ৰাজধানী দিছপুৰত চোৰৰ টিঘিলঘিলনি। ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ।

লুটি নিলে ডেৰ লক্ষাধিক টকাৰ ধঁপাতজাতীয় সামগ্ৰী।

তলা ভাঙি চোৰটোৱে প্ৰৱেশ কৰে দোকানখনত। CCTVত আবদ্ধ চোৰৰ চুৰি কৰা দৃশ্য।
ৰাজধানী দিছপুৰত চোৰৰ টিঘিলঘিলনি। ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ।

লুটি নিলে ডেৰ লক্ষাধিক টকাৰ ধঁপাতজাতীয় সামগ্ৰী।

তলা ভাঙি চোৰটোৱে প্ৰৱেশ কৰে দোকানখনত। CCTVত আবদ্ধ চোৰৰ চুৰি কৰা দৃশ্য।
‘গৌৰৱ গগৈ ফেচবুকৰ এংলো-আছামিজ নায়ক’।

অসমীয়া হ’বলৈ অসমীয়া ভাষা-সংস্কৃতিৰ জ্ঞান থাকিব লাগিব।

মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। গৌৰৱ গগৈৰ অসমীয়া ভাষাক লৈ চৰম তাচ্ছিল্য মন্ত্ৰীগৰাকীৰ।
দেওবাৰে কাহিলিপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আৰ কে ইউনিভাৰ্চৰ অধ্যক্ষ কুন্তল কুমাৰ কৌশিক আৰু পৰিচালন সঞ্চালক ৰুণামণি কৌশিকৰ উদ্যোগত সন্ধিয়া ৬:৩০বজাৰ পৰা অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান৷ এই অনুষ্ঠানত মুঠ ৩১গৰাকী ব্যক্তিক বঁটা আগবঢ়োৱা হয়৷ অসমৰ এগৰাকী বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ গৰিমা আৰু স্মৃতিক চিৰ সজীৱ কৰি ৰখাৰ মানসৰে আৰ কে ইউনিভাৰ্চ নামৰ সংস্থাটোৱে ২০২৩ বৰ্ষৰ বাবে মুখ্যতঃ চলচ্চিত্ৰ আৰু সংগীত,নাটকৰ লগতে ক্ৰীড়া, শান্তি ৰক্ষা, শিক্ষা, স্বাস্থ্য আদি মানৱ কল্যাণমূলক সেৱাসমূহলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক নিপন গোস্বামী জীৱন জোৰা সাধনা বঁটা, নিপন গোস্বামী বঁটা আৰু নিপন গোস্বামী স্বীকৃতি বঁটা ৰূপে এলানি বঁটা আগবঢ়ায় বুলি সংস্থাটোৰ উদ্যোক্তা সকলে জানিবলৈ দিছে৷

দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ বঁটাসমূহ নিৰ্বাচন কৰিবলৈ এইবাৰো এক বিশেষ নিৰ্বাচনী কমিটি গঠন কৰা হৈছিল । কমিটি খনত আছিল জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত পৰিচালক শিৱাণু বৰা, অভিনেতা তথা সংগীত পৰিচালক ভগৱত প্ৰীতম দত্ত,অভিনেতা পৰিচালক দীপক ৰয় আৰু অভিনেতা মিণ্টু বৰুৱা। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ তথ্য আয়ুক্ত তথা অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত,বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱী,ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা ৷অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে সাহিত্যিক স্বপ্নালী মহন্ত,প্ৰশাসনিক বিষয়া মণিতা বৰগোহাঁই, চলচ্চিত্ৰ সমালোচক উৎপল দত্ত উপস্থিত থাকে৷ দেওবাৰে অনুষ্ঠানত নিপন গোস্বামীৰ পুত্ৰ অভিনেতা সিদ্ধাৰ্থ গোস্বামী,বোৱাৰী কিংকিনী গোস্বামীৰ লগতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকলৰ উপস্থিতিত সংস্থাটিয়ে অভিনয়ৰ ক্ষেত্ৰত জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা ২০২৩ মৃদুলা বৰুৱাক আৰু সংগীতৰ ক্ষেত্ৰত
জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা জে পি দাসক প্ৰদান কৰে৷ সংবাদ সেৱাৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে নিপন গোস্বামী বঁটা অতনু ভূঞালৈ আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিশেষ অৱদানৰ বাবে ৰিয়ান পৰাগলৈ নিপন গোস্বামী বঁটা২০২৩ আগবঢ়োৱা হয়৷ সেইদৰে আন আন ক্ষেত্ৰৰ নিপন গোস্বামী স্বীকৃতি বঁটাসমূহো আজি গুৱাহাটীৰ জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ প্ৰসাদ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হয়৷
বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰী,ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা,যুৱ উদ্যোগী দিপাংকৰ বৰ্মনক প্ৰদান কৰা হয় নিপন গোস্বামী স্বীকৃতি বঁটা ২০২৩৷সেইদৰে অভিনেতা অৰুণ নাথ(ৰঘুপতি) ,চিন্ময় কটকী(ৰাঘৱ)হেমন্ত দেৱনাথ(ৰঙাটাপু ১৯৮২),সিদ্ধাৰ্থ শৰ্মা(ৰঘুপতি),অভিজিত দাস(তৰা’ছ হাজবেণ্ড), চলচ্চিত্ৰ পৰিচালক ৰীমা দাস(তৰা’ছ হাজবেণ্ড) পৰিচালক মঞ্জুল বৰুৱা(অনুৰ)সংগীত পৰিচালক তৰালী শৰ্মা(অনুৰ,মমতাৰ চিঠি) অভিনেত্ৰী ক্ৰমে ডা° জাহানাৰা বেগম(অনুৰ) , কল্পনা কলিতা(ৰঙাটাপু১৯৮২), প্ৰিয়ম পল্লৱী(ৰঘুপতি),নৱাগতা অভিনেত্ৰী বিদ্যা ভাৰতী( অনুৰ)য়ে লাভ কৰে নিপন গোস্বামী স্বীকৃতি বঁটা৷সেইদৰে প্ৰযোজক ডা° গোপেন্দ্ৰ মোহন দাস (অনুৰ),পৰিচালক সুব্ৰত কাকতি(ৰঘুপতি) নৱাগত অভিনেতা নিৰুপম শইকীয়া(দি শ্লেমবুক) শিশু শিল্পী প্ৰেৰণা তালুকদাৰ(মমতাৰ চিঠি),কণ্ঠশিল্পী ৰূপম ভূঞা(অনুৰ,এটি নক্ষত্ৰ),গায়িকা মিনাৰ্ভা বড়া( দি শ্লেমবুক), প্ৰডাকছন ডিজাইনাৰ নৱনীতা শৰ্মা(ৰাঘৱ),নৱাগত পৰিচালক আদিত্যম শইকীয়া(ৰঙাটাপু১৯৮২), জনপ্ৰিয় ছবিৰ শিতানত প্ৰযোজক শৈলেন শৰ্মা(ৰঘুপতি),চিনেমেটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰী(ৰাঘৱ),সাজসজ্জা শিল্পী লিনা শইকীয়া(ৰঙাটাপু১৯৮২)শিশু লেখিকা চান্দনিকা চৌধুৰীক প্ৰদান কৰা হয় নিপন গোস্বামী স্বীকৃতি বঁটা ২০২৩৷ বঁটা প্ৰদান অনুষ্ঠানটিত নিপন গোস্বামীক সশ্ৰদ্ধ সোঁৱৰণ কৰি কেইবাটিও গীত নৃত্য পৰিবেশন কৰা হয়৷
শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত তথা ডেম’ক্ৰেচী লাইভৰ সহযোগত দেওবাৰে ‘গল্প কবিতাৰে জীপাল এটি বসন্তৰ আবেলি ‘শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এটি তেজপুৰ চহৰৰ প্ৰসিদ্ধ জ্যোতি ভাৰতী (পকী)ত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উপন্যাসিক, গল্পকাৰ আৰু গীতিকাৰ দিলীপ বৰা, চিকিৎসক তথা বিশিষ্ট লেখক ডা° মাধূৰ্য ঠাকুৰ , তেজপুৰৰ বিশিষ্ট কবি, সাহিত্যিক দিলীপ ফুকন।

দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা সভাখনত উদ্ধোধন কৰে তেজপুৰৰ পৰা প্ৰকাশিত ‘গণকণ্ঠ’ কাকতৰ সম্পাদক ড° প্ৰাণজিৎ হাজৰিকাই। ক্ষীৰদা শইকীয়া দাসৰ এটি গীতেৰে সভা মুকলি কৰা হয়। সভাত প্ৰায় ডেৰ কুৰি কবিয়ে কবিতা পাঠ কৰাৰ উপৰিও বহু কেইজন গল্প কাৰে গল্প পাঠ কৰে। সভাত সভাপতিত্ব কৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ স্থায়ী সভাপতি স্বপন মৈত্ৰই। সভাৰ আঁত ধৰে সম্পাদক সংগীতা ৰাজখোৱাই। সহ সম্পাদক মীনা মহন্তকে আদি কৰি শোণিতপুৰ জিলা কবি সন্মিলনৰ বিষয় ববীয়া সকলে সকলো ধৰণৰ সহযোগিতা কৰি সভাখন সাফল্য মণ্ডিত কৰে।
কৰিমগঞ্জত ভয়ংকৰ ঘটনা
তিনি সন্তানক হত্যা কৰি মাতৃৰো চৰম পন্থা অৱলম্বনৰ চেষ্টা
কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ ডোলুগাংগত গাঁৱত ভয়ানক ঘটনা

