Home Blog Page 893

চীনৰ পিছত ভাৰতত বৃদ্ধি পাইছে হেপাটাইটিছৰ ৰোগী সংখ্যা! এই ৰোগত প্ৰতিবছৰে ১৩ লাখ লোকৰ মৃত্যু…

চীনৰ পিছত ভাৰতত হেপাটাইটিছৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বত হেপাটাইটিছৰ ফলত হোৱা মৃত্যুৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বুলি ডব্লিউ এইচ অ’ই প্ৰকাশ কৰে। এই ৰোগ বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ সম্প্রতি প্রকাশিত এক প্রতিবেদন অনুসৰি ২০২২ চনত ভাৰতত মুঠ ৩.৫০ কোটি হেপাটাইটিছ বি আৰু চি ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। এই সংখ্যা চীনৰ পিছতে বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক। লগতে এই প্ৰতিবেদনত কোৱা হৈছে যে এই ৰোগ বিশ্বজুৰি দ্বিতীয় সংক্ৰামক মৃত্যুৰ কাৰণ হিচাপে পৰিগণিত হৈছে। বিশ্বত হেপাটাইটিছ বি আৰু চি সংক্ৰমণৰ বাবে প্ৰতিদিনে ৩৫০০ লোকৰ মৃত্যু হৈছে আৰু প্ৰতি বছৰে ১৩ লাখ লোকৰ মৃত্যু হৈছে। আজি আমি আপোনালোকক হেপাটাইটিছৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম-

হেপাটাইটিছ হৈছে যকৃতৰ প্ৰদাহ হোৱা ৰোগ। কাৰণ যকৃতে পুষ্টিকৰ পদাৰ্থ প্ৰক্ৰিয়াকৰণ কৰে, তেজ ফিল্টাৰ কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। গতিকে এই ৰোগ হ’লে শৰীৰে সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয়। ইয়াৰ সাধাৰণ প্ৰকাৰ হ’ল হেপাটাইটিছ এ, হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি।

কাৰণ

শৰীৰত উপস্থিত ইমিউন কোষবোৰে যেতিয়া যকৃতত আক্ৰমণ কৰে তেতিয়া হেপাটাইটিছ হয়। ইয়াৰ উপৰিও ভাইৰাছ, বেক্টেৰিয়া বা পৰজীৱীৰ সংক্ৰমণৰ ফলতো এই ৰোগ হয়। ইয়াৰ ফলত হেপাটাইটিছ এ, বি, চি হয়।

হেপাটাইটিছ ৰোগত আক্ৰান্ত বহু লোকৰ লক্ষণ দেখা নাযায়। কিন্তু যদি তীব্ৰ সংক্ৰমণৰ সৈতে লক্ষণ দেখা দিয়ে, তেন্তে সংস্পৰ্শলৈ অহাৰ ২ সপ্তাহৰ পৰা ৬ মাহলৈকে যিকোনো সময়তে দেখা দিব পাৰে। তীব্ৰ হেপাটাইটিছৰ লক্ষণসমূহ হ’ল জ্বৰ, ক্লান্তি, ভোক কমি যোৱা, বমি, পেটৰ বিষ, ক’লা প্ৰস্ৰাৱ, পাতল ৰঙৰ মল, গাঁঠিৰ বিষ, জণ্ডিচ।

একাধিক সংগীৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰাসকলৰ হেপাটাইটিছ ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বেছি। ইয়াৰ উপৰিও IV ড্ৰাগছ ব্যৱহাৰৰ সময়ত বেজী ভাগ-বতৰা কৰা, পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা, এইচ বি ভি ৰোগীৰ সৈতে থকা, মানুহৰ তেজৰ সংস্পৰ্শলৈ অহা, এইচ বি ভিৰ হাৰ বেছি হোৱা ঠাইত থাকি এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

হেপাটাইটিছ বি ৰোগীৰ ক্ষেত্ৰত এইচ চি ভিৰ সহ-সংক্ৰমণৰ হাৰ ৯%ৰ পৰা ৩০%ৰ ভিতৰত অনুমান কৰা হৈছে। এইচ বি ভি/এইচ চি ভি থকাৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাটো হ’ল ইয়াৰ ফলত যকৃতৰ অধিক গুৰুতৰ ৰোগ হ’ব পাৰে। কেৱল এয়াই নহয়, কেতিয়াবা হেপাটাইটিছও লিভাৰ কেন্সাৰৰ কাৰণ হৈ পৰে।

