Home Blog Page 851

ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…

বহু বছৰ পাছত আপোন বিদ্যালয়খনলৈ আহিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন সহপাঠীক লগ পাই নষ্টালজিক প্ৰতিজন, স্মৃতিবোৰে আজি আমনি কৰিছে তেওঁলোকক। এৰি অহা দিনবোৰৰ কথা মনত পৰিছে। নষ্টালজিক হৈ পৰিছে সকলো। বহু বছৰ পাছত আপোন বিদ্যালয়খনলৈ আহিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী। অতীতৰ প্ৰতিটো পৃষ্ঠা লুটিয়াইছে প্ৰক্তন ছাত্ৰ-ছাত্ৰী সকলে। বিদ্যালয়খনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। কৰ্মসূত্ৰে বিভিন্ন স্থানত থকা প্ৰাক্তন শিক্ষাৰ্থীসকলে অংশ লৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনত। বিদ্যালয়ত পঢ়ি থকা দিনৰ স্মৃতিবোৰ ৰোমন্থন কৰিছে প্ৰতিজন প্ৰাক্তন শিক্ষাৰ্থীয়ে। শোণিতপুৰ জিলাৰ ৰে’ল নগৰী খ্যাত ৰঙাপৰা নগৰ স্থিত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সগৌৰৱেৰে অতিক্ৰম কৰিলে ৭২টা বৰ্ষ। ১৯৫২ চনতেই স্থাপন হোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন।

প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীত উপস্থিত থাকিল বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্ৰাক্তন শিক্ষাৰ্থীসকল। আজি পুৱা ৯:৩০ বজাত সমুহীয়া প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ অধ্যক্ষ মোহন গোস্বামীয়ে আৰু সন্মিলনৰ সভাপতি ভৱেশ মিশ্ৰই শ্বহীদ তৰ্পণ কৰে। ইয়াৰ পাছতে আদৰণি গীত পৰিবেশন কৰা হয়। সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল ৰহিম আৰু চাহিন আহমেদে আত ধৰা অনুষ্ঠানত বিদ্যালয় খনৰ ১০ গৰাকী প্ৰাক্তন শিক্ষকক গামোচাৰে সম্বৰ্ধনা আৰু শ্ৰদ্ধা জনোৱা হয়। দিনৰ ১১:৩০ বজাত স্মৃতিৰ ডঁৰিয়ালিত নামৰ স্মৃতিগ্ৰন্থ আৰু স্মৃতি চিহ্ন উন্মোচন কৰা হয়।দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হৈছে।

বিয়লি ৩ বজাত অনুষ্ঠিত মুকলি চ’ৰাত অংশ লৈ বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে আজি অভিভূত হৈ পৰিছো বুলি কয়। অতীত সদায়েই সুন্দৰ। কেইবা দশকৰ পিছত সতীৰ্থ সকল লগ হৈ নষ্টালজিক হৈ পৰা তেওঁলোকে উল্লেখ কৰে। আজি বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো দেখা গল পাৰভঙা উছাহ । বিদ্যালয়ত এইধৰণৰ উখল মাখল পৰিৱেশ দেখি আনন্দিত অন্যান্য ছাত্ৰ ছাত্ৰীসকলো। অনুষ্ঠানত বিহু নৃত্য, ঝুমুৰ নৃত্য, বাগৰুম্বা নৃত্যৰ লগতে স্বৰচিত কবিতা পাঠ কৰা হয়।

ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ

“কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া যোৱা কালি অসমলৈ আহি গুৱাহাটীৰ বিমানবন্দৰৰ সমীপতে এক সংবাদ মেল সম্বোধন কৰিছিল। এই সংবাদ মেলত খাৰ্গেৰ সৈতে এফালে জীতেন্দৰ সিং আৰু আনফালে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও আছিল। এগৰাকী সাংবাদিকে খৰ্গেক সোধা এটা প্ৰশ্নৰ উত্তৰ খৰ্গে ডাঙৰীয়াৰ হাতত নাছিল। গতিকে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰা ডাঙৰীয়াক উত্তৰটো দিবলৈ কৈছিল । ভূপেন বৰাই কথাখিনি কোৱাৰ আগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দৰ সিঙৰ পৰা অনুমতি লৈ যিখিনি কথা কলে সেয়া যথেষ্ট বিভ্ৰান্তিকৰ তথা প্ৰৰোচনামূলক। আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মত ব্যক্ত কৰে। ডাঃ চৌধুৰীয়ে কয়- ‘ডিব্ৰুগড়ৰ আসন খনত এইবাৰ বিৰোধী ঐক্য মঞ্চৰ পৰা দুগৰাকী প্ৰাৰ্থী আছিল – এগৰাকী আম আদমি পাৰ্টীৰ মনোজ ধানোৱাৰ আৰু আন গৰাকী অসম জাতীয় পৰিষদৰ লুৰিনজ্যোতি গগৈ।

