Home Blog Page 832

আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ।

ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ।

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেল।

তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…

উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক সমাজ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অধিনস্থ জ্যোতি ভাৰতী(পকী)ত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত এখন তথ্য গধুৰ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ লেখক প্ৰবীন সংস্কৃতিবিদ, সাহিত্যিক প্ৰফুল্লপ্ৰাণ মহন্তৰ “কুৰি শতিকাৰ অসমীয়া ঐতিয্যৰ সংৰক্ষক আৰু সংগীতপ্ৰিয় মুক্তিযোদ্ধা নাৰায়ণ চন্দ্ৰ দত্ত আৰু প্ৰভাসিনী দত্ত“ শীৰ্ষক গ্ৰন্থথনি অসমীয়া সাহিত্য জগতৰ বাবে এক অমূল্য সমপদ হৈ ৰ’ব বুলি সভাই অভিহিত কৰে।

সভাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোৱৰণি সাংবাদিক বটাপ্ৰাপ্ত সাংবাদিক ৰাধিকা বল্লভ গোস্বামীক এখন মানপত্ৰ, গামোছা আৰু চেলেং চাদৰেৰে সন্মান জনোৱা হয়৷ তেজপুৰৰ ৱিধায়ক পৃথিৰাজ ৰাভা, শোনিতপুৰ জিলাৰ আয়ুক্ত দেব কুমাৰ মিশ্ৰই গ্ৰন্থ লেখক প্ৰফুল্লপ্ৰাণ মহন্ত আৰু সন্মানিত বৰেণ্য সাংবাদিক ৰাধিকা বল্লভ গোস্বামীয়ে সমাজলৈ আগবঢ়োৱা অবদান আৰু সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ ৰ’ব বুলি বক্তব্য দাঙি ধৰে৷শিক্ষাবিদ তথা সাংবাদিক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিবেশন কৰা এটি নৃত্যই সকলোকে আপ্লুত কৰে৷

সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই

অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু বহাগ বিহুটো ধৰি ৰাখিবলৈ নৱ প্ৰজন্মই প্ৰয়াস নকৰা বুলি সময়ে সময়ে আলোচনা হয় যদিও উৰিয়ামঘাটৰ বিদ্যাদিপ্তা নামৰ এগৰাকী কনমানিয়ে বিহু নাচি ৭০ টা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা খৱৰে ভৱিষ্যতে নৱ প্ৰজন্মই বিহুটো ধৰি ৰাখিব ই এক আশাৰ বটৰা হৈছে ৷ ৭৫ খন বিহু মঞ্চৰ সৰু বিহুৱতী প্ৰতিযোগিতাত ৭০ খন বিহু মঞ্চত সৰু বিহুৱতী প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিলে উৰিয়ামঘাটৰ জীয়ৰী বিদ্যাদিপ্তা বৰুৱাই। উৰিয়ামঘাট জোনাকী পথাৰৰ মাণিক বৰুৱা, জয়া বৰুৱাৰ কণিষ্ঠ কন্যাই গৌৰৱ কঢ়িয়াই আনিলে ধনশিৰি মহকুমালৈ ।

উল্লেখ্য যে , ৭০ খন বিহু মঞ্চৰ ভিতৰত ৫২ টা প্ৰথম পুৰস্কাৰ,১৫ টা দ্বিতীয় পুৰস্কাৰ ,৩ টা তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যাদিপ্তা বৰুৱা । সত্ৰীয়া নৃত্য,একক নৃত্য , ফেশ্বনৰ লগতে সংগীততো আগ্ৰহৰ থকাৰ লগতে আন আন বহু প্ৰতিভা আছে কণমানি বিদ্যাদিপ্তাৰ । গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী বিদ্যাদিপ্তা ভৱিষ্যতে বিহু সম্ৰাগী হোৱাৰ লগতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন কণমানি বিদ্যাদিপ্তাৰ ৷ বিহু মঞ্চন সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা বিদ্যাদিপ্তাৰ সাফল্যত গৌৰাম্বিত পিতৃ মাতৃ লগতে উৰিয়ামঘাটবাসী ।

সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…

বিজেপিয়ে হিন্দু বাঙালীৰ ভোট বেংক লৈ এতিয়াও কৰি আছে ৰাজনীতি।

এইবাৰ পুনৰ বিদেশী গোচৰৰ জাননী লাভ কৰিলে তামুলপুৰৰ এগৰাকী হিন্দু বাঙালীয়ে। যি খবৰে স্বাভাৱিকতে এতিয়া পুনৰ হিন্দু বাঙালী সকলৰ মাজত সৃষ্টি কৰিছে বিভ্ৰান্তি আৰু প্ৰতিক্ৰিয়াৰ। NRC ৰ পূৰ্ণাংগ তালিকাত নাম সন্নিৱিষ্ট থকাৰ পিছতো তামুলপুৰ জিলাৰ বিহংগপুৰৰ এইগৰাকী প্ৰহ্লাদ মজুমদাৰ নামৰ লোকজনক কামৰূপ মহানগৰ বিদেশী ন্যায়াধীকৰণৰ পৰা প্ৰদান কৰা হৈছে এক আইনী প্ৰক্ৰিয়াৰ জাননী। আৰু এই জাননী লাভ কৰাৰ পিছতে সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্ম কর্তা সকলে।

