Home Blog Page 834

ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ

যি সকল মহিলাই সমাজখনৰ বিভিন্ন ক্ষেত্ৰত গঠনমূলক কাম কাজ কৰি সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমাজৰ আমূল পৰিবৰ্তনৰ স্বাৰ্থত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে সেই সকলৰ ভিতৰত কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা,শৈক্ষিক উপাধ্যক্ষ তথা স্বেচ্ছাসেৱী অনুষ্ঠান নৱ কিৰণ মঞ্চৰ সভানেত্ৰী ডঃ অৰ্চনা ভট্টাচাৰ্যৰ নাম অন্যতম। ১৯৫৯ চনৰ ২ জানুৱাৰীত যোৰহাটত তেওঁৰ জন্ম হৈছিল। দেউতাকৰ নাম আছিল ৰোহীনি চৰণ ভট্টাচাৰ্য আৰু মাকৰ নাম আছিল ইভা ভট্টাচাৰ্য। শিক্ষাৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্য সাধন কৰাৰ বাবে তেওঁ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

পিচপৰা অঞ্চলৰ সমাজক আগবঢ়াই নিয়াৰ স্বাৰ্থত এনেদৰে নিৰবচ্ছিন্ন ভাৱে কাম কৰি যোৱাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁক ভূয়সী প্ৰশংসা কৰা হৈছে আৰু বিভিন্ন বটাঁৰে সন্মানীত কৰা হৈছে। ১৯৮৬ চনৰ ১ আগষ্টত তেওঁ কাকজান মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰি ২০১৯ চনৰ ৩১ মাৰ্চত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহন কৰে। বিগত ৩৩ বছৰ ধৰি মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ অভিজ্ঞতাৰে তেওঁ সেই অঞ্চলৰ বিশেষকৈ চাহ বাগিছাৰ দৰে পিছ পৰা অঞ্চলত বিভিন্ন কাম-কাজ কৰি সফলতা অৰ্জন কৰিছে। ২০১৫ চনত স্থাপিত হোৱা নৱকিৰণ মঞ্চৰ জৰিয়তে তেওঁ মহিলা সকলক সামাজিক ভাৱে সচেতন কৰি গঢ়ি তোলা, ছাত্ৰ ছাত্ৰী সকলক পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ উৎসাহীত কৰা, ক্ৰীড়াৰ জড়িয়তে খেলুৱৈ সকলৰ সুস্বাস্থ্য, নেতৃত্ব প্ৰদান কৰিব পৰা গুণ, জিৰণি সময়ৰ সৎ ব্যৱহাৰ, প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি তোলা, ঐক্য, সংহতি, সম্প্ৰতি ইত্যাদি অনেক সজ গুণৰ অধিকাৰী হিচাপে গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। ক্ৰীড়া বুলি ক’লে অসমত তেওঁলোকৰ এক সুকীয়া পৰিচয় আছে। সকলোৱে কিবা নহয় কিবা খেলি খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হৈছিল। তেওঁ নিজেই এজন প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ বেডমিন্টন খেলুৱৈ আছিল বাবেই ক্ৰীড়াৰ প্ৰতি আছিল তেওঁৰ এক আত্মীক টান। ১৯৭৪ চনতে তেওঁ বেডমিন্টনৰ জড়িয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতাত অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰিছিল। উল্লেখ্য যে কোনো ধৰণৰ আন্তঃ জিলা প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈয়ে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল। ঘৰখনত আছিল ক্ৰীড়াৰ পৰিবেশ। দেউতাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ আছিল। খুড়াকৰ ল’ৰা অভিজিৎ ভট্টাচাৰ্যই ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন খেলুৱৈ হোৱাৰ উপৰিও দলটোক নেতৃত্ব প্ৰদান কৰিছিল।