নিৰ্বাচন ভালে ভালে হৈ গল। অসমত বিৰোধী ঐক্য মঞ্চৰ আসন ভাগ বতৰা কৰা সভা সমূহ প্ৰায় ৮ মাহ ধৰি চলিছিল, কিন্তু কিবা এটা অলৌকিক কাৰণত এই কাম টো কৰাত অসমৰ কংগ্ৰেছ সভাপতি গৰাকী বিফল হল; গতিকে বিৰোধী দলে লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ, বৰপেটা আদিত দুগৰকিকৈ প্ৰাৰ্থী আছিল। ইয়ালৈকে ঠিকেই আছিল। বিৰোধী ঐক্য মঞ্চৰ সভাপতি হিচাবে তেওঁ লোকসভাৰ আসনৰ বুজা বুজি সহযোগী দল সমূহৰ লগত কৰিব নোৱাৰিলে আৰু এইয়া তেওঁৰ ব্যৰ্থতা আৰু বিৰোধী ঐক মঞ্চৰ সভাপতি হিচাবে এই কথা তেওঁ মানি লব লাগিব। তেওঁ কি এক ৰহস্য জনক কাৰণত ডিব্ৰুগড়ৰ প্ৰাৰ্থী সন্দৰ্ভত এনে এটা গোকত মিছা কথা কলে, সেইটোহে ভাবিব লগীয়া। কেতিয়া, কত আৰু কাৰ কাৰ মাজত তেওঁ উল্লেখ কৰা সভাখন হৈছিল , তেওঁ এতিয়া কওক। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেনদ্ৰ সিং ডাঙৰীয়াও এই কথা খিনিৰ লগত জৰিত হৈ পৰিল, গতিকে তেওঁৰো এটা স্পষ্টিকৰণৰ প্ৰয়োজন। অন্যথা অসম কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ এই ভাষ্য যথেষ্ঠ বিভ্ৰন্তিকৰ। ‘ আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই APCC ৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এনেদৰে প্ৰলাপ বকিছে বুলি অভিযোগ কৰে।

‘এই বক্তব্যই এটা কথা প্ৰমাণ কৰিলে যে অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ কৰা মূল ষড়যন্ত্ৰকাৰী ভূপেন বৰা। ইমান দিনে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আন প্ৰভাৱশালী শক্তিৰ নিৰ্দেশত উঠা বহা কৰা কথাটোও ভূপেন বৰাৰ মন্তব্যই প্ৰমাণ কৰিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ এই ভাষ্যৰ দ্বাৰাই তেওঁ অসমৰ সংবাদ মাধ্যম তথা অসমবাসী জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টাত লিপ্ত হৈছে।’