কা আৰু কেবৰ দ্বাৰা অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে বাঙালী সকলৰ সৈতে থকা হাতামপুৰুষীয়া সম্পৰ্ক নষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে।পূৰ্বে কংগ্ৰেছে যিদৰে হিন্দু বাঙালীৰ ভোট লৈ ৰাজনীতি কৰিছিল এতিয়া বিজেপিয়েও একেই পন্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই এনেবোৰ কাৰ্য বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

হিন্দুত্ববাদী চৰকাৰে হিন্দু বাঙালীৰ ভোট লৈ হিন্দুৰ ওপৰত কৰা এনে চক্ৰান্ত কোনো পধ্যেই সহ্য কৰা নহব বুলিও হুংকাৰ নেতৃত্বৰ । আনহাতে এনে ধৰণৰ কাৰ্য পন্থা চৰকাৰে অব্যাহত ৰাখিলে আগন্তুক ২০২৫ চনৰ বি টি আৰু নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হব।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…

বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ই ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হয় । ই ৰিক্সা দুজন আৰোহীৰ এজন শিশুৰ অৱস্থা সংকটজনক।

প্ৰাপ্ত তথ্য মতে আজি আবেলি তিনি বজাত বলাজানত কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখি NL01A F0752 ট্ৰকোৰ আৰু ই ৰিক্সা মাজত দুৰ্ঘটনাৰ সংঘটিত হয়।

ইতি মধ্যে বালা জান আৰক্ষী উপস্থিত হৈ প্ৰথমাৱস্থাত শিশু জনক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ  সোণালী জয়ন্তী বৰ্ষ উদযাপন…

বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ  সোণালী জয়ন্তী বৰ্ষ উদযাপন


➡️ সত্ৰ নগৰী মাজুলীৰ প্ৰবল বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰাৰ পিছত ১৯৭৪ চনত তিতাবৰত সংস্থাপিত কৰা আদর্শ মহিমাবাৰী গাঁৱে প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে।

➡️ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ কাৰ্যকালত মাজুলীৰ পৰা তিতাবৰলৈ আনি গাঁও প্ৰতিষ্ঠাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই তম্বু সাজি গাঁওবাসীৰ লগত সহযোগিতা কৰা ৰোমন্থন কৰে গাঁওখনৰ ৰাইজে।

➡️ ৫০ বছৰীয়া দীৰ্ঘ পৰিক্ৰমাৰ প্ৰাকক্ষণত ১৭ মে’ৰ পৰা গাঁওখনত ৭ দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিছে ৰাইজে।

➡️➡️ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে গাঁওখনৰ নামঘৰৰ উপৰিও বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান আটকধুনীয়াকৈ সজাই-পৰাই এক সুন্দৰ দৃষ্টিনন্দন পৰিৱেশো গঢ়ি তুলিছে।

➡️ সপ্তাহজোৰা বিস্তৃত কাৰ্যক্ৰমনিকাৰ প্ৰথমদিনা পতাকা উত্তোলন, স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়নৰ  পিছতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে পৰিবেষ্টিত এক বৰ্ণাঢ্য  সাংস্কৃতিক শোভাযাত্ৰাই চৌদিশ মুখৰিত কৰি তোলে । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীশ্ৰীকমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা বুঢ়াভকতে।

➡️ প্ৰথম দিনাই  আৰম্ভ হয় গাঁওখনৰ আদৰ্শ মহিমাবাৰী নৱজ্যোতি মিলন সংঘৰ ৰঙ্গমঞ্চত মনপৰশা সাংস্কৃতিক অনুষ্ঠানৰো ।

➡️ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা মুকলি সভাতে উন্মোচন হয় আটকধুনীয়া বৰ্দ্ধিত কলেৱৰৰ স্মৃতিগ্ৰন্থ।

➡️ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি অবিৰত ভাগৱত পাঠ, বাৰ্ষিক নাম-প্ৰসঙ্গৰ লগতে অহা ২৩ মে’ত গাঁওখনৰ শিল্পীবৃন্দৰ দ্বাৰা প্ৰদৰ্শিত হ’ব ‘সিন্ধুমুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ’ ভাওনা।

প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী,

ড° মনমোহন সিং আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড° মুৰলী মনোহৰ যোশীয়ে

নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ: মুখ্য নিৰ্বাচনী বিষয়া দিল্লী

চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…

নামভৰ্তি পৰীক্ষাত বহিবলৈ যোৱা ছাত্ৰক তালাচীৰ নামত লগুণ খুলি পেলোৱাৰ অভিযোগ। পাটাছাৰকুছিৰ পৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত প্ৰৱেশ পৰীক্ষা দিবলৈ অহা ছাত্ৰৰ সৈতে সংঘটিত হ’ল এই অনাকাংক্ষিত ঘটনা।ঘটনা হোৱাৰ পিছত অস্বীকাৰ অধ্যক্ষৰ। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (চিইউইটি) সময়ত সংঘটিত হোৱা বিতৰ্কিত ঘটনাৰ পিছত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে।

বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে বৰবাটাবাৰী গাঁৱৰ ধৃতিৰাজ বশিষ্ঠ নামৰ এজন ছাত্ৰক লগুণ খুলিবলৈ বাধ্য কৰোঁৱা হৈছিল।

এনেবোৰ ঘটনাই আজিৰ সমাজক অস্থিৰ কৰে ।পাটাছাৰকুছি থানাত দাখিল কৰা এই এহাজাৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটো তথা ছাত্ৰজনৰ পৰিয়ালে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শনিবাৰে ঝাৰখণ্ড ওড়িশা, অসম, গোৱা, ত্ৰিপুৰা আৰু মেঘালয় অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ বতৰৰ ভৱিষ্যদ্বাণী কৰে। উত্তৰ প্ৰদেশত উষ্ণ ৰাতিৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বিপৰীতে কৰিয়ানা, ৰাজস্থান, দিল্লী, আৰু উত্তৰ প্ৰদেশত মে’মাহত অধিক গৰমৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

climate change, low angle view Thermometer on blue sky with sun shining in summer show increase temperature, concept global warming

আইএমডিয়ে বিহাৰ, আৰু গুৰাৰাটৰ দৰে ৰাজ্যৰ বাবে কমলা সতৰ্কতা জাৰি কৰাৰ বিপৰীতে ৰাজস্থানৰ বাবে ৰঙা সতৰ্কতা জাৰি কৰে। আই এম ডিৰ ভৱিষ্যদ্বাণী অনুসৰি অনাগত দিনত ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু গুজৰাটৰ দৰে ৰাজ্যৰ বাবে গৰমৰ ঢৌৰ দৰে পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।

উত্তৰ প্ৰদেশৰ আগৰ আৰু ৰাজস্থানৰ বৰমাৰত শুকুৰবাৰে সৰ্বোচ্চ তাপমাত্ৰা ৪৬.৯ আৰু ৪৬,৫ ডিগ্ৰী চেলছিয়াছ, আনহাতে মাটডিয়া প্ৰদেশৰ গ্ৱালিয়ৰত কালি ৪৪.৯ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হয়।

উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…

জোনাই মহকুমাৰ ডেকাপাম উদয়পুৰ আৰু নাহৰণি গাঁৱত সোনোৱাল কছাৰী সকলৰ পূৰাতনীয়া উৎসৱ গজাই পূজা উদযাপন কৰা হয়। উদয়পুৰ গাঁৱৰ গজাই থানত উদযাপিত কৰা গজাই পূজাত অংশগ্ৰহণ কৰি পুৰোহিত ভৃগুৰাম সোনোৱালে কয় গজাই পূজা সকাম সোনোৱালসকলৰ খ্ৰীং ৰাজা বাইথ’ দেৱতাৰ পাচতেই উপাচ্য দেৱতা হ’ল ‘গজাই ডাঙৰীয়া’। গজাই দেউৱে বুঢ়ামুদৰী পৰিয়ালত ধন নাম লৈ জন্ম লৈ মানুহক বেহা-বেপাৰ কৰিবলৈও শিকায়। গজাই দেৱে নাৱেৰে বেহা কৰিবলৈ ধন দি মানুহ লগাই ন-দিহিঙত পৰাকৈ এটা দীঘল খালো খন্দাইছিল। অৰুণাচল প্ৰদেশৰ আলুবাৰী নামৰ থাইত ‘ধনে খন্দা সূঁতি’ নামেৰে এতিয়াও আছে। “ধন ধন ঐ হয়েকি অহয়ে হয়। আইক লয়ে গ’লে সাউদ সদাগৰে, ভৰা দি নাওতে বোজা। বোপাইক লৈয়ে গ’লে শুকুলী হাতীয়ে, কোন দেশত পাতিলে ৰজা”। এয়া সোণোৱালসকলৰ হুচৰীত গজাই দেউক উদ্দেশি গোৱা এফাকি ঘোষা আৰু পদ। গজাই দেউৱে চাৰিবাৰ জন্ম লৈছিল বুলি জনা যায়। গজাই ডাঙৰীয়াই ধ্যানৰ যোগেদি ভৱিষ্যতবাণী কৰিব পাৰিছিল।

এবাৰ কেবাদিনো ধ্যানত থাকোঁতে কোনোবা এজনে মৃত বুলি ঘোষণা কৰাত জ্ঞাতিয়ে তেওঁৰ জীৱন্ত দেহটো দাহ কৰি পেলায়। গজাই ডাঙৰীয়াৰ আত্মাই ঘোষণা কৰা জনক “কুকুৰাৰ জনম লবি আৰু তোকো জীয়াই জীয়াই পুৰি মাৰি মানুহে খাব আৰু তাৰ ভাগ পালেহে মই সন্তুস্ত হ’ম, তেতিয়াহে জ্ঞাতিয়ে উদ্ধাৰ পাব”, এই বুলি অভিশাপ দিয়ে। সেয়ে গজাই দেউৰ সকামত পক্ষী এটা জীয়াই জীয়াই পুৰি মৰা হয়। সোনোৱালসকলৰ প্ৰত্যেকখন গাঁৱতে গজাই ডাঙৰীয়াৰ থান থাকিব লাগে। ডাঙৰীৰ লাইনা গাঁৱৰ বাহিৰে সোনোৱালসকলৰ সকলো গাঁৱতে বছৰেকত এবাৰহে গজাই দেউৰ সকাম কৰা হয়। লাইনা গাঁৱত বছৰত পাঁচটাকৈ গজাই দেউৰ সকাম কৰা হয়। প্ৰতিখন সোনোৱাল গাঁৱতে বহাগ বিহুৰ পাচত জেঠ মাহত, এজাৰ ফুল ফুলি বাঁহৰ গাজ ওলালে গজাই দেউৰ সকাম সমাজৰ মঙ্গলৰ বাবে অনুষ্ঠিত কৰা হয়। বৰমাল,আঁঠুৱাল বংশৰ বুঢ়ামুদৰী আৰু মুদৰী পৰিয়ালত নিজা ববীয়াকৈ গজাই দেউৰ সকাম কৰে। এই পূজাত পূজাৰী নেথাকে। বেহাৰী নিয়মেৰে মৃতকৰ দহাকাজ কৰা জেষ্ঠ ব্যক্তি এজনক পুৰোহিত হিচাবে লোৱা হয়। পুৰোহিতৰ অনুপস্থিতিত যি কোনো জেষ্ঠ এজনে পূজাৰ কাম সম্পাদন কৰে।

পূজাৰ আৰম্ভণিতে শলিতা, তামোল-পাণ, চাউল, শাক-পাত, তেল-নিমখ, মাধপুৰুষৰ ৰস, সান্দহ, গুড়,ৰঙা আলোৱা কুকুৰা আৰু এজনী ৰাঙলী ঢেকেৰী কুকুৰা এটা লৈ পূজাৰী, ৰান্ধনি-বাঢ়নিয়ে সেৱা আগ বঢ়ায়। পূজাৰী গৰাকীয়ে আলোৱা কুকুৰাটো জীয়াই জীয়াই জুইত পুৰি মাৰি তাৰে ৰান্ধনিয়ে খাজি বনায়। পূজাৰীয়ে শলিতা, তামোল-পাণ, ভাত, খাজি, শাক-পাত, মাধপুৰুষৰ ৰস ( নল চুঙাত দিয়া হয় ), সান্দহ, গুৰ ডাঙৰ গছ এজোপাৰ তলত আগ বঢ়াই সেৱা জনাই আশীৰ্বাদ লয়। ইয়াৰ পাচতে উপস্থিত সকলোৱে দেৱতাৰ অৱশিষ্টখিনি গ্ৰহণ কৰি ঘৰাঘৰি হয়। ওভতোঁতে পাচলৈ নেচাই পোনে পোনে ঘৰলৈ গৈ গা ধুইহে ঘৰত সুমুৱা নিয়ম।অনুষ্ঠানত পুৰোহিত ভোগেশ্বৰ সোনোৱাল উদয়পুৰ গাওঁ পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ সোনোৱাল,সম্পাদক শ্যাম সোনোৱাল প্ৰমুখ্যে উদয়পুৰ গাঁৱৰ বয়োজ্যষ্ঠ ব্যক্তি সকল উপস্থিত থাকে।ইপিনে ডেকাপাম নাহৰণি গাঁৱতো আজি সোনোৱাল কছাৰী সকলৰ পূৰাতনীয়া গজাই পূজা গাম্ভীৰ্য্যপূৰ্ণভাৱে উদযাপন কৰে।