Home Blog Page 937

লোকসভা নিৰ্বাচনৰ বাবে আপৰ গেৰাণ্টি কাৰ্ড ঘোষণা! শিক্ষা, স্বাস্থ্য সেৱা, কৰ্ম সংস্থাপনত সৰ্বাধিক গুৰুত্ব আপৰ…

ডিব্ৰুগড়ত মুকলি হ’ল আপৰ গেৰাণ্টি কাৰ্ড। শনিবাৰে ডিব্ৰুগড়ৰ হোটেল পুষ্কৰ সৰোবৰ প’ৰ্টিকোত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডেই মুকলি কৰে অসমৰ বাবে দলৰ লোকসভা নিৰ্বাচনৰ গেৰাণ্টি কাৰ্ড। আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, উত্তৰ পূৱ ভাৰতৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে মনোজ ধানোৱাৰ, ঋষিৰাজ কৌণ্ডিন্য, দলৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা তথা অন্যান্য নেতৃবৃন্দৰ উপস্থিতিত ঘোষণা কৰে দলৰ গেৰাণ্টি কাৰ্ড। দলৰ এই গেৰাণ্টি কাৰ্ডত তলত উল্লেখ কৰা বিষয় সমূহ এনেদৰে উল্লেখ কৰা হৈছে। “২০১৪ চনৰ পৰা কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বিজেপিৰ দুৰ্নীতিপৰায়ণ ৰাজনীতিৰ আমি অন্ত পেলাম।

এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ দুয়োগৰাকী সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিলে কিয়? কাৰণ তেওঁলোকে ৰাইজৰ বাবে কোনো কাম কৰা নাই৷ বৰং, তেওঁলোকে এক অবাঞ্ছিত ৰাজনীতিৰ ধাৰাৰ জন্ম দিছে য’ত কংগ্ৰেছ আৰু আন সকলো দলৰ ৰাজনীতিকে ধনৰ প্ৰলোভনত বিজেপিত যোগদান কৰে। এনে লেতেৰা ৰাজনীতিক লৈ অসমৰ জনসাধাৰণ মুঠেই সন্তুষ্ট নহয়। অসমবাসী ৰাইজে এনে এটা দল বিচাৰে, যি দলে তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰিব, যিয়ে তেওঁলোকৰ সন্তানৰ উন্নত ভৱিষ্যত গঢ়ি তুলিব। তেওঁলোকে পৰিৱৰ্তন বিচাৰে। আম আদমি পাৰ্টী সৎ, শিক্ষিত লোকৰ দল। আমাৰ মানুহক কিনিব নোৱাৰি। আমি প্ৰতিটো বিষয়তে অসমবাসীৰ অধিকাৰৰ বাবে দৃঢ়তাৰে থিয় দিম। অসমৰ ৰাইজে এতিয়ালৈকে বাকী সকলো দলকে ভোট চাইছে যদিও হতাশহে হৈছে। এইবাৰৰ নিৰ্বাচনত আম আদমি পাৰ্টীক এবাৰৰ বাবে সুযোগ দিয়ক, আমাৰ দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক এটা সুযোগ দিয়ক। আগন্তুক ৫ বছৰত যদি আমি কাম কৰিব নোৱাৰোঁ, তেন্তে আমাক আৰু কেতিয়াও ভোট নিদিব।

আমি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাইজৰ প্ৰতি আপৰ প্ৰতিশ্ৰুতিসমূহ হৈছে–

শিক্ষা:

(১) ধনী বা দুখীয়া প্ৰতিগৰাকী শিশুকে বিশ্বমানৰ শিক্ষা প্ৰদান কৰিহে আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা যাব। অসমৰ বিজেপি চৰকাৰে ৮০০০খন বিদ্যালয় বন্ধ কৰি দিছে যাৰ বাবে ৭ লাখ শিশুৱে চৰকাৰী বিদ্যালয় এৰিছে। সেইদৰে শীঘ্ৰে ৭০খনতকৈও অধিক চৰকাৰী মহাবিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ শিক্ষা ব্যৱস্থাৰ এনেধৰণৰ অৱনতি আপে বন্ধ কৰিব। দিল্লী আৰু পঞ্জাবৰ দৰে আপে অসমত বিনামূলীয়া আৰু বিশ্বমানৰ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰিব।

(২) অসমৰ সামাজিক-সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু প্ৰসাৰৰ বাবে আপে তেজপুৰত অসমৰ প্ৰথমখন কলা-সংস্কৃতি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব।

স্বাস্থ্যসেৱা:

(৩) কোনো ৰাজনৈতিক দলে অসমৰ ৰাইজৰ বাবে বিশ্বমানৰ ক্লিনিক আৰু চিকিৎসালয় নিৰ্মাণ কৰা নাই। দিল্লী আৰু পঞ্জাবৰ দৰে আপে অসমৰ প্ৰতিখন গাঁও পঞ্চায়ততে শীততাপ নিয়ন্ত্ৰিত বিশ্বমানৰ মহল্লা ক্লিনিক স্থাপন কৰিব। অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহক উন্নীত কৰি বিশ্বমানৰ কৰি তোলা হ’ব। সকলো চিকিৎসা, পৰীক্ষা, ঔষধ, আৰু অপাৰেচন প্ৰতিজন ব্যক্তিৰ বাবে বিনামূলীয়া হ’ব।

