Home Blog Page 820

চচল শাখা লেখিকা সমাৰোহৰ প্ৰতিষ্ঠা দিৱস, আত্মা অবিহনে কবিতাৰ সৃষ্টি হ’ব নোৱাৰেঃ কবি নীলিম কুমাৰ…

চচল শাখা  লেখিকা সমাৰোহ সমিতিৰ চতুৰ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ২১ মে’ ২০২৪ মংগলবাৰে  উলহ-মালহেৰে স্থানীয় চচল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ দাসসভাগৃহত অনুষ্ঠিত হয়। পুৱা ৯-০০ বজাত শাখাৰ সভানেত্ৰী প্ৰণীতা শৰ্মাই পতাকা উত্তোলন কৰে। বন্তি প্ৰজ্বলন কৰে উপদেষ্টা হিৰন্ময়ী নাথে। শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে  কামৰূপ মহানগৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শেৱালি ভাগৱতীয়ে। আবেলি  ৩-০০ বজাত  মুকলি সভাত সভাপতিত্ব কৰে সভানেত্ৰী প্ৰনীতা  শৰ্মাই। সম্পাদিকা চিত্ৰা দাসে আদৰণি ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী,কামৰূপ(ম) জিলাৰ লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা শ্ৰী নীলিমা বৰাই সাৰুৱা ভাষণ প্ৰদান কৰে।

বিশিষ্ট অতিথিৰ আসনৰ পৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী ,কামৰূপ(ম) জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী দৰ্পনা বৰা নেওগে উদ্বোধনী ভাষণ আগবঢ়ায়। সভাত শাখাৰ উপদেষ্টা হিৰন্ময়ী নাথে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে । শাখাৰ পৰা প্ৰকাশিত এখনি কবিতাপুথি ‘একুঁকি বাখৰুৱা কবিতা ‘উন্মোচন কৰে অসমৰ এগৰাকী বিশিষ্ট কবি নীলিম কুমাৰে।উন্মোচনী ভাষণত তেখেতে কয় যে আত্মা অবিহনে সাৰ্থক কবিতাৰ সৃষ্টি হ’ব নোৱাৰে  ইত্যাদি এক মননশীল বক্তব্যৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে৷ সভাত চচল শাখাৰ সদস্যা সকলে-ক্ৰমে চিত্ৰা দাস,অলকানন্দা মহন্ত, মালা শৰ্মা,বাণী বৰুৱা, লনী দত্ত, নীলিমা গোস্বামী শৰ্মা, মঞ্জু দাস, ড° মঞ্জুলা  হুচেইনে অপৰ্ণা শইকীয়া আৰু শান্ত্বনা দাস বৰ্মনে যুগুত কৰা এখনি সংগীতালেখ্য ‘ঐটিহ্যপূৰ্ণ অসমৰ লোকগীতৰ কলৰৱ’ পৰিৱেষণ কৰে।

সভাত কবি নীলিম কুমাৰৰ সহধৰ্মিনী পুষ্পাঞ্জলি গোস্বামীয়ে কবি গৰাকীৰ এটি কবিতা আবৃত্তি কৰি সমজুৱাক মুগ্ধ কৰে। সভাত শাখাৰ সদস্যা জেছমিনা ইছলাম আৰু মণিদীপা ভট্টাচাৰ্য্যই চমু বক্তব্য প্ৰদান কৰে। সভাৰ অন্তত শাখাৰ  সহ-সম্পাদিকা শান্ত্বনা দাস বৰ্মনে শলাগৰ শৰাই আগ বঢ়ায়। অসম সংগীতেৰে সভাৰ সামৰণি পৰে।

মুম্বাইত ফ্লেমিংগোৰ জাকক খুন্দা মাৰি কোনোমতে অৱতৰণ এমিৰেটছৰ বিমানৰ…

মুম্বাইত ফ্লেমিংগোৰ জাকক খুন্দা মাৰি কোনোমতে অৱতৰণ এমিৰেটছৰ বিমানৰ। ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিমান খন। ঘটনাটো ঘটিছে সোমবাৰে নিশা। সে দিনা মুম্বাইৰ ঘাটকোপাৰৰ পন্তনগৰৰ লক্ষ্মী নগৰ অঞ্চলত এমিৰেটছৰ এখন বিমানে খুন্দা মৰাৰ ফলত কমেও ৪০ টা ফ্লেমিংগো চৰাইৰ মৃত্যু ঘটে। মুম্বাই বিমানবন্দৰৰ সূত্ৰই প্ৰকাশ কৰা মতে এমিৰেটছ এয়াৰলাইনছৰ বিমান ই কে ৫০৮ ৰ নিশা ৯.১৮ বজাত চৰাইৰ জাকটোৰ সৈতে সংঘৰ্ষ হয়। ক্ষতিগ্ৰস্ত বিমানখনে মুম্বাই বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয় । অতিৰিক্ত মুখ্য বন সংৰক্ষক এছ ৱাই ৰামা ৰাৱে কয় যে অঞ্চলটোত ৪০ টা ফ্লেমিংগো মৃত অৱস্থাত পোৱা গৈছে। তেওঁ কয় যে এই চৰাইবোৰৰ বিমানৰ খুন্দাত মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ঘটনাটোত আন কেইবাটাও চৰাই আঘাতপ্ৰাপ্ত হৈছে।

