Home Blog Page 953

দেৰগাঁৱৰ চোমনী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি…

দেৰগাঁৱৰ চোমনী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি । এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰস্থিতি । থানাৰ চৌহদত যুৱতীগৰাকীৰ মৃতদেহ থৈ ন্যায় বিচাৰি পৰিয়ালৰ লোকৰ লগতে গাওঁ বাসিৰ ক্ৰন্দন । দেৰগাঁও লুকুমাইৰ তৃষ্ণাই আত্মহত্যাৰ চেষ্টা কৰিছিল ৮দিনৰ পূৰ্বে ।

অৰ্ধমৃত অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । শুকুৰবাৰে মৃত্যু হয় যুৱতীগৰাকীৰ। যুৱতীগৰাকীৰ মোবাইলৰ মেচেজত উল্লেখ আছিল স্থানীয় নিবিৰ বৰা নামৰ এজন যুৱকে প্ৰতাৰণা কৰাৰ অভিযোগ।

নিবিৰ বৰাৰ বিৰুদ্ধে গোচৰ দিয়াৰ পাছতো আৰক্ষীয়ে অনুসন্ধান নকৰাৰ অভিযোগ। যোৰহাটৰ পৰা পোনে পোনে মৃতদেহ চোমনী আৰক্ষী চকীৰ চৌহদৰ ভিতৰত নমাই প্ৰতিবাদ ক্ষোভিত ৰাইজৰ ।উত্তপ্ত পৰিস্থিতি বৰ্তমান চোমনী আৰক্ষী চকীত। নিবিৰ বৰা বৰ্তমানো পলাতক ।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

গ্ৰীষ্মকালত দৈৰ উপকাৰিতাৰ বিষয়ে জানক…

দৈ বা দৈ-গাখীৰৰ লগত অসমীয়াৰ সম্পৰ্ক অতি গাঢ় আৰু চিনাকি পুৰণিকলীয়া । ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমীয়াসকল অতি আগৰণুৱা আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত অতি সিদ্ধহস্ত । দেশৰ অন্য প্ৰান্ততো ইয়াৰ প্ৰচলন যথেষ্ট হ’লেও অসমৰ দৰে ব্যৱহাৰিক ক্ষেত্ৰত তেনে বিস্তৃত নহয় । বাকী ৰাজ্যত ইয়াক সাধাৰণতে কিছু খাদ্য প্ৰস্তুতি আৰু ভাতৰ লগত খোৱাৰ বিপৰীতে অসমত একেধৰণৰ ব্যৱহাৰৰ উপৰি বিধে বিধে জা-জলপানৰ লগত জুতি লগাই খোৱাত অতি পাৰ্গত অসমীয়াসকল । প্ৰকৃততে অসমীয়াৰ নিজস্বতা থকা জলপান, যেনে-বৰা চাউল, কোমল চাউল, ভজা চাউল, দোৱাই ভজা চাউল, চিৰা, মুড়ী, সান্দহগুড়ি, পিঠাগুড়ি আদিৰ লগত দৈ মিলাই খালে যি তৃপ্তি পোৱা যায় সেই তৃপ্তি অনন্য । আৰু ব্যৱহাৰৰ পিছত হাত ধুলে এঠা এৰাব নোখোজা চুঙা-টেকেলিৰ দৈও হয়তো অসমতহে পোৱা যায় ।

অৱশ্যে এনে দৈ আজিকালি দুষ্প্ৰাপ্য সামগ্ৰীৰ দৰে হৈ পৰা দেখা গৈছে । তাৰ কাৰণ হৈছে, ম’হৰ অভাৱত ম’হৰ দৈৰ অভাৱ অৱধাৰিত হোৱাৰ উপৰি ম’হৰ গাখীৰৰ ভেজালকৰণ কৰিবলৈ লোৱাত এঠা দৈৰ প্ৰাপ্তিও দুষ্প্ৰাপ্য হ’ব ধৰিছে । তথাপি অৱশ্যে অধিক মূল্যৰ বিনিময়ত এনে দৈ অদ্যাপি বজাৰত অতি কম পৰিমানে হ’লেও পোৱাটো সম্ভৱপৰ হৈ আছে । উল্লেখ্য, সম্প্ৰতি অসমীয়া খাদ্যতো ৰুপান্তৰকৰণৰ কিছু প্ৰভাৱ পৰিবলৈ লোৱাত দৈৰ ব্যৱহাৰিক পৰিসৰো কিছু সীমিত হৈ পৰিছে । সেয়া হ’লেও কিন্তু বিহু বা সকাম-নিকামত দৈৰ প্ৰয়োজনীয়তাক উলাই কৰিব পৰা হোৱাগৈ নাই । আজিও দৈ পঞ্চামৃতৰ এক উপকৰণ ৰুপে প্ৰচলিত হৈ আছে ।

এইটো সৰ্বজনবিদিত যে দৈ হৈছে গাখীৰৰ এবিধ উৎপন্ন দ্ৰব্য । সেয়ে প্ৰকৃতিত ইয়াক মুক্তাৱস্থাত পোৱা নাযায় । মানুহে ইচ্ছা কৰিলে গাখীৰৰ পৰা প্ৰস্তুত কৰি ল’ব পাৰে । গাখীৰ বোলোতে সাধাৰণতে গৰু, ছাগলী, ম’হ, ভেড়া, উট, মেঠোন, য়াক আদি পোহনীয়া জন্তুৰ পৰাই সাধাৰণতে দৈ প্ৰস্তুত কৰা হয় । প্ৰকৃততে বেক্টেৰিয়াবিশেষৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় । সেয়েহে আমাৰ প্ৰকৃতিপ্ৰদত্ত উপকাৰী বেক্টেৰিয়া,

যেনে- ষ্টেপ্ট’ককাছ লেক্টিছ, ষ্টেপ্ট’ককাছ থাৰ্মফিলাছ আৰু ষ্টেপ্ট’ককাছ বুলগেৰিকাছ আদিক এৱাঁ গাখীৰৰ লগত সংযোগ ঘটাব পাৰিলেই আমাৰ অজানিতে গাখীৰ দৈত পৰিণত হৈ উঠিব ।  প্ৰকৃততে বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে গাখীৰৰ কিন্নন ঘটাই দৈত পৰিণত কৰে । সেইবাবেই দৈ প্ৰস্তুতিৰ সময়ত অকণমান পুৰণা দৈ (য’ত বেক্টেৰিয়া সংযোজিত হৈ থাকে) মিহলাই ভালকৈ লৰাই দিয়া উচিত । দৈ প্ৰস্তুতি দ্ৰুততৰ হ’বৰ বাবে অৱশ্যে বায়ুমণ্ডলৰ উষ্ণতা ৩৫-৪০° চে:ৰ আৱশ্যক হয় । সেয়ে ঠাণ্ডাকালিতকৈ গৰমকালি সোনকালে গাখীৰৰ পৰা দৈ পোৱা সম্ভৱ । মন কৰিবলগীয়া যে গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বোহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিড CH3CH(OH)COOH লৈ পৰিৱৰ্তন কৰে ।  ফলত সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি পাব ধৰে । পৰিণতিত দিন বঢ়াৰ লগে লগে দৈৰ টেঙা গুণো বৃদ্ধি পাবলৈ ধৰাত পুৰণা দৈ আমি বেছিকৈ টেঙা পাওঁ ।

খানাপাৰা বাছ ষ্টেণ্ডত ড্ৰাগছ সৰবৰাহকাৰীক আটক…

অসমৰ এছ টি এফৰ দ্বাৰা দিছপুৰ পি এছ অধিকাৰক্ষেত্ৰৰ অন্তৰ্গত খানাপাৰা বাছ ষ্টেণ্ডত অভিযান চলোৱা হৈছিল আৰু তলত উল্লেখ কৰা মহিলাসহ অভ্যাসগত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে। তদুপৰি, উক্ত অভিযানত নিম্নলিখিত ধৰণে সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

হেৰোইন ওজন

: 61 গ্ৰাম।

  1. খালী প্লাষ্টিকৰ পাত্ৰৰ 10 টা নম্বৰ

3.2060 টকা/

  1. এটা ম’বাইল ফোন।

ধৰা পৰা ব্যক্তিসকলৰ নাম আৰু ঠিকনা: 1. শ্ৰীমতী পদুমী গোগোই (বয়স: 50 বছৰ) খানাপাৰাৰ লেঃ ৰাতুল গোগোই, পিএছ: বশীষ্ঠ, কামৰূপ (এম)

  1. মোঃ ৰিজাবুল আলী (বয়স: 23 বছৰ) এছ/অ: ভিলৰ মোঃ জলিল আলী: পলহাজী, পিএছ+ জিলা: বৰপেটা, বৰ্তমান যোগ: কামৰূপ-কাটা, পিএছ- বচিষ্ঠা, জিলা- কামৰূপ(এম) অসম

চাৰিওফালে আমেৰে উপচি পৰাৰ বতৰ ! কেঁচা আমৰ স্বাস্থ্যৰ পক্ষে উপকাৰিতাৰ কথা জানক…

fresh green mango with sweet fish sauce dipping on dark backgroud

এতিয়া গ্ৰীষ্মকাল। চাৰিওফালে আমেৰে উপচি পৰাৰ বতৰ। সকলো বয়সৰ মানুহেই পকা আম পছন্দ কৰে।কিন্তু কেঁচা আমৰ স্বাস্থ্যৰ পক্ষে উপকাৰিতাৰ কথা জানিলে আপুনি নিজকে ধন্য মানিব। কেঁচা আমৰ সুগন্ধত দেহ মন সতেজতাৰে ভৰি পৰে।আটায়েৰে প্রিয় কেঁচা আমত প্রটিন, কার্ব’হাইড্রেট, ভিটামিন চি, মিনাৰেল থকাৰ ওপৰিও প্ৰচুৰ পৰিমাণে পানী থাকে।

  • এছিডিটি গেছট্ৰিক সমস্যাত আজিৰ দিনত কম বেছি পৰিমানে সকলো মানুহেই ভুগে। কেঁচা আম খালে এছিডিটিৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়। ঔষধ গ্রহণ নকৰাকৈ আপোনাৰ হজমশক্তিত কেঁচা আমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
  • গৰমত আমাৰ শৰীৰৰ পৰা বহু পানী ঘাম আকাৰে বাহিৰ হৈ যায়। শৰীৰৰ তৃষ্ণা আৰু পানীৰ ঘাটি পূৰণৰ বাবে সামান্য নিমখ মিহলাই কেঁচা আম খাওক।
  • গৰমৰ দিনত বেছিভাগ মানুহৰ পেটত নানান সমস্যাই দেখা দিয়ে। ডায়েৰীয়া, আমাশয় ও বদহজমৰ দৰে বহু সমস্যাৰ বিৰুদ্ধে কাম কৰে কেঁচা আমে। পাচনতন্ত্রক পৰিষ্কাৰ কৰাৰ ওপৰিও কোষ্ঠকাঠিন্য সমস্যাৰ পৰা মুক্তি দিয়ে কেঁচা আমে।
  • ওজন কমায়ঃ
  • পকা আমতকৈ কেঁচা আমত চেনি(মিঠা) কম থাকে বাবে ই কেলৰি কমোৱাত সহায় কৰে।

  • স্কার্ভি ও দাঁতৰ গুৰিৰ পৰা ৰক্ত ওলোৱা প্রতিৰোধ কৰেঃ
  • কেঁচা আমে আপোনাৰ শৰীৰৰ বাবে প্রয়োজনীয় ভিটামিন চিৰ যোগান ধৰে। স্কার্ভি, এনেমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে।ই দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰাৰ উপৰিও নিঃশ্বাসৰ সময়ত দুর্গন্ধ আৰু দাঁতৰ ক্ষয় ৰোধ কৰে।
  • গৰ্ভৱতী মহিলাৰ মৰ্নিং ছিকনেচ বমিৰভাৱ নোহোৱা কৰেঃ
  • বিশেষ কৰি গর্ভৱতী মহিলাৰ মর্নিং ছিকনেচ দূৰ কৰাত চমকপ্ৰদভাৱে কাম কৰে কেঁচা আমে। সামান্য নিমখ মিহলাই কেঁচা আম খেলে বমি বমি ভাৱ দূৰ হয়।
  • দৃষ্টিশক্তিৰ উন্নতি ঘটায়ঃ
  • কেঁচা আমত আলফা কেৰ’টিন ও বিটা কেৰ’টিনৰ দৰে ফ্লেভানয়েড সমৃদ্ধ হৈ থাকে। এই সকলো উপাদান দৃষ্টিশক্তি ভালে ৰখাৰ ওপৰিও দৃষ্টিশক্তিৰ উন্নতি ঘটায়।
  • লিভাৰ(যকৃত) সুস্থ ৰাখিবলৈ কেঁচা আম খাওঁকঃ
  • লিভাৰৰ ৰোগ নিৰাময়ৰ এটি প্রাকৃতিক উপায় হল কেঁচা আম। কেঁচা আম খোৱাৰ ফলত পিত্তথলিৰ এছিড ও পিত্তৰস বৃদ্ধি পায়। ইয়াৰ ফলত যকৃতৰ কাৰ্যক্ষমতা বাঢ়ি যায়। পাচনতন্ত্রত বেক্টেৰিয়াৰ ইনফেকচন ৰোধ কৰে।
  • ঘামচি প্রতিৰোধ কৰেঃ

  • গ্রীষ্মকালত চালৰ প্ৰধান শত্রু হল ঘামচি। ঘামচিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সকলোতকৈ ভাল উপায় হল কেঁচা আম পান কৰা।
  • ৰক্তৰ সমস্যা দূৰ কৰেঃ
  • কেঁচা আমে শৰীৰৰ কোষক উজ্জীৱিত কৰে আৰু ৰক্তনলীৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ ওপৰিও নতুন ৰক্তকোষ গঠনত সহায়তা কৰে। বিভিন্ন ধৰণৰ ৰক্তৰ সমস্যা যেনে ৰক্তশূন্যতা, ব্লাড কেঞ্চাৰ, ৰক্তক্ষৰণৰ সমস্যা ও টিউবাৰকোল’চিচৰ সংক্রমণৰ পৰা ৰক্ষা কৰে।
  • এনার্জি শক্তি প্রদান কৰেঃ
  • কেঁচা আমে মানৱ শৰীৰৰ বাবে প্রচুৰ পৰিমাণে শক্তিৰ যোগান ধৰে।
  • ঘাম কমায়ঃ
  • কেঁচা আম খালে ঘামৰ মাত্রা কমি যায়। অতিৰিক্ত ঘামি যোৱাৰ ফলত শৰীৰত ছডিয়াম ক্লোৰাইড আৰু আয়ৰণ কমি যায়। এই প্রক্রিয়াক প্রতিৰোধ কৰিবলৈ কেঁচা আম খোৱাটো জৰুৰী।
  • বিশেষ সতৰ্কীকৰণঃ
  • কেঁচা আমৰ ৰস মুখত লাগিলে ও পেটৰ ভিতৰত গলে মুখ,গল ও পেটত ইনফেকচন হব পাৰে। সেয়ে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
  • লেখক: ডা: শ্বাহিদুল প্ৰীতম

গুৱাহাটী আসনৰ পৰা প্ৰাৰ্থীৰ নাম প্ৰত্যাহাৰ আপৰ…

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ মাত্ৰ এদিন পূৰ্বে আম আদমী পাৰ্টিয়ে গুৱাহাটীৰ পৰা প্ৰাৰ্থী ড০ ভবেন চৌধুৰীৰ নাম প্ৰত্যাহাৰ কৰিছে। ইয়াৰ সমান্তৰালকৈ দলটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি বিৰোধীৰ ঐক্যৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছো আৰু ইয়াৰ দায়িত্ব এতিয়া কংগ্ৰেছৰ ওপৰত ।

আম আদমী পাৰ্টিৰ উত্তৰ-পূৰ্বাঞ্চল প্ৰভাৰী ৰাজেশ শৰ্মাৰ মতে, ডিব্ৰুগড় লোকসভাৰ আসন আৰু শোণিতপুৰ লোকসভা আসনৰ পৰা ঘোষণা কৰা প্ৰাৰ্থীৰ নাম প্ৰত্যাহাৰ কৰিবলৈ কংগ্ৰেছক দাবী জনাইছে আপে। একে সময়তে আপে বিবৃতি জাৰি কৰি কয় যে বিৰোধীৰ ঐক্যৰ বাবে আমি আমাৰ প্ৰাৰ্থীক গুৱাহাটীৰ আসনৰ পৰা প্ৰত্যাহাৰ কৰিছো। আমি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো যে আমি যেনেকৈ হাৰ মানিছো তেনেকৈয়ে ডিব্ৰুগড় আৰু শোণিতপুৰৰ আসনৰ পৰা দাবী প্ৰত্যাহাৰ কৰক।

আম আদমী পাৰ্টিয়ে অসম, গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰৰ তিনিখন লোকসভা আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ কংগ্ৰেছেও শোণিতপুৰ আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল। এনে পৰিস্থিতিত আম আদমী পাৰ্টিয়ে গুৱাহাটী লোকসভাৰ আসনৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰি বিৰোধী ঐক্যৰ দায়িত্ব কংগ্ৰেছৰ ওপৰত জাপি দিছে।

“কংগ্ৰেছ দুৰ্নীতিৰ কেঁকটাছ, বিজেপি বিকশিত ভাৰতৰ ধ্বজাবাহক”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজান আৰু চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত পদাৰ্পণ কৰে আৰু তেখেতক বিজেপি-অগপৰ কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। সোণোৱালক সংগ দিয়ে বিধায়ক তেৰছ গোৱালা, বিনোদ হাজৰিকা প্ৰমুখ্যে বিজেপি-অগপৰ দলীয় বিষয়ববীয়া, গণ্য-মান্য ব্যক্তিসকলে। সোণোৱালে ভাষণ প্ৰসংগত কয়, “সৰ্বাংগীণ বিকাশ আৰু আত্মনিৰ্ভৰতা এতিয়া ভাৰতৰ এক নতুন পৰিচয়। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰ পৰাই সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। বিগত ১০ বছৰ হৈছে দেশৰ বাবে সোণালী সময়। বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত কৃষক, যুৱপ্ৰজন্ম, মহিলা শক্তি, আৰ্থিকভাৱে পিছপৰা শ্ৰেণী সকলোৰে আশা-আকাংক্ষা পূৰণ হৈছে। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ আৰু আগশাৰীৰ শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ দিশত যুৱশক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব। সেয়েহে আমাৰ চৰকাৰে যুৱশক্তিৰ সবলীকৰণত বিশেষ

অগ্ৰাধিকাৰ দিছে। কংগ্ৰেছে ষাঠি বছৰ ৰাজত্ব কৰি ভাৰতক বিশ্বৰ বুকুত এখন দুৰ্বল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। কংগ্ৰেছৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চল সম্পূৰ্ণৰূপে অৱহেলিত হৈ ৰৈছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণে প্ৰত্যক্ষ কৰিছে সৰ্বাংগীণ উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন যুগ। যোৱা ১০ বছৰত উত্তৰ-পূবত হোৱা আমূল পৰিৱৰ্তনৰ ফলত সমগ্ৰ অঞ্চলটো এতিয়া বাণিজ্যৰ সম্ভাৱ্য ‘হটস্পট’ হৈ পৰিছে। মোদী ডাঙৰীয়াই উত্তৰ-পূবৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰিছে আৰু এক্ট ইষ্ট নীতিক ত্বৰান্বিত কৰি আছিয়ান, বিবিয়ান গোটৰ দেশসমূহৰ সৈতে বাণিজ্যৰ এক সৌহাৰ্দপূৰ্ণ আৰু সম্ভাৱনাপূৰ্ণ পৰিৱেশ গঢ়ি তুলিছে। লগতে উত্তৰ-পূৰ্বাঞ্চলক অৰ্থনৈতিক পুনৰুত্থানৰ দিশত সক্ষম কৰিছে। কংগ্ৰেছে ষাঠি বছৰ শাসনত থকা স্বত্বেও উত্তৰ-পূৰ্বাঞ্চলক দিলে কেৱল উগ্ৰপন্থা, হত্যা-হিংসা, লুণ্ঠন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কেলেংকাৰী আৰু শোষণ। বিগত ১০ বছৰত মোদী ডাঙৰীয়াই নিজে ৬০ বাৰতকৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে। কংগ্ৰেছ হ’ল দুৰ্নীতিৰ কেঁকটাছ আৰু বিজেপি বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ ধ্বজাবাহক। “আজি কংগ্ৰেছ ত‍্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত কেইবাজনো লোকে যোগদান কৰে। সোণোৱালে সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনায়।

সোণোৱালে লগতে কয়, “এনডিএৰ অংশ হিচাপে অগপ, সন্মিলিত গণ শক্তি, ইউপিপিএলে একেলগে এখন নতুন অসম তথা ভাৰতবৰ্ষ গঢ়াৰ স্বাৰ্থত কাম কৰি যাব লাগিব। অসমক শক্তিশালী ৰূপ দি সামগ্ৰিকভাৱে ভাৰতবৰ্ষক শক্তিশালী কৰাই আমাৰ লক্ষ্য। আজিৰ তাৰিখত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে সন্মানসহকাৰে জীয়াই থাকিবলৈ কেন্দ্ৰ আৰু ৰাজ‍্য চৰকাৰৰ পৰা যথেষ্ট সহায় লাভ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা

লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ জনগণে সামাজিকভাৱে ন‍্যায় পাবলৈ সক্ষম হৈছে, সামাজিক সুৰক্ষা লাভ কৰিছে, সম-অধিকাৰ লাভ কৰিছে। এই গণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিষ্ঠা আৰু সততাৰে কাম কৰিছে। ‘জন ভাগীদাৰী, জন আন্দোলন’ৰ মূলমন্ত্ৰৰে দীক্ষিত হৈ তেওঁ কৰা সুশাসন ব‍্যৱস্থাৰ ফলতে আজি আমি বিশ্বৰ বুকুত নতুন ৰূপত মূৰ দাঙিবলৈ সক্ষম হৈছোঁ। এইখিনি কাম কংগ্ৰেছে ৬০ বছৰ শাসন কৰিও কৰিব নোৱাৰিলে। কংগ্ৰেছে কাম কেৱল শ্লোগানৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে। দৰিদ্ৰতা আঁতৰোৱা, আধুনিক ভাৰত গঢ়াৰ কথা বহুত ক’লে যদিও বাস্তৱত মানুহৰ মনৰ বেদনা বুজিব নোৱাৰিলে। তেওঁলোকে জনসাধাৰণক দিবলগীয়া ন্যূনতম সা-সুবিধা যেনে যাতায়াত, ৰাস্তা-পদূলি, দলং, বিজুলী বাতি, খোৱাপানী, মানুহক থকাৰ বাবে ঘৰ, দৰিদ্ৰ লোকক অন্নমুঠি যোগান ধৰা, ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া শিক্ষা আৰু পোনপটীয়াকৈ অৰ্থদান আদিৰ বাবে অভিলাষী আঁচনি প্ৰৱৰ্তন কৰিব নোৱাৰিলে। কিন্তু মোদী চৰকাৰে এই সকলোবোৰ সা-সুবিধা প্ৰদান কৰি দৰিদ্ৰ নাৰায়ণক যথোচিত ন‍্যায় প্ৰদান কৰিলে। আগতে কেঁচা খৰিৰে ভাত ৰান্ধিবলগীয়া হোৱা দৰিদ্ৰ মহিলাসকলৰ বাবে চৰকাৰে উজ্জ্বলা আঁচনিৰ প্ৰৱৰ্তন কৰিলে।”

কেজৰিৱালৰ বাসভৱনৰ বাহিৰত পাকিস্তানী প্ৰতিবাদকাৰী…

কেজৰিৱালৰ বাসভৱনৰ বাহিৰত পাকিস্তানী প্ৰতিবাদকাৰী! বিজেপিক ক্ষুৰধাৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰীৰ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীক তেওঁৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ কৰা পাকিস্তানী সংখ্যালঘু প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰাৰ বাবে সমালোচনা কৰে। কেজৰিৱালে এইবুলি অভিযোগ কৰে যে বিজেপি আৰু দিল্লী আৰক্ষী উভয়ে প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰিছিল।

অৰবিন্দ কেজৰিৱালে লগতে অভিযোগ কৰে যে বিজেপিয়ে পাকিস্তানী প্ৰব্ৰজনকাৰীসকলক তেওঁলোকৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে।সেয়েহে এই প্ৰতিবাদকাৰীসকলৰ প্ৰতি বিজেপিয়ে সমৰ্থন আগবঢ়াইছে। দেশত চিএএ ৰূপায়ণৰ সমালোচনা কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত সমগ্ৰ ভাৰতত পাকিস্তানী বিয়পি পৰিব আৰু জনসাধাৰণৰ মাজত বিশৃঙ্খলা সৃষ্টি হ’ব।

এক্সত কেজৰিৱালে লিখিছে, “আজি কিছু সংখ্যক পাকিস্তানীয়ে মোৰ ঘৰৰ সন্মুখত প্ৰতিবাদ প্ৰদৰ্শন কৰিছে আৰু মোৰ ঘৰৰ সন্মুখত এক বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীয়ে তেওঁলোকক সম্পূৰ্ণ সন্মান আৰু সুৰক্ষা প্ৰদান কৰিছে। বিজেপিয়ে তেওঁলোকক সম্পূৰ্ণ সমৰ্থন জনাইছে।”

কেজৰিৱালে কয় “দিল্লীৰ জনসাধাৰণে সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ পৰা ক্ষমা বিচাৰিবলৈ তেওঁলোকৰ ধৃষ্টতা আছে নেকি? আৰু বিজেপিয়ে তেওঁলোকক সমৰ্থন কৰিছে নেকি? মোৰ প্ৰতি বিদ্বেষ প্ৰদৰ্শন কৰাৰ সময়ত, বিজেপিয়ে পাকিস্তানীসকলৰ সৈতে থিয় দিছিল আৰু ভাৰতৰ সৈতে বিশ্বাসঘাতকতা কৰিবলৈ আৰম্ভ কৰিছিল। চি.এ.এ. কাৰ্যকৰী হোৱাৰ লগে লগে, এই পাকিস্তানীসকলে সমগ্ৰ দেশতে বিয়পি পৰিব আৰু আমাৰ নিজৰ লোকসকলক হাৰাশাস্তি তথা বিচলিত কৰিব। বিজেপিয়ে তেওঁলোকক দলটোৰ ভোট বেংক হিচাপে সুৰক্ষিত কৰাৰ লক্ষ্যস্থিৰ কৰিছে,” ।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ গোচৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়…

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ক নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ তথ্য ভাগ-বতৰা নকৰাৰ বাবে কঠোৰভাৱে ধমক দিয়ে। এই আঁচনি বাতিল কৰাৰ সময়ত আদালতে এছ বি আইক বিগত ৫ বছৰত কৰা অনুদানৰ সকলো সবিশেষ শ্বেয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল। এই তিৰস্কাৰৰ উপৰিও উচ্চতম ন্যায়ালয়ে বণ্ডৰ নিৰ্দিষ্ট সংখ্যা প্ৰকাশৰ প্ৰশ্নত এছ বি আইক জাননী জাৰি কৰি ইয়াৰ লগত সংৰক্ষিত নিৰ্বাচনী বণ্ডৰ তথ্য নিৰ্বাচন আয়োগক ঘূৰাই দিবলৈ অনুমতি দিয়ে। প্ৰতিটো নিৰ্বাচনী বণ্ডত ছপা কৰা একক আলফানিউমেৰিক ক’ড শ্বেয়াৰ নকৰিবলৈ এছ বি আইৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল উচ্চতম ন্যায়ালয়ত। এই অনন্য সংখ্যাই ৰাজনৈতিক দলৰ সৈতে দাতাসকলক মিলাই দিয়াত সহায় কৰিলেহেঁতেন।

৫জনীয়া ন্যায়াধীশৰ বিশেষ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি সোমবাৰে (১৮ মাৰ্চ) অনুষ্ঠিত হ’ব। দৰাচলতে উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড ক্ৰয় কৰা সকলো লোকৰ তথ্য দিবলৈ নিৰ্দেশ দিছিল। লগতে নিৰ্বাচন আয়োগক এই সকলো তথ্য নিজৰ ৱেবছাইটত আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। নিৰ্বাচন আয়োগে ইয়াৰ কাৰ্যকৰী সন্দৰ্ভত আদেশত সংশোধনী সন্দৰ্ভত আবেদন দাখিল কৰিছে, আজি একেটা বিষয়তে শুনানি অনুষ্ঠিত হয়।

নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত উচ্চতম ন্যায়ালয়ে ১১ মাৰ্চত গৃহীত কৰা আদেশৰ সংশোধনী বিচাৰিছে। ইয়াত আদেশৰ কাৰ্য্যকৰী অংশত কিছু স্পষ্টীকৰণ বা সংশোধনী বিচৰা হৈছে। অৱশ্যে ইয়াৰ সবিশেষ তথ্য এতিয়াও পোৱা হোৱা নাই।

দুৰ্ঘটনাত পতিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ! চিকিৎসালয়লয় ভৰ্তি…

দুৰ্ঘটনাত পতিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, চিকিৎসালয়লয় ভৰ্তি

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে । বংগৰ মুখ্যমন্ত্ৰীৰ দলীয় কাৰ্যালয়ৰ এক্সতকোৱা হৈছে ”আমাৰ অধ্যক্ষ ডাঙৰ আঘাতপ্ৰাপ্ত হৈছে। অনুগ্ৰহ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰক ” ।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কপালত আঘাত পাইছে। অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে দলৰ মুৰব্বীগৰাকীৰ কপালৰ আঘাতৰ লগতে চিকিৎসালয়ৰ বিচনাত তেওঁ পৰি থকা ফটো শ্বেয়াৰ কৰে।

খবৰ অনুসৰি তেওঁ কালিঘাটৰ বাসভৱনত পিছলি পৰে। তেওঁক লগে লগে দলীয় কৰ্মীসকলে এছএছকেএম চিকিৎসালয়লৈ লৈ গৈ তাত ভৰ্তি কৰোৱায়।

অৱশেষত নিযুক্তি দিয়া হ’ল দুগৰাকীকৈ নিৰ্বাচন আয়ুক্তক ! জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক…


অৱশেষত নিযুক্তি দিয়া হ’ল দুগৰাকীকৈ নিৰ্বাচন আয়ুক্তক। জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক নতুন নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থকা বাছনি সমিতিয়ে তেওঁলোকৰ নিযুক্তিত অনুমোদন জনাইছে।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে গঠন কৰা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল। উল্লেখযোগ্য যে লোকসভাত বিৰোধী দলৰ নেতাসকলকো বাছনি সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।

বৰ্তমান কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰী নিম্ন সদনৰ বিৰোধী দলৰ নেতা। নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে গঠন কৰা সমিতিৰ অংশ অধীৰ ৰঞ্জন চৌধৰীয়ে কয় যে “কমিটীত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা আছে। মই যিয়েই নকওঁ কিয়…চৰকাৰে যি বিচাৰে সেয়াই হ’ব।