Home Blog Page 878

দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ ব্য়াপক নিৰ্বাচনী প্ৰচাৰ দিলীপ শইকীয়াৰ…

নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে দৰঙ-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। ন-ন অঞ্চলত অনুষ্ঠিত হোৱা জনসভাত এইদৰে বহু কংগ্ৰেছ কৰ্মীয়ে সংসদীয় সমষ্টিৰ প্ৰাৰ্থী গৰাকীৰ উপস্থিতিত বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে।

ছিপাঝাৰৰ কুৰুৱা অঞ্চলত কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে এইদৰে। মুঠতে দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ এইদৰে ৰাইজৰ ওচৰ চাপিছে প্ৰাৰ্থী গৰাকীয়ে। কুৰুৱাৰ লগতে দৰং জিলাৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দিলীপ শইকীয়া।

মা, তোমাৰ বিয়া কেতিয়া? মাতৃ মালাইকা অৰোৰালৈ পুত্ৰ আৰহান খানৰ প্ৰশ্ন…

বলীউডৰ ডিভা মালাইকা অৰোৰাই শেহতীয়াকৈ প’ডকাষ্টাৰ ‘ডাম্ব বিৰিয়ানী’ত পুত্ৰ আৰহান খানৰ সৈতে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে আলোচনা কৰে। মালাইকা অৰোৰাই প’ডকাষ্ট ‘ডাম্ব’ৰ এটা নতুন খণ্ডত তেওঁৰ পুত্ৰ আৰহান খানক এটা অতি বিশেষ বাৰ্তা দিলে। মলাইকা অৰোৰা আৰু আৰহানৰ এই বাৰ্তালাপত বিবাহ, কুমাৰীত্ব আৰু সম্পৰ্কৰ বিষয়ে বহু কথাই চৰ্চা হৈছিল। পিতৃ আৰবাজ খান আৰু সোহেইল খানৰ পিছত তেওঁৰ মাতৃ মালাইকা অৰোৰাই অতিথি হিচাপে আৰহানৰ প’ডকাষ্টত অংশ লৈছিল। এই প’ডকাষ্টত মালাইকা অৰোৰাই পুত্ৰৰ সৈতে তেওঁৰ প্ৰাক্তন স্বামী আৰু তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছিল।

প’ডকাষ্ট ‘ডাম্ব বিৰিয়ানী’ৰ শেহতীয়া খণ্ডত আৰহান খানে মাতৃ মালাইকা অৰোৰাক সুধিছিল – “দেশে জানিব বিচাৰে মা, তোমাৰ বিয়া কেতিয়া হ’ব আৰু মই সঠিক তাৰিখটো জানিব লাগিব, স্থান, গন্তব্যস্থান আৰু কাৰ সৈতে।’

পুত্ৰ আৰহান খানৰ এই প্ৰশ্নৰ উত্তৰ দি মালাইকা অৰোৰাই কয়, “মোৰ বাবে জলকীয়া খোৱাটোৱেই ভাল।” এই কথাৰ উত্তৰ মই দিব নোৱাৰো। ইয়াৰ যে কিবা উত্তৰ আছে মই নাজানো। মোৰ এনে লাগে যেন মই এতিয়া মোৰ শ্ৰেষ্ঠ জীৱনটো কটাব পাৰিছো।

ইয়াৰ পিছত আৰহানে মাক মালাইকাক সুধিছে, আৰহান খানে দেউতাকৰ পৰা কি কি গুণ পাইছে, যিবোৰ তেওঁ ভাল পায় আৰু যিবোৰ তেওঁ ভাল নাপায়? এই কথাৰ উত্তৰ দি মালাইকাই কয়, “তোমাৰ অভিব্যক্তিবোৰ হুবহু তেওঁৰ দৰেই, বৰ আকৰ্ষণীয় আচৰণো নহয়”, কিন্তু তেওঁলোকো তেওঁৰ দৰেই। এই অৰ্থত তেওঁ অতি ন্যায়পৰায়ণ ব্যক্তি। তেওঁ কেতিয়াও কথাবোৰ অতিৰঞ্জিত নকৰে। তেওঁ কিছুমান কথাত অতি স্পষ্ট, কিন্তু একে সময়তে আপুনিও তেওঁৰ দৰে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত দুৰ্বল হ’ব পাৰে, যিটো মোৰ আটাইতকৈ কম প্ৰিয় কথা। আপোনাৰ চাৰ্টটো কি ৰঙৰ হ’ব বা কি খাব বিচাৰে সেইটো নিৰ্ণয় কৰিব নোৱাৰি।”