সামাজিক-সাংস্কৃতিক:

(৪) অসমৰ অনন্য সংস্কৃতি, ভাষা, ঐতিহ্য ৰক্ষা কৰাটো আপৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। বিজেপিয়ে ২০১৪ চনতে অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজক আভুৱা ভঁৰিলে। এতিয়া তেওঁলোকে অসম চুক্তিৰ আত্মাটোকে হত্যা কৰি নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বলবৎ কৰি কোটি কোটি অনুপ্ৰৱেশকাৰীক আদৰণি জনাইছে। ইয়াৰ ফলত অসমৰ সংস্কৃতি আৰু ভাষা ধ্বংস হ’ব আৰু অসমৰ যুৱক-যুৱতীসকলৰ চাকৰি কাঢ়ি নিব। প্ৰতিখন মঞ্চতে আপে CAAৰ কঠোৰ বিৰোধিতা কৰিব।

(৫) কোচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনজাতি, আৰু টাই-আহোম জনগোষ্ঠীয়ে দশক দশক ধৰি জনজাতি মৰ্যাদা দাবী কৰি আহিছে। ভোটৰ আশাত সকলো দলেই তেওঁলোকক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছে যদিও সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে নূন্যতম কামখিনিও কৰা নাই। অসমৰ বৰ্তমানৰ স্বীকৃত জনজাতিসকল যাতে বঞ্চিত নহয় তাৰ বাবে এক সঠিক ব্যৱস্থাৰে আপে এই ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ন্যায্য দাবী পূৰণৰ বাবে মাত মাতিব।

(৬) আপে ৰাজ্যখনৰ সঠিক জনসংখ্যা আৰু অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা জানিবলৈ সম্প্ৰদায়ভিত্তিক লোকপিয়ল চলোৱাৰ সমৰ্থন কৰে। ই তেওঁলোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব।

চাহ শিল্প:

(৭) অসমৰ অৰ্থনীতি আৰু লাখ লাখ শ্ৰমিকৰ জীৱিকা চাহ উদ্যোগৰ সৈতে জড়িত। দুৰ্ভাগ্যজনকভাৱে সম্প্ৰতি চাহ উদ্যোগটোৰ অৱনতি ঘটিছে কাৰণ উদ্যোগটোৰ লগতে ইয়াৰ শ্ৰমিকসকলৰ প্ৰয়োজনীয়তাক সকলো পক্ষই আওকাণ কৰি আছে। আপে সংসদত চাহ-উদ্যোগৰ বাবে মাত মাতিব আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কেঁচা চাহপাতৰ ওপৰত নূন্যতম সমৰ্থন মূল্য (এম এছ পি) নিশ্চিত কৰিব।

(৮) দিল্লীত নূন্যতম মজুৰি ৬৭০ টকা/দিন হোৱাৰ বিপৰীতে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বিগত ১০ বছৰে মাত্ৰ ২৫০ টকা/দিন মজুৰি লাভ কৰি আছে। আপে শ্ৰমিকৰ এই শোষণ বন্ধ কৰি চাহ বাগিচাৰ শ্ৰমিকৰ নূন্যতম মজুৰি কমেও ৪৫০ টকা/দিন নিশ্চিত কৰিব।

(৯) চাহ বাগিচাৰ শ্ৰমিকৰ ভূমি পট্টা অনুদানৰ দাবী পূৰণ কৰাত সকলো পক্ষই ব্যৰ্থ হৈছে। চাহ বাগিচাৰ প্ৰতিঘৰ শ্ৰমিকৰ ভূমি পট্টা দিয়াৰ বাবে আপে শক্তিশালীভাৱে মাত মাতিব।

(১০) চাহক ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ বাবে আপে দাবী জনাব।

কৰ্মসংস্থান:

(১১) তৈলক্ষেত্ৰ, অ’ এন জি চি, ক’ল ইণ্ডিয়া আৰু আই অ’ চি এলৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আপে থিয় দিব। এই প্ৰতিষ্ঠানসমূহত যাতে স্থানীয় লোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি নহয়, তাৰ প্ৰতি আপে চোকা দৃষ্টি ৰাখিব।

(১২) উপযুক্ত পাৰিতোষিক অবিহনে কামৰ কোনো মৰ্যাদা নাই। দিল্লীৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে মাহে ১২,৭২০ টকা লাভ কৰে। কিন্তু অসমত তেওঁলোকক প্ৰতিমাহে মাত্ৰ ৪,৫০০ টকাহে প্ৰদান কৰা হয়। ভাৰত চৰকাৰৰ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজনৰ কৰ্মীসকল, অংগনবাড়ী কৰ্মীসকল আৰু এনেধৰণৰ সকলো কৰ্মী-শ্ৰমিকে যাতে তেওঁলোকৰ শ্ৰম আৰু কামৰ বাবে সন্মানজনক পাৰিতোষিক লাভ কৰিব পাৰে তাৰ প্ৰতি আপে লক্ষ্য ৰাখিব।

(১৩) নামৰূপস্থিত বি ভি এফ চি এলক আধুনিকীকৰণ কৰা হ’ব। এই প্ৰতিষ্ঠানটো অত্যাধুনিক প্ৰযুক্তিৰে উন্নীতকৰণ কৰা হ’ব আৰু নতুন নেন’ ইউৰিয়া প্লাণ্ট স্থাপন কৰা হ’ব। ইয়াৰ ফলত উৎপাদনশীলতা আৰু অঞ্চলটোৰ কৃষিক্ষেত্ৰ উন্নত হ’ব। ইয়াৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে নিয়োগ সৃষ্টি হ’ব।

বান প্ৰতিৰোধ:

(১৪) অসমৰ বাৰ্ষিক বানপানীৰ সমস্যাৰ সমাধানৰ বাবে আপে বিজ্ঞানসন্মত সমাধানসূত্ৰ বিচাৰি উলিয়াব। বানপানীৰ আগজাননী, উদ্ধাৰ অভিযান, আশ্ৰয় আৰু বানপানীৰ পিছত ভুক্তভোগীৰ জীৱিকাকে ধৰি বান প্ৰতিৰোধ ব্যৱস্থাপনাৰ বাবে এক স্থায়ী পদক্ষেপ গ্ৰহণ কৰাত আমি সক্ৰিয় ভূমিকা পালন কৰিম। বানপীড়িত অঞ্চলসমূহত বানপানীৰ সময়ত মানুহ আৰু পশুধন উভয়ৰে আশ্ৰয়ৰ বাবে ওখ আশ্ৰয়স্থলী নিৰ্মাণ কৰা হ’ব।”

বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত ড° বুলজিৎ বুঢ়াগোহাঁই…

বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানটো ২৩ মাৰ্চত অনুষ্ঠিত হয় আৰু বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড° ৰূপা বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক দেৱীকা ফুকনে । ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষা ‘বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰীসকলৰ বাবে থকা কেৰিয়াৰৰ সুযোগৰ বিষয়ে আলোচনা কৰে ।

তেওঁ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য কেনেকৈ শুদ্ধ ভাবে সংগ্রহ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে । বি বৰুৱা মহাবিদ্যালয় আৰু আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । কেৰিয়াৰ পৰামৰ্শদাতা ড° বুঢ়াগোহাঁয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।

নতুন ছবি মুক্তিৰ পূৰ্বে হালধীয়া শাৰী পৰিধানেৰে ৰাম মন্দিৰত উৰ্বশী ৰাউটেলা…

অযোধ্যাত উপস্থিত বলীউডৰ অভিনেত্ৰী উৰ্ভাশী ৰাউটেলা। ৰামলালাৰ দৰ্শন কৰিবলৈ হালধীয়া শাৰী পিন্ধি অযোধ্যা পালেগৈ অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাও কন্যা আৰু স্বামীৰ সৈতে মন্দিৰত উপস্থিত হয়। অযোধ্যা ৰাম মন্দিৰৰ পৰা বহু ফটো ভাইৰেল হৈছে অভিনেত্ৰীগৰাকীয়ে। আগন্তুক ছবিখন মুক্তিৰ পূৰ্বে ৰামলালাৰ আশীৰ্বাদ বিচাৰি অযোধ্যাত উপস্থিত হয় উৰ্বশী।


উৰ্বশী ৰাউটেলাক আগন্তুক ছবি JNU ত দেখা যাব। এই ছবিখন ২০২৪ চনৰ ৫ এপ্ৰিলত ছবিগৃহত মুক্তি পাব। ছবিখন পৰিচালনা কৰিছে বিনয় শৰ্মাই আৰু প্ৰযোজক প্ৰতিমা দত্তৰ প্ৰডাকচন হাউছে। এই ছবিখনৰ পোষ্টাৰ ওলোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছে। কিছুদিন আগতে ৩ কোটি টকীয়া সোণৰ কেক এটা কাটি চৰ্চালৈ আহিছিল অভিনেত্ৰীগৰাকী।


মহিলাৰ কোনবোৰ গুণে আকৰ্ষিত কৰে পুৰুষক…

পুৰুষে মহিলাৰ কোনবোৰ গুণ ভাল পায় জানেনে? যদি আপুনি পুৰুষক আকৰ্ষণ কৰিব বিচাৰে, তেন্তে কেৱল ধুনীয়া হ’লেই নহ’ব। আপোনাৰ ব্যক্তিত্ব আৰু আচৰণত এনে কিছুমান গুণ থাকিব লাগে যিয়ে সহজেই ল’ৰাৰ হৃদয় জয় কৰিব পাৰিব। সাধাৰণতে বিশ্বাস কৰা হয় যে নাৰীৰ সৌন্দৰ্য্যই পুৰুষক আকৰ্ষণ কৰে, এই কথা কিছু পৰিমাণে সত্য। হয়, কিন্তু ধুনীয়া চেহেৰাই মানুহৰ হৃদয়ত বহুদিনলৈ ঠাই ল’ব নোৱাৰে। আপোনাৰ আন কিছুমান গুণ থাকিব লাগে। যদি আপুনি বিৰক্তিকৰ বা অশান্তিদায়ক প্ৰকৃতিৰ হয় তেন্তে সকলোৱে আপোনাৰ পৰা আঁতৰিব বিচাৰিব। ছোৱালীৰ কোনবোৰ অভ্যাসে ল’ৰাক আকৰ্ষণ কৰে জানো আহক-

সৰু সৰু কথাত ছিৰিয়াছ হৈ পৰা আৰু দূৰত্ব বজাই ৰখা ছোৱালীৰ পৰা ল’ৰাবোৰে আঁতৰি থাকিবলৈ চেষ্টা কৰে। আনহাতে, যদি আপুনি আনন্দময় হয়, তেন্তে ল’ৰাবোৰে এই শৈলীটো ভাল পায় আৰু আকৰ্ষিত হয়।

অভাৰ মেকআপ আৰু অধিক মডাৰ্ণ লুকেৰে ল’ৰাক আপ্লুত কৰিব পাৰে, কিন্তু যদি হৃদয়ত ঠাই ল’ব বিচাৰে তেন্তে কেতিয়াবা আপোনাৰ সৰলতাই ল’ৰাক সন্তুষ্ট কৰিব পাৰে।

আপুনি নিশ্চয় দেখিছে যে বহু ছোৱালীয়ে নিজৰ সৰু সৰু কামৰ বাবে পিতৃ, ভাই বা পুৰুষ বন্ধুৰ ওপৰত নিৰ্ভৰশীল।আজিৰ যুগত পুৰুষে ভাল জীৱন দক্ষতা থকা নাৰীক ভাল পায়, যাতে পুৰুষ সংগীৰ ওপৰত নিৰ্ভৰ নকৰে।

যদি আপুনি কেৱল ধুনীয়া কিন্তু বুদ্ধিমান নহয় তেন্তে ল’ৰাবোৰে আপোনাক সহায় কৰাটো কঠিন হ’ব। আজিকালি ল’ৰাবোৰে বুদ্ধীমত্তী ছোৱালী ভাল পাই, যাতে জীৱনৰ কঠিন পথবোৰ সহজে পাৰ হ’ব পাৰে।

যদি মহিলাসকলে নিজৰ পুৰুষ সংগীক কেৰিয়াৰ বা জীৱনৰ যিকোনো সিদ্ধান্তত সহায় কৰে, তেন্তে ল’ৰাবোৰেও তেওঁলোকৰ বাবে নিজৰ প্ৰাণ আহুতি দিব। সেয়ে ল’ৰাক সিদ্ধান্তত সহায় কৰিলে প্ৰেম বাঢ়ে।

অগণতান্ত্ৰিক! নিৰ্বাচন আয়োগৰ কাষ চাপিব ইণ্ডিয়া মিত্ৰজোঁট…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি ইডিয়ে গ্ৰেপ্তাৰৰ কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্নজনে। অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই আহিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । মমতাই এক্সত লিখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰীসকলৰ বিৰুদ্ধে তৰোৱালস্বৰূপ হৈ পৰিছে । তেওঁ এইবুলিও কৈছে যে তেওঁ কেজৰিৱালৰ পত্নী সুনীতাৰ সৈতে কথা পাতিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত শুকুৰবাৰে ইণ্ডিয়া এলায়েন্সৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ কাষ চাপিব। ইণ্ডিয়া মিত্ৰজোঁটৰ দলটোত দুগৰাকী তৃণমূল সদস্যও আছে। উল্লেখ্য কেজৰিৱালক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। আজি টিএমচিৰ মুৰব্বী মমতাই এক্স-হেণ্ডেলত এক দীঘলীয়া টুইটযোগে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে।মমতাই লিখিছে “জনসাধাৰণে জনতাই নিৰ্বাচিত কৰি পঠিওৱা বিৰোধী মুখ্যমন্ত্ৰীসকলক লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু যিসকলৰ বিৰুদ্ধে ইডি আৰু চিবিআইৰ ওচৰত অভিযোগ আছে, তেওঁলোকে বিজেপিলৈ গৈ তেওঁলোকৰ কাম অব্যাহত ৰাখিছে। এয়া গণতন্ত্ৰৰ ওপৰত এটা ডাঙৰ আক্ৰমণ। জনসাধাৰণে নিৰ্বাচন কৰা দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক মই তীব্ৰ গৰিহণা দিছো।”


মমতাই এইবুলিও কৈছে যে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি মমতাই কৈছে। নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত ইণ্ডিয়া মিত্ৰজোঁটে বিৰোধীক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। প্ৰতিনিধি দলটোত তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইন আৰু নদীমুল হকো আছে।

