Home Blog Page 821

ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান…

মুম্বাইৰ পিছত এইবাৰ ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত আম্বানী পুত্ৰ অনন্ত আম্বানীৰ দ্বিতীয় প্ৰি-ৱেডিং অনুষ্ঠান। মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহপূৰ্ব অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল মুম্বাইত। সেই অনুষ্ঠানে সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল। মুম্বাইত আয়োজিত এই বৃহৎ অনুষ্ঠানত দেশ আৰু বিদেশৰ চেলিব্ৰিটিসকল উপস্থিত আছিল। আকৌ এবাৰ আম্বানী পৰিয়ালে বিবাহৰ পূৰ্বৰ দ্বিতীয়টো বিশাল অনুষ্ঠান উদযাপন কৰিবলৈ ওলাইছে। কিন্তু এইবাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান দেশৰ মাটিত নহয়, ইটালীত অনুষ্ঠিত হ’ব। জানিব পৰা মতে ২৯ মে’ৰ পৰা ১ জুনলৈ চিচিলিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান অনুষ্ঠিত হ’ব। অৱশ্যে, সকলো অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব। কেমেৰাৰ ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থাকিব।

আম্বানী পৰিয়ালে অতি ঘনিষ্ঠ লোকসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব। লক্ষ্যণীয় যে এই বিবাহপূৰ্ব অনুষ্ঠানৰ পিছত অনন্ত আৰু ৰাধিকাই বিবাহপাশত আৱদ্ধ হ’ব। জনা গৈছে যে মুকেশ আম্বানী আৰু নীতা আম্বানী এই অনুষ্ঠানত উপস্থিত থাকিব। অনন্তৰ ভাতৃ আকাশ আম্বানীয়েও ইটালীৰ উক্ত অনুষ্ঠানত থাকিব । অনুষ্ঠানলৈ মুঠ ৩০০ জন লোকক আমন্ত্ৰণ জনোৱা হ’ব। ভাৰতীয় চেলিব্ৰিটিসকলৰ লগতে বিদেশী তাৰকাসকলো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব। সূত্ৰ অনুসৰি শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক বিবাহপূৰ্ব উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব। চলমান খানো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব।

অনুষ্ঠানটোত ৰণবীৰ-আলিয়া, ৰণবীৰ-দীপিকা, নিক-প্ৰিয়ংকা, সিদ্ধাৰ্থ-কিয়াৰা যুটিও উপস্থিত থাকিব। অৱশ্যে, অনুষ্ঠানত আন কোন কোন বিদেশী তাৰকা উপস্থিত থাকিব সেয়া এতিয়াও জনিব পৰা হোৱা নাই। আম্বানী পৰিয়ালে ইতিমধ্যে এই অনুষ্ঠানৰ আয়োজন আৰম্ভ কৰিছে। জুনৰ আৰম্ভণিতে অনন্ত আৰু ৰাধিকাৰ বিয়া হ’ব বুলি ধাৰণা কৰা হৈছে। বিদেশত প্ৰাক-বিবাহৰ পিছত মুম্বাইত বিয়াখন অনুষ্ঠিত হ’ব।

৪৭ ডিগ্ৰী! অগ্নিকুণ্ডৰ মাজত দিল্লী, ৰেড এলাৰ্ট জাৰি; শীঘ্ৰে ঘোষণা কৰা হ’ব বিদ্যালয়ৰ গৰমৰ বন্ধ…

সকলো অভিলেখ ভংগ কৰি দিল্লীত তাপমাত্ৰাই ৪৭ ডিগ্ৰী চেলচিয়াছৰ ঘৰ অতিক্ৰম কৰিলে। এক কথাত ক’বলৈ গ’লে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী এতিয়া যেন অগ্নিকুণ্ডৰ মাজত আছে। মঙলবাৰে ৰাজধানী চহৰ খনত তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হৈছে। এনে সময়তে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী পাঁচ দিনত দিল্লীত উত্তাপ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে। দিল্লীৰ কিছু অংশত পাৰাস্তম্ভই আজি আকৌ এবাৰ ৪৭ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে।

হিটৱেভৰ বাবেই ৰাষ্ট্ৰীয় ৰাজধানী খনত বিদ্যুতৰ চাহিদা সৰ্বাধিক কৰি তুলিছে। গৰমৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ চৰকাৰে অঞ্চলটোৰ বিদ্যালয়সমূহক গ্ৰীষ্মকালীন বন্ধবোৰ তাৎক্ষণিক ভাবে নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীত যোৱা কেইদিনমানৰ পৰা অধিক গৰম হৈ আহিছে। চহৰ খনত দেওবাৰে তাপমাত্ৰা ৪৪.৪ ডিগ্ৰী চেলচিয়াছ আছিল। শনিবাৰে তাপমাত্ৰা আছিল ৪৩.৬ ডিগ্ৰী চেলচিয়াছ, শুকুৰবাৰে ৪২.৫ ডিগ্ৰী চেলচিয়াছৰ আছিল যদিও মঙলবাৰে তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হয়গৈ । দক্ষিণ-পশ্চিম দিল্লীৰ নজফগড়ত সোমবাৰে তাপমাত্ৰা ৪৭.৪ ডিগ্ৰী চেলচিয়াছ হয়। দেওবাৰে তাত তাপমাত্ৰা আছিল ৪৭.৮ ডিগ্ৰী চেলচিয়াছতকৈ অলপ কম, যি এই ঋতুত এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে।

ইফালে, মুংগেশপুৰত ৪৭.১ ডিগ্ৰী, আয়া নগৰত ৪৫.৭ ডিগ্ৰী, পুছাত ৪৬.১ ডিগ্ৰী, পীতাম্পুৰাত ৪৬.৬ ডিগ্ৰী আৰু পালমত ৪৬.৬ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে। এক বিজ্ঞপ্তিত দিল্লীৰ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে যে চলিত শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয় ১১ মে’ৰ পৰা ৩০ জুনলৈ গ্ৰীষ্মকালীন বন্ধ পালন কৰিবলৈ নিৰ্দেশ দিয়া হ’ব। ইপিনে দিল্লীত গৰমৰ বাবে বহু লোক অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে।

আজি কিং খানৰ কন্যা তথা অভিনেত্ৰী সুহানা খানৰ জন্মদিন, ২৪ বছৰীয়া জন্মদিনত কোনে কোনে শুভকামনা জনালে সুহানাক…

আজি কিং খানৰ কন্যা তথা অভিনেত্ৰী সুহানা খানৰ জন্মদিন। ২৪ বছৰীয়া হ’ল সুহানা খান। পিতৃ শ্বাহৰুখ খানৰ দৰে চলচ্চিত্ৰ জগতত নাম অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই যদিও সুহানাৰ সৌন্দৰ্য্য দ্বাৰা যথেষ্ট লাইমলাইট লাভ কৰা দেখা গৈছে। চুহানা খানৰ জন্মদিন উপলক্ষে সুহানা খানৰ কিছুমান মৰমলগা ছবি আৰু ২৪ বছৰীয়া জন্মদিনত কোনে কোনে শুভকামনা জনালে জানো আহক-

২০০০ চনৰ ২২ মে’ত জন্মগ্ৰহণ কৰিছিল সুহানা খানে। আজি সুহানাই ২৪ সংখ্যক জন্মদিন পালন কৰিছে। ষ্টাইলিছ লুকেৰে বি-টাউনৰ আন অভিনেত্ৰীক পিছ পেলাইছে সুহানাই।

২৪ বছৰীয়া জন্মদিনত সুহানাক মৰমেৰে বান্ধৱী অনন্যা পাণ্ডেয়ে শুভেচ্ছা জনালে-

পৰম্পৰাগতৰ লগতে পশ্চিমীয়া ৰূপতো চুহানা খানক বহুত ধুনীয়া দেখা গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে চুহানাৰ প্ৰতিটো ষ্টাইলিছ লুক। যেতিয়াই শ্বাহৰুখ খানৰ প্ৰিয়জনক কোনো পাৰ্টি বা অনুষ্ঠানত দেখা যায় তেতিয়াই তেওঁ নিজৰ ফেশ্বন চেন্সৰ সৈতে লাইমলাইটত থাকে।

মৰিগাঁৱৰ আহঁতগুৰি ৰে’ল গেটৰ সমীপত মালবাহী ট্ৰেইনে খুন্দিয়ালে এগৰাকী বিবাহিত মহিলাক…

মৰিগাঁৱৰ আহঁতগুৰি ৰে’ল গেটৰ সমীপত এগৰাকী বিবাহিত মহিলাক এখন মালবাহী ট্ৰেইনে খুন্দিয়াই থৈ যায়।


উক্ত ঘটনা সন্দৰ্ভত চাপৰমুখৰ ৰেল আৰক্ষী চকীৰ SI নয়ন বৰুৱা নেতৃত্বত আৰক্ষী এটি দল ঘটনাস্থলীত উপস্থিত হয়।


ঘটনাস্থলীত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহ কৰালৈকে মৃত মহিলাগৰাকীৰ চিনাক্ত কৰিবলৈ পৰা নাই।

প্ৰচণ্ড গৰমঃ গৰমৰ বাবেই বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি…

বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ!

যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি।

প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ।

মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১-০০ বজালৈ।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ।

জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।

অত্যধিক গৰমৰ বাবে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জাৰি কৰিলে নিৰ্দেশনা।

জেঠ মাহৰ মঙলবাৰটো অতি বিশেষ! হনুমানৰ বিশেষ আশীৰ্বাদ থাকে মঙলবাৰত…

জেঠ মাহৰ সকলো মঙলবাৰ অতি বিশেষ বুলি কোৱা হয়। মঙলবাৰে ভগৱান হনুমানক পূজা কৰিবলৈ সৰ্বোত্তম দিন। মঙলবাৰৰ দিনা হনুমান ভগৱানক পূজা কৰিলে প্ৰতিটো দুখ, যন্ত্ৰণা, দোষ আৰু ভয় নোহোৱা হৈ যায় বুলি লোক বিশ্বাস আছে। জীৱনত সুখ আৰু সমৃদ্ধিও বাঢ়ে।


মঙলবাৰৰ দিনা হনুমানৰ কৃপাত লাভ কৰিব অপৰিসীম সুখ, সমৃদ্ধি, দীৰ্ঘায়ু।

মঙলবাৰে হনুমান পূজা কৰিলে অৰ্থনৈতিক অৱস্থা ভাল হ’ব। পৰিয়ালত যিবোৰ সমস্যা আছে সেইবোৰ এতিয়া কমিবলৈ আৰম্ভ কৰিব।

মঙলবাৰৰ দিনা বজৰংগবলীৰ বিশেষ আশীৰ্বাদ আপোনাৰ হাতত থাকিব, যাৰ ফলত আপোনাৰ বহু সমস্যাৰ সমাধান হ’ব। আপোনাৰ কেৰিয়াৰত শুভ সময় আৰম্ভ হ’ব। ধন-সম্পত্তি বাঢ়িব।

হনুমানৰ পূজা কৰিলে লোকসকলৰ প্ৰতি বিশেষভাৱে দয়ালু হ’ব। আনহাতে পাৰিবাৰিক জীৱন সুখৰ হ’ব। আপোনাৰ ব্যৱসায় ভাল হ’ব, লাভ বৃদ্ধি পাব।

CANNES Film festivalৰ ৰেড কাৰ্পেটত অসম কন্যা ৰিতীষা খাউণ্ড…

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসম কন্যা।

অসমৰ নৱাগত অভিনেত্ৰী ৰিতীষা খাউণ্ডক দেখা গ’ল ৰেড কাৰ্পেটত।

‘কুকি’ নামৰ ছবিৰ প্ৰিমিয়াৰৰ বাবে উপস্থিত থাকে অভিনেত্ৰীগৰাকী।

চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকে ছবিখনৰ প্ৰযোজক জোনমণি দেৱী খাউণ্ডো।

পেলেই ৮ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হ’ল অসমীয়া পৰিচালকৰ এই হিন্দী ছবিখন।

২৮ জুনত ভাৰতৰ ছবিগৃহত মুক্তিলাভ কৰিব ছবিখনে।

বিশ্ব বিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱা ১৭৪ সংখ্যক জন্ম জয়ন্তী পালন…

২১ মে’ ৰ দিনটোত বিশ্ব বিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ ১৭৪ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। এই উপলক্ষে উত্তৰ গুৱাহাটী ৰজাদুৱৰাত অৱস্থিত “আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ” মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত পৌৰোহিত্য কৰে সংস্থাৰ সভাপতি তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে অচিৰেই আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাক ৰাজ্যৰ এখন উচ্চ শিক্ষাপ্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হ’ব।

অনুষ্ঠানত উপস্থিত থাকি ঋষি অৰবিন্দ ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ একান্ত অনুৰাগী তথা ভাৰতীয় জ্ঞান পৰম্পৰাৰ পণ্ডিত দিগন্ত বিশ্ব শৰ্মাই আবিলেকৰ বছৰেকীয়া গবেষণা পত্ৰ “আনন্দম” উন্মোচন কৰে। ইফালে, আনন্দৰাম বৰুৱাৰ ওপৰত বক্তৃতা প্ৰদান কৰে শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড’মণি শৰ্মাই। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে আবিলেকৰ সঞ্চালক ড’ সুদেষ্ণা ভট্টাচাৰ্য্যই।

মাত্ৰ ২ টকাঃ দুটকীয়া কফি পেকেটোৱে আপোনৰ মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব…

সৌন্দৰ্য্যৰ সুফল সহজ ঘৰুৱা উপায়েৰেও লাভ কৰিব পাৰি। কফিৰ পৰা প্ৰস্তুত কৰা ফেচ মাস্কৰ বিশয়ে জানেনে, যাৰ দ্বাৰা আপুনি অতিৰিক্ত গ্লো পাব পাৰে। কফি কেৱল খোৱাৰ বাবেই নহয়, সৌন্দৰ্য্য বৃদ্ধিতো ফলপ্ৰসূ। Coffee Face Mask এ মুখৰ ৰং উন্নত কৰাত সহায় কৰে আৰু ছালৰ লগত জড়িত বহু সমস্যা দূৰ কৰে।

প্ৰথমে এটা বাটিত পিহি লোৱা কফিৰ গুড়ি আৰু মৌ মিহলাই ডাঠ পেষ্ট বনাওক। তাৰ পিছত মুখখন পৰিষ্কাৰ কৰি শুকুৱাই লওক। তাৰ পিছত এই পেষ্টটো মুখ আৰু ডিঙিত লগাব। ১০-১৫ মিনিট ৰাখিব, তাৰ পিছত কুহুমীয়া পানীৰে ধুব। মুখ ধোৱাৰ পিছত লাইট মইশ্ব’ৰাইজাৰ লগাব লাগে।

কফিত থকা এন্টিঅক্সিডেন্টে মৃত ছাল আঁতৰোৱাত সহায় কৰে, যাৰ ফলত ছালখন মসৃণ আৰু জিলিকি থকা দেখা যায়।

কফিয়ে তেজৰ সঞ্চালন বৃদ্ধি কৰে, যিয়ে মুখমণ্ডললৈ গ্লো আনে আৰু ৰং উন্নত কৰে।

কফিয়ে প্ৰাকৃতিকভাৱে তেল শোষণ কৰে, সেয়েহে তেলীয়া ছাল থকাসকলৰ বাবে ই অতি উপকাৰী।

কফিৰ এন্টি-বেক্টেৰিয়েল গুণ আছে, যিয়ে পিম্পল আৰু ব্ৰণৰ সমস্যা দূৰ কৰে।

কফিৰ ফেচ পেক ব্যৱহাৰৰ ফলত মুখৰ বলিৰেখা আৰু মিহি ৰেখা হ্ৰাস পায়।

কফি ফেচ মাস্ক লগোৱাৰ আগতে পেচ টেষ্ট কৰক। প্ৰথমে কঁকালৰ ভিতৰৰ অংশত অলপ পেষ্ট লগাই ১০ মিনিট ৰাখিব। কোনো ধৰণৰ বিৰক্তি বা ৰঙা পৰা নহ’লেহে মুখত লগাব লাগে। সপ্তাহত ১-২ বাৰতকৈ অধিক কফি ফেচ মাস্ক ব্যৱহাৰ নকৰিব।

Cannes Film Festivalত অভিনেত্ৰী আইমী বৰুৱা…

তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দি অভিনেত্ৰী আইমী বৰুৱাই ক’লে-

তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দিওঁতে এইবেলিও নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে খোজ দিলোঁ। দুশ বছৰীয়া পুৰনি আৰ্হিৰ ফুল বছা মুগাৰ সাঁজ, হাতত গামখাৰু,অসমীয়া গামোছা, ৰিহাৰেআৰু খোপাত কপৌফুলেৰে Cannes Film Festivalৰ ঐতিহ্যৰে ভৰা ৰেম্পত আমাৰ ঐতিহ্য-গৌৰৱক সাবটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত হ’লোঁ। এইদৰে সামাজিক মাধ্যমত মনৰ অনুভৱ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

আনহাতে দ্বিতীয় দিনাও অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা গ’ল অতি সুন্দৰ ৰূপত-

ফটো সমূহ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিলে- Cannes Film Festivalত আদিত্যমে ডিজাইন কৰা শাৰী।

তৃতীয়ল দিনাও অতি সুন্দৰ সাজসজ্জাত দেখাবলৈ পোৱা গ’ল অভিনেত্ৰীগৰাকীক।