১৯৮১-৮২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেডমিন্টন প্ৰতিযোগিতাত একক,দ্বৈত আৰু মিস্কডাবলচত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ২০১৯ চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত জন্ম গ্ৰহণ কৰা অসম ভলীবল মিছন-১০০ৰ উদ্যোগত অসমৰ সৰ্বত্ৰতে চলি থকা ব্ৰহ্মপুত্ৰ ভলীবল লীগত তেওঁৰ দুটাকৈ কেন্দ্ৰ অংশগ্ৰহণ কৰি সকলোকে আচৰিত কৰি তুলিছিল। কিয়নো সেই সময়ত চাহ বাগিছাৰ খেলুৱৈ সকলে ভলীবল খেলাটো দূৰৈৰ কথা ভলীবলটোৱে দেখাৰ সৌভাগ্য হোৱা নাছিল। নিজৰ ইচ্ছা শক্তিৰ ওপৰত প্ৰৱল বিশ্বাসী অৰ্চনা ভট্টাচাৰ্যই যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি অসাধ্যক সাধন কৰিছিল। লগ ডাউনৰ সময়ত অভিজিৎ ভট্টাচাৰ্যই কোপোৰ মেৰিয়াই মেৰিয়াই ভলীবলৰ আকৃতি কৰি অনলাইন যোগে খেলুৱৈ সকলক শিকাইছিল আণ্ডাৰহেণ্ড আৰু আপাৰহেণ্ডৰ স্কীল। এনেদৰে তেওঁলোকে প্ৰশিক্ষণ লৈ নিয়মীয়াকৈ অনুশীলন কৰি থকা খেলুৱৈ সকলৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছিল। মনোময় চাহ বাগিছা কেন্দ্ৰ আৰু দিহা চাহ বাগিছা কেন্দ্ৰৰ পৰিচালকৰ দায়িত্ব পালন কৰি আহিছে প্ৰবীন মুণ্ডা আৰু শ্যাম গুৱালাই। এওঁলোকেও কেতিয়াও ভলীবল খেলি পোৱা নাছিল। পিছলৈ এওঁলোকে ভলীবলৰ স্কীল সমূহ শিকি বুজি লৈ খেলুৱৈ সকলক শিকাব পৰা হৈছে। ইয়াৰ মাজতে অৱশ্যে ভলীবলৰ এন আই এছ প্ৰশিক্ষক কৌশিক হাতিবৰুৱাৰ জড়িয়তে প্ৰায় ২০ দিন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও খেলুৱৈৰ তাগিদাতে মৌবন্ধা নামেৰে নতুনকৈ কেন্দ্ৰ এটি স্হাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। ডঃ অৰ্চনা ভট্টাচাৰ্যই ইচ্ছা কৰা হ’লে সমাজৰ বাবে এনেধৰণৰ কাম-কাজ নকৰাকৈয়ে পৰিয়ালৰ লগত সুখে সন্তোষে থাকিব পাৰিলেহেতেন। কিন্তু সমাজৰ বাবে কিবা এটা কৰাৰ মানসিকতাই তেওঁক ৰাতি শুবলৈ নিদিয়ে। নিজৰ গাঁঠিৰ ধন খৰছ কৰি বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি তেওঁ সমাজৰ বাবে যি কৰি গৈ আছে তাৰ বাবে সচেতন ক্ৰীড়া প্ৰেমীয়ে তেওঁক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই এছ এল)ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে খেলৰ লগতে সমান্তৰালকৈ সামাজিক বিকাশৰ দিশতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ জনমুখী কাৰ্যসূচী ‘ঔৰত হায় তো ভাৰত হায়’ৰ জড়িয়তে পানী সংৰক্ষন, সৌৰশক্তিৰ উন্নীতকৰণ আৰু মানসিক স্বাস্থ্যৰ সুবিধা প্ৰদানৰ দিশত ইতিবাচক পৰিৱৰ্তনৰ নেতৃত্ব দিয়াৰ লগতে সমাজৰ বাধাসমূহ ভংগ কৰি মহিলাসকলক ক্ষমতাশালী কৰাৰ বিষয়ত অনুপ্ৰাণিত কৰিছে৷ ফাউণ্ডেচনে এতিয়ালৈকে প্ৰত্যক্ষ কৰ্মসূচী আৰু সজাগতাৰ জৰিয়তে ডেৰ কোটিতকৈ অধিক মহিলাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে ৷

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে যোৱা ছিজনৰ পৰা গুৱাহাটীত দুখনকৈ মেচ খেলাৰ লগতে মহিলা সবলীকৰণৰ জনপ্ৰিয় কাৰ্যসূচী পিংক প্ৰ’মিছ পদক্ষেপৰ আৰম্ভণিও কৰিছে৷ যোৱা বুধবাৰে গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ খেলখনত ইয়াৰ এক প্ৰতিফলনো ক্ৰিকেটপ্ৰেমীয়ে প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে চলিত ১৭ সংখ্যক আই পি এলৰ গুৱাহাটীত হোৱা প্ৰথম মেচখনত বিশেষ অতিথিৰূপে উপস্থিত আছিল তেজপুৰৰ বডো বালিগাঁও, গাৰো আৰু মিছিং গাঁৱৰ ২০ গৰাকী মহিলা৷ ৰয়েল ৰাজস্থান ফাউণ্ডেচনে অসমৰ গ্ৰাম্যঞ্চলৰ ২০ গৰাকী মহিলা উদ্যোগীক আমন্ত্ৰণ কৰি তেওঁলোকৰ পিংক প্ৰ’মিছ পদক্ষেপ প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ সম্প্ৰসাৰণ কৰিলে ৷

উল্লেখ্য যে শোণিতপুৰ জিলাৰ বালিপাৰাৰ বডো বালিগাঁও, গাৰো আৰু মিছিং গাঁৱৰ পৰা আই পি এল মেচ উপভোগ কৰিবলৈ অহা এই ২০ গৰাকী মহিলা উদ্যোগীয়ে হোমষ্টে পৰিচালনা, বাগিচা আৰু কৃষি বন সমিতিৰ তদাৰক কৰাকে ধৰি পৰিৱেশ পৰ্যটনৰ পদক্ষেপত আগভাগ লৈ আহিছে৷ ইফালে, সৌৰশক্তিৰ কাৰ্যসূচীত কাম কৰি থকা আৰু ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনৰ সহায়ত কাম কৰা মহিলা হিতাধিকাৰীসকলো এই মেচতে বিশেষ দৰ্শকৰূপে উপস্থিত আছিল৷

