Home Blog Page 877

যৌন ৰোগাক্ৰান্ত মানুহৰ লগত যৌন স্ংগম কৰিলে গনৰিয়াৰ হোৱাৰ সম্ভাৱনা…

চিকিৎসা বিজ্ঞান শাস্ত্ৰত এই ধৰনৰ ৰোগক এছ টি ডি বা Sexually transmitted disease বুলি নামকৰন কৰা হৈছে।আকৌ যৌন ৰোগ বুলি এই কাৰনেই কোৱা হয় যে যৌন ৰোগাক্ৰান্ত মানুহৰ লগত যৌন স্ংগম কৰিলে যৌন ৰোগৰ বীজানু শৰীৰত সোমাই এই ৰোগৰ সৃষ্টি কৰিব পাৰে।অৱশ্যে এজনৰ গাৰ পৰা আনজনলৈ ৰোগ বিয়পাৰ পৰা অন্য কিছুমান মাধ্যমো নথকা নহয় যেনে গৰ্ভৱতী মাতৃৰপৰা সন্তানৰ তেজলৈ গৰ্ভফুলৰ মাধ্যমৰে এইডছ আৰু ছিফিলিছ নামৰ যৌনৰোগ স্ংক্ৰামন হব পাৰে।এইডছ ৰোগীয়ে বা এইডছ ৰোগৰ বাহকে ব্যৱহাৰ কৰা ছিৰিজ আনে ব্যৱহাৰ কৰিলে বা একেটা বা একেটা বেজীৰে বহুতো স্ংগীয়ে ৰক্তবাহী শিৰাৰে মাদকদ্ৰব্য গ্ৰহন কৰিলে এইডছ ৰোগ স্ংক্ৰমন হব পাৰে।এইচ আই ভি বীজানুৰ দ্বাৰা আক্ৰান্ত মানুহৰ তেজ আন সুস্থ ব্যক্তিলৈ সঞ্চালন কৰিলেও এইডছ হব পাৰে।ঠিক একেদৰেই হেপাটাইটিছ আৰু ছিফিলিছ ৰোগৰ বীজানুও বিয়পিব পাৰে।মন কৰিবলগীয়া কথা যে আধুনিক কালৰ জীৱনযাত্ৰাত জনসাধাৰনৰ মাজত যৌন ৰোগৰ প্ৰকোপ দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে।ৰোগ নিৰ্নয়ক বিজ্ঞান সন্মত পৰীক্ষা-নিৰীক্ষাবোৰৰ মান যিমানেই বৃদ্ধি হৈছে সিমানেই নতুন বেছিভাগেই ভাইৰাছজনিত সংক্ৰমন।আনহাতেদি যৌনৰোগৰ স্ংক্ৰমন বৃদ্ধি হোৱাৰ অন্যান্য কাৰনসমূহ হল—

সচৰাচৰ ব্যৱহাৰ কৰা আৰু ফলপ্ৰসু চিনাকী এন্টিবায়টিক দৰৱ সমূহৰ বিৰুদ্ধে বিজানুবোৰে প্ৰ্তিৰোধ ক্ষমতা লাভ কৰিছে।

দ্বিধাহীন আৰু সহজ মিলামিছা বাচ বিচাৰ নোহোৱাকৈ হোৱা যৌন সম্পৰ্কও এক অন্যতম কাৰন।

গৰ্ভ নিৰোধক বড়ি আৰু গৰ্ভনিৰোধক আহিলাসমূহক যৌন ব্যাধিসমূহৰ বাবেও নিৰাপদ বুলি গন্য কৰাৰ যি ভ্ৰান্ত ধাৰনা তাৰ বাবেও মানুহ যৌন ৰোগৰ বলি হৈছে।