বন বিষয়াসকলে আঘাতপ্ৰাপ্ত ফ্লেমিংগোৰ সন্ধানত অঞ্চলটোত অনুসন্ধান আৰম্ভ কৰিছে। মেংগ্ৰোভ সুৰক্ষা কোষৰ উপ সংৰক্ষক দীপক খাৰে কয়, “বিমানবন্দৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে বিমানখনৰ চৰাইৰ সৈতে সংঘৰ্ষ হৈছিল। ঘটনাটো লক্ষ্মী নগৰৰ (ঘাটকোপাৰৰ পূব উত্তৰ প্ৰান্ত) ওচৰত সংঘটিত হৈছিল। মেংগ্ৰোভ সুৰক্ষা কোষৰ ৰেঞ্জ বন বিষয়া প্ৰশান্ত বাহাদুৰে কয়, “মই বিমানবন্দৰলৈ গৈছিলো, কিন্তু তেওঁলোকে মোক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল। বিমানবন্দৰ কৰ্তৃপক্ষই আমাক জনাইছে যে এই ফ্লেমিংগোবোৰৰ এমিৰেটছৰ এখন বিমানৰ সৈতে সংঘৰ্ষ হৈছিল। আমি এই বিষয়ে স্থানীয় বাসিন্দাসকলৰ পৰা ফোন পাইছিলো। ঘটনাটো সন্ধিয়া ৮.৪০ বজাৰ পৰা সন্ধিয়া ৮.৫০ বজাৰ ভিতৰত সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছে।

এনজিঅ’ বানশক্তিৰ পৰিৱেশবিদ ডি ষ্টালিনে কয়, “মই ভাবো অভয়াৰণ্য অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা নতুন বিদ্যুতৰ লাইনবোৰে চৰাইবোৰক বিভ্ৰান্ত কৰি তুলিছে। বন্যপ্ৰাণী পৰিষদে বিদ্যুতৰ লাইনৰ অনুমতি দিয়াৰ সময়ত বিদ্যুৎ কোম্পানীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। থানেৰ ক্ৰীক বন্যপ্ৰাণী অভয়াৰণ্যখনত টাৱাৰটো নিৰ্মাণ কৰা হৈছে। সেইবাবেই চৰাইবোৰৰ আশ্ৰয়স্থল নোহোৱা হৈছে।’

দীপৰৰ পাৰত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস উদযাপন…

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান চাই বিকাশ বিদ্যা নিকেতনৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী অনুস্থিত হয়। ব্যতিক্ৰমী ৰূপেৰে দীপৰ বিলৰ পাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মূকাভিনয়ৰে জৈৱ বৈচিত্ৰৰ প্ৰয়োজনীয়তা  সম্পৰ্কে উপস্থাপন কৰা হয়। জৈৱ বৈচিত্ৰত জলাশয়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী সকলে দীপৰ বিলত এই বিশেষ মূকাভিনয় প্ৰদৰ্শন কৰে।

এই অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী প্ৰমোদ কলিতাৰ লগতে ৰেঞ্জাৰ ধনেশ্বৰ দলৈ সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষানুষ্ঠান খনৰ পৰিচালন সঞ্চালক শ্রী নিবাস ৰেদ্দী আৰু একাডেমিক ডীন ড৹ মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে। দীপৰ বিলক লৈ ৰচিত এই মূকাভিনয়ৰ ৰচনা আৰু পৰিচালনা যুৱ শিল্পী প্ৰতিভা বঁটা প্ৰাপক মিনাংক ডেকাৰ।

সফলতাৰ উচ্চ শিখৰত ৰেনু মহন্ত, নিজে সংস্থাপিত হোৱাৰ উপৰিও আন ত্ৰিশ গৰাকী মহিলাক দিছে সংস্থাপনৰ বাট।কুঁহি টি বাৰৰ জৰিয়তে সফলতা লাভ কৰা ৰেনু মহন্তই আজিৰে পৰা আৰম্ভ কৰিলে কুঁহি ল’জ…

