Home Blog Page 929

গ্ৰীষ্মকালত ঘামৰ দুৰ্গন্ধ দূৰ কৰা এই টিপছ সমূহ জানি লওক…

ঘামৰ গোন্ধে কেতিয়াবা মানুহক লাজত পেলাই। বহুতে ইয়াৰ বাবে অসুবিধা পায় আৰু বিভিন্ন ধৰণৰ ডিঅ’ডৰেণ্ট আৰু দামী বস্তু প্ৰয়োগ কৰে যদিও তথাপিও তেওঁলোকে এই সমস্যাৰ পৰা কোনো সকাহ নাপায়। আমি যি বস্তু প্ৰয়োগ কৰো, সেইবোৰ কম সময়ৰ বাবেহে থাকে। গ্ৰীষ্মকালত ঘামৰ দুৰ্গন্ধ দূৰ কৰা এই টিপছ সমূহ জানি লওঁ আহক…

যদি আপুনি ঘামৰ দুৰ্গন্ধৰ পৰা মুক্তি পাব বিচাৰে তেন্তে নিম পানীৰে গা ধুব লাগে। বেয়া গোন্ধ দূৰ কৰে আৰু লগতে বেক্টেৰিয়াও নাইকিয়া কৰে।


ঘামৰ গোন্ধ আঁতৰাবলৈ ঘৰত ৰখা কিছুমান বস্তুও ব্যৱহাৰ কৰিব পাৰে। নেমুৰ ৰসৰ লগত বেকিং চোডা মিহলাই বাহুৰ তলত লগাব লাগে, ইয়াৰ ফলত বেয়া গোন্ধৰ পৰা মুক্তি পাব পাৰে। এইবোৰ বস্তু এবাৰ ব্যৱহাৰ কৰিলে আপুনি নিজেই ফলাফল দেখিব।


যদি আপোনাৰ ঘামৰ পৰা বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰে, তেন্তে আপুনি বেচনৰ পেষ্ট লগাব পাৰে। বেচনৰ সৈতে দৈ মিহলাই লগালে এই সকলোবোৰ বস্তুৰ পৰা পৰিত্ৰাণ পাব পাৰি। প্ৰয়োগ কৰাৰ পিছত ঠাণ্ডা পানীৰে গা ধুব লাগে। দৈনিক গা ধুব লাগে। গা ধোৱা নকৰিলেও ঘামৰ প্ৰচণ্ড গোন্ধ ওলায়।


গা ধোৱাৰ সময়ত শ্বাৱাৰ জেল আৰু বডি শ্বেম্পু ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাবে আপোনাৰ শৰীৰত ঘামৰ গোন্ধ একেবাৰেই নাথাকে। পানীত গোলাপ পানী দিও গা ধুব পাৰে। বেয়া গোন্ধৰ পৰা মুক্তি পাব পাৰি। এনে কৰিলে শৰীৰৰ গোন্ধ ভাল হয় আৰু লগতে সতেজ অনুভৱ হয়।


ঘামৰ গোন্ধ আঁতৰাবলৈ পদিনা পাত পিহি গা ধোৱা পানীত দি তাৰ লগত গা ধুব লাগে। এই পানীৰে গা ধুলে শৰীৰৰ দুৰ্গন্ধ ক্ষন্তেকতে আঁতৰাব পাৰি।


২০ কোটি টকীয়া ডাইমণ্ডৰ নেকলেচ পিন্ধিলে অভিনেত্ৰী আলিয়া ভাটে, এই দামী উপহাৰ কোনে দিলে আলিয়াক…

আলিয়া ভাট ডাইমণ্ড নেকেলেচঃ লণ্ডনত অনুষ্ঠিত হোৱা হোপ গালা অনুষ্ঠানত অংশ লৈছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীক বিভিন্ন ৰূপত দেখা যায়। হোপ গালাত আলিয়াই গাউন আৰু নেকেলেচ পিন্ধি অতি আকৰ্ষণীয় ৰূপ দেখুৱাইছিল। অভিনেত্ৰীগৰাকীৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে সকলোৰে চকু পৰিল তাইৰ নেকেলেচত। এই হাৰডালৰ দাম কোটি টকা।


বুলগাৰী ব্ৰেণ্ডৰ নেকেলেচ আৰু আঙঠি পিন্ধে অভিনেত্ৰীগৰাকীয়ে। অফিচিয়েল ৱেবছাইটৰ মতে, অভিনেত্ৰীগৰাকীৰ নেকেলেচৰ দাম ২০ কোটি টকা।

আপোনালোকক কওঁ যে আলিয়া ভাটৰ ছবি এক্সত ট্ৰেণ্ডিঙত আছে। পোছাকৰ লগতে হোপ গালা অনুষ্ঠানৰ সময়ত শাৰীও পিন্ধিছিল।


নৱম বৰ্ষ অতিক্ৰম কৰি দশম বৰ্ষত ভৰি দিলে ৰাজধানীত অৱস্থিত দিছপুৰ প্ৰেছ ক্লাবে

অসমৰ ৰাজধানীত অৱস্থিত দিছপুৰ প্ৰেছ ক্লাবে ২৯ মাৰ্চ ২০২৪ তাৰিখে নৱম বৰ্ষ অতিক্ৰম কৰি দশম বৰ্ষত ভৰি দিলে। প্ৰেছ ক্লাবৰ এই নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতো দিছপুৰ লাষ্ট গেট স্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়৷


উক্ত অনুষ্ঠানতে সাহিত্য -সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫০ জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

অনুষ্ঠানটিত দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াক জনোৱা হয় সম্বৰ্ধনা। উক্ত অনুষ্ঠানটিতে DB NEWSৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতাকো জনোৱা হয় সম্বৰ্ধনা।

জন্মভূমি গুৱাহাটীত খেলাৰ বাবে আগ্ৰহী ৰিয়ান পৰাগ, কঠোৰ অনুশীলনেই সফলতাৰ কাৰণ বুলি ক’লে অসম সন্তানে…

জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত বৃহস্পতিবাৰৰ সন্ধিয়াটোত তেতিয়াই এটা মুক্তিৰ কাহিনী লিখা হৈছিল যেতিয়া ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ত ছিজনৰ দ্বিতীয়খন মেচ ক্ৰমাগত জয় অৰ্জন কৰাত নায়কৰ ভূমিকা লৈছিল৷ গুৱাহাটীৰ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে এই ষ্টেডিয়ামতে প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে ছিজনৰ আৰম্ভনি কৰোৱাত অন্যতম ভূমিকা লৈছিল৷ প্ৰথম দুখন মেচতে হীৰা দৰে চমকিত হোৱা অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানে ছিজনৰ ভাল আৰম্ভণি উপভোগ কৰাৰ লগতে নিজৰ ধাৰাবাহিকতা গভীৰলৈ লৈ গৈ ছিজনৰ অন্তিম মেচখনলৈ বেটিং বিক্ৰম অক্ষয় বন্তীৰ দৰে উজ্বলি ৰখাৰ আশা কৰিছে৷ কাৰণ ৰাজস্থান ৰয়েলছে লীগৰ অন্তিম দুখন মেচ খেলিবলৈ উভতি আহিব ৰিয়ানৰ জন্মভূমি তথা দলটোৰো দ্বিতীয় গৃহ চহৰ গুৱাহাটীলৈ৷

