Home Blog Page 833

সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…

♦️সাপটগ্ৰামত লংপেনেৰে চীপ লোৱা অৱস্থাত গছৰ ওপৰত ওলমি থকা অৱস্থাত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ।

♦️ সাপটগ্ৰামত চাঞ্চলকৰ ঘটনা।
♦️চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।


♦️মৃত ব্যক্তিজন গৌতম চক্ৰৱৰ্তী সাপটগ্ৰাম ৮ নং ওৱাডৰ বাসিন্দা আছিল ।
♦️ ঘটনাস্থলীত উপস্থিত সাপটগ্ৰাম আৰক্ষী ।
♦️ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালৈ প্ৰেৰণ ।


♦️ ৰহস্যৰ আৱৰ্তত এয়া হত্যা নে আত্মহত্যাৰ ঘটনা ।
♦️ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ।

ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…

ডিমৌ আঞ্চলিক টিএমপিকে, টিএমএমকে,এমএমকেৰ  

যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ নতুন সমিতি গঠন,হাইস্কুল, হায়াৰচেকেণ্ডেৰী উতীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা।

মিচিং জাতীয় সংগঠন টিএমপিকে,টিএমএমকে আৰু এমএমকেৰ  ডিমৌ আঞ্চলিক সমিতিৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশনখনি দিনজোৰা কাৰ্যসূচীৰে দিজমুৰ মিচিং কৃষ্টি ভৱনত কালি অনুষ্ঠিত কৰা হয়। পৰিৱেশ নিকাকৰণ বৃক্ষৰোপণৰে আৰম্ভ হোৱা কাৰ্যসূচীত তিনিওখন আঞ্চলিক সমিতিৰ পতাকা উত্তোলনৰ পাছত শ্বহীদ তৰ্পণ, প্ৰতিনিধি পঞ্জীয়ন কৰাৰ পাছত প্ৰতিনিধি সভা উদ্বোধন কৰে ডিমৌ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সমাজসেৱক দেৱানন্দ পাংগিঙে  ৷ মুকলি সভাত সভাপতিত্ব কৰে টিএমপিকে, এমএমকে আৰু টিএমএমকে সভাপতি ক্ৰমে উপেন পাংগিং, লক্ষ্যনাথ টায়ে আৰু সবিতা পাংগিঙে ৷ উদ্দেশ্য ব্যাখ্যা কৰে এমএমকে সম্পাদক লক্ষ্মীনাথ পাংগিঙে ৷ প্ৰতিবেদন পাঠ কৰে টিএমপিকেৰ সম্পাদক ধৰ্মেন্দ মিপুনে।

সভা উন্মোচন কৰে এম এ চি ৰ সাধাৰণ সদস্য কনক চন্দ্ৰ দলেৰ লগতে প্ৰাক্তন গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা মালবিকা মিলি চুংক্ৰাঙে। মিচিং সকলৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰি অহা সংগ্ৰামৰ লগতে মিচিং সকলৰ সামাজিক ,শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত লৈ অহা বলিষ্ঠ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয় অনুষ্ঠিত মুকলি সভাত। লগতে যুৱ চামক কৃষি  কৰ্মৰ জৰিয়তে বিজ্ঞানসন্মত আৰু নতুন কৃষি পদ্ধতি অৱলম্বন কৰি  কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা, সেউজ বিপ্লৱ গঢ়ি তোলাৰ উপৰিও মিচিং স্বায়ত্বশাসিত পৰিষদক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো আলোচনা কৰা  হয়। অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫০ৰোঅধিক কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য কৃষ্ণকান্ত দলে, চিলাপথাৰ জিলা টিএমপিকেৰ সভাপতি ৰাজীৱ দলে,

সম্পাদক মানস কুলি, এম এম কেৰ চিলাপথাৰ জিলা সমিতিৰ সভাপতি ৰাজু পেগু, সম্পাদক চিবিৰাম টাৱ, টিএম এম কেৰ চিলাপথাৰ জিলা সমিতিৰ সভানেত্ৰী গুণলতা মৰাং, সম্পাদিকা জয়া পেগু, টিএমপিকে সহকাৰী সম্পাদক দীপেন মিলি, শিক্ষা সম্পাদক কপিল দলে, ক্ৰীড়া সম্পাদক ললিত দলে, সাংগঠনিক সম্পাদক ভৱেন টায়ে, হিতেশ দলে, ৰাজু মিলি, ৰাকেশ পাংগিং, অৰুণ পাংগিং পবিত্ৰ চাৰহ প্ৰাক্তন ডিমৌ গাঁও পঞ্চায়তৰ সভানেত্ৰী পদ্মাৱতী টায়েং মিপুন লগতে বহু লোক উপস্থিত থাকে। ইফালে তিনিওটা সংগঠনৰ জিলা সমিতিৰ ক্ৰমে – ভুলা কুটুম,ধনেশ্বৰ পামে,যুৱনাথ দলে,অঞ্জু দলে, সঞ্জীৱ পেগু,নীৰোমাই পামে আৰু নন্দিতা দলে জিলা পৰ্য্যবেক্ষক হিচাপে উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি সভাত টিএমপিকে সভাপতি দেৱানন্দ পাংগিং, সম্পাদক ধৰ্মেন্দ মিপুন, এমএমকে সভাপতি লক্ষ্যনাথ টায়ে, সম্পাদক লক্ষ্মীনাথ পাংগিং, টিএমএমকে সভানেত্ৰী ৰেকামনি পামে  আৰু সম্পাদিকা ৰুপাঞ্জুলী পেগুক মনোনীত কৰি পূৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । জাতীয় জীৱনক গুৰুত্ব দি সদায় জাতীয় দায়বদ্ধতাৰে কাম কৰি যাবলৈ নৱগঠিত সমিতিক আহ্বান জনায় চিলাপথাৰ জিলা সমিতিৰ তৰফৰপৰা ৷

চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চ’ছাইটি গাঁৱৰ দুলাল গোস্বামী আৰু লক্ষী গোস্বামীৰ কনিষ্ঠ পুত্ৰ তথা চিলাপথাৰ সীতাৰাম টায়ে হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী (১৪) নামৰ স্কুলীয়া ছাত্ৰ গৰাকী আজি চাৰিটা দিনে সন্ধানহীন হোৱা খৱৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰত। ঘটনাৰ বিৱৰণী মতে ১৪ মে’ৰ পুৱাই স্কুললৈ

বুলি ওলাই যোৱা ছাত্ৰ গৰাকীয়ে দুপৰীয়া ঘৰত স্কুলৰ কিতাপ-বহিৰ বেগ এৰি থৈ ওলাই যায় হঠাৎ সন্ধান হীন হৈ পৰিছে।  পৰিয়ালৰ লোকে আত্মীয় লোকৰ ঘৰত বিছাৰ কৰিছে যদিও আজি চাৰিটা দিনে ছাত্ৰজনৰ কোনো শুং সূত্ৰ লাভ পৰিয়ালে।

ঘটনা সংক্ৰান্তত চিলাপথাৰ আৰক্ষী থানাত লিখিত জাননী প্ৰদান কৰিছে পৰিয়ালে। চাৰিটা দিনে সন্ধানহীন হৈ থকা নিৰজ গোস্বামীৰ সন্ধান পালে সদাশয় ৰাইজক 9954711691 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ দুলাল গোস্বামীয়ে কাতৰ অনুৰোধ জনাইছে। ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি।

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…

৪৩ বছৰীয়া বিদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰী-চৰকাৰৰঃ অবৈধ অনুপ্ৰবেশকাৰীৰ আগ্ৰাসনে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি সংকট নামি পৰিছে।

ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মেল সম্বোধন কৰি অসমত ১ কোটি ২৫ লাখ অনুপ্ৰবেশকাৰী থকাৰ লগতে ৪০ জন বিধায়ক, ন্যায়াধীশ, উপায়ুক্ত আৰু অধ্যক্ষও বাংলাদেশী আছে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। উল্লেখ্য যে কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য টায়ে গগৈৰ মৃত্যুৰ খৱৰ ল’বলৈ বৃহস্পতিবাৰে শিল্পীগৰাকীৰ জলকীয়া সূঁতিস্হিত ঘৰত উপস্থিত হয় লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীয়ে কৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় – ৪৩ বছৰীয়া অবৈধ বিদেশী অসমত থকাটো সঁচা যিটো মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে স্বীকাৰ কৰিছে। বিদেশীক চিনাক্তকৰণ কৰি বহিস্কাৰ

কৰাৰো দায়িত্ব মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ। ১৯৭১ চনৰ অসম চুক্তিমতে অবৈধ বিদেশী বহিস্কাৰ কৰাৰ  লগতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈও দাবী জনাই পুনৰ কয়  কিন্তু এয়া নকৰি উলোটাই কা’আইন জাপি দি বিদেশী বহিস্কাৰৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীয়ে বিদেশীক অসমত সংস্থাপন দিব বিছাৰিছে যিটো অসমীয়া ৰাইজৰ পৰিপস্থী। শীঘ্ৰেই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত ত্ৰিপাক্ষিক চুক্তি কৰি বিদেশী বহিস্কাৰ কৰিবলৈও  আহ্বান জনায়। কিয়নো অসম বিদেশীৰ চৰনীয়া পথাৰ নহ’য় , অবৈধ বিদেশীৰ আগ্ৰাসনে ৰাজনৈতিক,

সামাজিক প্ৰটভুমিক ধ্বংসৰ দিশে ঠেলি দিয়াৰ লগতে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিত সংকট নামি আহিছে বুলি এজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য আগবঢ়ায়। ইফালে অসমৰ কেবাখনো বিহু মঞ্চত শিল্পীক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনায় চুক্তিমতে ধন আদায় নিদি অপমান কৰা কাৰ্য্যৰ বিৰোধিতা কৰে এজেপিৰ নেতা গৰাকীয়ে। লগতে শিল্পীৰ সংগঠন উপভোগ কৰিবলৈ অহা দৰ্শককো শান্তি শৃংখলা বজাই ৰাখি সংগীতানুষ্ঠান উপভোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। চিত্তৰঞ্জন বসুমতাৰীৰ লগতে কেবাগৰাকীও কৰ্মীৰ লগতে প্ৰাক্তন আছু কৰ্মী সকলেও সংগ দিয়ে ।

দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…

দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন। দুদিনীয়াকৈ ১৬ আৰু ১৭ মে’ত অনুষ্ঠিত হ’ল এই প্ৰতিষ্ঠা দিৱস।

প্ৰথম দিনা অথাৎ ১৬মে’ বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন,দিহানাম পৰিৱেশন,ফেচন প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছতেই ১৭মে’শুক্ৰবাৰে অনুষ্ঠিত হয়

আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা আধুনিক গীতৰ প্ৰতিযোগিতা,দলীয় নৃত্য,বিহু প্ৰদৰ্শন,কৃতী ছাত্ৰ-ছাত্ৰী তথা সংবাদসেৱী সকলক সম্বৰ্ধনা আদি।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…

মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্রবেগী অল্ট’ আৰু অট’ৰ মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাত থিতাতে নিহত অট’ চালকজন।

নিহত অট’ চালকজন কইনাধৰাৰ উদয় তালুকদাৰ বুলি চিনাক্ত। খানাপাৰাৰ ট্রেফিক পইণ্টৰ সমীপত এই দুৰ্ঘটনা।

অল্ট’খনৰ নম্বৰ AS 01 EC 6112। আনহাতে অট’খনৰ নম্বৰ AS 01 EC 3546।

যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…

যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা ৷

পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক ৷

আৰক্ষীয়ে ঘেৰাও কৰিছে ঘটনা সংঘটিত হোৱা মুৰমুৰীয়াৰ বাগানৰ ২৭নং লাইন ৷

পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আচঁনি ২৪ চনৰ ভিতৰত জনসাধাৰনক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰা সপোনৰ আচঁনি জলজীৱন মিচনৰ জৰীয়তে জনস্বাস্ব্য কাৰিকৰী বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে সৰুপথাৰৰ প্ৰতিখন গাৱতে এই আচঁনিৰ কাম ক্ষিপ্ৰগতিত চলাই থকা হৈছে ৷ ইতিমধ্যে প্ৰায় সংখ্যক আচনিৰ কাম সম্পুৰ্ণ হোৱাত জনসাধাৰনে বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে আৰু বহুতো আচঁনি কাম ক্ষিপ্ৰগতিত চলাই থকা হৈছে ৷ সৰুপথাৰতো বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাৰ অন্যান্য উন্নয়নমুলক কামৰ লগতে জনস্বাস্হ্য কাৰিকৰী বিভাগৰ অধীনতো কেইবা শতাধিক জলজীৱন আচঁনি কাম ক্ষিপ্ৰগতিত চলাই থকা হৈছে যদিও সৰুপথাৰ সমষ্টিত বিধায়ক বিশ্বজিৎ ফুকনে যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে সেই উন্নয়নৰ ধাৰাত ব্যাঘাট জন্মাবলৈ কিছু সংখ্যক ঠিকাদাৰে উদেশ্যপ্ৰণোদিতভাৱে অভিসন্ধি কৰি বহুকেইটা আচঁনিৰ নিৰ্মান কাৰ্য যথেষ্ট লেহেনীয়া গতিত চলাই থকা পৰিলক্ষিত হৈছে ৷

সৰুপথাৰৰ পদুমনিত ইটাভাটা শিৱমন্দিৰ কাষতে জলজীৱন মিচন আচঁনিৰ অধীনত নিৰ্মান কৰি থকা এটা চাৰ্চ চুক আচঁনিটোৰ কাম যথেষ্ট লেহেমীয়া গতিত কৰা অভিযোগ কৰিছে স্হানীয় ৰাইজে ৷ ৰাইজে অভিযোগ কৰা মতে উক্ত অঞ্চলটোত প্ৰায় পাঁচশ ঘৰ লোকে বাস কৰে আৰু অঞ্চলটোত যোৱা কিছু বছৰৰ পৰা খোৱা পানীৰ বাবে যথেষ্ঠ কষ্ট কৰিব লগা হৈছে স্হানীয় ৰাইজে ৷ ইতিমধ্যে চৰকাৰে পদুমনি ইটাভাটা ৰাইজৰ বাবে কেইবা লাখ টকীয়া এটা খোৱা পানী যোগান আচঁনি স্হাপন কৰি বিনীত সাহা নামৰ এজন ঠিকাদাৰক অৰ্পন কৰিছে যদিও ঠিকাদাৰে আচঁনিটোৰ কাম লেহেমীয়া গতিত কৰা লগতে নিৰ্মান কাৰ্যত অতি নিম্ন মাণদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে যাৰ ফলত আচঁনিটোৰ

পকী ৱাল ফাটি গৈছে ৷ দূৰ্ণীতিগ্ৰস্ত ঠিকাদাৰ জনে প্ৰথম অৱস্হাতে নিম্ন মানদণ্ডৰ বালি- চিমেন্টকে ধৰি অন্য সামগ্ৰী ব্যৱহাৰ যোগান ধৰাত কাম কৰা শ্ৰমিকে সকলেও কাম কৰিবলৈ অমান্তি হৈছিল বুলি জানিব পৰা গৈছে ৷ ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হাৰ লগতে স্হানীয় ৰাইজ ৷ ৰাইজে অতি সোনকালে ঠিকাদাৰক উক্ত আচঁনিটোৰ কাম সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনোৱাৰ লগতে ঠিকাদাৰে নিম্ন মানদণ্ডৰ কামৰ বিৰুদ্ধে জনস্বাস্হ্য কাৰীকৰি বিভাগক বিহিত ব্যৱস্হা গ্ৰহন কৰিবলৈ দাবী জনোৱাৰ লগতে স্হানীয় বিধায়ক বিশ্বজিৎ ফুকনক ব্যৱস্হা গ্ৰহন কৰিবলৈ দাবী জনাইছে ৷

হেমন্ত তামুলী সৰুপথাৰ

হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…

হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত ভয়ংকৰ ঘটনা৷

চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু৷ বৃন্দাবনৰ পৰা হাৰিয়ানাৰ নুহ অভিমুখী আছিল বাছখন৷

বাছখনত ৬৪ গৰাকীকৈ যাত্ৰী থকা বুলি জানিব পৰা গৈছে৷

বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন

বঙাইগাঁও চহৰৰ নিকটৱৰ্তী উত্তৰ মাজগাঁৱত আজি নিশা আঠমান বজাত গছ উভালি পৰি অটোত থকা আৰোহীৰ মৃত্যু ঘটে ৷ বঙাইগাঁও -উত্তৰ শালমাৰাৰ বীৰ চিলাৰায় ৰাজ্যিক পথত সংঘটিত উক্ত ঘটনাত এ এছ ১৯ চি ৯৫৮০ নম্বৰৰ অটোখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷ জানিব পৰা মতে অটোখন সেই সময়ত বঙাইগাঁৱৰ দিশৰ পৰা মাজগাঁৱৰ দিশে গৈ আছিল আৰু হঠাতে অটোখনৰ ওপৰত গছডাল বাগৰি পৰে ৷

ঘটনাটোত কাশীডোবাৰ চিত্তৰঞ্জন শৰণীয়া নামৰ আৰোহীজনৰ থিতাতে মৃত্যু ঘটাৰ লগতে চালক ধ্ৰুৱ মেছ আহত হয় ৷ বতাহ বৰষুণৰ মাজতে সংঘটিত এই ঘটনাৰ পাছত নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি নিকটৱৰ্তী বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ লগতে আহত লোকজনকো চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয় ৷