Home Blog Page 895

Union Minister of Home and Cooperation Amit Shah flays Congress at a public rally in Assam’s Lakhimpur…

Union Minister of Home and Cooperation Shri Amit Shah flays Congress at a public rally in Assam’s Lakhimpur.

  • The Congress, which fostered infiltration and extremism in Assam is now talking about preserving Assam’s culture
  • When the fate of the Northeast changes, the fate of the country will change too
  • Assam will not forget 1962 when Jawaharlal Nehru bid farewell to Assam
  • After 500 years, during Ram Navami, Ramlalla will be in a magnificent temple and not in a tent
  • The Congress president does not know that the people of India consider every inch of India their own

Honourable Union Minister of Home and Cooperation Shri Amit Shah today addressed a colossal crowd at North Lakhimpur in Assam. Launching a blistering attack on Rahul Gandhi and the Congress Shri Shah said that a few days back Rahul Baba appealed to save the culture of Assam. I want to ask Rahul Baba what the Congress did with Assam. Since his grandmother’s rule, Assam has been subjected to unfettered injustice. Thousands of youths walked on the path of violence, and hundreds and thousands of youths were killed. This was a grave sin committed by the Congress party against the people of Assam. But Narendra Modi Ji signed more than 10 pacts to ensure peace in Assam and as a result, 9,000 youths have laid down arms and returned to the mainstream. Rahul Gandhi talks about the honour of Assam, but the Congress even did not remember stalwarts like Gopinath Bordoloi and Bhupen Hazarika. Prime Minister Narendra Modi has honoured Bhupen Hazarika with the Bharat Ratna.

Now the Congress speaks about Assam. But they kept the borders open for infiltrators to enter. But after the Narendra Modi government assumed office today, not even a bird can enter Assam from Bangladesh.
The Congress that is talking about Assam has given Assam nothing other than terrorism, strikes, and terrorism during their reign. They even did not fulfil the promises made to the youth through the Assam Accord. But when we signed the Bodo Accord we fulfilled all our commitments in just two years.
During the Congress rule, a campaign was carried out to kill rhinos. But the BJP government here secured Assam’s tourism by securing rhinos. The BJP government also protected the spiritual traditions of Srimant Shankardev and Madhavedev and freed the lands of the satras and Kaziranga that were encroached on by the infiltrators.


They talk about Assam’s culture today. But they did nothing for Lachit Borphukan, the great warrior who fought against the Mughals for years and gave them a crushing defeat. They were in government for years. But only after the Modi government assumed power a sky-high statue of Lachit Borphukan was built and the valorous son of our nation was honoured. The saga of Lachit Borphukan has also been translated into 23 Indian languages to ensure that each child comes to know about him. For Assam, the 10 years of the Modi government were the 10 years of development. During these 10 years, many peace treaties have been signed. I can say with conviction that in the times to come, Assam will become a developed state like the other states of the nation. Modi Ji has transformed the entire northeast. Every voter should remember what Modi Ji has said about the Northeast. Modi Ji has said that the fate of the nation will change only when the fate of the Northeast changes, and the development of the nation will be complete only when the development of Assam is done. Under this principle from 80% of areas of Assam, the AFSPA has been removed and established peace. I want to ask the Congress that they had a government in the centre for 10 years. What did they give to Assam? In 10 years they gave only Rs.1.62 lakh crore to Assam. But Modi Ji gave Rs.4.15 lakh crore to Assam. Apart from that additional Rs.30,000 crore for road construction, Rs.95,000 crore for railways and Rs.10,000 crore for airports. Along with that to free the Northeast from the scourge of cancer an extensive network of cancer care hospitals has been laid out. I can say it with conviction that after five years a day will come when no one from Assam will need to go to Delhi for cancer treatment. Rather people from other parts of the nation will come to Assam for treatment. We have also weaved a network of medical colleges. An AIIMS has been built in Guwahati, a medical college in Tamulpur, a five hundred bedded hospital in Nalbari, a medical college in Dhubri with an expenditure of Rs.500 crore and another medical college in Kokrajhar with another Rs.500 crore and the one that is being built in Karimganj will be completed in this year itself.


For the poor in Assam, all the issues have been resolved. Under the Kisan Samman Nidhi, 18 lakh people are getting benefits, tapped drinking water has been supplied to 55 lakh homes, Ayushman Bharat health insurance scheme has been availed by 1.70 crore people and 43 lakh toilets have been built. Almost 2.30 crore poor have been given five kilograms of free food grains every month and 51 lakh women have been given gas cylinders. The Congress has written in its manifesto that it will establish the Muslim personal law. But our chief minister has banned child marriages, and in Uttarakhand, UCC has been introduced. The congress says that we should not have removed Article 370. The Congress president says what the people of the rest of India have to do with Kashmir. He does not know that the people of India love every inch of our nation. When we were kids we used to raise the slogan ‘Kutch Ho Ya Guwahati. Apna Desh Apni Mati’.
Congress belongs to that culture in which Jawahar Lal Nehru bid farewell to Assam when China attacked. The people of Assam cannot forget it. Now, what has changed? China cannot encroach on an inch of India’s land. Such kind of rule is given by Modi Ji. When China showed the audacity in Doklam they were forced to return after a 45-day long standoff. Assam is the hub of the Northeast. The development of Assam and the Northeast is related to the development of the nation. We have a prime minister who has visited the Northeast more than 70 times. The union ministers have visited the northeast more than 700 times. It is time to give all the seats to the NDA. In Assam, we need to give at least 12 seats out of 14.

অপৰাজেয় ৰাজস্থান ৰয়েলছৰ শিবিৰলৈ ইতিবাচক বাৰ্তা আনিলে অসম সন্তানে ! আঘাত মুক্ত হৈ বলিং কৰিবলৈ সাজু ৰিয়ান পৰাগ…

অপৰাজেয় ৰাজস্থান ৰয়েলছৰ শিবিৰলৈ ইতিবাচক বাৰ্তা আনিলে অসম সন্তানে
আঘাত মুক্ত হৈ বলিং কৰিবলৈ সাজু ৰিয়ান পৰাগ

চলিত আই পি এলত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা ৰাজস্থান ৰয়েলছে কাইলৈ পঞ্চমখন মেচত অংশ ল’ব৷ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত হ’বলগা মেচত ৰয়েলছে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব৷ সংগঠিত ফৰ্মত থকা ৰাজস্থান ৰয়েলছৰ বাবে এইসময়ত এটা ইতিবাচক দিশ হ’ল দলৰ হৈ বলিং কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে তাৰকা অলৰাউণ্ডাৰ অসম সন্তান ৰিয়ান পৰাগ ৷ আজি এই বিষয়ে সংবাদমেলত অৱগত কৰিছে দলটোৰ সহকাৰী প্ৰশিক্ষক ট্ৰেভৰ পেনীয়ে ৷

উল্লেখ্য যে বিস্ময়কৰ বেটিঙৰে ছিজনৰ আৰম্ভনি কৰা ৰিয়ানে ইতিমধ্যে ৰয়েলছৰ প্ৰথম তিনিখন মেচৰ বিজয়ত অনবদ্য ভূমিকা পালন কৰিছে ৷ বেটিং চমক দিয়া ৰিয়ানে এইবাৰ বলিং চমক দিবলৈও সাজু হৈছে ৷ স্বাভাৱিকতে ৰয়েলছৰ বাবে এয়া হ’ব অতিৰিক্ত শক্তি৷ স্মৰ্তব্য যে যোৱা মেচত ৰিয়ানে আৰ চি বিৰ বিৰুদ্ধে এক অভাৰ বলিং কৰিছিল ৷ সেই মেচৰ পাছতে ৰয়েলছৰ বলিং প্ৰশিক্ষক শ্বেন বণ্ডৰ নিৰিক্ষণত নিয়মিতভাবে বলিং অনুশীলন কৰিছে ৰিয়ানে ৷

‘ছিজন আৰম্ভ হোৱাৰ পূৰ্বে ৰিয়ানৰ কান্ধত আঘাতৰ সমস্যা আছিল৷ ঘৰুৱা ক্ৰিকেট খেলাৰ সময়তে তেওঁ আঘাত পাইছিল৷ কিন্তু এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ৷ ইতিমধ্যে নেটত বলিং কৰা আৰম্ভ কৰিছে৷ যোৱা মেচত এক অভাৰ বল দিছিল৷ তেওঁ মুল একাদশত অলৰাউণ্ডাৰ হিচাপে খেলিছে যেতিয়া পৰৱৰ্তী মেচত প্ৰয়োজনত বলিং কৰিবলৈ সাজু থাকিব৷’ ট্ৰেভৰ পেনীয়ে ব্যক্ত কৰে৷

উল্লেখ্য যে এতিয়ালৈকে ৰাজস্থান ৰয়েলছে জয়পুৰত খেলা তিনিখন মেচৰ লগতে মুঠ চাৰিওখন খেলত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষত আছে৷ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে দলে যিদৰে প্ৰস্তুতি শিবিৰত অনুশীলন কৰিছিল তাৰেই ইতিবাচক ফল প্ৰথম চাৰিখন মেচত জয়লাভৰ সফলতা বুলিও পেনীয়ে লগতে উল্লেখ কৰে৷ স্মৰ্তব্য যে ছিজনৰ পূৰ্বে নাগপুৰ আৰু জয়পুৰত ৰয়েলছৰ দীঘলীয়া শিবিৰ আছিল আৰু পেনীৰ মতে সেইটোৱে দলটোক সহায় কৰিছে৷

বাৰ্ষিক প্ৰাক ৰঙালী বিহু মেলাত উদ্ভাসিত হ’ল প্ৰাত:স্মৰণীয় মহিলাৰ স্মৃতি বিজড়িত তেজপুৰ জিলা মহিলা সমিতি…

১৯৪৭ চনৰ পৰা পৰম্পৰা বাৰ্ষিক প্ৰাক ৰঙালী বিহু মেলাত উদ্ভাসিত হ’ল প্ৰাত:স্মৰণীয় মহিলাৰ স্মৃতি বিজড়িত তেজপুৰ জিলা মহিলা সমিতি

দক্ষ শিপিনী কুসুম বৰাক কিৰণময়ী আগৰৱালা সোঁৱৰণী জীৱনজোৰা সেৱা বঁটা প্ৰদান

অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন – দৰ্শন সংপৃক্ত “চন্দ্রপ্ৰভা শইকীয়ানী এণ্ড দ্য মহিলা সমিতিজ ইন কলনিয়েল আছাম” শীৰ্ষক গ্ৰন্থ উন্মোচন

গ্ৰন্থখনে মহিষী নাৰী চন্দ্রপ্ৰভা শইকীয়ানী আৰু মহিলা সমিতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব – – উপাচাৰ্য্য অধ্যাপক শম্ভূনাথ সিং


তাঁত শালত সপোন ৰচনা কৰা ৯ গৰাকী শিপিনীক বিশেষ বঁটা, এগৰাকী দক্ষ শিপিনীক জীৱনজোৰা সেৱা বঁটা প্ৰদানৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম আৰু জয়মতী কৃষি উৎপাদক গোটেৰে ৪৫০ গৰাকী মহিলাক লৈ এহেজাৰ হেক্টৰ ভূমিত কৃষি কৰ্মেৰে দৃষ্টান্ত দেখুওৱা জিলাখনৰ আদৰ্শ মহিলা কৃষক কমল কুমাৰী বড়োক বিশেষ সম্বৰ্ধনাৰ উপৰি নাৰী সৱলীকৰণ ৰাজ্যখনৰ অন্যতম নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত বিশেষ গ্ৰন্থ উন্মোচন আৰু শিপিনীৰ তাঁত শালৰ বস্ত্ৰ সামগ্ৰীৰ উপৰি বিহুৰ পিঠা পনা বিশেষ বিক্ৰী প্ৰদৰ্শনীৰ উদ্ঘাটনেৰে তেজপুৰ জিলা মহিলা সমিতিৰ বাৰ্ষিকী বিহু মেলাত আজি অনন্য পৰিৱেশৰ সূচনা হ’ল তেজপুৰত। উল্লেখ্য যে চন্দ্রপ্ৰভা শইকীয়ানী, চন্দ্ৰবালা বৰুৱা, মিনা আগৰৱালা, হেমলতা বৰুৱা আদি নাৰী সৱলীকৰণৰ প্ৰাত:স্মৰণীয় প্ৰয়াত মহিলাৰ স্মৃতিৰে গৰিমামণ্ডিত ৰাজ্যখনৰ নাৰী সৱলীকৰণৰ অন্যতম অনুষ্ঠান তেজপুৰ জিলা মহিলা সমিতিয়ে পূৰ্বৰ দৰে ৰঙালী বিহুৰ পূৰ্বে আজিও আয়োজন কৰা ৰঙালী বিহু মেলাৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হয় সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই মহিলা সমিতিৰ বাবে ১৯৫২ চনতে ৰচনা কৰা “ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক” শীৰ্ষক কালজয়ী গীতেৰে ।বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য্যৰ পৰিচালনাত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ নেতৃত্বত মহিলা সকলৰ এই সমবেত গীতেৰে আৰম্ভণিতেই অনুষ্ঠানটি জীপাল হৈ পৰে।


১৯৪৭ চনতেই গঢ় লৈ উঠা তেজপুৰ জিলা মহিলা সমিতিৰ বৰ্তমানৰ সম্পাদিকা ইৰু দেৱী আগৰৱালাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভানেত্ৰী মানসী দত্তই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী লিপিকা চহৰীয়াই ।উদ্বোধনী ভাষণত লিপিকা চহৰীয়াই অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু এক আনন্দৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ বুলি মন্তব্য কৰি আজি আমি আগৰদৰে অকৃত্ৰিম ভাৱে এই উৎসৱ উপভোগ কৰিব পাৰিছোঁ নে বুলি প্ৰশ্ন উত্থাপন কৰি আজিৰ আধুনিক জীৱন শৈলীয়ে আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰিক গুণগত মানৰ উন্নতি কৰিছে সঁচা কিন্তু আমাৰ মনত প্ৰশান্তি দিব পৰা নাই বুলি মন্তব্য কৰে। সকলোৱে আজি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মূখীন হৈ মানসিক চাপ, উদ্বেগ, হতাশা আদি এশ এবুৰি সমস্যাত জৰ্জৰিত হৈ পৰিছোঁ বুলি কৈ কোনোবাই সেই সমস্যাৰ লগত যুঁজি জয়ী হৈ নিজক আগুৱাই নিব পাৰিছে আৰু কোনোবাই হাৰমানি জীৱনৰ ৰং হেৰুৱাই পেলাইছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
উদ্বোধনী ভাষণৰ পিছতেই অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন – দৰ্শনৰ ওপৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ হেম জ্যোতি মেধিয়ে ৰচনা কৰা আৰু বিশ্ববিখ্যাত প্ৰকাশন প্ৰতিষ্ঠান অক্সফৰ্ড জেন্দাৰাৰ্চ পাব্লিচাৰ্ছে প্ৰকাশ কৰা “চন্দ্ৰপ্ৰভা শইকীয়ানী এণ্ড দ্য মহিলা সমিতিজ ইন কলনিয়েল আছাম” শীৰ্ষক অতি গুৰুত্বপূৰ্ণ গ্ৰন্থখন তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে আনুষ্ঠানিক ভাৱে উন্মোচন কৰি তেজপুৰ জিলা মহিলা সমিতিৰ উপদেষ্টা, বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞাৰ লগতে সভানেত্ৰী আৰু সম্পাদিকাৰ হাতত অৰ্পণ কৰাৰ উপৰি লেখিকা ড০ হেম জ্যোতি মেধিয়ে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ হাততো বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ বাবে অৰ্পণ কৰে। উন্মোচনী ভাষণত উপাচাৰ্য্য অধ্যাপক শম্ভূনাথ সিঙে তেজপুৰ জিলা মহিলা সমিতিৰ ঐতিহ্য আৰু মহত্ব আলোকপাত কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰত ড০ হেম জ্যোতি মেধিৰ জৰিয়তে স্হাপন হোৱা তেজপুৰ জিলা মহিলা সমিতিৰ ডিজিটেল আৰ্কাইভৰ প্ৰসংগ উত্থাপন কৰি এই গ্ৰন্থখনৰ জৰিয়তে মহিয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু দেশৰ স্বাধীনতা আন্দোলনৰ স্মৃতিও জড়িত হৈ থকা তেজপুৰ মহিলা সমিতি বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

আনহাতে এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে বিভূষিত হোৱা বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম আৰু জিলাখনৰ আদৰ্শ কৃষক কমল কুমাৰী বড়োক গামোচা, ফুলাম জাপী আৰু সম্বৰ্ধনা পত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছত দুয়োগৰাকীয়ে নিজৰ মনৰ অনুভৱ সদৰী কৰে। ডা০ জাহানাৰা বেগমে নিজে ৰাষ্ট্ৰপতিৰ হাতৰ পৰাও বঁটা গ্ৰহণ কৰিছে যদিও নিজৰ আপোন কৰ্মভূমিৰ অনুষ্ঠানে এনেদৰে মৰম কৰিলে অধিক উদ্বুদ্ধ হৈ ভৱিষ্যতে কাম কৰাৰ প্ৰেৰণা লাভ কৰোঁ বুলি মন্তব্য কৰি তেওঁৰ চিকিৎসক জীৱনৰ ব্যস্ত জীৱন শৈলীৰ মাজতো শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ অধিক মানসিক প্ৰশান্তি লাভ কৰে বুলি কয়। আনহাতে আদৰ্শ কৃষক কমল কুমাৰী বড়োৱে নিজে এগৰাকী মহিলা কৃষক হিচাপে প্ৰকৃত জীৱনৰ মাদকতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি স্বামী – স্ত্ৰীৰ সম অধিকাৰৰ কথা সকলোৱে কয় যদিও তেওঁ কৃষি কৰ্মেৰে সেই সম অধিকাৰ প্ৰতিপন্ন কৰি জীৱন সাৰ্থক কৰি তুলিছে বুলি কৈ আন মহিলা সকলকো কৃষি কৰ্মৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।


উল্লেখ্য যে পূৰ্বৰ দৰে এইবাৰো এই অনুষ্ঠানতে তেজপুৰ জিলা মহিলা সমিতিৰ বোৱা কটা বিভাগৰ এগৰাকী দক্ষ শিপিনী কুসুম বৰাক নগদ ধনেৰে কিৰণময়ী আগৰৱালা সোঁৱৰণী জীৱনজোৰা সেৱা বঁটা প্ৰদান কৰাৰ লগতে শিপিনী দুলু দাসক মুগা কাপোৰ উৎপাদনৰ বাবে গোলাপ লতা দেৱী সোঁৱৰণী বঁটা, কপাহী কাপোৰ বোৱাৰ বাবে ইলা ডেকাক ৰাধিকা বালা দাস সোঁৱৰণী বঁটা, বিমলা দাসক ঈশ্বৰী দেৱী সোঁৱৰণী বঁটা, মৌচুমী থাপাক কমতা দেৱী সোঁৱৰণী বঁটা, মাধৱী বৰাক জয়ৰাম সোঁৱৰণী বঁটাৰ লগতে হৰেশ্বৰী শইকীয়া, তৰা কলিতা, হীৰা মণি ৰাভা আৰু দময়ন্তী ৰাভাক নগদ ধনৰ বিশেষ সহযোগিতামূলক বঁটা প্ৰদান কৰে। আনহাতে তেজপুৰৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক তথা প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিয়ে বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই লাও পাতৰ তলত দৰে নাৰীও কাৰোবাৰ তলত সেই ধাৰণা আজি আশাব্যঞ্জক ভাৱে সলনি হোৱাই নহয় মহাকাশ বিজ্ঞানীৰ পৰা কৃষকলৈকে নাৰীয়ে তাহানিৰ সেই ধাৰণাক নস্যাৎ কৰিছে বুলি মন্তব্য কৰি সকলো নাৰীকে নিজৰ জাতি আৰু কৃষ্টিৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতেই শিপিনী সকলে তাঁতশালত বৈ উলিওৱা বস্ত্ৰ সামগ্ৰী আৰু বিহুৰ পিঠা – পনা, জলপানৰ বিক্ৰীমূলক প্ৰদৰ্শনীখনৰ দ্বাৰ আনুষ্ঠানিক ভাৱে গামোচা খুলি উদ্ঘাটন কৰে ৰাজ্য চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত শিপিনী বিমলা দাসে।
আকৰ্ষণীয় এই প্ৰদৰ্শনীত মহিলা সকলে এনেদৰে ভীৰ কৰা পৰিলক্ষিত হয়। বিয়লি জেং বিহু প্ৰতিযোগিতাৰে ৰঙালী বিহু মেলাৰ সামৰণি পৰে।

দেৰগাঁৱৰ ৰঙামাটিত পুৱাই পথ দুৰ্ঘটনাত পতিত ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখন…

🛑 দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
🛑পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনাটো
🛑নিয়ন্ত্ৰণ হেৰুৱা দ খাৱৈত সোমাল নৈশ বাছ।


🛑গুৱাহাটী পৰা শিৱসাগৰৰ অভিমুখে আহি আছিল ব্ৰহ্মপুত্ৰ নামৰ বাছখন।
🛑বাছখনত আছিল ১৫জন যাত্ৰী।
🛑 আহত যাত্ৰী সকলক চিকিৎসাৰ বাবে
যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে।


🛑ৰঙামাটি টোলগেটৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো।
🛑দূৰ্ঘটনাত পতিত হোৱা বাছ খনৰ নম্বৰ AS01KC5227

দিব্য জ্যোতি কাকতি, ৰঙামাটি

বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

আগন্তুক ৭ মেত অনুষ্ঠিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত আজি নিৰ্বাচনী প্ৰচাৰ চলাই। আমিনগাঁও নেহৰু যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত আমিনগাঁও ৮০ নং লাচিত গড় পঞ্চায়ত অন্তৰ্গত অগপ, বিজেপি আৰু ইউ পি এলৰ ভোটাৰ ৰাইজ উপস্থিত থকা যৌথ নিৰ্বাচনী সভাত সভাপতিত্ব কৰে শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি ধীৰাজ মহন্তই।

সভাত ভাষণ দি আগন্তুক বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয় আমাৰ গতিশীল মুখ্যমন্ত্ৰীৰ ড০হিমন্ত বিশ্ব শৰ্মাই মোক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে বৰপেটা সমষ্টিৰপৰা পৰা অগপ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। চৌধুৰীয়ে ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ প্ৰাৰ্থীত্ব সমৰ্থনত তেওঁ অনুমান কৰাতকৈও অধিক সমৰ্থক ওলাই অহাত তেওঁ অতিশয় আনন্দ প্ৰকাশ কৰে। ৰাইজৰ মাজৰে এজন ব্যক্তি হৈ কাম কৰাৰ বাবে তেওঁক বঙাইগাঁও বাসীয়ে আঠবাৰকৈ অসম বিধান সভালৈ নিৰ্বাচিত কৰা বুলি উল্লেখ কৰি চৌধুৰীয়ে বঙাইগাঁও বাসী ৰাইজৰ সমানেই সমগ্ৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজৰ মাজত ৰাইজৰে এজন কৰ্মী হৈ কাম কৰি যাবৰ বাবে বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ ভোট দাতা ৰাইজলৈ আহ্বান জনায়।

সভাত ভাষণ দি অগপ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় অগপ বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী এগৰাকী নিকা ভাৱমূৰ্তীৰ ব্যক্তি। সাধাৰণ জীৱন যাপন কৰা আৰু ৰাইজৰ হৈ কাম কৰা জনপ্ৰিয় ফণীভূষণ চৌধুৰীয়ে আঠবাৰকৈ বিধায়ক হৈ এক নজিৰ সৃষ্টি কৰিছে। তেওঁৰ এই কৰ্মনিষ্ঠাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই চৌধুৰীক আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰি মনোজ শইকীয়াই কয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বাবে আজি অসমৰ লগতে জালুকনিবাৰী সমষ্টিৰ চাৰিওফালে উন্নয়ন বতাহ বলিছে। সভাত ভাষণ দি উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুৱল পালে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়ী কৰিবলৈ উপস্থিত ভোটাৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত অগপ নেতা তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়, অগপৰ কেন্দ্ৰীয় সম্পাদক জয়ন্ত কুমাৰ নাথ, অগপৰ জালুকবাৰী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি শংকৰ কুমাৰ দাস, বিজেপি নেতা কেশৱ কলিতা,৮০ নং লাচিত গড় পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰদীপ দাসকে ধৰি অগপ আৰু বিজেপি দলৰ কেইবাজনো নেতা উপস্থিত থাকে। সভাত অগপ আৰু বিজেপি দলৰ বুথৰ সভাপতি, বিভিন্ন মৰ্চাৰ সভাপতি আৰু সম্পাদক সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ফুলাম গামোছা আৰু শৰাইৰে সম্বৰ্দ্ধনা জনাই।

APSC চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিব লগীয়া হৈছিল: মন্ত্ৰী পীযুষ হাজৰীকা

মাজুলীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী,চাৰি শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান বিজেপিত ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ধুমুহাৰ গতিত অভিযান চলাইছে মন্ত্ৰী পীযুষ হাজৰীকাই।
মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতত মাজুলীৰ ৰাৱনাপাৰত চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত।মাজুলী কংগ্ৰেছৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদক ফীজু দত্তৰ লগতে গৌৰৱ গগৈৰ ঘনিষ্ঠ শংকৰ জ্যোতি হাজৰিকাৰ যোগদান।


মাজুলীৰ বনগাঁৱত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বৰ্ণনা কৰিলে বিজেপি চৰকাৰৰ উন্নয়নৰ ধাৰা।‌
মাজুলীৰ সকলো সমস্যা এটা এটাকৈ নাইকিয়া কৰিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে পীযুষ হাজৰীকাই।
অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম। অহা দুবছৰৰ ভিতৰত মাজুলীৰ গড়া খহনীয়া ৰোধৰ বাবে অতি কমেও ১০০ কোটি টকা মুকলাই দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰীকাৰ। কংগ্ৰেছ চৰকাৰৰ দিনত মাজুলীৰ বাট পথৰ অৱস্থা অতি শোচনীয় আছিল কিন্তু এতিয়া মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ এটা এটা পথ পকীকৰণ কৰিলে।


সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ সময়তে মাজুলীয়ে জিলাৰ মৰ্যদা লাভ কৰে। কিন্তু কংগ্ৰেছৰ দিনত মাজুলী কেৱল যোৰহাট জিলাৰ এটা অংশ আছিল। মন্ত্ৰী গৰাকীয়ে তেওঁৰ উদান্ত ভাষণত উল্লেখ কৰে যে যিসকল নিবনুৱাই চাকৰি লাভ কৰা নাই সেইসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ যোগেদি ২-৫ লাখ টকা লাভ কৰিব।
মহিলাসকলে উদ্যমিতা আঁচনিৰ জৰিয়তে ২ মাহৰ ভিতৰত ১০ হাজাৰ টকা আৰু অহা বছৰ ২৫ হাজাৰ টকা বেংক একাউণ্টত লাভ কৰিব।


যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি.এ, বি. এছ.চি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব।সমান্তৰালকৈ উদঙালে কংগ্ৰেছ চৰকাৰৰ দিনৰ পয়ালগা ছবিখন। কংগ্ৰেছে সূতা কম্বলৰ ৰাজনীতি কৰিছিল। কংগ্ৰেছে ২৫ হাজাৰ টকা, ১ লাখ চাকৰি দিয়া নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পাবলৈ হ’লে ১০-২০ লাখ টকা দিব লগা হৈছিল।
মন্ত্ৰী বিধায়কৰ অঙহী বঙহীয়ে চাকৰি লাভ কৰিছিল। APSC চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিব লগীয়া হৈছিল।


এতিয়া সেই পৰিৱেশ নাই। সেইবোৰ দুৰ্নীতিৰ বাবেই সকলোৱে কংগ্ৰেছ এৰিবলৈ বাধ্য হ’ল। এতিয়া আৰু সূতা কম্বলৰ ৰাজনীতি নচলে। গতিকে সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ। এনেদৰে বিৰোধীক দমন কৰি আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰেৰে চমক মন্ত্ৰী পিযুষ হাজৰীকাৰ।

নদীৰ বান-খহনীয়া তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত আগবঢ়ালে ছাগলী, হাঁহ, পাৰ, সোণ, ৰূপ, নৈবদ্য…

মাজৰবাৰী লাডাংগুৰীত আগবঢ়ালে ছাগলী, হাঁহ, পাৰ,সোণ,ৰূপ, নৈবদ্য, ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়া তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ অগনন ভূক্তভোগী ৰাইজৰ উপস্থিতিৰে গংগা মাৰ আশীষ বিচাৰি পূজাৰ আয়োজন।

ধেমাজি জিলাৰ চিমেনমুখৰ মাজৰবাৰী অঞ্চলৰ ১ নং লাডাংগুৰী কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰা হয় শ্ৰী শ্ৰী মা গংগা পূজাৰ।ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অনুষ্ঠিত কৰা শ্ৰী শ্ৰী মা গংগা পূজাৰ পুৱাৰ ভাগতে ১ নং লাডাংগুৰী কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত মণ্ডপ সাজি লোৱা হয়।পূজাৰ বাবে ফল,ফুল,ধূপ-ধূনা,তামোল, পান,কল-কুঁহিয়াৰ, মা-প্ৰসাদ, সোণ,ৰূপ, কাপোৰ, সেন্দুৰ, সূতা আদি নৈবদ্য সমূহ যোগাৰ কৰি লোৱা হয়।সুকীয়া সুকীয়াকৈ জল দেৱতা, শিৱ আৰু মা গংগাৰ পূজা কৰা হয়।জল দেৱতাৰ সন্তুষ্টৰ বাবে এটা কলা ৰঙৰ ছাগলী আগ কৰি মেলি দিয়ে।সেইধৰণে সকলোৰে মঙ্গল কামনা কৰি শিৱ বাবাক সন্তুষ্টৰ বিভিন্ন নৈবদ্য আগবঢ়াই পূজা দিয়া হয়।আনহাতে এখন বৃহৎ আকাৰৰ কলৰ ভূৰ সাজি ভূৰত গংগা মাৰ সন্তুষ্ট কৰিবলৈ কাপোৰ, সোণ,ৰূপ, প্ৰসাধন সামগ্ৰী, সূতা, গাখীৰ,এজনী বগা হাঁহ, এজনী বগা পাৰ চৰাই, ক’লা কুকুৰা, বস্ত্ৰ বিভিন্ন নৈবদ্য আগবঢ়োৱা হয়।মূল পূজাৰীয়ে মন্ত্ৰোসাৰণ কৰি ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা চেঙাজান, মাজৰবাৰী লাডাংগুৰী, লক্ষ্মীসূঁতি,বদলপুৰ আদি নৈপৰীয়া ৰাইজৰ পৰিত্ৰাণ পোৱাৰ মনোবাঞ্চা কৰি পূজা সমাৰ্পাণ কৰে।

ইয়াৰ পাছতে নৈবদ্য ভৰ্তি কলৰ ভূৰখন ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে। উল্লেখযোগ্য যে ডেৰ দশক ধৰি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ কবলত ইতিমধ্যে ১ নং বৰগাওঁ, ২ নং বৰগাওঁ, ৩ নং বৰগাওঁ, ৬ নং বৰগাওঁ, চেঙাজান গোৱালা,নেওলাপাৰা, এলঅচি বাঙালী, সণ্ঠাপাৰা,চেঙাজান বালিগাওঁ, কেডিগাওঁ, চেঙাজান হাজং, লেম্ব চাপৰি, মঙ্গলবৰীয়া বড়ো, লক্ষ্মীসুঁতি, লাডাংগুৰী আদি নৈপৰীয়া কৃষিজীৱি গাওঁসমূহ নদীৰ বুকুত বিলীন গ’ল। খহনীয়াগ্ৰস্ত নৈপৰীয়া ৰাইজে চৰকাৰৰ আঁচনিলৈ অনীহা প্ৰকাশ কৰি গংগা মাক সন্তুষ্ট কৰিবলৈ এই পূজা আয়োজন কৰে। পূজা অনুষ্ঠানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি ভূমছা বসুমতাৰী,উপ সভাপতি বিচিত্র পাৱ, সাধাৰণ সম্পাদক নিৰঞ্জন নমঃশূদ্ৰ,মাজৰবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ডেভিদ দ্বাৰিক প্ৰমুখ্যে সহস্ৰাধিক নৈপৰীয়া গঞা ৰাইজ উপস্থিত থাকে।

