Home Blog Page 909

পুনৰ ভূমিকম্পৰ কম্পন! বহু চহৰৰ ভূমি কঁপিল; ঘৰৰ ভিতৰত থাকিবলৈ ভয় হ’ল মানুহৰ…

শুকুৰবাৰে ম্যানমাৰত ৫.৮ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইয়াৰ পূৰ্বে ৩ এপ্ৰিলত টাইৱানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পৰ বিষয়ে সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিল। কিছুদিনৰ পৰা বিশ্বৰ বহু ঠাইত ভূমিকম্পৰ খবৰ অবিৰতভাৱে আহিছে।

আনকি আমেৰিকাৰ নিউয়ৰ্কতো ভূমিকম্প সংঘটিত হৈছে। দৰাচলতে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰিছে যে শুকুৰবাৰে পুৱা নিউয়ৰ্ক চহৰৰ ঘন জনবসতিপূৰ্ণ মহানগৰ অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। বাসিন্দাসকলে কয় যে তেওঁলোকে পূব উপকূলৰ সাগৰত উচ্চ ঢৌ উঠি অহা দেখিছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, ভূমিকম্পৰ প্ৰাৰম্ভিক তীব্ৰতা ৫.৫ বুলি আৰু ইয়াৰ ভূমিকম্পৰ কেন্দ্ৰ নিউ জাৰ্ছিৰ লেবাননৰ ওচৰত পোৱা গৈছে। নিউয়ৰ্কৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। কোৱা হৈছিল যে নিউয়ৰ্কৰ বাহিৰেও আন চহৰতো কঁপনি অনুভৱ কৰা হৈছিল। ভূমিকম্প হোৱাৰ লগে লগে অট্টালিকাবোৰৰ পৰা মানুহ ওলাই যায়।


ইয়াৰ পূৰ্বে ৩ এপ্ৰিলত টাইৱানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। ইয়াৰ ফলত ১০০ৰো অধিক অট্টালিকা, বহু পথ, দলং আৰু সুৰংগ ক্ষতিগ্ৰস্ত হয়। ৫০ জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও শুকুৰবাৰে ম্যানমাৰত ৫.৮ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ উদ্ধৃতিৰে ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল। এদিন পূৰ্বে উত্তৰ ভাৰতৰ বহু অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ চাম্বা জিলাত ৫.৩ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত উত্তৰ ভাৰতৰ বহু ঠাইত ইয়াৰ কম্পন অনুভূত হয়।

শ্বাহৰুখ খানে কিয় নাৰাখিলে শুভমানক কলকাতা নাইট ৰাইডাৰ্ছত! ক’লে সকলো কথা শুভমানে…

শুবমান গিলে এসময়ত কলকাতা নাইট ৰাইডাৰ্ছত শক্তিৰে খেলিছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কেকেআৰ এৰি যোৱাৰ বিষয়টোৰ সন্দৰ্ভত ক’লে বহু কথা। ২০১৮ চনৰ পৰা ২০২১ চনলৈ চাৰি বছৰ কেকেআৰত আছিল শুভমান। ভাৰতীয় ক্ৰিকেটে তাৰ পৰাই শুভমানক চিনি পাই। হঠাৎ ২০২২ চনৰ নিলামৰ পূৰ্বে শুভমানক এৰিলে কলকাতাই। শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই বিষয়টো উত্থাপন কৰা হৈছিল। তেতিয়া শুভমানে প্ৰশ্নকাৰীক সেই উত্তৰ পাবলৈ কি ক’লে জানো আহক।

সাক্ষাৎকাৰটোত শুভমানে ক’লে সেই উত্তৰ পাবলৈ শ্বাহৰুখ খানৰ সৈতে যোগাযোগ কৰিব। আনহাতে বিখ্যাত গায়ক এড শ্বীৰানে যোৱা মাহত মুম্বাইত কণ্ঠদান কৰিবলৈ আহিছিল। সেই সময়ত তেওঁ গুজৰাট টাইটানছৰ দলৰ সৈতে কিছু সময় কটায়। শুভমান আৰু কমেডিয়ান তন্ময় ভাট সেই আড্ডাত আছিল। সেই কথা-বতৰাত শ্বীৰানে ক’লে, “আজি ৰাতি মই শ্বাহৰুখৰ ঘৰলৈ যাম।” শুভমানে উত্তৰ দিলে, “মই আগতে তেওঁৰ দলৰ হৈ খেলিছিলো।” শ্বীৰানে আচৰিত হৈ ক’লে, “তেনেকুৱা নেকি! তাৰো পাৰ্টি আছে নেকি?” এই প্ৰশ্নৰ উত্তৰ দিলে তন্ময়ে। তেওঁ ক’লে, “হয় আছে। কলকাতা নাইট ৰাইডাৰ্ছ।” ইয়াৰ পিছত শুভমানে ধেমালিতে ক’লে, “যা আৰু সুধিবি যে তেওঁ মোক কিয় ধৰি নাৰাখিলে।” ইয়াৰ পিছত সকলোৱে হাঁহিবলৈ ধৰিলে।

২০১৮ চনৰ মেগা নিলামত কেকেআৰে ১.৮০ কোটি টকাত ক্ৰয় কৰিছিল শুভমানক। শুবমানে মাত্ৰ দেশৰ হৈ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰিছে। শুভমানে চাৰি বছৰত কেকেআৰৰ হৈ ৫৮খন মেচ খেলিছিল। ১৪১৭ ৰান সংগ্ৰহ কৰে। এইবাৰ তেওঁ গুজৰাটৰ অধিনায়ক।

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ঘৰ বিক্ৰী কৰিব! কোন অভিনেত্ৰীয়ে সুশান্তৰ ঘৰ কিনিব…

‘দ্য কেৰেলা ষ্ট’ৰী’ত অভিনয় কৰা পিছৰে পৰা আদা শৰ্মা প্ৰায়ে চৰ্চালৈ আহে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক এক সাক্ষাৎকাৰৰ সময়ত বহুতো প্ৰশ্ন সোধা হৈছিল। এই সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীৰ সৈতে হোৱা কথা-বতৰা চৰ্চালৈ আহিছে।

আনহাতে তাৰকাৰ ঘৰ কিনা-বেচা কৰাটো অনুৰাগীৰ বাবে এক ডাঙৰ খবৰতকৈ কম নহয়। বৰ্তমান আদাহ শৰ্মাৰো চৰ্চাত। আচলতে বহুদিন খবৰ ওলাই আছে যে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ঘৰ কিনিব অভিনেত্ৰী আদাহ শৰ্মাই। এই ঘৰ কিনাৰ সন্দৰ্ভত শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়েও এক সাক্ষাৎকাৰৰ সময়ত এই প্ৰশ্নসমূহৰ উত্তৰ দিছিল।

অভিনেত্ৰী আদাই কয় যে তেওঁ ছবিৰ বাবে লাইমলাইটত থাকি ভাল পায়, কিন্তু তেওঁৰ নিজৰ গোপনীয়তা ব্যক্তিগতভাৱে ৰাখিব বিচাৰে। আদা শৰ্মাই কয় যে সুশান্ত সিং ৰাজপুতৰ এপাৰ্টমেণ্টৰ সন্দৰ্ভত অনলাইনত বহুলোকে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। তেওঁ কয় যে এই পৃথিৱীত নথকা কোনোবা এজনক লৈ আলোচনা কৰি লাভ নাই। আদাই কয়, “তেওঁ এজন অভিনেতা যাৰ প্ৰতি মোৰ বহুত সন্মান আছে। মোক ট্ৰ’ল কৰিব পাৰে কিন্তু অস্তিত্বহীন মানুহক ট্ৰ’ল নকৰিব বুলি কয় অভিনেত্ৰীগৰাকীয়ে।”

গৰমৰ দিনত খাদ্য খোৱাৰ পিছত ডিঙি-বুকুৰ বিষ হয় নেকি? ইয়াৰ বাবে আছে ৩টা ঘৰুৱা উপায়…

আপুনি এই গ্ৰীষ্মকালত আপোনাৰ প্ৰিয় খাদ্যৰ কোনো এটা খাদ্য খাব নোৱাৰা হাৰ্টবাৰ্ণৰ সমস্যা আছে। স্বাভাৱিক ঘৰুৱা খাদ্য খোৱাৰ পিছতো বহু লোকৰ কলিজা, ডিঙিৰ বিষ বা ডিঙি-বুকুৰ বিষৰ দৰে সমস্যা হয়। তাৰ বাবে আপুনি ঔষধ খাই নেকি। চিকিৎসকে প্ৰায়ে কয় যে চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজাববীয়াকৈ যিকোনো ঔষধ খাব নালাগে কোনো লোকেই। তেনে ক্ষেত্ৰত কিছুমান ঘৰুৱা কৌশলৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে আপুনি।


হাৰ্টবাৰ্ণ নিয়ন্ত্ৰণৰ বাবে আছে কিছু ঘৰুৱা উপায়-

১) জিৰা

জিৰাত থকা যৌগবোৰ গেছ আৰু পেট ফুলাৰ সমস্যাৰ বাবে অতি উত্তম। গতিকে অকণমান খাদ্য খোৱাৰ পিছতো যদি ডিঙি আৰু বুকুত বিৰক্তিকৰ হয়, তেন্তে এচামুচ জিৰা চোবাই কুহুমীয়া পানীৰ লগত খাব পাৰে।

২) আদা

আদাৰ প্ৰদাহ নিবাৰণকাৰী গুণে পাচনত সহায় কৰে। ইয়াৰ উপৰিও আদা দুই এটুকুৰা চোবাই খালে ডিঙি আৰু বুকুৰ বিষৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। বহুতে ৰাতি আদাৰ চাহ খায় আৰু বেছিকৈ তেল মছলাযুক্ত খাদ্য খাই শুই যায়।

৩) কেমোমিল চাহ

স্নায়ুৰ উত্তেজনা শান্ত কৰিবলৈ কেমোমিল চাহৰ সৈতে যোৰ কৰক। কিন্তু পুষ্টিবিদসকলে কয়, এই পানীয়ে ডিঙি-বুকুৰ বিষ নিয়ন্ত্ৰণতো সহায় কৰে। ৰাতিৰ আহাৰ খোৱাৰ পিছত এই পানীয় গ্ৰহণ কৰিলে অনিদ্ৰা আৰু হজম শক্তিত সহায়ক হ’ব।

গড়ভঙাত ধুমুহাত বিধ্বস্ত লোকলৈ প্ৰশাসনৰ সহায়ৰ হাত…

ৰাজ্যৰ আন প্ৰান্তৰ লগতে ৩১ মাৰ্চত পশ্চিম গুৱাহাটীৰ সমষ্টিৰ অন্তৰ্গত ৰাণী আৰু গড়ভঙা অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। আনকি ৰাণীত প্ৰায় ৪০০ টা পৰিয়ালৰ প্ৰায় ৬০০ টা ঘৰ কম – বেছি পৰিমাণে ধ্বংস হোৱাৰ বিপৰীতে গড়ভঙাৰ জালুকপাহাম আৰু মাটাঙত ৬০ টা পৰিয়ালৰ প্ৰায় ১০০ টাৰো অধিক ঘৰ ধ্বংস হয়। ইতিমধ্যেই দুই এপ্ৰিলত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ধুমুহাত বিধ্বস্ত মাটাং আৰু জালুকপাহাম পৰিদৰ্শন কৰি ক্ষয় – ক্ষতিৰ বুজ লয়।

আনহাতে বিধায়ক কলিতাৰ নিৰ্দেশ মৰ্মে ৪ এপ্ৰিলত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বড়াই মাটাং আৰু জালুকপাহামলৈ গৈ দুৰ্গত ৰাইজৰ মাজত কিছু পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত বিধায়ক কলিতাৰ নিৰ্দেশ মৰ্মে অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰাজেন চন্দ্ৰ মেধি, মনোৰঞ্জন দাস বৰো আৰু ৰঞ্জিত বৰো , অগপৰ কেন্দ্ৰীয় সম্পাদক, ৰবীন দৈমাৰীকে ধৰি দলৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।

মহিলাক বছৰি এক লাখ টকা, স্নাতক নিৱনুৱাক বেতন, পুৰণি পেন্সন আঁচনি বাহাল ৰাখিব কংগ্ৰেছে…

মহিলাক বছৰি এক লাখ টকা, স্নাতক নিৱনুৱাক বেতন, পুৰণি পেন্সন আঁচনি বাহাল ৰাখিব কংগ্ৰেছে,প্ৰদান বৰুৱাই অমৃত কলহ লৈ ফুৰি পঞ্চায়তৰ আঁচনি উদ্ধোধন কৰিয়েই সময় পাৰ কৰিলে, কাইলৈ জোনাইত কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিব ভূপেন বৰা,অখিল গগৈয়ে

কাইলৈ জোনাইত কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিব অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এই কথা জানিবলৈ দি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভাস্কৰ দৱৰাই কয় কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চই ক্ষীপ্ৰতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰা বুলি উল্লেখ কৰি পুনৰ কয় ভ্ৰষ্টাচাৰী বিজেপিক এইবোৰ ৰাইজে প্ৰত্যাখ্যান কৰিব। প্ৰশাসনযন্ত্ৰটোক চৰকাৰে নিজৰ কামত ব্যৱহাৰ কৰি চৰকাৰী কৰ্মচাৰীক বিজেপি কৰ্মী হিচাপে ব্যৱহাৰ কৰিছে।

ৰাইজৰ লগতে চাকৰিয়াল সকলেও বিজেপি চৰকাৰখনৰ কামকাজত অতীষ্ঠ হৈছে।ঔষধৰ দাম বঢ়াই সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শুধাইছে।বিদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা এইখন চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন অসমীয়াক জাপি দিলে। সকলো দিশতে দুৰ্নীতিত লিপ্ত হোৱা বিজেপিয়ে পৰাজয়ৰ ভয়ত কম্পমান হৈছে।যাৰবাবে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা সময়ত বিজেপিয়ে অৰুণোদয়, লাখপতি বাইদেউ প্ৰ-পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰি ফুৰিছে। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই অমৃত কলহ লৈ ফুৰি,পঞ্চায়তৰ আঁচনি উদ্ধোধন কৰিয়ে সময় পাৰ কৰিলে।

সংসদত সমষ্টিৰ সমস্যাৰ কথা কোনো দিনে মাত নেমাতিলে বুলি কৈ সমস্যাজৰ্জৰিত লখিমপুৰৰ পৰা এজন উপযুক্ত প্ৰাৰ্থী বিজয়ী কৰোৱাই পঠোৱাটো ৰাইজে চিন্তা কৰিছে বুলি উল্লেখ কৰি এই সকলো কথা ৰাইজে বুজি পাইছে আৰু ৰাহুল গান্ধীৰ নেতৃত্বত দিল্লীত কংগ্ৰেছ নেতৃত্বত চৰকাৰ শাসনলৈ আহিলে মহিলা সকলক বছৰত এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব।গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হ’ব,বি এ উত্তীৰ্ণ নিৱনুৱা সকলক বেতন দিয়া হ’ব,জি এছ টি ,আন আন কৰ নিৰাময় কৰাৰ লগতে অঙ্গনবাড়ী, আশা কৰ্মী সকলৰ দৰমহা বৃদ্ধি কৰিব বুলি মন্তব্য ৰাখি পুৰণি পেন্সন আঁচনি পুনৰ বাহাল ৰখাৰ ব্যৱস্থা কৰিব বুলি কৈ ৰাহুল গান্ধীয়ে কেতিয়াও মিচা কথা নকয় বুলি উনুকিয়াই ৰাইজৰ কল্যাণৰ বাবে যিবোৰ আঁচনি গ্ৰহণ কৰিব সেইবোৰ সক্ষম থকাৰ ওপৰত নিৰ্ভৰ কৰিহে হাতত ল’ব বুলি কয়।

নগৰবেৰাত বিদ্যুৎস্পৃষ্ট হৈ থিতাতে নিহত এজন ব্য়ক্তি…

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ বিদ্যানগৰত আজি দুপৰীয়া এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া শুক্ৰবৰীয়া জুম্মা নামাজৰ পৰত বিদ্যুৎ বিভাগৰ লাইনমেন আৰু একাংশ হাজিৰা শ্ৰমিকে বিদ্যুতৰ তাঁৰত লাগি থকা গছৰ ডাল-পাত কাটিবলৈ লয়। সেই সময়ত লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়া আৰু কাশেম আলীয়ে দুই শ্ৰমিক ক্ৰমে-চাহিনুৰ ইছলাম আৰু ছাদ্দাম হুছেইনক খুটাৰ ওপৰলৈ বগাই তাঁৰত লাগি থকা গছৰ ডাল-পাতবোৰ কাটি দিবলৈ কয়।

দুয়ো ওপৰলৈ গৈ দুটা খুটাৰ ওপৰত বহি ডাল কাটি থকা অৱস্থাতেই ৰহস্যজনক ভাবে বিচ্ছিন্ন কৰি থোৱা বিদ্যুত ৰ যোগান ধৰাত দুয়ো বিদ্যুৎস্পৃষ্ট হয় যদিও একাংশই ছাদ্দাম হুছেইনক তললৈ নমাবলৈ সক্ষম হয় পিছে গাঁৱখনৰ মধু মণ্ডলৰ পুত্ৰ চাহিনুৰ ইছলাম (২৫) নামৰ যুৱকজন খুটাৰ ওপৰতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। জুম্মাৰ নামাজাৰ পিছতেই গাঁৱখনত লাগে হুলস্থূল, ছাদ্দাম হুছেইন নামৰ যুৱজনো সম্প্ৰতি আহত হৈ সংকটজনক অৱস্থাত নগৰবেৰাত চিকিৎসাধীন। অভিযোগ অনুসৰি বিভাগীয় লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়া আৰু কাশেম আলীৰ ভুলৰ বাবেই এই অঘটন সংঘটিত হ’বলৈ পালে বুলি ৰাইজে অভিযোগ তুলিছে।

ইফালে উত্তেজিত ৰাইজে লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়াক উত্তম-মধ্যম শোধাই এখন দোকানৰ শ্বাটাৰ’ বন্ধ কৰি আৱদ্ধ কৰি ৰাখে। ৰাইজে উত্তাল প্ৰতিবাদো সাৱ্যস্ত কৰে, নগৰবেৰা, ছয়গাওঁ, বকো আৰু টুপামাৰী আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয়। অৱশেষত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ উৎপল ডেকাৰ উপস্থিতিত মৃতদেহ তাঁৰৰ ওপৰৰ পৰা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ লগতে আৱদ্ধ লাইনমেন ডিম্বেশ্বৰ ঠাকুৰীয়াকো উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটানটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা বিয়পে।

কৰ্কট ৰোগৰ বাবে ভাৰতৰ প্ৰথমটো CAR-T cell therapy আৰম্ভ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ…

ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে আই আই টি বম্বেত কৰ্কট ৰোগৰ বাবে ভাৰতৰ প্ৰথমটো থলুৱা জিন থেৰাপী আৰম্ভ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে কয় যে ইয়াৰ আৰম্ভণি আমাৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতা। “CAR-T cell therapy” নামৰ এই চিকিৎসাই মানৱ জাতিৰ বাবে নতুন আশাৰ সৃষ্টি কৰে কাৰণ ই সুলভ। অগণন ৰোগীক নতুন জীৱন দিয়াত ই সফল হ’ব বুলি তেওঁ আত্মবিশ্বাস প্রকাশ কৰে৷

এই চিকিৎসা সাধাৰণ মানুহৰ বাবে সুলভ হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চি আৰ-টি চেল থেৰাপী চিকিৎসা বিজ্ঞানৰ অন্যতম অভূতপূৰ্ব উন্নতি বুলি গণ্য কৰা হয়। কিছুদিনৰ পৰা উন্নত দেশত ইয়াক উপলব্ধ কৰা হৈছে যদিও ই অত্যন্ত ব্যয়বহুল। কিন্তু এই থেৰাপী বিশ্বৰ আটাইতকৈ সুলভ মূল্যৰ CAR-T cell থেৰাপী বুলি জানি তেওঁ আনন্দিত হৈছিল। তেওঁ কয় যে এয়াও ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ উদাহৰণ। ই ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক উজ্জ্বল নিদৰ্শন।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, বম্বে আৰু টাটা মেম’ৰিয়েল হস্পিতালৰ সহযোগত উদ্যোগৰ অংশীদাৰ ইমিউন’এক্টৰ সহযোগত ভাৰতৰ প্ৰথমটো চিএআৰ-টি চেল থেৰাপী বিকশিত হোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দিত হয়। তেওঁ কয় যে এইটো শিক্ষা আৰু উদ্যোগৰ মাজত অংশীদাৰিত্বৰ এক প্ৰশংসনীয় উদাহৰণ, যিয়ে আৰু বহুতো অনুৰূপ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰিব লাগে।

নিৰ্মলপ্ৰভা বৰদলৈৰ যুগজয়ী কবিতা – “মৰ্মান্তিক”

স্বৰাজোত্তৰ যুগৰ প্ৰতিভাসম্পন্ন কবিকুলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) অন্যতম শ্রেষ্ঠ কবি। এওঁ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। কবিতাৰ লগে লগে সংগীত তথা সমাজ আৰু সংস্কৃতিৰ সাধনাতো এওঁ বিশেষ পাৰদৰ্শিতাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। নিৰলস সাধনাৰে অসমীয়া কাব্য জগতলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱাৰ স্বীকৃতি হিচাপে এইগৰাকী কবিক তেওঁৰ সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্যসংকলনটিৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰ দিয়া হৈছে।

নিৰ্মলপ্ৰভা বৰদলৈক স্বভাৱ কবি আখ্যা দিয়া হৈছে। গীতিময়তা এইগৰাকী কবিৰ কাব্যশিল্পৰ প্ৰধান বৈশিষ্ট্য। সুৰৰ প্ৰতি তেওঁৰ আছিল গভীৰ আকৰ্ষণ। ইয়াৰ লগে লগে যথোপযুক্ত শব্দ চয়নতো তেওঁ আছিল সিদ্ধহস্ত। এই দুয়োটাৰ সমাহাৰে তেওঁৰ কবিতাত ইন্দ্ৰজালৰ সৃষ্টি কৰে। কবিতা সম্পৰ্কে তেওঁ নিজে উদ্ভাৱন কৰা সংজ্ঞা – ‘সংগীতত আবদ্ধ অলংকাৰ তেওঁৰ নিজৰ কবিতাতে ভালদৰে খাটে। তেওঁ ব্যৱহাৰ কৰা বিভিন্ন কাব্যালংকাৰে সাংগীতিক মূর্ছনাৰ মাজেৰেহে প্ৰকাশ ক্ষমতা লাভ কৰা দেখা যায়। অসমৰ লোকগীত, বিহুগীত-বনঘোষাৰ সুৰ তেওঁৰ কবিতাত একত্ৰিত হৈ এক বিশেষ কাব্যৰীতিত পৰিণত হৈছে; মূৰ্ত হৈ উঠিছে অসমৰ প্ৰকৃতি আৰু নৰ-নাৰীৰ প্রাত্যহিক সুখপ্রদ ছবি। তাৰ উপৰি তেওঁৰ কাব্য-চিন্তাত অসমৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰা লোকসাংস্কৃতিক ৰূপ, সামাজিক ঐতিহ্য আদিৰো বৈচিত্ৰ্যপূৰ্ণ পৰিস্ফুৰণ ঘটিছে।

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ বিষয়বস্তুৰ বৈচিত্র্যপূর্ণ সমাহাৰ লক্ষ্য কৰা যায়। প্রেম, স্মৃতি, বিষাদ, আনন্দ, নিঃসংগতা, মৃত্যুচেতনা আদি ব্যক্তিনিষ্ঠ চিন্তাৰ প্ৰকাশৰ লগে লগে তেওঁৰ কবিতাত সমষ্টিগত চিন্তাৰো প্ৰতিফলন ঘটিছে। সৰ্বসাধাৰণৰ দুখ-দুৰ্দশা, সমাজ জীৱনলৈ অহা বিভিন্ন ঘাত-প্রতিঘাত আদিব বাংময় চিত্ৰও তেওঁৰ কবিতাৰ মাজত বিধৃত হৈছে। চুটি চুটি বাক্যৰ মাজেৰে অৰ্থঘন ব্যঞ্জনাৰ সৃষ্টি, শব্দ নিৰ্বাচনৰ অপূৰ্ব দক্ষতাই তেওঁৰ কবিতাক অনবদ্য সৌন্দর্য দান কৰিছে। উৎকৃষ্ট করিয়ে উপযুক্ত প্রকাশক্ষম শব্দৰ ব্যৱহাৰেৰে কবিতাৰ ভাস্কৰ্য নিৰ্মাণ কৰে। কবি নির্মলপ্রভা এই দিশত আছিল সিদ্ধহস্ত। শব্দ আৰু শব্দ’ কবিতা তাৰ প্রকৃষ্ট উদাহৰণ। তদুপৰি শব্দৰ পৰিমিত ব্যৱহাৰৰ প্ৰতিও তেওঁ আছিল অতি সচেতন।

বৰদলৈৰ প্ৰকৃতি বিষয়ক কবিতাবোৰত ৰোমাণ্টিকতাৰ অন্যতম লক্ষণ -কল্পনা প্ৰৱণতাৰ সাৰ্থক প্রয়োগ হোৱা দেখা যায়। অৱশ্যে এই কল্পনা ইন্দ্ৰিয়ই ঢুকি পোৱা কল্পনা। তেওঁ বিভিন্ন ঋতু তথা মাহৰ বৰ্ণনাত বিশেষ দক্ষতাৰ পৰিচয় দিছে। ‘ব’হাগ’, ‘শৰত’ আদি মাহ আৰু ঋতুৰ মনোমোহা ছবি অংকন কৰিলেও কবিগৰাকী কিন্তু জীৱনবিমুখ নহয়। তেওঁ চিনি পায় দুর্ধর্ষ ৰাজনীতিজ্ঞৰ কপট পাশাৰ গুটি’ অথবা ‘অন্ধকাৰত তিৰবিৰাই’ উঠা ‘অদৃশ্য সময়ৰ ক্ষুৰধাৰ তৰোৱাল’। মৰহি যাব খোজা জীৱনক সজীৱ সপ্ৰাণ কৰি ৰাখিবলৈ তেওঁৰ কবিতাৰ বাণীয়ে মানুহক প্ৰেৰণা দিয়ে। চকুপানীবোৰ’ ‘কৰ্মৰ দৰে’ পিন্ধি জীৱন যুঁজত নামিবলৈ তেওঁ মানুহক সাহস দিয়ে। ব্যক্তিগত দুখক সামুহিক জীৱনলৈ উত্তৰণ ঘটাই তেওঁ সৰ্বদেশৰ শোষিত, বঞ্চিত মানুহৰ দুখ, শোকৰ লগত একাত্ম অনুভৱ কৰাতেই আছে এইগৰাকী কবিৰ কাব্য-চিন্তাৰ সাৰ্থকতা। ‘পথ বান্ধা বুলি কোৱাতকৈ প্ৰয়োজন এটুকুৰ হ’লেও শিল মাটিত দিয়াৰ’ বুলি করিয়ে উপদেশ দিয়াতকৈ নিজে আৰ্হি হ’ব খোজে।

নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম বন ফৰিঙৰ ৰং(১৯৫৭)। ইয়াৰ পৰৱৰ্তী কালত তেওঁৰ দিনৰ পাছত দিন, সমীপেষু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু আদি কেইবাখনো কবিতা পুথি প্রকাশ পায়। তেওঁৰ সোণ বৰণীয়া আই, সুৰীয়া মাত আৰু ফুলৰ এই মেলাতে নামৰ তিনিখন গীতৰ সংকলনো আছে। দেৱী, শিৱ আৰু সূৰ্য – এই তিনিখন তেওঁৰ গৱেষণাধর্মী কালজয়ী গ্রন্থ। পৰৱৰ্তী সময়ত তেওঁৰ জলপদ্ম নামৰ এখন উপন্যাসো প্রকাশ পাইছে। তদুপৰি তেওঁ শিশু-সাহিত্যৰ ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে। এইবোৰৰ উপৰি কেইবাখনো প্রবন্ধ সংকলনে তেওঁৰ সাহিত্যৰ প্ৰতি থকা অনুৰাগৰ স্বাক্ষৰ বহন কৰি আছে।

মর্মান্তিক নির্মলপ্রভা বৰদলৈৰ এটি স্বল্প পৰিসৰৰ কবিতা। মাত্র ষোল্পটা শাৰীৰ এই কবিতাটিৰ মাজেৰে স্পষ্ট হৈ উঠিছে আমাৰ সমাজ জীৱনৰ এটি বিশেষ পরিস্থিতির এখনি সবাক চিত্র। মৰ্মান্তিক শব্দৰ আভিধানিক অর্থ বেদনাদায়ক, হৃদয়বিদাৰক ইত্যাদি । ওপৰে ওপৰে চালে কবিতাটিৰ বিষয়বস্তু নিতান্তই সাধাৰণ। ইয়াত বেদনাজনক বা দুখজনক কোনো ভাবানুষংগ পাবলৈ নাই। কিন্তু কবিতাটিৰ অন্তৰ্নিহিত অর্থ আক্ষৰিক অৰ্থতে মর্মান্তিক। এই অর্থ উপলব্ধিৰ পাছত বুজিব পৰা যায় কবিতাটিৰ নামকৰণৰ সাৰ্থকতা। ‘মর্মান্তিক’ কবিতাৰ প্ৰথম ছটা শাৰীয়ে আমাৰ দৃষ্টিপটত তুলি ধৰে ঘৰমুৱা এজন সাধাৰণ মানুহৰ ছবি। বেলি লহিওৱাৰ পৰত পথাৰৰ বঁকিয়াইদি ঘৰলৈ ওভতা এই মানুহজনৰ মূৰত জাপি, কান্ধত দুটা মেটমৰা ডাঙৰিৰ ভাৰ। এই মানুহজন যে এজন সাধাৰণ খেতিয়ক সেই কথা কবিয়ে ক’তো কৈ দিয়া নাই। কিন্তু মূৰৰ জাপি আৰু কান্ধৰ মেটমৰা ডাঙৰিৰ ভাৰৰ পৰা সেই কথা সহজে উপলব্ধি কৰিব পাৰি। এনেদৰে শব্দৰ তুলিকাৰে কবিয়ে এগৰাকী কৃষকৰ জীৱন্ত ছবি এখন আমাৰ আগত তুলি ধৰিছে। খেতিপথাৰৰ পৰা বেলি ডুবাৰ পৰত ঘৰলৈ ওভতা কৃষক-জীৱনৰ নিত্য নৈমিত্তিক ঘটনা। ইয়াত দুখ বা খেদৰ কোনো কথা নাই। কিন্তু, কবিতাটিৰ তৃতীয় স্তৱকৰ ছয়টা শাৰীয়ে অন্য এখন ছবি আমাৰ আগত দাঙি ধৰে। খেতিয়কজনৰ পিছে পিছে গুচি গৈছে ‘আঘোণৰ সোণসেৰীয়া ৰ’দ’, ‘খেৰৰ চুবুৰিটো’, ‘বাঁহ বননিৰ কেঁচা আলিটো’ আৰু ‘গান গোৱা চৰাইজাক’। ‘তেওঁৰ’ অর্থাৎ খেতিয়কজনৰ প্ৰস্থানৰ লগে লগে ইমানবোৰ বস্তু একেলগে গুচি যোৱাটোৱে পাঠকৰ হৃদয়ানুভূতিত আঘাত কৰে। দৰাচলতে কবিয়ে উল্লিখিত ভাবানুষংগবোৰৰ জৰিয়তে কৃষিজীৱী গ্ৰাম্য সমাজখনত ক্রমান্বয়ে অন্তর্হিত হোৱাৰ প্রতীকী ব্যঞ্জনা আনিছে। আঘোণৰ ৰ’দ, বাঁহ-বননিৰ কেঁচা- আলি, খেৰৰ চুবুৰি আদিয়ে গ্ৰাম্য কৃষি-জীৱনৰ প্ৰতিনিধিত্ব কৰিছে। এই সমস্ত দৃশ্যপট ‘গৈ আছিল আৰু গ’লগৈ’ কথাষাৰৰ দ্বাৰা আমাৰ সমাজ জীৱন পৰা নাইকিয়া হোৱাৰ ইংগিত দিছে। ইয়াত ‘তেওঁ’ মাত্ৰ এজন কৃষক নহয়, বৰং এটা যুগ – যাক ‘কৃষি যুগ’ বুলি অভিহিত কৰিব পাৰি। সকলো ফালে ভৰপূৰ তেনে এটি যুগৰ প্ৰস্থান সঁচাকৈয়ে মৰ্মান্তিক। কবিতাটিৰ অন্তিম স্তৱকটিৰ চাৰিটা শাৰীয়ে সেই দুখক অধিক যন্ত্রণাদায়ক কৰি তুলিছে। যিটো যুগৰ সৈতে কবিৰ শৈশৱ, কৈশোৰ জড়িত; য’ত আছিল দিগন্ত বিয়পা খেতিপথাৰ, মেটমৰা ভঁৰাল, বাঁহ-বেতেৰে পৰিপূৰ্ণ এখন পূৰ্ণাংগ গৃহস্থী, সঁচা মৰম, ভালপোৱা • সেই যুগৰ অৱসান ঘটিল। কবি সংশয়াচ্ছন্ন। কাৰণ ‘কোনে জানে তেওঁ বাৰু এই জন্মত উভতি আহিবনে নাহে?’ ইয়াৰ উত্তৰ কবিৰ হাতত নাই। কৃষি যুগটোৰ সৈতে কবিৰ যি আত্মিক বন্ধন সেয়া এতিয়া ছিন্ন হ’ল। গতিকে কবি বেদনাহত। সহজ-সৰল কৃষিজীৱী গ্ৰাম্য জীৱনৰ যি দৃশ্য তাৰ বৰ্ণনা কবিতাটোত পাবলৈ নাই। সেয়া পাঠকে হৃদয়ানুভূতিৰে উপলব্ধি কৰি ল’ব লাগে। সেইদৰে কৃষি যুগৰ পৰা বিচ্ছিন্ন হৈ কবি যি যুগত ভৰি দিলে তাৰ বিৱৰণো তেওঁ দিয়া নাই। এই দুয়োটা বিপৰীতধর্মী দৃশ্যপট অংকন কৰি লোৱাত পাঠকৰ কোনো অসুবিধা নহয়। কৃষি যুগৰ সমাজ-ব্যৱস্থাৰ অৱলুপ্তিৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বাবে ৰৈ আছে নগৰকেন্দ্ৰিক সভ্যতাৰ যান্ত্ৰিক যুগ। এই যুগত কৃষি যুগৰ অকৃত্ৰিম মৰম, ভালপোৱা, দয়া-মমতা, আত্মত্যাগ আদি মানৱীয় প্ৰমূল্যসমূহ অন্তর্হিত হ’ল। স্বাৰ্থপৰতা, যান্ত্ৰিকতাই এই যুগৰ মানুহক নিৰ্জীৱ, নিষ্প্রাণ কৰি তুলিছে। ভৱিষ্যদ্রষ্টা কবিয়ে যুগসন্ধিত থিয় হৈ সেই মর্মান্তিক দৃশ্যকে দেখিবলৈ পাইছে।


কবিতাটিৰ প্ৰথম শাৰীতে প্ৰথম পুৰুষত কবিয়ে অংকন কৰিছে তৃতীয় পুৰুষ এগৰাকীৰ ছবি, যিগৰাকী এতিয়া অতীত হৈ গৈছে। মানুহজনৰ ওভতনি যাত্ৰাৰ দৃশ্য শব্দৰ তুলিকাত প্ৰকৃতিৰ ৰূপহ বৰ্ণনাৰে অতি সজীৱ হৈ পৰিছে – মই তেওঁক যোৱাগৈ দেখিছিলোঁ পথাৰৰ বঁকিয়াইদি। –

বেলি লহিওৱাৰ পৰত

মূৰত জাপি

কান্ধত মেটমৰা দুটা ডাঙৰিব

জিৰিক্ জিৰিক্ মাত।

এই স্তৱক দুটাত ব্যৱহৃত ‘বেলি লহিওৱাৰ পৰ’, ‘পথাৰৰ বঁকিয়া’, ‘মূৰত জাপি’, “কান্ধত মেটমৰা দুটা ডাঙৰিৰ ভাৰ আদি শব্দ চয়নেৰে কবিয়ে পোনপটীয়াকৈ কৈ নিদিলেও বুজিব পৰা যায় যে সেইগৰাকী মানুহ কৰ্মব্যস্ত দিনৰ অন্তত ঘৰলৈ ওভতা এজন সাধাৰণ কৃষক। বাহ্যিক দৃষ্টিত দেখা পোৱা এইখন ছবিৰ অন্য এক গভীৰ ব্যঞ্জনা আছে। ই আমাক আধুনিক জীৱন-যাত্ৰাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যোৱা কৃষি যুগৰ প্রাণ-প্ৰাচুৰ্যৰ ঐতিহ্যৰ কথা সোঁৱৰাই দিছে। কৃষি যুগৰ প্ৰাণ-প্ৰাচুৰ্য শিল্প যুগৰ উত্থানে, যান্ত্ৰিক সভ্যতাৰ হাতোৰাই মষিমূৰ কৰি পেলোৱাৰ উপলব্ধি কবিতাটোৰ তৃতীয় স্তৱকত স্পষ্ট হৈ পৰিছে। ইয়াত মাত্ৰ ছটা শাৰীৰে দিন সলনিৰ স্বাভাৱিক গতি আৰু তাৰ অৱশ্যম্ভাৱী পৰিণতি অৱক্ষয় অতি মর্মান্তিকভাৱে উপস্থাপন কৰা হৈছে – তেওঁৰ পাছে পাছে গ’লগৈ আঘোণৰ সোণসেৰীয়া ৰ’দ খেৰৰ চুবুৰিটো, বাঁহ বননিৰ

কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক।

গৈ আছিল আৰু গ’লগৈ।

ইয়াত ব্যৱহৃত ‘আঘোণৰ ৰ’দ’, ‘খেৰৰ চুবুৰি’ আদি প্ৰতিটো প্ৰতীকী অনুষংগই কঢ়িয়াই আনিছে কৃষি যুগৰ পৰা শিল্প যুগলৈ ঘটা উত্তৰণৰ বতৰা । দুয়োটা যুগৰ সন্ধিক্ষণৰ ছবি দ্যোতিত হৈছে ‘বেলি লহিওৱাৰ পৰৰ চিত্ৰকল্পৰ যোগেদি। কৃষি যুগৰ প্ৰাণ-প্রাচুর্য আৰু মানৱীয় অনুভূতি শিল্প যুগৰ নাগৰিক সভ্যতাৰ বুকুত জাহ যোৱাৰ যন্ত্ৰণাই কবিক ব্যথিত কৰি তুলিছে। অৱশ্যে ই একেদিনাই সম্ভৱ হোৱা নাই। এই উত্তৰণৰ গতি ক্রমাগত – “গৈ আছিল আৰু গ’লগৈ। প্ৰথম আৰু দ্বিতীয় স্তৱকৰ কৃষি-সমাজ তৃতীয় স্তৱকত হেৰাই গৈছে। কবিতাটিৰ চতুৰ্থ তথা অন্তিম স্তবকটিয়ে পাঠকৰ হৃদয় এক অপৰিমেয় সংশয়েৰে ভাৰাক্ৰান্ত কৰি তোলে – –

কোনে জানে

তেওঁ আৰু

এই জন্মত

উভতি আহিবনে নাহে ?

কাল প্ৰৱাহৰ সোঁতত ভৱিষ্যতৰ বুকুত কি লুকাই আছে সেয়া এক উত্তৰবিহীন প্রশ্ন। এনেদৰে পোৱা আৰু হেৰুওৱা, সংশয়াচ্ছন্ন ভৱিষ্যতৰ মর্মন্তুদ উপলব্ধি ‘মর্মান্তিক’ কবিতাটিৰ মাজেৰে ব্যক্ত হৈছে।

কবিতাটি আধুনিক কবিতাৰ সকলো উপকৰণেৰে সমৃদ্ধ। ইয়াৰ ভাব, ভাষা, আংগিক আদি সকলো দিশতে আধুনিকতাৰ ছাপ স্পষ্টভাৱে জিলিকি আছে। কৃষি- সমাজৰ অকৃত্ৰিম পৰিৱেশ, প্ৰকৃতিৰ প্ৰাণ-প্ৰাচুৰ্য, মানুহৰ অকৃত্ৰিম চেনেহ আদিৰ মাজত শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰা কবিৰ বুকুৰ পাজৰত সেইবোৰৰ স্মৃতি মচিব নোৱৰাকৈ আঁকি থোৱা আছে। কিন্তু কালৰ কুটিল গতিত সেই সমাজ লাহে লাহে হেৰাই গ’ল। তাৰ ঠাইত নতুনকৈ থিতাপি ল’লে মহানাগৰিক সভ্যতাৰ কৃত্রিম চাল- চলনে। শিল্প যুগত কল-কাৰখানাৰ চিমনিৰ ধোঁৱাৰ মাজত মানুহ হৈ পৰিল যান্ত্ৰিক। দয়া-মমতা, কৰুণা, প্ৰেম-ভালপোৱা আদি মানৱীয় প্ৰমূল্যসমূহ লাহে লাহে মূল্যহীন হৈ পৰিল।

সময় আপোন গতিৰে আগবাঢ়ে। দিন, মাহ, বছৰ বাগৰি যায়। এই গতিৰ ভৱিষ্যৎ আমাৰ অজ্ঞেয়। মানুহে সকলো পৰিস্থিতিকে বুকুত সাবটি ল’বলগীয়া হয়। অনিচ্ছাসত্ত্বেও। ইয়াক প্রতিহত কৰাৰ শক্তি কাৰোৱেই নাই। অনাকাংক্ষিত পৰিস্থিতিক অনিচ্ছাৰ মাজতো আঁকোৱালি ল’বলগীয়া হোৱাৰ যন্ত্ৰণাতকৈ বোধহয় ভয়াৱহ যন্ত্রণা আৰু পাবলৈ নাই। কবিতাটিৰ চতুর্থ স্তৱকটিত চিত্রিত সংশয় আৰু দ্বিধাই যুগৰ পৰা বিচ্ছিন্ন হৈ পৰা যন্ত্ৰণাক অধিক গাঢ় কৰি তুলিছে।

আধুনিক কবিতাৰ এটি বিশেষ উল্লেখনীয় বৈশিষ্ট্য হৈছে সংগীতময়তা। আমাৰ আলোচ্য কবি নির্মলপ্ৰভা বৰদলৈ এই বিষয়ত অতি সিদ্ধহস্ত। গতিকে তেওঁৰ ‘মর্মান্তিক’তো সেই বৈশিষ্ট্যৰ প্ৰতিফলন লক্ষ্য কৰিব পাৰি। এক বিশেষ ছন্দেৰে ‘বেলি লহিওৱাৰ পৰত’ ‘পথাৰৰ বঁকিয়াইদি’ উভতি যোৱা ‘তেওঁৰ কান্ধৰ ‘মেটমৰা ডাঙৰি দুটাৰ ‘জিৰিক্ জিৰিক্’মাতৰ সাংগীতিক মূর্ছনাই পাঠকক মোহিত কৰে। দ্বিতীয় স্তৱকটি পঢ়াৰ অন্তত সেই মাত ধ্বনি লাহে লাহে ক্ষীণ হৈ অহাৰ এক অনাবিল উপলব্ধি আনি দিয়ে। যিমানে দূৰলৈ গৈছে সিমানে যেন তাৰ অস্পষ্ট অনুৰণন শুনা গৈছে।

কবিতাটিৰ শব্দ চয়ন বিশেষভাৱে মন কৰিবলগীয়া। অৱশ্যে উপযুক্ত শব্দৰ ব্যৱহাৰ এইগৰাকী কবিৰ কাব্যশিল্পৰ এক অনন্য বৈশিষ্ট্য। আলোচ্য কবিতাটিতো তাৰ নিদর্শন স্পষ্টভাৱে জিলিকি আছে। ইয়াৰ প্ৰতিটো শব্দৰ মাজত পোৱা যায় একোটাহঁত অর্থঘন প্রতীকী ব্যঞ্জনা। কবিতাটিৰ প্ৰথম শাৰীৰ প্ৰথম শব্দ ‘তেওঁৰ কোনো ব্যাখ্যা কবিয়ে আমাক দিয়া নাই। কিন্তু বেলি ডুবাৰ পৰত ‘পথাৰৰ বঁকিয়াইদি’ ‘মূৰত জাপি’ আৰু ‘কান্ধত দুটা মেটমৰা ডাঙৰি’ লৈ উভতি যোৱাজন যে সহজ-সৰল কৃষিজীৱী লোক, তাক নক’লেও বুজিব পাৰি। তেনেদৰে ‘আঘোণৰ সোণসেৰীয়া ৰ’দ’, প্ৰাচুৰ্যভৰা জীৱনৰ ‘খেৰৰ চুবুৰি’, সহজ-সৰল অকৃত্রিম গ্ৰাম্য জীৱনৰ ‘কেঁচা আলিটো’ অস্থায়ী মানৱ জীৱনৰ আৰু ‘গান গোৱা চৰাইজাক’ অনাবিল আনন্দৰ প্ৰতীক ।

কৃষি-সমাজৰ পৰা শিল্প-সভ্যতালৈ উত্তৰণৰ দোমোজাত থিয় দি কবিয়ে উভতি চাইছে প্রাচুর্যময় শৈশৱ আৰু কৈশোৰলৈ। ‘বেলি’ পৰম শক্তিৰ প্ৰতীক। ই সদায়ে একোটা নতুন দিনৰ সৃষ্টি কৰে। সেই ‘বেলি’য়ে প্ৰকৃতিৰ বিধান মানি অপৰাত ভৰি দিছে। গতিকে নতুন দিনৰ বা নতুন যুগৰ আগমন নিশ্চিত। নতুনক আদৰি ল’ব লাগিলে ও শৈশৱ, কৈশোৰৰ প্ৰাচুৰ্যময় গ্ৰাম্য জীৱনৰ স্মৃতি পাহৰিব নোৱাৰি। সেইবাবেই মানুহৰ যন্ত্রণা হয়। এই যন্ত্রণাই কবিকো ব্যথিত কৰিছে আৰু ই হৈ পৰিছে ‘মর্মান্তিক’। অনাগত ভৱিষ্যতৰ বুকুত কি আছে কোনেও নাজানে। কবিয়ে শব্দৰ তুলিকাৰে কৃষি-সমাজৰ ছবি আঁকিছে যদিও যন্ত্ৰ যুগৰ কোনো বিৱৰণ দিয়া নাই। সহৃদয় পাঠকে তথাপি উপলব্ধি কৰিব পাৰে আধুনিক নাগৰিক সভ্যতাই মাতি অনা মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়ৰ কথা। একো নোকোৱাকৈয়ে বহু কিবাকিবি কৈ দিব পৰা ক্ষমতাৰ বাবেই এইগৰাকী কবি আধুনিক অসমীয়া কাব্য জগতৰ এগৰাকী আগশাৰীৰ কবিৰূপে পৰিচিত । ভাবঘন, ব্যঞ্জনাঘন শব্দচয়ন তেওঁৰ এই কাব্যশিল্পৰ মুখ্য উপকৰণ। আলোচ্য কবিতাটোত কবিয়ে এটাও কঠিন শব্দ ব্যৱহাৰ কৰা নাই। ‘কান্ধ’ আৰু ‘জন্ম’ এই দুটা যুক্তাক্ষৰ থকা তৎসম শব্দক আপেক্ষিক দৃষ্টিত কঠিন আখ্যা দিলেও সেই দুটাও কবিসৃষ্ট সুৰ, সংগীতময়তা আৰু ছবিৰ সৈতে একাত্ম হৈ পৰিছে।
নির্মলপ্রভা বৰদলৈৰ মর্মান্তিক’ এটি ক্ষুদ্রকায় অথচ গভীৰ কবিতা। এই কবিতাটিন মাত্র ১৬টা শাৰীকে ধৰি ৰাখিছে আমাৰ সমাজ জীৱনৰ এক বিশেষ পৰিস্থিতিৰ বিচ্ছিন্নতাবোধৰ সকৰুণ অনুভূতি। হেৰাই যোৱাৰ দুখ নিতান্তই যন্ত্রণাদায়ক। কিন্তু তাতোকৈও যন্ত্রণাদায়ক সুখময়, প্রাণময় জীৱনচর্যাৰ পৰিৱৰ্তে অনাকাংক্ষিত পৰিৱেশৰ স’তে মুখামুখি হ’বৰ বাবে মনোজগতত সৃষ্টি হোৱা দ্বিধা, সংশয় তথা এক চিৰ অসন্তুষ্টিৰ অনুভূতি বহন কৰাটো। আলোচ্য কবিতাটিৰ মাজত আমি পাওঁ তেনে অনুভূতিৰ মর্মভেদী ব্যথা। কবি হৃদয়ৰ সেই কাৰুণ্যই প্ৰতিগৰাকী সহৃদয় পাঠকৰ বুকুত আলোড়নৰ সৃষ্টি কৰে।

লেখকঃ হিমাংশু ৰণ্‌জন ভূঞা

নলবাৰী জিলাৰ দহকাউনীয়া গাঁৱত ‘জেৰাণ্ড ব্ৰিকচ’ ৰ দ্বিতীয়টো উদ্যোগ স্থাপন…

অসম চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত অসম ষ্টাৰ্টআপৰ মানচিত্ৰত দিশ নিৰ্ণয়ক ভূমিকা লোৱা ‘ Zerund Manufacturing Private Limited ‘ এ অসমৰ লগতে মুম্বাইৰ ব্যৱসায়িক সফলতাৰে পাঁচটা বৰ্ষ অতিক্ৰম কৰিছে। চাকৰি পাইও চাকৰি নকৰি ব্যৱসায়কে জীৱনৰ মূলমন্ত্ৰ হিচাপে লোৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনিগৰাকী স্নাতক ক্ৰমে ৰূপম চৌধুৰী, ডেভিদ প্ৰতীম গগৈ, মৌচুম তালুকদাৰে বিগত পাঁচ বছৰত বহুতো ঘাত- প্ৰতিঘাত, বাধা-বিঘিনি নেওঁচি ‘জেৰাণ্ড ব্ৰিকচ ‘ ৰ উদ্ভাৱন আৰু ব্যৱসায়েৰে সাফল্যৰ শিখৰত আৰোহন কৰিবলৈ সক্ষম হৈছে। পৰিৱেশ দূষিত কৰা উদ্যোগিক আবৰ্জনা আৰু প্লাষ্টিক আবৰ্জনাৰে ইটা নিৰ্মাণ কৰি এই প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষত পৰিৱেশ বিষয়ক বহুকেইটা স্বীকৃতি পাবলে সক্ষম হৈছে।

বহনক্ষম উন্নয়ন ( Sustainable Development) কে মূলমন্ত্ৰ হিচাপে লোৱা এই প্ৰতিষ্ঠানটোৱে নিৰ্মান কৰা ইটাটোৱে( Trade Mark Name Zerund Brick ) এটা উচ্চস্তৰীয় সমীক্ষা মতে ‘Carbon Negative Tag’ লাভ কৰিবলৈ সক্ষম হৈছে।প্ৰতিষ্ঠানটোৱে নিৰ্মান কৰা সামগ্ৰীয়ে Green Pro, Griha, Assam PWD ৰ নিচিনা সন্মানজনক স্বীকৃতি লাভ কৰাৰ লগতে ভাৰত চৰকাৰে আয়োজন কৰা ডুবাই Expo, India Energy Week আদি সন্মিলনটো ৰাইজৰ ভূয়সী প্ৰসংশা বুতলিবলৈ সক্ষম হৈছে | প্ৰতিষ্ঠানটোৱে নিৰ্মান কৰা ইটাই ইতিমধ্যে অসমৰ লগতে মেঘালয়, অৰুণাচল, মণিপুৰ, ভূটান, উত্তৰবংগ আৰু মুম্বাইৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ গৌৰৱময় ষষ্ঠতম বৰ্ষত ভৰি দিয়াৰ প্ৰাকক্ষণত তেওঁলোকৰ অসমৰ দ্বিতীয়তো Manufacturing Unit নলবাৰী জিলাৰ নমাতি মৌজাৰ অন্তৰ্গত দহকাউনীয়া গাওঁত স্থাপন কৰিবলৈ ওলাইছে। তাৰ বাবে তেওঁলোকে ইতিমধ্যে উক্ত গাওঁত পোন্ধৰ বিঘা মাটি ক্ৰয় কৰি উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় চৰকাৰী যাৱতীয় সকলো নথি পত্ৰৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই জনোৱা মতে নলবাৰী জিলাত স্হাপন হবলগীয়া এই উদ্যোগটোৱে ২৫০ ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্ম সংস্হাপনৰ সৃষ্টি কৰিবলৈ সক্ষম হব আৰু লগতে উদ্যোগটো সম্পূৰ্ণভাৱে এক প্ৰদূষণমুক্ত উদ্যোগ হব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে । উদ্যোগটো স্হাপন হোৱাৰ পিছত এই অঞ্চলটোৰ শিক্ষিত নিৱনুৱাখিনিৰ লগতে অঞ্চলটোত কৰ্মৰত মাছ – মাংস , শাক – পাচলি বিক্ৰেতা , ৰেচন বিক্ৰেতা , ৰেষ্টুৰেণ্ট ব্যৱসায়ী , দৈনন্দিন ব্যৱহাৰ্য্ সামগ্ৰী বিক্ৰেটা , ব্যয়বস্তু কঢ়িওৱা যান-বাহন চালক, চিলিণ্ডাৰ বিক্ৰেতা আদি শ্ৰেণীসমূহো আৰ্থিকভাৱে বহুখিনি লাভান্বিত হব ।

এই উদ্যোগটো স্হাপন হোৱাৰ লগে লগে দহকাউনীয়া গাওঁৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহো বিভিন্ন ধৰণে আৰ্থিকভাৱে উপকৃত হব আৰু ই দহকাউনীয়া গাওঁখনক অসমৰ অৰ্থনৈতিক মানচিত্ৰত এক সবল স্হিতি প্ৰদান কৰি গাওঁখনৰ গুৰুত্ব বঢ়াই তুলিব । ইয়াকে লৈ গোটেই অঞ্চলৰ ৰাইজৰ মাজত বিশেষকৈ নিৱনুৱাখিনিৰ মাজত এক আশাৰ সঞ্চাৰ সৃষ্টি হৈছে। ‘ Zerund Manufacturing ‘ ৰ এই উদ্যোগটি স্হাপন কৰাৰ বাবে অসম চৰকাৰৰ ভেনচাৰ কেপিটেল লিমিটেড আৰু নুমলিগড় ৰিফাইনাৰী লিমিটেডে এই প্ৰতিষ্ঠানটোৰ অংশিদাৰিত্ব ক্ৰয় কৰিছে। সেইসূত্ৰে অলপতে শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত অসম চৰকাৰৰ হৈ মাননীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ হাতত ‘ TERM SHEET ‘ অৰ্পন কৰে। বহিৰাগত বনিয়াৰ ধামখুমীয়াৰ মাজতে তিনিজন থলুৱা অসমীয়াই লোৱা এই অহোপুৰুষাৰ্থ প্ৰচেষ্টাক অসমৰ সকলো ৰাইজে শলাগিছে।