১৯৯৮ চনত মালাইকা অৰোৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰবাজ খানে। ১৯ বছৰ ধৰি চলি থকা তেওঁলোকৰ বিবাহ আৰু ২০১৬ চনত মালাইকা আৰু আৰবাজৰ মাজত বিচ্ছেদ ঘটে। ২০১৭ চনত আৰবাজ আৰু মালাইকাৰ বিবাহ বিচ্ছেদ হৈছিল। দুয়োৰে এজন পুত্ৰ আৰহান। মালাইকাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত কিছুদিন অভিনেত্ৰী-মডেল জৰ্জিয়া এণ্ড্ৰিয়ানীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰবাজ খানে। তাৰ পিছত দুয়োৰে মাজতো বিচ্ছেদ হয়। জৰ্জিয়া আন্দ্ৰিয়ানীৰ সৈতে বিচ্ছেদৰ পিছত মেকআপ আৰ্টিষ্ট শ্বুৰা খানে আৰ্বাজ খানৰ জীৱনত প্ৰৱেশ কৰে আৰু ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আনহাতে, মালাইকা অৰোৰাই দীৰ্ঘদিন ধৰি বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ সৈতে ডেটিং কৰি আহিছে। দুয়োজনে প্ৰায়ে ছ’চিয়েল মিডিয়াত ইজনে সিজনৰ প্ৰতি থকা প্ৰেমৰ কথা প্ৰকাশ কৰে যদিও দুয়োৰে কোনোৱেই এতিয়ালৈকে বিবাহ সম্পৰ্কে একো কোৱা নাই।

জিমলৈ যাবলৈ সময় নাপায় নেকি? চিন্তাৰ কোনো কাৰণ নাই, এই সমূহ কাৰ্যই আপোনাক সুস্থ কৰি ৰাখিব…

ব্যস্ত জীৱনশৈলীত নিজৰ স্বাস্থ্যক সময় দিয়াটো প্ৰায় সকলোৰে বাবে এক প্ৰত্যাহ্বান। কিন্তু ভাল খবৰটো হ’ল যে সপ্তাহত মাত্ৰ ৫ দিন ৩০ মিনিট খোজ কাঢ়িলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে নিয়মীয়াকৈ খোজ কঢ়াটোৱেই আটাইতকৈ সহজ আৰু ফলপ্ৰসূ কম তীব্ৰতাৰ ব্যায়াম। খোজ কঢ়াটো কম প্ৰভাৱৰ ব্যায়াম যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে, মেজাজ উন্নত কৰিব পাৰে, জ্ঞানমূলক কাৰ্য্য বৃদ্ধি কৰিব পাৰে আনকি দীৰ্ঘায়ুতো অৰিহণা যোগাব পাৰে। বয়স বঢ়াৰ লগে লগে নিয়মীয়া শাৰীৰিক কাৰ্য্যকলাপ আমাৰ জীৱনত অন্তৰ্ভুক্ত কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে আৰু খোজ কঢ়াটো ইয়াৰ অন্যতম সুবিধাজনক আৰু উপকাৰী উপায়।


খোজ কাঢ়িলে শৰীৰৰ কি কি হয় জানো আহক-

  • খোজ কঢ়াৰ ফলত ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত হৃদযন্ত্ৰ শক্তিশালী হয়। ইয়াৰ উপৰিও ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।
  • নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে শৰীৰৰ ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰে, যাৰ বাবে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।
  • খোজ কাঢ়িলে কেলৰি কমে, যিয়ে ওজন কমা বা বজাই ৰখাত সহায় কৰে।
  • খোজ কঢ়াই হাড়ৰ ঘনত্ব বজাই ৰাখে আৰু পেশীৰ শক্তি বৃদ্ধি কৰে, যাৰ ফলত গাঁঠিৰ বিষ কম হয় আৰু আঘাতৰ সম্ভাৱনাও কম হয়।
  • খোজ কাঢ়িলে মানসিক চাপ কমে, মেজাজ উন্নত কৰে আৰু লগতে টোপনিৰ মান উন্নত কৰে। ইয়াৰ উপৰিও হতাশা আৰু উদ্বেগৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