বৃহস্পতিবাৰে ৰাজকীয় ইনিংছৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিয়ানে কয়, ‘এতিয়ালৈকে ছিজনৰ আৰম্ভণি আশা কৰাৰ দৰেই হৈছে আৰু আগলৈও এই ফৰ্ম অব্যাহত ৰখাৰ আশা কৰিছো৷ আমি এই ছিজনত পুনৰ গুৱাহাটীলৈ খেলিব যাব৷ স্বাভাৱিকতে মই উৎসাহিত৷ যোৱা বছৰ গুৱাহাটীত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলাটো নিশ্চিতভাৱে মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল৷ এইবাৰো আশা কৰিছো আমি উত্তৰ-পূবৰ ৰয়েলছৰ অনুৰাগীসকলক ভাল খেলৰ লগতে দলৰ জয়ৰ সাক্ষী হোৱাৰ আন এক সুযোগ প্ৰদান কৰিব পাৰিম৷’

উল্লেখ্য যে মাত্ৰ ২২ বছৰ বয়সতে আই পি এলৰ ষষ্ঠ ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ অভিষেক কৰা ৰিয়ানে পেছাদাৰী খেলুৱৈ হিচাপে ইতিবাচক-নেতিবাচক অভিজ্ঞতা লাভ কৰিছে আৰু বৃহস্পতিবাৰে সন্ধিয়া খেলা আই পি এলৰ অন্যতম শ্ৰেষ্ঠ এটা ইনিংছ খেলি যুৱ তাৰকাক সকাহ পোৱা যেন পৰিলক্ষিত হৈছে৷ ‘এয়া কঠিন সন্ধিক্ষন আৰু মই বৰ্তমান অলপ আৱেগিক হৈছো৷ মই নিজকে এটা পৰ্যায়লৈ অনাৰ বাবে বহুখিনি কাম কৰিছো৷ বিশেষকৈ মই বহুত অনুশীলন কৰিছো আৰু মই ভাবো এয়া তাৰেই কষ্টৰ ফল এতিয়া পাইছো৷’ ৰিয়ানে লগতে ব্যক্ত কৰে৷

বিগত ছটা ছিজনত বিশেষকৈ যোৱা দুবছৰত ৰিয়ানে যি কঠোৰ পৰিশ্ৰম কৰিছে সেই বিষয়ে উল্লেখ কৰি কয়, ‘মই ভাবো যে এই সফলতা আৰু ধাৰাবাহিকতা বহুত অনুশীলনৰ ফল৷ যোৱা ছিজন সমাপ্ত হোৱাৰ পিছৰে পৰাই মই বহুত অনুশীলন কৰিছো৷ যেতিয়া খেলি আছিলো মই সন্মুখীন হোৱা বলাৰজনৰ কথা মুঠেও ভবা নাই৷ কিন্তু তেওঁ বলিং কৰা বলটোৰ ওপৰত মোৰ তীক্ষ্ণ দৃষ্টি আছিল৷ মই তেনেকুৱা বলবোৰৰ বিৰুদ্ধে বহুত অনুশীলন কৰিছিলো যাৰবাবে শ্বট খেলাত কোনো অসুবিধা হোৱা নাছিল৷’

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইও কালি ৰিয়ানৰ মেচ বিজয়ী ইনিংছৰ বিষয়ে সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল, ভাল খেলিলা ৰিয়ান৷ আপোনাৰ চমৎকাৰ ইনিংছটোৱে দলটোক এই মেচত জয়ী কৰাত সহায় কৰিলে৷ আপোনাৰ ঘৰুৱা খেলপথাৰ গুৱাহাটীয়ে এই ছিজনৰ শেষৰ ফালে আপোনাৰ প্ৰদৰ্শনৰ বাবে অপেক্ষা কৰি আছে৷’ ইফালে, উৎসাহিত ৰিয়ানে মুখ্যমন্ত্ৰীক উত্তৰ দি কৈছিল ‘ধন্যবাদ মহাশয়, ময়ো ঘৰত আহি খেলিবলৈ আগ্ৰহী হৈ আছো৷’ উল্লেখ্য যে ক্ৰমাগত দুখন মেচ ঘৰত খেলি উভয় মেচতে জয়লাভ কৰা ৰাজস্থান ৰয়েলছে চলিত আই পি এল তৃতীয়খন মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে আৰু শনিবাৰে দলটো মুম্বাইলৈ যাত্ৰা কৰিব৷ পহিলা এপ্ৰিলত ৱাংখেড়েত এই মেচখন অনুষ্ঠিত হ’ব৷