ৰেইনড্ৰপছ ইনিশ্বিয়েটিভৰ প্ৰশংসনীয় পদক্ষেপ! ৰমজান মাহত বিনামূলীয়াকৈ চেহেৰী ইফতাৰ বিতৰণ

এইখন শংকৰ আজানৰ অসম। বৰ্তমান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। এই পৱিত্ৰ ৰমজান মাহত গুৱাহাটী মহানগৰীৰ একাংশ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ক’ভিডৰ পিছৰে পৰা Raindrops Initiative অসমৰ তৰফৰ পৰা ৰোজাৰ মাহত গুৱাহাটী মেডিকেল কলেজত বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰি আহিছে ইফতাৰ তথা চেহেৰী।

আবিদ আজাদৰ নেতৃত্বত এই পদক্ষেপ সলাগনীয়। কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই বিনামূলীয়া খাদ্য বিতৰণ কৰা হোৱা নাই ইয়াত হিন্দু মুছলিম উভয়ে খাদ্য গ্ৰহণ কৰে। আজি অষ্টবি‍ংশ ৰোজাত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ DB NEWSৰ সাংবাদিক জেবিন চুলতানাই ইফতাৰৰ বাবে ৬০ গৰাকী লোকৰ খাদ্য বিতৰণৰ বৰঙণি আগবঢ়াই Raindrops Initiativeৰ দ্বাৰা।

Assam Rifles Conducts National Integration Tour For Cadets Of Sainik School Satara…

A group of 47 cadets and two teachers, including 10 girls, participated in a week-long National Integration Tour of North Eastern Region from 03 Apr to 10 Apr 2024. The tour was planned organized and executed by the Assam Rifles and aimed to provide these cadets with a deeper understanding of the North Eastern states. The cadets visited the Directorate General Assam Rifles Headquarters at Laitkor, where they engaged in interactive sessions with Lt. Gen PC Nair, PVSM, AVSM, YSM, PhD, the Director General of Assam Rifles an alumnus of the same school. The highlight of their visit was a surprise reception at Assam Rifles House, where the Assam Rifles Jazz Band performed the school song ‘Hum Bharat Ke Chand Sitare’ for the cadets, leaving them pleasantly enthralled. The interaction with Director General of Assam Rifles an alumnus of the school added a personal touch to their experience and instilled a sense of pride and connection.

In addition to Laitkor the cadets also visited the War Memorial and the Museum of Assam Rifles. Further they attended a cultural programme at Rai auditorium of Assam Rifles where they watched the performance by Artists from various states showcasing the rich cultural heritage of the region.

The cadets thereafter visited other prominent locations of Meghalaya to include Shillong Peak and Cherrapunji.

From Shillong the cadets proceeded to Dimapur. They visited the Assam Rifles Training Centre & School and saw the training facilities and activities of the recruits in the Centre. Cadets of the school also visited Sainik School Pungalwa in Nagaland. The cadets were thrilled to meet their peers in Sainik School Pungalwa during their familarisation visit.

From Dimapur they moved to 7 Assam Rifles located at Ghaspani where they interacted with the officers and men and also witnessed a cultural programme. Incidentally, the Director General has been a Company Commander in 7 Assam Rifles. They further moved to Inspectorate General Assam Rifles (North) and witnessed a lecture & demonstration showcasing the epic battle of Kohima. They also visited the Kohima War Cemetery and witnessed the weapons & Pipe band display. The cadets interacted with Maj Gen Manish Kumar, Inspector General (North).

Cadet Om Deelip Mane while expressing his views said that I feel really privileged to be part of the National Integration tour as it has broadened my horizon as well as knowledge about North Eastern states.

Cadet Yadnya Totawar profusely thanked Assam Rifles for the memorable experience and expressed that such tours promote understanding of different cultures and are effective in community engagement.

The underlying goal of National Integration Tour being conducted regularly by Assam Rifles is to create a cohesive society that nurtures responsible citizens and embraces the diversity of India. By exposing students to different cultures, traditions, and ways of life, these tours serve as a bridge to connect people from various backgrounds, fostering mutual respect and understanding.

The cadets expressed their gratitude to the Assam Rifles for organizing the unforgettable tour which not only enhanced their knowledge but also left a lasting impact on their hearts. The memories of the tour will serve as a reminder of the importance of unity in diversity and the beauty of being part of a nation that celebrates its rich tapestry of cultures.

National Integration Tours like this serve as a catalyst for promoting harmony, inclusivity, and a shared sense of belonging among the citizens of India. Through such initiatives, we pave the way for a brighter future built on the foundation of unity in diversity.

