Home Blog Page 819

আজি বুদ্ধ পূর্ণিমা, আজিৰ দিনটোত নকৰিব এই সমূহ কাম…

আজি বুদ্ধ পূর্ণিমা। হিন্দু বিশ্বাস অনুসৰি বুদ্ধ হৈছে বিষ্ণুৰ নৱম অৱতাৰ। বিশ্বৰ ভিন্ন প্ৰান্তত আজিৰ দিনটোক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ পবিত্র দিন হিচাপে পালন কৰা হয়।

আজিৰ দিনটোত নকৰিব এই সমূহ কাম-

বৌদ্ধ পুৰ্ণিমাৰ দিনা সুৰাপান নকৰিব। আনহাতে আজিৰ দিনটোত মাছ, মাংসও খাব নালাগে৷

বৌদ্ধ পূৰ্ণিমাৰ দিনা ক’লা বস্তু দান কৰাটো উচিত নহয়৷ কাৰণ এই দিনটোত ক’লা বস্তু দান কৰিলে ৰাহুৰ কু-প্ৰভাৱ বৃদ্ধি পায়৷

বৌদ্ধ পূৰ্ণিমাৰ দিনটোত ক’লা-বগা দুই ৰঙৰ কাপোৰ পিন্ধিব নালাগে৷ এই দিনটোত এই দুই ৰঙৰ কাপোৰ পৰিধান কৰাটো অশুভ বুলি গণ্য কৰা হয়৷

আজিৰ দিনটোত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠজনক কোনো ধৰণৰ অপব্যৱহাৰ বা অপমান কৰিব নালাগে৷

অনুশীলনৰ পৰা বিৰতঃ আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ সঁচাকৈয়ে আহিছিলনে ভাবুকি!

আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ ভাবুকি অহা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে দেশজুৰি হৈ চৈ লাগে। বাতৰিত কোৱা হৈছিল যে নিৰাপত্তাৰ খাতিৰতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে নকআউট মেচ আৰম্ভ হোৱাৰ পূৰ্বে একমাত্ৰ অনুশীলন বাতিল কৰিবলগীয়া হৈছে। বাংলা সংবাদমাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি বিৰাট কোহলীৰ নিৰাপত্তাক লৈ এই সমস্যাৰ উদ্ভৱ হোৱাত আৰ চি বিয়ে অনুশীলন ত্যাগ কৰে। বুধবাৰে এলিমিনেটৰৰ পূৰ্বে মঙলবাৰে আহমেদাবাদৰ গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰিবলগীয়া আছিল যদিও সূচী অনুসৰি আগবাঢ়িব নোৱাৰিলে।

এবিপিৰ প্ৰতিবেদন অনুসৰি গুজৰাট আৰক্ষীয়ে ইংগিত দিয়ে যে অনুশীলন অধিবেশন আৰু সংবাদমেল বাতিলৰ আঁৰৰ প্ৰধান কাৰণ বিৰাটৰ নিৰাপত্তা। লগতে আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত আহমেদাবাদৰ পৰা ৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এতিয়া টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ এজন শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি উন্মোচিত হোৱা কাণ্ডসমূহৰ এক বেলেগ সংস্কৰণ দিয়া হৈছে। “কোনো সন্ত্ৰাসৰ ভাবুকি নাছিল। আমি ৰাজস্থান ৰয়েলছ আৰু আৰ চি বি দুয়োটা দলে গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰ চি বিয়ে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ অনুশীলন কৰাৰ কথা আছিল, তাৰ আগতে তেওঁলোকে ৩-৬ বজালৈ সলনি কৰিছিল, কিয়নো পোহৰ ভাল আছিল৷ আহমেদাবাদত গ্ৰীষ্মকালত সন্ধিয়া ৬.৩০ বজালৈকে। অৱশ্যে ৰাজস্থান ৰয়েলছে সন্ধিয়া ৩.৩০ৰ পৰা ৬.৩০ বজালৈ গুজৰাট কলেজ খেলপথাৰত নিজৰ সম্পূৰ্ণ দলৰ সৈতে অনুশীলন কৰে।’-গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ সম্পাদক অনিল পেটেলে এইদৰে কয়।

“আৰচিবিয়ে মহানগৰীত প্ৰচলিত গৰমৰ বাবে তেওঁলোকৰ অনুশীলন অধিবেশন এৰি দিলে। আমি আৰচিবিক কৈছিলোঁ যে তেওঁলোকে তাত থকা ইনড’ৰ প্ৰেকটিছৰ সুবিধা, বা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ইনড’ৰ ফেচিলিটিত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে আৰচিবিয়ে অনুশীলন কৰিব বিচৰা নাছিল গৰমৰ বাবেহে।’’ এই স্পষ্টীকৰণৰ পিছতে বহুতৰে মনত সৃষ্টি হোৱা খুদুৱনি মাৰ গৈছে।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয় কমিতিৰ বৈঠক অনুষ্ঠিত হ’ব! প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই সদৰি কৰে এই কথা…

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয় কমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ বুধবাৰে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে৷ পঞ্চায়ত নিৰ্বাচনেই নহয় নতুন ৰাজনৈতিক সমীকৰণৰো ইংগিত দিছে প্ৰদেশ কংগ্ৰেছ সভাপতিয়ে৷ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কয়ঃ “পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ যিটো মন আমি এইবাৰ আগৰ নিচিনাকৈ প্ৰদেশ কংগ্ৰেছৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিবলৈ বিচাৰিছো৷ আগতে আমাৰ বহু জেগাত বুথ কমিটি নাছিলে৷ আমি ভাবিছো যে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ কোন হ’ব সেয়া অগ্ৰাধিকাৰ ভিত্তিত বুথ কমিটিয়ে ঠিক কৰিব৷

সকলো যদি প্ৰদেশ কংগ্ৰেছত কৰো মণ্ডল কংগ্ৰেছত ক্ষমতা কি থাকিব? আঞ্চলিক পঞ্চায়তৰ সদস্য কোন হ’ব সেয়া মণ্ডল কংগ্ৰেছে সিদ্ধান্ত ল’ব৷ পঞ্চায়তৰ সভাপতি কোন হ’ব সেয়া ব্লক কংগ্ৰেছে সিদ্ধান্ত ল’ব? জিলা কংগ্ৰেছে সিদ্ধান্ত ল’ব জিলা পৰিষদৰ সদস্য কোন হ’ব? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মণিটৰিং যি কাম হ’ব সেয়া উপ-সভাপতি সাধাৰণ সম্পাদক আৰু সম্পাদকসকলে জিলাই জিলাই গৈ কাৰ্যকৰী কৰিব৷” ৪ জুনৰ ফলাফল ওলোৱাৰ ১০ দিনমানৰ পিছতেই পলিটিকেল এফেয়াৰ্চ কমিটিত এই সম্পৰ্কত সিদ্ধান্ত লোৱা হ’ব বুলি ভূপেন বৰাই সদৰি কৰে৷

বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ…

বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ। এটা বাৰ্তা যোগে কটাৰিয়াই কয়, “সকলো শ্ৰেণীৰ জনসাধাৰণলৈ মোৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ।”ৰাজ্যপাল গৰাকীয়ে কয় —“ ভগৱান বুদ্ধ হৈছে মমতা আৰু তেওঁৰ সত্যতাৰ শিক্ষাৰ মূৰ্তি৷ হিংসা, সম্প্ৰীতি আৰু, মানৱতা আৰু সকলো জীৱৰ প্ৰতি প্ৰেম সাৰ্বজনীন আৰু চিৰ- প্ৰাসংগিক”৷


ৰাজ্যপালগৰাকীয়ে লগতে কয় — “ভগৱান বুদ্ধৰ শিক্ষাই ব্যক্তিক তেওঁলোকৰ প্ৰকৃত স্বৰূপৰ প্ৰতি জাগ্ৰত কৰাৰ শক্তি আছে আৰু মানৱতাৰ বাবে ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে”। গৌতম বুদ্ধৰ কথা উল্লেখ কৰি ৰাজ্যপালে কয় যে গৌতম বুদ্ধৰ শিক্ষা অনুসৰণ কৰিলে আধ্যাত্মিক সমৃদ্ধি লাভ কৰিব পাৰি যিয়ে সুখলৈ লৈ যায়। ৰাজ্যপালগৰাকীয়ে লগতে কয় যে ভগৱান বুদ্ধৰ উত্তৰাধিকাৰ প্ৰজন্ম আৰু সংস্কৃতিৰ মাজত অনুৰণন হৈয়েই আছে, যিয়ে সকলো সত্যৰ সন্ধানকাৰীৰ বাবে আশা আৰু পথ প্ৰদৰ্শনৰ ৰেখা হিচাপে কাম কৰি আছে।

ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিয়াছউদ্দিন আহমেদক তেঁওৰ সমাজ জীৱনলৈ আগবঢ়োৱা জীৱনযোৰা অৰিহনাক শ্ৰদ্ধাৰে সোঁৱৰি ‘অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ প্ৰদান…

উত্তৰ পৃৰ্বাঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাৰ উদ্যোগত ধুবুৰী সাহিত্য সভা ভৱন প্ৰাঙ্গণত অনুপ্ৰেৰণা ধুবুৰী শাখা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখাৰ সহযোগত বিশিষ্ঠ জ্যেষ্ঠ অধিবক্তা তথা এসময়ৰ জনপ্ৰিয় ক্ৰীড়াবিদ তথা ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিয়াছউদ্দিন আহমেদক তেঁওৰ সমাজ জীৱনলৈ আগবঢ়োৱা জীৱনযোৰা অৰিহনাক শ্ৰদ্ধাৰে সোঁৱৰি’ অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ প্ৰদান কৰা হয়। মঙলবাৰে সন্ধিয়া ৬ বজাত ধুবুৰী সাহিত্য সভা ভৱন প্ৰাঙ্গণত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত সভাপতিত্ব কৰে ধুবুৰী সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। বঁটাত প্ৰদান কৰা হয় এটা ফুলাম জাপী, এখন চেলেং এখন মুগা গামোচা, শ’ৰাই লগতে এখন আটকধুনীয়া মানপত্ৰ। বঁটা প্ৰদান কৰে জিলা সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অপুপ্ৰেৰণা’ ৰ প্ৰতিষ্ঠাপক তথা দেওবৰীয়া বাৰ্তা ৰ মুখ্য সম্পাদক দীপজ্যোতি শইকীয়াই বিগত বছৰবোৰত অনুপ্ৰেৰণাই কৰি অহা কিছু কামৰ খতিয়ান দাঙি ধৰে।

অনুপ্ৰেৰনা ধুবুৰী শাখাৰ সভানেত্ৰী চুলতানা চেলিমা আহমেদে আঁতধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন লগতে গুৰুবন্দনাৰে সভাৰ সৌষ্ঠৱ বঢ়ায় বিশিষ্ঠ গায়িকা মিতালী চক্ৰৱৰ্তী আৰু তেঁওৰ সংগীবৃন্দই। অনুষ্ঠানত ধুবুৰী সাহিত্য সভাৰ সম্পাদক জাকিৰ হুছেইন, গদাধৰ কবি চক্ৰৰ সভাপতি সৰ্বেশ্বৰ কলিতা, ধুবুৰী মহিলা সমিতিৰ সভানেত্ৰী হিমাদ্ৰী বৰুৱা, বিশিষ্ঠ সমাজ সেৱিকা ইৰামনী বৰা, ড° লাবন্য ভকত, আহিদ খান, মানস চক্ৰৱৰ্তী, ধুবুৰী সাহিত সভাৰ প্ৰাক্তন সভাপতি লুৎফুৰ ৰহমানকে ধৰি সাংবাদিক যথাক্ৰমে আছিকুৰ ৰহমান, প্ৰনৱশীষ ৰয় , তাপস চৰকাৰ , ছেলিম শ্বেখ,আদি বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিতালী চক্ৰৱৰ্তী, অৰ্পনা ঘোষ, তিলোত্তমা ৰাভাৰ গীত পৰিবেশনে সভাৰ সৌষ্ঠৱ বঢ়ায়। অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ বঁটা বিজয়ী গিয়াছউদ্দিন আহমেদৰ পৰিয়াল বৰ্গহৈ তেঁওৰ কন্যা ডা: মুছকুৰা আহমেদে দেউতাকৰ বহু অপ্ৰকিশিত কাহিনীৰে নিজৰ মনৰ কথা ব্যক্ত কৰে।

সদ্যপ্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ ৰঙিয়াৰ বাসগৃহত শ্ৰদ্ধাৰ্ঘ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

সদ্যপ্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ ৰঙিয়াৰ বাসগৃহত শ্ৰদ্ধাৰ্ঘ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী, বিশিষ্ট সমাজসেৱী, অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি সদ্যপ্ৰয়াত থানেশ্বৰ বড়োৰ ৰঙিয়াস্থিত বাসগৃহত বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সোণোৱালে উল্লেখ কৰে, “শ্ৰদ্ধাৰ থানেশ্বৰ বড়ো ডাঙৰীয়াৰ সৰলতা, নিষ্ঠাপূৰ্ণ ৰাজনৈতিক জীৱন আৰু কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰি ৰাখিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ওম শান্তি।”

গ্ৰীষ্ম প্ৰবাহে জোকাৰি গৈছে ৰাজস্থানক! চুৰু জিলাৰ গৰম বালিত পাপৰ সেকিছে জোৱানে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পেজত আপলোড কৰিলে বালিত পাপৰ সেকাৰ ভিডিঅ’…

দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত এতিয়াগৰমে ভয়াৱহ পৰ্যায়লৈ গতি কৰিছে। বহু কেইখন ৰাজ্যত তাপমাত্ৰাই ৪৭ ডিগ্ৰীৰ ঘৰ চেৰাই গৈছে। মৰুৰ ৰাজ্য ৰাজস্থানতো গৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজস্থানত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিছে যে গৰম বালিত এতিয়া অনায়াসে পাপৰ সেকিব পৰা হৈছে। শেহতীয়াকৈ তেনে এক ভিডিঅ’ই বহুতৰে চকু থৰ লগাইছে। ৰাজস্থানৰ উত্তপ্ত হৈ পৰা বালিত এজন সেনা জোৱানে পাপৰ সেকাৰ দৃশ্য দেখি বহুতেই অনুমান কৰিব পাৰিছে ৰাজ্য খন কিমান গৰম হ’ব পাৰে। লক্ষ্যণীয় কথাটো হ’ল বুধবাৰে ৰাজস্থানৰ চুৰু জিলাত সৰ্বোচ্চ তাপমাত্ৰা হৈছেগৈ ৫০.৮ ডিগ্ৰী ছেলছিয়াছ।

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ গ্ৰাসত পৰা চুৰু জিলাৰ বালিতেই এজন সেনা জোৱানে পাপৰ সেকিলে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০১০ চনৰ পিছত লিত বৰ্ষত ৰাজ্য খনত সৰ্বাধিক তাপমাত্ৰা হৈছে। গৰমৰ এনে দিনবোৰত ৰাজস্থানত মৰুভূমিৰ পৰা লু নামৰ এক বতাহ বয়। লুৰ প্ৰভাৱত শৰীৰত ঘাঁ লগাৰ লগতে মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেইবাবেই গৰমৰ দিনবোৰত ৰাজস্থানৰ সীমান্তত পহৰাৰত সেনা জোৱানসকলক প্ৰচুৰ পৰিমাণে কেঁচা পিঁয়াজ আৰু গোল নেমু খাবলৈ পৰামৰ্শ দিয়া হয়। বহুতৰে মতে কেঁচা পিঁয়াজ আৰু গোল নেমুৱে শৰীৰত লুৰ প্ৰভাৱ ভালেখিনি হ্ৰাস কৰে। জোৱানে ৰাজস্থানৰ বালিত পাপৰ সেকাৰ ভিডিঅ’ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত আপলোড কৰিছে।

তলি ফুটা দুখলপীয়া জাহাজেৰে নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ প্ৰচেষ্টা


লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত আজি পুৱাই এখন কোটি টকীয়া জাহাজ ডুব যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে আজি এই দুৰ্ঘটনাটোত নাওখনত শুই থকা ১১ জনকৈ লোকৰ কোনোমতেহে জীৱন ৰক্ষা পৰে৷ ইফালে আজি পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত অত্যাধুনিক যন্ত্ৰৰ সহায়ত সোৱণশিৰিত ডুবন্ত জাহাজখন উদ্ধাৰৰ বাবে ‘অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে’ প্ৰাণপণে চেষ্টা কৰিছে যদিও সন্ধিয়া পৰ্যন্ত জাহাজখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ ঘাগৰ-ঘূনাসুঁতি ঘাটত যোৱা নৱেম্বৰ মাহৰ পৰা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে ৩৮০ কোটি টকীয়া পকী দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ চলাই আহিছে আৰু সেই কামৰ বাবে বিগত প্ৰায় চাৰিদিনমানৰ পূৰ্বে গুৱাহাটীৰ পৰা কোটিটকীয়া ‘এম টি বীৰদত্ত’ নামৰ যন্ত্ৰচালিত জাহাজখন নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ বাবে ঘূনাসুঁতি ঘাঁটলৈ অনা হয়৷

সেইমৰ্মে প্ৰায় চাৰিদিন পূৰ্বে ঘূনাসুঁতি ঘাটত আহি পোৱা ‘এম টি বীৰদত্ত’ই সোৱণশিৰি নদীত পাইচাৰী কৰাৰ পিছত যোৱানিশা ঘাগৰঘাটত ৰাখি থোৱাৰ সময়তে এই বৃহৎ দুখলপীয়া জাহাজখন আজি কাহিলিপুৱাতে সোৱণশিৰি নদীত সম্পূৰ্ণৰূপে ডুব যায়৷ খবৰ অনুসৰি কোটি কোটি টকীয়া এই জাহাজখনৰ তলভাগত ফুটা থকাৰ বাবেই উক্ত ফুটাৰে পানী সোমাই আজি পুৱা ৬.৩০ মান বজাত জাহাজখন সোৱণশিৰিত ডুব যায়৷ এই ঘটনাৰ পিছতে মহাইজান অঞ্চলত হুৱাদুৱাৰ সৃষ্টি হয় যদিও দৈৱ্যক্ৰমে জাহাজখনত শুই থকা ১১ জন কৰ্মচাৰী মৃত্যুৰ পৰা ৰক্ষা পৰে৷ এই ঘটনাৰ পিছতে কোম্পানীটোৱে বিভিন্ন সা সৰঞ্জাম সহায়ত জাহাজখন উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে যদিও আজি সন্ধিয়া পৰ্যন্ত জাহাজখন সামান্য পৰিমাণেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়াও জাহাজখন সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা নাই৷ উক্ত দুখলপীয়া জাহাজখন ঘাগৰ-ঘূনাসুঁতি ঘাটত নিৰ্মীয়মান পকী দলঙৰ সামগ্ৰী নদীৰ বুকুত সৰবৰাহৰ বাবেই কোম্পানীটোৱে লীজত অনা বুলি এক সূত্ৰই সদৰি কৰিছে৷ উল্লেখ্য যে ২০২৩ বৰ্ষতে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা সোৱণশিৰি নদীৰ ঘাগৰ ঘূনাসুঁতি ঘাটৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য এতিয়াও অতি লেহেমীয়া গতিতে আছে৷ অসম মালাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা দলংখনৰ মুঠ ৪১ টা খুটাৰ ভিতৰত ৬ খুটাহে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এটা খুটাও এই পৰ্যন্ত সম্পূৰ্ণ কৰিব পৰা নাই ‘অনুপম প্ৰাইভেট লিমিটেড’ নামৰ কোম্পানীটোৱে৷

দাড়ি বঢ়াবলৈ গৈ বিপদ বাঢ়িল কলিয়াবৰৰ অজয়

অনলাইন শ্ব’পিং কৰোঁতে সাৱধান নহ’লে উদং হ’ব আপোনাৰ সাঁচতীয়া ধন

ফেচবুকত অহা বিজ্ঞাপনত ভোল গৈ অনলাইন যোগে সামগ্ৰী ক্ৰয় কৰি এতিয়া বিপদত পৰিছে কলিয়াবৰৰ এজন যুৱক। বিজ্ঞাপনত দেখুওৱা মূল্যও বেলেগ আনহাতে গ্ৰাহকৰ ওচৰ পাওঁতে সামগ্ৰীৰ মূল্য হৈছে আকাশলঙ্ঘী। অনলাইনৰ পৰা দাড়িত সনা তেল ক্ৰয় কৰি এতিয়া মূৰৰ কামোৰণি হৈছে শিলঘাটৰ অজয় মণ্ডলৰ।
ফেচবুকত বিজ্ঞাপন দেখি তেল অৰ্ডাৰ দিছিল অজয়ে।কিন্তু কিছুসময় পাছতে বিজ্ঞাপনটো ৰিম’ভ হয়।

প্ৰায় এমাহৰ পাছত সামগ্ৰী আহি পালে অজয়ৰ ঘৰ। কিন্তু ৬৯০ টকাৰ মূল্যৰ তেল হ’লগৈ ৩ হাজাৰৰো অধিক। বিপদত পৰি এতিয়া শিলঘাট আৰক্ষীৰ কাষ চাপিছে অজয় মণ্ডল। ভূৱা প্ৰতিষ্ঠান বুলি জ্ঞাত হোৱাৰ পাছতে অজয়ে বিজ্ঞাপনটোৰ ৰিভিও চাই হতবাক হৈ পৰিছে¸ কিয়নো অধিকাংশ গ্ৰাহকৰ লগতেই ভুৱা প্ৰতিষ্ঠানটোৱে ঠগবাজী কৰি সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ দিছে। প্ৰতিষ্ঠানটো বিজ্ঞাপনত থকা গ্ৰাহক সেৱাৰ ফোন নম্বৰলৈ ফোন কৰিও আৱাসত হয় অজয়। অজয়ে ফোনত যিজন ব্যক্তিৰ লগত কথা পাতিছিল, তেওঁ সেই প্ৰতিষ্ঠানটোৰ এনেধৰণৰ থগবিজীত অতিষ্ঠ সেই প্ৰতিষ্ঠানটো এৰি আহিছে বুলি কোৱাৰ লগতে অজয়ক প্ৰতিষ্ঠিতটোৰ বিৰুদ্ধে পুলিচৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে। ব্যক্তিজনৰে হোৱা বাৰ্তালাপৰ বিষয়ে অজয় মণ্ডলে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

এখন নতুন অসমীয়া ছবিৰ প্ৰযোজক -পৰিচালক অভিনেতা-অভিনেত্ৰী কলাকুশলী একত্ৰিত হ’ল আজি গুৱাহাটী প্ৰেছ ক্লাৱত৷ অহা ২৪ মে’ শুকুৰবাৰে সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত শুভমুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি৷ সেই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ প্ৰযোজক- পৰিচালক আৰু ছবিখনত অভিনয় কৰা শিল্পীসকলৰ লগতে অন্যান্য কলাকুশলীসকলে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কামনা কৰে৷


আজিৰ সংবাদ মেলত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,প্লাৱিতা বৰঠাকুৰ ,সিদ্ধাৰ্থ কাশ্যপ,সংগীত শিল্পী ৰূপম ভূঞা । আদি উপস্থিত থাকে৷মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মিত প্ৰতিশ্ৰুতি ছবিখন ড্ৰাগচৰ অন্ধকাৰ জগতৰ পটভূমিত এদল সাহসী আইন ৰক্ষকৰ ন্যায় যুঁজৰ কাহিনীৰে আগবঢ়াই নিয়া হৈছে৷ প্ৰতিশ্ৰুতি চলচ্চিত্ৰখনৰ কাহিনী আৰু সহ পৰিচালনা ৰাতুল চন্দ্ৰ বৰুৱাৰ৷চিত্ৰগ্ৰহণ কৰিছে সূৰুয ডেকা,সুমন দুৱৰা আৰু উত্তম কলিতাই৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক সমৰ জ্যোতি সৰকাৰ৷ ছবিখনৰ চিত্ৰনাট্য -সংলাপ যুটীয়াভাৱে লিখিছে কিশোৰ তহবিলদাৰ আৰু ৰাতুল বৰুৱাই৷ ছবিখনত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ ,বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী,প্লাৱিতা বৰঠাকুৰ,সিদ্বাৰ্থ কাশ্যপ ,ৰূপম বৰুৱা,গীতাৱলী ৰাজকুমাৰী,স্নিগ্ধা ৰাণী বৰুৱা,শিৱৰঞ্জনী বৰুৱা,প্ৰিয়ানুজ বৰুৱা৷অতিথি শিল্পী হিচাপে অভিনয় কৰিছে জুবিন গাৰ্গে৷গীত লিখিছে দিগন্ত ভাৰতী আৰু আমৃনা জেৰিয়ানাই৷সংগীত ব্যৱস্থাপনা মানস হাজৰিকাৰ৷

প্ৰযোজনা নিয়ন্ত্ৰক সমীৰ শইকীয়া৷ৰূপসজ্জা আৰু সাজসজ্জা মন্দিতা গোস্বামীৰ৷সম্পাদনা ৰমেন বৰাৰ৷
ভি এফ এক্স ৰাতুল দত্তৰ৷কলা নিৰ্দেশনা শ্যামল ময়ূৰ চেতিয়া আৰু চামিলৰ৷ আৱহ সংগীত সপোন শইকীয়া৷শব্দ সংমিশ্ৰণ সৌভিক ফুকন আৰু নৱপন ডেকা৷এৰিয়েল চিনেমাটোগ্ৰাফী চিৰঞ্জীৱ দত্ত৷

সমৰকলা নিৰ্দেশক বিভাস সিংহ৷ছবিখনৰ সংগীত পৰিচালক ৰাতুল বৰুৱা,পলাশ সূৰ্য্য গগৈ,পৰাণ বৰকটকী,ত্ৰিনয়ন বৰুৱা,আমৃনা জেৰিয়ানা৷
গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,মহালক্ষ্মী আয়াৰ,ৰূপম ভূঞা,ত্ৰিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ শিল্পী অৰিয়ান চেট্‌ছে৷কৰিঅ’গ্ৰাফী হিমানীল কাশ্যপ আৰু ৰাজ দত্তৰ৷
পষ্টাৰ ডিজাইন কৰিছে দীপাংকৰ চহৰীয়াই৷