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…

দৰং আৰু ওদালগুৰি জিলাৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয় দৰং কেঞ্চাৰ কেন্দ্ৰই দেওবাৰে দুবছৰ অতিক্ৰম কৰিলে। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত প্ৰতিষ্ঠা হোৱা দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দৰং কেঞ্চাৰ কেন্দ্ৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে বৰ্ষপূৰ্তি অনুষ্ঠান । দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা কাৰ্যসূচী অনুসৰি দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানত দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে ৰূপায়ন কৰা জাতীয় সংগীতেৰে আৰম্ভ হয় আৰু প্ৰথমে দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে আদৰণি ভাষণ আগবঢ়োৱা ব্যক্তব্য ত উপস্থিত থকা ৰাইজক অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া কাৰ্যকালৰ কিছু আভাস আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সুবিধা সমূহৰ বিষয়ে। তাৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই, বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য আগবঢ়ায় দৰঙৰ ডেবন্সন নাৰ্চিং হোমৰ সঞ্চালক,চিকিৎসক তথা সু-সাহিত্যিক ডা০ অমৰেন্দ্ৰ নাৰায়ণ দেৱ , মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰা, মঙলদৈ ড’ন ব’স্ক ৰ অধ্যক্ষ একটা টাৰ্কিয়ে কেঞ্চাৰ চিকিৎসা সম্পৰ্কীয় ৰ লগতে জনসাধাৰণে আগতীয়াকৈ ল’ব লগা সাৱধানতাৰ ওপৰত বক্তব্য আগবঢ়ায়।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে দৰং ৰ সাংস্কৃতিক অনুষ্ঠান থেচপিচৰ কৰ্মী সকলে বাটৰ নাট প্ৰদৰ্শন কৰে স্তন কেঞ্চাৰ সজাগতা ৰ ওপৰত। দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ সীবা সেন্থমেয়ৰ আৰু ভা০ মানস ৰঞ্জন সেনাপতিয়ে কেঞ্চাৰ চিকিৎসাৰ ওপৰত সবিশেষ দাঙি ধৰে। অনুষ্ঠান ত উপস্থিত থাকি বক্তব্য ৰাখে অসম গৌৰৱ বঁটা প্ৰাপক তথা বিশিষ্ট উদ্যোগপতি অনুপম ডেকা, দৰং ওদালগুৰি জিলাৰ জেষ্ঠ্য সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা, ভাৰতীয় ৰেডক্ৰছ ছোচাইটি দৰং জিলা শাখাৰ সম্পাদক হৰি চন্দ্ৰ শৰ্মা,সমাজ সেৱিকা সংগীতা দেৱী, শিক্ষয়িত্ৰী দীপামনি দাস,সমাজসেৱী উষাৰানী দেৱী,ইউনিটি উই দ্যা ব্লাড দোনাৰচ অসমৰ সভাপতি দীপক কুমাৰ ডেকা,হেল্পপিং হেণ্ডৰ সঞ্চালক যতীন্দ্ৰ নাথ কৃষ্ণ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া কাৰ্যকালৰ সবিশেষ খটিয়ান আগবঢ়ায় উপস্থিত ৰাইজৰ আগত। দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা০ বিজয় ভট্টাচাৰ্য,ডা০ দুৰ্গেশ্বৰ শৰ্মা, দৰং জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আনিমা বেগম, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপিকা অনিতা দেৱী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্চিং অধ্যক্ষা গিৰিজা কুমাৰ,হাজো চুৰেন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ অমূল্য কলিতা,স্বেচ্ছাসেৱী সংগঠন মানূহে মানুহৰ বাবে দৰং অসমৰ সম্পাদক জিতুমণি চহৰীয়া, কৰুনা ধাৰা দৰং জিলা সমিতিৰ উপাধ্যক্ষ শেষৰ মজুমদাৰ, জেষ্ঠ্য সাংবাদিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান ক্ৰিষ্টল ভিচনৰ বিষয়ববীয়া ময়ূখ গোস্বামী, সমাজসেৱী আনিতা ৰাজবংশী, শেৱালী গোস্বামী কলিতা,প্ৰেমদা ভুঞা ,ৰেনু দেৱী নাথ, গীতিকা কাকতি, স্বেচ্ছাসেৱী সংগঠন অঞ্জনা ফাউণ্ডেশ্যনৰ বিষয়া ৰণ বৰুৱা,দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ চাহিদুল ইচলাম, দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী দীপমনি শৰ্মা, গৌতম সন্দিকৈ, ৰাহুল দেৱ নাথ, এঞ্জেল দৈমাৰী,জিয়াযুল হক,দীপু ডেকা ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, দৰং কেঞ্চাৰ কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠা ৰোগী, চিকিৎসা গ্ৰহণ কৰি থকা ৰোগী, দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী বৃন্দ উপস্থিত থাকে ।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী সকলেও বিহু নৃত্য প্ৰদৰ্শন, গীত, আৰু স্তন কেঞ্চাৰ সজাগতা মুলক নাটক পৰিবেশন কৰে । লগতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কেইবাগৰাকীও ৰোগীক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু ফলমুল , খোৱা বস্তু বিতৰণ কৰে। অনুষ্ঠান উপস্থিত থাকি সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাই অনুষ্ঠান ৰ সামৰনি মাৰে ।

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে।হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন মুলক কামত ধৰ্মীয় সংখ্যালঘু লোক আকৃষ্ট হৈছে ।আজি নলবাৰীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংখ্যালঘু তুষ্টিকৰণৰ চৰ্চা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয় আমি ভাৰতবৰ্ষৰ ভিতৰত ভোট খুজিছো পাকিস্তান বা বাংলাদেশত ভোট খোজা নাই। ভাৰতৰ ভিতৰত থকা সকলো লোকৰে ভোট আমাক লাগে বুলিও মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। ইপিনে মুল্যবৃদ্ধিৰ বাবে নিৰ্বাচনত ভোটদানৰ হাৰ কমিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় মুল্যবৃদ্ধি কত হৈছে।আপোনালোকেহে মুল্যবৃদ্ধি দেখিছে আমাৰ মতে কমিছেহে গেছৰ দাম কমিছে পেট্ৰলৰ দাম কমিছে বুলিহে জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে।

ইপিনে এইবাৰ বৰপেটাত বিৰোধীবিহিন নিৰ্বাচন হোৱা বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। নলবাৰীত আজি নিৰ্বাচনী সভাত অংশ লৈ এইদৰে কলে জয়ন্ত মল্ল বৰুৱাই। আনহাতে এইবাৰ পুৰুষৰ কাৰণে আঁচনি প্ৰস্তত কৰা বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে পৰিয়ালৰ মুৰব্বীৰ নামত দুটাকৈ বীমাকৰণ কৰা হৱ। এই নিৰ্বাচনী সভাতে নলবাৰী সমষ্টিৰ পৰা এক লাখ ত্ৰিশ হাজাৰ ভোট ফণীভূষণ চৌধুৰীক প্ৰদান কৰিব লাগিব বুলিও জয়ন্ত মল্ল বৰুৱাই ভোটাৰ ৰাইজক আহ্বান জনায়। একেদৰে ধুবুৰীত শুকুৰ আলিয়েও জয়ী হৱ বুলি কয় ৰকিবুল হুছেইনেও জয়ী হৱ বুলি কয় বুলি ৰকিবুলহুছেইনক কটাক্ষ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। আনহাতে এই নিৰ্বাচনী সভাত অংশ লৈ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই চি পি আই এম আৰু কংগ্ৰেছক সমালোচনা কৰে।

শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জাতীয় বিদ্যালয় ইছলাম নগৰৰ কৃতী শিক্ষাৰ্থী সকলক শনিবাৰে বিদ্যালয়ৰ ন্যাসৰ ফালৰ পৰা বিপুলভাবে সম্বৰ্ধনা জনোৱা হয় ৷ জাতীয় বিদ্যালয় , ইছলাম নগৰৰ ন্যাসৰ সভাপতি ইজহাৰ আলীৰ পৌৰহিত্যত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক জাকাৰীয়া আহমেদে আঁতধৰা অনুষ্ঠানত ন্যাসৰ কাৰ্যকৰী সভাপতি নজমুল হুছেইন , সদস্য আজিজুৰ ৰহমান আৰু বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক কফিল উদ্দিন বৰভুঞা উপস্থিত থাকি শিক্ষাৰ্থীৰ জীৱনৰ অগ্ৰগতি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷ এইবাৰ বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২৯ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক একোখনকৈ ফুলাম গামোচা , অভিধান , জাপি আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে কৃতী ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু তেওঁলোকৰ শিক্ষাগুৰুসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, বিদ্যালয়খনৰ পৰা এইবাৰ তিনিজন ছাত্ৰই ষ্টাৰ নম্বৰ লাভ কৰি প্ৰথম বিভাগত ১০ জন, দ্বিতীয় বিভাগত ১৫ জন আৰু তৃতীয় বিভাগত ৪ জন উত্তীৰ্ণ হৈছে ৷ মুঠ ৩০ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ২৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে সমগ্ৰ ইছলাম নগৰ, টেংৰীপাৰ আদি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে ৷ অনুষ্ঠানত বিদ্যালয়ৰ বহু কেই গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে কিধৰে অধ্যয়ণ কৰিলে জীৱনত কৃতকাৰ্য্যতা লাভ কৰিব পাৰিব সেই বিষয়ে বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে, বিদ্যালয়খনৰ সম্বৰ্ধিত বহু কেই গৰাকী শিক্ষাৰ্থী অইন বিদ্যালয়ৰ শিক্ষাৰ্থীতকৈ পৃথক দেখা গৈছে ৷ তেওঁলোকে ভৱিষ্যতে একো একোজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…

Having opened the ticket sales for its first match in Guwahati this IPL season against Punjab Kings on 15th May 2024, Rajasthan Royals today announced that tickets for the franchise’s second home match at the ACA Stadium in Guwahati on 19th May 2024 have also gone LIVE on BookMyShow, the Official Ticketing Partner of the team. The Royals are bringing back the IPL buzz to the North East when they play two home games at the ACA Stadium. The inaugural IPL champions, led by Sanju Samson, will be seen hosting Punjab Kings on 15th May and Kolkata Knight Riders on 19th May.

Fans who had registered for Early Access to tickets, members of the franchise’s official fan programme Super Royals, and those who had already purchased the tickets for the Punjab Kings’ match, were able to purchase tickets from 12 – 6pm on Saturday, 27th April 2024. Meanwhile, the general fans will be able to make their purchase by visiting BookMyShow’s app or website now and book their tickets to both the RR vs Punjab Kings (15th May) and RR vs Kolkata Knight Riders (19th May) matches. With the Royals making a much-anticipated return to the NorthEast in May, fans will be able to secure their tickets from BookMyShow, with the lowest online ticket starting from ₹1000 onwards. To provide students with the chance to also experience their favourite Royals stars including Guwahati’s own, Riyan Parag, the franchise had announced that it will also be launching ₹500 tickets which will be available to purchase at the Box Office at a later date which will be communicated closer to the matches.

Ranjit Barthakur, Chairperson, Rajasthan Royals, commented on the launch of the tickets for the KKR match, “For us as a franchise, it is an exciting prospect of bringing the IPL buzz back to Guwahati. We are playing two strong teams in Punjab Kings and then Kolkata Knight Riders in May, and we are delighted that fans can now purchase their tickets for both the matches online through BookMyShow.” “We are looking forward to the passionate fans in the NorthEast enjoying the best cricketing action, and witnessing two days full of entertainment and sport,” Barthakur added.

Fans can grab their tickets to this match by clicking on the below link –
https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…

ভোটাৰৰ মাজত সজাগতা সৃষ্টি, ভোটদানৰ হাৰ বৃদ্ধি, যুৱ প্ৰজন্ম বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা সকলক ভোটদানৰ প্ৰতি আকৰ্ষন কৰাৰ উদ্দেশ্যে আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক চাইকেল ৰেলী উলিওৱা হয়। কামৰূপ মহানগৰ নিৰ্বাচন জিলা প্ৰশাসনৰ প্ৰণালীবদ্ধ ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ SVEEP কোষৰ উদ্যোগত তথা অসম চাইক্লিং কমিটিৰ সহযোগত আজি পুৱা ৫.৩০ বজাত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ অমৃত উদ্যানৰ পৰা চাইকেল ৰেলীৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আযুক্ত সুমিত সাত্তাৱনে পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে। উক্ত ৰেলীত অংশগ্ৰহণকাৰীসকল দুটা ভাগত বিভক্ত হয়। এটা ভাগৰ অংশগ্ৰহণকাৰীসকলে অসম সচিবালয়–জি এছ ৰোড –উলুবাৰী হৈ পুনৰ অমৃত উদ্যানলৈ উভতি আহে । একেদৰে আনটো ভাগে নাৰেংগী তিনিআলি হৈ পুনৰ অমৃত উদ্যানলৈ উভতি আহি ৰেলীৰ সামৰণী মাৰে। এই ৰেলীৰ সৈতে এখন অ’ডিঅ’ ভানো আছিল য’ত ভোটদান সম্পৰ্কে সকলো শ্ৰেণীৰ ভোটাৰক সজাগ কৰি অহা ৭ মে’ত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনোৱা হয়।

মহানগৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় শতাধিক চাইক্লিষ্টে এই ৰেলীত অংশগ্ৰহণ কৰে । ইপিনে চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত সুমিত সাত্তাৱনে ভোটদানত সকলো ভোটাৰৰ অংশগ্ৰহণ সুনিশ্চিতকৰণৰ লগতে সকলো ভোটদাতাক ভোটদান কৰিবলৈ আহ্বান জনায়। যুৱ প্ৰজন্মক বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ পোৱা সকলক অধিক আগ্ৰহেৰে অহা ৭ মে’ত ভোটদান কৰিবলৈ তেওঁ আহ্বান জনাই কয় : ভোটদান কৰাটো সকলোৰে বাবে গৌৰৱৰ বিষয় । নতুন প্ৰজন্মই ভোটদানক গণতন্ত্ৰৰ উৎসব হিচাপে গ্ৰহণ কৰক । কামৰূপ মহানগৰ জিলাত যুৱ প্ৰজন্ম তথা প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ পোৱা সকলৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত ছেলফী পইণ্টৰ ব্যবস্হা কৰা হৈছে বুলি সদৰি কৰি জিলা আয়ুক্তগৰাকীয়ে পুনৰাই কয় যে ১০০ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব আৰু ১৫ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। উল্লেখযোগ্য যে আজি ৰেলীৰ অনুষ্ঠানতে চাইক্লিঙৰ ক্ষেত্ৰত অৰিহণা যোগোৱা তথা ৰেলীৰ অংশগ্ৰহণকাৰী কৌশিক গুহ,ৰিপুঞ্জয় গগৈ,৭২ বছৰীয়া লাচিত ডেকা,ৰক্তিম মাহাতোক SVEEP ৰ ন’ডেল বিষয়া অজিত শৰ্মা, অতিৰিক্ত জিলা আযুক্তদ্বয় বিক্ৰম চেত্ৰী, ৰিচিবন্দনা গগৈ, নিৰ্বাচন বিষয়া শেখৰণ ফুকনে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। একেদৰে অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক একোখনকৈ প্ৰমাণ পত্ৰ আৰু টি- চাৰ্ট জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হয়।


আজিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰ উন্নয়ন বিভাগৰ আয়ুক্ত পাৰিজাত ভূঞা তথা মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে। আনহাতে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ সদস্যসকলেও এই ৰেলীত অংশগ্ৰহণ কৰে। তদুপৰি চাইকেল ৰেলীৰ সৈতে সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগতো ভোটাৰ ৰাইজক ভোটদানৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে এক সমদল উলিওৱা হয়।

উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা

নৱাগত শ্বাটলাৰৰে গঠিত ভাৰতৰ মহিলা দলে চলিত বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি চমক সৃষ্টি কৰিছে৷ উল্লেখ্য যে চীনৰ চেংডুত চলি থকা প্ৰতিযোগিতাখনত ভাৰতৰ মহিলা দলটোৱে ক্ৰমাগত দ্বিতীয়খন গ্ৰুপ মেচতো জয়লাভ কৰি দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ অহা মঙলবাৰে ভাৰত অন্তিমখন গ্ৰুপ মেচত ঘৰুৱা দল শক্তিশালী চীনৰ মুখামুখি হ’ব যদিও অসম কন্যা অস্মিতা চলিহাই নেতৃত্ব দিয়া দলটোৰ বাবে দুদিন পূৰ্বেই সেই মেচখনৰ ফলাফল কাৰ্যতঃ গুৰুত্বহীন হৈ পৰিছে৷

২০২৪ চনৰ বি ডব্লিউ এফ থমাছ এণ্ড উবেৰ কাপৰ ফাইনেলৰ সময়ত ইছাৰাণী বৰুৱা

প্ৰতিযোগিতাৰ গ্ৰুপ ‘এ’ আজি হোৱা দ্বিতীয়খন খেলত ভাৰতৰ মহিলা দলটোৱে ছিংগাপুৰৰ বিৰুদ্ধে পুনৰ ৪-১ ৰ ব্যৱধানত জয়লাভ কৰে৷ অৱশ্যে আজি একক শাখাৰ প্ৰথম মেচত অসমৰ অস্মিতা পৰাজয়ৰ সন্মুখীন হয়৷ অস্মিতাক ১৫-২১, ১৮-২১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছিংগাপুৰক ১-০ ৰ অগ্ৰগতি দিয়ে ইয়’ জিয়া মিনে৷ কিন্তু এই পৰাজয়ে ভাৰতীয় দলটোৰ মানসিক দৃঢ়তাত আঘাত কৰিব নোৱাৰিলে৷ দ্বিতীয়খন মেচতে সফল পত্যাৱৰ্তন কৰে ভাৰতে৷ ডাবলছৰ প্ৰথমখন মেচত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰই ছিংগাপুৰৰ যুটি জিয়াও এন হেং আৰু ইউ জিয়া জিনৰ বিৰুদ্ধে ২১-১৫, ২১-১৬ ৰ পোনপটীয়া ব্যৱধানত জয়লাভ কৰি সমতা স্থাপন কৰে৷ ইয়াৰ পিছতে আত্মবিশ্বাসৰে কৰ্টত প্ৰৱেশ কৰে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা দেশৰ আন এগৰাকী প্ৰতিভাবান শ্বাটলাৰ অসম কন্যা ঈশাৰাণী বৰুৱা৷ দ্বিতীয়খন একক শাখাৰ মেচত ঈশাৰাণীয়ে ইনছিৰাহ খানক ২১-১৩, ২১-১৬ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি এছিয়ান চেম্পিয়ন ভাৰতীয় মহিলা দলক ২-১ ৰ অগ্ৰগতি দিবলৈ সক্ষম হয়৷ উল্লেখ্য যে গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত দলীয় সোণৰ পদক জয় কৰাৰ পাছৰে পৰাই যোৱা এবছৰ ধৰি ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত উজ্বলি উঠা ঈশাৰাণীক আজিৰ মেচখন জয় কৰিবলৈ মাত্ৰ ৩১ মিনিটহে প্ৰয়োজন হৈছিল৷

এই মেচৰ পৰাজয়ৰ পাছতে ছিংগাপুৰ স্বাভাৱিকতে চাপৰ সন্মুখীন হোৱাত ভাৰতে পৰৱৰ্তী দূয়োখন খেলতে জয়লাভ কৰিবলৈ সক্ষম হয়৷ ডাবলছৰ দ্বিতীয়খন মেচত প্ৰাক্তন জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ছিমৰন সিংঘী আৰু ঋতিকা থাকাৰে য়ি টিং এলছা লাই আৰু মিচেল জানৰ বিৰুদ্ধে ২১-৮, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত অনমোল খাৰাবে তৃতীয়খন একক তথা আৰু অন্তিমখন মেচত লি ছিন য়ি মেগানক ২১-১৫, ২১-১৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ভাৰতক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰোৱায়৷

উল্লেখ্য যে ইয়াৰপূৰ্বে দুই অসম কন্যা অস্মিতা আৰু ঈশাৰাণীৰ গৌৰৱময় চমকপ্ৰদ প্ৰদৰ্শনৰে ভাৰতে প্ৰথমখন মেচত কানাডাৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰি উবেৰ কাপত জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছিল৷ ইফালে, উবেৰ কাপৰ সফলতাৰ লগতে থমাছ কাপতো জয়ৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় পুৰুষ দলটোৱে৷

বিগত বৰ্ষৰ চেম্পিয়ন ভাৰতে প্ৰথমখন গ্ৰুপ মেচত থাইলেণ্ডক ৩-১ ত পৰাস্ত কৰে৷ এইছ এছ প্ৰনয় উদ্বোধনী একক শাখা খেলত পৰাস্ত হয় যদিও চিৰাগ শ্বেট্টী আৰু সাতৱিকছাইৰাজ ৰেংকিৰেডীয়ে ডাবলছত জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছত লক্ষ্য সেনে দ্বিতীয়খন একক শাখাৰ মেচত জয়ী হৈ ভাৰতক অগ্ৰগতি প্ৰদান কৰে৷ ডাবলছৰ দ্বিতীয়খন মেচত ভাৰতৰ এম আৰ অৰ্জুন আৰু ধ্ৰুৱ কপিলাই জয় অৰ্জন কৰি দলৰ প্ৰত্যাশিত আৰম্ভনি কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ভাৰতীয় পুৰুষ দলটোৱে দুবছৰ পূৰ্বে থাইলেণ্ডত ইতিহাস সৃষ্টি কৰি ফাইনেলত শক্তিশালী ইণ্ডোনেছিয়াক ৩-০ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপৰ মুকুট পৰিধান কৰিছিল৷

কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…

গোৱালপাৰা জিলাৰ জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ছলেমান আলী আহমেদক  দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা এক জনোৱা হয় সম্বৰ্ধনা। উল্লেখ্য যে দৈনন্দিন বাৰ্তা, আলোকপ্ৰভোঞ্জন ৱেলফেয়াৰ চ’ছাইটি আৰু দ্য আসাম ৰাইজিং কাকতৰ ১৪ বছৰীয়া গৌৰৱোজ্জল ক্ষণত কাকত গোষ্ঠীটোৱে কাকতখনক চিৰঞ্জীৱী কৰাৰ উদ্দেশ্যে ঘৰে ঘৰে  দৈনন্দিন বাৰ্তা, ঘৰে ঘৰে আলোকপ্ৰভোঞ্জন আৰু দ্য আসাম ৰাইজিং ডেৰ লক্ষ ব্যক্তিৰ হাতত তুলি দিয়াৰ ব্যতিক্ৰমী প্ৰয়াস পৰিলক্ষিত হৈছে।


এই উপলক্ষে সংবাদ গোষ্ঠীটোৱে ঘৰ ঘৰ দৈনন্দিন বাৰ্তা, ঘৰ ঘৰ আলোকপ্ৰভোঞ্জন আৰু দ্য আসাম ৰাইজিং বাতৰি কাকতৰ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সমাজৰ বিভিন্ন পৰ্যায়ৰ একাংশ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস চলায়। কাকত গোষ্ঠীৰ এই প্ৰয়াসৰ মাজতে গোৱালপাৰা জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ছলেমান আলী আহমেদক  দৈনন্দিন বাৰ্তা কাকতৰ গোৱালপাৰাৰ সাংবাদিক নেকিবুৰ জামানৰ তৎপৰতাত গোৱালপাৰা চহৰৰ কেবাগৰাকীকৈ সচেতন নাগৰিকৰে উপস্থিত সম্বৰ্ধনা জনোৱা হয়। বিষয়া গৰাকীক,গামোচা, মানপত্ৰ আৰু তিনিওখন বাতৰি কাকতেৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বিষয়া গৰাকীয়ে  কাকত গোষ্ঠীটোক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন লগতে কাকত গোষ্ঠীৰ চিৰঞ্জীৱী হোৱাৰ কামনা কৰে। তদুপৰি তেও কয় যে এনে  সম্বৰ্ধনাই আগন্তক দিনত সাংবাদিকতা বৃত্তিৰে সমাজৰ সেৱা কৰাৰ ক্ষেত্ৰত আৰু অধিক নিষ্ঠা, সততা দায়িত্ববোধৰ বিষয়ে সচেতন হোৱাৰ অনুপ্ৰেৰণা যোগাব।

গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…

আমি ৰাতি ৭ৰ পৰা ৮ ঘণ্টা টোপনি যোৱা উচিত, কাৰণ ইয়াৰ ফলত শৰীৰৰ কাৰ্য্যকলাপ সঠিকভাৱে কাম কৰাত সহায় কৰে। যদি টোপনিৰ অভাৱ হয় তেন্তে অলসতা আৰু বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সাধাৰণতে আমি সকাহৰ বাবে গাৰু ব্যৱহাৰ কৰো, কিন্তু এই সকাহ দীৰ্ঘম্যাদীভাৱেও সমস্যাত পৰিণত হ’ব পাৰে।


গাৰু এৰি শোৱাৰ আছে বহু উপকাৰিতা-

১/ টোপনি উন্নত কৰে

২) পিঠি আৰু ডিঙিৰ বিষ কমায়

৩/ এলাৰ্জী কমায়

৪/ মানসিক চাপ কমিব পাৰে

যদি গাৰু ল’বলৈ মন যায় তেন্তে এটা পাতল গাৰু ৰাখিব যাতে বেছি ওখ নহয়। কিছুমান মানুহে অতি ওখ গাৰু ব্যৱহাৰ কৰে, দীৰ্ঘদিন ধৰি তেনে গাৰু ব্যৱহাৰ কৰিলে ডিঙি আৰু মেৰুদণ্ডৰ বিষ হ’ব পাৰে।