Home Blog Page 813

দিল্লী উচ্চতম ন্যায়ালয়ৰ ভাৰতপেৰ প্ৰাক্তন এম ডি অশ্বনীৰ গ্ৰভাৰক চৰ্ত সাপেক্ষে আমেৰিকালৈ যাবলৈ অনুমতি প্ৰদান…

ভাৰতৰ সহ-প্ৰতিষ্ঠাপক অশ্বনীৰ গ্ৰ’ভাৰ আৰু তেওঁৰ পত্নী মাধুৰী জৈন গ্ৰ’ভাৰক দিল্লী উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে আমেৰিকালৈ যাবলৈ অনুমতি দিয়ে। আমেৰিকা ভ্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে নিৰাপত্তা হিচাপে ৮০ কোটি টকা জমা কৰাৰ নিৰ্দেশ জাৰি কৰিছে আদালতে। ২৪ মে’ত দিয়া ভাষণত আদালতে কয় যে নিৰাপত্তা সম্পত্তি হিচাপে হ’ব লাগে।

ইয়াৰ লগতে ইউ এ ই ভ্ৰমণ বন্ধ কৰিবলৈ এমিৰেটছ কাৰ্ডো আত্মসমৰ্পণ কৰা হ’ব। আদালতে জনোৱা মতে, অশ্বনীৰ গ্ৰভাৰ আৰু তেওঁৰ পত্নীৰ হাতত আছে গোল্ডেন ভিছা, যিটো ইউ এ ইত বিদেশী নাগৰিকক দিয়া ১০ বছৰৰ ৰেচিডেন্স পাৰ্মিট।

এইদৰেই তেওঁলোকে আদালতত এমিৰেটছ কাৰ্ড জমা দিব লাগিব। আচলতে দিল্লী উচ্চ ন্যায়ালয়ে আশ্বনীৰ গ্ৰ’ভাৰৰ ভ্ৰমণ সন্দৰ্ভত অৰ্থনৈতিক কাৰ্যালয় শাখাৰ পৰা তথ্য বিচাৰিছিল, য’ত প্ৰকাশ পাইছিল যে আশ্বনীৰ গ্ৰ’ভাৰে শিশু গ্ৰীষ্মকালীন বিদ্যালয়ৰ বাবে আমেৰিকালৈ যাব বিচাৰে।

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ অনুসূয়া সেনগুপ্তাৰ…

অভিনন্দন জনাওক অনুসূয়া সেনগুপ্তা।

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিলে অনুসূয়া সেনগুপ্তাই।

দ্য ছেমলেছ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে আন চাৰ্টেইন ৰিগাৰ্ড ছেগমেণ্টত স্বীকৃতি।

২০০৯ চনত অঞ্জন দত্তৰ ছবি ‘মেডলি বেংগলী’ত সহযোগী চৰিত্ৰত অভিনয় কৰি অনসুয়াই নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অনুসূয়াই কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি…

পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি।

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে এই সময়। পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ অব্যাহত থাকিব সেৱা।

বন বিভাগে এক জাননীযোগে প্ৰকাশ কৰিছে এই কথা।

ভোটাধিকাৰ সাব্যস্ত কৰি মাতৃ ছোনিয়া গান্ধীৰ সৈতে এখন চেলফি ৰাহুল গান্ধীৰ…

আজি দেশৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ হ’ব।

সাংসদ ৰাহুল গান্ধীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছ নেত্ৰী তথা মাতৃ ছোনিয়া গান্ধীৰ সৈতে এইদৰে ল’লে এখন চেলফি।

তাৰপিছত ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতেও তুলিলে এখন ফটো।

সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থা দ্বি-বাৰ্ষিক ১৯ সংখ্যক ৰাজ্যিক অধিৱেশনৰ ৰাজহুৱা সভা আদৰণী সমিতি গঠন…

আজি চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ

১৯ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ আদৰণী সমিতি গঠনাৰ্থে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি এম.এছ চিৱলি মজুমদাৰে। চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যোচেফ বসুমতাৰীয় বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনিত প্ৰথমে সংস্থাৰ অলপতে মৃত্যুবৰণ কৰা অৰূপ চাংমাই আৰু আনেশ্বৰ ৰেগনৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাখন উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভবেশ নাথে ।অতিথি আদৰণী আতঁধৰে জিলা সমিতিৰ উপদেষ্টা ভুবন দাসে । সভাৰ উদেশ্য ব্যাখা আগবঢ়ায় জিলা সম্পাদক আদিত্য চুতীয়া আৰু আদৰণি ভাষণ আগবঢ়ায় জিলা সভাপতি শিৱশঙ্কৰ পাদুনে ।

সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰিসংখ্যা আৰু উন্নয়ন বিষয়া জয় চন্দ্ৰ বৰুৱা, জিলা সমগ্ৰ শিক্ষা বিষয়া পংকজ বৰা,জিলা কৰ্মচাৰী সন্থাৰ সভাপতি দিব্য দত্ত,শিৱসাগৰ জিলাৰ শিৱ প্ৰসাদ কলিতা, লখিমপুৰ জিলাৰ মাধৱ শইকীয়া, ধেমাজি জিলা মজলীয়া শিক্ষক সন্থাৰ সম্পাদক গকুল চুতীয়া, চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক লক্ষীনাথ বৰা কেধৰি বহু ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকা, জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলাৰ সভানেত্ৰী ভনীতা দাস, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম গগৈ,  এজেৱাইপিৰ চিলাপথাৰ আঞ্চলিক

সমিতিৰ সভাপতি হিতেশ ডেকা, সাৰথিৰ মুখ্য সচিব মনোজ কুমাৰ দাস, ধেমাজি জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি সজল নাথৰ লগতে সংস্থাৰ কামৰূপ, কাছাৰ,ওদালগুৰি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ কেধৰি কেবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। সভাই সংস্থাৰ আগত্তক ১৯ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি চিলাপথাৰতে আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰি স্হানীয় বিধায়ক ভুৱন পেগুক সভাপতি, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱাক পৃষ্ঠপোষক,  ভুবন দাসক কাৰ্যকৰী সভাপতি,দুলুমণি ভৰাঁলীক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া শক্তিশালী আদৰনী সমিতি গঠন কৰা হয়। অহা এক সপ্তাহৰ ভিতৰত পুৰ্ণাংগ সমিতি খন গঠন কৰিবলৈ শেষত সভাই এক প্ৰস্তাৱ গ্ৰহন কৰে।

আপুনি পানী খাই আছেনে? গৰমত শৰীৰত পানীৰ অভাৱ হ’লে এই ৫টা লক্ষণে দেখা দিব…

সকলোৱে জানে যে গ্ৰীষ্মকালত ঘাম বেছি হয়। ফলত শৰীৰৰ পৰা বহু পানী ওলাই। যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকে তেন্তে শৰীৰ পানীৰ অভাৱত ভুগে। শৰীৰৰ ভিতৰত কি হৈ আছে বাহিৰৰ পৰা দেখা নাযায় এই সমস্যা। কিন্তু শৰীৰত পানীৰ পৰিমাণ কমি গ’লে বহু লক্ষণৰ দ্বাৰা জানিব পৰা যায়। জানো আহক এই সমূহৰ বিষয়ে…

খোজ কাঢ়িবলৈ বা দৌৰিবলৈ গ’লে বা ওপৰলৈ যোৱাৰ সময়ত আপুনি ভাগৰুৱা অনুভৱ কৰেনে? যদি তেনেকুৱা হয় তেন্তে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব।

দীৰ্ঘদিন ধৰি শৰীৰত পানীৰ অভাৱ হ’লে যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে। যকৃতে পানীৰ সহায়ত গ্লাইক’জেন উৎপন্ন কৰে, যিয়ে শক্তি প্ৰদান কৰে। কিন্তু যদি যকৃতে সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰক অধিক খাদ্যৰ প্ৰয়োজন হ’ব। সেয়েহে নিমখীয়া খাদ্য, চকলেট আৰু মিঠাই খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।

গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ দূৰ কৰিবলৈ দৈনন্দিন খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰক।