মাতৃ শ্বাহেনা আফ্রজে হত্যা কৰিলে তিনি সন্তানক
ঘটনাৰ সময়ত স্বামী ছফিক উদ্দিন ঘৰত নাছিল

দাৰে নিজৰ সন্তানক হত্যা কৰিছিল মাতৃ শ্বাহেনাই
প্ৰথমতে কচুথোৰখিনি ভালকৈ চাফা কৰি কাটি ল’ব। মাছকেইটুকুৰা ভালকৈ ধুই লব। এতিয়া এখন কেৰাহীত অলপ পানী দি কচুথোৰখিনি ৫ মিনিটমান সময় বইল কৰি পানীখিনি পেলাই কচুথোৰখিনি টুকি ল’ব।

আনফালে এখন কেৰাহীত মিঠাতেল দি মাছকেইটুকুৰা ভাজি ল’ব। এতিয়া মাছ ভজা তেলখিনিতে পাঁচফোৰণ দি পকা জলকীয়া, আদা, নহৰু আৰু পিঁয়াজখিনি দি ভালদৰে কিছু সময় ভাজি লব।

অলপসময় পাছত কণবিলাহীখিনি দি পুনৰ এবাৰ লৰাই দিব৷ এতিয়া বইল কৰি থোৱা কচুশাকখিনি দি তাত আন্দাজমতে নিমখ, হালধি, জালুকগুড়ি দি আকৌ এবাৰ লৰাই দি ঢাকোন লগাই দিব। যেতিয়া কণবিলাহী আৰু কচুখিনি সিজি আহিব, তেতিয়া জোখমতে পানী দি ভাজি থোৱা মাছকেইটুকুৰা দিব। অলপ সময় ভালকৈ উতলিব দি তাৰপৰা কাটি থোৱা ধনীয়াখিনি দি নমাই থব।
অসমৰ ঐতিহাসিক নগৰী তেজপুৰত সদৌ অসম বিহু শিল্পী সংস্হাৰ উদ্যোগত আৰু স্হানীয় ৰাইজৰ সহযোগত বিহুৰাণী ৰুবী দাসৰ ঘৰৰ চৌহদত ১১ দিনীয়া বিহুনাচ আৰু ঢোল বাদন প্ৰশিক্ষণৰ কালি সামৰণি পৰে ৷এই প্ৰশিক্ষণত প্ৰায় ৩০গৰাকী শিশুসহ যুৱকৰ ঢোলবাদনৰ প্ৰশিক্ষণ আৰু বিভিন্ন বয়সৰ শিশু সহ ষোড়শী গাভৰুৰো বিহুনাচ প্ৰশিক্ষণ গ্ৰহন কৰি বিহু নাচ আৰু বিহুনামৰ তালে তালে আখৰা গ্ৰহন কৰে। ৷ পৰম্পৰাগত জাতীয় সাজপাৰ পৰিধাৰে বিহুনাচ প্ৰদৰ্শনৰে বিহুৱাই পৰিবেশন কৰা বিহুনামৰ তালে তালে নাচ পৰিৱেশন কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টিকৰা দেখা যায়।

তেজপুৰৰ বৰ বিহুৱতী মমী শইকীয়া, ৰুৱী দাস অঞ্জুমণি ভুঞা, তৰুলতা দাস আৰু জোন বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত এই বিহু নাচ আৰু বিহুনাম আৰু ঢোল বাদনৰ কৰ্মশালাৰ প্ৰশিক্ষণ দিয়া হয়৷ বৰবিহুৱা লক্ষীশইকীয়া, ঢুলীয়া দিব্যজোতি লাহন, সিদ্ধাৰ্থশংকৰ বৰা আৰু প্ৰাক্তন বিহুৱতী তৰুলতা দাসৰ বিভিন্ন আকৰ্ষনীয় নৃত্যৰ ভংগীমাৰে ষোড়শী গাভৰু আৰু শিশুক বিহুনাম আৰু বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ এই বিহুৰ প্ৰশিক্ষণে এক শুদ্ধ নৃত্যশৈলীৰ অনুসৰনৰে নতুন প্ৰজন্মৰ মাজত বিহু নৃত্য গীতৰ প্ৰশিক্ষণ দিয়া সকলেোৱে অতি আগ্ৰহেৰে নৃত্য গীতৰ প্ৰশিক্ষণ গ্ৰহন কৰে আৰু এই ক্ষেত্ৰত অভিভাৱক সকলোৱে বিশেষ সহযোগিতা আগবঢ়াই আয়োজক সকলক উৎসাহিত কৰা বুলিও কয় আৰু ইয়াৰ বাবে সকলোকে অভিনন্দন জনায়৷
বিয়লি এই কৰ্মশালাৰ সামৰণি সভাত প্ৰশিক্ষন প্ৰদান কৰা প্ৰশিক্ষক সকলক গামোছা প্ৰদানৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু প্ৰশিক্ষণ গ্ৰহন কৰা শিক্ষাৰ্থী কলক৷মান পত্ৰও আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়৷ বিহু শিল্পী সংস্হাৰ সভাপতি সুৰেণ হাজৰিকাই আঁত ধৰা সামৰণি সভাত বিশেষভাৱে সমিতিয়ে দীপক শইকীয়া, তৰুলতা দাস আৰু জোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া সৌৰভ পানী ফুকনক কৰ্মশালাত বিশেষকৈ সম্বৰ্ধনা জনায়৷অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, জ্যেষ্ঠ সাংবাদিক মনোজ বৰা উপস্থিতি থাকি বিহুনাম আৰু ঢোলবাদন পৰিৱেশন কৰি সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনায়৷ ১১ দিনীয়া এই প্ৰশিক্ষণৰ অন্তিম দিনলৈকে সকলোৰে পুৰ্ণ সহযোগিতাৰ বাবে বিহু শিল্পী সমাজৰ তৰফৰ পৰা সম্পাদক দীপাংকৰ শইকীয়াই সকলোকে অভিনন্দন জ্ঞাপন কৰে ।
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বড়োভূমিৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে প্ৰাক্তন বিপিএফ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ।

আজি তেখেতে আনুষ্ঠানিকভাবে বিপিএফ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

১২ এপ্ৰিলত UPPLত যোগ দিব চন্দন ব্ৰহ্মই। চিৰাঙৰ চাপাগুৰিত এই মন্তব্য BPF নেতাজনৰ। আজি UPPLত যোগদানৰ কথা আছিল চন্দন ব্ৰহ্মই। আজিৰ পৰিৱৰ্তে ১২ এপ্ৰিলত আনুষ্ঠানিকভাৱে যোগ দিব UPPLত।
তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট লেখিকা, ক্ৰীড়াবিদ অন্ন মহন্তৰ আজি নিশা প্ৰায় ৮ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।১৯৪৩ চনত জন্মগ্ৰহণ কৰা তেজপুৰৰ সমাজ জীৱনৰ অতি সৰবৰহী অন্ন মহন্ত ২০০০ চনত দৰংমহাবিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা আৰু মহাবিদ্যালয়খনৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ দক্ষ অধ্যাপিকা হিচাপে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। শিক্ষকতাৰ সমান্তৰাল ভাৱে মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক আৰু এগৰাকী ক্ৰীড়াবিদ হিচাপেও ছাত্ৰী অৱস্থাৰ পৰাই ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অধ্যাপনা কৰি থকা সময়লৈকে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা অতি জনপ্ৰিয় অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বহুকেইখন গ্ৰন্থৰ স্ৰষ্টা গৰাকী কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ পুত্ৰই অধ্যাপনা কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও আজি নিশা প্ৰায় ৮ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।
দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা হৈ থকা সময়ত বিভাগটোৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা অসম সাহিত্য সভাৰ আজীৱন সদস্যা মহন্ত ছাত্ৰী অৱস্থাৰ পৰাই এগৰাকী গল্পকাৰ, কবি, প্ৰাবন্ধিক হিচাপে পৰিচিত হৈ বিভিন্ন কাকত আলোচনীত নিজৰ লেখা প্ৰকাশ কৰাৰ লগতে “উত্তৰণ আৰু অন্যান্য কবিতা”, ইংৰাজী কবিতা পুথি “দ্য স্কাই ইজ দ্য লিমিট”, মহিলা সৱলীকৰণৰ ওপৰত ৰচনা কৰা “অৰ্ধ আকাশ”, কবিতা পুথি “আলোড়ন”, অসমীয়া গীতৰ পুথি “আই অসমীলৈ গীতৰ শৰাই”, গল্প সংকলন “সত্যাসত্য” প্ৰকাশ কৰি যোৱাৰ লগতে বহুকেইখন অপ্ৰকাশিত গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। সাহিত্য চৰ্চাৰ সমান্তৰালভাবে এগৰাকী ক্ৰীড়াবিদ হিচাপে বিভিন্ন ক্ৰীড়াত বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এইগৰাকী বিদূষী মহিলাৰ মৃত্যুৰ সংবাদে ম্ৰীয়মান কৰি তুলিছে তেজপুৰ বাসীক।
মৃত্যুৰ সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ অধ্যাপক ডাঃ ধীৰাজ চাংৱান, বোৱাৰী অতিৰিক্ত জিলা আয়ুক্ত লীজা তালুকদাৰ, দুগৰাকী বিবাহিত কন্যা আৰু নাতি নাতিনীক এৰি যোৱা অন্ন মহন্তৰ বিয়োগত দৰংমহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি খগেশ্বৰ বৰকাকতী, অধ্যক্ষ ড০ পলাশমণি শইকীয়া, দৰংমহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
অহা ১৯ তাৰিখে অনুষ্ঠিত হ’ব লগা শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ আন এক ভোটগ্ৰহণ প্ৰক্ৰিয়া আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে জিলাখনত ।জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত নিৰ্বাচন কৰি উলিওৱা ৮৫ বছৰ উৰ্ধৰ ২৪০০ গৰাকী প্ৰবীণ ভোটাৰৰ লগতে ডাকঘৰত বিশেষ অসুবিধাৰ বাবে জমা দিবলৈ আহিব নোৱৰা লোকৰ ঘৰে ঘৰে গৈ পোষ্টেল ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি আৰু কাইলৈ দুটা দিনত সম্পন্ন কৰাৰ অৰ্থে আজি পুৱাই যাৱতীয় নিৰ্বাচনী প্ৰপত্ৰ আৰু সঁজুলি লৈ ৯২ টা দলৰ ৪৬০ গৰাকী নিয়োজিত কৰ্মচাৰী দৰংমহাবিদ্যালয়ৰ পৰা ৰাওনা হয় নিৰ্দিষ্ট ঘৰসমূহলৈ।
পুৱাই জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰ সামগ্ৰী সংগ্ৰহ কৰা দৰং মহাবিদ্যালয়ৰ অস্হায়ী কেন্দ্ৰত উপস্থিত হৈ এই ঘৰে ঘৰে গৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া – কৰ্মচাৰী সকলক এই প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰিবলৈ অভিনন্দন জ্ঞাপন কৰাৰ পিছত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণৰ তত্বাৱধানত মাইক্ৰ অবজাৰভাৰ, পোলিং বিষয়া, সহকাৰী পোলিং বিষয়া, ভিডিঅগ্ৰাফৰ আৰু সুৰক্ষা কৰ্মীসহ পাঁচজনীয়া দলৰ ৯২ টা টীম ৰাওনা হয় আৰু ঘৰে ঘৰে গৈ ভোটগ্ৰহণ সম্পন্ন কৰে। জানিব পৰা মতে এই দুটা দিনত পাঁচটা বিধানসভা সমষ্টিৰ ২৪০০ গৰাকী ৮৫ বছৰ উৰ্ধৰ লোকক এই প্ৰক্ৰিয়াৰ দ্বাৰা জিলাপ্ৰশাসনে ভোটদানৰ সুবিধা প্ৰদান কৰিব। উল্লেখ্য যে এই প্ৰক্ৰিয়াৰ দ্বাৰা জিলাখনৰ আটাইকেইটা সমষ্টিতে অধিক উৎফুল্ল হৈ অশীতিপৰ ভোটাৰ সকলে নিজৰ ভোটাধিকাৰ সাৱস্ত্য কৰে।
আনহাতে দেওবাৰে ১৯ এপ্ৰিলৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত হ’ব লগা প্ৰথম পোলিং বিষয়া সকলৰো দ্বিতীয়টো প্ৰশিক্ষণ সম্পন্ন হয় তেজপুৰ মহাবিদ্যালয়ত। প্ৰশিক্ষণ কোষৰ তত্বাৱধায়ক তথা জিলাৰ অতিৰিক্ত নিৰ্বাচনী বিষয়া কবিতা কাকতি কোৱঁৰে সমগ্ৰ প্ৰশিক্ষণ পূৰ্বৰ দৰে আজিও পৰ্যবেক্ষণ কৰি জিলাখনত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন সম্পন্ন হোৱাত বিষয়া – কৰ্মচাৰী সকলৰ সহযোগিতা কামনা কৰে।