Home Blog Page 971

এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মুখত স্বামীৰ বদনাম! জানক অভিনেত্ৰীগৰাকীৰ স্বামীৰ বদ অভ্যাসৰ বিষয়ে…

কিছুদিন পূৰ্বে ব্যৱসায়ী চেলিম কৰিমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী মাহিৰা খান। বিবাহৰ পিছৰে পৰা তেওঁলোকৰ সম্পৰ্কক লৈ বিভিন্ন কথা পোহৰলৈ আহিছে। কিন্তু শেহতীয়াকৈ তেওঁ নিজেই এটা সাক্ষাৎকাৰৰ সময়ত নিজৰ সম্পৰ্ক আৰু জীৱনৰ বিষয়ে মুকলিকৈ কয়। লগতে গৰ্ভাৱস্থা সম্পৰ্কীয় প্ৰশ্নবোৰৰ উত্তৰ স্পষ্টকৈ দিলে। মহিৰা খানে নিজৰ জীৱনৰ বিষয়ে কি ক’লে জানক।

সাক্ষাৎকাৰ মাহীৰা খানে তেওঁৰ স্বামীৰ সেই অভ্যাসবোৰৰ কথা কয় যিবোৰ তেওঁ একেবাৰেই ভাল নাপায়। মাহীৰাই কয়, “মোৰ বাল নাগাগে তেওঁৰ প্ৰকাশভংগী। মই সহ্য কৰো যে তেওঁ প্ৰকাশভংগী ভাল নহয়। কেতিয়াবা মই সংগীত বন্ধ কৰি ভাল পাওঁ, কিন্তু তেওঁ সংগীত সকলো সময়তে অন কৰি ভাল পায়।” আনহাতে বিয়াৰ পিছতে মাহিৰা খানৰ গৰ্ভধাৰণৰ বিষয়ে চৰ্চা চলি আছে। এনে বহু পোষ্ট ছ’চিয়েল মিডিয়াতো ওলায়, য’ত তেওঁলোকে তেওঁৰ গৰ্ভাৱস্থাৰ কথা কয়। এই সন্দৰ্ভত মাহীৰাই কয় যে তেওঁ এই উৰাবাতৰিটো অতি আচহুৱা। মীহিৰাই কয় যে গৰ্ভধাৰণৰ উৰাবাতৰিৰ আঁৰৰ এটা কাৰণ হৈছে তেওঁৰ ওজন বৃদ্ধি। অৱশ্যে এই সকলো উৰাবাতৰি তেওঁ অস্বীকাৰ কৰে।

কোনে ভাবে – ৫০ বছৰলৈ বিজেপি থাকিব!

ভাৰতীয় জনতা পাৰ্টীৰ ৭০ নং বিশ্বনাথ বিধান সভা সমষ্টিৰ কাৰ্যকৰ্তা সন্মিলন শনিবাৰে দিনৰ ২:০০ বজাত অনুষ্ঠিত হয়। কমলাকান্ত নাট্য সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত শোণিতপুৰ সংসদীয় সমষ্টিৰ প্ৰাথী বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ১৯৯৬ চনৰ পৰাই বিজেপি দলৰ হৈ কাম কৰি আছোঁ বুলি মন্তব্য কৰাৰ লগতে দলে ২০০১ চনত মোক বিজেপিৰ বিধায়ক, দলৰ ৰাজ্যিক সভাপতি, ২০১৬ চনত মন্ত্ৰী আৰু পুনৰ দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে মোক সাংসদ হিচাপে প্ৰাথিত্ব প্ৰদান কৰিছে বুলি মন্তব্য ৰাখে। দলে এজন কাৰ্যকৰ্তা হিচাপে মোক বহুত দিছে ইয়াতকৈ এজন কাৰ্যকৰ্তা হিচাপে মোক আৰু কি দিব বুলিও উল্লেখ কৰে। মই সকলো খিনিয়েই পাইছো বুলি শনিবাৰে অনুষ্ঠিত সভাত মন্তব্য কৰে। প্ৰাথী দত্তই পুনৰ কয় বিজেপি শাসনত আহিলে মুচলমান সকলক উচ্ছেদ কৰিব, হিন্দু মুচলমান মাজত সংঘৰ্ষ হ’ব বুলি কংগ্ৰেছে ভয় খুৱাইছিল কিন্তু এতিয়া চৰ চাপৰি অঞ্চলৰ লোক সকলে বুজি পাইছে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে শাসন কৰা ১০ বছৰ হ’ল । এই ১০ বছৰত কোনো মুচলমান লোকক উচ্ছেদ নকৰাৰ লগতে ভাতৃ ঘাটি সংঘৰ্ষ হোৱা নাই বুলি মন্তব্য কৰে।

বৰ্তমান কংগ্ৰেছ বিশ্বনাথত শূণ্য বুলি মন্তব্য কৰে। ৫০ বছৰলৈ কংগ্ৰেছ নাহে বুলিও ৰঞ্জিত দত্তই কয়। লগতে বেছি ভোট দিয়া মণ্ডল সভাপতিক এক লাখকৈ টকাকৈ দিব বুলি মন্তব্য কৰে প্ৰাথী ৰঞ্জিত দত্তই। ৰাতুল নাথে আঁতধৰা বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ পৰা একলাখ ভোট শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাথী ৰঞ্জিত দত্তক দিয়াৰ কথা ভাষণত উল্লেখ কৰে। প্ৰাথী ৰঞ্জিত দত্তক জয়ী কৰি গহপুৰৰ সোলেঙী এয়াৰ পৰ্টৰ পৰা পোন পতিয়াকৈ প্লেনত দিল্লীলৈ পঠিয়াম বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। সভাত পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, বিজেপিৰ ৰাজ্যিক সদস্য পংকজ বৰা,বিশ্বনাথ জিলা বিজেপিৰ যুৱমৰ্চাৰ সভাপতি দেৱজিৎ বৰা, চাহ জনজাতি মৰ্চাৰ সভাপতি লাচিত পাতৰ, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ভাৰতী ভূঞা, অবিচি মৰ্চাৰ ৰাজ্যিক উপাধক্ষ্য ৰঞ্জন গগৈ, সহস্ৰাধিক দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে। উল্লেখ্য যে ৰঞ্জিত দত্তৰ এই মন্তব্যই বিজেপিৰ পঞ্চাশ বছৰ চৰকাৰ থাকিব বুলি ভাবে নেকি দত্তই এনে প্ৰশ্ন উদয় হৈছে একাংশৰ ভোটাৰৰ মাজত।

প্ৰধানমন্ত্ৰী মোদীয়ে কি দেখা নাপালে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত! দেবব্ৰত শইকীয়াই দেখিলে…

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। এই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া হৈছে-

📌এই প্ৰতিমূৰ্ত্তিটো বনোৱাৰ আগতে লাগতীয়াল গৱেষণা চৰকাৰে নকৰিলে।
📌এই প্ৰতিমূৰ্ত্তিটোত আহোম সকলৰ সাজ পোচাক সমূহক বিকৃত ৰূপ দিয়া হৈছে।
📌এই প্ৰতিমূৰ্ত্তিটোত লাচিতৰ মুখ সজ্জাৰো বিকৃত ৰূপ দেখিবলৈ পোৱা গৈছে।
📌 ৰাজ্যৰ বিভিন্ন ঠাইত থকা লাচিতৰ প্ৰতিমূৰ্ত্তি সমূহৰ লগত এই প্ৰতিমূৰ্ত্তিটোৰ ৰূপ পৃথক যেন অনুভৱ।
📌 চৰকাৰে বিসংগতি থকা এইসমূহ বিষয়ৰ ওপৰত বিবেচনা কৰি শীঘ্ৰে পুনৰ ঠিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। এগৰাকী আহোম সম্প্ৰদায়ৰ লোক হিচাপে এয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী।

নগাঁৱৰ পূজা কেওট! কিয় চৰ্চিত হৈছে সামাজিক মাধ্যমত…

মনত দুৰ্বাৰ আকাংক্ষা আৰু কঠোৰ অনুশীলন তথা সাধনা অব্যাহত ৰাখিলে যে লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাত কোনো বাধাই প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে এই কথাই যেন পুনৰ প্ৰতিপন্ন কৰিছে নগাঁৱৰ চুতীয়াগাঁৱৰ এগৰাকী ছাত্ৰীয়ে। নাম তেওঁৰ পাহি কেওট। এইবেলি নগাঁৱৰ উৰিয়াগাঁও ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পাহিয়ে ইতিমধ্যে এথলেটিকছত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।প্ৰতিবেশী এজন ককায়েকৰ সহযোগত বঢ়মপুৰ পশুধন পামৰ খেলপথাৰত ২০১৯ বৰ্ষৰে পৰা নিয়মীয়াকৈ দৌৰৰ অনুশীলন কৰি অহাৰ সমান্তৰালকৈ নগাঁও ক্ৰীড়া সংস্থাৰো এগৰাকী প্ৰশিক্ষাৰ্থী পাহিয়ে এই পৰ্যন্ত জিলা, ৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অজস্ৰ পুৰস্কাৰ অৰ্জনেৰে অঞ্চলটোৰ লগতে নগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কালি ৮ মাৰ্চৰ দিনা ডিব্ৰুগড়ত অনুষ্ঠিত All Assam Women’s Half Marathor ৰ ২১ কিঃমিঃ দৌৰত প্ৰথম পুৰস্কাৰ লাভ কৰাকে ধৰি ইতিপূৰ্বে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ উপৰি গুৱাহাটী, শিৱসাগৰ, লখিমপুৰ, কলকাতা, পাটনা, ভূপাল, চেন্নাই আদিত অলেখ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে কোকৰাঝাৰত অনুষ্ঠিত খেল মহাৰণৰ ফাইনেলত ৮০০ মিটাৰ দৌৰতো প্ৰথম স্থান লাভ কৰা পাহিৰ আকাংক্ষা আছে দৌৰিয়েই জগত জিনাৰ। কিন্তু এইগৰাকী দৌৰবিদ পাহি কেওটৰ পৰিয়ালৰ কিছু অকথিত কাহিনী শুনিলে হয়তো প্ৰতিগৰাকী হৃদয়বান লোকৰে অন্তৰে হাহাকাৰ কৰি উঠিব।

পাহিৰ পিতৃ বীৰেন্দ্ৰ কেওট এজন দিন হাজিৰা কৰা লোক, আনহাতে মাতৃ চিনু কেওটেও প্ৰায়ে আনৰ ঘৰত কাম কৰি কোনোমতে সংসাৰখনৰ জোৰা-টাপলি মাৰি আহিছে। তাহানিতে লাভ কৰা এটা সৰু কোঠাযুক্ত, অসম্পূৰ্ণ চৰকাৰী গৃহতে আশ্ৰয় লৈ আছে পৰিয়ালটোৱে, যিটোৰ অৱস্থা ভিতৰৰ পৰাই তৰা হিচাপ কৰিব পৰা। এনে এক পৰিবেশত থাকিয়ে ৰাষ্ট্রীয় পