Home Blog Page 780

লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি…

আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰৰ খেলমাটি আৰক্ষী চকী। প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি। আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ।

আৰক্ষীৰ গাড়ী ভাঙি চূৰমাৰ প্ৰতিবাদকাৰীৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচাৰ্জ আৰক্ষীৰ।

কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ। ঘটনাত আহত লখিমপুৰৰ ফটো সাংবাদিক চিৰঞ্জীৱ শইকীয়া।

তেজপুৰত তৰুণ অসম সংঘৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা দিৱস…

১৯১৫ চনত গঠন হোৱা তেজপুৰৰ অসমীয়া ক্লাবৰ দৰে, ১৯৩০ চনত গঠন হোৱা তৰুণ অসম সংঘই তেজপুৰ চহৰৰ
মাজ-মজিয়াত সংঘৰ স্বকীয় বৈশিষ্ট্যৰে নিজৰ সত্বা জিলিকাই ৰাখি ৯৫ বছৰত ভৰি দি গৌৰৱৰ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে।

দেশপ্ৰাণ লক্ষীধৰ শমাৰ নেতৃত্বত ১৯৩০ চনৰ সময়ছোৱাত জাতীয চেতনাবোধ থকা ছাত্ৰ ছাত্ৰী সকলক লৈ গঠন হোৱা তৰুণ অসম সংঘৰ প্ৰেক্ষাগৃহত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত আজি এখন গাম্ভীৰ্যপূন সভা অনুষ্ঠিত হয়৷

সভাত তৰুণ অসম সংঘৰ জেষ্ঠ সদস্য প্ৰনৱ কুমাৰ মজুমদাৰক এখনি ফুলাম গামোচা, অঙ্গ বস্ত্ৰ, চেলেং, এটি স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ সংঘৰ ৯৫ বছৰীয়া ইতিহাস সম্বলিত এখনি গ্ৰন্থ দেশপ্ৰাণ লক্ষীধৰ শমাৰ স্মৃতিত বিশিষ্ট ব্যক্তি ৰামচন্দ্ৰ চুতীয়াই আনুষ্ঠানিকভাবে উন্মোচন কৰে৷


সভাত মুখ্যঅতিথি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।

এবছুৰ উদ্যোগত চিমেন চাপৰিত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদী সমদল…

এবছুৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিমেন নদীলৈকে প্ৰায় তিনি কিলোমিটাৰ ধৰি প্ৰতিবাদী কাৰ্যসূচী উলিয়ায়। এবছুৰ সম্পাদক বডোছা ব্ৰহ্ম,ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো,উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক উদাং বি বডোছাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা এবছুৰ কৰ্মী সকলে হাতে হাতে ফেষ্টুন লৈ নিখিল বড়ো ছাত্র সন্থা জিন্দাবাদ, হত্যাকাৰীক ফাঁচী দিয়ক, দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী হত্যাকাৰী আৰু কিশোৰী ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক,ভূক্তভোগী পৰিয়ালক উচিত ন্যায় প্ৰদান কৰক, কিশোৰী ধৰ্ষণকাৰী নিপাত যাঁওক,আমাৰ দাবী মানিবই লাগিব,বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতলৈ হস্তান্তৰ কৰক আদি শ্ল’গান আওৰাই দোষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা লখেন বসুমতাৰী,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, বড়ো পিপ’ছল কৰ্ডিনেশ্বন কমিটিৰ সমন্বয়ক ধৰ্মেন্দ্ৰ ৰামচিয়াৰী,ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সভাপতি প্ৰফুল্ল বড়ো,আবৌফৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদিকা কল্পনা স্বৰ্গীয়াৰী, চিমেন আঞ্চলিক সমিতিৰ সভানেত্ৰী নমিতা খেৰকটাৰী,এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ ৰামচিয়াৰী,ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ, স্বনাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সকলৰ লগতে বড়ো জাতীয় সংগঠনৰ শতাধিক  নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়োয়ে কয়  যোৱা ৩ মে’ত দুধনৈত অনুষ্ঠিত কৰা ৰংজালি বৈসাগু উৎসৱৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি  দুজনী কিশোৰী ঘৰলৈ আহি থকা অৱস্থাত দুধনৈৰ টাঙাবাৰীত ধন আলি তালুকদাৰ, বাহাৰ আলি আৰু ৰহমান আলিয়ে ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ যায়।

ঘটনা সম্পৰ্কে কিশোৰী কেইগৰাকীৰ পৰিয়ালে ৫ মে’ত দুধনৈ থানত এজাহাৰ দাখিল কৰে। এগৰাকী ধৰ্ষিতা কিশোৰী দুধনৈৰ ভালাপাৰা গাঁৱৰ হোৱা হেতুকে গাঁৱখনৰ এটা যুৱকৰ দলে ৫ মে’ তাৰিখে ধন আলি তালুকদাৰক বিচাৰি টাঙাবাৰীত উপস্থিত হোৱা সময়তে ধন আলি তালুকদাৰৰ পৰিয়াল আৰু গাঁৱখনৰ একাংশ লোকে হিৰন্ময় খাকলাৰী, ককায়েক অমিয় খাকলাৰী, নৰেন্দ্ৰ খাকলাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ঘটনাটোত হিৰন্ময় খাকলাৰীৰ অৱস্থা গুৰুতৰ হোৱা বাবে গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি কৰাই যদিও ১৭ মে’ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয় যুৱক গৰাকীয়ে।ইতিমধ্যে কিশোৰী ধৰ্ষণকাৰী আৰু হিৰন্ময় খাকলাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধী কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আইনৰ সুৰুঙাৰে যাতে দোষীয়ে হাৰি নাযায় তাৰবাবে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়াভাৱে ফাষ্ট ট্ৰেক আদালতত চলাবলৈ এবছুয়ে দাবী জনাই দোষীক কঠোৰৰ পৰা কঠোৰতত শাস্তি প্ৰদানৰ লগতে হিৰন্ময় পৰিয়ালক ২০ লাখ টকা আৰু ধৰ্ষিতা কিশোৰীৰ পৰিয়ালক ৫ লাখ টকা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।

বাবা কেদাৰনাথ ধাম দৰ্শন কৰি মহাদেৱৰ চৰণত ভক্তি অঞ্জলি আগবঢ়াই মন্ত্ৰী পীয়ূষ হাজৰিকাই…

আজি বাবা কেদাৰনাথ ধাম দৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

বাবা কেদাৰনাথ ধাম দৰ্শন কৰি মহাদেৱৰ চৰণত ভক্তি অঞ্জলি আগবঢ়াই মন্ত্ৰী পীয়ূষ হাজৰিকাই।

পৱিত্ৰ কেদাৰনাথ দৰ্শনৰ মঙ্গলময় ক্ষণত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক জিতু গোস্বামী উপস্থিত থাকে।

আধুনিক যুগৰ ভয়াবহ সমস্যা প্ৰদূষণ… 

প্ৰদূষণে আমাৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত যি নেতিবাচক প্ৰভাৱ পেলাইছে তাৰ বাবে এতিয়া সকলোৱে শংকিত।উত্তৰ-পূৱ ভাৰতৰ প্ৰৱেশদ্বাৰ “গুৱাহাটী” যোৱা বৰ্ষৰ বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে।যাৰ বাৰ্ষিক পিএম ঘনত্ব আছিল ১০৫.৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ,যি বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ ২১গুণ আছিল।সমগ্ৰ বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে গুৱাহাটী পৰিগণিত হোৱাটো আমাৰ বাবে বাৰুকৈয়ে অসন্তোষজনক।প্ৰদূষণৰ এটা মুখ্য কাৰণ হৈছে বাহনৰ অত্যাধিক ব্যৱহাৰ যিয়ে বায়ুত ক্ষতিকাৰক গেছ নিৰ্গত কৰে।

আমি উশাহ লোৱা বায়ুৰ মানদণ্ড ইয়াৰ দ্বাৰা যথেষ্ট আপোচ কৰা হৈছে আৰু ইয়াৰ ফলত শ্বাস-প্ৰশ্বাস আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা হৈছে।ইয়াৰ উপৰিও বাহনবোৰৰ দ্বাৰা হোৱা প্ৰদূষণে আমাৰ মাটি,পানী আৰু উদ্ভিদৰ জীৱনৰ ওপৰতো প্ৰভাৱ পেলায়,যাৰ ফলত পৰিৱেশৰ ব্যাপক অৱক্ষয় হয়।প্ৰদূষণৰ আন কিছুমান গুৰুত্বপূৰ্ণ উৎস হ’ল আৱৰ্জনাৰ নিৰ্বিচাৰ নিষ্কাশন,কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোৱাঁ।নদী,ৰাস্তা-ঘাট আনকি আৱাসিক এলেকাতো আৱৰ্জনা পেলোৱা হয়।আৱৰ্জনাৰ এই অসাৱধান নিষ্কাশনে আমাৰ স্বাস্থ্যৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পেলায়।

প্ৰদূষণৰ স্তৰ উদ্বেগজনক অনুপাতত উপনীত হোৱাৰ আগতে আমি এই বিষয়ত কাম কৰা আৰম্ভ কৰিব লাগিব।আমাৰ চহৰখনত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ আমি তাৎক্ষণিক পদক্ষেপ ল’ব লাগিব।আমি ৰাজহুৱা পৰিবহন আৰু পৰিবহনৰ অন্যান্য পৰিৱেশ অনুকূল পদ্ধতিব্যৱহাৰত উদগনি দিয়া নীতিসমূহ ৰূপায়ণ কৰিব লাগিব।আমি আৱৰ্জনা ব্যৱস্থাপনা সুবিধাত বিনিয়োগ কৰিব লাগিব আৰু সঠিক আৱৰ্জনা নিষ্কাশন পদ্ধতিৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক অৱগত কৰাব লাগিব।

নিতুমনি পাঠক

ঠিকনা-গোৱালপাৰা

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন…

শিৱসাগৰত বৌদ্ধ জয়ন্তী পালন।শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিস্থত বৌদ্ধবিহাৰত আজি শিৱসাগৰ বৌদ্ধ বিহাৰ পৰিচালনা সমিতি তথা ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোত ২৫৬৮তম বৌদ্ধ জয়ন্তুী পালন কৰা হয়।

এই উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ লগতে প্ৰাঢীৰ প্ৰএীকা উন্মোচন, ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়। সভাত বহুকেইজন গণ্যমাণ্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

অসম গ্ৰাম্য শিৰোৰত্ন বঁটাৰে বিভূষিত অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাহিত্যিক পেঞ্চনাৰ আনোৱাৰ হুছেইন…

একাধাৰে নাট্যকাৰ,বিশিষ্ট কবি তথা উপন্যাসিক আৰু অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাহিত্যিক পেঞ্চনাৰ ধুবুৰী জিলাৰ বৰকান্দাৰ বোৱালকামৰি গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক মঃ আনোৱাৰ হুছেইন ডাঙৰীয়ালৈ নগাওঁৰ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতিৰ বিকাশ মঞ্চই ২০২৩ বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটাৰে পুৰস্কৃত কৰে । ২০২৪ বৰ্ষৰ ৫ মে তাৰিখে  আনুষ্ঠানিক ভাবে মঃ আনোৱাৰ হুছেইন ডাঙৰীয়াক  এই সন্মানীয় বঁটাটো প্ৰদান কৰা হয়।

বঁটা প্ৰাপক গৰাকীক এখনি ফুলাম গামোছা- জাপি, বিকাশ মঞ্চৰ এটি মমেণ্ট আৰু মানপত্ৰৰে সন্মানিত কৰা হয় ।মঃ হুছেইন ডাঙৰীয়া বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক। লগতে অসম সাহিত্য সভাৰ ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি তথা আজীৱন সভ্য।

তেখেতে পূৰ্বৰে পৰা সাহিত্য সৃষ্টি,নাট্যকাৰ, সংস্কৃতিৰ হকে সেৱা আগবঢ়াই আহিছে যদিও বহু প্ৰতিভাসম্পন্ন ব্যক্তি গৰাকী প্ৰচাৰ বিমুখ হৈ আছিল। তেখেতে “শিৰোৰত্ন ” বঁটা লাভ কৰি ধুবুৰী জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।যাৰ বাবে ধুবুৰী জিলা সাহিত্য সভা, বিলাসীপাৰা শাখা সাহিত্য সভা, বৰকান্দা সমবায় সমিতি,কাজল ভোমৰা শিল্পী সমাজ, আই শাখাতি সাহিত্য সভা,লক্ষীগঞ্জ শাখা সাহিত্য সভাকে আদি কৰি বহু দল-সংগঠনে গৌৰৱবোধ কৰি অভিনন্দন জ্ঞাপন কৰিছে।