হেপাটাইটিছ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বহুতো ফলপ্ৰসূ ভেকচিন আৰু ঔষধ উপলব্ধ বুলি বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰিছে। ইয়াৰ সহায়ত হেপাটাইটিছৰ মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন আৰু আনৰ শৰীৰৰ তৰল পদাৰ্থ পৰিহাৰ কৰিলে এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰি।

ঈদৰ দিনা বিশেষ কিবা ৰান্ধিব বিচাৰিছে নেকি? ৰান্ধক এইসমূহ খাদ্য…

পবিত্ৰ ৰমজান মাহ শেষ হোৱাৰ লগে লগে ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী ৰাইজে। ঈদৰ দিনা কি কি ৰান্ধিব তাকে ভাবি আপুনি বিভ্ৰান্ত হৈছে নেকি? আজি আপুনি ৰান্ধিব পৰা বিশেষ কিছুমান খাদ্যৰ বিষয়ে ক’ম।সুগন্ধি ভাত, কুকুৰা বা মাংসৰ টুকুৰাৰে ঈদৰ দিনা বিৰিয়ানীৰ প্লেট এখনে কেতিয়াও হৃদয় জয় কৰাত ব্যৰ্থ নহয়।


ঘিউ, গাখীৰ, চেনি আৰু শুকান ফলত পোৰা ভাৰ্মিচেলিৰ পৰা তৈয়াৰী ঈদ উদযাপনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য মীথাই।

চাউল, গাখীৰ, চেনি, ইলাচি আৰু শুকান ফলৰ পৰা ফিৰনি তৈয়াৰ কৰা হয়। ইয়াক ঈদ-বিশেষ কৰিবলৈ ইয়াত ৰং আৰু সুগন্ধিৰ বাবে কিছু কেশৰ দিব পাৰে।

ঈদৰ সময়ত জনপ্ৰিয় পানীয়ৰ ভিতৰত অন্যতম হৈছে গোলাপ শ্বৰবট। ই সুগন্ধি আৰু সতেজ আৰু ই আপোনাক খাদ্য সুস্বাদুভাৱে আৰম্ভ কৰাত সহায় কৰে।


কিছুমান সুস্বাদু মাটন কাবাবৰ অবিহনে ঈদৰ খাদ্য আধৰুৱা। কোমল, টেঙা, ৰসাল কাবাব অলপ সময়ৰ ভিতৰতে মুখত গলি যায়।

কচোৰী এটা আচৰিত খাদ্য, যিটো ষ্টাৰ্টাৰ হিচাপে পৰিবেশন কৰিব পাৰি। ইয়াত কিমা ভৰাই দিলে ই এক উৎকৃষ্ট সমৃদ্ধি লাভ কৰিব আৰু আপোনাৰ ঈদৰ বিশেষ খাদ্যও সাজু হ’ব।

চন্দ্ৰৰ বাবে ঘড়ী বনাব আমেৰিকাই! চন্দ্ৰৰ বাবে ঘড়ীৰ কিয় প্ৰয়োজন…

পৃথিৱীতকৈ চন্দ্ৰত সময় অলপ বেছি বেগেৰে গতি কৰে। চন্দ্ৰত নতুন সময় মণ্ডলৰ পোষকতা কৰা বিজ্ঞানীসকলে বিশ্বাস কৰে যে পৃথিৱীত সময়ৰ উঠা-নমাও হ’ব পাৰে যদিও কেতিয়াবা লিপ চেকেণ্ড যোগ কৰাৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ বাবে লুনাৰ ষ্টেণ্ডাৰ্ড টাইমৰ প্ৰয়োজন হয়।

পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ঘূৰে। চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। সূৰ্য্যই আন কোনো গ্ৰহৰ চাৰিওফালে ঘূৰি নাথাকে নিজৰ অক্ষতহে ঘূৰি থাকে। দিন ৰাতি এই ভাগ্যৰ চক্ৰৰ পৰাই আহে। এই কাৰণেই পৃথিৱীত বহুতো সময় মণ্ডল আছে। কিছুমান বিশেষ GMT আৰু IST ৰ কথাও শুনিছে নিশ্চয়। ভাৰতত যদি ৰাতিপুৱা হয়, তেন্তে আন কোনোবা দেশত দুপৰীয়া হ’ব আৰু কোনোবা কোণত সন্ধিয়া আৰু ৰাতি হ’ব। ইমান ডাঙৰ পৃথিৱী, বৈচিত্ৰময় ভূগোল আৰু সকলো বস্তু সময়ৰ লগত কেনেকৈ জড়িত! ইয়াৰ আঁৰত আছে বিজ্ঞান। ইয়াৰ উপৰিও আমেৰিকাই এতিয়া নতুন চন্দ্ৰ সময় মণ্ডল সৃষ্টিৰ চেষ্টা কৰিছে। যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছে নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)ক চন্দ্ৰৰ বাবে সময়ৰ মানদণ্ড তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ সন্দৰ্ভত কোৱা হৈছিল যে ভৱিষ্যতে এই চন্দ্ৰৰ সময় মণ্ডলৰ সহায়ত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু ব্যক্তিগত মহাকাশ কোম্পানীয়ে চন্দ্ৰপৃষ্ঠত নিজৰ অভিযান চলাব পাৰিব।

এক প্ৰতিবেদন অনুসৰি চন্দ্ৰৰ বাবে সুকীয়া সময়ৰ মানদণ্ড তৈয়াৰ কৰাৰ নিৰ্দিষ্টতা এতিয়াও স্পষ্ট হোৱা নাই।

৩৬ বছৰ বয়সত হাৰ্ট এটেকৰ পিছতো সুস্থ জীৱন-যাপন কৰি আছে অভিনেতা ছেইফ আলী খানে! কেনেকৈ সম্ভৱ…

হাৰ্ট এটেকৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল জীৱনশৈলীৰ বেয়া অভ্যাস। এজন ব্যক্তিয়ে জীৱনশৈলীৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিলে সহজেই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে। বলীউডৰ অভিনেতা তথা চলচ্চিত্ৰ প্ৰযোজক ছেইফ আলী খানে ৩৬ বছৰ বয়সত হাৰ্ট এটেকৰ সন্মুখীন হোৱাৰ পিছত জীৱনশৈলীত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছে-

ছেইফ আলী খান কম বয়সতে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল, তাৰ পিছত তেওঁ নিজৰ স্বাস্থ্যক অতি গুৰুত্বসহকাৰে লৈ সেই তিনিটা অভ্যাসৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।

এটা সময়ত ছেইফ আলী খানে বহুত ধূমপান কৰিছিল যদিও হাৰ্ট এটেকৰ পিছত তেওঁ ধূমপান সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ধুমপান কৰিলে তেজৰ সঞ্চালন বেয়া হয়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

ছাইফে হাৰ্ট এটেকৰ পিছত মদ খোৱা প্ৰায় বন্ধ কৰি দিছে। আপোনালোকক কওঁ যে ব্ৰিটিছ হাৰ্ট ফাউণ্ডেচনৰ মতে মদ্যপান আৰু উচ্চ ৰক্তচাপৰ মাজত অতি প্ৰত্যক্ষ সম্পৰ্ক আছে। এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি উচ্চ মাত্ৰাত ৰক্তচাপ বজাই ৰাখিলে হৃদযন্ত্ৰৰ পেশীত চাপ পৰে, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়।

কোৱা হয় যে এসময়ত ছেইফ আলী খানে বাহিৰত খাদ্য খাই ভাল পাইছিল। কিন্তু হাৰ্ট এটেকৰ পিছত অভিনেতাজনে অধিক ঘৰতে ৰন্ধা খাদ্য খায়।

৫৩ বছৰ বয়সত নিজকে ফিট কৰি ৰাখিবলৈ জিমলৈ নাযায় ছেইফ আলী খানে। নিয়মিতভাৱে ৰাতিপুৱা সোনকালে যোগাসন কৰে। আপোনালোকক কওঁ যে যোগাসনে কেৱল শাৰীৰিক নহয় মানসিক স্বাস্থ্যও উন্নত কৰে, যিটো সুস্থ হৃদযন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়।


ৰঙা জলকীয়া বেছিকৈ খালে শৰীৰৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা…

ভাৰতক মছলাৰ দেশ বুলিও কোৱা হয়, কাৰণ বহু আগৰ পৰাই ভাৰতবৰ্ষই মছলাৰ বাবেই সমগ্ৰ বিশ্বক আকৰ্ষণ কৰি আহিছে। কিন্তু কিছুমান মছলা অত্যধিক গ্ৰহণে ক্ষতি কৰিব পাৰে। তেনে এটা মছলা হ’ল ৰঙা জলকীয়া, যিটো বেছিভাগেই গোটা আৰু গুড়ি ৰূপত ব্যৱহাৰ কৰা হয়। কিন্তু কিছুমান মানুহৰ অত্যধিক ৰঙা জলকীয়া খোৱাৰ অভ্যাস আছে। বেছিকৈ ৰঙা জলকীয়া খোৱাৰ অসুবিধা কি কি জানো আহক-


ৰঙা জলকীয়া অতি জনপ্ৰিয় মছলা কাৰণ যিকোনো ৰেচিপিত ৰঙা জলকীয়াই সোৱাদ বৃদ্ধি কৰে। জলকীয়াৰ মছলা অবিহনে দাইলকে ধৰি বহু ব্যঞ্জন আধৰুৱা যেন লাগে। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞৰ মতে আপুনি এই মছলা অতিমাত্ৰা গ্ৰহণে বহু ৰোগৰ জন্ম দিয়ে।


ৰঙা জলকীয়া খালে ডায়েৰিয়া ৰোগ হ’ব পৰাে, আমাৰ পেটৰ বাবে ই একেবাৰেই উপকাৰ নহয়, সীমিত পৰিমাণতহে খাব লাগে।

ৰঙা জলকীয়াই হজম শক্তিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত পেটত এচিডিটি হ’ব পাৰে আৰু একাংশ লোকে হাৰ্টবাৰ্ণো হ’ব পাৰে। যদি আপোনাৰ এনে সমস্যা আছে তেন্তে ৰঙা জলকীয়া খোৱাৰ বন্ধ কৰক।

সাধাৰণতে চিকিৎসকে ৰঙা জলকীয়া যিমান পাৰি কমকৈ খাবলৈ পৰামৰ্শ দিয়ে কাৰণ ইয়াৰ ফলত পেটৰ ঘা হোৱাৰ আশংকা থাকে। বিশেষকৈ ৰেড চিলি পাউদাৰ অতি বিপদজনক। ইয়াৰ কণাবোৰ পেট আৰু অন্ত্ৰত লাগি আলচাৰৰ সৃষ্টি কৰে।

মই পইচা দি ভোট নিকিনো, মোৰ পইচা নাই; ৰাইজে মোক সহায় কৰি আছেঃ ফনীভূষণ চৌধুৰী…

তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ক্ৰমে বৃদ্ধি কৰিছে নিৰ্বাচনী প্ৰচাৰ। বুধবাৰে ফণীভূষণ চৌধুৰীয়ে বৰপেটাত ১৭ খন সভাত অংশ লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ফণীভূষণ চৌধুৰীয়ে সৰু সৰু সভাৰ জৰিয়তে তেও ৰাইজৰ কাষ চাপিব বিচাৰিছে বুলি মন্তব্য কৰে । জনসম্পৰ্ক গঢ়াৰ কৌশল হিচাপে সৰু সৰু সভাত গুৰুত্ব দিয়া হৈছে বুলিও তেঁও প্ৰকাশ কৰে।


ইপিনে কয় যে ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো যিদৰে বিচাৰিছে , বৰপেটা লোকসভা সমষ্টিতো তেওঁলোকৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজয়ী হোৱাটো বিচাৰিছে। সেয়েহে তেওঁ ৰাইজৰ স্বত:স্ফূৰ্ত সহাৰি লাভ কৰিছে । সাংসদ নিৰ্বাচিত হ’লে তেও ৰাইজৰ সৈতে মত বিনিময় কৰি বৰপেটাৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধানৰ বাবে কাম কৰিব বুলি প্ৰকাশ কৰে । ইপিনে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ফণীভূষণ চৌধুৰীৰ পকেট নাই বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰীয়া ফণীভূষণ চৌধুৰীৰ ৷ ফণীভূষণ চৌধুৰীৰ মন্কব্য— ভোটাৰ ৰাইজ বৰ্তমান অত্যন্ত সজাগ আৰু সচেতন। টকাৰে এতিয়া ভোট কিনিব নোৱাৰি। মই ৮ বাৰৰ বিধায়ক ৷ এই ৮ বাৰ নিৰ্বাচনৰ সময়তো মই পকেট ব্যৱহাৰেই কৰা নাই ৷ মই নিৰ্বাচনৰ নামত এক পইচাও খৰচ কৰি পোৱা নাই ।আৰু এইবাৰো সাংসদ নিৰ্বাচনত মই এক টকাও খৰচ কৰা নাই আৰু মোৰ পকেটৰ পৰা এটকাও খৰচ নকৰো৷ জনবলতো আছেই ৷ তাৰমাজতে ৰাইজেই মোক সহায় কৰিছে ৷এতিয়া টকাৰে ভোট কিনিব নোৱাৰি ৷আজিৰ দিনত ৰাইজ ইমান দূৰ্বল নহয়যে তেওলোক টকাত বিক্ৰী যাব৷


৩০/৪০ বছৰ পূৰ্বে এইটো আছিল ৷ কিন্তু আজি টকাত ভোট বিক্ৰী কৰা দিন নাই ৷ এয়া কংগ্ৰেছৰ কালচাৰ ৷
তেওলোকে সমৰ্থকসকলকো ধন দিয়ে ৷ মই পইচা দি ভোট নিকিনো ৷ মোৰ পইচা নাই ৷ ৰাইজে মোক সহায় কৰি আছে ৷ ৰাইজে মিত্ৰজোটৰ প্ৰাৰ্থী জন জয়ী হোৱাটো বিচাৰিছে ৷ আমাৰ সমৰ্থক আৰু ভোটাৰসকলেও পইচা নিবিচাৰে আৰু পইচা লৈ ভোট নিদিয়ে ৷

বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত বি টি আৰ ৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিছে নিৰ্বাচনী বতাহ।তেনে সময়ত হঠাতে আজি আহি দৰং জিলাৰ বৰঝাৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত উপস্থিত হয় BTR ৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। প্ৰমোদ বড়ো জয়, UPPL জিন্দাবাদ ধ্বনিৰে উস্ম আদৰণি জনায় আশ্ৰম কতৃপক্ষই।প্রমোদ বড়ো ই পাগল বাবাৰ প্ৰতিমূৰ্ত্তি,গোশালা আদি দৰ্শন কৰি কৰ্মীসকলৰ সৈতে এক মনবিনিময় অনুষ্ঠানত ভাগ লয় আৰু কয় যে নতুনকৈ BTR ত অন্তৰ্ভুক্ত হোৱা বৰঝাৰ অঞ্চল আৰু বিৰেন্দ্ৰ নগৰ আশ্ৰমৰ উন্নতি এতিয়া তীব্ৰ গতিত হ’ব লগতে আৰু কয় যে অনাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ ভালকৈ চলিছে।

এইবাৰ নিৰ্বাচন একপক্ষীয় হ’ব,প্ৰধান মন্ত্ৰী ভাৰতৰ ৰাইজৰ মন জয় কৰিছে,BTR ত শান্তি সমৃদ্ধি আহিছে,পোন প্ৰথমবাৰৰ বাবে বিভিন্ন জাতি জনগোষ্ঠী বৰ্তমান চৰকাৰৰ কামত সন্তোষ্ট, আৰু একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টী আৰু NDA পক্ষত ভোট প্ৰদান কৰিব।

BPF ৰ হাতত কোনো নিৰ্বাচনী ইছু নাই মাত্ৰ নাঙৰ ছবি ৰাইজে পাহৰি যাব বুলি হে নিৰ্বাচন খেলিছে, অনাগত দিনত নাঙলৰ ছবিলৈ নিৰ্বাচন খেলিবলৈ মানুহ বিচাৰি নাপায় বুলি মন্তব্য কৰে। আজিৰ এই বিৰেন্দ্ৰ নগৰ আশ্ৰম দৰ্শনত আৰু কৰ্মীসকল সৈতে হোৱা মতবিনিময়ত BTR ৰ চিফ প্ৰমোদ বড়োৰ সঙ্গ দিয়ে BTR ৰ কাৰ্যবাহী সদস্য নীলুৎ স্বৰ্গীয়াৰী আৰু দলীয় কৰ্মীবৃন্দ আৰু প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজ গন্য মান্য ব্যক্তি।

জ্যেষ্ঠ সংবাদিকৰ সৈতে কটনৰ সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ মত-বিনিময়

গুৱাহাটী, ১০ এপ্ৰিল: কটন বিশ্ববিদ্যালয়ৰ মাণিক চন্দ্ৰ বৰুৱা প্ৰশাসনীয় ভৱনৰ প্ৰেক্ষাগৃহত ‘মিডিয়া ৰাইটিং এণ্ড নুৱেনচ্ অৱ প্ৰডাকচন’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। দিনৰ ১২বজাৰ পৰা আৰম্ভ হোৱা আলোচনাচক্ৰখন আয়োজন কৰে বিশ্ববিদ্যালয়খনৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগে। মুখ্য অতিথি ৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক গণেশ চন্দ্ৰ ৱাৰী।

সমল ব্যক্তি ৰূপে উপস্থিত থাকে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু এন.বি. নিউজ চেনেলৰ পৰিচালন সম্পাদক ৰিতুস্মিন শৰ্মা। এই অনুষ্ঠানত গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা ছপা কক্ষ পত্ৰিকা ‘আমাৰ মত (অসমীয়া)’, ‘আৱাৰ ভিউপ‌ইণ্ট (ইংৰাজী)’ আৰু দৃশ্য-চাব্য নিউজ বুলেটিন ‘দাপোন(অসমীয়া)’, ‘মিৰ’ৰ (ইংৰাজী)’ উন্মোচন কৰা হয়। ব্যৱহাৰিক কক্ষ পত্ৰিকাকেইখন উন্মোচন কৰি সম উপাচাৰ্য ৱাৰীয়ে এই পদক্ষেপৰ বাবে বিভাগটোৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক ভূয়সী প্ৰশংসা কৰে। লগতে তেওঁ বৰ্তমান দেশৰ লগতে ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰ যথেষ্ট আগবাঢ়ি গৈছে বুলি মত পোষণ কৰে। মিডিয়া উদ্যোগৰ ক্ষেত্ৰখনত এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক নিয়োগ লাভৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

ছপা কক্ষ পত্ৰিকা দুখন মূল্যায়ন কৰে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই। আলোচনাচক্ৰখনত গৌতম শৰ্মাই আমাৰ দেশৰ সকলো‌ সেৱা যেনে চিকিৎসা, শিক্ষকতা ইত্যাদিত কিছু পৰিমাণে নৈতিকতাৰ স্খলন হোৱা বুলি কয়। লগতে যিহেতু সাংবাদিক সকলো এই সমাজৰে অংগ গতিকে সাংবাদিকতাতো কিছু ক্ষেত্ৰত স্খলন অস্বাভাৱিক নহয় বুলি মন্তব্য দিয়ে। কিন্তু নিৰাশ হোৱাৰ বিপৰীতে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ তথ্যত বৰ্তমান অসমৰ সাংবাদিকতা দেশৰ ভিতৰত চতুৰ্থ স্থানত থকা বুলি উল্লেখ্য কৰে। পৰৱৰ্তী সময়ত অসমৰ সাংবাদিকতাই প্ৰথম স্থান অধিকাৰ কৰিব পাৰে তাৰ বিষয়ে মনোনিবেশ কৰা উচিত বুলি মত পোষণ কৰে। মূল্যায়নৰ সময়ত গৌতম শৰ্মাই ছাত্ৰ-ছাত্ৰীক ভাষাৰ ব্যৱহাৰৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ আগবঢ়ায়। আনহাতে, দৃশ্য-চাব্য নিউজ বুলেটিন দুখন মূল্যায়ন কৰে এন.বি. নিউজৰ পৰিচালন সম্পাদক ৰিতুস্মিন শৰ্মাই। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বাতৰি পৰিৱেশন শৈলীৰ বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিয়ে। বৰ্তমান সংবাদ মাধ্যমত সংস্থাপন লাভ কৰিবৰ বাবে একোজন ছাত্ৰ-ছাত্ৰী কেৱল এটা ক্ষেত্ৰত দক্ষতা থাকিলে নহ’ব, মাল্টি টাস্কিং হোৱাতো অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে। অনুষ্ঠানটোত গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষক -শিক্ষয়িত্ৰী উপস্থিত থাকে।

