Home Blog Page 895

লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…

শুক্ৰবাৰে পুৱা ৭ বজাত আৰম্ভ হোৱা লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ত সন্ধিয়া ৭ বজাত ৮৮ টা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৬০.৯৬% ৷ ১৩ খন ৰাজ্যৰ ভোটাৰে গৰমৰ মাজতো ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ উৎসাহেৰে অংশগ্ৰহণ কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। শুক্ৰবাৰে ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিং কৰা হয়। গৰমৰ বাবে ভোটাৰসকলক সকাহ দিবলৈ বিহাৰৰ বাংকা, মাধেপুৰা, খাগাৰীয়া আৰু মুংগেৰ সমষ্টিৰ বহু ভোটকেন্দ্ৰত ভোটদানৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হয়। একেদৰে শান্তিপূৰ্ণভাবে অন্ত পৰিল অসমৰ পাঁচ লোকসভা সমষ্টিত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ৫টা সমষ্টি ক্ৰমে ডিফু, নগাঁও, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জত আজি অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত মুঠ ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আবেলি ৫ বজালৈ অসমৰ ৫ সমষ্টিত সাব্যস্ত হোৱা ভোটদানৰ হাৰ এনেধৰণৰ- দৰং-ওদালগুৰিঃ ৭২.৯৯ শতাংশ, নগাঁওঃ ৭১.৮৪ শতাংশ,ডিফুঃ ৬৯.৬২ শতাংশ,কৰিমগঞ্জঃ ৭১.১২ শতাংশ,শিলচৰঃ ৬৫.৫৭ শতাংশ। অসমত বিয়লি ৫ বজালৈকে সামগ্ৰীক ভোটদানৰ হাৰ ৭০.৬৬। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰাকে ধৰি মুঠ ১৩ গৰাকীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। দৰং-ওদালগুৰিত বিজেপিৰ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বি পি এফৰ বিধায়ক দুৰ্গাদাস বড়োকে ধৰি ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সেইদৰে ডিফু সমষ্টিত প্রাক্তন বিধায়ক জয়ৰাম ইংলেং, স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জটচন বে’, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰ, বিজেপিৰ হৈ অমৰ সিং টিছ’কে ধৰি ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত আছে। শিলচৰ সমষ্টিত মুঠ আঠগৰাকী প্ৰাৰ্থী আছে। তেওঁলোকৰ ভিতৰত মন্ত্ৰী বিজেপিৰ পৰিমল শুক্লবৈদ্য, ৰাধেশ্যাম বিশ্বাস( তৃণমূল কংগ্ৰেছ) কংগ্ৰেছৰ পৰা সূর্যকান্ত সৰকাৰ আদি আছে।কৰিমগঞ্জ সমষ্টিত বিজেপিৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী আদিকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থী আছে।

অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায় ৭ মে’ত ১০ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৯৪ টা সমষ্টিকে অনুষ্ঠিত হ’ব।ভোট গণনা ৪ জুনত অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ যোৱা ৰাজ্যসমূহ হৈছে অসম, বিহাৰ, গোৱা, গুজৰাট, ছত্তীশগড়, মধ্য প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ। এই আসনসমূহৰ বাবে ভোটগ্ৰহণ ৭ মে’ৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব। অসমত ৭ মে’ত তৃতীয় পৰ্যায়ত ইয়াৰ ৪ খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। উক্ত দিনা কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটীত নিৰ্বাচন অনুষ্ঠিত হ’ব।


অসমত তৃতীয় পৰ্যায়ত মুখ্য প্ৰাৰ্থীসকল হৈছে-
কোকৰাঝাৰ: গৰ্জন মোছাহাৰী (কংগ্ৰেছ-ভাৰত) , জয়ন্ত বসুমতাৰী (ইউপিপিএল-এনডিএ)

ধুবুৰী: ৰকিবুল হুছেইন (আইএনচি-ইণ্ডিয়া) , জাবেদ ইছলাম (অগপ-এনডিএ), বদৰুদ্দিন আজমল, এআইইউডিএফ।