কুঁহি টি বাৰৰ জৰিয়তে সফলতা লাভ কৰা ৰেনু মহন্তই আজিৰে পৰা আৰম্ভ কৰিলে কুঁহি ল’জ। নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী সফল উদ্যোগী আৰু উদ্যমী মহিলাৰ নাম ৰেনু মহন্ত। যিটো সময়ত ভয়াবহ নিবনুৱা সমস্যাৰ কবলত পৰি একাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতী কিংকৰ্তব্যবিমূঢ় সেই সময়ত স্বাৱলম্বিতাৰে কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে মহিলা গৰাকীয়ে৷ এটা চৰকাৰী চাকৰিৰে কৰ্মসংস্থাপনৰ শেষ আশাত যুৱ প্ৰজন্মই যি সময়ত জীৱনৰ আধা বয়স পাৰ কৰিছে ,সেই সময়ত নিবনুৱা সকলৰ বাবে আদৰ্শৰ প্ৰতীক হিছাপে চিহ্নিত হৈছে চামগুৰিৰ ৰেনু মহন্ত নাম অত্যুৎসাহী মহিলা গৰাকী। নিজে এগৰাকী স্নাতক ডিগ্ৰীধাৰী মহিলা হোৱাৰ পিছতো কোনো ধৰণৰ চৰকাৰী কৰ্মসংস্থাপনলৈ আশা নকৰি ঘৰতে ২০১১ চনত স্থাপন কৰিছিল এটা খাদ্য প্ৰস্তুতকৰণ কাৰখানা । প্ৰথম অৱস্থাত জাম ,জেলি,আঁচাৰ প্ৰস্তুতকৰণেৰে ব্যৱসায় আৰম্ভ কৰা ৰেণু মহন্ত এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চিনাকী নাম হিছাপে পৰিচিত হৈছে।পোন প্ৰথমতে বাৰশ টকাৰে এটা প্ৰয়োজনীয় মেচিন কিনাৰ লগতে হাতত দুশ টকা মূলধন লৈ নিজকে সংস্থাপিত কৰিব পাৰিম বুলি দৃঢ় সংকল্প লোৱা ৰেনু মহন্ত ক্ৰমান্বয়ে আগবাঢ়ি গ’ল।

স্বামী অঞ্জণজ্যোতি মহন্তকে ধৰি মাতৃ আৰু পৰিয়ালৰ সকলো সদস্যৰ যৌথ প্ৰচেষ্টাত আগবাঢ়িল ৰেনু মহন্ত।বিশেষকৈ এজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলা বা পত্নী থাকে বুলি কোৱা হয় যদিও ৰেনু মহন্ত তাৰ বিপৰীত।তেওঁৰ এই সফলতাৰ আঁৰত পৰিয়ালৰ লগতে তেওঁৰ স্বামী অঞ্জণজ্যোতি মহন্ত উল্লেখযোগ্য।সকলো সময়তে সফলতাৰ সমভাগী হোৱা স্বামী আৰু পৰিয়ালৰ সদস্যৰ সহযোগত ২০১৯ চনত ৰেনু মহন্তই তেওঁ চামগুৰিৰ ঘৰৰ সন্মুখত স্থাপন কৰিলে কুঁহি টি বাৰ নামৰ এখন ৰেষ্টুৰেন্ট। বিশেষকৈ অতি সু স্বাদু চাহৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী পোৱা ৰেষ্টুৰেন্ট খন অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিল।ৰেষ্টুৰেন্টলৈ অহা প্ৰতিজন গ্ৰাহকক সুন্দৰ ব্যৱহাৰ কৰা আৰু খাদ্যৰ মাণদণ্ড অতি উন্নত হোৱাৰ বাবে বিদেশতো জনপ্ৰিয় হৈ পৰিল কুঁহি টি বাৰ।ফান্স,জাৰ্মানী,চুইজাৰলেণ্ড,নাইজেৰিয়াৰ পৰা অহা পৰ্য্যটকৰ মুখত মাজে মাজে শুনা গ’ল কুহি টি বাৰৰ জয়গান। এইয়া এগৰাকী অসমীয়া মহিলাৰ সফল যাত্ৰাৰ এক সুকীয়া পৰিচয়।বৰ্তমান সময়ত চাহৰ উপৰিও ভাত ,পৰঠা, পুৰি সবজীৰ উপৰিও  সু স্বাদু মিঠাই এই কুঁহি টি বাৰৰ পৰিচয়। ইফালে ৰেষ্টুৰেন্ট ব্যৱসায়ৰ উপৰিও কুঁহি টি বাৰত বিক্ৰী হয় পঞ্চাশ বিধ চাহপাত ২৫ বিধ আচাৰকে ধৰি পিঠা ,লাৰু,অসমীয়া জলপান। ইফালে কুঁহি টি বাৰৰ এক আকৰ্ষণীয় খাদ্য হ’ল তিলৰ ৰঙা পিঠা।এই তিল পিঠা অকল যে বিহুৰ সময়ত উপলব্দ এনে নহয় এই পিঠা সকলো সময়তে উপলব্ধ। এই পিঠাৰ জনপ্ৰিয়তা ইমানেই বেছি যে বিভিন্ন সময়ত খাদ্য খাবলৈ অহা বিদেশী পৰ্য্যটকে এই পিঠা কেনেকৈ তৈয়াৰ কৰে তাৰ প্ৰশিক্ষণ লৈ অসমৰ মহিলাই প্ৰস্তুত কৰা তিল পিঠা বনোৱা পদ্ধতি দেশৰ বাহিৰলৈ কঢ়িয়াই লৈ গৈছে।বৰ্তমান সময়ত ৰেনু মহন্তই নিজে সংস্থাপিত হোৱাৰ উপৰিও আন ত্ৰিশ গৰাকী মহিলাক সংস্থাপিত কৰিছে।বহু কেইগৰাকী মহিলাই ৰেনু মহন্তৰ লগত যদি কুঁহি টি বাৰত কাম কৰিছে আন সকলে আকৌ নিজৰ ঘৰতে সামগ্ৰী প্ৰস্তুত কৰি যোগান ধৰিছে।ইয়াৰ উপৰি কেইবাজনো যুৱক পৰোক্ষ আৰু পত্যক্ষভাৱে কুঁহি টি বাৰত সংস্থাপিত হৈছে।