ধিঙৰ আঠগাঁও বৰনামঘৰত মানসিকভাৱে অসুস্থ যুৱক জিতু বৰাক প্ৰহাৰ…

ধিঙৰ আঠগাঁও বৰনামঘৰত মানসিকভাৱে অসুস্থ যুৱকক প্ৰহাৰ। উপাসনাস্থলীতে জিতু বৰা নামৰ যুৱকজনৰ ভাঙিলে কেইবাটাও দাঁত।

প্ৰহাৰত ভাগিল হাত-ভৰি, মূৰতো আঘাতপ্ৰাপ্ত হ’ল যুৱকজন। বৰনামঘৰত ভাগৱত পাঠত অংশ লৈছিল জিতু বৰাই। জিতুৰ চুৰিয়াখন খুলি ভেঙুচালি কৰিছিল এজন যুৱকে।

তাৰ পাছতে হয় কাজিয়াৰ সূত্ৰপাত। অৱশেষত একাংশ ভক্তই উপৰ্যুপৰি প্ৰহাৰ কৰি আহত কৰে জিতুক।

বুদ্ধ পূৰ্ণিমাৰ দিনা এই ৩ টা বস্তু দান কৰক, দেৱী লক্ষ্মীয়ে আৰ্শীবাদ দিব…

হিন্দু শাস্ত্ৰত বুদ্ধ পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোত লোৱা কিছুমান জ্যোতিষৰ ব্যৱস্থাই মানুহৰ ভাগ্য জিলিকাই তোলে। শাস্ত্ৰ মতে এই দিনটোত যদি দান-বৰঙণি কৰা হয়, তেন্তে ব্যক্তিজনে শুভ ফল লাভ কৰে। এই দিনটোত কৰা দানে ঘৰলৈ ধন-সম্পত্তি আনে আৰু জীৱনত শান্তি থাকে। মুঠৰ ওপৰত বুদ্ধ পূৰ্ণিমাৰ দিনা তিনিটা বস্তুৰ দান বিশেষভাৱে ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

আজিৰ দিনটোত ৰাতিপুৱা সময়ত দান কৰিলে ফল পোৱা যায়। এই দিনটো শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত দিয়া অনুদানৰ দ্বাৰা বিশেষ ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। ধৰ্মগ্ৰন্থ অনুসৰি গৌতম বুদ্ধৰ জন্ম হৈছিল বুদ্ধ পূৰ্ণিমাৰ দিনা। সেয়ে এই উৎসৱ সমগ্ৰ দেশতে বুদ্ধ পূৰ্ণিমা নামেৰে পৰিচিত।


বুদ্ধ পূৰ্ণিমাৰ দিনা পানী, চেনি আৰু ধৰ্মীয় গ্ৰন্থ দান কৰিলে দেৱী লক্ষ্মীয়ে ঘৰত বাস কৰে। ইয়াৰ উপৰিও মা সৰস্বতীয়ে লগ দিয়ে।

ৰোগৰ পৰা আঁতৰি থাকিবলৈ প্ৰতিদিনে খাওক এই ৫ টা খাদ্য…

ব্ৰেকফাষ্ট আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় আহাৰ। ব্ৰেকফাষ্ট সদায় কৰিব লাগে। ব্ৰেকফাষ্টত স্বাস্থ্যকৰ খাদ্য খালে ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়।আপুনি আপোনাৰ ব্ৰেকফাষ্টত কোনবোৰ স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰিব জানি লওক-

প্ৰতিদিনে ব্ৰেকফাষ্টত ১টা কণী অন্তৰ্ভুক্ত কৰিব। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত কণী অন্তৰ্ভুক্ত কৰাটোও অতি উপকাৰী। কণীত ভাল পৰিমাণৰ প্ৰটিন আৰু পুষ্টিকৰ উপাদান থাকে।

 চিয়া গুটিৰ পানী খাব পাৰে। ওজন কমোৱাতো ই আপোনাক বহুখিনি সহায় কৰে। যদি আপোনাৰ শৰীৰত প্ৰটিনৰ অভাৱ হয়, তেন্তে আপুনি ইয়াক দৈনিক সেৱন কৰিব। ৫ৰ পৰা ১০ মিনিট পানীত তিয়াই থোৱাৰ পিছতহে সেৱন কৰিব লাগে।

বহুতে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত পোহা খাই ভাল পায়। পেটটো ভালে কৰি ৰখাতো পোহাই আপোনাক বহুত সহায় কৰে।