Home Blog Page 936

আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো ভিন্ন দৃষ্টিকোণেৰে প্ৰকাশ পালে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ! ৱাশ্বিংটন পোষ্টে লিখিলে- ‘ভাৰতত বিৰোধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ’

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰে কেৱল ৰাষ্ট্ৰীয় সংবাদমাধ্যমতেই নহয়, আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো বিশেষ গুৰুত্ব লাভ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিচাবে কেজৰিৱালৰ আন্তঃৰাষ্ট্ৰীয় স্তৰতো বিশেষ সুনাম আছে। আনকি দিল্লীৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত সবিস্তাৰে প্ৰতিবেদনো প্ৰকাশ পাইছে। শিক্ষাকে ধৰি আন বহু ক্ষেত্ৰত অভূতপূৰ্ব সংস্কাৰৰ জড়িয়তে বিশ্বৰ সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ সেয়ে বিশ্বৰ সংবাদমাধ্যমৰ বাবে এক হট কেক হৈ পৰিছিল। বিশ্বজুৰি মিডিয়া প্ৰতিষ্ঠানসমূহে এই গ্ৰেপ্তাৰক তেওঁলোকৰ নিজৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি সেই মতে বাতৰিৰ শিৰোনাম দিয়া পৰিলক্ষিত হৈছে। আমেৰিকাৰ পৰা প্ৰকাশিত বিশ্ব বিখ্যাত ৱাশ্বিংটন পোষ্টে শিৰোনাম দিছে, ‘বিৰোধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ ‘।

একে সময়তে, চিএনএন-এ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিটো মুখ্য পৃষ্ঠাত প্ৰকাশ কৰিছে। চিএনএন-এ শিৰোনাম দিছে, ‘দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ , বিৰোধীৰ মতে ই এক ষড়যন্ত্ৰ ‘। চিএনএনৰ লগতে বিবিচিয়েও কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিটো মূল পৃষ্ঠাত স্থান দিছে।ৱাশ্বিংটন পোষ্টে শিৰোনাম দিছে “কেজৰিৱালৰ গ্ৰেপ্তাৰ বিৰোধী নেতাক কৰা দ্বিতীয়টো বৃহৎ গ্ৰেপ্তাৰৰ ঘটনা,” । ৱাশ্বিংটন পোষ্টে বাতৰিত কেজৰিৱালৰ আগত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰিছে। চিএনএন-এ লিখিছিল, “বৃহস্পতিবাৰে নিশা ভাৰতৰ এজন গুৰুত্বপূৰ্ণ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। বিৰোধীয়ে নিৰ্বাচনৰ পূৰ্বে এনে গ্ৰেপ্তাৰকলৈ প্ৰশ্ন উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল প্ৰধানমন্ত্ৰীৰ শক্তিশালী সমালোচকসকলৰ ভিতৰৰে অন্যতম এজন । বিবিচিয়ে লিখিছে, “ভাৰতৰ বিৰোধী নেতাসকলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা দিছে।

কেজৰিৱালে কোনো ধৰণৰ অন্যায়ৰ সৈতে জড়ি থকাৰ কথা অস্বীকাৰ কৰিছে। বিৰোধীয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে। অৱশ্যে বিজেপিয়ে এই অভিযোগ খণ্ডন কৰি কয় যে চৰকাৰে কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে কাম কৰিছে। আনহাতে আল জাজিৰাই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিৰ শিৰোনাম দিছে– গণতন্ত্ৰৰ অপমৃত্যু। এনেদৰেই বিশ্বৰ আগশাৰীৰ সংবাদমাধ্যমে কেজৰিৱাৱলৰ গ্ৰেপ্তাৰকলৈ ভিন্ন দৃষ্টিকোণেৰে সংবাদ পৰিবেশন কৰিছে।

আজি খেল পথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগ…

আজি খেল পথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগ।

বিয়লি ৩.৩০ বজাত জয়পুৰৰ SM ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ ।

অসম সন্তান ৰিয়ান পৰাগক জনাওক শুভেচ্ছা।

জিকা ভাজি, জিকা পিটিকা; কোনবিধ আপোনাৰ প্ৰিয়? জিকা অতি স্বাস্থ্যকৰ পাচলি, জিকাৰ আছে ৫টা আচৰিত উপকাৰ…

জিকা বহুতে খাই ভাল পায়। জিকা পুষ্টিকৰ উপাদানৰে সমৃদ্ধ, জিকাৰ আঞ্জা বৰ সোৱাদ। ভাৰতৰ এগৰাকী বিখ্যাত খাদ্য বিশেষজ্ঞৰ মতে যদি আপুনি নিয়মিতভাৱে জিকা খাই তেন্তে স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে-

জিকা পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। ইয়াত ভিটামিন চি, ভিটামিন এ, ভিটামিন কে, ফ’লেট, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। এই সকলোবোৰ উপাদান আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য।

বিশেষকৈ কম কেলৰিযুক্ত আৰু শক্তিৰ উৎস জিকা। জিকাত অধিক পৰিমাণৰ পানী আৰু আঁহ থাকে, যিয়ে খাদ্য সংৰক্ষণত সহায় কৰে আৰু ভোক নিয়ন্ত্ৰণত সহায় কৰে। গতিকে ওজন নিয়ন্ত্ৰণৰ বাবে জিকা এক উত্তম বিকল্প হ’ব পাৰে।


জিকাত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰো উপশম দিয়ে। জিকা খোৱাৰ পিছত গেছ বা বদহজমৰ চিন্তা নাথাকে।

জিকাত ভাল পৰিমাণৰ পটাছিয়াম থাকে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় কাৰণ ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

জিকাৰ বহুতো গুণ আছে যিয়ে অন্ত্ৰ পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াত ভিটামিন এ আৰু ফাইবাৰ থাকে, যিয়ে পেট পৰিষ্কাৰ কৰাত সহায় কৰে আৰু পেটৰ লগত জড়িত সমস্যা দূৰ কৰাত সহায় কৰে।

‘সংকটৰ সময়ত আমি আপোনালোকৰ সৈতে আছো’: ৰাছিয়ালৈ সমবেদনা জনাই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

ৰাছিয়াৰ কনচাৰ্ট হলত হোৱা আক্ৰমণত এতিয়ালৈকে ১১৫ গৰাকী লোক নিহত হৈছে। ।মস্কো কনচাৰ্ট হলত আক্ৰমণ চলাই ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে ১১৫ গৰাকীৰো অধিক লোকক হত্যা কৰাৰ ঘটনাত হতবাক হৈ পৰিছে ভাৰত । আক্ৰমণৰ ঘটনাটোত আহত হৈছে শতাধিক লোক। এনে দুৰ্যোগৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে তেওঁৰ এক্স-হেণ্ডেলত বন্ধু দেশ ৰাছিয়াৰ প্ৰতি সহমৰ্মমিতা প্ৰকাশ কৰি এটা পোষ্ট কৰিছে। মোদীয়ে তেওঁৰ বাৰ্তাত লিখিছে- “মস্কোৰ মাজভাগত সংঘটিত এই ঘৃণনীয় সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। ভুক্তভোগী সকলৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছো। এই দুখৰ সময়ত ভাৰত ৰাছিয়াৰ চৰকাৰ আৰু ৰাছিয়াৰ জনসাধাৰণৰ সৈতে থিয় দিছে। আমি তেওঁলোকৰ প্ৰতি সহানুভূতিশীল।” উল্লেখ্য ভাৰতো সন্ত্ৰাসবাদৰ ভুক্তভোগী হৈছে। পাকিস্তানৰ সমৰ্থিত জেহাদী বাহিনীয়ে কেইবা দশক ধৰি সক্ৰিয় হৈ আছে। জম্মু-কাশ্মীৰক আইএছআইৰ পুতলা সংগঠন যেনে লস্কৰ-ই-তৈবা, জৈশ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনে বাৰে বাৰে ৰক্তপাত ঘটাই আহিছে। আল কায়েদা আৰু ইছলামিক ষ্টেটও শেহতীয়া বছৰবোৰত দেশখনত সক্ৰিয় হৈ আছে। গতিকে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ বেদনা আৰু ভয়াৱহতা দুয়োটাই জানে।

সেই অভিজ্ঞতাৰ পৰাই মোদীয়ে এই সংকটৰ সময়ত বন্ধু দেশ ৰাছিয়াৰ প্ৰতি এই বাৰ্তা দিছে।ইফালে, মস্কো কনচাৰ্ট হলৰ আক্ৰমণত নিহতৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়ালৈকে কমেও ১১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নকে ধৰি আন দেশসমূহে এই ঘটনাক গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক “জঘন্য আৰু কাপুৰুষালি” বুলি অভিহিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত ইতিমধ্যে তথ্য আছিল যে সন্ত্ৰাসবাদীয়ে মস্কোত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। এই মাহৰ আৰম্ভণিতে মস্কোত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল।

চুইডেনেও একেই সতৰ্কবাণী জাৰি কৰিছিল। শুকুৰবাৰে নিশা সন্ত্ৰাসবাদীয়ে মস্কো চহৰৰ ওচৰৰ ক্ৰাকাছ মিউজিক হল নামৰ এটা প্ৰেক্ষাগৃহত আক্ৰমণ কৰিছিল। খবৰ অনুসৰি তিনিজন সন্ত্ৰাসবাদীয়ে দৰ্শক হিচাপে কনচাৰ্ট হলত প্ৰৱেশ কৰিছিল। ‘পিকনিক’ নামৰ এটা বেণ্ডৰ অনুষ্ঠান উপভোগ কৰিবলৈ তাত বহু লোক তাত সমবেত হৈছিল। কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে আক্ৰমণকাৰীসকলে নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰিছিল। গ্ৰেনেডো নিক্ষেপ কৰা হৈছিল। এই আক্ৰমণ কমেও ১৫ ৰ পৰা ২০ মিনিট চলিছিল।

গোবিন্দ ডেকাৰ প্ৰবন্ধ সংকলন উন্মোচন ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ…

“অসমীয়া মানুহে বিবেকৰ পৰিবৰ্তে আৱেগেৰেহে চলে” – শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত নিবন্ধকাৰ গোবিন্দ ডেকাৰ গ্ৰন্থ ‘প্ৰবন্ধ চয়ন ‘ উন্মোচন কৰি এই মন্তব্য কৰে প্ৰথিতযশা পণ্ডিত- সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাই। সাম্প্রতিক কালত মান বিশিষ্ট প্ৰবন্ধৰ সংকলন পাবলৈ টান বুলিও বিশিষ্ট লেখক গৰাকীয়ে কয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্হিত থকা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ মহন্তই কিছুমান বিষয় সদা প্ৰাসংগিক হৈ থাকে আৰু কিছুমান বিষয় সময়ৰ লগে লগে অপ্ৰাসংগিক হৈ পৰে বুলি মন্তব্য কৰি গোবিন্দ ডেকাৰ কেতবোৰ প্ৰবন্ধই অনাগত দিনতো চিন্তাৰ খোৰাক যোগাই থাকিব বুলিও কয়। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তড়িৎ চক্ৰৱৰ্তী। সভাত নিবন্ধকাৰ গোবিন্দ ডেকায়ো নিজস্ব মনোভাৱ ব্যক্ত কৰে।


কেবাবছৰো ধৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশিত লেখক গোবিন্দ ডেকাৰ সমসাময়িক প্ৰসংগৰ বিভিন্ন প্ৰবন্ধৰ একত্ৰ সংকলন হৈছে “প্ৰবন্ধ চয়ন” ৰ উন্মোচনী অনুষ্ঠানত চলচ্চিত্র পৰিচালক তপন বৰদলৈ, দীপক দত্ত, ড০মনোৰঞ্জন শৰ্মা, ৰেণুকা বৰ্মন আদিয়ে বক্তব্য প্ৰদান কৰে।শলাকা শৰাই আগবঢ়ায় ইৰা ডেকাই।
হেমচন্দ্র পাঠকে আত ধৰা গ্ৰন্হ উন্মোচনী সভা খনৰ আৰম্ভণিতে চন্দন মহন্তই মহাপুৰুষ শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে।

হঠাতে বৃদ্ধি পালে সোণৰ মূল্য, ডলাৰৰ তুলনাত টকাৰ মূল্যও পালে হ্ৰাস…

বিগত কিছুদিনৰে পৰা মাৰ্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাই গৈছে। বিগত কিছুদিন ধৰি ভাৰতৰ মুদ্ৰাৰ মূল্য ডলাৰৰ হিচাপত হ্ৰাস হৈয়েই আছে। আজিও ভাৰতীয় টকাৰ মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে। ডলাৰৰ মূল্য প্ৰথমবাৰৰ বাবে ৮৩ টকা অতিক্ৰম কৰে। আজিৰ দিনটোতএক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে ৮৩ টকা ১৭ পইচা। ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাই গৈ থাকিলে ভাৰতীয় অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে বিজ্ঞ মহলে।

ইয়াৰ ফলত দেশত বিনিয়োগ হ্ৰাস পোৱাৰ লগতে মুদ্ৰাস্ফীতিও বৃদ্ধি পাব। ইপিনে সোণৰ বৰ্ধিত মূল্যই চিন্তিত কৰি তুলিছে গ্ৰাহকক। এতিয়া বিয়াৰ বতৰ আৰম্ভ হৈছে। এনে সময়তে বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৬৭,৬৫০ টকা। এই মূল্যৰ সৈতে জিএছটি আৰোপ কৰাৰ পিছত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হৈছে। ইপিনে প্ৰতি কিলোগ্ৰাম ৰূপৰো মূল্য হঠাতে ১৩৫০ টকা বৃদ্ধি পাইছে। ফলত এক কিলোগ্ৰাম ৰূপৰ মূল্য এতিয়া হৈছেগৈ ৭৫,৫০০ টকা।

কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ভগ্ন খৰ্গৰে এটা গঁড়ৰ মৃতদেহ উদ্ধাৰঃ পাৰস্পৰিক যুঁজত গঁড়টোৰ মৃত্যু হোৱা বুলি মৰোণোত্তৰ পৰীক্ষাত প্ৰকাশ…

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল এলেকাৰ বুঢ়াপাহাৰ বনাঞ্চলত আজি পুৱা এটা খৰ্গ বিহীন মৃত গঁড় উদ্ধাৰ হয় ৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে আজি পুৱা বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰৰ বনকর্মী সকলে দৈনন্দিন কৰা পহৰাৰ সময়ত বনশিবিৰৰ পশ্চিম দিশত ইকৰাণিৰ মাজত এটা খৰ্গ বিহীন মৃত গঁড় প্ৰত্যক্ষ কৰি বনাঞ্চলিক বিষয়াক অৱগত কৰে ৷ বনকৰ্মীৰ তথ্যৰ আধাৰত ঘটনাস্থলীত উপস্থিত হৈ বনাঞ্চলিক বিষয়াই গঁড়টো এদিনৰ আগত পাৰস্পকিক যুঁজত মৃত্যু হোৱা বুলি জনায় ৷ আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত গঁড়টোৰ মৰোণোত্তৰ পৰীক্ষা কৰে ৷

পৰীক্ষাৰ সময়ত মৃত গঁড়টোৰ নাকৰ হাড় অক্ষত অৱস্থাত আৰু খৰ্গৰ কিছু ভগা অংশ হাড়ৰ লগত সংলগ্ন হৈ থকা অৱস্থাত পোৱা হয় বুলি জানিবলৈ দিয়ে ৷ খৰ্গৰ বাকী অংশ অন্য পাৰস্পৰিক যুঁজৰ সময়ত অন্য গঁড়ৰ আক্ৰমণৰ ফলত সৰি পৰা বুলি জনাইছে বন বিষয়াই ৷ মৰোণোত্তৰ পৰীক্ষাত মৃত গঁড়টোৰ শৰীৰত গুলীৰ আঘাতৰ কোনো চিন পোৱা নাই যদিও পাৰস্পৰিক যুঁজৰ আঘাত স্পষ্ট বুলি পশু চিকিৎসকে জনাইছে ৷ মৃত গঁড়টোৰ সৰি পৰা খৰ্গৰ টুকুৰাৰ সন্ধানত এতিয়া বুঢাপাহাৰ বনাঞ্চলৰ টুনিকাটি এলেকাত অভিযান চলাইছে বনকৰ্মী সকলে ৷ ইফালে দিন ৰাতি একাকাৰ কৰি ২৪ ঘন্টাই কৰ্তব্য পালন কৰা কাজিৰঙাৰ বনকৰ্মীয়ে ইলেক্ট্ৰনিকচ আইৰ সহায়ত যোৱা নিশা প্ৰায় ১ বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ দেবেশ্বৰী বন শিৱিৰ এলেকাত দুখন নাওঁ প্ৰত্যক্ষ কৰে ৷ পিচত বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলায় বনকৰ্মীৰ দলে নাওঁ দুখন জব্দ কৰি চাৰিজন লোকক আটক কৰে ৷ চাৰিজন লোককেই আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে উদ্যান কৰ্তৃপক্ষই৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক ৰাজস্থান ৰয়েলছৰ সোণালী টিকট উপহাৰ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে কাইলৈ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত চলিত ১৭ সংখ্যক আই পি এলৰ এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়ান্টসৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷ ৰাজস্থান ৰয়েলছৰ নতুন ছিজনৰ প্ৰথমখন মেচৰ সাক্ষী হ’বলৈ দলীয় মেনেজমেণ্টে আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক সোণালী টিকট উপহাৰ দি কাইলৈৰ মেচখনলৈ আমন্ত্ৰণ জনায়৷ এই উপলক্ষ্যে মুখ্যমন্ত্ৰীগৰাকীৰ জয়পুৰত থকা অ’ টি এছ বাসগৃহত ৰাজস্থানৰ ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰ উপস্থিতিত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰাম আৰু দলটোৰ উপ-সভাপতি [গ্ল’বেল পাৰ্টনাৰশ্বিপ] ৰাজীৱ খান্নাই মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক সাক্ষাৎ কৰি কাইলৈ হ’বলগা মেচখনলৈ আনুষ্ঠানিকভাবে আমন্ত্ৰণ জনায়৷