এনেদৰে সফলতাৰ ধ্বজা উৰুৱাই ৰেনু মহন্তই এইবাৰ আৰম্ভ কৰিলে কুঁহি ল’জ। অতি কম মূল্যত থকা খোৱাৰ সুন্দৰ সুবিধা লাভ কৰিব পৰা এই ল’জৰ আজি শুভ উদ্বোধন কৰে অসম ৰাজ্যিক জীৱিকা অভিযান মিচনৰ মিচন সঞ্চালিকা মচন্দা পাৰ্টিনে। কুঁহি টি বাৰত আহি উপস্থিত হোৱা মিচন সঞ্চালিকা গৰাকীয়ে নিজে ফিটা কাটি শুভ উদ্বোধন কৰা ল’জত সকলো সুবিধা উপলব্ধ বুলি উল্লেখ কৰে ৰেনু মহন্তই। ইফালে এগৰাকী উদ্যমী মহিলাই  সফলতাৰ উচ্চ শিখৰত উপনীত হোৱাৰ ক্ষেত্ৰত মিচন সঞ্চালিকা গৰাকীয়ে কৰিব লগা সকলো সহায় কৰি যাব বুলি উল্লেখ কৰে। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া অনন্ত গগৈ আৰু কেইবাজনো বিভাগীয় বিষয় ববীয়া উপস্থিত থাকে।

‘মই এজন আৰ এছ এছৰ সদস্য! উভতি যাবলৈ সাজু, বিদায় পৰত ক’লে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ চিত্তৰঞ্জন দাসে…

বিদায় পৰত এক বিশেষ কথা প্ৰকাশ কৰিলে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ চিত্তৰঞ্জন দাসে। কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ চিত্ত ৰঞ্জন দাসে তেওঁৰ বিদায় ভাষণত কয় যে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। বিদায় অনুষ্ঠানত ভাষণ দি ন্যায়াধীশ দাসে কয় যে যদি তেওঁক যিকোনো সহায় বা কামৰ বাবে তেওঁক মাতে তেন্তে তেওঁ “সংগঠনলৈ ঘূৰি যাবলৈ সাজু” আছে।তেওঁ কয় “মই স্বীকাৰ কৰিব লাগিব যে মই আৰএছএছৰ এজন সদস্য আছিলো” উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ১৪ বছৰতকৈও অধিক সময় কাৰ্যনিৰ্বাহ কৰাৰ পিছত ন্যায়াধীশ দাসক ওড়িশা উচ্চ ন্যায়ালয়ৰ পৰা কলিকতা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। দাসে কয় “মই সংগঠনটোৰ ওচৰত বহুত ঋণী… মই মোৰ শৈশৱৰ পৰা আৰু মোৰ যৌৱনকালতো তাত আছিলো,”। তেওঁ কয়, “মই সাহসী, পোন হ’বলৈ শিকিছোঁ আৰু আনৰ বাবে আৰু সৰ্বোপৰি দেশপ্ৰেমৰ অনুভূতি তথা কামৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।

“ন্যায়াধীশ দাসে কয় যে তেওঁ নিজৰ পেছাৰ বাবে প্ৰায় ৩৭ বছৰ ধৰি সংগঠনটোৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। তেওঁ লগতে কয়, “মই কেতিয়াও মোৰ কেৰিয়াৰৰ উন্নতিৰ বাবে সংগঠনটোৰ সদস্য পদ ব্যৱহাৰ কৰা নাই , কিয়নো ই সংগঠনটোৰ নীতিৰ বিৰোধী।” ন্যায়াধীশ দাসে কয় যে তেওঁ সকলোকে সমানে ব্যৱহাৰ কৰিছিল, তেওঁলোক ধনীয়েই হওঁক বা দৰিদ্ৰই হওঁক, কমিউনিষ্টেই হওঁক, বিজেপি, কংগ্ৰেছ, বা টিএমচি (তৃণমূল কংগ্ৰেছ)য়েই হওঁক। সকলো মোৰ আগত সমান, মই কাৰো বাবে বা কোনো নিৰ্দিষ্ট ৰাজনৈতিক দৰ্শন বা প্ৰণালীৰ বাবে কোনো পক্ষপাতিত্ব নকৰোঁ”। তেওঁ লগতে কয় যে তেওঁ সহানুভূতিৰ নীতিৰ আধাৰত ন্যায় প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কয় যে যদি আৰএছএছে তেওঁক কোনো কামৰ বাবে মাতে তেন্তে তেওঁ সেয়া কৰিবলৈ সক্ষম হৈ আছে আৰু “সংগঠনলৈ ঘূৰি যাবলৈ সাজু” হৈ আছে। যিহেতু মই মোৰ জীৱনত একো ভুল কৰা নাই, মই আৰএছএছৰ সদস্য বুলি বুলি কোৱাৰ সাহস আছে, কিয়নো সেয়াও ভুল নহয়,”ষ তেওঁ কয় যে যদি তেওঁ এজন ভাল ব্যক্তি হয়, তেন্তে তেওঁ বেয়া সংগঠনৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰে।