নেশ্যনেল ক্ৰাছ তৃপ্তী ডিমৰীৰ ঘৰৰ ভিতৰত কি আছে? চাওক…

তৃপ্তী ডিমৰীৰ ইনষ্টাগ্ৰাম পেজত তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা ছবিসমূহ হৈছে অভিনেত্ৰীগৰাকীৰ ঘৰৰ ভিতৰৰ ছবি। কেতিয়াবা চেলফি আৰু ঘৰত তোলা ছবি পোষ্ট কৰে তৃপ্তী ডিমৰীয়ে। সাত বছৰ ধৰি অভিনয় কৰি আহিছে তৃপ্তী ডিমৰীয়ে । কিন্তু মাত্ৰ এখন ছবিয়েই তৃপ্তী ডিমৰীক নিশাৰ ভিতৰতে জনপ্ৰিয়তাৰ শিখৰত উপনীন কৰালে। ২০২৩ চনত ডিচেম্বৰ মাহত ‘এনিমেল’ মুক্তি পোৱাৰ পিছত ‘নেশ্যনেল ক্ৰাছ’ সন্তুষ্টিৰ বিষয় হৈ পৰিছিল। ইনষ্টাগ্ৰামতো তেওঁৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পালে।




তৃপ্তী ডিমৰীৰ জন্ম উত্তৰাখণ্ডত। পাহাৰৰ কোলাত থকা মুকলি ঠাইতে শৈশৱ কটালে। অভিনেত্ৰীগৰাকী ঘৰটোৰ অতি মৰমৰ। গছ-গছনিৰে আগুৰি ঘৰটোৰ চাৰিওপালে। প্ৰতিটো কোঠাৰ বেৰৰ ৰং পাতল। কোনো কোনো ঠাইত বেৰৰ সলনি কাঁচৰ খিৰিকী আছে।

ঘৰৰ খিৰিকীৰ সংখ্যা বেছি। ঘৰটোত এটা কোঠাৰ পৰা আন এটা কোঠালৈ যাবলৈ কাঁচৰ দুৱাৰো আছে।


কাঁচৰ দুৱাৰৰ কাষেৰে ওপৰলৈ উঠি যোৱাৰ বাবে আছে কাঠৰ চিৰি এটা।

তৃপ্তী ডিমৰীৰ ঘৰৰ ভিতৰত এটা সৰু চুইমিং পুল।

চুইমিং পুললৈ নামিলেই দেখা পাব সেউজীয়াৰ বিস্তাৰ। চুইমিং পুলৰ তিনিফালে ডাঙৰ ডাঙৰ কাঁচৰ খিৰিকীৰে আগুৰি আছে। খিৰিকীৰ ওচৰত গছ-গছনি আছে।

বেডৰুমৰ এটা চুকত ক’লা-বগা প্ৰিন্টৰ চোফা এখন আছে।

টিপতিহঁতৰ ঘৰৰ শোৱনি কোঠাৰ কাষতে এখন বেলকনি। বেলকনি আৰু কোঠাটোৰ মাজত কাঁচৰ খিৰিকীও আছে।


গছ-গছনি ভাল পোৱাৰ দৰে তেওঁ নিজৰ ঘৰৰ বেলকনিতো বহু গছ ৰোপণ কৰিছে।


ড্ৰয়িং ৰূমত এখন সৰু চোফা। পাতল ৰঙৰ কুশ্বন। ঘৰৰ বেছিভাগ খিৰিকীতে বগা পৰ্দাৰে আবৃত।

আজি এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ লাইট…

এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ।

পৃথিৱীৰ বাবে এঘণ্টা সময়ৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ।

সকলো গ্ৰাহক, ৰাইজলৈ APDCLৰ বিশেষ আহ্বান।

ধৰিত্ৰী ঘণ্টা উপলক্ষে এই বিশেষ পদক্ষেপ।

পৃথিৱীৰ বাবে ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আহ্বান APDCLৰ।

কিমান সময়ৰ পৰা কিমান সময়লৈ বন্ধ ৰাখিব লাগিব অপ্ৰয়োজনীয় বিদ্যুৎ সেৱা।

আজি বিশ্বই পালন কৰিব ‘ধৰিত্ৰী ঘণ্টা’।

নিশা ৮:৩০-৯:৩০ বজালৈ ধৰিত্ৰী ঘণ্টা পালন কৰা হ’ব।

এই সময়ত বন্ধ ৰাখিব অপ্রয়োজনীয় লাইট সমূহ।

ধৰিত্ৰী ঘণ্টা পালনৰ লক্ষ্য জলবায়ু পৰিৱৰ্তন।

বন্ধন বেংক আৰু মহিন্দ্ৰা এন্ড মহিন্দ্ৰাৰ মাজত আকৰ্ষণীয় বাণিজ্যিক বাহন আৰু সঁজুলিৰ বাবে বিত্তীয় সমাধান প্ৰদানৰ বাবে বুজাবুজি চুক্তি…

দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বেংক বন্ধন বেংকে নিজৰ বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ বাবে গ্ৰাহকসকলক সুবিধাজনক বিত্তীয় সমাধান আগবঢ়াবলৈ দেশৰ আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাৰ অধীনত বন্ধন বেংকে সমগ্ৰ বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলি পৰ্টফলিঅ’ত বিত্তীয় সাহায্য প্ৰদান কৰিব আৰু গ্ৰাহকসকলে বেংকৰ বিশাল নেটৱৰ্ক আৰু বিশেষভাৱে প্ৰস্তুত কৰা সহজ পৰিশোধ পৰিকল্পনাৰ জৰিয়তে লাভৱান হ’ব।
এই পদক্ষেপৰ কথা প্ৰকাশ কৰি বন্ধন বেংকৰ কনজিউমাৰ লেণ্ডিং এণ্ড মৰ্গেজ বিভাগৰ মুৰব্বী সন্তোষ নায়াৰে কয় যে, “বন্ধন বেংকে এমএণ্ডএমৰ সৈতে অংশীদাৰিত্ব কৰি অবিৰত বাহন বিত্তীয় সমাধান(ভেহিকল ফাইনেঞ্চিং চল্যুচন) আগবঢ়াই আনন্দিত হৈছে। এই সহযোগিতা বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ গ্ৰাহকৰ বৈচিত্ৰ্যপূৰ্ণ আৰ্থিক প্ৰয়োজনীয়তাসমূহ সেৱা আগবঢ়োৱাৰ প্ৰতি আমাৰ সমৰ্পণ আকৌ এবাৰ প্ৰতিফলিত কৰিব। আমি নিশ্চিত যে দুয়োটা প্ৰতিষ্ঠানে একেলগে প্ৰসাৰ আৰু বাণিজ্যিক বাহন খণ্ডৰ ব্যৱসায়ৰ বৃদ্ধিত সহায় কৰিবলৈ নিৰ্দিষ্ট বিত্তীয় বিকল্প প্ৰদান কৰিবলৈ সক্ষম কৰি তুলিব।” এই অংশীদাৰিত্বৰ বিষয়ে মন্তব্য কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ বাণিজ্যিক বাহনৰ ব্যৱসায়িক মুৰব্বী জালাল গুপ্তাই কয় যে, “এই অংশীদাৰিত্বই আমাক আমাৰ গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ বিত্তীয় সমাধান প্ৰদান কৰাত সহায় কৰিব আৰু প্ৰয়োজনীয় উৎসাহ আৰু আত্মবিশ্বাস প্ৰদান কৰিব, যাৰ জৰিয়তে সমৃদ্ধিশালী হোৱাৰ সুযোগ বৃদ্ধি হ’ব। এই চুক্তিয়ে এমচিই আৰু বন্ধন বেংক দুয়োটো প্ৰতিষ্ঠানকে বিশাল নেটৱৰ্কৰ অন্তৰ্নিহিত শক্তিৰ ওপৰত লাভ আদায় কৰিবলৈ সক্ষম কৰিব।”

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ এক বিস্তৃত পৰিসৰ আগবঢ়ায়। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত মহিন্দ্ৰাৰ সামগ্ৰী ৩.৫ টনৰ পৰা ৫৫ টন ৰেঞ্জলৈকে আগবঢ়ায়, যাৰ ভিতৰত আছে LCV, ICVআৰু HCV। অৱশ্যে, বাণিজ্যিক সঁজুলিৰ স্থানত মহিন্দ্ৰাই বেক-হো লোডাৰ আৰু মটৰ গ্ৰেডাৰ বিক্ৰী কৰে। মহিন্দ্ৰা হৈছে ৪০% তকৈ অধিক বিকাশ হাৰেৰে দ্ৰুতগতিত বিকশিত অ’ইএমবোৰৰ ভিতৰত অন্যতম আৰু ৫০০ৰো অধিক টাচ্চপইণ্টৰ নেটৱৰ্কৰ সৈতে বিক্ৰীৰ পিছৰ সেৱা দ্ৰুতগতিত সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে। বন্ধন বেংক হৈছে নতুন যুগৰ বৰ্তমান সময়ৰ ব্যক্তিগত খণ্ডৰ বেংক, যিয়ে দায়বদ্ধ সামগ্ৰীৰ লগতে গৃহ ঋণ, যাত্ৰী আৰু বাণিজ্যিক বাহন ঋণ, ব্যক্তিগত ঋণৰ দৰে ৰিটেইল সম্পদ সামগ্ৰীৰ ওপৰত সবাতোকৈ প্ৰতিযোগিতামূলক সুতৰ হাৰ প্ৰদান কৰি আহিছে। বন্ধন বেংক ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৫খনতে সম্প্ৰসাৰণ কৰিছে নিজৰ ব্যৱসায় আৰু বৰ্তমান ৬,২৫০তকৈ অধিক বেংক আউটলেটৰ জৰিয়তে ভাৰতৰ ৩.২৫ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াইছে।

বিজেপি বিশ্বৰ আটাইতকৈ অধিক ধন সংগ্ৰহকাৰী দলঃ ভূপেন বৰা…

“বিজেপিৰ অপশাসন আৰু ভ্ৰস্তাছাৰৰ বিৰুদ্ধে যাতে বিৰোধীৰ মূল নেতাসকল সৰ্বসাধাৰণৰ মাজলৈ যাব নোৱাৰে বা প্ৰচাৰ কৰিব নোৱাৰে তাৰবাবেই চৰকাৰে আপৰ নেতা অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু তেওঁ কেইদিনমান আমাৰ মাজত নাথাকিলেও বিৰোধী ঐক্যমঞ্চই সেই অভাৱ পূৰণ কৰিব আৰু অৰৱিন্দ কেজৰিৱাল আৰু হেমন্ত সেনৰ মুক্তিৰ বাবে আমি দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম৷বিজেপিৰ বিৰুদ্ধে এই যুঁজ নিৰবিচ্চিন্ন ভাবে অব্যাহত থাকিব৷” শুক্ৰবাৰে তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন আপোনপেটীয়া লোক বুলি অভিহিত কৰি বৰাই লগতে কয় যে আপোনপেটীয়া লোক এজন দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবেই দেশৰ আটাইতকৈ গণতান্ত্ৰিক ব্যৱস্থা নিৰ্বাচনতো চৰকাৰে হাত দিছে৷নিৰ্বাচনী আয়োগে ৰাজনৈতিক দল সমূহক নিৰ্বাচনী ব্যয়ৰ বাবে সীমা নিৰ্দ্ধাৰণ কৰি অনুমতি দিয়া সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কংগ্ৰেছৰ ১১ টা বেংক একাউণ্ট ফ্ৰীজ কৰিছে আৰু বলপূৰ্বকভাৱে বেংকত জমা থকা কংগ্ৰেছৰ ১১৫.৩২ কোটি টকা উলিয়াই লৈ গৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই পুনৰ কয় যে,ইণ্ডিয়া মিত্ৰজোঁটৰ জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈয়েই প্ৰধানমন্ত্ৰীয়ে এই কাম কৰিছে৷

আনহাতে ইলেক্টৰেল বণ্ডৰ নামত বৃহৎ স্কেম বিজেপিয়ে কৰা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,সন্ত্ৰসবাদী সংগঠনে যেনেদৰে টকা সংগ্ৰহ কৰে তেনেদৰে এই বণ্ডৰ জৰিয়তে বিজেপিয়ে ধন সংগ্ৰহ কৰিছে৷তেওঁ কয়“পাকিস্তানৰ কোম্পানী তথা জুৱাৰীৰ পৰাও ধন সংগ্ৰহ কৰিছে বিজেপিয়ে। সভাপতি বৰাই আৰু কয় যে চিবিআই,আয় কৰ আৰু ঈডি য়ে যি বোৰ অনুষ্ঠানত অভিযান চলাইছিল সেইবোৰৰ টকাৰ অধিকাংশ বিজেপিৰ দলৰ ফাণ্ডত জমা হৈছে।আনহাতে, ইলেক্টৰেল বণ্ডৰ জড়িয়তে ৰাজনৈতিক দল সমূহে যিমান টকা পায় বিজেপিয়ে ইয়াৰ ৫০শতাংশ লাভ কৰিছে আৰু কংগ্ৰেছ এটা প্ৰাচীন ৰাজনৈতিক দল হোৱাৰ পিছতো মাত্ৰ ১১শতাংশহে হে পাইছে বুলি তেওঁ সংবাদ মেলত উল্লেখ কৰে৷তেওঁ কয় যে ইলেক্টৰেল বণ্ড কেলেংকাৰি হেঁচা প্ৰয়োগ কৰি ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল বিজেপিয়ে। বিজেপিয়ে দেশত অৰাজকটাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি বৰাই আৰু কয় যে,কংগ্ৰেছৰ ২১০ কোটি টকাৰ ফিক্সড ডিপোজিতৰ লেনদেন বন্ধ কৰি দিছে৷বৰাই এই সন্দৰ্ভত কয় যে ২০১৭-১৮ত কংগ্ৰেছে দেশৰ সৰ্বসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু ইয়াৰে ভিতৰত ১৯৯কোটি টকা চেক বা আন ধৰণে আদায় দিয়াৰ বিপৰীতে মাত্ৰ ১৪লাখ টকা নগদ সংগ্ৰহ হৈছিল৷এই পৰিমান মাত্ৰ ০.০০৭শতাংশ বুলি উল্লেখ কৰি বৰাই কয় যে আয়কৰ বিভাগে ইয়াৰ বিপৰীতে অতি বেছি ১০হেজাৰ টকাহে জৰিমনা আদায় কৰিব লাগে য’দিও কংগ্ৰেছৰ পৰা ১০৬কোটি টকা জৰিমনা আদায় কৰিছে৷তেওঁ পৃথিৱীৰ ভিতৰতে বিজেপি আটাইতকৈ অধিক ধনসংগ্ৰহকাৰী দল বুলিও মন্তব্য কৰা বৰাই কয় যে কংগ্ৰেছে ৰাজ্যৰ পাঁচখন লোকসভা আসনত ৱাকঅভাৰ পোৱাৰ দৰে হৈ আছে৷তেওঁ পুনৰ কয় যে বিজেপিয়ে ১০-১৪খন আসন পাব বুলি কৈ থকাৰ বিপৰীতে মূল্য বৃদ্ধিত চটফটাই থকা মানুহে কি ভাবিছে সেইটোহে ডাঙৰ কথা৷একেদৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কিয় কৰা নহ’ল,বিজেপি শাসনলৈ আহিলে অবৈধ বিদেশী বহিস্কাৰ কিয় কৰা নহ’ল,পতাকা যিমান ওপৰলৈ উৰিলেও চাহশ্ৰমিকৰ দৈনিক মজুৰি কিয় বৃদ্ধি কৰা নহ’ল,এক পেঞ্চন নীতিৰ দাবী কৰি অহা সকলৰ দাবী কিয় মানিলোৱা নহ’ল এইবোৰ কথা ৰাইজে কেনেদৰে লৈছে সেয়াহে ডাঙৰ কথা বুলি মন্তব্য কৰি বৰাই আৰু কয় যে,সম্প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰীজন গাঁৱে গাঁৱে কিয় ঘূৰি ফুৰিব লগীয়া হৈছে য’দিহে তেওঁলোকে ইমান ভালকামেই কৰিছিল৷সম্প্ৰতি বিজেপিৰ এজনো মন্ত্ৰী বিধায়ক দিছপুৰত কিয় নাই বুলিও প্ৰশ্ন কৰি বৰাই কয় ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ মানুহে নিশ্চয় চাব৷আনহাতে আপক গুৱাহাটী আৰু শোণিতপুৰৰ আসন দুখন এৰি দিবলৈ পত্ৰ লিখাৰ পাছত আপে গুৱাহাটীৰ আসনখন এৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি বৰাই কয়“এতিয়াও সময় আছে৷ পাৰিলে আপ-ৰ প্ৰাৰ্থী গৰাকীয়ে শোণিতপুৰত মনোনয়ন দাখিল কৰিব নালাগে৷”সংবাদমেলৰ পৰাই আপৰ প্ৰাৰ্থীজনলৈ তেওঁ এই আহ্বান জনোৱা বুলিও কয়৷


আনহাতে, বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্রেছক পুৰণি দুটকীয়া নোট বুলি কৰা কটাক্ষৰ উত্তৰত ভূপেন বৰাই কয় যে, কংগ্ৰেছ পুৰণি দুটকীয়া নোট নে বিজেপি অচল দুহেজাৰ টকীয়া নোট সেয়া চাৰি জুনত প্ৰকাশ পাব৷

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছেঃ আন্না হাজাৰে…

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছে। এই মন্তব্য এসময়ত প্ৰিয় শিষ্য অৰবিন্দ কেজৰিৱালৰ গুৰু আনানা হাজাৰেৰ । আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতে তেওঁৰ এসময়ৰ প্ৰিয় শিষ্যৰ বিষয়ে মুখ খুলিছে। আন্না হাজাৰেই কয় “কেজৰিৱালে তেওঁৰ কামৰ পৰিণাম ভোগ কৰিছে। ‘ বছৰটো আছিল ২০১৩। দিল্লীত কংগ্ৰেছ চৰকাৰৰ সেয়া অন্তিম বৰ্ষ আছিল। মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিত। সেই সময়ত অৰবিন্দ কেজৰিৱালে কংগ্ৰেছ চৰকাৰ আৰু শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। আনকি তেওঁ দিল্লীত দুৰ্নীতিৰ প্ৰতিবাদত আন্না হাজাৰেৰ সৈতে অনশনতো বহিছিল। তেওঁ দাবী কৰিছিল যে শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰমাণ হিচাপে তেওঁৰ ওচৰত লাখ লাখ নথি আছে। কেজৰিৱালৰ আন্দোলনে জনসাধাৰণৰ মনত সাঁচ বহুৱাইছিল। কিয়নো ‘স্বচ্ছ’ ভাৱমূৰ্তিৰ আন্না হাজাৰেই তেওঁৰ সৈতে ধৰ্ণাত বহিছিল।


সেই সময়ত, আন্না হাজাৰেই দাবী কৰিছিল যে তেওঁৰ আন্দোলন অ-ৰাজনৈতিক আৰু কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে। কিন্তু পিছত দেখা গৈছিল যে তেওঁৰ ছাঁৰ দৰে লাগি থকা কেজৰিৱালে পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিলে আৰু ক্ষমতাৰ বাঘজৰীও হাতত ল’লে। আন্না হাজাৰেই লগে লগে কেজৰিৱালৰ সংগ ত্যাগ কৰিছিল। আন্না হাজাপেই এতিয়া কৈছে যে ক্ষমতাৰ লোভে কেজৰিৱালক ‘নীতিৰ বিৰুদ্ধে’ কাম কৰিবলৈ বাধ্য কৰিছে। তেওঁ ইয়াৰ পৰিণামো ভুগিব লাগিব। হাজাৰেই কয় “কেজৰিৱালৰ ভূমিকাত মই দুঃখিত। তেওঁ মোৰ সৈতে সুৰাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেওঁ আজি সুৰাৰ বিষয়ে নীতি প্ৰস্তুত কৰি আছে।” ইফালে, কেজৰিৱালৰ অধিবক্তাসকলে তেওঁৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। কিন্তু গোচৰটোৰ শুনানিৰ আগতে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে। কেজৰিৱালৰ অধিবক্তাসকলে কৈছে যে তেওঁলোকে এতিয়া নিম্ন আদালতত আবেদন কৰিব।