বৰপেটা: দীপ বায়ান (কংগ্ৰেছ) ,ফণী ভূষণ চৌধুৰী (অগপ-এনডিএ)।

গুৱাহাটী: মীৰা বৰঠাকুৰ গোস্বামী (কংগ্ৰেছ) , বিজুলী কলিতা মেধি (বিজেপি-এনডিএ)
বিহাৰৰ ৫টা সংসদীয় সমষ্টিত ৭ মে’ত নিৰ্বাচন অনুষ্ঠিত হ’ব, যাৰ ভিতৰত আছে ঝাঞ্জাৰপুৰ, সুপল, আৰাৰিয়া, মাধেপুৰা আৰু খাগৰীয়া। ৰাজ্যখনে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ অন্তিম দুটা পৰ্যায়ত ইয়াৰ ৯ খন লোকসভা আসনৰ বাবে ভোট গ্ৰহণ কৰিছে।


বিহাৰ লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ত মুখ্য প্ৰাৰ্থীসকল হৈছে-
ঝাঞ্জৰপুৰ: সুমন কুমাৰ (ভিআইপি-ইণ্ডিয়া) বনাম ৰামপ্ৰীত মণ্ডল (জেডিইউ-এনডিএ)

সুপল: চন্দ্ৰহাস চৌপাল (আৰজেডি-ভাৰত) বনাম দিলেশ্বৰ কামাইত (জেডিইউ-এনডিএ)

আৰাৰিয়া: মহম্মদ শ্বাহনাৱাজ আলম (আৰজেডি-ভাৰত) প্ৰদীপ কুমাৰ সিং (বিজেপি-এনডিএ)

মাধেপুৰা: অধ্যাপক কুমাৰ চন্দ্ৰদীপ (আৰজেডি-ভাৰত, দিনেশ চন্দ্ৰ যাদৱ (জেডিইউ-ভাৰত)

খাগাৰীয়া: সঞ্জয় কুমাৰ কুশৱাহা (চিপিএম), ৰাজেশ বাৰ্মা (এলজেপি(আৰভি)

গোৱাত ২খন লোকসভা আসনৰ বাবে ৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব।

গোৱাত মুখ্য প্ৰাৰ্থী হৈছে-
উত্তৰ গোৱা: ৰমাকান্ত খালাপ (আইএনচি-ইণ্ডিয়া), শ্ৰীপদ য়েচো নায়েক (বিজেপি-এনডিএ)

দক্ষিণ গোৱা: ভিৰিয়াটো ফাৰ্ণাণ্ডেজ (আইএনচি- ভাৰত) , পল্লৱী ডেম্পো (বিজেপি-এনডিএ) আদি।

পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…

পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয় খনৰ পৰা এইবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ২ গৰাকী ছাত্ৰই ডিষ্টিংচন, ৭ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে ষ্টাৰ আৰু সৰ্বমুঠ ৫২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি বিদ্যালয়ৰ প্ৰাত:সভাত অধ্যক্ষা জিনা ভূঞাৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত ৮৯% নম্বৰৰে ডিষ্টিংচন লাভ কৰা দয়ানন্দ পেগু, ৮৭% নম্বৰৰে ডিষ্টিংচন লাভ কৰা বিষ্ণুজ্যোতি দাস, ষ্টাৰ নম্বৰ লাভ কৰা ক্ৰমে দুতিকৃষ্ণ বৰা, ৰাহুল শইকীয়া, দৰ্শনা বৰা, মনোৰঞ্জন হাজৰিকা, বিপ্লৱ ভৰালী, লিকা দত্ত, ব্ৰজেন দাস আৰু প্ৰথম বিভাগ পোৱা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰী সহ মুঠ ৫২ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

বিজ্ঞান শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠানটোত বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি সাধাৰণ বিজ্ঞানত লেটাৰ নম্বৰ লাভ কৰা ১৯ গৰাকী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰশংসা প্ৰত্ৰ সহ এটি কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনাই আৰু ছাত্ৰ ছাত্ৰীৰ সফলতাই সকলোৰে মনত খোদিত কৰা প্ৰশান্তিৰ অনুভৱৰে অনুষ্ঠানটোৰ আঁত ধৰে।

অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…

প্ৰবীণ ছুপাৰষ্টাৰ কমল হাছানৰ কন্যা তথা অভিনেত্ৰী শ্ৰুতি হাছানৰ ব্যক্তিগত জীৱন সন্দৰ্ভত পুনৰ খবৰ আহিছে, কাৰণ অভিনেত্ৰীগৰাকী আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক, ডুডল শিল্পী আৰু চিত্ৰকৰ শান্তনু হাজৰিকা বিচ্ছেদ হৈছে বুলি চৰ্চা চলিছে। কোৱা হৈছে যে দুয়োজনে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে। হিন্দী চিনেমাৰ পৰা দক্ষিণ চিনেমালৈকে শ্ৰুতি হাছানে বহু ছবিত নিজৰ শক্তিশালী অভিনয় কৰিছে। শ্ৰুতি হাছান এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী উৎকৃষ্ট গায়িকাও। অৱশ্যে আজিকালি অভিনেত্ৰীগৰাকীয়ে পেছাদাৰী জীৱনৰ বাবে নহয় ব্যক্তিগত জীৱনৰ বাবে শিৰোনাম দখল কৰিছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ব্ৰেকআপৰ বাবে শিৰোনাম দখল কৰিছে।

এক বাতৰি অনুসৰি এক সূত্ৰই এই খবৰ নিশ্চিত কৰি কয় যে, “যোৱা মাহত তেওঁলোকৰ মাজত বহু ব্যক্তিগত সমস্যা আছিল বাবে তেওঁলোকৰ মাজত বিচ্ছেদ হৈছে। গতিকে দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত ল’লে।”

প্ৰতিবেদন অনুসৰি শ্ৰুতি আৰু শান্তনু বিচ্ছেদ হোৱাৰ এমাহৰো অধিক সময় পাৰ হৈ গ’ল। কেৱল এয়াই নহয়, কোৱা হৈছে যে অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামৰ পৰাও সকলো ছবি আঁতৰাই পেলাইছে।

শান্তনু হাজৰিকা এগৰাকী ডুডল শিল্পী আৰু চিত্ৰকৰ। ইয়াৰ উপৰিও তেওঁ ২০১৪ চনৰ ডুডল আৰ্ট প্ৰতিযোগিতাত শ্ৰেষ্ঠ ডুডল আৰ্টিষ্টৰ সন্মান লাভ কৰে। গুৱাহাটী আৰ্ট প্ৰজেক্ট (জিএপি)ৰ সহ-প্ৰতিষ্ঠাপক। কেৱল এয়াই নহয়, শান্তনুৱে অভিযান্ত্ৰিক পঢ়া-শুনা এৰি শিল্পৰ কেৰিয়াৰ গঢ়িবলৈ লৈছিল। শান্তনুৱে অনলাইন আৰু ডিভাইনৰ দৰে ৰেপাৰ আৰু হিপ-হপ শিল্পীৰ সৈতেও কাম কৰিছে।

শ্ৰুতি হাছানে যোৱা কেইবাবছৰ ধৰি শান্তনু হাজৰিকাক ডেটিং কৰি আছিল। ইয়াৰ পূৰ্বে লণ্ডনৰ ইটালীৰ অভিনেতা মাইকেল কৰ্চেলৰ সৈতে ডেটিং কৰিছিল যদিও ২০১৯ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে। ইয়াৰ পিছত ২০২০ চনৰ পৰা শ্ৰুতি আৰু শান্তনুৰ ডেটিং আৰম্ভ হয়। দুয়োৰে সম্পৰ্ক কেতিয়াও লুকুৱাই ৰখা নাই আৰু বিমানবন্দৰৰ পৰা প্ৰতিটো পাৰ্টিত একেলগে দেখা গৈছিল যদিও এতিয়া দুয়োৰে মাজত বিচ্ছেদ হৈছে।

দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…

ৰাতিপুৱা বিলাহী ৰস খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। স্বাস্থ্যৰ বাবে বিলাহী অতি উপকাৰী। আজি আমি আপোনালোকক ক’ম বিলাহী ৰস খোৱাৰ উপকাৰিতাৰ বিষয়ে। এই ৰসে আপোনাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব। ভিটামিন এ, চি, কে আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় বিলাহী ৰসত। দৈনিক ১ মাহ ধৰি বিলাহীৰ ৰস খালে সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

প্ৰতিদিনে খালী পেটত বিলাহীৰ ৰস খাব লাগে। বহুতে এই ৰস খাই ভাল নাপাবও পাৰে। কিন্তু যেতিয়া ইয়াৰ সুফল পাব তেতিয়া আপুনিও স্তম্ভিত হ’ব। ৰক্তচাপ হ্ৰাস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ উপৰিও ইয়াত লাইকোপিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যিটো আপোনাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।

যদি আপোনাৰ ওজন বৃদ্ধি পাই আৰু আপুনি ওজন কম কৰিব বিচাৰে, তেন্তে আপুনি এই ৰস গ্ৰহণ কৰিব লাগিব। ওজন কমাবলৈও এই ৰস অতি উপকাৰী। পেটৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাতো ই আপোনাক বহুত সহায় কৰে।

শৰীৰক হাইড্ৰেটেড কৰি ৰখাতো এই ৰসে আপোনাক বহুত সহায় কৰে। যদি আপোনাৰ শৰীৰত পানীৰ অভাৱ হয়, তেন্তে ১ মাহলৈ প্ৰতিদিনে বিলাহীৰ ৰস খাব লাগে। সমগ্ৰ শৰীৰৰ তৰল পদাৰ্থ বজাই ৰখাত ই আপোনাক বহুত সহায় কৰে।

মুখৰ গ্লোৰ বাবেও এইটো অতি গুৰুত্বপূৰ্ণ। মুখৰ সমস্যা দূৰ কৰি ছালখনক পুষ্টিকৰ কৰি ৰখাত ই আপোনাক বহুত সহায় কৰে। চকুৰ লগত জড়িত সমস্যা ৰোধৰ বাবে এইটো প্ৰয়োজনীয়।

Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night

The Guwahati Sports Association (GSA) marked its 66th Foundation Day with grandeur and fervour, hosting a spectacular Annual Award Nite to honour outstanding achievements in various sports disciplines. The event, held on April 25, saw a total of 196 sportspersons being felicitated for their remarkable performances across Cricket, Table Tennis, Badminton, Volleyball, Basketball, Athletics, Hockey, and Inter-District Championships, both in the men’s and women’s categories.

In a special recognition of excellence in Cricket, the victorious Guwahati teams, champions of the JK Barooah U-19 Inter District Cricket Tournament and the Pulin Das U-14 Inter District Cricket Tournament were applauded for their remarkable feats on the cricketing field.

Devajit Saikia, the General Secretary of GSA, delivered an inspiring speech, congratulating the awardees and emphasizing the significance of such accolades in motivating young sports enthusiasts. Saikia reiterated GSA’s commitment to continuing its tradition of honouring outstanding performances and pledged unwavering support to athletes participating in various competitions.

Distinguished guests graced the occasion, adding prestige to the event. Among them were Paresh Chandra Das, the President of GSA; Chiranjit Langthasa, Treasurer of the Assam Cricket Association (ACA); Rajindra Singh, Joint Secretary of ACA; Kalyan Kumar Das, a former Tennis player and President of the Guwahati Tennis Association; Bijoy Hazarika, a former State Table Tennis Player from Assam and Prassanna Kalita, a Life Member of GSA.

ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা

বৃহত্তৰ ধেমেচীবাসীৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবিদ বীৰেন বুঢ়াগোহাঁই সোঁৱৰণী প্ৰেক্ষাগৃহত ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়াকৈ আয়োজিত ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ২০২৪ ৰ কালি সফল সামৰণি পৰে। প্ৰথম দিনা কাৰ্যসূচীৰ আৰম্ভণিতে বিহুৱান উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পদ্মধৰ দত্তই। ইয়াৰ পিছতে ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপন কৰে জ্যেষ্ঠ নাগৰিক ৰাজেশ্বৰ চেতিয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন চৌধুৰী, প্ৰদীপ বৰগোহাঁই, বেজপথাৰৰ গাঁও প্ৰধান প্ৰেমলতা বৰুৱা, সমাজকৰ্মী ৰাজেন চাংমাইয়ে । ইয়াৰ পিছতে চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে কুসুম কলা কেন্দ্ৰৰ অধ্যক্ষ ধ্ৰৱসিংহ সন্দিকৈয়ে। কণী যুঁজ প্ৰতিযোগিতাৰ উদ্বোধন কৰে সমাজকৰ্মী শৰৎ চেতিয়াই।

একক প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী বসন্ত ফুকনে। প্ৰথম দিনা মঞ্চত চিত্ৰাংকন, ঢোলবাদন, পেঁপা বাদন সৰু বিহুৱতী আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় । কণী যুঁজ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে নামতি শলগুৰিৰ মাধুৰ্য বৰা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিতাইপুখুৰীৰ বিমান কোঁৱৰে। সৰুবিহুৱতী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৰাণৰ নমন্যা দত্তই। দ্বিতীয় পুৰস্কাৰ লাভ কৰে মাৰ্ঘেৰিটাৰ গাৰ্গী বৰুৱাই আৰু তৃতীয় স্থান লাভ কৰে খোৱাঙৰ জ্যোতিস্মিতা চেতিয়াই। ঢোলবাদনত প্ৰথম পুৰস্কাৰ লাভ কৰে নাহৰকটীয়াৰ অগ্নিভৰাজ গগৈয়ে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে ডিমৌৰ তাইচেংমুং ফুকনে। তৃতীয় পুৰস্কাৰ লাভ কৰে ডিমৌৰ কাব্যম শেনছোৱাই আৰু উদগণি মূলক পুৰস্কাৰ লাভ কৰে তনখাম ফুকনে। পেঁপা বাদনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে আকাশ গগৈ, নিপ বৰা আৰু ঋতুৰাজ গগৈয়ে। ইফালে বিহুৱতী প্ৰতিযোগিতাত দ্বৈতভাৱে শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰে ৰাজগড়ৰ পাহাৰী কন্যা গগৈ আৰু মৰাণৰ স্নেহা চাংমাইয়ে। প্ৰথম দিনা বিহু হুঁচৰি প্ৰদৰ্শন কৰে ক্ৰমে ধেমেচী হালধিবাৰী আইচেং চেমনীয়া হুঁচৰি দল, চাইৰুং আৰু নাংচেং হুঁচৰি দলে।

জেং বিহু প্ৰদৰ্শন কৰে কলালোৰ কোঁচ গাঁৱৰ নাহৰ জেং বিহু দলে। বিহৰ মঞ্চতে উদযাপন সমিতিয়ে ধেমেচী অঞ্চলৰ কৃষক যোগেশ বুঢ়াগোহাঁই, বেজপথাৰৰ খগেশ্বৰ বৰা, কলালোৰ কোঁচগাঁৱৰ ভাস্কৰ্য শিল্পী ত্ৰিলোচন দত্ত, পদুমণিৰ যাদৱ দত্ত, প্ৰাক্তন ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ মমী লাহন, সাংস্কৃতিক কৰ্মী ইন্দ্ৰেশ্বৰ সন্দিকৈ, জ্যেষ্ঠ ঢুলীয়া গুণকান্ত চেতিয়াক সম্বৰ্ধনা জনায়। ইফালে সাংস্কৃতিক কৰ্মী লাচিত বৰাক সম্বৰ্ধনা জনোৱাৰ লগতে তিনি হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।‌ কালি দ্বিতীয় দিনা আৰম্ভণি বিহুতলীত বিহু প্ৰদৰ্শন কৰে লেঙেৰী চহৰিকটাৰ সোণোৱাল কছাৰী লেচেৰি বিহু দলৰ লগতে নিমাইজানৰ সন্মিলিত হুঁচৰি দল আৰু মৰাণৰ ৰংমন এনাজৰী দলে। নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহনলাল উপাধ্যায়ে। উদযাপন সমিতিৰ সভাপতি পদ্মধৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত টাইপাৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, উপ সভাপতি উত্তম দিহিঙীয়া, সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পংকজ বৰা, পুৰ্বাঞ্চল তাই সাহিত্য সভাৰ সদস্য টুপীধৰ চাংমাই , সমাজকৰ্মী কন্দৰ্প সাগৰ দিহিঙীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমা চেতিয়া, জ্যেষ্ঠ মহিলা সোণমাই ফুকন, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিপুল বৰগোহাঁই, শৈলেন দিহিঙীয়া, অতুল চাংমাই, সম্পাদক পুষ্পধৰ শেনছোৱা , মৃদুল বুঢ়াগোহাঁই, জয়ন্ত চেতিয়াকে ধৰি উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। ইয়াৰ পিছতে হাজাৰ হাজাৰ দৰ্শকৰ আগত অনুষ্ঠান পৰিবেশন কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউতি বাইলুং খ্যাত চুমকি কচাৰীয়ে । নিশালৈ গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দুলীয়াজানৰ মাইনা হিমাদ্ৰীয়ে। দুয়োগৰাকী শিল্পীয়ে ধেমেচীবাসীক আপ্লুত কৰে আৰু এক অনন্য সাংস্কৃতিক পৰিবেশৰ সৃষ্টি কৰে। উল্লেখ্য যে সন্মিলনৰ প্ৰথম দিনটো ৰাইজৰ সুবিধাৰ্থে বিনামূলীয়া চকু পৰীক্ষাৰ সেৱা আগবঢ়ায় শিৱসাগৰ অপেক্ষা চিকিৎসালয়ে আৰু স্বাস্থ্য পৰীক্ষাৰ সেৱা আগবঢ়ায় খোৱাং মহকুমা চিকিৎসালয়ৰ আৰু ধেমেচী উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা কৰ্মীসকলে। ইফালে ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দুয়োটি দিনৰ অনুষ্ঠানত ঘোষিকা ৰূপে অংশগ্ৰহণ কৰে ধেমেচীৰ সুস্মিতা শেনছোৱা আৰু গৌৰাংগী চেতিয়াই।

দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি লাইখুটা স্থাপন

২০২৪বৰ্ষৰ ইংৰাজী ২,৩ আৰু ৪ মে’ ত তিনিদিনীয়া কাৰ্য্যসূচীৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ সহযোগত হ’বলগীয়া কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি দুলীয়াজান বিহুতলীৰ প্ৰাঙ্গনত লাইখুটা স্থাপন কৰা হয় ।আজি লাইখুটা স্থাপনত উপস্থিত থাকে কেন্দ্ৰীয় ৰঙালী উৎসৱৰ উদ্যোগতা সমিতিৰ সভাপতি অৰূপজ্যোতি শৰ্মা , কাৰ্য্যকৰী সভাপতি পৰাগ গগৈ ,দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে আদি কৰি বহুতো বিষয়ববীয়া সকল ।আনহাতে ২মে’ৰ পৰা অনুস্থিত হ’বলগীয়া কেন্দ্ৰীয় ৰঙালী উৎসৱৰ কাৰ্য্যসূচী অনুসৰি পুৱা ১০বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন , ১০:৩০বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে জাতীয় সাজপাৰ প্ৰতিযোগিতা , মৌ- কুঁৱৰী আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুস্থিত হ’ব ।

৩মে’ তাৰিখে পিঠা-পনা প্ৰতিযোগিতা, বৰবিহুৱতী আৰু জেং বিহু প্ৰতিযোগিতা ।ইফালে ৪মে’ তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অৰ্থাৎ দুলীয়াজানবাসী ৰাইজক গীতেৰে গুণমুগ্ধ কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । লগতে নৱপ্ৰজন্মৰ শিল্পী ৰিচা ভৰদ্বাজৰ গীতৰ শৰাই ।অনুষ্ঠানটিৰ সফলভাৱে ৰূপায়ন কৰি তুলিবলৈ দুলীয়াজানবাসী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে ৷

আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ…

আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ। মথুৰাৰ দুবাৰৰ সাংসদ এগৰাকী ‘ড্ৰিম গাৰ্ল’। উত্তৰ প্ৰদেশৰ মথুৰাৰ বিজেপি প্ৰাৰ্থী তথা অভিনেত্ৰী হেমা মালিনীয়েও এক সাক্ষাৎকাৰত দাবী কৰে যে তেওঁ ৫-৭ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব। এইবাৰ যদি তেওঁ নিৰ্বাচনত জয়ী হয় তেন্তে সাংসদ হিচাপে তেওঁৰ হেট্ৰিক হ’ব।আজি দ্বিতীয় পৰ্যায়ত হেমাৰ লোকসভাৰ সমষ্টি মথুৰাতো হয় ভোটগ্ৰহণ।