১৯৬২ চনত তেতিয়াৰ উৰিষ্যাৰ চোনেপুৰত দাসৰ জন্ম হৈছিল। তেওঁ উললুণ্ডাৰ বিদ্যালয়ত পঢ়িছিল আৰু ১৯৮৫ চনত কটকৰ পৰা আইনত স্নাতক হোৱাৰ আগতে ঢেঙ্কানাল আৰু ভুৱনেশ্বৰত শিক্ষা গ্ৰহণ কৰিছিল। কলিকতা উচ্চ ন্যায়ালয়ৰ ৱেবছাইট অনুসৰি তেওঁ ১৯৮৬ চনত এজন অধিবক্তা হিচাবে যোগদান কৰিছিল আৰু ১৯৯২ চনত ৰাজ্য চৰকাৰৰ অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্ত হৈছিল আৰু সেই পদত তেওঁ ১৯৯৪ চনলৈকে অধিষ্ঠিত আছিল। তেওঁ উৰিষ্যা চুপিৰিয়ৰ জুডিচিয়েল চাৰ্ভিচ (ছিনিয়ৰ ব্ৰাঞ্চ)ত পোনপটীয়াকৈ নিযুক্তি লাভ কৰিছিল। ২০০৯ চনৰ অক্টোবৰ মাহত তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হয়। দাসে ২০ জুন, ২০২২ত ন্যায়াধীশ হিচাপে কলিকতা উচ্চ ন্যায়ালয়ত যোগদান কৰিছিল।

প্ৰভু জগন্নাথো মোদীৰ একান্ত ভক্ত! জগন্নাথক লঘু কৰি অনুতপ্ত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ, থাকিব তিনিদিন উপবাসে…

ভগৱান জগন্নাথকলৈ মন্তব্য কৰি এতিয়া পাকত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ তথা পুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী সম্বিত পাত্ৰ। মঙলবাৰে তেওঁ “জিভা পিছলি ” কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে। তেনে ভুলৰ সংশোধনৰ বাবে তেওঁ তিনিদিনীয়া উপবাস পালন কৰিব বুলিও ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বতে টুইটাৰ)ৰ জৰিয়তে পাত্ৰই কয়, “জিভা পিছলি যোৱাৰ বাবে কৰা অনিচ্ছাকৃত মন্তব্যৰ বাবে অনুতাপ কৰিবলৈ মই তিনি দিনৰ বাবে উপবাস পালন কৰিম,”। পাত্ৰই লগতে কয়, “মহাপ্ৰভু শ্ৰী জগন্নাথ সন্দৰ্ভত কৰা মোৰ মন্তব্যৰ বাবে মই গভীৰভাৱে দুঃখিত। মই মহাপ্ৰভু শ্ৰী জগন্নাথৰ ভৰিত পৰি নমস্কাৰ জনাইছো আৰু ক্ষমা বিচাৰিছো,”। সোমবাৰে এটা স্থানীয় দূৰদৰ্শন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত পাত্ৰই কৈছিল যে ভগৱান জগন্নাথো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভক্ত। পাত্ৰৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। শাসনাধিষ্ঠিত বিজু জনতা দলে (বিজেডি) ইয়াক ভগৱান জগন্নাথৰ অপমান বুলি কৈছিল।

বিজেডিয়ে কয় “প্ৰভু হৈছে ওড়িয়া অস্মিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতীক। মহাপ্ৰভুক এজন মানুহৰ ভক্ত বুলি কোৱাটো গ্ৰহণযোগ্য নহয়। বিজেপিৰ পুৰী লোকসভাৰ প্ৰাৰ্থীয়ে দিয়া মন্তব্যক তীব্ৰ গৰিহণা দিছো, আৰু বিজেপিক প্ৰভুক সকলো ৰাজনৈতিক আলোচনাৰ উৰ্ধত ৰাখিবলৈ অনুৰোধ জনাইছো। বিজেপিয়ে ওড়িয়া অস্মিতাক গভীৰভাৱে আঘাত কৰিছে, আৰু ইয়াক ওড়িশাৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি মনত ৰাখিব তথা নিন্দা কৰিব,”।পাত্ৰৰ মন্তব্যক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও গৰিহণা দিছে।

মোদীৰ মুখত পুৰীৰ ৰত্ন ভাণ্ডাৰৰ প্ৰসংগ, কি আছে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰত…

প্ৰধানমন্ত্ৰী মোদীৰ মুখত পুৰীৰ ৰত্ন ভাণ্ডাৰৰ প্ৰসংগ। নিৰ্বাচনী প্ৰচাৰৰ সময়তে মোদীয়ে ক’লে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ কথা।জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ খুলিব নোৱাৰাৰ প্ৰসংগত মোদীয়ে মন্তব্য কৰা দেখা গ’ল। জগন্নাথ মন্দিৰৰ গোপন ৰত্নভাণ্ডাৰত সাতটা কোঠা আছে। সেই কোঠাবোৰ ঠাহ খাই আছে মূল্যৱান ৰত্ন আৰু গহনাৰে। সেই ৰত্ন আৰু গহণা দ্বাদশ শতিকাৰ বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ ধনভাণ্ডাৰ শেষবাৰৰ বাবে ১৯৭৮ চনত মুকলি কৰা হৈছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত মন্দিৰ কৰ্তৃপক্ষই কৈছিল যে মন্দিৰটোত ১৫০ কিলোগ্ৰাম সোণ আৰু ১৮৪ কিলোগ্ৰাম ৰূপ আছে। ১৯৭০ ৰ দশকৰ শেষৰ ফালে সকলো অলংকাৰ গণনা কৰা হৈছিল। পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ ১৯৭৮ চনত এবাৰ খোলা হৈছিল। ১৯৮৪ চনত জগন্নাথৰ মূৰত থকা গহনা ভাঙি যোৱাৰ পিছত অন্তিমবাৰৰ বাবে ৰত্ন ভাণ্ডাৰ খোলা হৈছিল। সেই সময়ত ৰত্ন ভাণ্ডাৰৰ পৰা পৰা জগন্নাথৰ মুকুটৰ বাবে কিছু সোণ লোৱা হৈছিল। তাৰ পিছত ৰত্ন ভাণ্ডাৰটো খোলাৰ কোনো প্ৰয়োজন হোৱা নাছিল।


ৰত্ন ভাণ্ডাৰত প্ৰায় ১৫০ বিধ সোণৰ অলংকাৰ আছে, যাৰ ভিতৰত আছে জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ সোণৰ মুকুট। ৰত্ন ভাণ্ডাৰত থকা সম্পদৰ তালিকা তৈয়াৰ হোৱাৰ প্ৰায় ১০০ বছৰ পাৰ হৈ গৈছে। অৱশ্যে ইয়াৰ মাজতে অলংকাৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। অলংকাৰৰ সঠিক পৰিমাণ এতিয়া অস্পষ্ট, কিয়নো বহু বছৰ ধৰি ৰত্ন ভাণ্ডাৰত কোনেও প্ৰৱেশ কৰিব পৰা নাই। ৰত্ন ভাণ্ডাৰৰ মাত্ৰ ১০ শতাংশ গহনাহে ভগৱান জগন্নাথক পৰিধান কৰোৱা হৈছে। ২০১৮ চনত ওড়িশা উচ্চ ন্যায়ালয়ে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)বিভাগক ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খুলি ৰত্ন ভাণ্ডাৰৰ মজিয়া, চাল আৰু দেৱালৰ অৱস্থা পৰীক্ষা কৰিবলৈ অনুমতি দিছিল। অৱশ্যে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ, ওড়িশা চৰকাৰ আৰু জগন্নাথ মন্দিৰৰ প্ৰতিনিধিসকলে ৰত্ন ভাণ্ডাৰত উপস্থিত হ’ব নোৱাৰিলে। তেতিয়াই জনা গৈছিল যে ৰত্ন ভাণ্ডাৰৰ চাবি হেৰাইছে। পুৰীত ভগৱান জগন্নাথৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰৰ তলা খুলিবলৈ মুঠ ৩ পাত চাবিৰ প্ৰয়োজন। এপাত চাবি গজপতি ৰজাৰ সৈতে, এপাত চাবি মন্দিৰৰ পৰিচালনা সমিতিৰ ওচৰত থাকে।

তৃতীয় চাবিপাত পুৰীৰ জিলা দণ্ডাধীশৰ দায়িত্বত আছে। এই তৃতীয় চাবিপাতেই হেৰাইছে। সেইবাবেই আদালতৰ অনুমতিৰ পিছতো পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খুলিব পৰা হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে তৃতীয় চাবিপাত হেৰুওৱাৰ ৰহস্যৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত ওড়িশাৰ বিজেডি চৰকাৰৰ ভূমিকাকলৈ মোদীয়ে সন্দেহ প্ৰকাশ কৰিছে।

হিটষ্ট্ৰোকঃ গৰমে মাতি অনা মাৰাত্মক বিপদ কিদৰে হাত সাৰিব পাৰিব…

গৰমৰ বাবে নানান বিপত্তি হ’ব পাৰে। সেইবোৰৰ ভিতৰত হিট ষ্ট্ৰোক অন্যতম। হিট ষ্ট্ৰোকত আক্ৰান্ত জনক জৰুৰীকালীনভাবে চিকিৎসা নকৰিলে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেয়ে গৰমৰ দিনতপ্ৰচুৰ পনীয়া বস্তু সেৱন কৰিব লাগে। পপাতল আৰু ঢিলা পোছাক পৰিধান কৰা, সূৰ্যৰ তাপৰ পৰা নিজকে ৰক্ষা কৰা আদি কথাবোৰৰ প্ৰতিও মন দিব লাগে। গৰমৰ দিনত হোৱা তাপ অৱসাদ হৈছে এক মৃদু তাপ-সম্পৰ্কীয় ৰোগ, যি উষ্ণতা বৃদ্ধিৰ ফলত হয় । যেতিয়া কোনো লোকে পৰ্যাপ্ত পানী বা অন্যান্য তৰল নাখায় তেতিয়া এনে অৱসাদ হ’ব পাৰে। গৰমৰ অৱসাদৰ সৰ্বাধিক বিপদাশংকা থকা লোকসকল হৈছে বৃদ্ধ, উচ্চ ৰক্তচাপ থকা লোক, আৰু গৰমত কাম কৰা বা ব্যায়াম কৰা লোক। তাপ অৱসাদৰ ফলত হিট ষ্ট্ৰোক হ’ব পাৰে, ই এক গুৰুতৰ তাপ-সম্পৰ্কীয় ৰোগ। হিট ষ্ট্ৰোক হৈছে যেতিয়া শৰীৰৰ তাপমাত্ৰা দ্ৰুততাৰে বৃদ্ধি হয় আৰু শৰীৰে নিজকে শীতল কৰিব নোৱাৰে। যদি জৰুৰীকালীন চিকিৎসা প্ৰদান কৰা নহয় তেন্তে হিট ষ্ট্ৰোকৰ ফলত মৃত্যু বা স্থায়ী বিকলাঙ্গতাএ হ’ব পাৰে।