মূৰৰ বিষৰ সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। তাৰ ভিতৰত এটা কাৰণ হ’ল পানীৰ অভাৱ। শৰীৰত পানীৰ পৰিমাণ কমি গ’লেই মাইগ্ৰেইনৰ বিষ আৰম্ভ হয়। গতিকে সকলো সময়তে মূৰৰ বিষ থাকিলে অধিক পানী খাব লাগে।

গ্ৰীষ্মকালত ছালখন শুকান হৈ থাকে। যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে এই সমস্যা বহুত বাঢ়ে। ছালখন অত্যন্ত শুকান হৈ পৰে। ওঁঠ ফাটিবলৈ ধৰিলে। আপোনাৰ ছালত যদি খজুৱতি হয় তেতিয়া অধিক পানী খোৱাটো প্ৰয়োজ।

যদি হঠাৎ প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়, তেতিয়াহে বুজিব যে শৰীৰত পানীৰ অভাৱ হৈছে। ইয়াৰ বাহিৰেও শৰীৰত পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱৰ পৰিমাণ কমি যায় আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ হয়।

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁৱৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সালসলনি…

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ (চৰকাৰী আৰু ব্যক্তিগত) পাঠদানৰ সময়সূচীৰ ক্ষেত্ৰত কেতবোৰ সালসলনি কৰিছে।

সেই অনুসৰি নিম্ন প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১১.৩০ বজা, উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.১৫ বজালৈ আৰু মাধ্যমিক

তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.৫৫ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ২৫ মে’ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে এই নতুন সময়সূচী কাৰ্যকৰী হ’ব।

লাইমেকুৰীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি সংহতি গোটৰ সভা…           

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১ নং লালী,৫ নং অৱাং জোনাই আৰু ৬ নং সানজাৰি নৌগৌৰ সমষ্টিৰ যুটীয়াকৈ “সমষ্টি সংহতি গোটৰ সভা” আজি লাইমেকুৰী কৃষ্টি ভৱনত প্ৰ অনুষ্ঠিত কৰা হয়।সন্মিলিত গণ শক্তি, অসমৰ জোনাই সমষ্টি সমিতিৰ সভাপতি মূলাকান্ত পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৫ নং অৱাং জোনাই পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ববীকান্ত পেগুয়ে। সভাত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১ নং লালী আৰু ৫ নং অৱাং জোনাই পৰিষদীয় সমষ্টিৰ সমষ্টি সংহতি গোটৰ তত্বাৱধায়ক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য  মলেন্দ্ৰ নাৰ্জাৰীয়ে কয় মিচিং স্বায়ত্তশাসিত পৰিষদে স্বায়ত্ত পৰিষদৰ এলেকাধীন অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক বিকাশৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি  জীৱন-

জীৱিকা পথ উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি উল্লেখ কৰি শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আৰ্থিক অনুদানৰ জৰিয়তে গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তি  কৰি দক্ষতা-বিকাশৰ পাঠদান গ্ৰহণৰ আঁচনি গ্ৰহণ কৰিছে বুলি বক্তব্য আগবঢ়াই পুনৰ কয়”আমাৰ পথাৰ-আমাৰ বজাৰ” এই নীতি অৱলম্বন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে বিজ্ঞানসন্মত তথা উন্নত প্ৰযুক্তিৰ দ্বাৰা মীন পালন, গাহৰি পালন, হাঁহ-কুকুৰা পালন আৰু কৃষিকৰ্মত মনোনিবেশ কৰি ৰাইজক আৰ্থিক স্বাৱলম্বী হোৱাৰ পথ সুগম কৰি তোলাৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি ৰূপায়নৰ কাম হাতত লৈছে বুলি ভাষন

ৰাখে। আজিৰ সভাতে ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ বিভিন্ন শিতানৰ হিতাধীকাৰী বাচনি কৰাৰ উপৰি ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ পুঁজি আৱন্টনৰ ওপৰত আলোচনা কৰা হয়।সমষ্টি সংহতি গোটৰ সভাত টিএমপিকেৰ জোনাই জিলা সমিতিৰ সদস্য দিপক দলে ,টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা বিচন্তী টায়ে,জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদিকা ৰুণুমাই দলে,অৱাং জোনাই সমষ্টিৰ সভানেত্ৰী ৰুপিকা পাতিৰ, এবছুৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক মথুৰাজ মুছাহাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী,সন্মিলিত গণ শক্তি, অসমৰ ডেকাপাম পঞ্চায়ত সমিতিৰ সভাপতি কমলেশ্বৰ পেগু, টিএমপিকে, এমএমকেৰ লাইমেকুৰী, তেলাম, ডেকাপাম আঞ্চলিক সমিতিৰ বিষয়ববীয়া,মিচিং স্বায়ত্তশাসিত পৰিষদৰ বহু সংখ্যক ঠিকাদাৰ, স্থানীয় ৰাইজ উপস্থিত থাকে।

ৰঙিয়াত বিমল কুমাৰ জৈনৰ সোঁৱৰণত অনুষ্ঠিত আন্ত বিদ্যালয় ফুটবল প্ৰতিযোগিতা…

ৰঙিয়াত অনুষ্ঠিত আন্ত বিদ্যালয় ফুটবল প্ৰতিযোগিতা। বিমল কুমাৰ জৈনৰ সোঁৱৰণত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতা। উদ্বোধনী অনুষ্ঠানত উপস্থিত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি।

আজিৰে পৰা চাৰিদিনীয়াকৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ আন্ত ফুটবল প্ৰতিযোগিতা।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন গীত মাতৰ লগতে নৃত্য প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ মন মোহিত কৰে।ৰাষ্ট্ৰীয় সংগীতেৰে অন্ত পৰা অনুস্থানটো সুন্দৰ ভাৱে পৰিচলনা কৰে বিদ্যালয় খনৰ অন্যতম ব্যক্তি অৰুন চেট্ৰিয়ে।

উৎকট গৰম! গৰমত এই ৪ টা বস্তু খোৱাৰ আৰম্ভ কৰক…

গৰম সহ্য কৰাটো সকলোৰে বাবে সহজ নহয় আৰু ফিট হৈ থাকিবলৈ আপোনাৰ ওজন কমাটোও গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত কিছুমান খাদ্য খাওক যিবোৰে আপোনাক গৰমত সকাহ দিব।আনহাতে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ইয়াৰ বাবে শৰীৰত পানীৰ উপস্থিতি থকাটো প্ৰয়োজনীয়। জানো আহক গৰমত কি কি ফল-মূল খালে গৰমৰ পৰা সকাহ পোৱাৰ লগতে ওজনো কমাব পাৰিব…

তৰমুজ এনেকুৱা এটা ফল যিটোত পানীৰ পৰিমাণ বেছি আৰু কেলৰি কম যদিও ভিটামিন আৰু এণ্টি অক্সিডেন্ট বেছি। এইবোৰ ফলে গ্ৰীষ্মকালত সকাহ দিয়ে। লগতে যদি নিয়মিতভাৱে খোৱা হয় তেন্তে ওজন কমাবলৈ সহজ হৈ পৰে।

তিয়হ বেছিভাগেই পানীৰে গঠিত আৰু ই কম কেলৰিযুক্ত খাদ্য। এই কাৰণেই হাইড্ৰেটেড হৈ থাকিবলৈ আৰু ওজন কমাবলৈ ই এক উপকাৰী খাদ্য।

আজিকালি বিলাহী অবিহনে বহু ৰেচিপিৰ সোৱাদ অসম্পূৰ্ণ যেন লাগে যদিও বিলাহী চালাড হিচাপেও খাব পাৰে। বিলাহীক শৰীৰক জলসিঞ্চিত কৰি ৰখাৰ সহজ উপায় বুলি গণ্য কৰা হয় আৰু লগতে ওজন নিয়ন্ত্ৰণত ৰাখে।

সাধাৰণতে কমলাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ উপায় বুলি গণ্য কৰা হয়, কাৰণ ই ভিটামিন চিৰ এক সমৃদ্ধ উৎস। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। এইবিধ অতি ৰসাল ফল যাৰ ফলত শৰীৰত পানীৰ অভাৱ নহয়।