যৌন ৰোগ আৰু যৌন শিক্ষাৰ বিষয়ে অনভিজ্ঞতাও আন এটা কাৰন।

বিদেশ ভ্ৰমনৰ প্ৰৱনতা আৰু প্ৰয়োজনীয়তা বৃদ্ধি হোৱাটো অন্যতম এটা কাৰন।

উন্নতমানৰ পৰীক্ষাগাৰ আৰু পৰীক্ষা ব্যৱস্থা উপলদ্ধ আৰু সহজলদ্ধ হোৱাৰ বাবেই অধিক স্ংখ্যক ৰোগী ধৰা পৰিবলৈ লৈছে।এতিয়ালৈকে মানুহৰ তেজত ধৰা পৰা বিভিন্ন প্ৰকাৰৰ যৌনব্যাধিৰ নাম তলত উল্লেখ কৰা হল—

১)বেক্টেৰিয়া বা জীৱানুৰ পৰা হোৱা: গনৰীয়া ছেলমইডিয়া,ছিফিলিছ লিম্ফগ্ৰেনুলোম ভেনেৰাম,চেংক্ৰয়েড আৰু গ্ৰেনুলোমা ইঙ্গইমেলি।

২)ভাইৰাছজনিত যৌনৰোগ: এইডছ জেনিটল হাৰপিচ কণ্ডাইলামা একুমিনাটা।

৩)পৰজীৱিৰপৰা হোৱা ৰোগৰ নাম ট্ৰাইকমনাছ ভেজাইনেকিছ।

৪)ভেকুৰৰ পৰা হোৱা ৰোগৰ নাম মনিলিয়েল ভেজাইনাইটিছ।ইয়াৰ ভিতৰত তিনিবিধ উল্লেখযোগ্য যৌন ব্যাধি গনৰিয়া ছিফিলিছ আৰু এইডছ।

গনৰিয়া
নেইছেৰিয়া গনৰিয়া নামৰ এবিধ জীৱানুৰ পৰা স্ংক্ৰমন হয়।জীৱানু সোমোৱাৰ ৩-৭ দিনৰ ভিতৰতে শৰীৰত লক্ষন ফুটিউ উঠে।মহিলাৰ ক্ষেত্ৰত মুত্ৰনলীৰ প্ৰৱেশদ্বাৰা(ইউৰেথ্ৰা)যৌনাঙ্গৰ বেৰত থকা ব্যৰ্থলিন গ্লেণ্ড আৰু জৰায়ুৰ মুখ বা ছাৰ্ভিছত স্ংক্ৰমন হয়।মনত ৰাখিবলগীয়া কথা এয়ে যে যি প্ৰকাৰ জীৱানু যৌনৰোগ নকৰক কিয় নেইচেৰিয়া গনৰিয়া নামৰ জীবানুবিধ তাৰ লগত স্ংঙ্গী থাকিবই।আকৌ এবাৰ গনৰিয়াত আক্ৰান্ত হোৱা ৰোগীনিক ছিফিলিছ আৰু চেলমাইডিয়ল হোৱাৰ আংশকা অধিক।গনৰিয়াত ভোগা মহিলাৰ প্ৰস্ৰাৱত যন্ত্ৰনা হয়।যৌনাঙ্গ বেদনাদায়ক হয়।কাষৰ ব্যৰ্থলিণ্ড গ্ৰন্থী ফুলি উঠে মলদ্বাৰা ভিতৰতো যন্ত্ৰনা হব।অলপ অলপ জ্বৰৰ ভাৱ থাকিব পাৰে।যৌনাঙ্গ আৰু ছাৰ্ভিক্সৰ মুখেৰে ওলোৱা ডিচাৰ্জ পনীয় হব তাত পুজ থাকিব।যৌনাঙ্গৰ লেবিয়া মেজৰা অংশত ভীষন প্ৰদাহ হব প্ৰদাহত ই ফুলি যাব।প্ৰদাহ আৰু স্ংক্ৰমনে অত্যাধিক হলে লেবিয়াৰ তলতে থকা ব্যৰ্থলিণ্ড গ্ৰন্থীয়ে পুজৰঁ টেমুনা বা এবচেচৰ আকৃতি লব।

ছিফিলিছ
ট্ৰিপোনেমা পেলিডাম নামৰ বীজানুৰ দ্বাৰা হয়।এই ৰোগক্ৰান্ত কোনো ব্যক্তিৰ লগত সহবাস কৰিলে এই ৰোগৰ সৃষ্টি হয়।মাকৰ ছিফিলিছ থাকিলে গৰ্ভস্থ শিশুৰো ছিফিলিছ হোৱাৰ আংশকা থাকে।সাধাৰনতে যৌনাঙ্গৰ(লেবিয়াৰ অংশত)প্ৰথমে সৰু গুটি বা ফোহোৰা দৰে হৈ পিছলৈ ফাটি গৈ গাঁত আকৃতিৰ বেদনাহীন ঘা হয়,এই ঘা ডোখৰৰ নাম প্ৰাইমাৰী চেঙ্কাৰ ঘাৰ পৰা ছেকেণ্ডাৰী ছিফিলিছ আৰম্ভ হব পাৰে।সেই অৱস্থাটো ৰোগীনিৰ দেহাত দুবছৰ মানলৈ ৰৈ যাব পাৰে আৰু মানুহগৰাকী ছিফিলিছ বীজানুৰ বাহক হৈ থাকিব।চিকিৎসাৰ অভাৱত বহুদিনীয়া ছিফিলিছ ৰোগীৰ বীজানু হৃদপিণ্ডকে কেন্দ্ৰ কৰি শৰীৰৰ ভিন ভিন অঙ্গলৈ সংক্ৰমন হব পাৰে।ছিফিলিছৰ চিকিৎসা প্ৰয়োগ কৰাৰ পিছতো ৰোগিনী প্ৰকৃততে ছিফিলিছৰ বীজানুৰ পৰা মুক্ত হল নে নাই তাক জনাৰ বাবে তেজৰ চিৰাম পৰীক্ষা কৰি থাকিব লাগে।

লেখকড° দীনেশ শৰ্মা

UPSCত ৪৬২ নম্বৰ স্থান লাভেৰে ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে ঋতুৰাজ শৰ্মাই…

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ধুবুৰীৰ ঋতুৰাজ শৰ্মাই ৪৬২ নম্বৰ স্থান লাভ কৰি ধুবুৰী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ধুবুৰীৰ ২ নং ৱাৰ্ডৰ স্বৰ্গীয় ভুপেন্দ্ৰ নাথ শৰ্মা আৰু জলিতা দেৱীৰ পুত্ৰ ঋতু ৰাজ শৰ্মাৰ সাফল্যত এতিয়া অনন্দিত সকলো।

ধুবুৰীৰ হেপী কনভেণ্ট আৰু ডনবক্সো স্কুল, গুৱাহাটী’ত অধ্যয়ন কৰি তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক উত্তীৰ্ণ হৈ প্ৰথম বাৰৰ প্ৰচেষ্টাতেই ইউ,পি,এচ,ছি’ত সাফল্য লাভ কৰিবলৈ সক্ষম হয় ঋতু ৰাজ শৰ্মা। ঋতু ৰাজৰ দেউতাকৰ সপোন আছিল এদিন আই ,এচ বিষয়া ৰূপে পুত্ৰক প্ৰতিষ্ঠা কৰিব সমাজত। ইউ,পি,এচ,ছি পৰীক্ষাত প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ কচিং লোৱা নাছিল ঋতুৰাজে। ঋতুৰাজৰ এই বৃহৎ সফলতাত তেওঁৰ মা’ৰ অৱদান যথেষ্ট অতুলনীয় বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

ধুবুৰীত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ নেতৃত্বত দুহেজাৰো অধিক সমৰ্থকসহ অগপত যোগদান..

লোকসভা নিৰ্বাচন সমাগত, হাতত আৰু কেইটামান দিন থাকোঁতে ধুবুৰী লোকসভা সমষ্টিৰ মিএযোটৰ শক্তি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। কংগ্ৰেছ দলৰ প্ৰতি বীতশ্ৰদ্ধ হৈ ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰন সম্পাদক আমিনুল ইচলাম কংগ্ৰেছ দলৰ পদৰ পৰা পদত্যাগ কৰাৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰাৰ লগতে আমিনুল ইচলামৰ নেতৃত্বত ২,০০০ৰো অধিক সমৰ্থক সহ অগপ দলত যোগদান কৰে। বুধবাৰে ধুবুৰী নয়াহাট অঞ্চলত ধুবুৰী জিলা , সমিতি অসম গণ পৰিষদ আৰু অসম বিধান পৰিষদ সমষ্টিৰ যৌথ উদ্যোগত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইচলাম আৰু ৰাজ্যিক অসম গন পৰিষদৰ উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক সত্যৰঞ্জন কলিতা, ধুবুৰী জিলা সভাপতি অমল সাহা, প্ৰাক্তন বিধায়ক জাহানউদ্দিন, শিমূল সৰকাৰ ,দিলীপ দত্তৰ উপস্থিতিত আমিনুল ইচলাম অগপত যোগদান কৰে। যোগদানৰ পিছত আমিনুল ইচলামে ভাষণত কয়, বৰ্তমান কংগ্ৰেছ দলত নেতৃত্বতৰ অভাৱ হৈ পৰিছে, অসমৰ লগতে বিশেষকৈ ধুবুৰী জিলাত।


ধুবুৰী জিলাত কংগ্ৰেছ দলক পৰিচালনা কৰে বাহিৰৰ লিডাৰে,, নীতি বহিৰ্ভূত ভাৱে। সকলো নীতি নিৰ্দেশনাক জলাঞ্জলি দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যি মন যায় তাকেই কৰি আছে। তেনে দলত আমি থকাটো মই ভাবোঁ,, মাথোন অন্যায় নহয় পাপ হ’ব। আমি বিগত সময়চোৱাত কলেজ জীৱনৰ পৰা NSUI ,যুৱ কংগ্ৰেছ, কংগ্ৰেছৰ Minority department chairman আদিৰ লগতে ধুবুৰী সমষ্টিৰ পৰা যুৱ কংগ্ৰেছৰ সভাপতি মোৰ নিজৰ সৰু ভাই আৰিফুল ইছলাম আছিল। উক্ত সময়ছোৱাত, আমাৰ সকলোৰে অতি আদৰৰ বৰ্তমানৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমান বিজেপিৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, আদি ভাল ভাল নিষ্ঠাবান লিডাৰ বোৰে কংগ্ৰেছ দলক আগুৱাই লৈ গৈছিল। সাধাৰণ মানুহে এওঁলোকৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ কংগ্ৰেছ দলৰ হৈ কাম কৰিছিল।
এনেধৰণৰ আদৰ্শৱান মানুহ বোৰে যেতিয়া কংগ্ৰেছৰ পৰা আতঁৰি গল লাহে লাহে আজি চাওক গোটেই অসমতেই কংগ্ৰেছৰ কি অৱস্থা। যি কি নহওঁক, মোৰ বহুত পলম হৈ গ’ল, মই বহুত আগতেই এই দল ত্যাগ কৰিব লাগিছিল। ইমান দিনে আমাৰ ধুবুৰী বিধান সভা সমষ্টিৰ ১৫ টা পঞ্চায়ত আৰু ১৬ খন ৱাৰ্ডৰ বিভিন্ন পদবীত থকা কংগ্ৰেছ কৰ্মী সকলক লৈ মই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি অ গ প দলত যোগদান কৰিলোঁ, আৰু ভৱিষ্যতে মই আৰু মোৰ সহকৰ্মী সকলোৱে নিষ্ঠাবদ্ধতাৰে অসম গণ পৰিষদ দলৰ হৈ কাম কৰি যাম।অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ লগতে এইবাৰ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ অগপ দলৰ মনোনীত প্ৰাৰ্থী জাভেদ ইছলাম সঁচাই এজন দক্ষ আৰু আদৰ্শ পৰায়ন, তথা বিশিষ্ট ভদ্ৰ মানু্হ হয়। মোৰ বিশ্বাস তেওঁক যদি আমি ধুবুৰী লোকসভাৰ পৰা দিল্লী লৈ পঠাব পাৰোঁ তেন্তে ধুবুৰী সমষ্টিৰ ৰাইজে শোষণৰ পৰা পৰিত্ৰাণ পাব, নিৰাপত্তা পাব।ইমান দিনে ধুবুৰীৰ ৰাইজক আজমল আৰু নজৰুল চাহাবে যি শোষণ কৰি খাই আছিল তাৰ পৰা ১০০% পৰিত্ৰাণ পাব।
ধুবুৰীৰ ৰাইজে নিৰাপত্তা হীনত ভুগি আছে। ভোটৰ সময়ত আজমলে আহি মুছলমান মুছলমান কৈ ভোট লৈ যায় হোজাইত আৰু আনফালে বিধায়ক নজৰুল চাহাবে Minority সম্প্ৰদায়ৰ ভোট লৈ থাকে বেংগলত।

উপস্থিত ৰাইজক অনুৰোধ কৰে অসম গণ পৰিষদ দল, জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে গঠিত। এই দলত সকলোৰে সমান স্থান আৰু অধিকাৰ আছে, এই দলত কোনো ধৰণৰ ভেদভাৱ নাই। অসম গণ পৰিষদ দল ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল “ভাৰতীয় জনতা পাৰ্টীৰ” মিত্ৰ দল হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি হাৰে অসমৰ জনসাধাৰণৰ উন্নয়নৰ হকে কাম কৰি আছে, নি সন্দেহ ক’ব পাৰোঁ আপোনালোকে এইবাৰ ধুবুৰীৰ পৰা জাভেদ ভাইক নিৰ্বাচনত জয়ী কৰি হিমন্ত বিশ্ব শৰ্মাৰ লগতে সন্মানীয় নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰক। ধুবুৰী বাসী ৰাইজে অইন অইন জিলাৰ দৰে ধুবুৰীতো উন্নয়ন জোৱাৰ দেখিবলৈ পাব।

ভাৰতীয় ষ্টক মাৰ্কেটত গেপ আপ মুকলি ! চেন্সেক্সে ৭৩,১০০ অতিক্ৰম…

ষ্টক মাৰ্কেট মুকলিঃ আজিৰ পৰা আৰম্ভ হৈছে ভাৰতীয় ষ্টক মাৰ্কেটত গেপ আপ মুকলি। কালি ৰাম নৱমী উপলক্ষে শ্বেয়াৰ বজাৰ বন্ধ হৈ পৰাত এদিনৰ ছুটীৰ অন্তত উত্থানৰ সৈতে বজাৰখন ব্যৱসায়ৰ বাবে মুকলি হ’ল। আই টিৰ শ্বেয়াৰ মুকলি কৰাৰ সময়ত ০.৮৮ শতাংশ বৃদ্ধি পাইছিল যদিও আৰম্ভণিৰ মিনিটৰ ভিতৰতে ৰেড জ’নত পিছলি পৰিছিল। মিডকেপ সূচকাংক বৃদ্ধি আৰু বেংকিং ষ্টকৰ শক্তিৰ পৰাও বজাৰখনে সমৰ্থন লাভ কৰিছে।

বজাৰ মুকলি কৰাৰ সময়ত বিএছই চেন্সেক্সে ২৩৯.৪২ পইণ্ট বা ০.৩৩ শতাংশ বৃদ্ধিৰে ৭৩,১৮৩ৰ স্তৰত মুকলি কৰে। এন এছ ইৰ নিফটি ২২,২১২ৰ স্তৰত মুকলি হয়, যিটো ৬৪.৪৫ পইণ্ট বা ০.২৯ শতাংশ বৃদ্ধি।

চেন্সেক্সৰ শ্বেয়াৰৰ পৰিস্থিতি

বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২২টা ষ্টক বৃদ্ধিৰ সৈতে ব্যৱসায় চলি থকাৰ বিপৰীতে ৮টা ষ্টক হ্ৰাসৰ সৈতে ব্যৱসায় চলি আছে। চেন্সেক্সৰ শীৰ্ষ লাভকাৰীসকলৰ ভিতৰত পাৱাৰ গ্ৰীড, এম এণ্ড এম, ইনফ’ছিছ, টিচিএছ, এল এণ্ড টি, উইপ্ৰ’ৰ শ্বেয়াৰ সৰ্বোচ্চ লাভৰ সৈতে ব্যৱসায় কৰা হৈছে আৰু হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত এইচচিএল টেক, নেচলে, এনপিচি, এক্সিছ বেংক আৰু টেক মহিন্দ্ৰাৰ শ্বেয়াৰ দেখা গৈছে।

৫০টা নিফটি ষ্টকৰ ভিতৰত ৩৬টা ষ্টকে বৃদ্ধি পাইছে আৰু ১৪টা ষ্টকে শক্তি লাভ কৰিছে। এইচডিএফচি লাইফ, বিপিচিএল, আদানী প’ৰ্টছ, পাৱাৰগ্ৰিড, হিণ্ডালকোৰ শ্বেয়াৰত আটাইতকৈ বেছি বৃদ্ধি । হ্ৰাস পোৱা মজুতসমূহৰ ভিতৰত আছিল এইচ চি এল টেল এপ’ল’ হাস্পতাল, এন টি পি চি, টেক মহিন্দ্ৰা আৰু নেচলেৰ নাম।

বিএছইৰ বজাৰ মূলধন হৈছে ৩৯৬.৭২ লাখ কোটি টকা। ইয়াত ৩২১২ টা শ্বেয়াৰৰ ব্যৱসায় দেখা গৈছে আৰু ২৩১৬ টা শ্বেয়াৰত বৃদ্ধি দেখা গৈছে। ৮০২ টা শ্বেয়াৰ ডিক্লাইনিং মোডত আৰু ৯৪ টা শ্বেয়াৰৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ ট্ৰেডিং হৈ আছে। এই সময়ছোৱাত ১১৯টা শ্বেয়াৰ ৫২ সপ্তাহৰ উচ্চতম স্তৰত আছে আৰু ৪টা শ্বেয়াৰ সৰ্বনিম্ন স্তৰত আছে। ১৬২টা শ্বেয়াৰৰ ওপৰত আপাৰ চাৰ্কিট আৰু ৪০টা শ্বেয়াৰ লোয়াৰ চাৰ্কিটৰ সৈতে ।

অযোধ্যাত ৰামলালাৰ সূৰ্য তিলকঃ কংগনা ৰানাউটৰ পৰা অনিল কাপুৰলৈকে সকলো চেলিব্ৰিটিৰ মুখত ৰাম নাম…

ৰাম লল্লা সূৰ্য তিলক: আকৌ এবাৰ অযোধ্যাৰ ৰাম মন্দিৰত ভক্তৰ এক আচৰিত দৃশ্য দেখা গ’ল। ৰাম নৱমী উপলক্ষে ৰামলালাৰ সূৰ্য তিলক কৰা হয়। এই বিশেষ অনুষ্ঠানত বলীউডৰ চেলিব্ৰিটিসকলৰ প্ৰতিক্ৰিয়াও আহিল। কংগনা ৰানাৱত, অনিল কাপুৰ আৰু অৰ্জুন ৰামপালে ৰামলালাক লৈ কি কি বিশেষ পোষ্ট লিখিছে। ১৭ এপ্ৰিলত ৰাম নৱমী পালন কৰা হয়। এই উপলক্ষে ৰাম মন্দিৰত ভক্তৰ বিপুল ভিৰ হোৱাৰ বিপৰীতে আনফালে বলীউডৰ চেলিব্ৰিটি সকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কংগনা ৰানাৱতৰ পৰা অনিল কাপুৰৰ পৰা অৰ্জুন ৰামপাললৈকে ৰাম নৱমীত ৰামলালাৰ বিষয়ে অতি বিশেষ পোষ্ট লিখিছে। কোনে কি মন্তব্য কৰে চাওঁ আহক-

কংগনা ৰানাৱটে ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰাম মন্দিৰৰ আভাস শ্বেয়াৰ কৰাৰ বিপৰীতে অতিপ্ৰাকৃতিক দৃশ্যৰ বিষয়েও নিজৰ মতামত প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘অতিপ্ৰাকৃতিক দৃশ্য। অযোধ্যাৰ ৰামলালাৰ কপালত সূৰ্য্যৰ ৰশ্মি উজ্জ্বলভাৱে জিলিকি আছে। এই উপলক্ষে দিব্য সূৰ্য্য কিৰণ অনুষ্ঠান। জয় শ্ৰী ৰাম।’

আনহাতে নিউয়ৰ্কত থকা অৰ্জুন ৰামপালে ৰামলালাৰ সূৰ্য্য তিলকৰ ছবিখন শ্বেয়াৰ কৰে। তেওঁ লিখিছে, ‘জয় শ্ৰী ৰাম। জয় শ্ৰী ৰাম। আজি নিউয়ৰ্ক চহৰত এটা সুন্দৰ ৰাতিপুৱা আছিল। এই সুন্দৰ ছবিখন অযোধ্যাৰ পৰা আহিছে। ৰাম নৱমী ২০২৪ ৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অনুপম খেৰৰ পৰা অনিল কাপুৰৰ পৰা অজয় ​​দেৱগানেও ৰাম নৱমীক শুভেচ্ছা জনায়। অনুপম খেৰে কেপচনত লিখিছে, ‘ৰাম নৱমীৰ উৎসৱৰ বাবে বহু শুভেচ্ছা। ভগৱান ৰাম এনেদৰে থাকক।

আনহাতে ৰাম মন্দিৰ উদ্বোধন কৰাৰ সময়ত বলীউডৰ পৰা দক্ষিণৰ চেলিব্ৰিটিলৈকে সকলোৱেও অংশগ্ৰহণ কৰিছিল। কংগনা ৰানাৱত, কেটৰিনা কাইফ, বিকি কৌশল, ৰণবীৰ কাপুৰ, আলিয়া ভাট, অমিতাভ বচ্চন, ৰাম চৰণ, মাধুৰী দীক্ষিতকে ধৰি বহু তাৰকাক দেখা গৈছিল।

পুনৰ বিতৰ্কৰ আৱৰ্তত নেষ্টলেৰ শিশু খাদ্য…

পুনৰ বিতৰ্কৰ আৱৰ্তত নেষ্টলেৰ শিশু খাদ্য।

উন্নয়নশীল দেশসমূহত বিক্ৰী কৰা চেৰেলেকত পোৱা যায় অত্যধিক চেনী।

আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত উপলব্ধ চেৰেলেকত কম মাত্ৰা পোৱা যায় চেনী। এক ৰিপ’টত এই তথ্য প্ৰকাশ।

‘ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ মোদীয়ে ৰখাই দিছিল’ :ভৱেশ কলিতা…

‘ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ মোদীয়ে ৰখাই দিছিল’- ভৱেশ কলিতা ।

ৰঙিয়াত নিৰ্বাচনী ভাষণত এই উক্তি ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ ।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ভাৰতীয় ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিবলৈ

যুদ্ধ বন্ধ কৰি দি ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰি আনিছিল মোদীয়ে এইদৰে মন্তব্য কৰে ৰাজ্যিক সভাপতি তথা বিধায়ক গৰাকীয়ে ।

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটগ্ৰহণৰ বাবে ভাৱে সাজু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন…

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইঘণ্টামান বাকী।

১৯ এপ্ৰিলৰ পুৱাৰে পৰা অনুষ্ঠিত হব ভোট দান প্ৰক্ৰিয়া।

ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণ ভাৱে সাজু হৈ উঠিছে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন।

ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰ সমুহলৈ যাবলৈ ভোট গ্ৰহণৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকল আহি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈছেহি।

কিছুসময়ৰ পিছতে পুলিং আৰু পিজাইডিং বিষয়াসকলক গাড়ীৰে ভোট গ্ৰহণ কেন্দ্ৰসমুহলৈ ৰাওনা হ’ব।

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি৷ গাড়ীৰ চালক আৰু হেণ্ডিমেনে প্ৰয়োজনীয় মজুৰি নোপোৱাৰ অভিযোগ…

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি হয় ৷ নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ অনা উইগাংৰৰ চালক আৰু হেণ্ডিমেনে প্ৰয়োজনীয় মজুৰি নোপোৱাৰ অভিযোগত নিশা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

উল্লেখযোগ্য যে, কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰলৈ পুলিং, প্ৰিজাইডিং বিষয়াসকলৰ যাতায়তৰ বাবে ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ Transportation Cellয়ে বহু সৰু গাড়ী ভাড়ালৈ আনিছিল ৷ উইংগাৰ গাড়ীসমূহৰ হেণ্ডিমেনসকলক খোড়াকী প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে চালকৰ লগতে হেণ্ডিমেন সকলো ৷ উল্লেখযোগ্য যে, গোলাঘাটত তিনিটা দিনৰ বাবে উইংগাৰসমূহৰ চালক আৰু হেণ্ডিমেনৰ বাবদ ২৮০০ টকা পৰিশোধ কৰাৰ বিপৰীতে একেখন জিলাৰে সৰুপথাৰত কেৱলমাত্ৰ চালকৰ বাবে ১৩৫০ টকাহে পৰিশোধ কৰাত ক্ষোভিত হৈ পৰে হেণ্ডিমেনসকল। ইফালে, এই সন্দৰ্ভত বাতৰি কৰিবলৈ যোৱা সংবাদ মাধ্যমৰ লোককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। লগতে বাতৰি সংগ্ৰহ কৰিবলৈকো বাধা প্ৰদান কৰে তাত থকা কেইজনমান বিষয়াই।


উল্লেখযোগ্য যে, কেৱল চালক হেণ্ডিমেনৰ খোড়াকীয়ে নহয় বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ব্যৱহাৰ কৰা সৰু গাড়ীৰ একাংশই বৰ্তমানলৈকে প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ তুলিছে ৷ আনহাতে, হেণ্ডিমেনসকলে নিৰ্বাচনৰ তিনিটা দিনৰ প্ৰয়োজনীয় খোড়াকী নাপালে গাড়ী প্ৰশাসনৰ হাততে চমজাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ধনশিৰি জিলা নিৰ্বাচনী বিষয়া আৰু উইংগাৰ সন্থাৰ হস্তক্ষেপত বিষয়টো সাম কাটে যদিও একেখন জিলাৰে দুটা স্থানত খোড়াকী হিচাপে প্ৰদান কৰা ধনৰ পৰিমাণ পৃথক পৃথক হোৱাত উইংগাৰৰ লগত জড়িত লোকসকল আচৰিত হৈ পৰিছে ৷

পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতিঃ ৬৩ৰো অধিক লোক নিহত…

ডুবাই, ওমানৰ পাছত এইবাৰ পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতি। এই বিধ্বংসী বানত ৬৩ ৰো অধিক লোক নিহত।

বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হৈছে। চাৰি দিন ধৰি পাকিস্তানত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতে লৈছে ভয়ংকৰ ৰূপ।

দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ কৰ্তৃপক্ষই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়তে বিগত চাৰিদিনত সমগ্ৰ পাকিস্তানত বজ্ৰপাত আৰু প্ৰবল বৰষুণত বহু লোকৰ ক্ষয়-ক্ষতি হয়।

স্বাভাৱিক বৰষুণৰ ২৫৬ শতাংশতকৈও অধিক বৰষুণ পাকিস্তানৰ বেলুচিস্তানত। এই মাহত স্বাভাৱিকতকৈ ৬১ শতাংশ অধিক বৰষুণ হৈছে পাকিস্তানত।