যদি আপুনি ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছে তেন্তে ৩০ মিনিট খোজ কঢ়াটো কঠিন যেন লাগিব পাৰে। এনে পৰিস্থিতিত লাহে লাহে আৰম্ভ কৰক। ১০ মিনিটৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে প্ৰতি সপ্তাহত ৫ মিনিট বৃদ্ধি কৰক। ইচ্ছা কৰিলে দিনটোত দুবাৰকৈ ১৫ মিনিট খোজ কাঢ়িবও পাৰে।

খোজ কাঢ়োতে সদায় মনত ৰাখিব এইকেইটা কথা-

  • আৰামদায়ক জোতা পিন্ধিব।
  • দ্ৰুত বা মধ্যমীয়া গতিৰে খোজ কাঢ়িব লাগে, যাতে আপোনাৰ উশাহ-নিশাহৰ অলপ কষ্ট অনুভৱ হয়, কিন্তু যাতে কথা ক’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।
  • নিৰাপদ আৰু সমতল পথত খোজ কাঢ়িব।
  • লগত পানী লৈ যাওক আৰু হাইড্ৰেটেড হৈ থাকক।
  • বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে খোজ কাঢ়িব, ইজনে সিজনক প্ৰেৰণাও দিব পাৰিব।

আজিৰ পৰাই ৩০ মিনিট খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক, সুস্থ আৰু সুখী জীৱনৰ দিশে আগবাঢ়ি যাওক!

আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ…

অসমকে ধৰি উত্তৰ পূব ভাৰতৰ চাৰিখন ৰাজ্যৰ ৫৭ খন জিলাত ২০০৯ চনৰ পৰা যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ অহা ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত ১৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হয় বাহিনীটোৰ সঞ্চালক প্ৰধান পীযুষ আনন্দ।

নতুন দিল্লীৰ পৰা ১৬ এপ্ৰিলত আহি উপস্থিত হোৱা সঞ্চালক প্ৰধান আনন্দে প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত আদৰণি জনায় কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীয়ে। তাৰ পাছত প্ৰথম এন ডি আৰ এফৰ কমাডেণ্ট কাণ্ডাৰীৰ সৈতে বাহিনীটোৰ বিভিন্ন প্ৰশিক্ষণ হোৱা ব্ৰহ্মপুত্ৰৰ দক্ষিণ কামৰূপৰ পলাশবাৰী ঘাট আৰু গুৱাহাটীৰ উজানবজাৰ ঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সঞ্চালক প্ৰধান গৰাকীয়ে দুয়োটা ঘাটতে পানীত ডুব যোৱা মানুহ আৰু বানপানীৰ সময়ত কিদৰে এন ডি আৰ এফৰ লোকে বানাক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰে তাৰ বুজ লয়। তেনেদৰে আজি পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত এখন সৈনিক সন্মিলনত বিষয়া – জোৱান সকলক সম্বোধন কৰি সঞ্চালক প্ৰধান পীযুষ আনন্দে বাহিনীটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলোকে নিজ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ আহ্বান জনায়।

শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰী…

১৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাত ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা ১৯ এপ্ৰিলৰ ভোটদান পৰ্ব শেষ নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে বিশেষ ক্ষমতাৰে ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ এশ মিটাৰ দূৰত্বৰ ভিতৰত পাঁচজনতকৈ অধিক লোক সমাগম হোৱা, লাঠী, ৰ’ড, তৰোৱাল জাতীয় সামগ্ৰী আৰু মাৰনাস্ত্ৰ আদি কঢ়িওৱা আদি কাৰ্য সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰিছে।

এনে ধৰণৰ কাৰ্যই নিকা নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত যাতে ৰাজহুৱা শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এই আদেশ ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুযায়ী দণ্ডনীয় হব।

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ লাই খুটা স্থাপন

গুৱাহাটী, ১৭ এপ্ৰিল: অহা ২১ এপ্ৰিলত হব লগা জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ যোৱা ১৫ এপ্ৰিলত লাইখুটা স্থাপন কৰা হয়। লাই খুটা স্থাপন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সক্ৰিয় তথা বয়জেষ্ঠ সদস্য উত্তৰ জালুকবাৰীৰ ছৰিফ উল্লাহে ।

সমাৰোহৰ লাইখুটা স্থাপন কৰাৰ পিছত এখনি জৰুৰী কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চন্দ্ৰ দাসে । উক্ত সভাত সমাৰোহ সম্পৰ্কে আলোচনা কৰা হয়।

সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় যদিও বিশেষ ভাৱে আলোচনা কৰা বিষয়টো হৈছে বিভিন্ন প্ৰান্তত থকা জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল যাতে আগন্তুক সমাৰোহত যোগদান কৰি সমাৰোহ সৌষ্ঠৱ বৃদ্ধি কৰাৰ। সমাৰোহৰ যোগাযোগৰ ক্ষেত্ৰত সমাৰোহৰ সম্পাদকদ্বয় ক্ৰমে কুমুদ চন্দ্ৰ দাস ফোন নং 9435308395আৰু ছাহজাহান আলী ফোন নং ৯৯৫৪০৬৬৫৫০ যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাই ।

আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই…

সমাগত লোকসভা নিৰ্বাচনৰ পৰিপেক্ষিতত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত চলিছে ব্যাপক নির্বাচনী প্ৰচাৰ।আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই।

দলৰ নিৰ্বাচন পেনেলে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

কেৰালাৰ ৱায়ানাডৰ পৰা পুনৰ মনোনীত হৈছে ৰাহুল গান্ধী, ইফালে আমেথিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভৱনা আছে।

বাটলাৰৰ শতকটো নিশ্চিতভাৱে মই দেখা শীৰ্ষ পাঁচটা শ্ৰেষ্ঠ ইনিংছৰ অন্যতম ! মেচৰ অন্তত ক’লে ৰয়েলছৰ কেৰিবিয়ান তাৰকা ৰভমেন পাৱেলে…

টি-২০ ক্ৰিকেটত এতিয়ালৈকে আমি বহু স্মৰণীয় ইনিংছ দেখাৰ সৌভাগ্য হৈছে৷ কিন্তু ইডেন গাৰ্ডেনত জ’ছ বাটলাৰে যি শতকীয় ইনিংছ খেলিলে সেয়া মই দেখা টি-২০ ইনিংছৰ ভিতৰত এটা অন্যতম৷ ক্ৰিছ গেইলেও কেৰিয়াৰত কেবাটাও কল্পনাতীত শতক অৰ্জন কৰা দেখিছো৷ কিন্তু মই দৃঢ়তাৰে কব বিচাৰো বাটলাৰৰ কে কে আৰৰ বিৰুদ্ধে খেলা এইটো ইনিংছ নিশ্চিতভাৱে বিশ্বৰ শীৰ্ষ পাঁচটাৰ ভিতৰত থাকিব ’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ কেৰিবিয়ান তাৰকা ৰভমেন পাৱেলৰ ৷

উল্লেখ্য যে যোৱানিশা কলকাতাৰ ইডেন গাৰ্ডেনত হোৱা এখন উত্তেজনাপূৰ্ণ মেচত ৰাজস্থান ৰয়েলছে দুই উইকেটত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি সাতখন মেচ খেলাৰ অন্তত ১২ পইণ্ট সংগ্ৰহৰে নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ মেচখনত কে কে আৰে দিয়া ২২৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰয়েলছে অভিলেখ গঢ়ি জয় অৰ্জন কৰিবলৈ সক্ষম হয় ৷ দলৰ এই অনন্য গৌৰৱময় বিজয়ৰ নায়ক হ’ল ইংলণ্ডৰ তাৰকা তথা ৰয়েলছৰ অপেনাৰ জ’ছ বাটলাৰৰ অপৰাজিত ১০৭ ৰানৰ বিস্ময়কৰ ইনিংছটো ৷

মাত্ৰ ৬০ টা বলত অপৰাজিত ১০৭ ৰান কৰা বাটলাৰৰ ভৰিত আঘাতৰ সমস্যা আছিল বুলিও মেচৰ অন্তত সংবাদমেলত প্ৰকাশ কৰে পাৱেলে ৷ ‘যোৱা মেচত আঘাতৰ বাবে বাটলাৰক মুল একাদশৰ পৰা আঁতৰাই ৰখা হৈছিল৷ কিন্তু আৰ আৰৰ ছাপৰ্ট ষ্টাফ আৰু ফিজিঅ’ই তেওঁৰ লগত দীৰ্ঘ সময় কাম কৰিছিল ৷ বাটলাৰৰ এই প্ৰত্যাৱৰ্তন সচাই অতুলনীয়৷ ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত দেখা পোৱা অন্যতম উন্নত ইনিংছ আছিল এই ইনিংছ ৷’ ৰয়েলছৰ অলৰাউণ্ডাৰ তথা ৱেষ্ট ইণ্ডিজৰ অধিনায়কগৰাকীয়ে লগতে ব্যক্ত কৰে ৷

উল্লেখ্য যে মেচখনত ৰাজস্থানে ছটা উইকেট হেৰুৱাই শেলথেকত পৰাৰ সময়তে বাটলাৰৰ লগত গুৰুত্বপূৰ্ণ ৫৭ ৰানৰ যুটি বান্ধি কে কে আৰৰ হাতৰ পৰা মেচ নিজৰ আয়ত্বলৈ অনাত পাৱেলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সুনীল নাৰায়নৰ বিৰুদ্ধে তেওঁৰ ডাঙৰ হিটসমূহে ৰয়েলছৰ বাবে অসম্ভৱ জয়ৰ আশা জগাই তুলিছিল৷

কণ্ঠশিল্পী তনময় শইকীয়াৰ পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

কণ্ঠশিল্পী তনময় শইকীয়াৰ ফেচবুক পোষ্ট…

অসমীয়া বাপোতি সাহোন ৰঙালী বিহুটিক কিছুমান নিকৃষ্ট মানসিককতাৰ মানুহে নিশেষ কৰিবলৈ ওলাইছে।এইয়াই নেকি অসমীয়াৰ সাংস্কৃতিক জগতৰ প্ৰতি থকা দায়াবদ্ধতা ?বিহু অনুষ্ঠান সমূহত শিল্পীসকলৰ কোনো নিৰাপত্তা নাই নেকি? আপোনালোকৰ সন্মূখত যোৱা নিশা ঘটা এটি দূৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে জনাবলৈ ওলাইছো। আগতে এনেধৰণৰ অভিজ্ঞতাৰ সম্মুখীন হোৱা নাছিলোঁ বাবেই কথাবোৰ সহজভাৱে ল’ব পৰা নাই।বিহু উপলক্ষে যোৱা নিশা আমি পচৰীয়াৰ নপাৰা ৰাইজে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানত গীত পৰিবেশন বাবে যাওঁ।আয়োজক কমিটীৰ বিষয়ববীয়া সকলে জনোৱা মতে আমাক ১১বজাত মঞ্চ এৰি দিয়াৰ কথা আছিল কিন্তু সেই সময় পাৰ হৈ ৰাতি ১‌ বাজিছিল।

তথাপি আমি একো আপত্তি নকৰিলো।মই একেৰাহে ১ বজাৰ পৰা ৩:৩০বজালৈ গীত পৰিবেশন কৰি থাকিলো, যদিও ম‌ই শাৰীৰিক ভাৱে অসুস্থ আছিলো তথাপিও কমিটীৰ সদস্য সকলে মোৰ সহযোগী শিল্পী গৰাকীক গীত পৰিৱেশন কৰিবলৈ সুযোগ দিয়া নাছিল। অনুষ্ঠান আৰম্ভ হোৱাৰ পৰা আয়োজক কমিটীৰ সদস্যসকলে মোক নিজৰ মতে গীত পৰিবেশন কৰিবলৈ সুবিধা দিয়া নাছিল, বিভিন্ন ধৰণৰ বেয়া কথাৰে মোক অপমানিত কৰিছিল। মই সকলোবোৰ সহ্য কৰি অনুষ্ঠান সামৰণি মাৰাৰ পিছত কমিটীৰ সদস্য সকলে মোক আৰু বহু সময় গীত পৰিৱেশন কৰিবলৈ জোৰ কৰিছিল। যিটো আমাৰ বাবে সম্ভৱ নাছিল।

তাৰে অজুহাতত কমিটীৰ সদস্যসকলে আমাৰ লগত কাজিয়াত লিপ্ত হ’বলৈ আগবাঢ়ি আহিল।উপায়ন্ত হৈ মই আৰু মোৰ সহশিল্পী গৰাকী তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হʼলো যদিও মোৰ সহযোগী বাদ্যযন্ত্ৰী সকলৰ লগতে আমাৰ লগত যোৱা‌ আন ব্যক্তি সকলক তাতে এৰি আহিব লগা হʼল।কিন্তু দুখৰ বিষয়টো এই যে মোৰ বাদ্যযন্ত্ৰী কেইজনমানক আয়োজক কমিটীৰ সদস্য সকলে মিলি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে।গোটেই অঞ্চলতোৰ মানুহ সকলে সকলোবোৰ দৃশ্য নিমাত হৈ চাই থাকিল কিন্তু বাধা দিবলৈ কোনো এজন ব্যক্তিও আগবাঢ়ি নাহিল। মই আপোনালোকৰ আগত কথাখিনি অবগত কৰাৰ কাৰণ এটাই যে যিটো পৰিস্থিতিৰ সন্মুখীন আমি যোৱা নিশা হৈছিলো তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন ভৱিষ্যতে যাতে কোনো শিল্পীয়ে নহ‌ওঁক। শেষত সকলো শিল্পীলৈ এটাই অনুৰোধ যে পৰাপক্ষত এনেধৰণৰ ঠাইত অনুষ্ঠান কৰিবলৈ যোৱাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰিহে যাব।

নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী পদযাত্ৰা ! সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ…

নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী : পদযাত্ৰা:

সংবিধান বচাও শ্ল’গানৰে মুখৰ ৰাজপথ:সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ মাজুলীত আজি ভাৰতীয় জাতীয় কংগ্ৰেছে এক শক্তি প্ৰদৰ্শন কৰে। আজি জেংৰাইমুখত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাৰ সমান্তৰালকৈ নামনি মাজুলীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ অনূসুচীত জাতি বিভাগৰ উদ্যোগত বৃহৎ মটৰ চাইকেল ৰেলী উলিওৱা হয়। মাজুলী জিলা কংগ্ৰেছ অনুসুচীত জাতি বিভাগৰ সহযোগত আজি নামনি মাজুলীৰ কৰতিপাৰ ওখলচুকত আৰম্ভ হোৱা উক্ত মটৰ চাইকেল ৰেলী গড়মূৰৰ ৰাজীৱ ভৱনত সামৰণী মৰা হয়।

নামনি মাজুলীৰ ওখলচুক তিনি আলিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ অনুসূচিত জাতি পৰিষদৰ ৰাজ্যিক অধ্যক্ষা কৃষ্ণা দাসে শুভাৰম্ভ কৰা উক্ত মটৰ চাইকেল ৰেলী উদ্বোধনী অনুষ্ঠানত গৌৰৱ গগৈ ফ্ৰেন্ডচ ক্লাবৰ সভাপতি মেঘনাথ চেত্ৰী, মাজুলী জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি থানুৰাম দাস আদিৰ লগতে মাজুলী জিলা কংগ্ৰেছ কমিটিৰ বহুতো বিষয় ববীয়াই অংশগ্ৰহণ কৰে। উক্ত, মটৰ চাইকেল ৰেলী উলিওৱাৰ মাজতে নামনি মাজুলীৰ কাকৰিকটাত ৰেলী ৰখাই এক পদযাত্ৰা কৰা হয়।

তাৰপিছত গড়মূৰলৈকে মটৰ চাইকেল ৰেলী কৰি পুনৰ চিতাদাৰ চুক তিনি আলিৰ পৰা আম্বেদকাৰ ভৱনলৈ পদযাত্ৰা কৰা হয়। আম্বেদকাৰ ভৱনৰ পৰা গড়মূৰ ৰাজীৱ ভৱনলৈ পদযাত্ৰা কৰি ৰেলী সামৰণী মৰা হয়। দুই সহস্ৰাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত মটৰ চাইকেল ৰেলী আৰু পদযাত্ৰাত সংবিধান বছাও শ্লোগানৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিবলৈ বিভিন্ন শ্লোগান দিয়া হয় । আজিৰ উক্ত মটৰ চাইকেল ৰেলী আৰু পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনুসূচিত জাতি পৰিষদৰ অধ্যক্ষা কৃষ্ণা দাসে ধন্যবাদ জ্ঞাপন কৰিছে।