Home Blog Page 908

আঁঠুৱা-কম্বলৰ পাৰ্টি মানেই হ’ল কংগ্ৰেছ, এই কংগ্ৰেছ পাৰ্টিৰ কাম নাই; ৰেচন কাৰ্ড থকা পৰিয়ালে পাব অৰুণোদয়ঃ পীয়ূষ হাজৰীকা…

আঁঠুৱা-কম্বলৰ পাৰ্টি মানেই হ’ল কংগ্ৰেছ। এই কংগ্ৰেছ পাৰ্টিৰ কাম নাই। টিয়ক বিধানসভা সমষ্টিত আজি অনুষ্ঠিত এখন বিলাশ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাই। ভাষণ মন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে এই সমষ্টিটোৰ বৰ্তমানৰ কংগ্ৰেছ সাংসদগৰাকীৰ কোনো কাম নাই। তেওঁক এই সমষ্টিৰ জনসধাৰণে কেতিয়াবা ইয়ালৈ অহা দেখিছে নেকি বুলিও প্ৰশ্ন কৰে। দহ বছৰে এইগৰাকী সাংসদক এই অঞ্চলৰ ৰাইজে ইয়ালৈ অহা দেখা নাই। দহ বছৰে তেওঁ টিয়কবাসীৰ বাবে একো এটা কাম কৰা নাই বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে, ভাষণত জলসম্পদ মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পীযুষ হাজৰীকাই টিয়ক সমষ্টিৰ জনসাধাৰণৰ বাবে কি কি কাম কৰিছে তাৰ খতিয়ান দাঙি ধৰে। যোৱা আঢ়ৈ বছৰত বিভিন্ন উন্নয়নমূলক কামৰ বাবে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোত ৬৫ কোটি ৩৫ লাখ টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মন্ত্ৰী হৈ মই সমষ্টিটোত ৭০ কোটি টকাৰ কাম কৰিছো আৰু সাংসদগৰাকীয়ে ৭ লাখ টকাও দিয়া নাই। সেয়ে তেওঁ কাম নকৰা সূতা-কম্বল আৰু আঁঠুৱা পাৰ্টিক ভোট নিদিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। সূতা-কম্বল পাৰ্টিয়ে ৰেচন কাৰ্ড, বিনামূলীয়া চাউল একো দিয়া নাছিল বুলি কৈ মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিয়া হ’ব বুলি কয়। এতিয়া ২৭ লাখ মানুহে অৰুণোদয় পায়। অসমত ৰেচন কাৰ্ড পোৱা লোকৰ সংখ্যা ৫২ লাখ, এই সকলো মানুহকে পৰ্যায়ক্ৰমে তেওঁ অৰুণোদয় দিয়াৰ কথা ঘোষণা কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ কথাও উল্লেখ কৰে। উদাহৰণস্বৰূপে তেওঁ প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ নিবনুৱাক চাকৰি, অৰুণোদয়ৰ টকা বৃদ্ধি কৰা, ৰেচন কাৰ্ড দিয়া, উজলা আঁচনি দিয়া আদিৰ কথা উল্লেখ কৰে। সভাত কংগ্ৰেছক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ কামৰ সৈতে বিজেপিৰ কামৰ কেতবোৰ বৃহৎ পাৰ্থক্যৰ কথা উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে মথাউৰি বনোৱা নাছিল, ৰাস্তা-পথৰ অৱস্থা শোচনীয় আছিল।

কিয়নো কংগ্ৰেছৰ দিনত তেওঁলোকৰ বাজেট আছিল মাত্ৰ ৩০০ কোটি টকা, এতিয়া আমাৰ বাজেত ২০০০ কোটি টকা। তেোঁ আৰু কয় যে বিজেপিয়ে যোৱা ১০ বছৰত ব্ৰহ্মপুত্ৰত ৯ খন দলং বনাইছে, কংগ্ৰেছে ৬০ বছৰত ব্ৰহ্মপুত্ৰত মাত্ৰ ৪ খন দলং নিৰ্মাণ কৰিছে। কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মেডিকেল কলেজ বনাইছে, আমি যোৱা ৮ বছৰত ১৮ খন মেডিকেল কলেজ বনালো। কংগ্ৰেছে ৬০ বছৰত বিশ্ববিদ্যালয় বনালে মাত্ৰ ৭ খন, আমি ১০ বছৰত বিশ্ববিদ্যালয় বনালো ১৫ খন। যোৰহাটৰ জে বি কলেজো এতিয়া বিশ্ব বিদ্যালয় হৈ গ’ল মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলক সকাহ দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে।


উল্লেখ্য যে কালি যোৰহাট লোকসভা সমষ্টিৰ টিয়ক বিধানসভা সমষ্টিৰ নামদেউৰী ৰঙ্গমঞ্চত বিজেপি, অগপ, গণশক্তিৰ উদ্যােগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ আশিস-সহযোগিতা কামনা কৰে। একেদিনাই মন্ত্ৰীগৰাকীয়ে টিয়ক বিধানসভা সমষ্টিৰ সৰুচৰাইৰ ঘৰফলীয়া, পানীচকোৱাৰ সূৰুযমুখি কলা কৃষ্টি কেন্দ্ৰ, বালিগাঁও আদিত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

১২ এপ্ৰিলত জাৰি হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা ! দেশৰ ১৩ ৰাজ্যৰ ১০৫টা সমষ্টিৰ বাবে পর্যবেক্ষক নিযুক্তি আয়োগৰ…

১২ এপ্ৰিলত জাৰি হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা
কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি নির্বাচন আয়োগৰ
গুৱাহাটীৰ পৰ্যৱেক্ষকৰ দায়িত্ব IRS বিষয়া টি জে ছিংছনক


কোকৰাঝাৰৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি IRS বিষয়া ভি শ্রীধৰক।
বৰপেটাৰ পৰ্যৱেক্ষকৰ দায়িত্ব IRS বিষয়া কপিল মণ্ডলক
ধুবুৰীৰ পৰ্যৱেক্ষক হিচাপে নিযুক্তি IRS বিষয়া কপিল কুমাৰ সিঙক


৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
ৰাজ্যৰ ৪ লোকসভা সমষ্টিত হ’ব ভোট গ্রহণ
দেশৰ ১৩ ৰাজ্যৰ ১০৫টা সমষ্টিৰ বাবেও পর্যবেক্ষক নিযুক্তি আয়োগৰ

গৌৰৱ গগৈৰ হৈ টকা বিলাওঁতে ধৰা পৰিল যুৱ কংগ্ৰেছৰ সভাপতি…

গৌৰৱ গগৈৰ হৈ টকা বিলাওতে ধৰা পৰিল যুৱ কংগ্ৰেছৰ সভাপতি।
মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স-ফ্লায়িং স্কোৱাডৰ তালাচী অভিযান।
চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈৰ বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ধন।

লোকসভা নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যত সক্ৰিয় হৈ পৰিছে ষ্টেটিক ছাৰ্ভিলেন্স তথা ফ্লায়িং স্কোৱাডৰ দল। কালি চৰাইদেউ জিলাৰ মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডে তালাচী চলাই এখন বাহনৰ পৰা জব্দ কৰে ১ লাখ ৩০ হাজাৰ টকা। চৰাইদেউ জিলা ষ্টেটিক ছাৰ্ভিলেন্স দলে জনোৱা মতে, মৰাণহাট থানাৰ অন্তৰ্গত মৰাণহাট-সোণাৰি পথত মৰাণ নগৰ ৩ নং ৱাৰ্ডত তালাচী চলাই এখন AS-25 S-7089 নম্বৰৰ ইনোভা বাহনৰ পৰা জব্দ কৰে এই ধনখিনি। বাহনখন চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি তথা মৰাণহাট বটামাৰা নিবাসী গকুল গগৈয়ে ভাৰাত লৈছিল বুলি চৰাইদেউ জিলা ষ্টেটিক ছাৰ্ভিলেন্স দলে জানিবলৈ দিয়ে।

বিশেষ সূত্ৰে জানিব পৰা মতে, যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ টকা বিলাবলৈকে বাহনখনত এই ধনখিনি অনা হৈছিল। বাহনখনত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ পুস্তিকা, পষ্টাৰ, বেনাৰ আদি পোৱা গৈছে। ষ্টেটিক ছাৰ্ভিলেন্স দলে সম্প্ৰতি বাহনখন থানাত আনি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বাহনখনত ৩ জন লোক আছিল।

চেন্সেক্স-নিফটি ষ্টক মাৰ্কেটত ২১ পইণ্ট বৃদ্ধি…

সপ্তাহটোৰ শেষৰটো ট্ৰেডিং অধিবেশন ভাৰতীয় ষ্টক মাৰ্কেটৰ বাবে অতি ভাল আছিল। কিন্তু আৰ বি আইৰ মুদ্ৰানীতিৰ ঘোষণাত বজাৰত বেংকিং ষ্টকত শক্তিশালী ক্ৰয় হোৱাৰ বিপৰীতে মিডকেপ আৰু স্মলকেপ ষ্টকতো বিপুল বৃদ্ধি হৈছে। আজিৰ ব্যৱসায়ৰ শেষত বিএছই চেন্সেক্সে ২১ পইণ্ট বৃদ্ধি পাই ৭৪২৪৮ পইণ্টত আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ২২,৫১৩ পইণ্টত একেদৰে বন্ধ হয়।

Slight movements can mean big profits

৪০০ লাখ কোটি টকা স্পৰ্শ কৰাৰ উপক্ৰম হৈছে মাৰ্কেট কেপ
ষ্টক মাৰ্কেটত বেংকিং মিডকেপ আৰু স্মলকেপ ষ্টক ক্ৰয় কৰাৰ বাবে বিএছইত তালিকাভুক্ত ষ্টকৰ বজাৰ মূলধন ৩৯৯.৪১ লাখ কোটি টকাত বন্ধ হৈছে। যিটো যোৱা ব্যৱসায়িক অধিবেশনত আছিল ৩৫৮.৬০ লাখ কোটি টকা। অৰ্থাৎ আজিৰ ব্যৱসায়ত মাৰ্কেট কেপত ৮১০০০ কোটি টকা।

আজিৰ ব্যৱসায়ত বেংকিং ষ্টক বৃদ্ধি পোৱাৰ ফলত নিফটি বেংক ৪৩২ পইণ্ট ৪৮,৪৯৩ পইণ্টত বন্ধ হয়। ফাৰ্মা, এফএনচিজি মেটালছ, ৰিয়েল এষ্টেট, কনজিউমাৰ ডুৰেবলছ আৰু অইল এণ্ড গেছ খণ্ডৰ শ্বেয়াৰো তীব্ৰভাৱে বন্ধ হৈ পৰে। কিন্তু অটো, আই টি, হেল্থকেয়াৰ মিডিয়া আৰু শক্তিৰ মজুত হ্ৰাস পোৱা দেখা গৈছে।

প্ৰথমবাৰৰ বাবে ৫০ হাজাৰ অতিক্ৰম কৰি জীৱনকালৰ সৰ্বোচ্চ ৫০০২২ পইণ্টত বন্ধ হৈছে নিফ্টি মিডকেপ সূচকাংক। আনহাতে স্মল কেপ সূচকাংক ১৩৬ পইণ্ট ১৬,৩৫৫ পইণ্টত বন্ধ হয়। ৩৯৪৮টা শ্বেয়াৰৰ ব্যৱসায় হৈছিল য’ত ২৪২৪টা শ্বেয়াৰ লাভৰ সৈতে আৰু ১৪২৪টা শ্বেয়াৰ লোকচানৰ সৈতে বন্ধ হৈছিল। ১০০ টা শ্বেয়াৰৰ মূল্যৰ কোনো পৰিৱৰ্তন দেখা পোৱা নাই।

কোটাক মহিন্দ্ৰাৰ শ্বেয়াৰ ২.০৯ শতাংশ, বাজাজ ফিনচাৰ্ভৰ ১.৫৬ শতাংশ, এইচডিএফচি বেংকৰ ১.৪১ শতাংশ, আইটিচি ১.২১ শতাংশ, এছবিআইৰ শ্বেয়াৰ ০.৬৭ শতাংশ, এছবিআইৰ শ্বেয়াৰ ১.৫৪ শতাংশ, ভাৰতী এয়াৰটেলৰ ১.২৮ শতাংশ, বাজাজ ফাইনেন্সৰ শ্বেয়াৰ হ্ৰাস পাই বন্ধ হয় 1.25 শতাংশৰ ভিতৰত।

৮ এপ্ৰিলত আমেৰিকাৰ বহু ঠাইলৈ দিনতে নামি আহিব এন্ধাৰ…

৮ এপ্ৰিলত আমেৰিকাৰ বহু ঠাইলৈ দিনতে নামি আহিব এন্ধাৰ। সেই দিনটোৰ বাবে এতিয়া বিজ্ঞানীসকলে অপেক্ষা কৰিছে। দৰাচলতে এনে দিনক লৈ প্ৰাচীন কালতো মানুহৰ কৌতূহল আছিল। প্ৰাচীন ছিৰিয়াতো ৩,০০০ বছৰ আগতে তেনে এক ঘটনাই ঘটিছিল। ৩,০০০ বছৰ পূৰ্বে কোনোবা এটা দিনত হঠাতে সূৰ্য নাইকিয়া হৈ পৰিছিল। ঘোৰ আন্ধাৰে ঢাকি ধৰিছিল পৃথিৱীৰ বিশাল এলেকা। মাটিৰ তলত পোত গৈ থকা এক প্ৰাচীন সম্পদৰ পৰা এই তথ্য এতিয়া পোহৰলৈ আহিছে। তিনি হাজাৰ বছৰৰ আগতে বৰ্তমানৰ চিৰিয়াত দিনটোৰ মাজভাগত সূৰ্য হঠাতে ম্লান হৈ অদৃশ্য হৈ পৰিছিল। ভাস্কৰৰ অবৰ্তমানত দিনতে অন্ধকাৰে ছানি ধৰিছিল সমগ্ৰ এলেকা। তাত বাস কৰা মানুহ আতংকিত হৈ পৰিছিল। এই ঘটনাক সেই সময়ত বহুতে এক আসন্ন ধ্বংসৰ সংকেত বুলি ধাৰণা কৰিছিল। প্ৰাচীন চিৰিয়াত সূৰ্য নিৰুদ্দেশ হোৱাৰ ঘটনাটোক এটা অশুভ লক্ষণ হিচাপে বিবেচনা কৰা হৈছিল আৰু এই ঘটনাকলৈ বহু দিনলৈ চৰ্চা চলিছিল। বহু শতাব্দীৰ পিছত আমি এতিয়া জানিব পাৰিছে যে প্ৰাচীন চিৰিয়াত দৰাচলতে সেই দিনটোত কি ঘটিছিল। এই প্ৰসংগতে ক’ব পাৰি যে ২০২৪ চনৰ ৮ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশলৈ দিনতে অন্ধকাৰ নামি আহিব। সূৰ্যটোক সেই দিনটোত চন্দ্ৰই ঢাকি ধৰিব আৰু কেতবোৰ বিশেষ স্থানত দিনতে আন্ধাৰ হ’ব। ই এক জটিল মহাজাগতিক পৰিঘটনা।

৮ এপ্ৰিলত প্ৰায় ৪ মিনিট আৰু ২৮ ছেকেণ্ডৰ বাবে উত্তৰ আমেৰিকা মহাদেশৰ বহু ঠাইত দিনতে আন্ধাৰ হ’ব। প্ৰাচীন চিৰিয়ানসকলে অশুভ লক্ষণ হিচাপে ধাৰণা কৰা সূৰ্যৰ নিৰুদ্দেশ হোৱাৰ দৰেই সেইদিনাও আমেৰিকাত একেই ঘটনা ঘটিব। ই এক মহাজাগতিক পৰিঘটনা। এই পৰিঘটনাটোক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। শেষবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত এনে সূৰ্যগ্ৰহণ সাত বছৰৰ পূৰ্বে হৈছিল। ইফালে ভাৰতত ২০৩১ চনলৈকে এনে সূৰ্যগ্ৰহণ দৃশ্যমান নহ’ব। প্ৰাচীন ছিৰিয়াতো তেনে সূৰ্যগ্ৰহণৰেই সাক্ষী হৈছিল সেই সময়ত তাত বাস কৰা লোকসকলে । ৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত আন্ধাৰ আকাশত চাৰিটা গ্ৰহ দেখা যাব। তাৰে এটা হ’ব মঙল গ্ৰহ।

ৰামলালাৰ গৰম লাগিছে! এতিয়া প্ৰতিদিনে সোণালী বাটিত পৰিৱেশন কৰোৱা হ’ব দৈ…

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ হোৱাৰ পিছৰে পৰা অযোধ্যাত ভক্তৰ বিপুল ভিৰ। শিশু ৰামৰ মূৰ্ত্তি যত্ন লোৱাৰ বাবে প্ৰতিদিনে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে ৰামলালাৰ প্ৰসাদত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে। ৰাম মন্দিৰত সন্নিৱিষ্ট ৰামলালাৰ দৈনিক পূজা শাস্ত্ৰ পদ্ধতি অনুসৰি কৰা হয়। বতৰৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকৰ প্ৰসাদতো পৰিৱৰ্তন ঘটে। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাতিপুৱাৰ পৰা গধূলিলৈ ৰামলালাক আগবঢ়োৱা খাদ্যৰ কিছু পৰিৱৰ্তন কৰা হৈছে।

গ্ৰীষ্মকালৰ প্ৰতি লক্ষ্য ৰাখি ৰামলালাৰ প্ৰসাদত দৈ অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া গ্ৰীষ্মকালত মধুপাৰ্কৰ লগতে দৈ ৰামলালাক দৈনিক আগবঢ়োৱা হ’ব।

মধুপাৰ্কতো প্ৰথমবাৰৰ বাবে ভগৱান ৰামক অৰ্পণ কৰা হৈছে। মধুপাৰ্ক মানে মৌ, দৈ, ঘিউ আৰু পানীৰ মিশ্ৰণ। এই প্ৰসাদ সোণৰ বাটি এটাত ৰামলালাক আগবঢ়োৱা হৈছে। মধুপাৰ্ক হৈছে মংগল আৰু মধুৰতাৰ প্ৰতীক।

গৰমৰ পৰিপ্ৰেক্ষিতত ঋতুভিত্তিক ফল যেনে কমলা, আপেল, শুকান ফল, অলংকাৰৰ পূৰ্বে ভগৱান ৰামক আগবঢ়োৱা হৈছে। ইয়াৰ উপৰিও ভগৱান ৰামৰ প্ৰিয় প্ৰসাদ যেনে খীৰ, ৰাবৰি, মিঠাই, দাইল আৰু হালোৱা আদিও আগবঢ়োৱা হয়।

দুপৰীয়া ১২ বজাৰ আৰতিৰ আগতে মধুপাৰ্কৰ পিছত ৰাম লালাক দাইল, ৰুটি, চাউল, দৈ, দুবিধ শাক-পাচলি আগবঢ়োৱা হয়। ৰাতি আৰতিৰ আগেয়ে মধুপাৰ্কৰ পিছত পুৰি, শাক-পাচলি আগবঢ়োৱা হয়।


আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থী উমা সত্য চাই গাদ্দেৰ মৃত্যু…

পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু। ওহাইঅ’ৰ ক্লিভলেণ্ডত মৃত্যু উমা সত্য চাই গাদ্দে নামৰ ছাত্ৰজনৰ ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত । শীঘ্ৰে ভাৰতলৈ প্ৰেৰণ কৰা হ’ব ছাত্ৰজনৰ নশ্বৰ দেহ ।

পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন প্ৰশাসনৰ।

মেট গালা ২০২৪ত অংশগ্ৰহণ নকৰে দীপিকা পাডুকনে! কাৰণ কি জানেনে…

মেট গালা ২০২৪ৰ বাবে প্ৰস্তুতি আৰম্ভ। অৱশ্যে দীপিকা পাডুকনে মেট গালা ২০২৪ত অংশগ্ৰহণ নকৰে বুলি কোৱা হৈছে। ইয়াৰ আঁৰৰ কাৰণ কি জানেনে।

কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে অভিনয়েৰে এক বিশেষ স্থান দখল কৰিছে অভিনেত্ৰী দীপিকা পাডুকনে। বৰ্তমান গৰ্ভৱতী অভিনেত্ৰী দীপিকা পাডুকন। ২০১৭ চনত দীপিকাই টমী হিলফিগাৰ গাউন পিন্ধি মেট গালাত অভিষেক ঘটায়। অৱশ্যে এইবাৰ অভিনেত্ৰীগৰাকী মেট গালাৰ অংশ নহ’ব বুলি কোৱা হৈছে। ইয়াৰ আঁৰৰ কাৰণ জানো আহক।

কোৱা হৈছে যে দীপিকা পাডুকনে মেট গালা ২০২৪ত অংশগ্ৰহণ নকৰে। ইয়াৰ আঁৰৰ কাৰণ অভিনেত্ৰীগৰাকীৰ ব্যস্ত বুলি কোৱা হয়। কোৱা হৈছে যে তেওঁ ইতিমধ্যে বহু প্ৰজেক্টৰ বাবে তাৰিখ দি দিছে। ইয়াৰ বাবেই তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব। আনহাতে এইকেইদিন ‘সিংঘম ৩’ৰ শ্বুটিং কৰি আছে দীপিকাই। কেৱল এয়াই নহয়, ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ও মে’ মাহত মুকলি হ’বলৈ গৈ আছে।

মেট গালাৰ ৰেড কাৰ্পেটত দীপিকা পাডুকনক প্ৰতিবছৰে দেখা পোৱা যায়। এনে পৰিস্থিতিত অনুৰাগীয়ে তেওঁক এইবছৰো অংশগ্ৰহণ কৰা দেখিবলৈ অপেক্ষা কৰাটো স্বাভাৱিক। দীপিকা বৰ্তমান মুক্তি পাবলগীয়া সিংঘম ৩ৰ শ্বুটিঙত ব্যস্ত। এই বছৰ দীপিকাৰ কল্কি ২৮৯৮ বিজ্ঞাপন মে’ মাহত মুক্তিৰ বাবে সাজু হৈছে। এই দুখন ছবিৰ বাবে অভিনেত্ৰীগৰাকীয়ে মেট গালাৰ অংশ হ’ব নোৱাৰিব দীপিকা।

মেট গালা ২০২৪ সন্দৰ্ভত দীপিকাৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। বৰ্তমান গৰ্ভধাৰণ উপভোগ কৰি আছে বুলি কয় অভিনেত্ৰীগৰাকীয়ে। কিছুদিনৰ আগতে জামনগৰত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিংত ৰণবীৰ সিঙৰ সৈতে দেখা গৈছিল অভিনেত্ৰীগৰাকীক।

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা চৰণ দাস…

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা ।

প্ৰধানমন্ত্ৰী মোদীয়ে হিংসা বিয়পোৱাৰ অভিযোগ তুলিছিল নেতাগৰাকীয়ে।

নিৰ্বাচনী আচৰণবিধি বলৱতৰ মাজতে চৰণ দাসে কৰিছিল এনে মন্তব্য। নিৰ্বাচন আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ উদ্ধাৰ…

ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ৰাহুল দাস।

পুৱাৰে পৰা চূণচালি ঘাটত চলিছিল উদ্ধাৰ অভিযান। শুকুৰবাৰে আন দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছিল SDRF-এ।

উদ্ধাৰ হৈছিল দেৱজিত ভূঞা আৰু কোকিল কলিতাৰ মৃতদেহ। ৩ যুৱকৰ ঘৰ মহানগৰীৰ চানমাৰিৰ অমিয় নগৰত।