Home Blog Page 963

হয়,মই  Exit exam সমৰ্থন কৰোঁ : ৰিপণ জামান…


যোৱা কেইদিনমানৰে পৰা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমবোৰত বিশেষকৈ ফেচবুকত exit exam ক লৈ ৰাজ্যৰ ফাৰ্মাচীষ্ট সকলৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছে৷ যুক্তি তৰ্কই সীমা চেৰাই গৈছে ৷ কথা হ’ল যুক্তি তৰ্ক চলক আমাৰ কবলগীয়া একো নাই কিন্ত কিচুমানৰ যুক্তি তৰ্কৰ ভাষাই শালীনতা চেৰাই গৈছে, যিটো খুব দুখজনক আৰু লজ্জাজনক৷ আমি সকলোকে আহ্বান জনাইছোঁ সামাজিক মাধ্যমত ফাৰ্মাচীষ্ট জাতিটোক আৰু লজ্জিত নকৰিব,সকলোৱে সংযত হওক আৰু শালীনতা বজাই ৰাখক৷ যিটো বিষয়লৈ ইমান হুলস্থূল হৈ আছে আচলতে এই বিষয়টো লৈ ইমান হুলস্থূল হবই নালাগিছিল৷ হুলস্থূল হোৱা বিষয়ো হয়তো নহয়৷ হুলস্থূল হোৱাৰ  কাৰণ হয়তো   বৰ্তমানৰ পঞ্জীয়ক জনৰ দুৰ্বল ভুমিকা৷পঞ্জীয়ক জনে এক বলিষ্ঠ ভুমিকা পালন কৰিব পাৰিব লাগিছিল যিটো তেওঁ অভিজ্ঞতাৰ অভাৱত হয়তো নোৱাৰিলে৷ যাৰবাবে এই বিশৃংখলতা৷গতিকে আমাৰ ফালৰ পৰাও  তেখেতক অনুৰোধ কৰিম ,আপুনি যিহেতু সমস্যা সমাধানৰ ক্ষেত্ৰত অসফল হৈছে অনুগ্ৰহ কৰি আপোনাৰ ফালৰ পৰাও চৰকাৰক কাউঞ্চিল গঠন কৰাৰ বাবে হেচা দিয়ক,আন নহলেও মনোনীত সদস্যৰে হলেও কাউঞ্চিল খন গঠন কৰাৰ ব্যৱস্থা কৰক৷

কাউঞ্চিল খন গঠন হলে আপোনাৰো বহু কাম উজু হৈ পৰিব আৰু এই সমস্যাৰো সমাধান হব বুলি আমি বিশ্বাস কৰোঁ৷ মোৰ বোধেৰে অসমত চাগে এনেকুৱা এজন প্ৰকৃত ফাৰ্মাচীষ্ট নোলাব যিয়ে exit examৰ বিৰোধিতা কৰে৷ কিন্ত এই exam হব লাগিব ভাৰতীয় ফাৰ্মাচী পৰিষদৰ মতে বা অসম চৰকাৰৰ নিৰ্দেশনা মতে, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মতে নহয়৷ কিয়নো অসম ফাৰ্মাচী কাউঞ্চিল দায়বদ্ধ অকল ভাৰতীয় ফাৰ্মাচী কাউঞ্চিলৰ ওচৰত আৰু অসম চৰকাৰৰ ওচৰত৷  তেনেক্ষেত্ৰত শংকৰদেৱ বিশ্ববিদ্যালয়ে জাৰি কৰা নিৰ্দেশনা অসম ফাৰ্মাচী কাউঞ্চিলৰ বাবে কিমান দুৰ গ্ৰহণযোগ্য আমি নাজানোঁ৷ মনকৰিবলগীয়া কথাটো হ’ল ভাৰতীয় ফাৰ্মাচী কাউঞ্চিল আৰু অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনাত কাৰো একো দ্বিমত নাই বুলি বহুতেই কব খোজে আৰু সকলোৱে মানিও লৈছে৷অৱশ্যে দুয়ো খন জাননীৰ মাজত পাৰ্থক্য অলপ আছে৷ পি চি আইয়ে অকল ডিপ্লোমা খিনিকহে সাঙুৰিছে কিন্ত অসম চৰকাৰে বি ফাৰ্ম খিনিকো সাঙুৰি লৈছে যিটো আমিও সমৰ্থন কৰোঁ৷ পি চি আইয়ে চৰকাৰী বেচৰকাৰী সকলোকে সাঙুৰিব বিচাৰিছে কিন্ত অসম চৰকাৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনৰ শিক্ষানুষ্ঠান বোৰক ইয়াৰ আওতাত আনিব বিচৰা  নাই যিটো সমৰ্থন যোগ্য হব নোৱাৰে বুলি আমি ভাবো, যিহেতু শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ অধীনৰো বহু শিক্ষানুষ্ঠানৰ শিক্ষাৰ মানদণ্ড তেনেই পুতৌ লগা আৰু exit examৰ উদ্দেশ্যই হৈছে বৃত্তিটোৰ মানদণ্ড উন্নত কৰা৷যি দেখিছো ফাৰ্মাচীষ্ট সকলৰ মাজত অসন্তুষ্টি একমাত্ৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জাননী খনক লৈহে য’ত অকণমান আসোঁৱাহ আছে বুলি আমিও অনুভৱ কৰোঁ৷ যিয়েই নহওক  কিন্ত Exit exam আমিও সমৰ্থন কৰোঁ৷ ৪০/৫০ বছৰ বয়সতো কোনো দিনে ফাৰ্মাচী শিক্ষানুষ্ঠানলৈ নোযোৱাকৈয়ে বক্ৰ পথেৰে বৃত্তিটোত সোমোৱাৰ যি এক প্ৰক্ৰিয়া চলি আছে তাক বন্ধ কৰিবৰ বাবেই মই exit exam সমৰ্থন কৰোঁ৷কিন্ত এই যি এক অবৈধ প্ৰক্ৰিয়া চলি আছে সেয়া ভাৰতীয় ফাৰ্মাচী পৰিষদৰ অজ্ঞাতে চলি আছে বুলি ভাবিলে হয়তো ভুল হব৷ আইনৰ সুৰুঙাৰে,পি চি আইৰ নাকৰ তলেৰে  কিচুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমুহে ধনৰ বিনিময়ত এই কাম কৰি আছিল৷ গতিকে পি চি আইয়ে নজনাৰ কোনো কাৰণেই থাকিব নোবাৰে৷

পি চি আইয়ে  পলমকৈ হলেও বুজি পালে আৰু   এই প্ৰক্ৰিয়া বন্ধ কৰিবলৈ exit exam ৰ ঘোষণা কৰিলে তাৰবাবে পি চি আইক ধন্যবাদ৷কিন্ত এই exit exam এ এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব পাৰিবনে? সম্পূৰ্ণ ভাবে নোৱাৰিলেও যথেষ্ট পৰিমাণে হয়তো কমাব পাৰিব সেয়া খাটাং৷ exit exam ৰ অজুহাতত এতিয়া  হয়তো ক’চিং চেন্টাৰৰ ৰূপত আৰু এটা ব্যৱসায়ৰ পথ মুকলি হব৷ হয়তো তেতিয়া কোনোবাই আগৰদৰেই সকলো নথিপত্ৰ যোগাৰ কৰি ক’চিং চেন্টাৰবোৰত ক’চিং  কৰিয়ে  পোনে পোনে আহি exit exam ত বহিবলৈ যে চেষ্টা নকৰিব তাৰো কোনো নিশ্চয়তা নাই৷ ডাঙৰ কথাটো হ’ল শংকৰদেৱ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা exit examত উত্তীৰ্ণ হোৱা ছাত্ৰজনে আকৌ  পি চি যদি আইয়ে  সৰ্ব ভাৰতীয় পৰ্যায়ত এই পৰীক্ষা অনুষ্ঠিত  কৰে তাতো ছাত্ৰছাত্ৰীসকলে অৱতীৰ্ণ হবই লাগিব নেকি? পি চি আইৰ exit exam উত্তীৰ্ণ নোহোৱাকৈ  কাউঞ্চিলৰ পঞ্জীয়ন পাবনে?যদি নাপায় তাৰমানে কি ছাত্ৰছাত্ৰী সকলে দুবাৰকৈ এই পৰীক্ষাত অৱতীৰ্ণ হব লাগিব? কথাটো অসম ফাৰ্মাচী কাউঞ্চিলে স্পষ্ট কৰিব লাগিব৷ এতিয়া কথাটো হ’ল কিবা কাৰণত যদি পি চি আইয়ে exit exam অনুষ্ঠিত নকৰে বা কৰিব নোৱাৰে তেতিয়া কি হব?আমাকতো exit exam লাগিবই৷তেতিয়া কিন্ত অসম চৰকাৰৰ exit exam ৰ বাহিৰে আন একো গত্যন্তৰ নাথাকিব৷তাৰবাবে অসম চৰকাৰে জাৰি কৰা জাননী খনত কিচু সংশোধন আৰু সংযোজন প্ৰয়োজন আছে বুলি আমি ভাবোঁ৷তেতিয়া কিন্ত অসম ফাৰ্মাচী কাউঞ্চিল এক বলিষ্ঠ ভুমিকা পালন কৰিব লাগিব৷ৰাজ্যৰ ফাৰ্মাচী শিক্ষাবিদ সকলৰ পৰামৰ্শ মতে অসম ফাৰ্মাচী কাউঞ্চিলে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সৈতে আলোচনা মৰ্মে এই সংশোধন কৰিব পাৰিব লাগিব৷এতিয়া কথাটো হ’ল exit exam পি চি আইয়ে পাতক বা শংকৰদেৱ বিশ্ববিদ্যালয়ে পাতক,পাতি থাকক তাত কাৰো একো কবলগীয়া নাই কিন্ত অসম ফাৰ্মাচী কাউঞ্চিলৰ খেলিমেলিৰ বাবে যি সকলে পঞ্জীয়নৰ পৰা বঞ্চিত হৈ আছে,যি সকল এই exit examৰ আওতাত নপৰে তেওঁলোকক পঞ্জীয়ন দিয়াৰ ব্যৱস্থা অতি সোনকালে কৰক৷বক্ৰ পথেৰে ফাৰ্মাচীষ্ট হোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ আৰু বৃত্তিটোৰ মানদণ্ড উন্নত কৰিবলৈ exit examৰ প্ৰয়োজন কোনেও নুই কৰিব নোৱাৰে৷গতিকে exit exam হবই  লাগিব কিন্ত এক স্পষ্ট আৰু সকলোৰে গ্ৰহণযোগ্য নীতিনিয়মৰ মাজেৰে হব লাগিব৷

Guwahati City FC’s AFC C Diploma begins…

AFC C Diploma Course organized by the Guwahati City FC (GCFC) began today at the Sonapur Stadium. The course which is being organised in association with Sonapur Sports Association and DBI, Sonapur is being attended by 24 coaches across north east. All India Football Federation instructor C. Rabisankar Singh is leading the course which shall conclude on 11 April.

GCFC Directors Darick Ranjan Deka, Kaustab Chakraborty and club physio Dr Jeuti Sarma attended the opening ceremony today.

কেন্সাৰ হোৱা কেনেকৈ গম পাব ! প্ৰাথমিক লক্ষণ সমূহ জানক…

কেন্সাৰ প্ৰাথমিক লক্ষণ –

কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেট ৰুপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকোৱা দেখাপায় তেনেহলে অবেহলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব।

আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱৰ পূৰ্বে কেনেধৰনৰ লক্ষ়ণেৰে কেন্সাৰৰ সংকেত দিয়ে।

পাকস্থলীৰ সমস্যা –

পাকস্থলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰণ সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকেই। কিন্তু অনবৰত পাকস্থলীত সমস্যা হৈ থকাতো Colonia colorectal কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। ডায়েৰিয়া আৰু ডিচেন্তি আদি সমস্যা সমূহে এই লক্ষণ প্ৰকাশ কৰে। ইয়াৰ কাৰনে পেটত গেছ আৰু পিঠিৰ বিষৰ সমস্যা হব পাৰে।

ৰক্ত স্ৰাৱ হোৱা –

অনবৰতে ৰক্ত স্ৰাৱ উলাই থকাতো কেন্সাৰৰ লক্ষণ হব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনে হলে অন্তত হোৱা ঘাঁৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হব পাৰে।

ইয়াৰ লগতে শৌচ প্ৰস্ৰাৱ কৰা সময়ত যদি কষ্ট বা মুত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায় তেনেহলে পষ্ট্ৰেত কেন্সাৰ অথবা ডিম্বগ্ৰন্থী কেন্সাৰৰ লক্ষণ হব পাৰে।

মহিলা সকলৰ মাহেকীয়া ঋতুস্বাৱৰ পাছতো যদি স্ৰাৱ বন্ধ নহয় তেনেহলে এই সমস্যাটো গুৰুত্ব সহকাৰে লব লাগে। কাৰন এইটো কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। গতিকে শীৰ্ঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।

ৰাতি অত্যাধিক ঘমা –

যদি ৰাতি শুৱাৰ সময়ত ঘাম অত্যাধিক উলাই তেনেহলে এইয়া কোনো ঔষধৰ সেৱন কৰাৰ বাবে শৰীৰত পৰা প্ৰভাব বা অন্তত হোৱা সংক্ৰমনৰ সংকটো হব পাৰে। যদি এই সমস্যা ধাৰাবাহিক ভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম উলোয়া বন্ধ নহয়। তেনে হলে আপুনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

গাৰ বিষ হোৱা আৰু দূৰ্ব্বল অনুভৱ হোৱাঃ-

বেয়া কৈ খোৱা বা দিঘলীয়া সময় ধৰি অসুবিধা জনক ভাবে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক কিন্ত কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো colorectal বা প্ৰষ্টেত কেন্সাৰৰ কাৰন হব পাৰে। ইয়াৰ উপৰিও কঁকালৰ উচৰৰ মাংস পেশী বোৰতো বিষ হোৱা, কোনো ধৰনৰ শ্ৰম নোহোৱাকৈ সুউব ভাগৰুৱা অনুভৱ কৰা আদিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গন্য কৰা হয়।

ওজন কমি যোৱা –

কোনো ধৰনৰ কাৰণ নোহোৱোকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষন হব পাৰে। ভোক নলগা খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেস্থ পৰিমানৰ খাদ্য খাব নোৱাৰাটোও কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে।

একেৰাহে কাঁহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূ্ম্ৰপ্ৰান কৰা লোকৰ কাহ আহে কিন্তু যদি কোনো কাৰন নোহোৱাকৈ একেৰাহে কাহিঁ থাকে তেনে হলে ই হাওঁফাওঁ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। যদি কাঁহৰ সৈতে তেজ উলাই আহে তেনেহলে ডাক্তৰৰ কাষ চাপিব। ডি়ঙিৰ বিষ হলে খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

বুকুৰ জ্বলাপোৰা হোৱা আৰু বদহজমি –

বুকুৰ জ্বলা পোৱা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্ব সাধাৰনতে হৈ থকাটো এক সাধাৰন সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মচলা যুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰন সমস্যা কিন্ত যদি এই সমস্যা ধাৰাবাহিক ভাৱে হৈ থাকে তেনেহলে খাদ্য নলিত বা পাকসস্হলীত কেন্সাৰ হোৱা সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হলে অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।

সঘনাই জ্বৰ হোৱা আৰু ইনফেকচ্চন হোৱা –

দীৰ্ঘ সময় ধৰি জ্বৰত ভূগি থকাতোওঁ অথবা ইনফেকচন হৈ থকাতো কেন্সাৰ কাৰণ হব পাৰে। 
অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-সাংঘাতিক ভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰনৰ কেন্সাৰৰ কাৰণ হব পাৰে।

উশাহ চুটি হোৱাঃ-

শ্বাস প্ৰশ্বাস ঘনাই লব লগা হলে আৰু বকুত ঘেৰঘেৰনী শব্দ হোৱাটোও হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে।

জণ্ডিছ –

দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল্ডব্লাডৰৰ সমস্যা হৈ থকা বা জণ্ডিচ হোৱা আৰু চকুৰ মনিৰ বগা অংশ হালধীয়া হৈ যোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে

শৰীৰৰ যিকোনো থাইত টেমুনা হোৱাঃ- মহিলা স্তন, ডিঙি, পেট, কাষলতি আদিত দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাতোও কেন্সাৰৰ লক্ষণ হব পাৰে।

শৰীৰত হোৱা তিলৰ পৰিৱৰ্তন –

সাধাৰনতে শৰীৰত থকা তিলে কোনো ধৰনৰ সমস্যা সৃষ্টি নকৰে কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হবলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্বন ঘটিব পাৰে।

নখৰ পৰিৱৰ্তনঃ-

কোনো কাৰন নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তন হয় তেনে হলে বুজিব লাগিব যে আমাৰ দেহত নিশ্চয় কিবা নহয় কিবা পৰিৱৰ্তন ঘতিছে। যদি নখৰ ৰং মুকুটাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তন হৈ মটীয়া হয় তেতিয়া অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাওঁ আৰু চালৰ কেন্সাৰ ৰোগৰ সংকেট হব পাৰে।

পেটৰ বিষ –

ককাঁল আৰু তল পেতৰ বিষ হলে কেতিয়াও অৱহেলা নকৰিব। কাৰণ এনে লক্ষণ অভাৰি, স্তন, কলন আৰু গুহ্যদ্বাৰ কেন্সাৰৰ সংকট হব পাৰে।

আবৰ্ণনীয় বিষঃ-

ধাৰাবাহিক ভাৱে হোৱা অৱৰ্ণনীয় বিষ যদি এক মাহতকৈও বেছি দিন ধৰি হৈ থাকে তেনে হলে ই হাৰ্ট বা টেষ্টিকল কেন্সাৰৰ সংকেট হব পাৰে।

লেখক: ডাঃ হৰিকান্ত দাস।

গুৱাহাটীৰ চিটী এফচিৰ এএফচি চি ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ…

গুৱাহাটী চিটী এফচি (জিচিএফচি)য়ে আয়োজন কৰা এএফচি ডিপ্ল’মা পাঠ্যক্ৰম আজিৰেপৰা সোণাপুৰ ষ্টেডিয়ামত আৰম্ভ হৈছে । সোণাপুৰ ক্ৰীড়া সন্থা আৰু ডিবিআই, সোণাপুৰৰ সহযোগত হোৱা এই পাঠ্যক্ৰমত উত্তৰ পূবৰ ২৪গৰাকী প্ৰশিক্ষকে অংশ লৈছে ৷

এআইএফএফৰ ইনষ্ট্ৰাক্টৰ চি ৰবিশংকৰ সিঙে এই পাঠ্যক্ৰমত প্ৰশিক্ষণ দিছে । আজিৰ উদ্বোধনী অনুষ্ঠানত জিচিএফচিৰ সঞ্চালকদ্বয় ডেৰিক ৰঞ্জন ডেকা আৰু কৌস্তৱ চক্ৰৱৰ্তীৰ লগতে ক্লাব ফিজিঅ’ ডঃ জেউতি শৰ্মা উপস্থিত থাকে ৷

ব্যায়ামৰ পিছত ভাগৰুৱা অনুভৱ কৰে নেকি? ব্যায়ামৰ পিছত কি খাদ্য গ্ৰহণ কৰিব…

ব্যায়ামৰ পিছত সঠিকভাৱে খাদ্য গ্ৰহণ নকৰাৰ ফলত কৰ্মক্ষমতা হ্ৰাস পায়। সেই সময়ত যদি আপুনি অস্বাস্থ্যকৰ খাদ্য খায় তেন্তে আপোনাৰ সকলো কষ্ট অপচয় হৈ যাব। গতিকে শাৰীৰিক ব্যায়ামৰ পিছত কি কৰিব, শৰীৰ শক্তিশালী কৰি ৰাখিবলৈ সকলো জানিব লাগিব। শাৰীৰিক ব্যায়ামৰ পিছত শৰীৰক জিৰণি আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। ব্যায়ামৰ পিছত যদি আপুনি সঠিকভাৱে খাদ্য গ্ৰহণ নকৰে তেন্তে কাম কৰাৰ ক্ষমতা কমি যাব, গোটেই দিনটো শৰীৰে অলস অনুভৱ কৰিব। কিন্তু ব্যায়ামৰ পিছত ভজা খাদ্য বা আন অস্বাস্থ্যকৰ খাদ্য খালে সকলো প্ৰচেষ্টা বিফল হ’ব। গতিকে শাৰীৰিক ব্যায়ামৰ পিছত কি খাব জানো আহক-

১) ব্যায়াম কৰোতে ঘামৰ লগত শৰীৰৰ পৰা বহুত পানী ওলাই আহে। ফলত শৰীৰত জলসিঞ্চিত কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো প্ৰয়োজনীয়। কিছু সময় ব্যায়াম কৰাৰ পিছত পানী খাব লাগে। দীৰ্ঘদিন ব্যায়াম কৰাৰ পিছত যদি গধুৰ আহাৰ খাবলৈ মন নাযায় তেন্তে পাতলীয়া আহাৰ খাব পাৰে। দৈ বা গাখীৰ, ঘৰত যিয়েই নহওক কিয়, আপোনাৰ পছন্দৰ কিছুমান ফল খাব পাৰে। ব্লেণ্ডাৰত গাখীৰৰ সৈতে আপেল, কল, ষ্ট্ৰবেৰী আদি যিকোনো ফলৰ সৈতে স্মুদি বনাব পাৰি। তাৰ লগত কিছু বাদাম আৰু খেজুৰ মিহলাই লোৱা ভাল। এনেকৈও খাব পাৰে।

২) ব্যায়ামৰ পিছত প্ৰটিন সমৃদ্ধ খাদ্য খোৱা ভাল। তেতিয়া শৰীৰটো সহজে দুৰ্বল হৈ নাযায়। প্ৰটিনে শৰীৰৰ উষ্ণতা বজাই ৰাখে। অমলেট, চিকেন চালাড, দৈ, চীজ, গ্ৰীক দৈ খাব পাৰি। শক্তিশালী হৈ থাকিব।

৩) ব্যায়ামৰ পিছত কেৱল প্ৰটিনেই নহয় কাৰ্বহাইড্ৰেটৰো প্ৰয়োজন হয়। কাৰ্বহাইড্ৰেটে শৰীৰক ভিতৰৰ পৰা ফিট কৰি ৰাখে। অৱশ্যে কাৰ্বহাইড্ৰেট খাওতেওঁ সাৱধান হ’ব লাগিব। সাধাৰণ আলুৰ সলনি মিঠা আলুৰ চাট বনাব পাৰি। ফল খাব বিচাৰিলে আপেলৰ সলনি তৰমুজ খাব। ইয়াৰ উপৰিও পিনাট বাটাৰ আৰু কলৰ দ্বাৰা তৈয়াৰী ব্ৰাউন ব্ৰেড চেণ্ডুইচও খাব পাৰে।

৪) আখৰোট আৰু আলমণ্ডৰ খাব পাৰে। এই বাদামবোৰত প্ৰচুৰ পৰিমাণে আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি থাকে।

কিন্তু ব্যায়ামৰ পিছত লগে লগে গধুৰ বস্তু নাখালে ভাল। শৰীৰটো সবল কৰি ৰাখিবলৈ ব্যায়ামৰ আধা ঘণ্টাৰ পৰা ১ ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণ কৰিব লাগে। সকলোৰে শৰীৰ বেলেগ বেলেগ, ব্যায়ামৰ ধৰণ বেলেগ বেলেগ, পুষ্টিৰ প্ৰয়োজনীয়তাও বেলেগ বেলেগ। গতিকে কিমান পৰিমাণৰ প্ৰটিন আৰু কাৰ্বহাইড্ৰেটে শৰীৰৰ কোনো ক্ষতি নকৰে সেয়া কেৱল পুষ্টিবিদজনেহে ক’ব পাৰে। গতিকে ব্যায়াম কৰাৰ উপৰিও খাদ্যৰ বাবেও এজন পুষ্টিবিদৰ পৰামৰ্শ লোৱা উচিত।

২৫ বছৰীয়া বিবাহ জীৱনৰ অন্তত কাজলক বিয়া কৰোৱাৰ কাৰণ ক’লে অজয়ে…

অজয়-কাজলৰ দুই পুত্ৰ-কন্যাৰে এটা সুখী পৰিয়াল। কিন্তু অভিনেত্ৰী গৰাকীৰ কিছু গুণৰ বাবে বলীউডৰ সিংঘমে তেওঁক বিয়া কৰাইছিল। তিনি দশকৰ জিলিকি থকা কেৰিয়াৰত ইখনৰ পিছত সিখন সফল ছবি। অজয় দেৱগন আৰু কাজলৰ কৰ্ম বা ব্যক্তিগত জীৱন সম্পৰ্কে আলোচনাৰ কোনো স্থান নাই। বলীউডত সম্পৰ্ক আৰু বিবাহ সন্দৰ্ভত হাজাৰ হাজাৰ জল্পনা-কল্পনাৰ মাজতে এই তাৰকা দম্পতীক লৈ কোনো ধৰণৰ উৰাবাতৰি। অজয়ক বিয়া কৰাবলৈ কেৰিয়াৰৰ মাজভাগতো সকলো ত্যাগ কৰিছিল তনুজা-কন্যাই। তেওঁলোক বিবাহৰ ২৫ বছৰ অতিক্ৰম কৰিলে। দুই পুত্ৰ-কন্যাৰে সুখী পৰিয়াল তেওঁলোক। বিভিন্ন সাক্ষাৎকাৰত অজয়ৰ সৈতে বিবাহিত জীৱনৰ সবিশেষ প্ৰকাশ কৰে কাজলে। তাৰ তুলনাত মৃদুভাষী অজয়ে কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কথা তেনেকৈ কোৱা নাই। অৱশ্যে এক সাক্ষাৎকাৰত অজয়ে কাজলক বিয়া কৰোৱাৰ কাৰণ ক’লে। অজয়ে কাজলক বিয়া কৰোৱাৰ কাৰণ কি জানো আহক-


১৯৯৯ চনৰ ২৪ ফেব্ৰুৱাৰীত কাজলে অজয়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সেই সময়ৰ এগৰাকী সফল অভিনেত্ৰী কাজলে হঠাৎ অজয়ক বিয়া কৰাইছিল। অৱশ্যে কাজলৰ পিতৃ শ্বামু মুখাৰ্জীয়ে কন্যাই অজয়ৰ সৈতে বিয়া হ’ব বুলি শুনি চাৰিদিনলৈকে কথা নপতাকে থাকিল। অৱশ্যে শেষত পৰিয়ালটোৰ সান্নিধ্যত ঘৰুৱাভাৱে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।


লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ…

লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ। পৃথকে পৃথকে ১৪ লোকসভা সমষ্টিত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উপলক্ষে ১৯ এপ্ৰিলত স্থানীয় বন্ধ। ৫ লোকসভা সমষ্টিৰ ক্ষেত্ৰত হ’ব প্ৰযোজ্য।

১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত নিৰ্বাচন। ২৬ এপ্ৰিল আৰু ৭ মে’ৰ বাবেও অনুৰূপ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।

অনন্ত আম্বানীৰ শৈক্ষিক অৰ্হতা কিমান? পকেট মানি হিচাপে মাত্ৰ ৫টকাহে লাভ কৰিছিল অনন্ত আম্বানীয়ে…

নীতা আম্বানী আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে সুদৃঢ় শৈক্ষিক পটভূমিৰে ব্যৱসায়িক জগতত নাম উজলাইছে। খবৰ অনুসৰি তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অংশ, যিটো ফৰ্চুন ৫০০ কোম্পানী আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ নিগম। ৰিলায়েন্স ভাৰতৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক লাভজনক ব্যক্তিগত খণ্ডৰ কোম্পানী। আজি আমি আপোনালোকক জনাম অনন্ত আম্বানীৰ শৈক্ষিক অৰ্হতাৰ বিষয়ে-

অনন্তৰ শৈক্ষিক যাত্ৰা আৰম্ভ হৈছিল মুম্বাইৰ প্ৰতিষ্ঠিত ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত। এই প্ৰতিষ্ঠানটো কেৱল তেওঁৰ মাতৃ নীতা আম্বানীয়ে প্ৰতিষ্ঠা কৰাই নহয়, ইয়াৰ কঠোৰ শৈক্ষিক মানদণ্ডৰ বাবে আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশ্বব্যাপী দৃষ্টিভংগীক নিখুঁত কৰাৰ বাবেও পৰিচিত। ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত স্কুলীয়া দিনত অনন্ত আম্বানীয়ে প্ৰতি সপ্তাহত পকেট মানি হিচাপে মাত্ৰ ৫টকাহে লাভ কৰিছিল। ভাৰতৰ আটাইতকৈ ধনী পৰিয়ালৰ সদস্য হোৱাৰ পাছতো এই সামান্য ধনৰ বাবে এবাৰ বন্ধু-বান্ধৱীয়ে তেওঁক ঠাট্টা-মস্কৰা কৰিছিল, “তু আম্বানী হায় ইয়া ভিক্ষাৰী!” এনেবোৰ ধেমেলীয়া কথাত তেওঁৰ পিতৃ-মাতৃ মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে হাস্যৰস বিচাৰি পাইছিল। অনন্তৰ লালন-পালনে ধন আৰু নম্ৰতাৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, ডাঙৰ হোৱাৰ লগে লগে তেওঁৰ চৰিত্ৰ গঢ় দিছিল।

স্কুলীয়া শিক্ষা সমাপ্ত কৰি অনন্তই আমেৰিকাৰ ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। আনহাতে সৰুৰে পৰা পশু কল্যাণৰ প্ৰতি তীব্ৰ আৱেগিক আৰু বিপদজনক জীৱ-জন্তুক পুনৰ সংস্থাপনৰ বিভিন্ন পদক্ষেপৰ সৈতে জড়িত হৈ আছিল অনন্ত। পশু কল্যাণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা তেওঁৰ জীৱনত জীৱ-জন্তুৰ যত্ন আৰু মৰ্যাদা প্ৰদানৰ প্ৰচেষ্টাত স্পষ্ট হৈ পৰে। লগতে অনন্ত এজন ব্যৱসায়ী আৰু বছ হিচাপে তেওঁৰ ভদ্ৰতাৰ বাবে পৰিচিত, যিয়ে ব্যৱসায়িক নৈতিকতাক সদায় মানৱীয় মূল্যবোধক অগ্ৰাধিকাৰ দি ৰাখে।

আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু CM ভিজিলেন্সৰ…

আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু CM ভিজিলেন্সৰ । আয়-বহিৰ্ভূত সম্পত্তিক লৈ ২/২৪ নম্বৰত ৰুজু গোচৰ ।

২০২২-২৩ বর্ষতে আৰম্ভ হৈছিল গোচৰৰ তদন্ত । সম্পত্তিৰ দীঘলীয়া তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ।

ইতিপূৰ্বে সুন্দৰপুৰৰ নিৰ্ভানা এপাৰ্টমেণ্টতো চলিছিল অভিযান। বেলতলা, ভেটাপাৰাতো বিশাল মাটি-সম্পত্তি আছে কলিতাৰ।

কিয় ১ এপ্ৰিলক ‘মূৰ্খৰ দিৱস’ হিচাপে পালন কৰা হয় ! তাৎপৰ্য, উৎপত্তি আৰু দিনটোৰ ইতিহাস…

1 এপ্ৰিল- মানে এপ্ৰিল ফুল । মানে বুৰ্বকৰ দিন ! সমগ্ৰ বিশ্বতে এই ১ এপ্ৰিলৰ দিনটো এক ব্যতিক্ৰমীভাৱে পালন কৰা হয় (April Fools Day celebrated all over world) । সহজ ভাষাত ক’বলৈ গ’লে ১ এপ্ৰিলক মূৰ্খৰ দিন হিচাপে পালন কৰা হয় ! ১ এপ্ৰিলত সাধাৰণতে পৰিয়াল, বন্ধুবৰ্গ আৰু ঘনিষ্ঠ পৰিচিতসকলৰ সৈতে এপ্ৰিল ফুল দিৱস উদযাপন কৰা হয় (April Fools Day 2023) । এই দিৱসত মানুহে ইজনে সিজনক ঠাট্টা কৰে, মূৰ্খ সজাবলৈ চেষ্টা কৰে, ৰগৰ কৰে আৰু কৌতুকৰ সৃষ্টি কৰি হাঁহিৰ খোৰাক যোগাই প্ৰিয়জনৰ সৈতে এক আমোদজনক পৰিৱেশৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হয় । যদিও এপ্ৰিল ফুল দিৱস কোনো বন্ধৰ দিন নহয়, তথাপি বহু ক্ষেত্ৰত মানুহে ইয়াক আড়ম্বৰপূৰ্ণ আৰু উদ্যমেৰে উদযাপন কৰি ৰং-ধেমালিৰ পৰিকল্পনা কৰে ।

অৱশ্যে এপ্ৰিল ফুল দিৱসৰ উৎপত্তিৰ বিষয়টো এতিয়াও অজ্ঞাত (origins of April Fools Day) । কিন্তু ইয়াৰ ওপৰত প্ৰচলিত একাধিক লোককথা আছে । ইয়াৰে ভিতৰত আটাইতকৈ জনপ্ৰিয় লোককথাটো হৈছে যে ষোড়শ শতিকাত পোপ গ্ৰেগৰী ত্ৰয়োদশে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিছিল (Pope Gregory XIII proposed to implement Gregorian Calendar) । জানুৱাৰীৰ 1 তাৰিখে ই কাৰ্যকৰী হোৱাৰ পিছত জুলিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আৰম্ভণিৰ কাৰ্যপ্ৰণালী মাৰ্চৰ শেষৰ পৰা আৰম্ভ কৰা হৈছিল ।

এপ্ৰিল ফুল দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় । এইটো এনে এটা দিন, যিটো দিনত মানুহে গতানুগতিকতাৰ পৰা আঁতৰি প্ৰায় নকৰিবলগীয়া কাম কৰা দেখা যায় । কিন্তু তথাপিও এইটো উপদেশ দিয়া হয় যে মানুহৰ লগত যিবোৰ কৌতুক কৰা হয়, সেইবোৰে নিৰ্দিষ্ট মাত্ৰা কৰা উচিত নহয় ।

এপ্ৰিল ফুল দিৱস এটা ইতিবাচক দিন তেতিয়াহে হ’ব বুলি পৰা যায়, যেতিয়া আমাৰ ঘনিষ্ঠ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে আনন্দৰ সময় অতিবাহিত কৰাৰ বাবে উদযাপন কৰা হয় । যাৰ ফলত ধেমেলীয়া মুহূৰ্তৰ সৃষ্টি হয়, কোনো খং-ৰাগৰ তাত স্থান নাথাকে ।এই দিনটোত বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ইজনে সিজনৰ ওপৰত কৌতুক কৰিবলৈ চেষ্টা অব্যাহত ৰাখে । ফ্ৰান্সত শিশুসকলে পিঠিত কাগজৰ মাছ বান্ধি ইজনে সিজনৰ ওপৰত ধেমালি কৰাৰ প্ৰথা আছে । স্কটলেণ্ডত এই উৎসৱটো দুদিনলৈ পালন কৰা হয় । তাত দ্বিতীয় দিনটোক ‘টেলি ডে’ বুলি কোৱা হয় । উক্তদিনা ইজনে সিজনৰ পিছফালে “কিক মি” বুলি লিখা এটা চিহ্ন লগাই লয় ।