হেমাই ক’লে, মথুৰা তেওঁৰ গৌৰৱ। তেওঁৰ মতে, তেওঁ মথুৰাৰ বাসিন্দা আৰু তেওঁ এই কেন্দ্ৰটোৰ উন্নয়নৰ বাবে বহু কাম কৰিছে। মথুৰাবাসীও তেওঁৰ কামত সুখী। “ড্ৰিম গাৰ্ল”ৰ দাবী যে তেওঁ স্বাভাৱিকভাৱে জয়ী হোৱাৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী। হেমাৰ ভাষাত, “মই বিজয়ৰ ওপৰত আত্মবিশ্বাসী। মোৰ গোটেই দলটো আত্মবিশ্বাসী। মোৰ দলৰ সদস্যসকল আত্মবিশ্বাসী। তেওঁলোকে বহুত কাম কৰিছে। গতিকে মইও আত্মবিশ্বাসী।”


বৰপেটা শিক্ষা খণ্ডৰ নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা”…

সমগ্ৰ বৰপেটা জিলাৰ লগতে বৰপেটা শিক্ষা খণ্ডৰ অন্তৰ্গত ১১২২ নং নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ৫৩৭ নং বামুনা প্ৰাথমিক বিদ্যালয়ত আজি বৰপেটা শিক্ষা বিভাগৰ উদ্ভাৱনীমূলক অনুষ্ঠান “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা” সকলো প্ৰতিযোগিতা তথা অনুষ্ঠান সফলভাৱে সমাপ্ত হয়। সমল কেন্দ্ৰটোৰ অন্তৰ্ভুক্ত ৭ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন খেল-ধেমালি, সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলৰ মাজতো সংগীত, একক অভিনয় আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংস্কৃতিক প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট গায়িকা অপৰ্ণা দাস আৰু নৃত্য শিল্পী চন্দাস্মিতা দাস।

প্ৰতিযোগিতাৰ শেষত সকলো বিজয়ী প্ৰতিযোগীক বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ স্বাক্ষৰিত মানপত্ৰ আৰু বটাঁ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য, বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাস আৰু প্ৰসেনজিৎ শৰ্মা। বিজয়ী প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰি সমীন বৈশ্যই “হʼবা তুমি বিজয়ী” অনুষ্ঠানটো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা প্ৰতভাসমূহ বিকাশ হোৱাৰ এক সুন্দৰ পদক্ষেপ বুলি বক্তব্য ৰাখে। সভাৰ অন্তত জনপ্ৰিয় কণ্ঠশিল্পী তথা শিক্ষয়িত্ৰী অপৰ্ণা দাসে সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। উল্লেখ্য যে বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যে তথা তেওঁলোকক সকলো দিশতে প্ৰেৰণা দিয়াৰ বাবে “হ’বা তুমি বিজয়ী : এক প্ৰেৰণামূলক যাত্ৰা” নামৰ এক উদ্ভাৱনীমূলক অনুষ্ঠান অনুষ্ঠিত হৈ আছে। অনুষ্ঠানটোৰ মূল পৰিকল্পনাকাৰী বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস।

ইতিমধ্যে যোৱা ১২ এপ্ৰিল তাৰিখৰ পৰাই সকলো বিদ্যালয়তে বিদ্যালয় পৰ্য্যায়ত “হ’বা তুমি বিজয়ী”ৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈ গৈছে আৰু বিদ্যালয়সমূহৰ বিজয়ী প্ৰতিযোগী তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত আজি মণ্ডল পৰ্য্যায়ত কুইজ, বক্তৃতা, আবৃত্তি, নৃত্য, সংগীত, যোগ আৰু দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত শ্ৰেণীকোঠাত পাঠ্যপুথিৰ সৈতে সংগতি থকা FLN Meterial বা TLM ব্যৱহাৰ কৰি তৈয়াৰ কৰা Video ৰ প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, চিত্ৰনাট্যৰ প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। আজিৰ প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে অহা ৩০ এপ্ৰিলৰ পৰা খণ্ড পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব আৰু খণ্ড পৰ্য্যায়ৰ বিজয়ী প্ৰতিযোগীসকলে জিলা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া “হ’বা তুমি বিজয়ী”ৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব।