Home Blog Page 781

লখিমপুৰৰ খেলমাটি থানাত আৰক্ষীৰ জিম্মাত থকা আর্চভ আলীৰ মৃত্যু…

লখিমপুৰৰ খেলমাটি থানাত অঘটন
আৰক্ষীৰ জিম্মাত থকা এজন লোকৰ মৃত্যু
নিহত লোকজন পশ্চিম চান্দমাৰিৰ আর্চভ আলী


মোবাইল চুৰিৰ গোচৰত অভিযুক্ত আছিল আর্চভ
বুধবাৰে সন্ধিয়া আৰ্চভক আটক কৰিছিল আৰক্ষীয়ে


থানাৰ ভিতৰতে হঠাৎ ঢলি পৰি মৃত্যু হয় আৰ্চভৰ
পৰিয়ালৰ দাবী- আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে আৰ্চভৰ

পূৰ্বতকৈ কিছু পৰিমাণে সুস্থ হৈ উঠিছে অভিনেতা শ্বাহৰুখ খান…

পূৰ্বতকৈ কিছু পৰিমাণে সুস্থ হৈ উঠিছে অভিনেতা শ্বাহৰুখ খান।

২৬ মে’ত IPLৰ ফাইনেল মেচত KKRক সমৰ্থন জনাবলৈ উপস্থিত থকাৰ সম্ভাৱনা। হিট ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাগৰাকীৰ ভৰ্তি কৰোৱা হৈছিল আহমেদাবাদৰ কে ডি হাস্পতালত।

শ্বাহৰুখ খানৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত জনালে KKRৰ সহ- স্বত্বাধিকাৰী জুহি চাওলাই।

ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা…

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ ফলাফল লাভ কৰা অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনালে ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কতৃপক্ষই। চিলাপথাৰ অঞ্চলটোৰ সীমান্তৱৰ্তী ডিমৌৰ বিদ্যায়তনিক দিশৰ বিশেষ ভূমিকা আগবঢ়াই অহা স্কুলখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰ কান্ত ডিহিঙীয়াই অনুষ্ঠানৰ আঁতধৰি__ছাত্ৰ ছাত্ৰী

সকলৰ আশানুৰূপ ফলাফলে ৰাইজক প্ৰত্যাশিত সন্তুষ্টি দিয়া বুলি মন্তব্য কৰি সকলোৰে উজ্বল ভবিষ্যতে কামনা কৰে। বিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক ৰাজা পাংগিং আৰু শিক্ষক মহাবীৰ প্ৰসাদ মালাহে পৰিচালনা কৰা সম্বৰ্ধনা সভাৰখনৰ সঞ্চালন কৰে বিদ্যালয় পৰিচলনা সমিতিৰ উপ সভাপতি বিনোদ দলেই।

বিদায়ী ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোচাৰ সম্বৰ্ধনা জনাই উৎসাহিত কৰে বিদ্যালয় পৰিয়ালটোৱে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰা মনোমোহা গীত নৃত্যই কাৰ্যসুচি অনন্য কৰি তোলে। অনুষ্ঠানত উপস্থিত অভ্যাগত আৰু শিক্ষক কৰ্মচাৰী সকলে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বিভিন্ন গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে। 

আজি বুদ্ধ পূর্ণিমা, আজিৰ দিনটোত নকৰিব এই সমূহ কাম…

আজি বুদ্ধ পূর্ণিমা। হিন্দু বিশ্বাস অনুসৰি বুদ্ধ হৈছে বিষ্ণুৰ নৱম অৱতাৰ। বিশ্বৰ ভিন্ন প্ৰান্তত আজিৰ দিনটোক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ পবিত্র দিন হিচাপে পালন কৰা হয়।

আজিৰ দিনটোত নকৰিব এই সমূহ কাম-

বৌদ্ধ পুৰ্ণিমাৰ দিনা সুৰাপান নকৰিব। আনহাতে আজিৰ দিনটোত মাছ, মাংসও খাব নালাগে৷

বৌদ্ধ পূৰ্ণিমাৰ দিনা ক’লা বস্তু দান কৰাটো উচিত নহয়৷ কাৰণ এই দিনটোত ক’লা বস্তু দান কৰিলে ৰাহুৰ কু-প্ৰভাৱ বৃদ্ধি পায়৷

বৌদ্ধ পূৰ্ণিমাৰ দিনটোত ক’লা-বগা দুই ৰঙৰ কাপোৰ পিন্ধিব নালাগে৷ এই দিনটোত এই দুই ৰঙৰ কাপোৰ পৰিধান কৰাটো অশুভ বুলি গণ্য কৰা হয়৷

আজিৰ দিনটোত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠজনক কোনো ধৰণৰ অপব্যৱহাৰ বা অপমান কৰিব নালাগে৷

অনুশীলনৰ পৰা বিৰতঃ আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ সঁচাকৈয়ে আহিছিলনে ভাবুকি!

আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ ভাবুকি অহা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে দেশজুৰি হৈ চৈ লাগে। বাতৰিত কোৱা হৈছিল যে নিৰাপত্তাৰ খাতিৰতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে নকআউট মেচ আৰম্ভ হোৱাৰ পূৰ্বে একমাত্ৰ অনুশীলন বাতিল কৰিবলগীয়া হৈছে। বাংলা সংবাদমাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি বিৰাট কোহলীৰ নিৰাপত্তাক লৈ এই সমস্যাৰ উদ্ভৱ হোৱাত আৰ চি বিয়ে অনুশীলন ত্যাগ কৰে। বুধবাৰে এলিমিনেটৰৰ পূৰ্বে মঙলবাৰে আহমেদাবাদৰ গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰিবলগীয়া আছিল যদিও সূচী অনুসৰি আগবাঢ়িব নোৱাৰিলে।

এবিপিৰ প্ৰতিবেদন অনুসৰি গুজৰাট আৰক্ষীয়ে ইংগিত দিয়ে যে অনুশীলন অধিবেশন আৰু সংবাদমেল বাতিলৰ আঁৰৰ প্ৰধান কাৰণ বিৰাটৰ নিৰাপত্তা। লগতে আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত আহমেদাবাদৰ পৰা ৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এতিয়া টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ এজন শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি উন্মোচিত হোৱা কাণ্ডসমূহৰ এক বেলেগ সংস্কৰণ দিয়া হৈছে। “কোনো সন্ত্ৰাসৰ ভাবুকি নাছিল। আমি ৰাজস্থান ৰয়েলছ আৰু আৰ চি বি দুয়োটা দলে গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰ চি বিয়ে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ অনুশীলন কৰাৰ কথা আছিল, তাৰ আগতে তেওঁলোকে ৩-৬ বজালৈ সলনি কৰিছিল, কিয়নো পোহৰ ভাল আছিল৷ আহমেদাবাদত গ্ৰীষ্মকালত সন্ধিয়া ৬.৩০ বজালৈকে। অৱশ্যে ৰাজস্থান ৰয়েলছে সন্ধিয়া ৩.৩০ৰ পৰা ৬.৩০ বজালৈ গুজৰাট কলেজ খেলপথাৰত নিজৰ সম্পূৰ্ণ দলৰ সৈতে অনুশীলন কৰে।’-গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ সম্পাদক অনিল পেটেলে এইদৰে কয়।

“আৰচিবিয়ে মহানগৰীত প্ৰচলিত গৰমৰ বাবে তেওঁলোকৰ অনুশীলন অধিবেশন এৰি দিলে। আমি আৰচিবিক কৈছিলোঁ যে তেওঁলোকে তাত থকা ইনড’ৰ প্ৰেকটিছৰ সুবিধা, বা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ইনড’ৰ ফেচিলিটিত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে আৰচিবিয়ে অনুশীলন কৰিব বিচৰা নাছিল গৰমৰ বাবেহে।’’ এই স্পষ্টীকৰণৰ পিছতে বহুতৰে মনত সৃষ্টি হোৱা খুদুৱনি মাৰ গৈছে।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয় কমিতিৰ বৈঠক অনুষ্ঠিত হ’ব! প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই সদৰি কৰে এই কথা…

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয় কমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ বুধবাৰে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে৷ পঞ্চায়ত নিৰ্বাচনেই নহয় নতুন ৰাজনৈতিক সমীকৰণৰো ইংগিত দিছে প্ৰদেশ কংগ্ৰেছ সভাপতিয়ে৷ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কয়ঃ “পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ যিটো মন আমি এইবাৰ আগৰ নিচিনাকৈ প্ৰদেশ কংগ্ৰেছৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিবলৈ বিচাৰিছো৷ আগতে আমাৰ বহু জেগাত বুথ কমিটি নাছিলে৷ আমি ভাবিছো যে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ কোন হ’ব সেয়া অগ্ৰাধিকাৰ ভিত্তিত বুথ কমিটিয়ে ঠিক কৰিব৷

সকলো যদি প্ৰদেশ কংগ্ৰেছত কৰো মণ্ডল কংগ্ৰেছত ক্ষমতা কি থাকিব? আঞ্চলিক পঞ্চায়তৰ সদস্য কোন হ’ব সেয়া মণ্ডল কংগ্ৰেছে সিদ্ধান্ত ল’ব৷ পঞ্চায়তৰ সভাপতি কোন হ’ব সেয়া ব্লক কংগ্ৰেছে সিদ্ধান্ত ল’ব? জিলা কংগ্ৰেছে সিদ্ধান্ত ল’ব জিলা পৰিষদৰ সদস্য কোন হ’ব? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মণিটৰিং যি কাম হ’ব সেয়া উপ-সভাপতি সাধাৰণ সম্পাদক আৰু সম্পাদকসকলে জিলাই জিলাই গৈ কাৰ্যকৰী কৰিব৷” ৪ জুনৰ ফলাফল ওলোৱাৰ ১০ দিনমানৰ পিছতেই পলিটিকেল এফেয়াৰ্চ কমিটিত এই সম্পৰ্কত সিদ্ধান্ত লোৱা হ’ব বুলি ভূপেন বৰাই সদৰি কৰে৷

বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ…

বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ। এটা বাৰ্তা যোগে কটাৰিয়াই কয়, “সকলো শ্ৰেণীৰ জনসাধাৰণলৈ মোৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ।”ৰাজ্যপাল গৰাকীয়ে কয় —“ ভগৱান বুদ্ধ হৈছে মমতা আৰু তেওঁৰ সত্যতাৰ শিক্ষাৰ মূৰ্তি৷ হিংসা, সম্প্ৰীতি আৰু, মানৱতা আৰু সকলো জীৱৰ প্ৰতি প্ৰেম সাৰ্বজনীন আৰু চিৰ- প্ৰাসংগিক”৷


ৰাজ্যপালগৰাকীয়ে লগতে কয় — “ভগৱান বুদ্ধৰ শিক্ষাই ব্যক্তিক তেওঁলোকৰ প্ৰকৃত স্বৰূপৰ প্ৰতি জাগ্ৰত কৰাৰ শক্তি আছে আৰু মানৱতাৰ বাবে ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে”। গৌতম বুদ্ধৰ কথা উল্লেখ কৰি ৰাজ্যপালে কয় যে গৌতম বুদ্ধৰ শিক্ষা অনুসৰণ কৰিলে আধ্যাত্মিক সমৃদ্ধি লাভ কৰিব পাৰি যিয়ে সুখলৈ লৈ যায়। ৰাজ্যপালগৰাকীয়ে লগতে কয় যে ভগৱান বুদ্ধৰ উত্তৰাধিকাৰ প্ৰজন্ম আৰু সংস্কৃতিৰ মাজত অনুৰণন হৈয়েই আছে, যিয়ে সকলো সত্যৰ সন্ধানকাৰীৰ বাবে আশা আৰু পথ প্ৰদৰ্শনৰ ৰেখা হিচাপে কাম কৰি আছে।

ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিয়াছউদ্দিন আহমেদক তেঁওৰ সমাজ জীৱনলৈ আগবঢ়োৱা জীৱনযোৰা অৰিহনাক শ্ৰদ্ধাৰে সোঁৱৰি ‘অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ প্ৰদান…

উত্তৰ পৃৰ্বাঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাৰ উদ্যোগত ধুবুৰী সাহিত্য সভা ভৱন প্ৰাঙ্গণত অনুপ্ৰেৰণা ধুবুৰী শাখা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখাৰ সহযোগত বিশিষ্ঠ জ্যেষ্ঠ অধিবক্তা তথা এসময়ৰ জনপ্ৰিয় ক্ৰীড়াবিদ তথা ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিয়াছউদ্দিন আহমেদক তেঁওৰ সমাজ জীৱনলৈ আগবঢ়োৱা জীৱনযোৰা অৰিহনাক শ্ৰদ্ধাৰে সোঁৱৰি’ অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ প্ৰদান কৰা হয়। মঙলবাৰে সন্ধিয়া ৬ বজাত ধুবুৰী সাহিত্য সভা ভৱন প্ৰাঙ্গণত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত সভাপতিত্ব কৰে ধুবুৰী সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। বঁটাত প্ৰদান কৰা হয় এটা ফুলাম জাপী, এখন চেলেং এখন মুগা গামোচা, শ’ৰাই লগতে এখন আটকধুনীয়া মানপত্ৰ। বঁটা প্ৰদান কৰে জিলা সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অপুপ্ৰেৰণা’ ৰ প্ৰতিষ্ঠাপক তথা দেওবৰীয়া বাৰ্তা ৰ মুখ্য সম্পাদক দীপজ্যোতি শইকীয়াই বিগত বছৰবোৰত অনুপ্ৰেৰণাই কৰি অহা কিছু কামৰ খতিয়ান দাঙি ধৰে।

অনুপ্ৰেৰনা ধুবুৰী শাখাৰ সভানেত্ৰী চুলতানা চেলিমা আহমেদে আঁতধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন লগতে গুৰুবন্দনাৰে সভাৰ সৌষ্ঠৱ বঢ়ায় বিশিষ্ঠ গায়িকা মিতালী চক্ৰৱৰ্তী আৰু তেঁওৰ সংগীবৃন্দই। অনুষ্ঠানত ধুবুৰী সাহিত্য সভাৰ সম্পাদক জাকিৰ হুছেইন, গদাধৰ কবি চক্ৰৰ সভাপতি সৰ্বেশ্বৰ কলিতা, ধুবুৰী মহিলা সমিতিৰ সভানেত্ৰী হিমাদ্ৰী বৰুৱা, বিশিষ্ঠ সমাজ সেৱিকা ইৰামনী বৰা, ড° লাবন্য ভকত, আহিদ খান, মানস চক্ৰৱৰ্তী, ধুবুৰী সাহিত সভাৰ প্ৰাক্তন সভাপতি লুৎফুৰ ৰহমানকে ধৰি সাংবাদিক যথাক্ৰমে আছিকুৰ ৰহমান, প্ৰনৱশীষ ৰয় , তাপস চৰকাৰ , ছেলিম শ্বেখ,আদি বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিতালী চক্ৰৱৰ্তী, অৰ্পনা ঘোষ, তিলোত্তমা ৰাভাৰ গীত পৰিবেশনে সভাৰ সৌষ্ঠৱ বঢ়ায়। অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ বঁটা বিজয়ী গিয়াছউদ্দিন আহমেদৰ পৰিয়াল বৰ্গহৈ তেঁওৰ কন্যা ডা: মুছকুৰা আহমেদে দেউতাকৰ বহু অপ্ৰকিশিত কাহিনীৰে নিজৰ মনৰ কথা ব্যক্ত কৰে।

সদ্যপ্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ ৰঙিয়াৰ বাসগৃহত শ্ৰদ্ধাৰ্ঘ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

সদ্যপ্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ ৰঙিয়াৰ বাসগৃহত শ্ৰদ্ধাৰ্ঘ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী, বিশিষ্ট সমাজসেৱী, অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি সদ্যপ্ৰয়াত থানেশ্বৰ বড়োৰ ৰঙিয়াস্থিত বাসগৃহত বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সোণোৱালে উল্লেখ কৰে, “শ্ৰদ্ধাৰ থানেশ্বৰ বড়ো ডাঙৰীয়াৰ সৰলতা, নিষ্ঠাপূৰ্ণ ৰাজনৈতিক জীৱন আৰু কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰি ৰাখিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ওম শান্তি।”

গ্ৰীষ্ম প্ৰবাহে জোকাৰি গৈছে ৰাজস্থানক! চুৰু জিলাৰ গৰম বালিত পাপৰ সেকিছে জোৱানে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পেজত আপলোড কৰিলে বালিত পাপৰ সেকাৰ ভিডিঅ’…

দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত এতিয়াগৰমে ভয়াৱহ পৰ্যায়লৈ গতি কৰিছে। বহু কেইখন ৰাজ্যত তাপমাত্ৰাই ৪৭ ডিগ্ৰীৰ ঘৰ চেৰাই গৈছে। মৰুৰ ৰাজ্য ৰাজস্থানতো গৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজস্থানত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিছে যে গৰম বালিত এতিয়া অনায়াসে পাপৰ সেকিব পৰা হৈছে। শেহতীয়াকৈ তেনে এক ভিডিঅ’ই বহুতৰে চকু থৰ লগাইছে। ৰাজস্থানৰ উত্তপ্ত হৈ পৰা বালিত এজন সেনা জোৱানে পাপৰ সেকাৰ দৃশ্য দেখি বহুতেই অনুমান কৰিব পাৰিছে ৰাজ্য খন কিমান গৰম হ’ব পাৰে। লক্ষ্যণীয় কথাটো হ’ল বুধবাৰে ৰাজস্থানৰ চুৰু জিলাত সৰ্বোচ্চ তাপমাত্ৰা হৈছেগৈ ৫০.৮ ডিগ্ৰী ছেলছিয়াছ।

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ গ্ৰাসত পৰা চুৰু জিলাৰ বালিতেই এজন সেনা জোৱানে পাপৰ সেকিলে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০১০ চনৰ পিছত লিত বৰ্ষত ৰাজ্য খনত সৰ্বাধিক তাপমাত্ৰা হৈছে। গৰমৰ এনে দিনবোৰত ৰাজস্থানত মৰুভূমিৰ পৰা লু নামৰ এক বতাহ বয়। লুৰ প্ৰভাৱত শৰীৰত ঘাঁ লগাৰ লগতে মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেইবাবেই গৰমৰ দিনবোৰত ৰাজস্থানৰ সীমান্তত পহৰাৰত সেনা জোৱানসকলক প্ৰচুৰ পৰিমাণে কেঁচা পিঁয়াজ আৰু গোল নেমু খাবলৈ পৰামৰ্শ দিয়া হয়। বহুতৰে মতে কেঁচা পিঁয়াজ আৰু গোল নেমুৱে শৰীৰত লুৰ প্ৰভাৱ ভালেখিনি হ্ৰাস কৰে। জোৱানে ৰাজস্থানৰ বালিত পাপৰ সেকাৰ ভিডিঅ’ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত আপলোড কৰিছে।