প্ৰতিদিনে পুৱা নিমৰ পাত চোবাই খোৱাৰ আৰম্ভ কৰক, শৰীৰৰ পৰা দূৰ হ’ব বহু ৰোগ…

আজি আমি আপোনালোকক ক’ম নিম পাত চোবাই খোৱাৰ উপকাৰিতাৰ বিষয়ে।নিমৰ পাত অতি তিতা আৰু প্ৰতিজন ব্যক্তিয়ে চোবাই খাবলৈ সক্ষম নহয়,কিন্তু নিম পাতত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। প্ৰতিদিনে পুৱা খালী পেটত নিমপাত চোবাই খালে বহু উপকাৰ পোৱা যায়। নিমপাত চোবাই খালে মুখৰ পিম্পলবোৰ পৰিষ্কাৰ হ’বলৈ আৰম্ভ কৰে।


খালী পেটত নিমৰ পাত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায়। শৰীৰটো একেবাৰে ফিট কৰি ৰাখিবলৈ নিম পাত দৈনিক চোবাই খাব লাগিব। কোষ্ঠকাঠিন্যত আক্ৰান্ত লোকৰ বাবে ই অতি উপকাৰী। পেটৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক খাব লাগিব নিমপাত।


নিমৰ অগণন উপকাৰিতাৰ কথা বিবেচনা কৰি দৈনিক খোৱা উচিত। মানুহে নিম বহু ভিন্ন কামত ব্যৱহাৰ কৰে আৰু যদি আপুনিও নিমপাত খাই তেন্তে আপোনাৰ বহুতো আচৰিত উপকাৰ দেখিবলৈ পাব। হজম শক্তি উন্নত কৰাৰ বাবে নিমপাত অতি উপকাৰী বুলি গণ্য কৰা হয়।


চকুৰ দৃষ্টিশক্তি ভাল ৰখাটোও অতি প্ৰয়োজনীয়। কাহ আৰু পিয়াহ দূৰ কৰি সকাহ দিয়াত ই অতি সহায়ক বুলি প্ৰমাণিত হয়। দৈনিক ৪-৫ টা পাত চোবাই খাব লাগে। ডায়েবেটিছ ৰোগীৰ বাবে নিমপাত অতি গুৰুত্বপূৰ্ণ।


হুকা বাৰৰ গোচৰত আটক হোৱাৰ পিছত ছলমান খানৰ ভতিজাকৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা পোৱা গ’ল মুনাৱাৰ ফাৰুকীক…

‘বিগ বছ ১৭’ৰ বিজয়ী মুনাৱাৰ ফাৰুকীক ছলমান খানৰ ভতিজা আৰহান খানৰ সৈতে ‘পাটনা শুক্লা’ৰ প্ৰদৰ্শনীত দেখা গ’ল। হুকা বাৰৰ গোচৰত আটক হৈ মুকলি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত হাজিৰ হ’ল মুনাৱাৰ ফাৰুকী।



মুক্তিৰ এদিন পিছতে মুনাৱাৰ ফাৰুকীয়ে আৰবাজ খানৰ ক’ৰ্ট ৰুমৰ নাটক ‘পাটনা শুক্লা’ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে, য’ত তেওঁ ছলমান খানৰ ভতিজা আৰহান খানৰ সৈতে ৰেড কাৰ্পেটত পোজ দিছিল। এই সময়ত মুনাৱাৰ ফাৰুকীক ষ্টাইলত দেখা গৈছিল। ক’লা ৰঙৰ চাৰ্ট আৰু মেচিং পেণ্ট পিন্ধিছিল।


‘পাটনা শুক্লা’ৰ প্ৰদৰ্শনৰ ৰেড কাৰ্পেটত পাপাৰাজীয়ে মুনাৱাৰ ফাৰুকীক এলভিছ যাদৱৰ টুইচৰ বিষয়ে সুধিছিল। যাৰ উত্তৰত ষ্টেণ্ড আপ কমেডিয়ানজনে বুঢ়া আঙুলি দেখুৱাই দিলে। দৰাচলতে মুনাৱাৰ ফাৰুকিক আটক কৰাৰ পিছত এলভিছে টুইট কৰিছিল, ‘বিগ বছ জয় কৰাৰ পিছত সকলোৰে বেয়া সময় আৰম্ভ হয় নেকি?’


কওঁ যে ‘বিগ বছ অ’টিটি’ৰ বিজয়ী এলভিছ যাদৱকো সাপৰ বিষৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। এসপ্তাহ কাৰাগাৰত থকাৰ পিছত জামিনত মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ পিছতে মুনাৱাৰ ফাৰুকীক আটক কৰা ঘটনাই উদ্যোগটোত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল



এই অভিযান সংঘটিত হৈছিল মুম্বাইৰ বৰা বজাৰত। অভিযানৰ সময়ত আৰক্ষীয়ে ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকি আৰু অন্যান্য লোকক হুকা খোৱা অৱস্থাত আটক কৰিছিল।

‘বিগ বছ ১৭’ৰ প্ৰতিযোগী অনুৰাগ ড’ভালে মাতৃৰ নামত ক্ৰয় কৰলে মাটি…

‘বিগ বছ ১৭’ৰ প্ৰতিযোগী অনুৰাগ ডোভালে শেহতীয়াকৈ অনুৰাগীৰ সৈতে এক খবৰ শ্বেয়াৰ কৰিছে। অনুৰাগ ডোভালে মাতৃৰ নামত এটা ঘৰ পঞ্জীয়ন কৰিছে। ইউটিউবাৰজনে গৌৰৱেৰে ক’লে যে এয়া তেওঁৰ প্ৰথম সম্পত্তি। অনুৰাগে নিজৰ vlog ত অনুৰাগীৰ সৈতে নিজৰ সুখৰ কথা ভাগ কৰিছিল। অনুৰাগ ডোভালে যেতিয়া মাকক এই খবৰ দিলে, মাতৃৰ আনন্দত চকুপানী ওলাই আহিল। অনুৰাগে আগৰ ভিল’গত নিজৰ নতুন মাটিৰ কাগজ দৰ্শকক দেখুৱাইছিল যদিও তেতিয়া সেই কথা প্ৰকাশ কৰা নাছিল। তেওঁ প্ৰথমে ইয়াক চূড়ান্ত কৰিব বিচাৰিছিল আৰু তাৰ পিছত এই সুখ অনুৰাগীৰ সৈতে ভাগ কৰিব বিচাৰিছিল। তেওঁ ডেৰাডুনত মাটি কিনিছে কাৰণ তাত ঘৰ সাজিবলৈ তেওঁৰ সপোন আছিল।


নিজৰ অভিজ্ঞতা ব্যক্ত কৰি অনুৰাগ ডোভালে কয়, ‘আজিলৈকে বহু বাহন কিনিছো, বাইক কিনিছো, গাড়ী কিনিছো, চুপাৰ গাড়ী কিনিছো, এতিয়া অলপ মাটি কিনিছো য’ত ঘৰ নিৰ্মাণ কৰিব লাগিব। আপোনালোকক কওঁ যে অনুৰাগ ডোভালে তেওঁৰ vlog ত আৰু কৈছে, “এই যুগত মানুহে নিজৰ সকলো সপোন পূৰণ কৰিব লাগিব।” কিন্তু এই সময়ত আপুনিও বিনিয়োগ কৰিব লাগিব। আপোনাৰ ভৱিষ্যত জীৱনৰ বাবে। কাৰণ এইটোৱেই একমাত্ৰ সময় যিয়ে আপোনাৰ ভৱিষ্যতক সুস্থিৰ কৰি তোলে। গতিকে এয়া সকলোলৈ অনুৰোধ।

আপোনালোকক কওঁ যে কিছুদিন পূৰ্বে ছলমান খানে আয়োজন কৰা ‘বিগ বছ ১৭’ৰ ৰিয়েলিটি শ্ব’ৰ অংশ আছিল অনুৰাগ ড’ভাল।

কাণৰ বিষঃ ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা কাণৰ বিষৰ পৰা সকাহ পাব পাৰি…

যদিও কাণৰ বিষ বৰ গুৰুতৰ ৰোগ নহয়, তথাপিও এই বিষ যথেষ্ট কষ্টদায়ক, এনে পৰিস্থিতিত এই সমস্যাৰ পৰা নিজকে ৰক্ষা কৰা আৰু বিষ বাঢ়িলে প্ৰয়োজনীয় ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সাধাৰণতে ঠাণ্ডা বা কোনো সংক্ৰমণৰ বাবে কাণৰ বিষ হয়, এনে পৰিস্থিতিত অতি সোনকালে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ, কিন্তু ওচৰত চিকিৎসক নাথাকিলে ঘৰতে কিছু ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

কাণৰ বিষৰ প্ৰকৃত কাৰণ হৈছে-

-চৰ্দি আৰু কাহ দীৰ্ঘদিন ধৰি থাকিলে কাণৰ বিষ হব পাৰে।
-সাঁতোৰ বা গা ধোৱাৰ বাবে কাণত পানী সোমাই যায় যাৰ ফলত বিষ হয়।
-মাজে মাজে কাণ পৰিষ্কাৰ কৰাটো জৰুৰী, নহ’লে বেছি হ’লে বিষ হয়।
-শিশুৰ কাণৰ বিষৰ সাধাৰণ কাৰণ হ’ল অটিটিছ মিডিয়া, যিটো সংক্ৰমণৰ ফলত হয়।
-দাঁতত বেক্টেৰিয়াৰ সংক্ৰমণ হ’লেও কাণৰ বিষ হ’ব পাৰে।

-কাণত পিম্পল থাকিলে বিষ হব পাৰে।
-বিমান অৱতৰণ বা উৰণৰ সময়ত বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তনৰ বাবেও কাণৰ বিষ হয়।
-চাইনাছৰ সংক্ৰমণৰ বাবেও কাণৰ বিষৰ সমস্যাৰ সৃষ্টি হয়।

কাণৰ বিষ ৰোধ কৰিবলৈ টিপচ্-


-কাণৰ বিষৰ পৰা হাত সাৰিবলৈ ঠাণ্ডা বস্তুৰ পৰা আঁতৰি থাকিব লাগে।
-গা ধোৱাৰ সময়ত সাৱধান হওক আৰু কাণত পানী সোমাবলৈ নিদিব।
-জোৰকৈ গান বা অন্যান্য শব্দ শুনা পৰিহাৰ কৰক।
-জাংক ফুড খোৱাৰ অভ্যাস এৰি দিয়া ভাল।
-কোনো বিপদজনক বস্তুৰে কাণ পৰিষ্কাৰ কৰিবলৈ চেষ্টা নকৰিব।

কাণৰ বিষৰ ঘৰুৱা উপায় কেনেকৈ কৰিব-

সৰিয়হৰ তেলত ২-২ টা মিহিকৈ কটা নহৰু গৰম কৰি তাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত পিছত ২ৰ পৰা ৩ টোপাল কাণত দিলে সকাহ পাব।

এচামুচ পিঁয়াজৰ ৰস লাহে লাহে গৰম কৰি ২ৰ পৰা ৩ টোপাল কাণত দিব, ইয়াৰ দ্বাৰা সকাহ পাব। এই পদ্ধতি দিনে ৩ বাৰ পুনৰাবৃত্তি কৰক।

তুলসী পাতৰ সতেজ ৰস কাণত দিলে কাণৰ বিষ ১-২ দিনৰ ভিতৰত নাইকিয়া হয়।


নিম পাতৰ ৰস উলিয়াই ২ৰ পৰা ৩ টোপাল কাণত দিব, ইয়াৰ ফলত কাণৰ বিষ আৰু সংক্ৰমণৰ পৰা উপশম পাব।

আদাৰ ৰস উলিয়াই ২ৰ পৰা ৩ টোপাল কাণত দিব। ইয়াৰ বাহিৰেও আদা পিহি অলিভ অইলৰ লগত মিহলাই ফিল্টাৰ কৰি ২-৩ টোপাল কাণত দিব।

দুদিনৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প! ক’ত, ক’ত বন্ধ থাকিব পাম্প…

📌দুদিন ধৰি বন্ধ থাকিব পেট্ৰ’ল পাম্প।

📌৩০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প।

📌কামৰূপ, কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলাত ৩০ মাৰ্চৰ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱা ৫ বজালৈ বন্ধ থাকিব পাম্পসমূহ৷

📌বহুকেইটা দাবীৰে পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা কৰিছে নৰ্থ ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচনে।

বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ: এআই, জলবায়ু পৰিৱৰ্তন আৰু মহিলা সবলীকৰণৰ ওপৰত মত বিনিময়…

মানুহক সঠিকভাৱে প্ৰশিক্ষণ নিদিলে এআইৰ অপব্যৱহাৰ হ’ব পাৰে।’ বিল গেটছক এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুক্তভাৱে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছক এআইৰ সৈতে জড়িত সুবিধা আৰু বিপদৰ বিষয়ে কয় আৰু কয় যে যদিহে মানুহক সঠিকভাৱে প্ৰশিক্ষণ দিয়া নহয় তেন্তে তেওঁলোকে এই প্ৰযুক্তিৰ অপব্যৱহাৰ কৰিব পাৰে।

ডিপফেকৰ বিৰুদ্ধে যুঁজিবলৈ এআই-জেনেৰেটেড কন্টেন্ট ৱাটাৰমাৰ্কিং কৰাৰ পৰামৰ্শ দিছে পিএম মোদীয়ে
তেওঁ এআই উপকাৰী বুলি কয় যদিও প্ৰযুক্তি ‘এলেহুৱা’ বা ‘যাদুকৰী আহিলা’ হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছক কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)ৰ লগত জড়িত বিপদৰ বিষয়ে জনাই কয় যে যদিহে উপযুক্ত প্ৰশিক্ষণ দিয়া নহয় তেন্তে মানুহে এই প্ৰযুক্তিৰ অপব্যৱহাৰ কৰিব পাৰে। তেওঁ লগতে কয় যে যদি মানুহে এআইক যাদুকৰী আহিলা হিচাপে ব্যৱহাৰ কৰে তেন্তে ইয়াৰ ফলত “গুৰুতৰ অন্যায়” হ’ব।

কথোপকথনত গ্ৰাম্য মহিলাসকলৰ জীৱিকা বৃদ্ধিৰ বাবে নিৰ্দিষ্ট কৌশলৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হয়, বিশেষকৈ কৃষি আৰু উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই খণ্ডসমূহত সফল হ’বলৈ মহিলাসকলক প্ৰয়োজনীয় দক্ষতা আৰু সম্পদেৰে সজ্জিত কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰে। তেওঁ বিত্তীয় সেৱা আৰু বজাৰৰ সুযোগৰ সুবিধাৰ ক্ষেত্ৰত লিংগ ব্যৱধান দূৰ কৰিবলৈ প্ৰযুক্তিৰ সহায় লোৱাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।