নিবনুৱালৈ আশাৰ সঞ্চাৰঃ মন্ত্ৰী বিমল বড়াৰ, ৮০ বিঘা মাটিত ৮৭ হাজাৰ কিলোগ্ৰাম আলু উৎপাদন…

ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰা সাম্প্ৰতিক সমাজ জীৱনত এটা চৰকাৰী চাকৰি অথবা স্বচ্ছল জীৱন যাপনৰ বাবে আৰ্থিক নিৰাপত্তা বিচাৰি নিতৌ হাহাকাৰ কৰি অহা কৰ্মক্ষম যুৱ সমাজক সংগঠিত কৰি কৃষি বিপ্লৱৰ জৰিয়তে আত্ম সংস্থাপনৰ বাবে নতুন পথৰ সন্ধান দিবলৈ উদ্যোগ গ্ৰহণ কৰিছে টিংখাঙৰ “দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড” নামৰ সমবায় সমিতিয়ে। ইতিমধ্যে সমবায়খনৰ উদ্যোগত কৃষি কৰ্মৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ ভিত্তিত উদ্যোগ স্থাপন কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ সংৰক্ষণ, বজাৰ, যাতায়ত আৰু যোগাযোগৰ সূচল ব্যৱস্থা ইত্যাদি গঢ়ি তুলি আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি অৰ্থনীতিলৈ এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰিবলৈ বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছে।

টিংখাঙৰ বিধায়ক তথা উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়াৰ উদ্যোগত টিংখাং বিধানসভা সমষ্টি ভিত্তিত গঠন কৰা “দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড” ৰ উদ্যোগত ইতিমধ্যে সমষ্টিটোৰ ধমন কেন্দুগুৰি, লেঙেৰীৰ শলগুৰি আৰু খোৱাং কলৌলোৱাত পৰীক্ষাগামূলক ভাৱে ৮০( আশী) বিঘা মাটিত উন্নত জাতৰ FC11 আৰু FC3 প্ৰজাতিৰ আলুৰ বীজ ৰোপন কৰি প্ৰায় ৮৭,০০০ কিলোগ্ৰাম আলু উৎপাদন কৰিবলৈ সক্ষম হৈছে। মাল্টিনেশ্বনেল কোম্পানী “পেপচিকো: ইণ্ডিয়া হলডিং প্ৰাইভেট লিমিটেড” ৰ লগত বাণিজ্যিক চুক্তিৰ জৰিয়তে আলু উৎপাদন আৰু বিক্ৰীৰ বাবে এখন বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে মন্ত্ৰী বিমল বড়াই। চুক্তি অনুসৰি দিহিংচাঙৰ উদ্যোগত উৎপাদিত সমুদায় আলু কৃষকৰ খেতি পথাৰৰ পৰাই যথোচিত মূল্য প্ৰদান কৰি পেপচিকোয়ে ক্ৰয় কৰি নিব। উল্লেখ্য যে, টিংখাং বিধানসভা সমষ্টিৰ উত্তৰ-পূব দিশে বৈ যোৱা বুঢ়ীদিহিং নদীৰ বাঢ়নি পানীৰে প্ৰতিটো বাৰিষাতে উৰ্বৰা কৰি থৈ যোৱা বিশাল কৃষিভূমিত আলু খেতিৰ লগতে অন্যান্য শাক-পাচলি খেতি কৰি বৃহৎ সংখ্যক খেতিয়কে প্ৰচুৰ লাভবান হ’বলৈ সক্ষম হৈছে। দুগুণ উৎসাহেৰে কৃষি কাৰ্যত জড়িত কৰাৰ বাবে খেতিয়কসকলক উৎসাহিত কৰিবলৈ চলিত বৰ্ষত সৰ্বাধিক আলু উৎপাদন কৰিবলৈ সক্ষম হোৱা কৃষকসকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলিও মন্ত্ৰী বড়াই ঘোষণা কৰিছে। আনহাতে আগন্তুক বৰ্ষত অধিক বৃহৎ পৰিসৰত আলু খেতি কৰা পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি সমবায় সমিতিৰ সম্পাদক ভদ্ৰেশ্বৰ গগৈয়ে জানিবলৈ দিছে ৷ জানিব পৰা মতে, সমষ্টিটোৰ আঘোণীবাৰীৰ পৰা খোৱাং ঘাটলৈকে বুঢ়ীদিহিঙৰ বানপ্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰিৰ ওপৰত নিৰ্মীয়মান ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথৰ দাঁতি-কাষৰীয়া বিশাল উৰ্বৰ মাটিত স্থানীয় খেতিয়কসকলক আলু খেতিৰ উপৰিও গোমধানৰ খেতি কৰাৰ বাবে সমিতিৰ তৰফৰ সহযোগিতা প্ৰদান কৰিবলৈ এক পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

মন কৰিবলগীয়া যে, আলু, গোমধান খেতিৰ সমান্তৰালকৈ খেতিয়ক সকলৰ মাজত ব্যৱসায়িক ভিত্তিত গাহৰি, ছাগলী, হাঁহ-কুকুৰা পালনৰ এক পৰিবেশ গঢ়ি তোলাৰ কৰ্ম আঁচনিও সমবায় খনে গ্ৰহণ কৰিছে। সমবায় খনৰ উদ্যোগত ঠাই বিশেষে Goatery village, piggery village গঢ়ি তুলি বিশেষকৈ কৰ্মক্ষম যুৱ সমাজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ পৰিকল্পনাৰে এক কৰ্ম আঁচনি যুগুত কৰা হৈছে। ব্যৱসায়িক ভিত্তিত গ্ৰহণ কৰা এনে কৰ্ম আঁচনিৰ জৰিয়তে কৃষি উদ্যোগলৈ এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে ৷ মন্ত্ৰী বিমল বড়াই সমষ্টিটোৰ নিবনুৱা যুৱকসকলক কৃষি কৰ্মৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰি অৰ্থনৈতিক বিপ্লৱৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি প্ৰকৃত জাতীয়তাবাদৰ পৰিচয় দিয়াৰ প্ৰয়াস জাৰি ৰখাৰ কথা জনাইছে ৷