Home Blog Page 772

অফিচলৈ যোৱাৰ পিছতে ভোক লাগে নেকি? কামৰ মাজত ভোক লাগিলে খাওক এই সমূহ খাদ্য…

অফিচত উপস্থিত হৈয়ে ভোক লাগে নেকি? কাম কৰি থাকোঁতে ভোক লাগিলে পিজ্জা, বাৰ্গাৰ অৰ্ডাৰ দিয়ে নেকি? এই খাদ্যই কেলৰি বহুত বৃদ্ধি কৰে। ভোক পূৰণৰ বাবে জলপান খাব লাগে, যিবোৰ সোৱাদযুক্ত আৰু পুষ্টিকৰ, যি টি খাদ্য খোৱাটো ওজন বৃদ্ধিৰ অন্যতম কাৰণ।


আচলতে খাদ্যাভ্যাস পালন কৰিলে জিভাখন অৰুচিকৰ হৈ পৰে। মনটোৱে তেতিয়া আন কিবা এটাৰ সোৱাদ ল’ব বিচাৰে। ভোকৰ যন্ত্ৰণা পূৰণ কৰিবলৈ হাত প্ৰায়ে চিপছ, ফ্ৰেঞ্চ ফ্ৰাই, বাৰ্গাৰ, পিজ্জাৰ ফালে যায়। অলপ অলপকৈ খোৱাৰ পিছতো ওজনৰ কথা নাভাবি সকলোবোৰ খোৱা যায়।

যিসকলে অলপ স্বাস্থ্য সচেতন, ওজন কমাবলৈ চেষ্টা কৰে, তেওঁলোকে এই দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। ভোকৰ যন্ত্ৰণা পূৰণ কৰিবলৈ আপুনি কি কি খাদ্য খাব।

আপুনি এনেকুৱা খাদ্য বিচাৰিব লাগিব যিবোৰ সোনকালে প্ৰস্তুত হয় আৰু খাবলৈ ১০ মিনিটতকৈ বেছি সময় নালাগে। অৱশ্যে সেই খাদ্যও স্বাস্থ্যকৰ হ’ব লাগিব। ইয়াৰ ভিতৰত চিয়া বীজৰ পুডিং আছে। এই খাদ্য বনাবলৈ পাঁচ মিনিটতকৈ বেছি সময় নালাগে।

আধা কাপ গাখীৰত চিয়া গুটি এচামুচ মিহলাই লওক। চেনিৰ সলনি খেজুৰ ব্যৱহাৰ কৰক। চামুচেৰে মিশ্ৰণটো ভালদৰে লৰাই দিব। তাৰ পিছত ফ্ৰীজত ৰাখিব। ইয়াৰ ওপৰত ফল-মূল দিবও পাৰে। চিয়া বীজত প্ৰটিন, আঁহ, আইৰণ, কেলচিয়াম, স্বাস্থ্যকৰ চৰ্বি আৰু ভিটামিন থাকে। গতিকে স্বাস্থ্যৰ বাবে বহুত ভাল।

দৈনন্দিন খাদ্যত এভোকেডো ৰাখিলে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকিব। ইয়াৰ ফলত যথেষ্ট পৰিমাণৰ কেলৰি পোৱা যায়। উচ্চ আঁহযুক্ত এভোকেডোৱে কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি আৰু ই থাকে। এভোকেডো পেষ্ট ৰুটিৰ সৈতেও খাবলৈ ভাল, পুষ্টিকৰো।

বাটাৰ খালে ওজন কমাব পাৰি। আচৰিত যেন লাগিলেও, সঁচা। কিন্তু পিনাট বাটাৰ। এই বাটাৰত প্ৰটিন আৰু আঁহ থাকে, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থাকে। আন খাদ্য খোৱাৰ ইচ্ছা কমি যায়। কলৰ লগত পিনাট বাটাৰ খাব পাৰে। কলত কেলচিয়াম, মেগনেছিয়াম থাকে।

সুখবৰ! আগন্তুক জিম্বাৱৱে ভ্ৰমণলৈ দলত অন্তৰ্ভুক্ত হ’ব পাৰে অসম সন্তান ৰিয়ান পৰাগ…

এক সুখবৰ!

আগন্তুক জিম্বাৱৱে ভ্ৰমণলৈ দলত অন্তৰ্ভুক্ত হ’ব পাৰে ৰাজস্থান ৰয়েলছৰ বেটাৰ তথা অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু কলকাতা নাইট ৰাইডাৰছ অল ৰাউণ্ডাৰ ভেংকটেশ আয়াৰ।

নিৰ্বাচক মণ্ডলীৰ মাজত চৰ্চাৰ শীৰ্ষত দুয়োগৰাকী খেলুৱৈ।

পবিত্র ঈদৰ পূৰ্বে মক্কাত পদপিষ্ট হৈ মৃত্যুক সাৱটিলে অসমৰ ৩গৰাকী হজ যাত্রীয়ে…

মক্কাত পদপিষ্ট হৈ অসমৰ ৩গৰাকী হজযাত্রীৰ শোকাৱহ মৃত্যু।

দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনা।

নিহত কাছাৰৰ বৰখলাৰ মৌলানা ছঈফ উদ্দিন বৰভূঞা, হাইলাকান্দিৰ চান্দপুৰৰ ছালেহা বেগম বৰভূঞা, বৰপেটাৰ জৰিনা বেগম।

ছৌদি আৰৱৰ স্থানীয় হাস্পতালৰ মর্গত ৰখা হৈছে তিনিওৰে মৃতদেহ।

সাৱধান! আহি আছে STSS, আক্ৰান্ত হ’লেই ৪৮ ঘন্টাত মানুহৰ মৃত্যু নিশ্চিত…

বিশ্বত নতুন ভাইৰাছৰ আতংক। ক’ভিডৰ পাছত বিশ্বত নতুন মাৰাত্মক ৰোগৰ আতংক।আক্ৰান্ত হ’লেই ৪৮ ঘন্টাতে মানুহৰ মৃত্যু নিশ্চিত। Covid-19 সংক্ৰমণৰ পিছত জাপানত অতি ভয়াৱহ এই বেক্টেৰিয়াৰ সংক্ৰমণৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিষয়ে জানো আহক।

জাপানত বিৰল ফ্লেছ ইটিং বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ ফলত দেশখনত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই বেক্টেৰিয়াই ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিণ্ড্ৰম (STSS) সৃষ্টি কৰে, যিয়ে অতি কম সময়ৰ ভিতৰতে ৰোগীৰ বাবে এক মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে এই ৰোগত আক্ৰান্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত এজন ৰোগীৰ মৃত্যু হ’ব পাৰে। ২০২৪ চনৰ জুন মাহলৈকে এই বছৰ জাপানত ইতিমধ্যে ৯৭৭ টা এছটিএছএছৰ ৰোগী ধৰা পৰিছে। এই ৰোগৰ ফলত মৃত্যুৰ হাৰ ৩০% পোৱাৰ আশংকা। একাংশ বিশেষজ্ঞৰ মতে ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰোপ কৰা নিষেধাজ্ঞা শিথিল কৰাৰ পাছত জাপানত STSS ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

এই ৰোগৰ লক্ষণ হৈছেঃ

এছটিএছএছৰ প্ৰাৰম্ভিক লক্ষণসমূহ ফ্লুৰ দৰে হ’ব পাৰে, য’ত জ্বৰ, পেশীৰ বিষ, ডিঙিৰ বিষ আদিও দেখা যায়। কিন্তু ইয়াৰ পিছত লক্ষণসমূহ দ্ৰুতগতিত গুৰুতৰ হ’ব পাৰে, য’ত উচ্চ জ্বৰ, ৰক্তচাপ হ্ৰাস, ছাল ৰঙা পৰা আৰু মৃত কলাৰ আৱিৰ্ভাৱ আদি অন্তৰ্ভুক্ত।

বৰ্তমান এই বেক্টেৰিয়াৰ বিষয়ে বিশেষ তথ্য নাই। কিন্তু ইয়াক প্ৰতিৰোধ কৰিবলৈ নিয়মিতভাৱে হাত ধোৱা আৰু যিকোনো ধৰণৰ ঘাঁ পৰিষ্কাৰ কৰি ৰখাটো বহু পৰিমাণে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ উপৰিও যদি সংক্ৰমণৰ লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

পবিত্র ঈদ-উল-আজহাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আজি ইছলামধৰ্মীয় লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা।

প্ৰতিগৰাকী ইছলামধৰ্মীয়লোকক ঈদ-উল-আজহাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমৰ জৰিয়তে এই শুভেচ্ছা মুখ্যমন্ত্ৰীৰ।

দিগদৰ্শন প্ৰকাশনৰ ইতিবাচক পদক্ষেপঃ পৰিণীতা হাজৰিকাৰ জন্মদিনত কবিতা পুথি উন্মোচন…

বিশেষভাবে সক্ষম এগৰাকী ছাত্ৰীৰ স্ব-ৰচিত কবিতাসমূহ থূপ খোৱাই ১৬জুনত ছাত্ৰীগৰাকীৰ জন্মদিনত গ্ৰন্হ আকাৰে ছপা ৰূপ দি প্ৰকাশ কৰি এক ইতিবাচক পদক্ষেপ হাতত লোৱা যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ শলাগ লৈছে কমাৰগাঁৱৰ বুধবাৰীৰ ৰাইজে। দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ অসমীয়া মাহত প্ৰকাশিত পষেকীয়া আলোচনী “জ্ঞানজ্যোতি” আৰু সাহিত্য আলোচনী”দিগদৰ্শন”ৰ কমাৰগাঁৱৰ প্ৰতিনিধি পৰিণীতা হাজৰিকাৰ পঞ্চমখন কবিতা পুথি” ৰঙীন উপন্যাস” ২নং বুধবাৰী প্ৰাথমিক বিদ্যালয়ত কমাৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা ৰাজকুমাৰীয়ে উন্মোচন কৰে। দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত গ্ৰন্হখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক চেনিৰাম গগৈ, শিল্পী শংকৰলোচন বৰা, লেখিকা অলিমাই বৰা হাজৰিকা বিশিষ্ট অতিথিৰূপে উপস্হিত থাকি বক্তব্য ৰাখে।

হিমাশ্ৰী শইকীয়াৰ নৃত্য, নৱনীতা বৰাৰ একক অভিনয়, কন্দৰ্প হাজৰিকাৰ গীত পৰিৱেশন, উৎপল বৰা, জয়নীল বৰুৱা, কীৰ্তিক দত্ত, ৰিচিপ্ৰিয়া বৰা আৰু চানক্য দুৱৰাই কবিতা পাঠেৰে জীপাল কৰি তোলা অনুষ্ঠানত উপস্হিত শতাধিক ৰাইজে দিগদৰ্শনৰ প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈ বক্তব্য ৰাখে।উল্লেখ্য যে পৰিণীতা হাজৰিকাৰ পঞ্চমখন কবিতা পুথিৰ উপৰিও ইতিমধ্যে “এমুঠি হৃদয়ৰ অনুভৱ”,”হৃদয়ৰ এমুঠি কবিতা”, “নিৰিবিলি সুবাস” আৰু “সেই বাটেৰে…”শীৰ্ষক কবিতা পুথিকেইখনো জন্মদিনত দিগদৰ্শন প্ৰকাশনে বিনামূলীয়াকৈ প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিছে।

আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্র ঈদ-উল-আজহা, হিন্দু-মুছলিম সকলোৱে একেলগে পৰিৱেশন কৰিলে জিকিৰ…

আজি পবিত্ৰ ঈদ-উল-আজহা। সমগ্ৰ দেশৰ লগতে যোৰহাটতো আজি ইছলামধৰ্মালম্বী লোকসকলে উলমালহেৰে উদযাপন কৰিছে ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ-উজ-আজহা। ঈদৰ নামাজৰ পাছতে যোৰহাটৰ সাংবাদিক তথা জিকিৰ শিল্পী নেকিব আহমেদৰ লগতে সহশিল্পী সকলে আধ্যাত্মিক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে নগৰৰ আচিয়ানা ভৱনত এখনি জিকিৰ মজলিছ অনুষ্ঠিত কৰে।

জিকিৰ শিল্পী নেকিব আহমেদৰ লগতে হেমন্ত হাজৰিকা, যোগেন বৰা, বেদব্ৰত দত্ত, পূজা বৰা,দিপামণি দত্ত, চফীয়া খাতুন, তছলিমা বেগম হাজৰিকা, ছামিম ৰফিকা ৰহমান আৰু মুখলিছা ফাৰহানা ৰহমানে অংশগ্ৰহণ কৰে। উল্লেখ্য যে হিন্দু – মুছলিম শিল্পীসকলে ঈদৰ দিনা একেলগে মজলিছত বহি জিকিৰৰ সুৰেৰে সমন্বয় সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ পৰা দেখা গৈছে।

পৱিত্ৰ ঈদ ঊজ জোহালৈ শুভেচ্ছা: কাইলৈ পুৱা আঠ বজাত অনুষ্ঠিত হ’ব ঈদৰ নামাজ…

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে কাইলৈ অৰ্থাৎ ১৭ জুনত পালন কৰিব পৱিত্ৰ ঈদ ঊজ জোহা। ত্যাগৰ উৎসৱ ঈদ ঊজ জোহাৰ লগত সংগতি ৰাখি দুই ৰাকাত ৱাজিৱ নামাজ ৰাইজে একত্ৰ ভাৱে আদায় কৰিবলৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে ঈদগাহ ময়দান সমূহৰ লগতে মছজিদ সমূহো সজাই পৰাই তুলিছে। জানিব পৰা অনুসৰি কাইলৈ পুৱা প্ৰায় ৮ বজাতেই শিৱসাগৰৰ প্ৰায় বিলাক মছজিদ আৰু ঈদগাহত ঈদৰ নামাজ অনুষ্ঠিত কৰা হ’ব।

ইতিমধ্যে অসমৰ আন আন জিলাৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাখনতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ঈদ ঊজ জোহা পালন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিভিন্নজনে ইছলাম ধৰ্মাৱলম্বী লোক সকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ নেতা শুভ্ৰমিত্ৰ গগৈয়েও সকলোলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি কাকতলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে। প্ৰেৰিত বিজ্ঞপ্তিটোত কংগ্ৰেছ নেতা গৰাকীয়ে উল্লেখ কৰিছে যে – বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ লগতে শিৱসাগৰ জিলাখনৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে কাইলৈ উদযাপন কৰিব ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ ঊজ জোহা। আনহাতে বিশ্বৰ বিভিন্ন দেশৰ লগতে শিৱসাগৰ জিলাখনৰ পৰাও বহু লোক চৌদি আৰবৰ পৱিত্ৰ মক্কালৈ হজ কৰাৰ উদ্দেশ্যে উপস্থিত হোৱাৰ লগতে পৱিত্ৰ ঈদ ঊজ জোহা মক্কাতেই তেওঁলোকে পালন কৰিব। বৰ্তমান ত্যাগৰ উৎসৱ ঈদ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি কংগ্ৰেছ নেতা গৰাকীয়ে বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

তামুলপুৰৰ বানগুৰীত মটঙা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং…

তামুলপুৰৰ বানগুৰীত মটঙা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এখন বাঁহৰ দলং।

ৰঙিয়া-ভূটান ঘাইপথ সংযোগী দলংপাৰ-ৰামেচুবুৰী-নাগ্ৰিজূলী পথৰ মটঙা নদীত থকা বাঁহৰ দলং উটুৱাই নিলে নদীৰ বাঢ়নী পানীয়ে৷

বিগত বাৰিষাৰ বানে পকী দলং খন বিধস্ত কৰাত পথটোৰে যাতায়ত কৰা কেবাখনো গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি সাজি লৈছিল বাঁহৰ দলং খন।

সেইখনো মটঙা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে।

যান-বাহন প্ৰদূষণ আৰু চৰকাৰৰ নতুন সিদ্ধান্ত সমূহ…

যিকোনো এটা বিষয় আলোচনা কৰিবলৈ যেতিয়াই হাতত কলম তুলি লওঁ, তেতিয়াই মনলৈ নিজৰ সমাজ বা দেশৰ লগত সেই ক্ষেত্ৰত অন্য কিছুমান সমাজ বা দেশৰ তুলনাত্মক দিশ কিছুমান মনলৈ আহে। অৱশ্যে এনেবোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে আমি ইউৰোপীয় দেশসমূহ আলোচনাৰ মজিয়ালৈ অনাতকৈ আমাৰ চুবুৰীয়া দেশ জাপানক উদাহৰণ হিচাপে তুলি ধৰিবলৈ পালে ভালপাওঁ। কাৰণ বিভিন্ন দিশত জাপান আমাৰ বাবেই নহয়, সমগ্ৰ পৃথিৱীৰ বাবেও আদৰ্শ। সেইবাবেই যান-বাহন প্ৰদূষণ, চৰকাৰৰ নীতি-নিয়ম, সিদ্ধান্ত আদিবোৰ আলোচনা কৰিবলৈ যাওঁতে মনলৈ আহিল যে জাপানৰ ৰাজপথত সৰহভাগ নতুন গাড়ীয়েই চলা দেখা যায়। ইয়াৰ কাৰণনো কি? ইয়াৰ কাৰণ এয়ে যে গাড়ী বা অন্যান্য যান-বাহনবোৰ যিমানেই পুৰণা হয় সিমানেই বায়ু প্ৰদূষণৰ মাত্ৰা বঢ়ায়। সেয়েহে জাপানত এখন বাহন তিনি বছৰ পুৰণা হোৱাৰ লগেলগেই বাহনখন এটা খৰচী পৰীক্ষাৰ সন্মুখীন হ’ব লগা হয় আৰু ইয়াৰ পিছতো বছৰি এবাৰকৈ বাহনখন পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থালৈ আহে। তাত আকৌ “অটোমোবাইল ইন্সপেকচন চিষ্টেম” ইমান খৰচী যে পৰীক্ষা-নিৰীক্ষা কৰি থকাতকৈ মানুহে নতুন এখন গাড়ী লোৱাটোকে পছন্দ কৰে। আচলতে চৰকাৰী ব্যৱস্থাপনাই মানুহক নতুন গাড়ী ল’বলৈ মূলতঃ বাধ্য কৰায়। ফলস্বৰূপে প্ৰদূষণৰ মাত্ৰা কমে। কাৰণ বৰ্তমান পৃথিৱীত মাত্ৰাধিক চৰ্চিত বিষয় হৈ পৰিছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ মূল কাৰণ হ’ল প্ৰদূষণ। পৃথিৱীৰ মুঠ প্ৰদূষণৰ ২৭% আহে যান-বাহনৰ পৰা। কাৰণ জীৱাশ্ম ইন্ধন পোৰাৰ লগে লগে নাইট্ৰজেন-ডাই-অক্সাইড সৃষ্টি হয় আৰু সেইবোৰ আমাৰ উশাহত শৰীৰৰ ভিতৰলৈ গৈ নানানটা বেমাৰৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ ৯৫% কাৰ্বন-মনক্সাইড যান-বাহনৰ পৰাই সৃষ্ট। গতিকে বৰ্তমান সময়ত যান-বাহনৰ ওপৰত কিছু নিয়ন্ত্ৰণ অনাটো জৰুৰী হৈ পৰিছে আৰু পৃথিৱীৰ প্ৰায় সকলো দেশেই এই বিষয়ে চিন্তা-চর্চা কৰিছে আৰু কাৰ্যক্ষেত্ৰত প্ৰয়োগো কৰিছে।

চৰকাৰৰ যান-বাহন বাতিলকৰণ নীতিঃ

ভাৰতবৰ্ষত ২০১৫ চনৰ পৰা বিভিন্ন আঁচনিৰ পৰিকল্পনা কৰি কৰি অৱশেষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১ চনৰ কেন্দ্ৰীয় বাজেটত ” Car Scrappage Policy” অন্তৰ্ভুক্ত কৰে। এই পলিচীৰ অধীনত ১৫ বছৰ পুৰণি চৰকাৰী আৰু বাণিজ্যিক চাৰিচকীয়া বাহন আৰু ২০ বছৰ পুৰণি ব্যক্তিগত চাৰিচকীয়া বাহন সমূহ খাৰিজ বা বাতিল অৰ্থাৎ scrap কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। ২০ বছৰৰ অধিক পুৰণি ব্যক্তিগত বাহন যদি ” ফিটনেছ টেষ্ট” পাছ কৰাত ব্যৰ্থ হয় অথবা পুনৰনৱীকৰণ নকৰায়, তেনেহ’লে ২০২৪ চনৰ ১ জুনত পঞ্জীকৰণৰ ম্যাদ আপোনা আপুনি শেষ হৈ যাব আৰু বাহনখন খাৰিজ কৰা হ’ব। বহলাই ক’বলৈ হ’লে ফিটনেছ টেষ্টত ফেইল হোৱাৰ লগেলগে বাহনখন “EOLV” অৰ্থাৎ End of Life Vehicle-অৰ শাৰীত পৰিব। তেতিয়া গাড়ীৰ মালিকক গাড়ীখন scrap কৰিবৰ কাৰণে প্ৰস্তাৱ দিয়া হ’ব RVSF-অত। অৰ্থাৎ Registered Vehicle Scrapping Facility-ৰ অধীনত। এখন বাহনক তিনিবাৰকৈ ফিটনেছ টেষ্টৰ বাবে উপযুক্ত বুলি ধৰা হয়।

       কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰ পুৰণা বাহনসমূহ প্ৰথমতে এই “বাতিলকৰণ নীতি”ৰ অধীনলৈ অনা হ’ব। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২০২৩ চনটো বাণিজ্যিক বাহনৰ কাৰণে লক্ষ্য হিচাপে লোৱা হৈছে, যদি নিয়মানুসাৰে বাহনসমূহে “ফিটনেছ” প্ৰমাণপত্ৰ দিব নোৱাৰে।

          চৰকাৰৰ ফালৰ পৰা গাড়ী বিক্ৰী প্ৰতিষ্ঠান সমূহক কোৱা হৈছে যে, “scrapping certificate” দেখুওৱা গ্ৰাহকক যাতে পাঁচটা বিভিন্ন ধৰণৰ অতিৰিক্ত সুবিধা দিয়া হয়। চৰকাৰেও ঘোষণা কৰিছে যে যদি এজন গ্ৰাহকে পুৰণা গাড়ী scrap কৰি নতুন গাড়ী লয় তেতিয়াহ’লে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত তিনি বছৰলৈ ২৫% পথ কৰ ৰেহাই দিয়া হ’ব। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই কৰ হ’ব ১৫% । খাৰিজকৰণৰ প্ৰমাণপত্ৰ দেখুৱালে নতুন গাড়ী কিনোতে ৫% ৰেহাই দিয়া হ’ব। আকৌ গাড়ী scrap কৰোঁতে মুঠ মূল্যৰ ৪%–৬ % গাড়ীৰ মালিকক দিয়া হ’ব আৰু পঞ্জীয়ন মূল্যও ৰেহাই দিয়া হ’ব।

      পুৰণা যান-বাহনসমূহ খাৰিজ বা বাতিল কৰাটোৰ একমাত্ৰ উদ্দেশ্য কেৱল বায়ু প্ৰদূষণ ৰোধ কৰাই নহয়, গাড়ীসমূহৰ পুনৰনৱীকৰণে ইয়াৰ ষ্টীল, ক’পাৰ,প্লাষ্টিক আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ পুনৰব্যৱহাৰযোগ্য কৰি তোলে ফলত গাড়ীৰ নিৰ্মান ব্যয় কম হয়। এই পলিচীৰ অন্যতম উদ্দেশ্য হ’ল মানুহক সুলভ মূল্যত নতুন গাড়ী ক্ৰয় কৰাৰ বাবে উৎসাহিত কৰা।

       এই পলিচীৰ অধীনলৈ ২০ বছৰৰো অধিক পুৰণি প্ৰায় ৫১ লাখ লঘু মটৰ বাহন আৰু ১৫ বছৰ অধিক পুৰণি ৩৪ লাখ অন্য বাহন আৰু ১৫ লাখ মধ্যমীয়া আৰু গধুৰ বাহন আহিব যিবোৰৰ “ফিটনেছ চাৰ্টিফিকেট” নাই।

      এতিয়া প্ৰশ্ন হয় এই পলিচীৰ পৰা চৰকাৰৰ কি লাভ হ’ব? পুৰণি গাড়ী বাতিল বা খাৰিজ কৰি নতুন গাড়ী কিনিলে চৰকাৰৰ ঘৰলৈ বছৰি প্ৰায় চল্লিছ হাজাৰ কোটি জি. এছ. টি. আহিব। ইয়াৰ ফলত ৰেভিনিউ ও বাঢ়িব।

          উল্লেখযোগ্য যে এই যান-বাহন নীতিৰ ক্ষেত্ৰত Vintage Car ধৰা হোৱা নাই।

ইলেক্ট্রিক ভেহিকল পলিচী অব আছামঃ

যোৱা ২০ আগষ্টত কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে গুৱাহাটীৰ ৰাজপথত ২০০ খন বিদ্যুৎচালিত চিটিবাছ আৰু ১০০ খন কম্প্ৰেছড নেচাৰেল গেছ (চি এন জি) চালিত বাছ চলোৱাৰ বাবে আঁচনি গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুসৰি পর্যায়ক্ৰমে গুৱাহাটী মহানগৰীত ডিজেল আৰু পেট্ৰ’লচালিত চিটীবাছসমূহ বন্ধ কৰা হ’ব। প্ৰথম পৰ্যায়ত চৰকাৰে এই ক্ষেত্ৰত ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ লক্ষ কৰি লৈছে। উল্লেখযোগ্য যে বিদ্যুৎচালিত যান-বাহন সমূহ সম্পূৰ্ণ প্ৰদূষণ মুক্ত। আমি জনা উচিত যে দেশৰ ভিতৰত একমাত্ৰ দিল্লীত সকলো ৰাজহুৱা পৰিবহনৰ বাছ চি. এন. জি চালিত আৰু দিল্লী চৰকাৰে ২০২৪ চনৰ ভিতৰত দিল্লীৰ ২৫% যান-বাহন বিদ্যুৎচালিত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। গুৱাহাটীত যি হাৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই আহিছে তালৈ লক্ষ্য ৰাখি চৰকাৰে অতি সোনকালে ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ বিদ্যুৎচালিত কৰাৰ লক্ষ্য স্থিৰ কৰা উচিত। অৱশ্যে ২০৩০ চনৰ ভিতৰত সকলো চৰকাৰী বাহন ইভিলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত চৰকাৰে ঘোষণা কৰিছে যদিও ইয়াৰ ফলাফল সময়তহে জানিব পৰা যাব। “ইলেক্ট্রিক ভেহিকল পলিচী অব আছাম”ৰ জৰিয়তে পথ কৰ ,পাৰ্কিং মাচুল,পঞ্জীয়ন মাচুল ১০০% ৰেহাই ইত্যাদি আৰু ৰাজসাহায্য ঘোষণাৰ জৰিয়তে এই বাহন ক্ৰয় কৰাৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ পদক্ষেপো  অসম চৰকাৰে লোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰদুষণমুক্ত পৰিবেশ গঢ়ি তুলিবলৈ পৃথিৱীৰ প্ৰতিখন দেশেই বিদ্যুৎচালিত বাহন প্ৰচলনৰ ক্ষেত্ৰত তৎপতাৰে আগ-ভাগ লোৱা দেখা গৈছে।

তৰুণ প্ৰজন্মৰ শংকা আৰু প্ৰদূষণমুক্ত পৃথিৱীৰ আশাঃ

আগতেই উল্লেখ কৰা হৈছে যে বৰ্তমান সময়ৰ অতিকে চৰ্চিত বিষয় এটা হৈছে পৰিৱেশ প্ৰদূষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি, যাৰ কাৰণে চিকিৎসা বিজ্ঞানৰ চমৎকাৰ উন্নতিৰ পিছতো মানৱ সমাজে নিত্য নতুন আৰু ভয়াবহ বেমাৰ তথা স্বাস্থ্যজনিত নানানটা সমস্যাত ভুগিবলগীয়া হৈছে। প্ৰদূষিত  বায়ুৰ বাবে এটা বছৰতে বিশ্বজুৰি ৭০ লাখ লোকে প্ৰাণ হেৰুৱাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ। দক্ষিণ এছিয়াৰ ১০০% লোক প্ৰদূষিত অঞ্চলত বাস কৰে। অতি পৰিতাপৰ কথা যে আজিৰ তৰুণ প্ৰজন্মই এই ভয়াবহ প্ৰদূষণৰ শাৰীৰিক আৰু মানসিক দুয়োটা ফলেই ভোগ কৰিবলগীয়া হৈছে। তেওঁলোকৰ মনত বাঢ়ি অহা শংকাৰ ফলত তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ইচ্ছা নোহোৱা হৈ আহিছে। কাৰণ তেওঁলোকে নিবিচাৰে যে তেওঁলোকৰ পিছৰ প্ৰজন্ম এনে এক ভয়াবহ পৰিৱেশৰ মাজত জন্ম লাভ কৰক আৰু এক বিষাক্ত পৃথিৱীৰ বাসিন্দা হওক। বিভিন্ন দেশৰ তৰুণ প্ৰজন্মৰ মাজত চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ। গতিকে পৃথিৱীৰ প্ৰতিখন দেশেই প্ৰদূষণৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি সেইমতে নিজ নিজ দেশত প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰা উচিত আৰু যান-বাহনে যিহেতু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়, গতিকে এই ক্ষেত্ৰত চৰকাৰসমূহে অতি দায়বদ্ধতাৰে ৰাজনীতিৰ উৰ্দ্ধত  থাকি ১০০% যান-বাহন বিদ্যুৎচালিত বা প্ৰয়োজনত সৌৰ-শক্তি চালিত কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী নীতি গ্ৰহণ কৰাটো আমাৰ কাম্য। আমাৰ কাম্য ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত ‘এশ শতাংশ বৈদ্যুতিক বাহন চলা ৰাষ্ট্ৰ’ নিৰ্মাণৰ যি লক্ষ্য আগত ৰাখিছে সেই লক্ষ্য পূৰণ কৰিবলৈ চৰকাৰখনে অহোপুৰুষাৰ্থ কৰক আৰু সফল হওক।

লেখকঃ  শিখামণি দত্ত