সৰ্বপ্ৰথম অসম ফুটছাল চেম্পিয়নশ্বিপ ২০২৪ৰ চেম্পিয়ন হিচাপে গুৱাহাটী চিটী এফ চি (জিচিএফচি)ক কালি অসম ফুটবল সন্থাৰ নেহৰু ষ্টেডিয়ামত থকা কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাইজমানী প্ৰদান কৰা হয়। এই অনুষ্ঠানত এএফএৰ আটাইকেইটা ৰাজ্যিক লীগৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপক সম্বৰ্দ্ধনা জনোৱাৰ লগতে পুৰস্কাৰৰ ধন আৰু শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ’লৰক্ষক আৰু শীৰ্ষ স্ক’ৰাৰৰ ব্যক্তিগত বঁটাসমূহ
প্ৰদান কৰা হয়। ক্লাবৰ হৈ উপস্থিত থাকে জিচিএফচিৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকা। ভাৰতৰ ২৩ বছৰ অনুৰ্ধৰ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক তথা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ উন্নয়নৰ মুৰব্বী নৌছাদ মুছাই ডেকাক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত এ এফ এৰ সভাপতি নৱ কুমাৰ দলে, সম্পাদক সাংৰাং ব্ৰহ্ম, উপ-সভাপতি শান্তনু পূজাৰী,
কোষাধ্যক্ষ হীৰেন গগৈৰ লগতে এ এফ এৰ অন্যান্য বিষয়ববীয়া আৰু অন্যান্য ক্লাবৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে। উল্লেখ্য যে অসম ফুটছাল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ পাছত জিচিএফচিয়ে এতিয়া অসমৰ প্ৰতিনিধি হিচাপে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ফুটছাল ক্লাব চেম্পিয়নশ্বিপ ২০২৪ৰ বাবে প্ৰস্তুতি চলাইছে।
খুড়া ভতিজাৰ মাজৰ ঘৰুৱা কন্দলে ৰূপ ল’লে ভয়ংকৰ মাৰপিটৰ । চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত হয় এই প্ৰচণ্ড মাৰপিট । মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুই ফৈদৰে বহু লোক । উল্লেখ্য যে চাৰিলেনযুক্ত পথ নিৰ্মাণত ভূমি আৰু গৃহ বাবদ অহা টকালৈ বহু দিনৰে পৰা সংঘটিত হৈ আছে এই কাজিয়া ।
অৱশেষত ঘৰুৱা কাজিয়াই সৃষ্টি হয় দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ । গুৰুতৰ ভাৱে আহত লোকসকলক তাৎক্ষণিকভাবে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে। দুই পক্ষৰ মাৰপিটত গুৰুতৰভাৱে আহত হয় ইউছুপ আলী, সুৰত জামাল, ময়নাল হক (এক পক্ষ)