স্মৰ্তব্য যে পিংক প্ৰ’মিছ পদক্ষেপক দেশৰ বৃহৎ জনসংখ্যালৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য লৈ ৰয়েল ৰাজস্থান ফাউণ্ডেচনে অসমৰ মহিলাসকলক সহায় কৰাৰ কাম হাতত লৈছে৷ চলিত ছিজনতে ৰাজস্থান ৰয়েলছে যোৱা ছয় এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত তেওঁলোকৰ বহু প্ৰত্যাশিত পিংক প্ৰ’মিছ’মেচখন খেলিছিল৷ উক্ত মেচখনত দৰ্শকে ক্ৰয় কৰা প্ৰতিটো টিকটৰ এশ টকাকৈ দান দিয়া হয় মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে কাম কৰা গোটসমুহক৷ আনহাতে, প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা সকলো ধনো দলে ৰয়েল ৰাজস্থান ফাউণ্ডেচনক দিছিল৷

উল্লেখ্য যে গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিবলৈ আহিছে৷ ইতিমধ্যে এ চি এ ষ্টেডিয়ামত ৰয়েলছে পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ পাছত অহা ১৯ মে’ত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷

কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী

যোৱা ১৬ মে’ তাৰিখে কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱসৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ইণ্ডিয়ান নেশ্বনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH)ৰ ৪০ সংখ্যক বৰ্ষপূতি উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগে আয়োজন কৰা প্ৰদৰ্শনীখনত মানৱ জাতিৰ ক্ৰমবিকাশ আৰু জীৱন ধাৰণ প্ৰণালীকে আদি কৰি প্ৰস্তৰ যুগত ব্যৱহৃত সা সজুলি, অস্ত্ৰ শস্ত্ৰ, পোৰামাটিৰ ভাস্কৰ্য, হৰপ্পা সভ্যতাৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে।

প্ৰত্নতত্ত্ব বিভাগৰ ছাত্ৰছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা মৃৎশিল্প সমূহ এই প্ৰদৰ্শনীখনৰ অন্য এক মুখ্য আকৰ্ষণ। কটন বিশ্ববিদ্যালয়ৰ প্ৰতি উপাচাৰ্য প্ৰফেচৰ গণেশ চন্দ্ৰ ৱাৰি আৰু পঞ্জীয়ক ডঃ অৰিন্দম গাৰ্গে উদ্বোধন কৰা প্ৰদৰ্শনীখনত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ডঃ বেদান্ত বৰা, প্ৰফেচৰ শীলা বৰা, ডঃ জোনালী দেৱী, ডঃ সংগীতা গগৈ, ডঃ ফুকন চন্দ্ৰ বসুমতাৰী, ডঃ পূৰৱী ডেকা বোস, ডঃ সম্ৰাট বৰা আদিৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী।

কিউৰেটৰ ডঃ মঞ্জিল হাজৰিকা, ডঃ ৰিতিকা চাহু আৰু জৌগাঠি বসুমতাৰীৰ তত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা আৰু প্ৰত্নতত্ত্বৰ ব্যাৱহাৰিক জ্ঞানৰ লগতে জনসাধাৰণৰ মাজত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনত প্ৰস্তৰ যুগৰ সা সঁজুলিৰ লগতে হৰপ্পা সভ্যতাৰ বিভিন্ন ভাস্কৰ্য আৰু প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হয়। লগতে INTACH য়ে তেওঁলোকৰ ৪০ বছৰীয়া যাত্ৰাকালত ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা কাৰ্য্যসূচীসমূহৰ বিষয়ে উপস্থাপন কৰে।

কটন বিশ্ববিদ্যালয়, ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটি, পুঠিমাৰি মহাবিদ্যালয়, এছ্. বি. দেওৰা মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, বাইহাটা চাৰিআলি বি. এড কলেজ, সুদৰ্শন স্কুল, সৰলা বিৰলা জ্ঞানজ্যোতি স্কুল, কটন কলেজিয়েট স্কুল আদি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ৩০০ ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে এই প্ৰদৰ্শনীখনত যোগদান কৰে। আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষত আয়োজন কৰা এই প্ৰদৰ্শনীখন ১৮ মে’ শনিবাৰলৈ চলি থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…


দুদিনৰ বিৰতিৰ পাছতে পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ৷ প্ৰাপ্য অধিকাৰ আৰু সংস্থাপন বিচাৰি এনআৰএলৰ দ্বিতীয় প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে নুমলীগড় শোধনাগাৰ পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চই৷ স্থানীয় ৰাইজৰ অধিকাৰ সুৰক্ষা, সংস্থাপন আৰু এনআৰএলৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে চাহ বাগিচাৰ ভূমি ক্ৰয় কৰি লোৱাৰ পাছত কৰ্মসংস্থাপন হেৰুওৱা শ্ৰমিকৰ পুনৰ্সংস্থাপন, উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপন

আদিৰ দাবীৰ বেনাৰ-পোষ্টাৰ লৈ পুৰুষ-মহিলাৰ শতাধিক প্ৰতিবাদকাৰীয়ে পুৱা ৭-৩০ বজাৰ পৰা বহুসময়ৰ বাবে এনআৰএলৰ প্ৰৱেশদ্বাৰ স্তব্ধ কৰি দিয়ে৷ এটা সময়ত প্ৰতিবাদ সমাপ্তি ঘটিল যদিও প্ৰতিবাদী কাৰ্যসূচীৰ নৃত্যত্ব দিয়াসকলে এনআৰএলৈ এই বাৰ্তা প্ৰেৰণ কৰে যে ভুক্তভোগী আৰু উচ্ছেদিতসকলৰ সংস্থাপন আৰু ক্ষতিপূৰণেৰে এনআৰএলে ন্যায় প্ৰদান নকৰিলে শীঘ্ৰেই পুনৰ ব্যাপকৰূপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷

উল্লেখ কৰিব পাৰি যে এনআৰএলৰ শোধন ক্ষমতা বছৰি তিনি মিলিয়ন মেট্ৰিক টনৰ পৰা ন মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা ভূমি এনআৰএলে ৰজাবাৰী বাগিচাৰ পৰা বহুকেইটা চৰ্তৰ বিনিময়ত ক্ৰয় কৰিছিল৷ কিন্তু সম্প্ৰসাৰণকাৰ্য দ্ৰুতগতিত চলি থকাৰ পাছতো এনআৰএলে কোনো চৰ্তকেই পূৰণ কৰিব পৰা নাই বুলি সময়ে সময়ে সমালোচিত হৈ আহিছে৷

জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…

জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা
সাত দিনীয়া শোক দিৱস অগপৰ

আঞ্চলিক ৰাজনীতিৰ অন্যতম মহিৰুহ স্বৰূপ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা, দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অসম গণ পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰিছে। আজি ৰাতিপুৱা ৭ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিস্বাশ ত্যাগ কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে। ১৯৮৫ চনত গোলাঘাটত জন্মগ্ৰহণ কৰা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক উপ-সভাপতি পিছলৈ দলটোৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা প্ৰয়াত বড়োৱে ৰঙিয়া বিধান সভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। অসম গণ পৰিষদ দলৰ চৰকাৰৰ সময়ত ৰাজহ মন্ত্ৰী, পৰিকল্পনা মন্ত্ৰী আৰু শেষৰটো কাৰ্য্যকালত শিক্ষামন্ত্ৰী হিচাপে সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰা প্ৰয়াত বড়োৱে বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাও কৰিছিল। ৰেল বিভাগত থলুৱা নিযুক্তি, ৰঙিয়া ৰেল ডিভিজন প্ৰতিষ্ঠা কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ জাতীয় বিষয়ত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। বড়োৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰি দলে এগৰাকী অভিভাৱক হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে। বৰাই লগতে কয় যে, তেখেত আছিল এগৰাকী নিষ্ঠাবান, সৰল আৰু জাতীয় দায়িবদ্ধ সম্পন্ন ব্যক্তি।

অসমৰ জাতীয় জীৱনৰ লগতে আঞ্চলিক ৰাজনীতিত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তইয়ো জ্যেষ্ঠ আঞ্চলিকতাবাদী ৰাজনৈতিক নেতা গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি এগৰাকী আদৰ্শবান অসমৰ হকে চিন্তা কৰা প্ৰকৃত জননায়কক হেৰুৱাবলগা হ’ল বুলি মতপোষণ কৰে। আজি তেখেতৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়লৈ অনা হয় আৰু দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে দলৰ সকলো স্তৰৰ বিষয়ববীয়াই শেষ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে তেখেতৰ নশ্বৰ দেহ দিশপুৰৰ বিধান সভালৈ নিয়া হয় আৰু তাৰ পৰা ৰঙিয়াত ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত সম্পন্ন কৰা হয়।

শেষকৃত অনুষ্ঠানত সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শোক প্ৰকাশ কৰি অসম গণ পৰিষদ দলে সাতদিনীয়া শোক পালনৰ কথা ঘোষণা কৰে। আজিৰে পৰা অহা ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্য্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে। দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ড০ কমলাকান্ত কলিতা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, সুনীল ডেকা, ড০ তপন দাস আদিৰ লগতে অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, শ্ৰম পৰিষদ অসম, অসম ছাত্ৰ পৰিষদ, অসম ভাষিক সংখ্যালঘু পৰিষদ, অগপ কামৰূপ জিলা সমিতি, অগপ গুৱাহাটী মহানগৰ সমিতি, অগপ ৰঙিয়া বিধান সভা সমষ্টি সমিতি, অগপ দৰং জিলা সমিতি, অগপ নলবাৰী জিলা সমিতি আদিয়েও প্ৰয়াত নেতাগৰাকী বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…

ভীমবৰ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আদৰ্শ স্বৰূপ, অক্লান্ত  ৰণোৱা ৷ ভীমবৰ দেউৰীৰ চিন্তা আৰু দৰ্শনক আমি পাহৰি পেলালে নহ’ব ৷  মোগলৰ হাতৰ পৰা অসমক যিদৰে  লাচিত বৰফুকনে ৰক্ষা কৰিছিল  ঠিক এইদৰে   ভীমবৰ দেউৰীয়ে পূৱ পাকিস্তানৰ কবলৰ পৰা  অসমক ৰক্ষা কৰিছিল ৷ তেওঁ   অসমৰ বনজ সম্পদৰ সুৰক্ষা আৰু খিলঞ্জীয়া অস্তিত্বৰ কথাও চিন্তা কৰিছিল ৷  এই গৰাকী  নেতাৰ আদৰ্শ আৰু  দৰ্শনক আমি জীয়াই ৰখাৰ  সময় সমাগত । ভীমবৰ দেউৰীক সাধাৰণ মানুহে চিনি পাবলৈ ভীমবৰ দেউৰীৰ বিষয়ে অধিক প্ৰচাৰ-প্ৰসাৰৰ  প্ৰয়োজন আহি পৰিছে । ভীমবৰ দেউৰীৰ জীৱন আৰু কৰ্মৰাজি আধাৰিত চিনেমা নিৰ্মাণ কৰিব লাগে ।  অসমৰ ৰাজধানী বা জিলা সদৰ ঠাইত ভীমবৰ দেউৰীৰ আৱক্ষ মূৰ্ত্তি নিৰ্মাণ কৰিব লাগিব ।  এই মন্তব্য ভীমবৰ দেউৰী বঁটা প্ৰাপক তথা বিশিষ্ট ভাষাবিদ ড° ভীমকান্ত বৰুৱাৰ । দেউৰী জাতীয় পৰিষদ, অসমৰ উদ্যোগত, ধেমাজি জিলা সমিতি আৰু গোগামুখবাসীৰ  সহযোগত কালি গোগামুখত উদ্‌যিপন কৰা ১২১ সংখ্যক জননেতা ভীমবৰ দেউৰীৰ জন্মজয়ন্তী উপলক্ষে মুকলি সভাত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি ড° বৰুৱাই এইদৰে মন্তব্য দিয়ে ৷ তেওঁ কয়- ভীমবৰ দেউৰী কেৱল এগৰাকী বিদগ্ধ ৰাজনীতিবিদেই  নাছিল, তেওঁ এগৰাকী আছিল  নমস্য অধিবক্তাও আছিল ৷  অসমৰ পিছপৰা জনগোষ্ঠীসমূহৰ মনৰ মাজত সিঁচৰিত হৈ থকা  থকা অন্ধকাৰৰ   অৱসান ঘটাই তেওঁলোকক  কেনেকৈ উন্নতিৰ  পথলৈ অৱস্থালৈ নিব পাৰি তাৰ বাবে কাম কৰিছিল ৷  পিছপৰা জনগোষ্ঠীসমূহক ৰাজনৈতিক আৰু সামাজিকভাৱে একত্ৰ কৰি আগবঢ়াই নিয়াৰ  লগতে সামগ্ৰিকভাৱে বিকশিত অসমৰ সপোন দেখিছিল তেওঁ ৷ 

তেওঁ আছিল  অতি সাহসী, নির্ভীক আৰু অধ্যয়নশীল ব্যক্তি । ইয়াৰ  উৎকৃষ্ট প্রমাণ পোৱা যায়,  যেতিয়া তেওঁ ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৱেডেলক অসমৰ বনজ সম্পদৰ কাঠৰ ৰয়েলিটি সর্ম্পকে দাবী জনাইছিল । তদানীন্তন অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ৰ নেতৃত্বত ১৬ জনীয়া বিধান পৰিষদৰ  দল এটা দিল্লীত উত্থাপন কৰিবলৈ  যাত্ৰা কৰিছিল । ভাৰবৰ্ষৰ গৰ্বণৰ জেনেৰেলৰ লগত হোৱা সভাত গৱৰ্ণৰ জেনেৰেল গৰাকীয়ে অসমৰ প্ৰধান মন্ত্ৰীৰ পৰা বনজ সম্পদ কাঠ বিচাৰে । কিন্তু অসমৰ বনজ সম্পদ দিল্লীক দিয়া নহ’ব বুলি ভীমবৰ দেউৰীয়ে বাধা দিছিল ৷ ড° বৰুৱাই লগতে কয়- ৪৪ বছৰ বয়সত ভীমবৰ দেউৰীৰ  গুৰুতৰ বেমাৰ হোৱাত  চৰকাৰী ধন অপচয় হ’ব বুলি জানি মন্ত্ৰিত্ব পদ ইস্তাফা দিছিল চিকিৎসালয়ত ভৰ্ত্তি হৈছিল  ৷ এনে এগৰাকী মহান পুৰুষক ৰজাঘৰীয়া পাহৰি যোৱাটো বৰ দুখৰ বিষয় বুলি তেওঁ দোহাৰে ৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকা  সদৌ অসম দেউৰী ছাত্ৰ সন্হাৰ উপদেষ্টা  ললিত কুমাৰ দেউৰীয়ে কয় ভীমবৰ দেউৰী জনগোষ্ঠীৰ মাজত জন্ম হ’লেও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কাম কৰিছিল । প্ৰাক্‌  স্বাধীনতা কালতে অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। ভীমবৰ দেউৰীৰ দৰ্শন আৰু প্ৰাসঙ্গিকতিখিনি আজি আখৰে আখৰে পালন হৈছে। ভীমবৰ দেউৰীয়ে তেতিয়াই স্বগোষ্ঠী আৰু নিগোষ্ঠীৰ মুক্তিৰ কথা চিন্তা কৰিছিল । কিন্তু এইগৰাকী ভীমবৰক ৰজাঘৰীয়াই  প্ৰচাৰ-প্ৰসাৰৰ ব্যৱস্থা নকৰাটো দুৰ্ভাগ্যজনক বুলি তেওঁ দোহাৰে ৷ কালি পুৱাৰে পৰা নিশালৈকে অনুষ্ঠিত হোৱা ১২১ সংখ্যক ভীমবৰ দেউৰীৰ জন্মজয়ন্তীত পূৱা পতাকা উত্তোলন কৰে দেউৰী জাতীয় পৰিষদ, অসমৰ সভাপতি ৰাজু দেউৰীয়ে ।

স্মৃতি তৰ্পন‌ কৰে সম্পাদক হৰিগোবিন্দ দেউৰীয়ে ।  জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মাংগলিক অনুষ্ঠান ৰূপায়ন কৰে স্থ দেউৰী পূজাৰীসকলে । গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ  বৰদেউৰীয়ে ।  ১২১ সংখ্যক ভীমবৰ দেউৰীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি “বৰ্তমানৰ প্ৰেক্ষাপটত জননেতা ভীমবৰ দেউৰীৰ চিন্তা আৰু দৰ্শনৰ প্রাসংগিকতা ৷’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷  দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কিৰণবন দেউৰীয়ে সঞ্চালনা কৰা আলোচনা চক্ৰত আলোচক হ হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ, তাই ভাষাৰ গৱেষক ড° পুষ্প গগৈ,  প্ৰবীণ সাংবাদিক, সাহিত্যিক উমেশ চেতিয়া,  বিশিষ্ট লেখিকা কৰবী দেউৰী, লীলা দেউৰী, টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান কুমাৰ পাংগিং আদিয়ে ৷ ইয়াৰ পাছত  দেউৰী জাতীয় পৰিষদৰ সম্পাদক হৰিগোবিন্দ দেউৰীয়ে আঁত ধৰা মুকলি সভাত পৌৰহিত্য কৰে দেউৰী জাতীয়ৰ পৰিষদৰ  কেন্দ্ৰীয় সভাপতি ৰাজু দেউৰীয়ে ।  সভাখন উদ্ধোধন কৰে  দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীয়ে ৷  আদৰণি ভাষণ আগবঢ়াই অভ্যৰ্থনা সমিতিৰ সভাপতি ভৰত দেউৰীয়ে । মুকলি সভাত ‘জননেতা ভীমবৰ দেউৰীৰ জন্ম জয়ন্তী উপলক্ষে সাংবাদিক ৰাজীৱ  দেউৰীৰ সম্পাদনাত প্ৰকাশিত  স্মৃতিগ্রন্থ  উন্মোচন কৰে চিকিৎসক ডাঃ পৰমানন্দ দেউৰীয়ে ।  বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা, দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত দেউৰীয়ে আদিয়ে ৷ অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ নেতা কেশৱ দেউৰী, ভাস্কৰ দেউৰী, মহিলা নেত্ৰী ইনু দেউৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শশাংক দেউৰী,  জিন্তুচান দেউৰী, দেৱকান্ত দেউৰী, গোগামুখ দেউৰী উন্নয়ন সমিতিৰ সভাপতি শিৱ কুমাৰ দেউৰী, আদছুৰ  সম্পাদক তপন দেউৰী,সমাজ সেৱক ৰাজেন শ‌ইকীয়া, কেশৱ কছাৰী আদিয়ে।

কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…

গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক কাজিৰঙাত অনুষ্ঠিত হয়। কঁহৰাত অৱস্থিত বন বিভাগৰ শতবর্ষ আলোচনা গৃহত ৰাজ্যখনৰ বিশেষ আৰক্ষী ত সঞ্চালকপ্রধান হৰমিত সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গুৰুত্বপূর্ণ সভাত বিশেষকৈ বৰ্তমানৰ গড় সুৰক্ষা ব্যৱস্থা, বন-আৰক্ষী সমন্বয়, বিদ্যমান বন সুৰক্ষা বাহিনী মোতায়েন আৰু চোৰাংচোৱা নে’টৱৰ্ক শক্তিশালী কৰাৰ পর্যালোচনা কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্রদীপ্ত বৰুৱা, স্পেচিয়েল টাস্ক ফ’ৰ্টৰ আই জি পাৰ্থ সাৰথি মহন্ত, আইজি পি দেৱজ্যোতি মুখার্জী, গোলাঘাট, কার্বি আংলং, বিশ্বনাথ,শোণিতপুৰ, মৰিগাঁও, নগাঁও আদি জিলাৰ আৰক্ষী অধীক্ষক, বিশ্বনাথ, নগাঁও, মাজুলী বন সংমণ্ডল বিষয়া আদিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন

বিষয়াসকল উপস্থিত থকা এই গুৰুত্বপূর্ণ সভাত বিশেষকৈ ৰাজ্যখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যকে ধৰি চাৰিখন গড় ধাৰণকাৰী অঞ্চলৰ বন আৰু আৰক্ষী বিষয়াসকলে নিজৰ পৰামৰ্শ আগবঢ়ায়। ৰাইন’ টাস্ক ফ’ৰ্চৰ সমিতিয়ে উক্ত চাৰিখন বনাঞ্চলৰ লগতে গড় বিচৰণ কৰা স্থানবোৰত গড় সুৰক্ষিত কৰিবলৈ কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া মতে, অসম চৰকাৰৰ সমন্বিত প্রচেষ্টাৰ ফলত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাৰ সৈতে যোৱা দুটা বছৰত দেখা পোৱা অনুসৰি, বুঢ়া চাপৰি আৰু মাজুলীকে ধৰি নতুন অঞ্চললৈ গঁড় ক্রমান্বয়ে বিস্তাৰিত হৈছে। টাস্ক ফ’ৰ্চে পৰামৰ্শ দিয়া মতে নতুন এলেকাবোৰৰ দুৰ্বলতা মেপ কৰা হ’ব আৰু বন শিবিৰ আৰু

পেট্রলিং পথ স্থাপনকে ধৰি ব্যৱস্থাবোৰ চিনাক্ত কৰা হ’ব। অন্যহাতে, টাস্ক ফ’চে অধিক সমন্বয় আৰু নিৰীক্ষণ শক্তিশালী কৰাৰ বাবে সমিতিখনত অতিৰিক্ত সদস্য-আই জি পি (চি আৰ, এন আৰ, ই আৰ), নগাঁও, গোলাঘাট, আঞ্চলিক বিভাগৰ ডি এফ অ’ আৰু অসম বন সুৰক্ষা বাহিনীৰ কমান্ডেন্টসকলক অন্তৰ্ভূক্ত কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি জিলা পৰ্যায়ত সকলো গড় ধাৰণকাৰী এলেকাত নিয়মীয়া সমন্বয় সভা অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে, যাতে কার্যকৰী ক্ষমতা বৃদ্ধি হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মতে গড় সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰক্ষী আৰু বন বিভাগে যুটীয়াভাবে সকলো অভিযান তথা পদক্ষেপ ল’ব লাগে। বৈঠকত মুখ্যমন্ত্ৰীৰ কল্পনা মতে ৰাজ্যখনৰ বন্যপ্রাণী সুৰক্ষাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ বাবে সকলো অংশীদাৰক ধন্যবাদ জনোৱা হয়।

মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…


সদ্য ঘোষিত চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উৰ্তীৰ্ণ হৈ বৰক্ষেত্ৰী অঞ্চলৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।বৰক্ষেত্ৰীৰ অতিকৈ পিছপৰা কালদি গাঁৱত স্থাপিত পিএমশ্ৰী আদৰ্শ বিদ্যালয়ৰ সদ্য ঘোষিত চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ আজি বিদ্যালয় চৌহদৰ বাকৰিত আয়োজন কৰে এখনি সম্বৰ্ধনা সভা। সম্বৰ্ধনা সভাত উপস্থিত থাকি নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই কয় শিক্ষাৰ নৱদ্বীপ ৰূপে খ্যাত নলবাৰীত আজি প্ৰজ্ঞাৰ অভাৱ নাই।নলবাৰীৰ ল’ৰা-ছোৱালী অতি চোকা। বিদ্যালয়খনৰ মেধাৱী শিক্ষাৰ্থী সকলক উৎসাহিত কৰিবলৈ আয়ুক্ত ডেকাই নিজৰ শিক্ষা জীৱনৰ প্ৰসংগ উল্লেখ কৰি কয় যে তেওঁ নিজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ কুৰি গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত দশম স্থান লাভ কৰিছিল।দশম স্থান লাভ কৰিয়ো তেখেতে সন্তুষ্ট হব পৰা নাছিল এই কাৰণে যে তেখেতে আৰু অলপ কিয় আগবাঢ়িব নোৱাৰিলে।

সভাত আয়ুক্ত ডেকাই ছাত্ৰ-ছাত্ৰী সকলক কেতিয়াও হাৰিবলৈ মান্তি নহবলৈ পৰামৰ্শ আগবঢ়াই।সভাত অসমৰ আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালন সঞ্চালিকা অনুজা ভূঞাই নিজৰ ভাষনত শিক্ষাৰ্থী সকলক পৰীক্ষাত নম্বৰেই মূল কথা নহয় বুলি কয়।জ্ঞান আহৰণত ছাত্ৰ-ছাত্ৰীয়ে সদায় গুৰুত্ব আৰোপ কৰিব লাগিব বুলি কয়।আজিৰ সভাখনত কৃতী শিক্ষকৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বটা লাভ কৰা দাহুদি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শিক্ষাবিদ,ভবেন্দ্ৰ নাথ শৰ্মা, কালদি গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন দাস,জয়সাগৰ শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত মহন্তয়ো শিক্ষাৰ্থী সকলৰ উদ্দেশ্যে ভাষন দিয়ে।

সভাখনত আদৰ্শ বিদ্যালয় সংগঠনৰপৰা বিদ্যালয়খনৰ ৯০% ৰ ওপৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫ গৰাকী পৰীক্ষাৰ্থীক গামোচা, মানপত্ৰ,আৰু একোটা মিঠাইৰ টোপোলা উপহাৰ দিয়ে।উল্লেখ্য যে এইবাৰৰ বিদ্যালয়খনৰ পৰা চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৫ গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰে ২০ গৰাকীয়ে ১ম বিভাগত আৰু ৫ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।তদুপৰি বিদ্যালয়খনৰ সৃষ্টি শ্ৰেয়ম নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে অসমীয়া, গণিত আৰু সমাজ বিজ্ঞান বিষয়ত এশৰ ভিতৰত এশ আৰু মুঠ নম্বৰৰ ৯৮.২% লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আনহাতে, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ইংৰাজী মাধ্যমৰ এই বিদ্যালয়খনৰ পৰীক্ষাৰ্থী সকলে দশম শ্ৰেণীৰ ফাইনেল পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হোৱা বাবে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী সকলক অসমৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়।

নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ

চেঙেলীমাৰাত ওৰাং আৰক্ষীয়ে নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ, ওদালগুৰি জেললৈ প্ৰেৰণ। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ চেঙেলীমাৰা গাঁৱৰ কাজী মুন্সি মুকবুল হুচেইনক ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ওদালগুৰি জেললৈ প্ৰেৰণ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত SI মৃনাল টাইদ আৰু ২৭নং APBN বেটেলিয়নৰ সহযোগত এক অভিযান চলায় ৷


এই অভিযান কালত ওৰাং আৰক্ষী থানাৰ অধীনস্থ চেঙেলীমাৰা গাঁৱৰ আব্দুল খলিলৰ পুত্ৰ কাজী তথা মুন্সি মুকবুল হুচেইনে বছৰ বছৰ ধৰি শিশু, কিশোৰ-কিশোৰী, নাবালিকাক বাল্য বিবাহ কৰি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ উল্লেখিত ঘটনাৰ সম্পৰ্কত ওৰাং আৰক্ষীয়ে ৩৩/২০২৪ মৰ্মে এক গোছৰ পঞ্জীয়নভূক্ত কৰি Under Section 366/506/34 IPC,Added Section 376 IPC,R/w. Section 9/10/11 PCM Act,R/w. Section 6/17 of Pocso Act.অনুসৰি গ্ৰেপ্তাৰ কৰি ১৫ মে’ত ওদালগুৰি জেললৈ প্ৰেৰণ কৰে৷

বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…

বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উদ্যোগত পাঞ্জাবাৰীৰ বাঘৰবড়ীস্থিত দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত সীতা নৱমী উদযাপন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানত বৌদ্ধিক প্ৰদান কৰে বিশিষ্ট মহিলা নেত্ৰী ৰুণজুন বৰুৱা কৌশিক আৰু বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰৰ জিলা সভাপতি শুভৰাম বৰাই।

সীতা নামেৰে মুখৰিত কাৰ্যসূচীত আশীষ বাণীৰে অভ্যাসগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সভাপতি প্ৰভাত চন্দ্ৰ ঠাকুৰীয়াই। অনুষ্ঠানত সমাজ সংগঠক ৰুমী দেৱী, বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা নিলীমা শৰ্মা, বন্তি ফুকন প্ৰমুখ্যে কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে।