Home Blog Page 913

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩৮গৰাকীৰ মনোনয়ন পত্র দাখিল…

দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হক্সবলগীয়া অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে বৃহস্পতিবাৰে মুঠ ৩৮গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৫ গৰাকী, ডিফু লোকসভা সমষ্টিত ১গৰাকী, কৰিমগঞ্জ লোকসভা সমষ্টিত ২০ গৰাকী, শিলচৰ লোকসভা সমষ্টিত ২ গৰাকী আৰু নগাঁও লোকসভা সমষ্টিত ১০ গৰাকী প্রার্থীয়ে আজি মনোনয়ন পত্র দাখিল কৰে।

সমষ্টিকেইটাৰ বাবে মনোনয়ন পত্র দাখিলৰ কালি অন্তিম দিন আছিল। দ্বিতীয় পর্যায়ত নির্বাচন হক্সবলগীয়া অসমৰ ৫টা লোকসভা সমষ্টিত মুঠ ৬৫ গৰাকী প্রার্থীয়ে ১১৮খন মনোনয়ন পত্র দাখিল কৰিছে।

কৰ্ণাটকৰ বোৰৱেলত পৰি যোৱা ডেৰ বছৰীয়া শিশুক অলৌকিকভাৱে উদ্ধাৰ কৰিলে এনডিআৰএফ, এছডিআৰএফৰ দলে…

এটি শিশুক অলৌকিকভাবে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰীৰ দলে। শিশুটি এটা দ’ বোৰৱেলত পৰি গৈছিল। কৰ্ণাটকৰ লাচিয়ানা গাঁৱত সংঘটিত ঙঘটনাটোৰ উত্তেজনাপূৰ্ণ উদ্ধাৰ অভিযানে সকলোকে আচৰিত কৰি তুলিছে। গাঁতটোত আৱদ্ধ হৈ থকা ডেৰ বছৰীয়া সতীশ সতীশ মুজাগণ্ড নামৰ শিশুটিক অতি কৌশলেৰে উদ্ধাৰ কৰা হৈছে। প্ৰায় ২০ ঘণ্টা ধৰি চলিছিল এই স্বাসৰুদ্ধকাৰী উদ্ধাৰ অভিযান। ২০ ঘণ্টাৰ পিছত বোৰৱেলত পৰি যোৱা শিশুটোক উদ্ধাৰ কৰাটো সম্ভৱ হয়। সতীশ মুজাগণ্ড নামৰ শিশুটোক অৱশেষত বৃহস্পতিবাৰে আবেলি সুৰক্ষিত ভাবে উদ্ধাৰ কৰা হয়। সাতভিকে তেওঁৰ বাসগৃহৰ ওচৰতে খেলিবলৈ ওলাই গৈছিল। তেতিয়াই তেওঁ বোৰৱেলটোত সোমাই পৰিছিল।শিশুটিৰ কান্দোৱ শুনা পাই লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিছিল।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ) তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু আৱদ্ধ শিশুটোক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছিল। বিশেষ সঁজুলি আৰু দক্ষতা ব্যৱহাৰ কৰি উদ্ধাৰকাৰীৰ দলবোৰে মাটিৰ পৰা প্ৰায়১৬ ফুট তলত থকা ৰখা শিশুটোক বিচাৰি উলিয়াবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। বোৰৱেলৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ স্বত্বেও, উদ্ধাৰকাৰীসকলে সাতভিকৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ আৰু পাইপলাইনৰ জৰিয়তে তেওঁক অক্সিজেন প্ৰদান কৰিবলৈ সক্ষম হৈছিল।উদ্ধাৰকাৰীসকলে অক্লান্তভাৱে পৃথিৱীৰ মাজেৰে এটা গাঁত খনন কৰিছিল আৰু অৱশেষত জীৱন্ত অৱস্থাত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সাতভিকক বোৰৱেলৰ পৰা উদ্ধাৰ কৰাৰ পিছতে এম্বুলেন্সেৰে শিশুটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ৰাতিপুৱা জিৰা পানী খালে পাচনতন্ত্ৰৰ এই ৪টা ৰোগ নিৰাময় হ’ব! এই ৰোগ সমূহৰ বিষয়ে জানেনে…

প্ৰতিখন ঘৰতে জিৰা পোৱা যায়। জিৰা বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে। এয়া এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ মছলা। খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে মানুহে জিৰা ব্যৱহাৰ কৰে। বহু ৰোগৰ পৰা সকাহ পাবলৈ জিৰা ব্যৱহাৰ কৰিব লাগে। জিৰা পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে আজি আপোনালোকক জনাম-

যদি আপুনি দৈনিক জিৰাৰ পানী খায় তেন্তে আপুনি আচৰিত ধৰণৰ উপকাৰ লাভ কৰিব। পাচনতন্ত্ৰ শক্তিশালী কৰিবলৈ জিৰা পানী খোৱাটো অতি প্ৰয়োজনীয়।

খালী পেটত জিৰা পানী খালে শৰীৰৰ বহু ৰোগ নিৰাময় কৰিব পাৰি। দুৰ্বল শৰীৰক শক্তিশালী কৰাত ই অতি উপকাৰী। দৈনিক জিৰা পানী খালে ৰক্ত সঞ্চালন উন্নত হ’ব। জিৰাত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী।

জিৰাৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে আপোনাৰ ৰোগ নিৰাময়ত যথেষ্ট সহায় কৰে।আপুনি দৈনিক ৰাতিপুৱা জিৰাৰ পানী খাব লাগিব। শৰীৰৰ ফুলা কমোৱাৰ কামো কৰিব জিৰা পানীয়ে। কেৱল এয়াই নহয়, ই আপোনাক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰখাত বহুখিনি সহায় কৰিব। লগতে শৰীৰৰ পৰা মলি আঁতৰাব।

বহু লোকৰ উশাহ-নিশাহৰ লগত জড়িত বহুত সমস্যা হয়। দৈনিক খালী পেটত জিৰা পানী খালে শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্যৰ লগত জড়িত বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। শ্বাস-প্ৰশ্বাসৰ নলীত শান্তিদায়ক হ’ব পাৰে।

জিৰাৰ পানীত এন্টিঅক্সিডেন্ট উপাদান থাকে, যিয়ে আপোনাৰ শৰীৰৰ বিষমুক্ত কৰাত সহায় কৰে। প্ৰতিদিনে ৰাতিপুৱা সাৰ পোৱাৰ পিছত এই পানী খাব লাগে।


পাকঘৰত এই ৫টা বস্তু ৰাখিলে যিকোনো সময়তে অসুস্থ হ’ব পাৰে আপুনি…

আপুনি জানেনে যে আপোনাৰ পাকঘৰত ৰখা কিছুমান বস্তুৱে আপোনাক ভিতৰৰ পৰা লাহে লাহে অসুস্থ কৰি তুলিব পাৰে। কেৱল খাদ্যই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই এনে নহয়, আপুনি কেনেধৰণৰ পাত্ৰত ৰান্ধিছে আৰু কেনেধৰণৰ কাগজত পেক কৰিছে সেয়াও নিৰ্ভৰ কৰে। যদিও বছৰ বছৰ আগতে এইবোৰ বিষয়ত বহু অধ্যয়ন কৰা হৈছে, সজাগতাৰ অভাৱৰ বাবে মানুহে অন্ধভাৱে নিজৰ পাকঘৰত বিষাক্ত পদাৰ্থৰে ভৰা বস্তু ব্যৱহাৰ কৰি আছে।এনে পৰিস্থিতিত আজি আমি আপোনালোকক জনাম এনে কিছু কথা, যি সমূহ বস্তু পাকঘৰত কেতিয়াও ৰাখিব নালাগে-

উচ্চ উষ্ণতাত ননষ্টিক বাচন ব্যৱহাৰ কৰিলে পি এফ চি আৱৰণ ধোঁৱাৰ ৰূপত নিৰ্গত হয়, যাৰ ফলত যকৃতৰ ক্ষতি আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

বিশেষজ্ঞসকলে কয় যে WHOৰ তথ্য অনুসৰি মানৱ শৰীৰৰ বাবে ৫০ মিলিগ্ৰাম এলুমিনিয়ামৰ প্ৰয়োজন। কিন্তু গৱেষণাৰ মতে ফয়েলত পেক কৰা খাদ্যত বহুত থাকে এলুমিনিয়ামৰ পৰিমাণ। ইয়াত ২-৫ মিলিগ্ৰাম এলুমিনিয়াম থাকে, যাৰ নিয়মীয়া ব্যৱহাৰে শৰীৰত জিংক জমা হোৱাত সহায় কৰে। ইয়াৰ ফলত মগজু আৰু হাড়ৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা বৃদ্ধি পায়।


এলুমিনিয়ামে লাহে লাহে বিষৰ দৰে কাম কৰে। এনে পৰিস্থিতিত এলুমিনিয়ামৰ বাচন নিয়মিত ব্যৱহাৰ কৰিলে বৃক্ক আৰু হাওঁফাওঁৰ সমস্যা হ’ব পাৰে।

যদি আপুনি পাকঘৰত প্লাষ্টিকৰ চপিং বৰ্ড ব্যৱহাৰ কৰি শাক-পাচলি কাটিছে তেন্তে পেলাই দিয়ক। কিয়নো ভিজা চপিং বৰ্ডত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া থাকে যিয়ে পেটৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও আপোনাৰ খাদ্যত প্লাষ্টিকৰ কণাও পোৱা যায়, যাৰ ফলত স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰোগৰ সৃষ্টি হয়। তাৰ সলনি কাঠৰ চপিং বৰ্ড ব্যৱহাৰ কৰক।

বিচফেনল এ (BPA) নামৰ ৰাসায়নিক যৌগ এটাৰ ব্যৱহাৰে প্লাষ্টিকৰ বটল আৰু পাত্ৰ মানুহৰ শৰীৰৰ বাবে বিপদজনক কৰি তোলে। এনে পাত্ৰ নিয়মিত ব্যৱহাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা, হৰম’নত প্ৰভাৱ পেলায় আৰু মেদবহুলতাৰ সৃষ্টি কৰিব পাৰে। প্লাষ্টিকৰ পাত্ৰত খাদ্য পুনৰ গৰম কৰিলে বিষাক্ত পদাৰ্থ নিৰ্গত হয় যিয়ে ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ পৰিৱৰ্তে কাঁচৰ বাচন ব্যৱহাৰ কৰিব পাৰে।

ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন


দৰং-ওদালগুৰি সমষ্টি দখলৰ বাবে সাজু হৈছে বিজেপিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া দলে বলে মনোনয়ন দাখিল দিলীপ শইকীয়া সংগ দিলে বি-টি-আৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, লগতে বহু জ্যেষ্ঠ নেতাই।লোকসভা নিৰ্বাচনত নিজৰ শক্তিৰ উমান দিলে বিজেপি, ইউপিপিএল, এজেপি মিত্ৰ দলে।

হাজাৰ হাজাৰ সমৰ্থকেৰে সমদল কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই আজি
ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত দাখিল কৰিলে মনোময়ন।

মনোনয়ন দাখিলৰ পূৰ্বে দলটোৱে ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা ওদালগুৰি চহৰৰ মাজেৰে ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়লৈ বিশাল সমদল কৰি প্ৰদৰ্শন কৰিলে শক্তি।

সমদলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰ লগতে বিটিআৰ ৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোবাৰী, উৰাখা গৌৰ বহ্ন, ন দিগন্ত কলিতা, পৰামান্দ্ৰ ৰাজবংশী, সাংসদ ৰনাগৌৰা নাৰ্জাৰী, কমলা কলিতা লগতে ইউপিপিএল আৰু এজিপি বিষয়-ববিয়া তথা বহু জেষ্ঠ নেতা সহ বহু হেজাৰ দলীয় কৰ্মকৰ্তা সৈতে এক সমদলৰে দিলীপ শইকীয়া উপাযুক্ত কাৰ্য্যলয়ত মনোনয়ন পত্ৰ প্ৰদান কৰে।

আমগুৰিত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ৱাৰ্ডে ৱাৰ্ডে মিত্ৰজোঁটৰ নেতৃত্ব নামি পৰিছে নিৰ্বাচনী যুঁজত

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আমগুৰিত অগপ আৰু বিজেপিৰ যৌথ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত দুয়োটা দলৰ নেতা-কৰ্মীয়ে ৱাৰ্ডে ৱাৰ্ডে চলাই গৈছে জোৰদাৰ প্ৰচাৰ অভিযান।

মিত্ৰজোঁটৰ নেতৃত্ব নামি পৰিছে নিৰ্বাচনী যুঁজত। আজিও আমগুৰি ৫ নং ৱাৰ্ডৰ পেঙেৰা গাঁৱত দেখা গ’ল একেই পৰিৱেশ। দুয়োটা দলৰ নেতৃত্ব আৰু সদস্য-সদস্যাসকলৰ লগতে শতাধিক লোক আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। উদ্দেশ্য এটাই ৰণাংগনৰ বাকৰিত তৰ্জনীৰ চাপৰেৰে ইতিহাস ৰচি উন্নয়ন আৰু বিকাশৰ ধাৰাবাহিকতা বৰ্তাই ৰখা। বিজেপ-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে প্ৰৱল আত্মবিশ্বাসেৰে, বজ্ৰ কঠোৰ দৃঢ়তাৰে মুষ্টিবদ্ধ দুহাত তুলি আজি শত শত পেঙেৰা গাঁৱৰ পুৰুষ-মহিলা অংগীকাৰবদ্ধ হয়।

এই উপলক্ষে আজি পেঙেৰা গাঁৱত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকে আমগুৰি পৌৰসভাৰ পৌৰপতি অনামিকা নেওগ বৈশ্য, উপ-পৌৰপতি মানসী বৰা, প্ৰাক্তন পৌৰপতি জ্যোতি গগৈ, বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক পুতুল বৰুৱা, পংকজ ভট্টাচাৰ্য, ভৰত গগৈ, মণ্ডলৰ উপ-সভাপতি নৃপেন গোহাঁই, হৰিশ বাহাদুৰ, মণ্ডলৰ সম্পাদক অন্তু ডেকা, অগপৰ নগৰ বিধায়িনী পৰিষদৰ সভাপতি দেবেশ্বৰ গগৈ, শক্তিকেন্দ্ৰৰ আহ্বায়ক ৰাজেন বৰুৱা, বিশিষ্ট সমাজকৰ্মী কিৰণ শৰ্মা, নিৰ্মল সিনহাকে আদি কৰি বহু গণ্য মান্য ব্যক্তি।

BAI announces strong Indian squad for BWF Thomas and Uber Cup Finals 2024…

BAI announces strong Indian squad for BWF Thomas and Uber Cup Finals 2024

India will field a strong squad with a perfect mix of youth and experience in the upcoming BWF Thomas and Uber Cup Finals 2024 with the senior selection committee deciding to have more options in singles considering the hectic schedule of all players this season.

The Badminton Association of India (BAI) announced both men’s and women’s teams for the upcoming prestigious tournament to be played in Chengdu, China from April 27 to May 5.

A 10-member team for Thomas Cup will have five singles players with Kiran George joining HS Prannoy, Lakshya Sen, Kidambi Srikanth and Priyanshu Rajawat while Sai Pratheek will be the back-up doubles player to the two first-choice combinations, namely World No. 1 pair Satwiksairaj Rankireddy and Chirag Shetty and MR Arjun and Dhruv Kapila.

With most of the top players going through a tough Paris Olympic qualification phase in the run up to Thomas Cup 2024, the selectors felt that it was important to have an additional singles player in the squad.

The final decision on the Thomas Cup squad was taken after an online meeting of the selection committee that comprises Chief National coach Pulella Gopichand, former India stars U Vimal Kumar, Jwala Gutta, Manjusha Kanwar, Partho Ganguly and Mallika Baruah Sarma.

For the Uber Cup, the selectors decided to give an opportunity to youngsters after top players in both singles and doubles pulled out. PV Sindhu informed the selectors that due to back-to-back tournaments leading up to the Olympics, she and her team have decided to skip the Uber Cup to prepare for the Olympics.

Top doubles pairs also cited similar reasons and, since it is not a full strength team, they also pulled out. The selectors then decided to go ahead with young players who have done well recently at the National Championships.

Speaking about the team combination, Badminton Association of India General Secretary Sanjay Mishra said, “The senior selection committee after a lot of discussion has decided the best possible combination for the Thomas Cup team to defend the title. The committee felt we needed to have one additional player in the singles while in doubles they have picked top two pairs and Sai Pratheek is selected as an additional doubles player after consultation with Mathias Boe (Danish doubles coach) just in case somebody is not fully fit or needs recovery.

“With all the experience as top-level players themselves and years of coaching experience, I believe they have picked a very balanced team and I believe these boys can win the title once again.

“The Uber Cup team also looks good with the young talented players. I wish them the best of luck and hope they will make the nation proud with their performances.”

The Indian men’s team had created history two years ago in Thailand when they defeated formidable Indonesia 3-0 in the final to clinch their first-ever Thomas Cup crown.

Thomas Cup squad:
(Singles) HS Prannoy, Lakshya Sen, Kidambi Srikanth, Priyanshu Rajawat and Kiran George; (Doubles) Satwiksairaj Rankireddy, Chirag Shetty, MR Arjun, Dhruv Kapila and Sai Pratheek

Uber Cup squad:
(Singles) Anmol Kharb, Tanvi Sharma, Ashmita Chaliha and Isharani Baruah; (Doubles) Shruti Mishra, Priya Konjengbam, Simran Singhi and Ritika Thaker

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মৃৎশিল্পৰ কৰ্ম্মশালা…

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মৃৎশিল্পৰ কৰ্ম্মশালা

যোৱা ১ এপ্ৰিলৰ পৰা ৩ এপ্ৰিল তাৰিখলৈ কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগে ইণ্ডিয়ান নেশ্বনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ(INTACH), অসম আৰু কামৰূপ শাখাৰ সহযোগত স্কিল ইণ্ডিয়া আৰু বিকশিত ভাৰত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৃৎশিল্পৰ এখনি তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰে। দক্ষতা বিকাশৰ এই “দ্য আৰ্ট অব্ প’টাৰী মেকিং” শীৰ্ষক কৰ্মশালাখনিত অংশগ্ৰহণ কৰে প্ৰত্নতত্ত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে। INTACH অসম শাখাৰ সংযোজক প্ৰফেচৰ শীলা বৰা আৰু প্ৰত্নতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° মঞ্জিল হাজৰিকাই নেতৃত্ব লোৱা এই কৰ্মশালাখন মুকলি কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° অৰিন্দম গাৰ্গদেৱে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনিত বিভিন্ন সময়ত উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ৰমেশ চন্দ্ৰ ডেকা, প্ৰতি- উপাচাৰ্য প্ৰফেচৰ গণেশচন্দ্ৰ ৱাৰী, প্ৰফেচৰ ৰাখী কলিতা মৰল, প্ৰফেচৰ ডেইজী দাস, ড° হীৰেন ডেকা, ড° নাৰায়ণ শৰ্মা, ড° পূৰৱী ডেকা বোস, ড° নীৰ্জন্তা দেৱী, ড° ডিম্পী মহন্ত, বিৰূপাক্ষ গিৰি বসুমতাৰী, জৌগাথি বসুমতাৰী আৰু বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকাসকলে । লগতে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা ড° সংগীতা গগৈ আৰু তেখেতৰ সহকৰ্মীসকলেও এই অনুষ্ঠানত উপস্থিত থাকি সৌস্থৱ বৃদ্ধি কৰে।

প্ৰত্নতত্ত্ব বিভাগৰ ব্যৱহাৰিক আৰু শৈক্ষিক কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বাইহাটা চাৰিআলিৰ প্ৰখ্যাত হীৰা মৃৎশিল্পী মাকনি হীৰা, দীনেশ হীৰা আৰু দিপেন হীৰাক এই কৰ্মশালাখনিত ছাত্ৰ ছাত্ৰীৰসকলৰ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছিল। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশিক্ষণত মাটিৰে বিভিন্ন ধৰণৰ সাজ-বাচন, চাঁকি, হৰাপ্পা আৰু নৱপ্ৰস্তৰ যুগৰ ভিন্ন প্ৰকাৰৰ সামগ্ৰী, অলংকাৰ, পুতলা, মুখাৰ আৰ্হি তৈয়াৰ কৰে। নৱপ্ৰস্তৰ যুগতে বিকাশ হোৱা এই শিল্পটি বৰ্তমানেও অসমৰ বিভিন্ন ঠাইত হীৰা আৰু কুমাৰ শিল্পীসকলে ধৰি ৰাখিছে। যদিও বিভিন্ন কাৰণত ই ক্ৰমান্বয়ে ঠাই বিশেষে বিলুপ্তপ্ৰায় অৱস্থা পাইছে, তথাপি এই প্ৰাচীন কলাবিধক পুনৰুজ্জীৱিত কৰাৰ লগতে উঠি অহা প্ৰজন্মক শিল্পটিৰ লগত জড়িত কৰাৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা কৰ্ম্মশালাখনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মৃৎশিল্পৰ পৰম্পৰাগত নিৰ্মাণশৈলী আৰু ব্যৱহাৰিক দিশৰ প্ৰতি অনুপ্ৰেৰণা যোগাব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। লগতে অনাগত দিনত এই কৰ্ম্মশালাখনিত নিৰ্মিত মৃৎশিল্পৰ সামগ্ৰীসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব বুলিও আয়োজক ড° মঞ্জিল হাজৰিকাই জনাই

বি ডব্লিউ এফ থমাছ-উবেৰ কাপৰ দল ঘোষণা ! ভাৰতীয় দলত দুই অসম কন্যা অস্মিতা-ঈশাৰাণী…

অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে৷ উল্লেখ্য যে প্ৰায় তিনি দশকৰ বিৰতিৰ পাছত উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে অসম শ্বাটলাৰে৷ ইয়াৰপূৰ্বে অসমৰ মল্লিকা বৰুৱা শৰ্মাই ৰাজ্যৰ প্ৰথম শ্বাটলাৰ হিচাপে সন্মানীয় উবেৰ কাপত খেলিছিল ৷ ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনে [বাই] অহা ২৭ এপ্ৰিলৰ পৰা পাঁচ মে’লৈ চীনৰ চেংডুত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ প্ৰতিযোগিতাখনৰ বাবে পুৰুষ আৰু মহিলাৰ দল দুটা আজি ঘোষণা কৰিছে৷

থমাছ কাপৰ বাবে ১০ জনীয়া দলটোত পাঁচজন একক খেলুৱৈৰ লগতে দুটা ডাবলছ যুটি তথা এজন বেকআপ খেলুৱৈক দলত লোৱা হৈছে৷ ভাৰতীয় দলত স্থান লাভ কৰা একক শাখাৰ খেলুৱৈসকল হ’ল ঃ এইচ এছ প্ৰণয়, লক্ষ্য সেন, কিদাম্বী শ্ৰীকান্ত, প্ৰিয়ংশু ৰাজাৱত আৰু কিৰণ জৰ্জ৷ আনহাতে, ডাবলছ খেলুৱৈৰূপে দলত আছে সাতৱিকসাইৰাজ ৰেংকিৰেড্ডী, চিৰাগ শ্বেট্টী, এম আৰ অৰ্জুন, ধ্ৰুৱ কপিলা আৰু সাই প্ৰথিক৷

উল্লেখ্য যে ভাৰতীয় পুৰুষ দলটোৱে দুবছৰ পূৰ্বে থাইলেণ্ডত ইতিহাস সৃষ্টি কৰি ফাইনেলত শক্তিশালী ইণ্ডোনেছিয়াক ৩-০ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপৰ মুকুট পৰিধান কৰিছিল৷

ইফালে, উবেৰ কাপৰ বাবে একক আৰু ডাবলছ দুয়োটা শাখাতে নিৰ্বাচকসকলে নবাগতক সুযোগ দিয়াৰ সিদ্ধান্ত লয়৷ পি ভি সিন্ধুৱে ইতিপূৰ্বে নিৰ্বাচকসকলক জনাইছে যে পেৰিছ অলিম্পিকৰ বাবে তেওঁ প্ৰতিযোগিতাখনত অংশ নলয়৷

উবেৰ কাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা একক শাখাৰ খেলুৱৈসকল হ’ল ঃ অনমোল খাৰব, তনৱী শৰ্মা, অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱা আনহাতে, ডাবলছ শাখাত খেলিব শ্ৰুতি মিশ্ৰ, প্ৰিয়া কনজেংবাম, ছিমৰন সিংহী আৰু ঋতিকা ঠাকাৰে৷

ইফালে, প্ৰায় তিনি দশকৰ পাছত অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰাৰ বাবে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদে উভয় খেলুৱৈকে শুভেচ্চা জনাইছে৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূপেন বৰাৰ গোচৰ ৰুজু…

ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূপেন বৰাই তৰিলে মানহানি গোচৰ


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক আৰু সমাজত ভাবমূৰ্তি নষ্ট হ’ব পৰা মন্তব্যৰ বাবেই গোচৰ তৰা বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে আদালতৰ দ্বাৰস্থ হৈছে আৰু গোচৰটো ইতিমধ্যে ন্যায়ালয়ত পঞ্জীভূক্ত হোৱা বুলি জানিব পৰা গৈছে।