উল্লেখ্য যে আই পি এলৰ ২০২৪ ছিজনৰ বাবে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুৰাগীক আদৰণি জনোৱাৰ বাবে সাজু হৈছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ৷ সঞ্জু ছেমছন নেতৃত্বাধীন দলটোৱে কাইলৈ ছুপাৰ ছান ডেৰ প্ৰথমখন মেচত [বিয়লি ৩.৩০ বজাত] লক্ষ্ণৌ ছুপাৰ জায়েKI×ছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ উদ্বোধনী মেচত অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে ষ্টেডিয়ামখনৰ পৰিৱেশত দৃশ্যমান হৈছে কিছু পৰিৱৰ্তন৷ গোলাপী ৰঙৰ নতুন আসনে আইকনিক ষ্টেডিয়ামখনৰ সৌন্দয্য বৃদ্ধি কৰিছে৷ নতুন আৰু উন্নীতকৃত ব্যৱস্থা তথা আতিথ্যই অনুৰাগীসকলক যশস্বী জয়ছৱাল, সঞ্জু চেমছন, ৰবিচন্দ্ৰন অশ্বিন, জ’ছ বাটলাৰ আৰু যুজবেন্দ্ৰ চাহালকে ধৰি তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলক আৰামত চোৱাৰ সুযোগ প্ৰদান কৰিব৷ ৰাজস্থান চৰকাৰৰ ক্ৰীড়া বিভাগৰ তত্বাৱধানত ৰাজস্থান ৰাজ্যিক ক্ৰীড়া পৰিষদৰ সহযোগত ৰয়েলছে খেল উপভোগ কৰিবলৈ অহা অনুৰাগীসকলে যাতে ষ্টেডিয়ামত সৰ্বোত্তম অভিজ্ঞতা লাভ কৰে সেইদিশত সকলো কৰণীয় কাম সম্পন্ন কৰিছে৷ ইফালে, ৰাজস্থান ৰাজ্যক গৌৰৱান্বিত কৰা প্ৰখ্যাত প্ৰাক্তন ক্ৰীড়াবিদসকলৰ লগতে ৰাজস্থান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কসকলকো ক্ৰীড়া বিভাগ তথা ৰয়েলছ দলে বিশেষভাবে আতিথ্য প্ৰদান কৰিব৷

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেনৰ শুভাৰম্ভ, স্মৃতিগ্ৰন্থ ‘মিৰচেকচ’ উন্মোচন…

পাদপ্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত বহু কেইগৰাকী কাব্য মনিষীৰ সহযোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত কেৱল কবি আৰু কবিতাৰ বাবে জন্ম লাভ কৰা ‘সদৌ অসম কবি সন্মিলন’ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ বৃহত জাতীয় কাব্য সংগঠন। প্ৰতিষ্ঠা কালৰে পৰা এই বৃহৎ জাতীয় অনুষ্ঠানটিয়ে সুদীৰ্ঘ ছয়ত্ৰিছটা বছৰে অসমৰ কাব্য জগতত ভিন ভিন কাৰ্যসূচী সম্পাদন কৰি কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সেই অনুসৰি আজিৰে পৰা প্ৰাকৃতিক শোভাৰ ৰম্যভূমি আকাশীগঙ্গাৰ পবিত্ৰ ধামত সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই, পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰে আদৰণী সমিতিৰ সভাপতি সূচন্দ্ৰনাথ বায়নে, পুৱা ৯:১৫ বজাত গছপুলি ৰোপণ কৰে আকাশীগঙ্গা শিৱ থান উন্নয়ন সমিতিৰ সভাপতি মিলাৰাম দেউৰীয়ে, পুৱা ৯:২৫ বজাত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে পাৰখোৱা শাখা কবি সন্মিলনৰ সভাপতি অৰুণী ডেকা বৰাই, পুৱা ৯:৩০ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী ৰাতুল ভঁৰালীয়ে, সন্মিলনৰ প্ৰাক্তন সভাপতিদ্বয় প্ৰেম গগৈ, ড° মানিক শইকীয়া, উপ-সভাপতি উজ্জ্বল পাওগাম, দিলীপ কুমাৰ শৰ্মা, ড° লখিমী গগৈ, সন্মিলৰৰ কোষাধ্যক্ষ বিজয় কুমাৰ স্বৰ্ণকাৰ উপস্থিত থকা পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা স্বৰ্গীয় লক্ষ্মীপ্ৰসাদ মেচ সোঁৱৰণত গ্ৰন্থ উন্মোচনী সভাত অধিৱেশনৰ ‘মিৰচেকছ’ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মানিক শইকীয়া আৰু নীলকান্ত শইকীয়াই। কাৰ্বি আংলং জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘হিৰজিৰ’, অৰুণী ডেকা বৰাৰ কাব্য সংকলন ‘ভাৱনাৰ সমাহাৰ’, গৌতম বিকাশ মেচৰ ‘Erato’s Ink’, দিগম্বৰ হাজৰিকা আৰু কিৰণ মেধিৰ কাব্য সংকলন ‘দুপাখি হিয়াৰ সোণোৱালী ছাঁ’, স্বপ্না দেৱীৰ কাব্য সংকলন ‘নদী একেখনেই’ উন্মোচন কৰা হয়।

পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা আজীৱন, হিতৈষী আৰু সতীৰ্থ কবি সন্মিলনখনি সঞ্চালনা কৰে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰেৎ হান্সে আৰু উদ্বোধন কৰে সন্মিলনৰ প্ৰাক্তন সভাপতি নীলকান্ত শইকীয়াই। শতাধিক কবিয়ে অংশগ্ৰহণ কৰা বিশেষ কবি সন্মিলনখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ ডিজিটেল উপ-সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা, প্ৰাক্তন প্ৰধান সম্পাদকদ্বয় দেৱজিত কুমাৰ দত্ত, হেমনাৰায়ণ দত্ত, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ কুমাৰ হাজৰিকা, মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা, শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি মুকুল নাথ, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ড° পৰাণ বৰুৱা, শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন মৈত্ৰ আৰু কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি প্ৰাক্তন সম্পাদক মৌচুম বুঢ়াগোহাঁয়ে। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা উৎপল দলে আৰু আদৰণি ভাষণ আগবঢ়ায় কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ভৱপ্ৰসাদ দেউৰীয়ে। বিয়লি ২:৩০ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বিয়লি ৩:৩০ বজাৰ পৰা অনুষ্ঠিত বহুভাষিক কবি সন্মিলনখনি সঞ্চালনা সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়াই আৰু উদ্বোধন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যক ঋতুৰাজ বসুমতাৰীয়ে। সন্ধ্যা ৫ বজাত সমূহীয়া বন্তি প্ৰজ্জ্বলনেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰে।


পুৰণিগুদামত ঝুমুৰা “পিম্পৰা গুচোৱা” আৰু অংকীয়া ভাওনা “ৰাম বিজয়”ৰ সফল মঞ্চায়ন…

অত্যাধুনিক যুগতো যে উঠি অহা নৱ প্ৰজন্মই অংকীয়া ভাওনাৰ সফল দৰ্শনী উপভোগ কৰি মন্ত্ৰমুগ্ধ হ’ব পাৰে; তাৰ পূৰ্ণ আভাস নগাঁৱৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত যোৱা ২০ মাৰ্চত দেখিবলৈ পোৱা গ’ল৷ নগাঁৱৰ অন্যতম নাট্য সংগঠন “অবিনশ্বৰ গোষ্ঠী”ৰ নাট্য- কলাকুশলীসকলে শ্ৰী শ্ৰীমন্ত মাধৱদেৱ বিৰচিত ঝুমুৰা “পিম্পৰা গুচোৱা” নাটখনি অতি সুন্দৰ ভৱে উপস্থাপন কৰা পৰিলক্ষিত হ’ল ৷ নামঘৰৰ আধ্যাত্মিক , সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ বিপৰীতে মঞ্চত , মঞ্চ সফল ঝুমুৰা শুদ্ধ ৰূপত ব্ৰজাৱলী ভাষাৰ সংলাপ প্ৰক্ষেপণেৰে পৰিবেশন কৰা নাটখনে শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে কৰিছিল আপ্লুত ৷ গায়ন-বায়নৰ পৰিবেশনো আছিল দৃষ্টিনন্দন৷ গাঁৱৰ নামঘৰ সমূহত অনুষ্ঠিত হোৱা বছেৰেকীয়া ভাওনবোৰত খোল প্ৰসঙ্গৰে যোৰা উঠা দৃশ্য গাওঁখনৰে বহুলোকে চাবলৈকে নাপায় ৷

প্ৰায় সকলো দৰ্শকে কৃষ্ণ প্ৰৱেশৰ সময়লৈ বাট চাই , কাণ উনাই থাকে ৷ সূত্ৰধাৰীয়ে যে গোটেই নাটখনৰ কাহিনীভাগ শ্ৰোতা-দৰ্শকৰ আগত উপস্থাপন কৰে , সেই কথাৰো ভূ ল’বলৈ বহু দৰ্শকৰ আগ্ৰহ , দেখা নাযায় ৷ কেৱলমাত্ৰ পৰম্পৰা ৰক্ষাৰ নামত বছেৰেকীয়া উৎসৱ হিচাপেহে ভাওনাবোৰ কৰা হয় যেন অনুভৱ হয় ৷ ইয়াৰ মাজতে অবিনশ্বৰ গোষ্ঠীয়ে নৱ প্ৰজন্মক অংকীয়া নাটৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ তথা শংকৰ- মাধৱ গুৰুদুজনাৰ সৃষ্টি ৰাজী প্ৰচাৰ আৰু প্ৰসাৰ ঘটাবলৈ লোৱা প্ৰচেষ্টা সন্তোষজনক ৷ আন নহ’লেও নৱ প্ৰজন্মক অংকীয়া ভাওনাৰসিক দৰ্শক হিচাপে যে সৃষ্টি কৰিব পাৰিব ,এই কথা পৰিস্ফুত হৈছে ৷ নাটখনৰ বায়ন,নৃত্য আৰু সঙ্গীত পৰিচালনা আছিল বিনোদ ভূঞাৰ ৷ মঞ্চৰ নাতিদূৰৈত থাপনা পাতি পৰিচালক বিনোদ ভূঞাই ন-শিকাৰু এদল গায়ন-বায়নক লগত লৈ প্ৰদৰ্শন কৰা খোল প্ৰসঙ্গ, উপস্থিত শ্ৰোতা-দৰ্শকে মৌনহৈ উপভোগ কৰা পৰিলক্ষিত হয় ৷ নাটখনৰ যোৰাত আছিল ক্ৰমে, বিনোদ ভূঞা, ভাৰ্গৱ শইকীয়া , সুপ্ৰভাত বৰা , নীতিশ বৰা , মৌচুম ভূঞা আৰু দিশান্ত দিবং বৰা ৷ নাটখনত সূত্ৰধাৰ আছিল ধ্ৰুপদী নৃত্য বিশাৰদ ভাস্কৰ্য পূৰ্ণ গায়ন ৷ শিশু নাট্য শিল্পী মৃগাংক শেখৰ ভূঞা আৰু অনুভৱ বৈৰাগীয়ে ক্ৰমে কৃষ্ণ আৰু বলৰামৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ঝুমুৰা নাটখনৰ গোপবালক গণ ক্ৰমে, বিমৃশা শইকীয়া, ৰিদ্দিশা বৰুৱা, প্ৰাজন বৰা, প্ৰজ্ঞাদীপ্তা বৰা,হৃষিতা হাজৰিকা, ঋতুস্মান বৰা। যশোদাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল , সত্ৰীয়া নৃত্য বিশাৰদ ৰুণজুন বৰাই আৰু তেওঁৰ সঙ্গী হিচাপে থকা গোৱালী সকল ক্ৰমে , ৰাজকুমাৰী ভূঞা, হিমাশ্ৰী সেনাপতি, সুপ্ৰিয়া বৰা,ভায়লীনা বৈৰাগী, জ্যোৎস্না সেনাপতি, চয়নিকা বৰঠাকুৰ, কৃষ্ণাক্ষী বৰা আৰু ৰাগিণী বৰা। সকলোৰে লয়লাস , নৃত্য শৈলী চালে চকু ৰোৱা ধৰণৰ আছিল ৷ নাটখনৰ পৰিকল্পনা আৰু পৰিচালনা বিশিষ্ট নাট্যকাৰ, পৰিচালক , অভিনেতা দীপক বৰাৰ ৷ আনখন নাটক শ্ৰী শ্ৰীমন্তশঙ্কৰদেৱ বিৰচিত “ৰাম বিজয়” অংকীয়া নাটখনৰো পৰিচালক আছিল দীপক বৰা ৷ সূত্ৰধাৰ আছিল ৰুবুল কুমাৰ মহন্ত ৷ অন্যান্য চৰিত্ৰ ৰূপায়ন কৰিছিল ক্ৰমে , ৰাজেন ফুকন – জনক ৰজা ; জয়ন্ত শইকীয়া – দশৰথ ; ৰঞ্জন তামুলী – ৰজা ; দীগন্ত কুমাৰ বৰা – মণিমন্ত্ৰ ; খগেন কুমাৰ গায়ন – পৰশুৰাম ; ৰূপজ্যোতি ভূঞা – ৰজা ; ৰবীন শইকীয়া – শ্ৰীকৃষ্ণ ; মিন্টু কলিতা – কৌশিক ; ৰঞ্জন কুমাৰ বৰা – লক্ষ্মন ; ৰাজদ্বীপ বৰা – শিষ্য ; ৰূপজ্যোতি বৰা – তাড়কা, ৰজা ; দুলমনি বৰা – ৰজা, মাৰীচ ; গৌৰৱ কলিতা – সুবাহু, ৰজা ; দীপক বৰা – পাৰিষদ ; জিতুমনি বৰা- পাৰিপদ ; হীমাশ্ৰী সেনাপতি – মদনমঞ্জৰী ; তনমী ফুকন – কনকাৱতী ; তুহীনকন্য বৰা – সীতা ; চয়নিকা বৰঠাকুৰ – সখী ; জ্যোৎস্না সেনাপতি- সখী ৷ দুয়োখনি নাটকৰ দোহাৰ হিচাপে আছিল বিনোদ চন্দ্ৰ ভূঞা, ভাৰ্গৱ শইকীয়া , প্ৰণামী কলিতা , দিপ্তী তামুলী, অনিল বৰা,দিশান্ত দিবং বৰা ,মৌচুম ভূঞা আৰু নিতীশ বৰা ৷ বাঁহী বাদনত আছিল , হেমন্ত বসুমতাৰী আৰু ভাৰ্গৱ শইকীয়া ৷ দুয়োখনি নাটকৰ অভিনেতা- অভিনেত্ৰী সকলৰ ৰূপসৌন্দৰ্য্যই শ্ৰোতা -দৰ্শকক মোহিত কৰিছিল ৷ ৰূপসজ্জাকাৰ মোহোৰাম ভূঞাৰ যাদুকৰী হাতৰ পৰশত চৰিত্ৰ সমূহ সঁচা অৰ্থত প্ৰকাশ হৈ উঠিছিল ৷ সাজ সজ্জাৰ দায়িত্বত আছিল ,দীপক বৰা আৰু ৰাজকুমাৰী ভূঞা ৷ কলা নিৰ্দেশনা— সন্তোষ বৰা , শ্যামকানু বৰা আৰু দ্বীপেন দাসৰ ৷

নাটখনিত ব্যৱহিত মুখা সমূহ নিৰ্মান কৰিছিল চিত্ৰ-ভাস্কৰ্য্য শিল্পী মৃদু মৌচুম বৰাই ৷ আনহাতে , আলোক সজ্জাৰ গুণগত মানদণ্ড উন্নত আছিল ৷ আলোক সজ্জাৰ দায়িত্বত আছিল , সু অভিনেতা তথা নাট পৰিচালক ৰাজেন ফুকন আৰু প্ৰশান্ত বৰা ৷ মঞ্চ পৰিচালক — প্ৰিয়াংকুশ বৰা ,সীমান্ত বৰা আৰু প্ৰডাকচন নিয়ন্ত্ৰক —মোহিত বৈৰাগী আৰু থানেশ্বৰ বৰাৰ সঠিক ভূমিকাৰ বাবেই নিয়মানুসাৰে নাট দুখনি পৰিৱেশন হোৱা বুলি ক’ব পৰা যায় ৷ দুয়োখনি নাটকৰে অভিনেতা -অভিনেত্ৰী সকলে সাৱলীল অভিনয় কৰিছিল আৰু সামগ্ৰিকভাৱে দুয়োখনি নাট উপভোগ্য আছিল তথা উপস্থিত শ্ৰোতা-দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