Home Blog Page 790

সোণতলীত বৰলুইত শিল্পী সমাজৰ সমিতি গঠনঃ ২৬ মে’ত শপত গ্ৰহণ…

কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি বৰলুইত শিল্পী সমাজ নামৰ এখনি সমিতি গঠন কৰে৷ বৃহত্তৰ সোণতলী, ছমৰীয়া, ডেকাচাঙ, কাছুমাৰা, টুপামাৰী অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে এই সমিতিখন গঠন কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি সোণতলীস্থিত নাজমা হীৰা মেম’ৰিয়েল পাব্লিক স্কুলৰ হোমেন বৰগোহাঞি অধ্যায়ন কেন্দ্ৰত প্ৰাক্তন সাংবাদিক আজাদ ওচমান গণিৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয়।

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত শিল্পীসকলক আগবাঢ়ি যোৱাত সহযোগিতা কৰা, আঞ্চলিক পৰ্যায়ৰ প্ৰতিভাশালী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া, সমাজত সুস্থ বাতাবৰণ ৰক্ষাৰ ক্ষেত্ৰত ভিন্ন কাৰ্যপন্থা হাতত লোৱা, থলুৱা জনগোষ্ঠীৰ লোক সংস্কৃতি সমূহ সংৰক্ষিত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰাৰ ওপৰিও কোনোবা শিল্পীৰ ব্যক্তিগত জীৱনত দুৰৱস্থাই দেখা দিলে সকলোৱে মিলি সহায়ৰ হাত আগবঢ়োৱা আদি লক্ষ্য আৰু উদ্দেশ্যলৈ এই সমিতিখন গঠন কৰে।

সভাত সৰ্বসন্মতি ক্ৰমে মনিৰুল হক মনিক সভাপতি, মিন্টু বৰাক কাৰ্যকৰী সভাপতি, নজৰুল ইছলাম, ৰেজাউল কবিৰ, দ্বীপজ্যোতি দাসক উপ সভাপতি, আমিন নজমুল ইছলামক সাধাৰণ সম্পাদক, আফজালুৰ ৰহমান, অমৃত সৰকাৰ, শুকুৰ মামুদক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতি গঠন কৰে ৷ উল্লেখ্য যে এই সভাৰ জৰিয়তে চলিত মাহৰ ২৬ মে তাৰিখে নাজমা হীৰা মেম’ৰিয়েল পাব্লিক স্কুল প্ৰাঙ্গনতে নৱগঠিত সমিতিখনৰ শপত গ্ৰহন অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে৷

হাৱাইপুৰ হাজাগআফেৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক; উপস্থিত মন্ত্ৰী নন্দিতা গাৰ্লোচা…

পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত Hazagaphar Raising Youthৰ উদ্যোগত অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উপস্থিতিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। লগতে অঞ্চলটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা দুই কৃতী ছাত্ৰীক উপহাৰ হিচাপে Sengya Sambudhon Green Industries Private Limited নামৰ প্ৰতিষ্ঠান এটাই প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক।

উল্লেখযোগ্য যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলটোৰ উপৰিও লংকা অঞ্চলত বসবাস কৰা ডিমাছা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, ফাইল কভাৰ, গছ পুলি আদি প্ৰদান কৰি Hazagaphar Raising Youth নামৰ সংঘটোয়ে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৮৮% নম্বৰ লাভ কৰা প্ৰিন্সি হামামপুৰা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৮৫% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই অনা চাৰা বি চৰণফং নামৰ ছাত্ৰী দুগৰাকীক Sengya Sambudhon Green Industries Private Limited নামৰ প্ৰতিষ্ঠানটোয়ে ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাইকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল। লগতে হাজাগআফেৰ ইউদ নামক সংগঠনৰ উক্তোদা বিকাশ দিব্ৰা উপস্থিত থাকে৷

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ…

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ।

প্ৰচণ্ড কুঁৱলীৰ বাবে ইৰাণৰ পাহাৰীয়া উত্তৰ-পশ্চিম অঞ্চলত দেওবাৰে সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিক মৃত ঘোষণা কৰা হৈছে।

আজাৰবাইজানৰ পৰা তেহৰানলৈ ওভতাৰ পথতে হয় এই ভয়ানক অঘটন।

এই দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি সৈতে দেশখনৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাবডলহিয়ানৰ মৃত্যু হয়।

এনেকৈয়ে আহে আধুনিকতা…

সজীৱ জাতি বা সমাজৰ এক এক অবিচ্ছেদ্য অঙ্গ হ’ল গতিশীলতা। এই গতিশীলতাইহে মানুহক শ্ৰেষ্ঠ সামাজিক প্ৰাণী ৰূপে চিনাকি দি শ্ৰেষ্ঠতাৰ আসন দখল কৰাত অৰিহণা যোগাইছে। এই গতিশীলতা সমাজ বা ব্যক্তিয়ে হেৰুৱাব লগা হ’লেই ই জড় হৈ পৰে। ইতিবাচক গতিশীলতাই নিশ্চিতভাৱে সমাজখনক সভ্যতাৰ সোপান বগুৱাত প্ৰেৰণা যোগাই আহিছে। কেতবোৰ নতুন সংস্কৃতিৰ আগমনতেই হওঁক বা ব্যক্তিৰ স্বাৰ্থ সিদ্ধিৰ বাবেই হওঁক বৰ্তমানৰ সমাজ ব্যৱস্থা কোঙা। অৱহেলিত হৈ পৰা সামাজিক ৰীতি-নীতি, সংস্কৃতি তথা মানবীয় প্ৰমূল্য বোধৰ অভাৱৰ উৎকৃষ্ট নিদৰ্শন দেখা যায় অসমৰ প্ৰায়বোৰ গাওঁ অঞ্চলত, যি সমূহে আধুনিকতাৰ চাদৰ পিন্ধি সভ্যতাৰ আলিদোমোজাত থমকিব লগা হৈছে।

           উদং ভৰিৰে বোকা ফেনেকি হাল বাই থকা দেউতাকক কোমল চাউলৰ জলপান কেইটা দিয়া আৰু সন্তানৰ দাবী মানি দেউতাকে সন্তানৰ হাতত নাঙলৰ মুঠি ধৰাই দৃশ্যটো এতিয়া বহু পুৰণি এলবামত ওলমি থকা যেন এখন ফটোলৈ পৰিবৰ্তিত হ’ল। আজিৰ প্ৰজন্মৰ কেঁচা মাটিৰ প্ৰতি থকা অনীহাই দুচকু সেমেকাই তোলে। অভিভাৱক সকলেও বোধহয় জীনচৰ পেণ্ট, ভৰিত বোকা লাগিব বুলি কেঁচা গোন্ধটোৰ লগত চিনাকি হোৱাৰ সুযোগেই দিয়া নাই। এইয়াই নেকি ন সংস্কৃতি? পথাৰৰ প্ৰাকৃতিক পৰিৱেশত দেউতাৰ লগত আলিতে বহি এচামুচ জলপান খোৱাৰ ভাগ্য হয়তো বহুতৰ হোৱা নাই। সেই মাদকতাই সুকীয়া। ভাদ, আহিন মাহৰ আবেলিবোৰত পানীত আধা ডুব গৈ থকা ধাননী ডৰাৰ পৰা বৰশীৰে কাৱৈ, শিঙি, মাগুৰ মাছেৰে খালৈ পুৰোৱা দৃশ্য বৰ্তমান গাওঁবোৰৰ পৰা বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে (অৱশ্যে আগৰ তুলনাত এই ধৰণৰ মাছৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে)। যাৰ পৰিৱৰ্তে আজিৰ দিনত গাঁৱৰ মানুহৰ কেৰাহীত ঠাই পাইছে বিষাক্ত ফৰ্মেলিনযুক্ত কানপুৰ, অন্ধ্ৰপ্ৰদেশৰ চালানী মাছে। কোৱা বাহুল্য যে, বৰ্তমানৰ কণ কণ ল’ৰা ছোৱালীৰ বহুতেই বোধহয় থলুৱা মাছৰ সোৱাদেই লৈ পোৱা নাই। তেওঁলোকৰ জিভাৰ জুতি চালানী মাছ, ব্ৰইলাৰ মাংস, মম’, চিকেন ৰল,মেগী এইবোৰতে সীমাবদ্ধ।

         সততে শুনা যায় গাঁৱৰ মানুহ কৰ্মী, স্বাস্থ্যৱান; আনহে নালাগে গাৱলীয়া বুলি গৰ্ব কৰিব পৰা ‘মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা লোক’ বোলা কথাষাৰত। অতীত হৈ যাব খোজা এনে ভাৱধাৰাৰ সুন্দৰ প্ৰতিফলন ঘটে হাজিৰা বা আধিয়াৰে নিজৰ খেতি মাটিকণৰ পৰা ধান লৈ যোৱাৰ সময়ত ! মৰাপাট বখলিওৱাৰ সময়ত! আনহে নালাগে আজিৰ গঞাই নিজৰ বলধ হালেৰে নিজৰেই মাটিখিনি হাল বোৱাৰ সলনি যদি পইচা খৰচ কৰি ট্ৰেক্টৰৰ ফাল পথাৰত নমাইছে। কোনোবাই মাটি চহাব, কোনোবাই মাটি ৰুই যাব আৰু কোনোবাই কাটি মৰণা মাৰি ধান কেইমোন মান দি যোৱাতেই আমি এতিয়া সন্তুষ্টি লাভ কৰিবলৈ বাধ্য হৈছো। হয়তো এইয়াই আধুনিকতা! 

       মনত পৰে বিদ্যালয়ৰ পৰা উভতি আহি থাকোতেই লগৰ বন্ধুৰ লগত কৰা আবেলি সময়ৰ পৰিকল্পনাৰ কথা, যিয়ে পূৰ্ণ ৰূপ পায় মুখত কিবা এটা গুজিয়েই খেলপথাৰলৈ ঢপলিওৱাৰ সময়ত। মূল খেলপথাৰত ইমানবোৰ অগ্ৰজে ফুটবল, ভলীবল,ক্ৰিকেট আদি খেলি থাকে যে আমি অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰায় নাথাকেই। ক্ৰমাৎ বয়সৰ তাগিদাত/চাকৰিৰ তাগিদাত অগ্ৰজ বহুতেই খেলপথাৰলৈ পিঠি দিয়াত আমি খেলিবলৈ সুযোগ পোৱা সেই পথাৰ খনত কিন্তু লাহে লাহে অনুজ সকলৰ অভাৱ ঘটিল আৰু সেয়ে বোধকৰোঁ ভৰিৰ গছকত বন গজিবলৈ সুবিধা নোপোৱা পথাৰখন এতিয়া আঁঠুলৈকে পৰা কোৰশলা বনেৰে ভৰা। তথাপিও গাঁৱৰ সমাজ গতিশীল। ন ন সংস্কৃতি তথা আধুনিকতাৰ কৱলত পৰি ই প্ৰকৃততে কিমান উন্নতিৰ জখলা বগাইছে ক্ষন্তেক ৰৈ ভাবিলেই উত্তৰ ওলাব। বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীত খাবলৈ, শুবলৈ কাৰো আহৰি নাই। তাৰ মাজতে আজিৰ শিশুৱে খেলাৰ বাবে সময় উলিয়াব পৰাটো অতি কঠিন। কিন্তু আমি মনত ৰখা উচিত খেলা-ধুলাই মানসিক উৎকৰ্ষ সাধন, মিলা-প্ৰীতি আদিৰ লগতে সু স্বাস্থ্য গঢ়াত যথেষ্ট সহায় কৰে। সেয়ে আজিৰ অভিভাৱকে অলপ সময় হ’লেও ল’ৰা ছোৱালীয়ে Facebook, WhatsApp, ৰিলছ বনোৱা আদিত সময় দিয়াতকৈ বিভিন্ন ধৰণৰ শাৰীৰিক শ্ৰম, খেল ধেমালিত যাতে সময় দিয়ে এই ক্ষেত্ৰত সজাগ হবৰ হ’ল। আধুনিকতাৰ পোছাক ইতিমধ্যেই পিন্ধা গঞা বহুতৰ মনত আধুনিকতা প্ৰদৰ্শন কৰা পোকটোৱে গোঁজ পুতি থিতাপি লৈছে। এই আধুনিকতা পিপাসু মনৰ যেন সুন্দৰ প্ৰতিফলন ঘটে অসমীয়া মাধ্যমৰ গাঁৱৰ বিদ্যালয় খনিত নিজ সন্তানক নামভৰ্তি কৰোৱাৰ পৰিৱৰ্তে চহৰৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনিত নামভৰ্তি কৰোৱা সময়ত, বাইক, স্কুটি লৈ নিজ সন্তানক বিদ্যালয়ৰ পৰা আনি থকাৰ সময়ত। পুৱা শোৱাৰ পৰা উঠি আৰু আবেলি স্কুল-কলেজৰ পৰা আহি মটৰ চাইকেলখন লৈ টিউচনলৈ ওলাই যোৱাকেই আজিৰ অভিভাৱকে আধুনিক বুলি ভাবে। কিন্তু চহৰ মুখী হৈ মুক্ত হৈ পৰা নিজ সন্তানৰ খবৰ তেওঁলোকে কিমান ৰাখিছে?

        বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীত এয়াই কাম্য যদিও আমি এটা কথাৰ প্ৰতি দৃষ্টি ৰখা উচিত যে ন ন সংস্কৃতিৰ আগমনত যাতে আমি বিশ্ব খ্যাত অসমীয়া সংস্কৃতিক পাহৰি নাযাওঁ বা অৱহেলা নকৰোঁ। গাঁৱতহে বৰ্তমানেও প্ৰকৃত অসমীয়া সংস্কৃতি প্ৰবাহমান হৈ আছে আৰু ভৱিষ্যতেও থাকিব যদি অসমীয়াই নিজকে চিনো। মোৰ ব্যক্তিগত অনুভৱ, গাঁৱৰ ল’ৰা-ছোৱালী আন ঠাইৰ ল’ৰা-ছোৱালীতকৈ কোনোগুণে পিছপৰা নহয়। মাথোঁ তেওঁলোকে থলুৱা কেঁচা মাটিৰ গোন্ধৰে আপ্লুত হৈ জীৱনটোক আগুৱাই নিয়ক। বৰ্তমানেও অসম তথা ভাৰতবৰ্ষৰ খেলা ধূলা কিম্বা বিভিন্ন উচ্চপদস্থ বিষয়া সকলৰ অতীত কিন্তু গাঁৱৰ লগতেই সংপৃক্ত। গতিকে অনুৰোধ দৰকাৰী সংস্কৃতি, দৰকাৰী আধুনিকতাক অসমীয়াই আপোন কৰি অদৰকাৰী বোৰক বিসৰ্জন দিয়াৰ সময় সমাগত।

 

লেখকঃ দ্বীপজ্যোতি বৰা

বিলাসীপাৰাৰ ব’হাগী উৎসৱত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকাই…

বিলাসীপাৰাৰ ব’হাগী উৎসৱত অভিনেত্ৰী আঙুৰলতা ডেকা। দেওবাৰে সন্ধিয়া বিলাসীপাৰা ইন্দ্ৰনাৰায়ণ একাডেমীৰ মিনি ষ্টেডিয়ামত  বিলাসীপাৰা ব’হাগী উৎসৱত অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতাই বিহুৱা দল সমূহৰ লগত কঁকাল ভাঙি নাচোনত বিভোৰ হৈ দৰ্শকক আমোদ দিয়ে।

প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীৰ নেতৃত্বত পৰিচালিত হোৱা বহাগী উৎসৱটি আনন্দময় হৈ উঠিছিল যদিও হঠাতে বিজুলি-ঢেৰেকনী আৰু প্ৰবল বৰষুণত বিহু উৎসৱটিত বিজুতি ঘটে।

দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন। মুম্বাইত ভোটাধিকাৰ সাব্যস্ত অক্ষয় কুমাৰ, জাহ্নৱী কাপুৰ; ৰাজকুমাৰ ৰাওৰ…

আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।

মুম্বাইত ভোটাধিকাৰ সাব্যস্ত কৰিলে অক্ষয় কুমাৰ, জাহ্নৱী কাপুৰ; ৰাজকুমাৰ ৰাওৰে।

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত মুম্বাইত ভোটদানৰ বাবে ওলাই আহিল বলীউডৰ কেইবাগৰাকীও তাৰকা।

পূজা ভাটেও ইনষ্টাগ্ৰামত পিতৃ মহেশ ভাটৰ সৈতে ভোটদান কৰাৰ পিছত এখন ছবি শ্বেয়াৰ কৰে।

তাৰকা, সাধাৰণ ৰাইজ সকলো ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ।

দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ! সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ…

দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ।

বৰ্তমানলৈকে সন্ধান নাই ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ।

ৰাষ্ট্ৰপতিৰ সৈতে হেলিকপ্টাৰত আছিল বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানো।

ৰাজধানী তেহৰানৰ পৰা ৬০০ কিঃমিঃ আঁতৰত জোল্ফা চহৰত এই ঘটনা।

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰয়ে।

আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…

আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।

পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।

৪৯টা সমষ্টিত ভোটযুদ্ধত অৱতীৰ্ণ ৬৯৫ গৰাকী প্ৰাৰ্থী।

ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, ৰাহুল গান্ধী, স্মৃতি ইৰাণীৰ।

ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…

ফিটনেছৰ জৰিয়তে জীৱন পৰিৱৰ্তনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত গোল্ডৰ জিম গণেশগুৰিয়ে গৌৰৱেৰে ১৫ তম বাৰ্ষিকী উদযাপনৰ কৰে। ২০০৯ চনৰ ১৭ মেত আৰম্ভ কৰা গোল্ড জিম গণেশগুৰিয়ে ইয়াৰ সদস্যসকলক ফিটনেছৰ সুবিধা আৰু অতুলনীয় সমৰ্থন আগবঢ়াই আহিছে। গোল্ড জিম গণেশগুৰিৰ সঞ্চালক ৰাজীৱ জৈন, সঞ্জীৱ জৈন আৰু স্বস্তিকা জৈনে এই সফল যাত্ৰাৰ কথা সদৰি কৰি কয় যে যোৱা ১৫ বছৰত তেওঁলোকে ব্ৰেণ্ডটোৰ বিৱৰ্তন আৰু বিকাশ প্ৰত্যক্ষ কৰিছে আৰু বহু শিক্ষা গ্ৰহন কৰিছে।

গণেশগুৰিৰ গোল্ড জিম এতিয়া চেলিব্ৰিটি, এথলীট, বডিবিল্ডাৰ, সামৰিক কৰ্মী আৰু ফিটনেছ উৎসাহী সকলৰ বাবে পছন্দৰ ফিটনেছ চেণ্টাৰ হিচাপে চিহ্নিত হৈছে। উৎকৃষ্টতা আৰু ব্যক্তিগতকৃত সমৰ্থনৰ প্ৰতি জিমৰ প্ৰতিশ্ৰুতিয়ে ব্যক্তিসকলক তেওঁলোকৰ ফিটনেছ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰাৰ বাবে এক সুনাম অৰ্জন কৰিছে, তেওঁলোকৰ পৃষ্ঠভূমি বা অভিজ্ঞতাৰ স্তৰ যিয়েই নহওঁক। ১৫ তম বাৰ্ষিকী উদযাপনৰ বাবে গোল্ড জিম গণেশগুৰিৰ চৌহদত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত সন্মানীয় অতিথিসকলৰ ভিতৰত আছিল অসম অভিনেত্ৰী নিশিতা গোস্বামী যিয়ে ২০০৯ চনত গোল্ড জিম গণেশগুৰি উদ্বোধন কৰিছিল।

আনহাতে অনুষ্ঠানটোত প্ৰখ্যাত ব্যৱসায়ী সঞ্জীৱ নাৰায়ণো উপস্থিত থাকে। আমি আমাৰ সদস্য অংশীদাৰ আৰু সম্প্ৰদায়ৰ সৈতে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো উদযাপন কৰি আনন্দিত হৈছো বুলি গোল্ড জিম গণেশগুৰিৰ দলটোৱে উল্লেখ কৰে।আমি ফিটনেছৰ জৰিয়তে জীৱন সলনি কৰি তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ বুলি ৰাজীৱ জৈনে উল্লেখ কৰে।স্বস্তিকা জৈনে কয় যে গোল্ড জিম গণেশগুৰি হৈছে গুৱাহাটীৰ এক মুখ্য ফিটনেছ চেণ্টাৰ যি ব্যক্তিসকলক তেওঁলোকৰ ফিটনেছৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু স্বাস্থ্যকৰ জীৱন যাপন কৰাত সহায় কৰিবলৈ সমৰ্পিত। অত্যাধুনিক সঁজুলি, বিশেষজ্ঞ প্ৰশিক্ষকৰ সৈতে গ’ল্ডৰ জিম গণেশগুৰি হৈছে ফিটনেছ উৎসাহী সকলৰ বাবে সঠিক গন্তব্যস্থান ।

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…

উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতিষ্ঠান কলেজ অৱ এডুকেশ্বন নগাঁৱৰ উদ্যোগত কালি দিনযোৰা কাৰ্যসূচীৰে এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। এই সভাখনত সভাপতিত্ব কৰে কলেজ পৰিচালনা সমিতিৰ সভাপতি আলোক গোস্বামীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তুলিকা শইকীয়াই। কলেজ অৱ এডুকেশ্বন নগাঁৱৰ অধ্যক্ষ ড° মানশিখা বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটিত কলেজৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্রশিক্ষার্থী তথা কমর্চাৰীসকল উপস্থিত থাকে।

সভাখনত বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক, সমাজসেৱক তথা কলেজ অৱ এডুকেশ্বন নগাঁৱৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য , পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুঞ্জ মোহন বৰাক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰপৰা আজীৱন শিক্ষাসেৱা আৰু সমাজসেৱাত ব্ৰতী হৈ থকাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ এম.এড বিভাগৰ সহযোগী অধ্যাপিকা ড° শেৱালি বৰাই।

সভাপতিৰ ভাষণ প্ৰদান কৰি আলোক গোস্বামীয়ে কুঞ্জ মোহন বৰাৰ বিভিন্ন ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য হিচাপে তেখেতৰ ভূমিকাৰ শলাগ লয়। ড° মিনতি শৰ্মা ভৰালীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ ফালৰ পৰা ভাষণ প্ৰদান কৰে । মৌচুমী দত্তই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত গীত আৰু আবৃত্তি পৰিৱেশন কৰে বনশ্ৰী শইকীয়া আৰু পল্লিকা বৰাই।