Home Blog Page 919

মোক সকলোৱে মামা বুলিয়েই জানে- মুখ্যমন্ত্ৰী ড৹ শৰ্মা

বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা

দৈনন্দিন বাৰ্তাৰ সেৱা, বৰপথাৰ, ধনশিৰি, ২ এপ্ৰিল: আগন্তুক লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰচাৰ অভিযানত টঙালি বান্ধিছে ৰাজনৈতিক দল সমুহে ৷ দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ১৪ খন লোক সভা আসনৰ বাবে নিৰ্বাচন আয়োগে তিনিটা ভাগত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তাৰিখ ঘোষণা কৰা পিচৰে পৰা অসমত প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি বহুকেইটা ৰাজনৈতিক দলে ইতিমধ্য নিজা নিজা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰদান কৰিছে৷ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দল সমুহে৷

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১০ নং কাজিৰঙা লোক সভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাক জয়ী কৰাবলৈ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ পৰাই নিৰ্বাচনী ৰণডংকা বজাই প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ শুভাৰম্ভণি কৰে। কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে আজি বিয়লি প্ৰায় দুই মান বজাত হেলিকপ্টাৰেৰে আহি বৰপথাৰত অৱতৰণ কৰাৰ পাছত এক বিশাল ৰেলীৰে বৰপথাৰ নগৰস্থিত প্ৰচাৰ সভা স্থলীলৈ আদৰি আনে মুখ্যমন্ত্ৰী গৰাকীক।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে। প্ৰায় দহ হাজাৰৰো অধিক লোকৰ সমাগম ঘটা এই প্ৰচাৰ সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই ১ লাখ ভোটত জয়লাভ কৰিব বুলি ৰাইজৰ আগত প্ৰকাশ কৰে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সৰুপথাৰ অসমৰ ভেঞ্চাৰ সমষ্টি আছিল বুলিও মন্তব্য কৰাৰ কৰি অসমৰ ভিতৰতে আটাইতকৈ পিছপৰি থকা সমষ্টিটো এতিয়া অসমৰ ভিতৰত আটাইতকৈ উন্নত সমষ্টি হ’বলৈ গৈ আছে বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীকো কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘ বছৰ ধৰি শাসন কালত থাকিও এটা সমষ্টিৰেই উন্নয়ন নকৰি পৰাজয় হোৱা ৰ’জলীনা তিৰ্কীয়ে দহটা সমষ্টিৰ কেনেকৈ উন্নয়ন সাধিব বুলি প্ৰশ্ন কৰে।

সৰুপথাৰ সমষ্টি এতিয়া বাট-পথ, চিকিৎসা, শিক্ষা আদি সকলো দিশতে এক জাকত জিলিকা হৈ পৰিছে বুলিও কোৱাৰ লগতে কয় যে এইবাৰৰ পৰা কলেজলৈ পোৱা ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে মেট্ৰিক পাছ কৰা ছাত্ৰী সকলে ১০ হাজাৰ টকা, ডিগ্ৰীলৈ উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰী সকলে ১২ হাজাৰ আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰী সকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিব। এইবাৰৰ পৰা ৰেচন কাৰ্ড থকা কিন্তু অৰুণোদয় আচনিৰ সুবিধা লাভ নকৰা সকলো হিতাধীকাৰীয়েই অৰুণোদয় আচনিৰ ধন লাভ কৰিব বুলিও ৰাইজক জনায়।

ইপিনে বৃহত্তৰ টেঙানিবাসীৰ দীৰ্ঘ বছৰৰ এটা সমস্যা শীঘ্ৰেই সমাধান হব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। টেঙানি বাসীৰ যোগাযোগৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰ ব্ৰীজ নিৰ্মাণ হোৱাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো ৰেলৱে অভাৰব্ৰীজ নিৰ্মাণ কৰা হব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে জুলাই মাহতে অসম আৰক্ষীৰ প্ৰৱেশ পৰীক্ষা সমূহ অনুষ্ঠিত হব বুলিও মুখ্যমন্ত্ৰী জনায়।

ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক হিটলাৰৰ লগত তুলনা কৰা প্ৰসংগত মোক সকলোৱে মামা বুলিয়েই জানে আৰু কংগ্ৰেছ অসমৰ পৰা নাইকিয়া হৈ গৈছে বুলি মন্তব্য কৰে। এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে কামাখ্যা প্ৰসাদ তাচাক বিপুল ভোটত জয়লাভ কৰাবলৈ সৰুপথাৰ সমষ্টিৰ ৰাইজক মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। আজিৰ এই নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিটিচিৰ মুখ্য কায্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন।

কংগ্ৰেছে ৬০ বছৰ ভাৰতবৰ্ষ চলালে, অসমখন চলালে ৬০ বছৰ, কাম একো নকৰিলে’ – মন্ত্ৰী পীযুষ হাজৰীকা

‘কংগ্ৰেছে ৬০ বছৰ ভাৰতবৰ্ষ চলালে, অসমখন চলালে ৬০ বছৰ, কাম একো নকৰিলে’
‘কংগ্ৰেছৰ দিনত অনুদানৰ ঘৰৰ বাবে দিয়া হৈছিল ৭৫ হাজাৰ টকা’
‘ঘৰৰ টকা বিধায়ক, ঠিকাদাৰে খাইছিল, মাত্ৰ ৪০ হাজাৰমান টকাৰহে কাম হৈছিল’
নাজিৰাত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক আঁঠুৱা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ
‘যদি আঁঠুৱা-কম্বল লাগে কংগ্ৰেছক ভোট দিয়ক, আৰু যদি অৰুণোদয় লাগে আমাক ভোট দিয়ক’

কংগ্ৰেছে ৬০ বছৰ ভাৰতবৰ্ষ চলালে, অসমখন চলালে ৬০, কাম একো নকৰিলে৷- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷ নাজিৰা বিধানসভা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ দেওপানী গোঁহাইগাঁও ৰংগমঞ্চত অনুষ্ঠিত এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কয় যে আমি অসমখন চলালো মাত্ৰ ৭ বছৰ ১০ মাহ আৰু ভাৰতবৰ্ষখন চলালো ১০ বছৰ৷ এই কেইবছৰত কংগ্ৰেছে কি কৰিছিল আৰু আমি কি কৰিছো সেইসমূহ মই আজিৰ সভাত আপোনালোকৰ আগত দাঙি ধৰিম৷


তেওঁ কয় যে কংগ্ৰেছৰ দিনত আধা মানুহৰ ৰেচন কাৰ্ড আছিল, এতিয়া বিজেপিৰ দিনত গোটেই মানুহৰ ৰেচন কাৰ্ড আছে৷ আজিকালি ৱান নেশ্যন ৱান ৰেচন কাৰ্ড বুলি কয়৷ এইখন ৰেচন কাৰ্ডেৰে আপুনি গুৱাহাটীত গৈয়ো চাউল ল’ব পাৰিব৷ এইখন ৰেচন কাৰ্ডেৰে আপুনি দিল্লীত গৈয়ো চাউল ল’ব পাৰিব৷ মন্ত্ৰী হাজৰাকীই আৰু কয় যে এইবিলাক কংগ্ৰেছৰ দিনত নাছিল৷ কংগ্ৰেছৰ দিনত ৭ টকা, ৬ টকা, ৩ টকাত চাউল কিনিব লগা হৈছিল, এতিয়া আমি সকলোকে বিনামূলীয়া চাউল দিছো৷ অসমৰ আজি ৫২ লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে৷ সকলোৱে বিনামূলীয়াকৈ গাইপতি ৫ কেজিকৈ চাউল পায়৷ কংগ্ৰেছৰ দিনত চাউল কিনি ল’ব লগা হৈছিল৷ ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা পায় মন্ত্ৰীগৰাকীয়ে সেই বিষয়েও সভাত ব্যাখ্যা দাঙি ধৰে৷ ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান কাৰ্ড পায়, ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পায়, ৰেচন কাৰ্ড থাকিলে উজলা গেছৰ সংযোগ লাভ কৰে, ৩০০ টকাকৈ গেছৰ দাম কমত পায় বুলি ভাষণত প্ৰকাশ কৰে৷

আনহাতে, কংগ্ৰেছৰ দিনৰ অনুদানৰ ঘৰবিলাক এটা ৰূমৰ আছিল বুলি কৈ মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দিনত দুটা ৰূমৰ ঘৰৰ লগতে বাৰান্দাও আছে৷ কংগ্ৰেছৰ দিনত ঘৰটোৰ দাম আছিল ৭৫ হাজাৰ টকা৷ তাত মাজত দালাল আছিল৷ ঘৰৰ টকা বিধায়ক, ঠিকাদাৰে খাইছিল৷ কিন্তু আমাৰ দিনত ঘৰৰ বাবে দিয়া হয় ডেৰ লাখ টকা৷ ইয়াত কোনো দালাল নাথাকে, ঘৰৰ গৰাকীয়ে নিজে বনায় ঘৰ৷ টকা ডাইৰেক্ট বেংকৰ একাউণ্টত যায়৷ এতিয়া ডেৰ লাখ টকাৰ ডেৰ লাখ টকাৰে ঘৰ হয় বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে৷ আনহাতে, বহুত খেতিয়কে বছৰত ৬ হাজাৰকৈ টকা পায়, কিন্তু কংগ্ৰেছৰ দিনত কৃষকে এই ধন পোৱা নাছিল বুলি তেওঁ কয়৷ মন্ত্ৰীগৰাকীয়ে ধানৰ মূল্য সন্দৰ্ভত ৰাইজৰ আগত ভাষণ দাঙি ধৰি কয় যে আজিৰ পৰা অলপ দিন আগতে ১ কুণ্টল ধানৰ মূল্য ১২০০ টকা আছিল, এতিয়া ২২,০০ টকা হ’ল৷ এয়া কিয় হ’ল তাৰ ব্যাখ্যা দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ধানবিলাক আমি চৰকাৰে কিনি লওঁ, আমাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিনি লয়৷ চৰকাৰে নিকিনিলেও যদি বেপাৰীয়েও কিনে, বেপাৰীয়ে ধানৰ দাম এতিয়া ২৩০০ টকা দিব লাগে৷ এয়া কৰাৰ বাবে আমাৰ কৃষক ৰাইজৰ লাভ হৈছে৷ এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণত প্ৰকাশ কৰে৷


মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত ৰাইজক অসমত যিমান পৰিয়ালত ৰেচন কাৰ্ড আছে অহা ডেৰ বছৰৰ ভিতৰত সকলোকে একোটা একোটাকৈ অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰ বাবে কাইলৈৰ পৰা ইয়াত প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে৷ তদুপৰি ছোৱালীৰ শিক্ষাৰ কাৰণে নিযুত মইনা, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আদিৰ বিষয়েও ভাষণ দাঙি ধৰে৷ ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছক চোকা সমালোচনা কৰি কংগ্ৰেছক আঁঠুৱা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰে৷

তেওঁ এই আঁঠুৱা-কম্বলৰ পাৰ্টি কংগ্ৰেছক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়৷ তেওঁ কয় যে আঁঠুৱা-কম্বল লাগিলে কংগ্ৰেছক ভোট দিয়ক, যদি অৰুণোদয় লাগে, মুখ্যমন্ত্ৰী উদ্যমিতা লাগে, নিযুত মইনা লাগে তেতিয়া হ’লে আমাক ভোট দিয়ক৷ সভাত মন্ত্ৰীগৰাকীয়ে ৰাইজক ইঞ্চুৰেন্সৰ সুবিধা কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ আৰু কয় যে কংগ্ৰেছে ৬০ বছৰ অসমখন চলাই মেডিকেল কলেজ বনাইছিল ৬ খন, আমি অসম চলালো ৭ বছৰ ১০ মাহ৷ আমি মেডিকেল কলেজ বনালো ১৮ খন৷ স্বাস্থ্য নাথাকিলে একো নহয়, কংগ্ৰেছে এই কাম নকৰিলে৷ এই কাম আমি কৰিলো৷ মন্ত্ৰীগৰাকীয়ে অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি বিজেপি চৰকাৰে কৰাৰ কথাও উল্লেখ কৰে৷ তেওঁ ৰাইজক বহুমূলীয়া ভোটটি বিজেপিৰ পদুম ফুল ছবিত দিবলৈ আহ্বান জনায়৷


মন্ত্ৰীগৰাকীয়ে আজি নাজিৰা বিধানসভা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ দেওপানী গোঁহাইগাঁও ৰংগমঞ্চত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে৷ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে খটখটি গাঁও পঞ্চায়তৰ বেতনি চাপৰি ৰংগমঞ্চ, বৰবৰুৱা গাঁও পঞ্চায়তৰ ৰাজাপুল ৰংগমঞ্চ, বৰফুকন গাঁও পঞ্চায়তৰ ফুকন পুখুৰী ৰংগমঞ্চ, ফুলপানী বৰুৱা গাঁও পঞ্চায়তৰ ফুলপানী বৰুৱা ৰংগমঞ্চ, ৰহদৈ পুখুৰী গাঁও পঞ্চায়তৰ ৰহদৈ পুখুৰী ৰংগমঞ্চ আৰু চুকাফা গাঁও পঞ্চায়তৰ মথুৰাপুৰ বাগান খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷ কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷ দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ…

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷

কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷

দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ…

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷

কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷

দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

নগাঁও লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল শিখা শৰ্মাৰ…

নগাঁও লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল শিখা শৰ্মাৰ।

নগাঁও জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিলে মনোনয়ন।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল শিখা শৰ্মাৰ।

মনোনয়ন পত্ৰ দাখিল কৰি মন্তব্য শিখা শৰ্মাৰ।

প্ৰদ্যুত বৰদলৈৰ দুৰ্বল প্ৰাৰ্থী।

মই ৰাইজৰ হকে মাত মাতি জেল খাইছো।

ৰাইজে মোৰ প্ৰচাৰ চলাই আছে।

লাজৰ বাবে যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে…

যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে। যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন ৰোগ চিনাক্ত কৰি তৎকালীনভাৱে চিকিৎসা নল’লে শৰীৰৰ বিভিন্ন অংগলৈ এই ৰোগ বিয়পি পৰে আৰু ৰোগী মৃত্যু মুখতো পৰিব পাৰে। সমগ্ৰ বিশ্বতেই যৌন ৰোগ একে সমস্যাতো পৰিণত হৈছে। এই ৰোগ ২৫ টা বেলেগ বেলেগ প্ৰকাৰৰ সংক্ৰমণৰ দ্বাৰা হয়। ছিফিলিচ আৰু গণোৰিয়া ৰোগৰ আগতে মহিলাসকল অধিক আক্ৰান্ত হৈছিল। এন্টিবায়’টিক ঔষধৰ দ্বাৰা এতিয়া এই ৰোগক নিয়ন্ত্ৰিত কৰিব পৰা হৈছে।

উন্নত দেশসমূহত হোৱা যৌন ৰোগৰ ভিতৰত ক্লেমাইডিয়া, ননস্পেচিফিক, ইউৰেটাইটিচ, জেনাইটেল হাৰ্পিজ আৰু জেনাইটেল ৱাৰ্টচ আদিয়ে প্ৰধান। ১৯৬০ চনৰ পৰা ১৯৭০ দশকত যেতিয়া মহিলাসকলে গৰ্ভনিৰোধৰ বাবে কনডোমৰ ব্যৱহাৰ এৰি গৰ্ভনিৰোধক টেবলেট খোৱা আৰম্ভ কৰিছিল তেতিয়া এই ৰোগবিলাক সমগ্ৰ বিশ্বতে অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছিল। ক্লেমাইডিয়া আৰু জেনাইটেল হাৰ্পিজ ৰোগ ১৯৮০ ৰ পৰা ৯০ ৰ দশকত অতি মাত্ৰাত বিয়পি পৰিছিল। অনেক সময়ত ক্লেমাইডিয়া ৰোগ বন্ধ্যা আৰু নপুংসকতাৰ কাৰণো হয়গৈ। সেয়ে পশ্চিমীয়া উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰতি ছমাহৰ অন্তৰে অন্তৰে যৌন ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা কৰা হয়। পুৰণা যৌন ৰোগৰ দৰে এই ৰোগকেইটাৰ লক্ষণো সহজতে দেখা নিদিয়ে আৰু বহুত কম পৰিমাণেহে লক্ষণ পৰিলক্ষিত হয়।

অধিকাংশ যৌন ৰোগ সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰিলেহে হয়। ইয়াৰ বাদেও হেপাটাইটিচ ‘বি’ আৰু এইচ আই ভি আদি ৰোগ যৌন সম্পৰ্কৰ যোগেদি বিয়পে। ৰোগৰ সংক্ৰমণ কেৱল শাৰিৰীক সম্বন্ধ স্থাপন কৰিলেই নহয় সংক্ৰমিত ব্যক্তিৰ পৰা তেজ ল’লে, সংক্ৰমিত ছিৰিঞ্জ ব্যৱহাৰ কৰিলেও এনেবোৰ ৰোগ হয়। এনে ধৰণৰ ৰোগ গৰ্ভত থকা শিশুৰো হয়।

যদি আপুনি যৌন ৰোগত আক্ৰান্ত হৈছে বুলি অনুমান কৰিছে, তেন্তে পলম নকৰি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই সু-চিকিৎসা লওক। তেজ, মূত্ৰ পৰীক্ষা কৰিও ৰোগ ধৰা পেলোৱা হয়। প্ৰাৰম্ভিক অৱস্থাত এন্টিবায়টিক ঔষধৰ দ্বাৰাই এই ৰোগ ঠিক হৈ যায়, কিন্তু জেনাইটেল হাৰ্পিজৰ কোনো চিকিৎসা নাই। ঔষধৰ দ্বাৰা মাথো ইয়াক নিয়ন্ত্ৰতহে ৰাখিব পৰা যায়। আপুনি আপোনাৰ যৌন সংগীগৰাকীৰো পৰীক্ষা কৰাই ল’ব।

যৌন ৰোগৰ দ্বাৰা সংক্ৰমিত হ’লে লগে লগেই চিকিৎসা আৰম্ভ কৰি দিব লাগে। যৌন ৰোগত আক্ৰান্ত মহিলাৰ চিকিৎসা নকৰালে পেলভিক ক্ষেত্ৰতো ৰোগে ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। ৰোগ বিয়পোৱা বেক্টেৰিয়াই পেলভিক কেভিটি লৈকে প্ৰৱেশ কৰি ডিম্ববাহী নলী (ফেলোপিয়ন টিউব) পৰ্যন্ত ক্ষতি কৰে। এই নলী সংক্ৰমিত হ’লে নলী বন্ধ হৈ মহিলাগৰাকী বন্ধ্যা হ’ব পাৰে।

যৌন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে অচিনাকি সংগীৰ সৈতে যৌন সম্ভোগত ৰত নোহোৱাই উত্তম। কিন্তু এয়া সম্ভৱপৰ নহয়। কোন যুৱতী বা মহিলাৰ যৌন ৰোগ আছে, আপুনি ওপৰেদি চাই অনুমানেইস কৰিব নোৱাৰিব। অধিকাংশ মডেল, চলচিত্ৰাভিনেত্ৰী, মিল-ফেক্টৰীৰ বনুৱা, বনুৱা, কলগাৰ্ল, পতিতা, সুৰাসক্ত নাৰী-যুৱতী, ড্ৰাগছ লোৱা মহিলা-যুৱতীসকল এই ৰোগত অধিককৈ ভোগে আৰু অন্যৰ শৰীৰলৈকো এই ৰোগ বিয়পায়। চহৰত ধুন পেচ মাৰি ঘূৰি ফুৰা যুৱতীসকলক চাই প্ৰলোভিত নহ’ব। এনে যুৱতীসকলৰ অধিকাংশই ধনৰ লোভত শৰীৰ বিক্ৰী কৰি ফুৰে। যৌন সম্বন্ধ স্থাপন কৰাৰ পূৰ্বে কিছু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰিব।

অধিক মহিলা-যুৱতীৰ সৈতে সম্ভোগ নকৰিব। যৌন সংগীৰ নিৰ্বাচন চিন্তা কৰিহে কৰিব। সম্ভোগ কৰোতে কণ্ডোম ব্যৱহাৰ কৰিব। সম্ভোগৰ পিছত নিজ গুপাংগ ভালকৈ ধুই পৰিষ্কাৰ কৰি ল’ব। মুখ মৈথুন, বা গুহ্য দ্বাৰেৰে মৈথুন কৰিলে লগে লগেই পুৰুষাংগ ধুই এন্টিচেপটিক ক্ৰীম বা লোচন লগাব। কেইটামান যৌন ৰোগৰ সাধাৰণ লক্ষণ ক্লেমাইডিয়া

ইয়াৰ লক্ষণ হৈছে যোনিৰ পৰা স্ৰাৱ অধিক মাত্ৰাত নিৰ্গত হ’ব। প্ৰস্ৰাৱ ঘনাই হ’ব। তল পেটত বিষ অনুভৱ হ’ব। যৌন সম্ভোগৰ সময়ত বিষ হ’ব। গৰ্ভধাৰণত অসফলত আহিব। পুৰুষসকলৰ লিঙ্গেৰে স্ৰাৱ নিৰ্গত হ’ব। প্ৰস্ৰাৱ কৰোতে জ্বলন হ’ব। এন্টিবায়টিক টেবলেট সেৱন কৰিলেই এই ৰোগৰ পৰা নিস্তাৰ পোৱা যায়।

জেনাইটেল ৱাটৰ্চ

এই সংক্ৰমণৰ ফলত যৌনাংগত গুটি গুটিৰ নিচিনা হয়, এই বিলাকত কোনো বিষ নহয়, কিন্তু হঠাতে খজুৱতি হ’ব পাৰে। ই বিলাক পোডোফিলিন বা তৰল নাইট্ৰ’জন দি শুকুৱাব পাৰি। বহুতৰ এই শুকাই যোৱা গুটিবিলাক পুনৰ উদ্ভৱ হয়।

ছিফিলিচ

লিংগ, যোনি, ডিঙি, গুহ্য দ্বাৰত ঘা হয়। ছাল ফাটি ফাটি যায়। জ্বৰ, কাহ, মূৰৰ বিষ হয়। হাড় পৰ্যন্ত বিষায়, ভোক নালাগে, এলাহ লাগি থাকি। পেনিচিলিন বা অন্য এন্টিবায়টিক ঔষধেৰে এই ৰোগ নিৰাময় কৰিব পাৰি। ৰোগ অধিক বৃদ্ধি পাই গ’লে অংগৰ হানি হ’ব পাৰে, চিকিৎসাও অসম্ভৱ হৈ উঠিব পাৰে।

পিউবিক লাইচ

পৰজীৱি কীটাণুৰ দ্বাৰা এই ৰোগ হয়। যৌন সম্ভোগ কালত এই কীটাণু প্ৰৱেশ কৰে। খজুৱতি হয়, জাঙ্গিয়াত কলা পাউদাৰৰ দৰে এক পদাৰ্থ জমা হয়। গুপাংগত যৌন কেশ থাকিলে দুৰ্গন্ধ ওলায়। গুপাংগ ঔষধ যুক্ত চেম্পুৰে ধুব লাগে। জাংগিয়া, বেডছিট, টাবেল আদি গৰম পানীৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে।

জেনাইটেল হাৰ্পিজ

গুপাংগত খজুৱতি হয়, গুহ্য দ্বাৰ, যৌনাংগত পানী যুক্ত ফোঁহাৰ উদ্ভৱ হয়। জ্বৰ, কাহ, পিঠি আৰু মূৰৰ বিষ হয়। এন্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিলে সংক্ৰমণ কমে।

নন্‌স্পেছিফিক ইউৰেটাইটিচ

মূত্ৰ ত্যাগৰ সময়ত জ্বলন হয়। লিংগৰে বগা স্ৰাৱ নিৰ্গত হয়। বাৰম্বাৰ মূত্ৰ ত্যাগ কৰিব লগীয়া হয়। এন্টিবায়টিক টেবলেটৰ দ্বাৰা এই ৰোগ ঠিক হৈ যায়।

গণোৰিয়া

লিংগৰে বগা তৰল পদাৰ্থ নিৰ্গত হয়। মূত্ৰ ত্যাগ কৰোতে কষ্ট অনুভৱ হয়। গুহ্য দ্বাৰত যন্ত্ৰণা হয়। মহিলাৰ ক্ষেত্ৰতো একেই দশা। এন্টিবায়টিক ঔষধেৰেই এই ৰোগক নিয়ন্ত্ৰণলৈ আনিব পাৰি।

লিখক: এম এ ছাত্তাৰ

পাগলাহাট আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ…

পাগলাহাট আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ । আৰক্ষীৰ কটকটীয়া নিৰাপত্তাকো ভয় ন কৰে একাংশ গো সৰবৰাহকাৰীয়ে ।ৰাতিপুৱা পাগলাহাট আৰক্ষী এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চাৰিটাকৈ চোৰাং গৰু আৰু এখন ব্লৰো পিকাপ ভেন As17 C

4633 আৰু এখন চাৰিচকীয়া বাহন As 26D 9345 বাহনৰ লগত তিনিজন মানুহ আটক কৰিবলৈ সক্ষম হয় ।
ক্ৰমে মহিবুল হক ঘৰ গোলকগঞ্জ আৰু আছমত আলী ঘৰ পানবাৰী আৰু আলাউদ্দিন সেখ ঘৰ জ্বালানি আলগা বুলি জানিৱ পৰা গৈছে।

ৰাইজে অসম চৰকাৰক দাবী উত্থাপন কৰে এই তিনিজনৰ উপৰত কঠোৰৰ পৰা কঠোৰতম সাস্তি বিচাৰে।

প্ৰথম বিয়া ভাঙিল, দ্বিতীয় স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হ’ল; মাক-দেউতাক নোহোৱা ছোৱালীজনীয়ে জীৱনত বহুত কষ্টৰ সন্মুখীন হ’ল…

টিভিৰ নাটক ৰাণী হিচাপে বিখ্যাত এইগৰাকী অভিনেত্ৰীৰ মুখত সদায় হাঁহি দেখে যদিও তেওঁৰ বাস্তৱ জীৱনটো অতি বেদনাদায়ক। পিতৃ-মাতৃবিহীন এই কন্যাৰ কাহিনীয়ে আপোনাক কান্দিবলৈ বাধ্য কৰাব। মনোৰঞ্জন জগতৰ বহু তাৰকাই বাস্তৱ জীৱনত যথেষ্ট কষ্ট ভোগ কৰিছে। আজি আমি আপোনালোকক ক’ম এনে এগৰাকী অভিনেত্ৰীৰ কাহিনী যিয়ে নিজাববীয়াকৈ উদ্যোগটোত নিজৰ নাম উজলাইছিল। অৱশ্যে তেওঁৰ যাত্ৰা সংগ্ৰামেৰে ভৰা আছিল। একে সময়তে এইগৰাকী অভিনেত্ৰীৰ ব্যক্তিগত জীৱনতো কাঁইটেৰে ভৰি পৰিছে।

এইগৰাকী অভিনেত্ৰী আন কোনো নহয়, তেওঁ হৈছে ৰাখী সাৱন্ত। ৰাখীৰ প্ৰকৃত নাম নীৰু ভেদা যদিও বলীউডত প্ৰৱেশ কৰাৰ সময়ত ৰাখীৰ নাম সলনি কৰি ৰাখী সাৱন্ত কৰিছিল। ৰাখীয়ে জীৱনত বহুত সংগ্ৰাম কৰিছে। তেওঁৰ শৈশৱ অতি দৰিদ্ৰতাৰে পাৰ কৰিছিল।

২০০৭ চনত ৰাখীয়ে এখন আলোচনীত সাক্ষাৎকাৰ দিছিল য’ত তেওঁ অতি দৰিদ্ৰ পৰিয়ালৰ বুলি প্ৰকাশ কৰিছিল। ১০-১১ বছৰ বয়সত ৫০ টকাত টিনা আম্বানীৰ বিয়াত ওৱেটাৰ হিচাপেও কাম কৰিছিল। ৰাখীৰ পৰিয়ালটো চাউলত বাস কৰিছিল আৰু দিনটোত দুবাৰকৈও আহাৰ পোৱাটো কঠিন আছিল তেওঁলোকৰ। ৰাখীয়ে নিজেই এক শ্ব’ত প্ৰকাশ কৰিছিল যে বহু সময়ত তেওঁ আনে দিয়া খাদ্যৰেই জীৱন নিৰ্বাহ কৰিছিল। ৰাখীয়ে কৈছিল বহুবাৰ যেতিয়া তেওঁৰ ওচৰ-চুবুৰীয়াই খাদ্য পেলাই দিছিল তেতিয়া তেওঁ সেইখিনি তুলি লৈ ঘৰলৈ আনি খাইছিল। ৰাখীৰ কেৰিয়াৰৰ কথা কওঁতে ১৯৯৭ চনৰ ‘অগ্নিচক্ৰ’ ছবিত অভিষেক ঘটায়। কিন্তু স্বীকৃতি নাপালে আৰু ছবিত সৰু সৰু চৰিত্ৰ বা আইটেম গীত কৰি থাকিল। তাৰ পিছত ৰাখীয়ে মিউজিক ভিডিঅ’ পাৰ্দেশিয়া কৰিছিল আৰু ৰাতিটোৰ ভিতৰতে ৰাখী জনপ্ৰিয় হৈ পৰিছিল। আনহাতে ছলমান খানৰ বিতৰ্কিত শ্ব’ ‘বিগ বছ’ৰ পৰাও ৰাখীয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে। এই শ্ব’টোৰ পৰা ইমানেই খ্যাতি লাভ কৰিছিল যে বিগ বছৰ বহু ছিজনত অভিনয় কৰিছিল। ৰাখী সাৱন্তে পেছাদাৰী জীৱনত সফল হৈ উদ্যোগটোত নিজৰ নাম উজলাইছিল যদিও ব্যক্তিগত জীৱন অতি বেদনাদায়ক আছিল। ৰাখীয়ে ব্যৱসায়ী ৰিতেশৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি দাবী কৰিছিল। দুয়োকে বিগ বছতো দেখা গৈছিল। অৱশ্যে কেইমাহমানৰ পিছত ৰাখী আৰু ৰিতেশৰ বিবাহ বিচ্ছেদ হয়। এই সময়তে ৰাখী সাৱন্তৰ মাতৃৰ মৃত্যু হয়। কিছুদিনৰ পাছত ৰাখী আৰু আদিলৰ সম্পৰ্কত বিসংগতি আৰম্ভ হ’ল। পিছত ৰাখীয়ে আদিলৰ বিৰুদ্ধে আক্ৰমণৰ পৰা আৰম্ভ কৰি বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ কাৰণে আদিলও জেললৈ যাবলগীয়া হ’ল।
ৰাখী আৰু আদিলৰ সম্পৰ্কও ঠিক নহ’ল আৰু ৰাখীয়ে এতিয়া আকৌ এবাৰ অকলশৰীয়াকৈ থাকিবলৈ লৈছে। ইফালে আদিলে শেহতীয়াকৈ জয়পুৰত বিগ বছ ১২ৰ খ্যাতিসম্পন্ন ছমী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

কফিয়ে পুৰুষৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে, কিমান পৰিমাণৰ খোৱা উচিত জানেনে…

কফিত কেফেইন পোৱা যায়। কফি অধিক পৰিমাণে খালে শৰীৰৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। অত্যধিক কফি হৃদযন্ত্ৰ আৰু পেটৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। এনে পৰিস্থিতিত দৈনিক দুকাপতকৈ বেছি কফি খাব নালাগে। বৰ্তমান কফি যুৱক-যুৱতীসকলৰ প্ৰথম পছন্দ হৈ পৰিছে। মানসিকভাৱে নিজকে সুস্থ কৰি ৰাখিবলৈ বহুতেই দিনটোত কেইবাকাপ কফি খাই আছে। কফিৰ সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যদি কফি সঠিক পৰিমাণত গ্ৰহণ কৰা হয় তেন্তে ই উপকাৰী হ’ব পাৰে কিন্তু যদি ইয়াৰ পৰিমাণ অত্যধিক হয় তেন্তে ই ক্ষতিকাৰকও হ’ব পাৰে। তেওঁলোকৰ মতে দৈনিক ২ কাপতকৈ অধিক কফি খালে বহু গুৰুতৰ ৰোগ হ’ব পাৰে। পুৰুষৰ বাবে কফি অধিক বিপদজনক। অত্যধিক কফি খালে কি কি বিপদ হ’ব পাৰে জানো আহক-

অত্যধিক কফি খোৱাৰ ৫ টা পাৰ্শ্বক্ৰিয়া-

১/ বৃক্কৰ ক্ষতি
কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে বেছিকৈ কফি খালে সঘনাই প্ৰস্ৰাৱ হ’ব পাৰে। আচলতে কেফেইন হৈছে প্ৰস্ৰাৱৰ ঔষধ, যিয়ে শৰীৰৰ পৰা অতিৰিক্ত উপাদান আঁতৰাই পেলায়। এনে পৰিস্থিতিত যেতিয়া কফিৰ পৰিমাণ বেছি হয় তেতিয়া বৃক্কৰ সমস্যা বৃদ্ধি পাব পাৰে।

২) কলেষ্টেৰল বৃদ্ধি পায়
অত্যধিক কফি খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে। বেয়া কলেষ্টেৰল অৰ্থাৎ কম ঘনত্বৰ লিপ’প্ৰটিনে গুৰুতৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ ভিতৰত হাৰ্ট এটেক, ষ্ট্ৰোক আদি বিপজ্জনক ৰোগ।

৩/ টোপনিৰ অভাৱ
চিকিৎসাৰ খবৰ অনুসৰি কফি বেছিকৈ খালে টোপনিৰ সমস্যা হ’ব পাৰে। আচলতে কফিত অত্যধিক কেফেইন পোৱা যায়, যাৰ ফলত টোপনিৰ অভাৱ হ’ব পাৰে।

৪/ উচ্চ ৰক্তচাপ
কফিত থকা কেফেইনৰ বাবে কপি খালে ৰক্তচাপ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ সমস্যা হব পাৰে। সেয়েহে ইয়াক অতিৰিক্তভাৱে খাব নালাগে। কফি খালে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি পাব পাৰে।

৫) হজম শক্তিৰ সমস্যা
বেছিকৈ কফি খোৱাটো পেটৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। ইয়াৰ ফলত এচিডিটি, এচিড গঠন আৰু পেটৰ বহু সমস্যা হ’ব পাৰে। কফি খালে বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰাখে, কিন্তু অত্যধিক পৰিমাণৰ কফি খালে ডায়েৰিয়াৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।