মেধাৱী ছাত্ৰীৰ হোষ্টেলৰ চাদৰ পৰা পৰি মৃত্যু

দৰং জিলাৰ বালিপোতাৰ এগৰাকী মেধাৱী ছাত্ৰীৰ ৰহস্যজনকভাৱে গুৱাহাটীৰ এখন ব্যক্তিগত হোষ্টেলৰ চাদৰ পৰা পৰি মৃত্যু হোৱাৰ ঘটনাই আজি বৃহত্তৰ বালিপোতাৰ ৰাইজক আবেগিক কৰি তুলিছে। কটন কলেজৰ পৰা উচ্চতৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা দি ৰঙালী বিহুত ঘৰলৈ উভতি অহাৰ যো-জা চলাই থাকোতেই সংঘটিত অনাকাংক্ষিত ঘটনাটো প্ৰকৃততে এক দূৰ্ঘটনা নে হত্যা, নে আত্মহত্যা সেইলৈয়ো প্ৰশ্নৰ অৱতাৰণা কৰিছে।

লক্ষনীয় যে, বালিপোতা নিৱাসী তথা বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰৱক্তা জিতেন্দ্ৰ কুমাৰ বৰুৱাৰ জ্যেষ্ঠ কন্যা কলিনা বৰুৱাই বিগতবৰ্ষত মঙলদৈ ডনবস্কো হাইস্কুলৰ পৰা প্ৰায় ৮৫ শতাংশ নম্বৰ লৈ সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল। কলিনাই কটনত নামভৰ্তি কৰি উজানবজাৰৰ স্বৰ্ণলয়া নামৰ ব্যক্তিগত হোষ্টেলত থাকিবলৈ লয়।

মেধাৱী ছাত্ৰী গৰাকীয়ে কালি পূৱাৰ ভাগত সম্পূৰ্ণ সুস্হ থকাৰ লগতে পিতৃ জিতেন্দ্ৰ বৰুৱাৰেও ফোনযোগে বাৰ্তালাপ কৰি ৰঙালী বিহুত সামান্য আগতীয়াকৈ অৰ্থাৎ কাইলৈ নিজগৃহলৈ উভতি অহাৰ বাবে পিতৃক মাতি পঠিয়াইছিল। সৰুৰে পৰা বিহু নাচি-গাই ভালপোৱা কলিনাই বিহুৰ বাবে প্ৰস্তুতিও চলাইছিল। কিন্তু, এনেদৰে ঘৰলৈ উভতাৰ পৰিকল্পনা লৈ থকা অৱস্হাতে দিনৰভাগত পিতৃলৈ হঠাৎ অনাকাংক্ষিত খবৰটো আহে।

লগে লগে পৰিয়ালে গুৱাহাটীৰ আগশাৰীৰ এখন নাৰ্চিংহোমত ভৰ্তি কৰোৱায়। চিকিৎসকে সংজ্ঞাহীন কলিনাক লগে লগে ভেন্টিলেটৰ চাপৰ্ট দিবলগাত পৰে। মাত্ৰ ১২ ঘন্টাৰ চিকিৎসাত কলিনাৰ জীৱন আৰু ঘূৰাই নাপালে। আজি পূৱাৰভাগত মেধাৱী ছাত্ৰী গৰাকীক মৃত ঘোষণা কৰা হয়।

পাছলৈ সৰগ ভাগি পৰা পৰিয়ালটোৱে আজি মৰণোত্তৰ পৰীক্ষা সমাপন কৰি সন্ধিয়া বালিপোতালৈ লৈ আহে নিঠৰ কলিনাক। কলিনাৰ নিঠৰ দেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ আবেগিক হৈ পৰাই নহয়, অকালতে এক প্ৰতিভা মৰহি যোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰে। স্থানীয় ৰাইজ, শুভাকাংক্ষীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি বিদায় জনায়।

প্ৰতিভাৱান ছাত্ৰী কলিনাৰ ব্যক্তিগত হোষ্টেলৰ চাদৰ পৰা কিদৰে সৰি পৰিল অথবা দুমহলীয়া হোষ্টেল খন অসুৰক্ষিত আছিল নেকি সেইলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে শোকাকুল ৰাইজে। দূৰ্ঘটনাৰ বিষয়টো এৰাই চলিলে সমগ্ৰ বিষয়টো পৰিকল্পিতভাৱে হত্যা অথবা আত্মহত্যাৰ আশংকা গঢ়ি উঠে। কিন্তু প্ৰৱল আত্মবিশ্বাসী ছাত্ৰী গৰাকীয়ে আত্মহত্যাৰ প্ৰশ্নই নুঠে বুলিও একাংশই দাবী কৰিছে।

কৃতিত্ব অৰ্জনকাৰী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন


টিহু, ১০ এপ্ৰিল : নলবাৰী জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত নলবাৰী জিলা ভিত্তিত আয়োজিত আৰু সৃ্দ্য ঘোষিত বৃত্তি পৰীক্ষাৰ ফলাফল অনুসৰি টিহু জাতীয় বিদ্যালয়ৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে কৃতিত্ব অৰ্জন কৰিছে। এই কৃতী শিক্ষাৰ্থীসকলক প্ৰাতঃসভাত আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকা, বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে।

শ্ৰেণী ভিত্তিত আয়োজিত এই পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ পঁচিছগৰাকী শিক্ষাৰ্থীয়ে নিজৰ নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ দ্বিতীয় শ্রেণীৰ শিক্ষাৰ্থী কৃতার্থ শর্মাই দ্বিতীয় স্থান অধিকাৰ কৰিছে। প্রমাণপত্র লাভ কৰিছে ক্ৰমে শুভময় বৰুৱা, জিনিলিয়া কলিতা, প্রিয়ম পাঠক আৰু দেৱাংশী কাশ্যপে।

তৃতীয় শ্রেণীৰ শিক্ষাৰ্থী কমলিকা শর্মাই তৃতীয় স্থান লাভ কৰিছে। প্রমাণপত্র লাভ কৰিছে স্বপ্ননীল মহন্তই। চতুৰ্থ শ্রেণীৰ শিক্ষাৰ্থী লিজা ডেকা, প্রিয়ম ডেকা, ৰিম্পী ৰয় আৰু অর্ণৱ শৰ্মাই লাভ কৰিছে প্ৰমাণপত্ৰ। পঞ্চম শ্রেণীৰ শিক্ষীৰ্থী তন্ময় গোস্বামীয়ে তিনিশ টকীয়া বৃত্তি লাভ কৰিছে। প্রমাণপত্র লাভ কৰিছে কুনাল বেজবৰুৱা, নূপুৰ দাস, অংকিতা শর্মা আৰু ভার্গৱজ্যোতি কলিতাই। ষষ্ঠ শ্রেণীৰ শিক্ষাৰ্থী অনুৰাগ প্রবীৰ ডেকা আৰু মাধুর্য ডেকাই প্রমাণপত্র লাভ কৰিছে। সপ্তম শ্রেণীৰ শিক্ষাৰ্থী ৰিতুৰাজ কাশ্যপে প্রমাণপত্ৰ লাভ কৰিছে।

অষ্টম শ্রেণীৰ বর্ণিল মেধিয়ে লাভ কৰিছে তিনিশ টকীয়া বৃত্তি। আকৌ প্রমাণপত্র লাভ কৰিছে অন্তৰীক্ষ কাশ্যপ আৰু দিশান্ত শর্মাই। নৱম শ্রেণীৰ শিক্ষাৰ্থী ৰিচা শর্মা, ৰশ্মিতা পাঠক আৰু হিয়া শর্মাই প্রমাণপত্র লাভ কৰিছে।