হিট ষ্ট্ৰোকৰ পৰা হাত সাৰি থাকিবলৈ এই কেইটা কাম কৰক-

শৰীৰত পানীৰ সমতা বজাই ৰাখক


তাপ প্ৰবাহৰ লগতে প্ৰচণ্ড গৰমৰ সৈতে যুঁজিবলৈ, নিজকে ভালদৰে হাইড্ৰেটেড কৰি ৰখা আৰু শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰা উচিত। খাদ্য তালিকাত পনীয়া খাদ্য অন্তৰ্ভুক্ত কৰাটো অত্যাৱশ্যকীয়। ঘামৰ দ্বাৰা হেৰুওৱা তৰল পূৰণ কৰিবলৈ পৰ্যাপ্ত পানী গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।

সতেজ ফল-মূল, খাদ্য খাওক


সতেজ ফল আৰু পাচলি বাছনি কৰাটো হাইড্ৰেটেড হৈ থকাৰ এক উৎকৃষ্ট উপায়। কিয়নো সেইবোৰ কেৱল পানীৰ পৰিমাণেৰে সমৃদ্ধ নহয়, লগতে অত্যাৱশ্যকীয় পুষ্টিৰেও ভৰা। ভাৰতীয় ৰন্ধনপ্ৰণালীয়ে বিভিন্ন ধৰণৰ খাদ্যবিকল্প প্ৰদান কৰে যিবোৰ গৰমৰ দিনবোৰৰ বাবে আদৰ্শ খাদ্য হ’ব পাৰে।

ঢিলা পোছাক পিন্ধিব


গ্ৰীষ্মৰ মাহবোৰত জীৱনশৈলীৰ সালসলনি কৰাটো গুৰুত্বপূৰ্ণ। অত্যাধিক ঘাম প্ৰতিহত কৰিবলৈ ঢিলা আৰু পাতল ৰঙৰ পোছাক বাছনি কৰিব। পাতল ৰঙৰ কাপোৰ যেনে হাতবিহীন বা ঢিলা হাতৰ পোছাক। আদিয়ে বায়ু সঞ্চালনত সহায় কৰে।

গৰম জাতীয় পানীয় গ্ৰহণ সীমিত কৰক


চাহ, কফি আৰু সুৰা সেৱন সীমিত কৰক। পাতল আহাৰ বাছনি কৰক আৰু সংসাধিত আৰু নিমখীয়া খাদ্যৰ পৰা আঁতৰি থাকক।

গ্ৰীষ্মকালীন আহাৰ


আপোনাৰ আহাৰত তৰমুজ, শাক, বাটাৰমিল্ক, আম, নেমু, দৈ, নাৰিকল আৰু পুদিনা আদিৰ দৰে সতেজ খাদ্য অন্তৰ্ভুক্ত কৰক। আনহাতে, পৰাপক্ষত কফি, আচাৰ, চডা, অত্যাধিক ফলৰ ৰস, সুৰা, উচ্চ নিমখ গ্ৰহণ, মিল্কশ্বেক, ভজা খাদ্য আৰু জাংক ফুড পৰিহাৰ কৰক। গৰমৰ পৰা আহিয়েই লগে লগে গা নুধুব। প্ৰথমে শৰীৰৰ পৰা তাপ বাহিৰ হৈ যাবলৈ দিয়ক, তাৰ পিছতহে গা ধুব।

ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান…

মুম্বাইৰ পিছত এইবাৰ ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত আম্বানী পুত্ৰ অনন্ত আম্বানীৰ দ্বিতীয় প্ৰি-ৱেডিং অনুষ্ঠান। মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহপূৰ্ব অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল মুম্বাইত। সেই অনুষ্ঠানে সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল। মুম্বাইত আয়োজিত এই বৃহৎ অনুষ্ঠানত দেশ আৰু বিদেশৰ চেলিব্ৰিটিসকল উপস্থিত আছিল। আকৌ এবাৰ আম্বানী পৰিয়ালে বিবাহৰ পূৰ্বৰ দ্বিতীয়টো বিশাল অনুষ্ঠান উদযাপন কৰিবলৈ ওলাইছে। কিন্তু এইবাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান দেশৰ মাটিত নহয়, ইটালীত অনুষ্ঠিত হ’ব। জানিব পৰা মতে ২৯ মে’ৰ পৰা ১ জুনলৈ চিচিলিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান অনুষ্ঠিত হ’ব। অৱশ্যে, সকলো অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব। কেমেৰাৰ ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থাকিব।

আম্বানী পৰিয়ালে অতি ঘনিষ্ঠ লোকসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব। লক্ষ্যণীয় যে এই বিবাহপূৰ্ব অনুষ্ঠানৰ পিছত অনন্ত আৰু ৰাধিকাই বিবাহপাশত আৱদ্ধ হ’ব। জনা গৈছে যে মুকেশ আম্বানী আৰু নীতা আম্বানী এই অনুষ্ঠানত উপস্থিত থাকিব। অনন্তৰ ভাতৃ আকাশ আম্বানীয়েও ইটালীৰ উক্ত অনুষ্ঠানত থাকিব । অনুষ্ঠানলৈ মুঠ ৩০০ জন লোকক আমন্ত্ৰণ জনোৱা হ’ব। ভাৰতীয় চেলিব্ৰিটিসকলৰ লগতে বিদেশী তাৰকাসকলো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব। সূত্ৰ অনুসৰি শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক বিবাহপূৰ্ব উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব। চলমান খানো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব।

অনুষ্ঠানটোত ৰণবীৰ-আলিয়া, ৰণবীৰ-দীপিকা, নিক-প্ৰিয়ংকা, সিদ্ধাৰ্থ-কিয়াৰা যুটিও উপস্থিত থাকিব। অৱশ্যে, অনুষ্ঠানত আন কোন কোন বিদেশী তাৰকা উপস্থিত থাকিব সেয়া এতিয়াও জনিব পৰা হোৱা নাই। আম্বানী পৰিয়ালে ইতিমধ্যে এই অনুষ্ঠানৰ আয়োজন আৰম্ভ কৰিছে। জুনৰ আৰম্ভণিতে অনন্ত আৰু ৰাধিকাৰ বিয়া হ’ব বুলি ধাৰণা কৰা হৈছে। বিদেশত প্ৰাক-বিবাহৰ পিছত মুম্বাইত বিয়াখন অনুষ্ঠিত হ’ব।

৪৭ ডিগ্ৰী! অগ্নিকুণ্ডৰ মাজত দিল্লী, ৰেড এলাৰ্ট জাৰি; শীঘ্ৰে ঘোষণা কৰা হ’ব বিদ্যালয়ৰ গৰমৰ বন্ধ…

সকলো অভিলেখ ভংগ কৰি দিল্লীত তাপমাত্ৰাই ৪৭ ডিগ্ৰী চেলচিয়াছৰ ঘৰ অতিক্ৰম কৰিলে। এক কথাত ক’বলৈ গ’লে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী এতিয়া যেন অগ্নিকুণ্ডৰ মাজত আছে। মঙলবাৰে ৰাজধানী চহৰ খনত তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হৈছে। এনে সময়তে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী পাঁচ দিনত দিল্লীত উত্তাপ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে। দিল্লীৰ কিছু অংশত পাৰাস্তম্ভই আজি আকৌ এবাৰ ৪৭ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে।

হিটৱেভৰ বাবেই ৰাষ্ট্ৰীয় ৰাজধানী খনত বিদ্যুতৰ চাহিদা সৰ্বাধিক কৰি তুলিছে। গৰমৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ চৰকাৰে অঞ্চলটোৰ বিদ্যালয়সমূহক গ্ৰীষ্মকালীন বন্ধবোৰ তাৎক্ষণিক ভাবে নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীত যোৱা কেইদিনমানৰ পৰা অধিক গৰম হৈ আহিছে। চহৰ খনত দেওবাৰে তাপমাত্ৰা ৪৪.৪ ডিগ্ৰী চেলচিয়াছ আছিল। শনিবাৰে তাপমাত্ৰা আছিল ৪৩.৬ ডিগ্ৰী চেলচিয়াছ, শুকুৰবাৰে ৪২.৫ ডিগ্ৰী চেলচিয়াছৰ আছিল যদিও মঙলবাৰে তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হয়গৈ । দক্ষিণ-পশ্চিম দিল্লীৰ নজফগড়ত সোমবাৰে তাপমাত্ৰা ৪৭.৪ ডিগ্ৰী চেলচিয়াছ হয়। দেওবাৰে তাত তাপমাত্ৰা আছিল ৪৭.৮ ডিগ্ৰী চেলচিয়াছতকৈ অলপ কম, যি এই ঋতুত এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে।

ইফালে, মুংগেশপুৰত ৪৭.১ ডিগ্ৰী, আয়া নগৰত ৪৫.৭ ডিগ্ৰী, পুছাত ৪৬.১ ডিগ্ৰী, পীতাম্পুৰাত ৪৬.৬ ডিগ্ৰী আৰু পালমত ৪৬.৬ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে। এক বিজ্ঞপ্তিত দিল্লীৰ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে যে চলিত শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয় ১১ মে’ৰ পৰা ৩০ জুনলৈ গ্ৰীষ্মকালীন বন্ধ পালন কৰিবলৈ নিৰ্দেশ দিয়া হ’ব। ইপিনে দিল্লীত গৰমৰ বাবে বহু লোক অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে।