেকি? ভোক নালাগিলেও কিয় খাবলৈ মন যায় জানক…

ভোকত নাথাকিব কেতিয়াও।বহুদেৰি উপবাসে থাকিলে গেছ-হাৰ্টবাৰ্ণ হোৱাৰ সম্ভাৱনা। লগতে আলচাৰ হোৱাৰ আশংকাও থাকে। সেয়েহে বহু সময়লৈকে খাদ্য গ্ৰহণ নকৰাকৈ থকাতকে খাদ্য খোৱাৰ অভ্যাসটোৱেই আটাইতকৈ স্বাস্থ্যকৰ। কম পৰিমাণে খালেও ভোক মাৰ যায়। আনহাতে কিছুমান মানুহৰ আকৌ ভোক নালাগিলেও কিবাকিবি খাবলৈ মন গৈ থাকে। বহুতে খোৱা-বোৱাৰ ক্ষেত্ৰত অতি কঠোৰ নিয়ম মানি চলে। খাদ্য দেখিলেই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। চকুৰ সন্মুখত খাদ্য দেখিলে খাবলৈ মন যোৱাৰ ফলত ওজন বাঢ়ি যায়। তাৰ লগে লগে ডায়েবেটিছ, কলেষ্টেৰল, ইউৰিক এচিডৰ সম্ভাৱনাও বৃদ্ধি পায়।


খাদ্য দেখিলেই খাবলৈ মন যোৱাৰ এই অভ্যাস কেনেকৈ নিয়ন্ত্ৰণ কৰিব-

১) নিজৰ শৰীৰৰ ভাল বেয়া বুজিব লাগিব। ইচ্ছামতে খাদ্য খোৱাৰ প্ৰৱণতা দমন কৰিব লাগে। নহ’লে পিছত স্বাস্থ্যৰ ক্ষতিৰ সম্ভাৱনা।

২) সঠিক সময়ত সঠিক পৰিমাণৰ খাদ্য খাবলৈ চেষ্টা কৰক। সময়মতে সন্তোষজনক খাদ্য গ্ৰহণ কৰিলে এই প্ৰৱণতা নিয়ন্ত্ৰণলৈ আনিব পাৰিব। লগতে সকলো সময়তে চিপচ, ভুজিয়া, অন্যান্য পানীয় খোৱা বাদ দিয়ক।

৩) প্ৰটিন আৰু আঁহৰ পৰিমাণ শৰীৰলৈ গ’লে ভোক অনুভৱ নহয়। গতিকে প্ৰটিন, চৰ্বি, কাৰ্বহাইড্ৰেট থকা খাদ্য খাব। এনে খাদ্যই বহু সময়লৈকে পেটটো ভৰাই ৰাখিব। খাদ্য খোৱাৰ হেঁপাহও নহ’ব।

বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক…

বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা জব্দ ৩খন নকল সোণৰ নাও। নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক।

নজৰুল ইছলাম নামৰ লোকজনৰ পৰা জব্দ নকল সোণৰ নাওকেইখন। ঘটনা সন্দৰ্ভত নজৰুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ।

সোধা-পোছাৰ অন্তত পুত্ৰক মুকলি কৰি দিয়ে আৰক্ষীয়ে।

কৰদৈগুৰিত ফেঁচা-মানুহৰ সংঘাত ! ফেঁচাৰ সন্ত্ৰাসত চাৰিজন লোক আঘাতপ্ৰাপ্ত…

তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত ১ নং কৰদৈগুৰি গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা ফেঁচাই। যাক এক অভূতপূৰ্ব ঘটনা হিচাপে বিবেচিত হৈছে অঞ্চলবাসীৰ বাবে।দেওবাৰে তিনিচুকীয়াৰ যুৱ পৰিৱেশকৰ্মী তথা ট্যুৰিষ্ট গাইড পাপুল গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ দৰ্শন কৰি গম পাই যে, কুৰুলী ফেঁচা আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। ইয়াক ঠাই ভেদে উৰুলী ফেঁচা বুলিও কোৱা হয় (ইয়াৰ ইংৰাজী নাম: Asian Barred Owlet)।

এই ফেঁচাই বাহ সাজি আশ্ৰয় লৈ আছে ১ নং কৰদৈগুৰিৰ সুৰেন্দ্ৰ খাটোৱাল নামৰ ব্যক্তিজনৰ বাৰীত। ইতিমধ্যে গৃহস্থ সুৰেন্দ্ৰৰ লগতে দাঁতি কাষৰীয়া তিনি গৰাকী লোক ক্ৰমে বিজ্ঞান্ত মৰাণ, মঞ্জুলা খাটোৱাল আৰু পৰাগ খাটোৱালে এই ফেঁচাৰ আক্ৰমণৰ বলি হৈছে। আটাকেইজনকে মূৰ আৰু শৰীৰত আঘাত কৰিছে।

ফেঁচাৰ এনে সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। সৰু সৰু ল’ৰা-ছোৱালীও এই ফেঁচাৰ আক্ৰমণৰ বলি হব পাৰে। সেয়েহে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ’বলৈ অনুৰোধ জনোৱাৰ লগতে ইতিমধ্যে আক্ৰমণৰ বলি হোৱা সকলোকে ওচৰৰ চিকিৎসালয়লৈ গৈ ডাক্তৰৰ পৰামৰ্শ হ’বলৈ আহ্বান জনায়।

বিপৰ্যয়ৰ সন্মুখীন ঋষি ছুনাকঃ ৪ জুলাইৰ নিৰ্বাচনৰ পূৰ্বে ৭৮ জন সাংসদৰ পদত্যাগ…

শেহতীয়াকৈ যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে৷ চলিত বৰ্ষৰ ৪ জুলাইত তাত নিৰ্বাচন হ‘ব। আনহাতে ভোটদানৰ পূৰ্বে ছুনাকে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কাৰণ ৭৮জন সাংসদে পদত্যাগ কৰিছে৷ খবৰ অনুসৰি নিৰ্বাচনী প্ৰচাৰৰ প্ৰথম সপ্তাহৰ শেষৰ ফালে ছুনাকে ৰাজহুৱা অনুষ্ঠানৰ পৰা এদিনৰ “অস্বাভাৱিক বিৰতি” লৈছিল আৰু তাৰ পৰিৱৰ্তে নিজৰ ঘনিষ্ঠলোকৰ সৈতে নিৰ্বাচনী কৌশলকলৈ আলোচনাত মিলিত হৈছিল৷

কেবিনেট মন্ত্ৰী মাইকেল গ’ভ আৰু আন্দ্ৰেয়া লিডছম হৈছে কনজাৰ্ভেটিভ পাৰ্টিৰ শেহতীয়াসদস্য যিয়ে নিৰ্বাচনত অৱতীৰ্ণ নহ’ব বুলি ঘোষণা কৰিছে, যাৰ ফলত পদত্যাগ কৰা মুঠ সদস্যৰ সংখ্যা ৭৮লৈ হ্ৰাস পাইছে। দেশজুৰি বিভিন্ন ক্ষেত্ৰত বৰ্তমানৰ সাংসদ সদস্যসকলে সন্মুখীন হোৱা সমস্যাবোৰ ছুনাকে সমাধান কৰাৰ চেষ্টা চলাইছে৷ পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱা সাংসদসকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী থেৰেছা মে আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী বেন ৱালেছ আদি।

গেলেকী মৰাণ গাঁৱৰ ৰেল বিভাগত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যু…

গেলেকী মৰাণ গাঁৱৰ ৰেল বিভাগত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যু

অঞ্চলজুৰি শোকৰ বন্যা

নাজিৰা গেলেকী মৰাণ গাঁৱৰ ৰেল বিভাগত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্য । ৰেলৰ ইঞ্জিনত ডবা সংযোগ কৰি থকা অৱস্থাত আন ৰেল কৰ্মচাৰীয়ে কোনো সংকেতসূচক (হৰ্ণ) নিদিয়াত এই অঘটন । জানিব পৰা মতে ডিব্ৰুগড় বাণীপুৰ ষ্টেচনত হাবিবুৰ ওৰফে টুটু আহমেদ নামৰ ৰেল কৰ্মচাৰী জনক ৰেলে মহতীয়াই নিয়ে ।

যাৰ ফলত থিতাতে নিহত হয় টুটু আহমেদৰ । দেশত হৈছে মেট্ৰ’ ৰেল সেৱা, কিন্তু ডিব্ৰুগড় বাণীপুৰ ষ্টেচন বৰ্তমানেও তথৈবচ অৱস্থা । এতিয়া ৰেল ষ্টেচনতে স্বয়ং সুৰক্ষিত নহয় ৰেল কৰ্মচাৰী । ৰেলত সংযোগ কৰা হৈছে ছেনিটাইজাৰ ডিস্পেঞ্চাৰ ।

প্ৰয়াত আহমেদ আছিল এগৰাকী স্পষ্টবাদ তথা জাতীয়তাবাদী ছাত্ৰ নেতা । তেখেতে পত্নী আৰু এটি পুত্ৰ সহ এগৰাকী কন্যা সন্তানক ইহ সংহাৰত এৰি থৈ গৈছে । ন্যায় পাবনে? দুৰ্ভগীয়া এই পৰিয়াটোৱে | এতিয়া অঞ্চলজুৰি শোকৰ বন্যা ।

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা ! আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ…

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ। চুৰিৰ গোচৰত কৰায়ত্ব কৰি থানালৈ লৈ আনিছিল সোন আহমেদ নামৰ এটা চোৰক। লকআপত সোমাব লওতেই আৰক্ষীৰ বেহু ফালি পালয়ন অভিযুক্ত চোৰটোৰ।

চোৰটোক ধৰিবলৈ আৰক্ষীয়ে আপ্ৰাণ চেষ্টা চলাই যদিও থানাৰ সমীপতে থকা বৰলীয়া নৈত জাপ দি পলায়ন সোন আহমেদ নামৰ চোৰটোৰ।

সম্প্ৰতি চোৰটোক বিছাৰি ৰঙিয়া আৰক্ষীয়ে বৰলীয়া নৈ আৰু আন আন অঞ্চলত চলাইছে অভিযান । বিগত সময়ত চেইন কাঢ়ি নিয়াকে ধৰি বিভিন্ন চুৰি ডকাইতি কাৰ্য্যৰ লগত জঢ়িত আছিল ধৃত চোৰ টো

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথ…

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে

শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথৰ

লামাজান উন্নয়ন সমিতিৰ উদ্যোগত আজি স্থানীয় ৰাইজে শ্ৰমদান আগবঢ়াই চমকং গাওঁ পঞ্চায়তৰ লামাজান, চেঙাজান অঞ্চলৰ কেবাটাও জৰাজীৰ্ণ পথৰ মেৰামতি কৰে।চৰকাৰলৈ আশা নকৰি নতুন চেঙাজান গাঁৱৰ পৰা নিলখীয়া হৈ কাৱৈমাৰী ঘাট সংযোগী পথ,বিঞ্চুপুৰ তিনিআলিৰ পৰা লামাজান বিহিয়া, ডিমৰুগুৰী হৈ কাৱৈমাৰী ঘাট

সংযোগী পথ,নিলখীয়াৰ পৰা জয়পুৰ, বাঁহবাৰী,লামাজান মিচিং হৈ বান্তৌ সংযোগী জৰাজীৰ্ণ পথ কেইটা লামাজান অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতিৰ কাম হাতত লয়। লামাজান উন্নয়ন সমিতিৰ

সভাপতি প্ৰহ্লাদ বৰা,উপ সভাপতি মহেন গগৈ, যতীন পেগু,দিলিপ পেগু, মুখ্য সম্পাদক পুণেশ্বৰ পেগুকে ধৰি বহু বিষয়ববীয়া আৰু নেতৃস্থানীয় লোকে শ্ৰমদান কাৰ্য্যসূচীত উপস্থিত থাকি দায়িত্ব পালন কৰে।

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন ! চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান…

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান 

সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ধেমাজি জিলাৰ দ্বি বাৰ্ষিক অধিবেশনখনি চিলাপথাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত  আজি অনুষ্ঠিত হয়। এদিনীয়া কাৰ্যসূচীৰে আয়োজিত অধিৱেশনৰ পুৱাত শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলনৰে আৰম্ভ হয়। ইয়াৰ পিচতে সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হেমচন্দ্ৰ পাঞাঙে আঁতধৰা আৰু জিলা সভাপতি যুগল শৰ্মাই সঞ্চালনা কৰা মুকলি সভাত সুদীৰ্ঘ চাৰি দশকে চাকৰিৰ অন্তত অৱসৰ লোৱা বন‌ বিষয়া ললিত ৰিচঙক সন্থাৰ তৰফৰ পৰা এখনি মানপত্ৰ , শৰাই, ফুলাম গামোচা আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত সদৌ অসম বন কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা ইন্দ্ৰ গগৈয়ে দেশৰ জনগণক সুৰক্ষা দিয়া সেনাই চৰকাৰৰ অধিক গুৰুত্ব পাই।

পিছে সমস্ত জীৱকুলৰ সুৰক্ষা দিয়া বন কৰ্মীয়ে চৰকাৰৰ সঠিক গুৰুত্ব নাপায় বুলি মন্তব্য কৰি জীৱ আৰু পৰিবেশ ৰক্ষা কৰাৰ স্বাৰ্থত নৱনিযুক্ত বনকৰ্মী সকলে প্ৰতি জোপা গছক পুত্ৰ জ্ঞান কৰি লালন পালন কৰিবলৈ দৃঢ় প্রতিজ্ঞ হবলৈ ভাষণ প্ৰসংগত আহ্বান জনায়। সভাত উপস্থিত বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগুৱে বিগত সময়ছোৱাত সন্থাই সম্পন্ন কৰা বিভিন্ন কাৰ্যসূীৰৰ ওপৰত বক্তব্য প্ৰদান কৰি সকলোকে ঐক্যৱদ্ধ হ’বলৈ সাৰুৱা ভাষণ প্ৰসংগত আহ্বান জনায়। একেদৰে সন্থাৰ উপ-সভাপতি দয়াল দাসে ৰাজহুৱা সভাত ৰাইজৰ তেনেই তকৰীয়া উপস্থিতি দেখি তীব্ৰ খেদ প্ৰকাশ কৰি সংগঠন বলিষ্ঠ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সকলোৱে সহযোগ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আঞ্চলিক নেতৃত্বত থকা সকলে অধিক তৎপৰ হ’ব লাগিব বুলি কয়।   

 

ইফালে সভাই যুগল শৰ্মাক সভাপতি আৰু মাধুৰ্য শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ১৭ জনীয়া সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ধেমাজি জিলাৰ এখন শক্তিশালী সমিতি গঠন কৰে। বিভিন্ন সমস্যাৰে জৰ্জৰিত বনকৰ্মীসকলৰ অসুবিধা দূৰীকৰণৰ বাবে গুৰুত্ব সহকাৰে আলোচনা কৰি কৰ্যকৰণৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।  পাৰিতোষিক, পদোন্নতি, অনন্য বানচ,চুটি আদি বন কৰ্মচাৰী সকলে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যা সমাধানত গুৰুত্ব প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। অনুষ্ঠানত জোনাই বনাঞ্চলিক বিষয়া গীতিমনি দলে,ধেমাজি বনাঞ্চলিক বিষয়া মিশ্ৰ দেউৰী, সদৌ অসম বন কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা ইন্দ্ৰ গগৈ,সভাপতি হোমেন পেগু,উপসভাপতি দয়াল দাস আদি কেইবাজনেও বক্তব্য প্ৰদান কৰে। লগতে চিলাপথাৰ,জোনাই, ধেমাজি,গোগামুখ, ডিমৌ,চিমেন চাপৰি আদি বিভিন্ন আঞ্চলিকৰ কৰ্মকৰ্তা উপস্থিত থাকে।

সীমান্তৰ সিপাৰৰ পৰা জেহাদীসকলে এছ পি, কংগ্ৰেছক সমৰ্থন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী…

একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকালৰ লক্ষ্য আগত ৰখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া মিত্ৰজোঁটে পাকিস্তান আৰু জেহাদীৰ পৰা সমৰ্থন লাভ কৰাৰ অভিযোগ উত্থাপন কৰে। দেওবাৰে উত্তৰ প্ৰদেশৰ বাংসগাঁও ৰেলীত ভাষণ দি মোদীয়ে কয় যে ইয়াত “ভোট জেহাদ”ৰ বাবে আবেদন জনোৱা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ বাবে পাকিস্তানত প্ৰাৰ্থনা কৰা হৈছে। মোদীয়ে কয় “পাকিস্তানত এছ পি আৰু কংগ্ৰেছৰ ইণ্ডিয়া মিত্ৰজোঁটৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰা হৈছে। সীমান্তৰ সিপাৰৰ পৰা জেহাদীয়ে তেওঁলোকক সমৰ্থন কৰিছে। এছ পি আৰু কংগ্ৰেছে ‘ভোট-জিহাদ’ৰ বাবে আবেদন জনাইছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ৪ জুনত ভাৰতৰ ভৱিষ্যত নিৰ্ণয় হ‘ব আৰু সেইদিনা ভাৰতৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দৌৰো আৰম্ভ হ’ব।মোদীয়ে কয় “৪ জুন, ২০২৪ তাৰিখে ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰিব। দেশে ডেউকা মেলি ৪ জুনত ‘অমৃত কাল’ৰ সংকল্পৰ দিশে নতুন উৰণ আৰম্ভ কৰিব, এখন উন্নত ভাৰত গঢ়ি তোলাৰ বাবে এই উৰণ, ১৪০ কোটি ভাৰতীয়ই সপোন পূৰণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৪ জুনলৈ” মোদীয়ে লগতে কয় যে মুদ্ৰা আঁচনিৰ পৰা বহু যুৱকে সুবিধা লাভ কৰিছে৷ মোদীয়ে কয়” ৩ কোটি দৰিদ্ৰ যিয়ে পকা ঘৰ পাব, ৭০ বছৰৰ ওপৰৰ বৃদ্ধ বয়সৰ যিয়ে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব, কোটি কো্যি যুৱক যিয়ে মুদ্ৰা আঁচনিৰ পৰা লাভৱান হ’ব।”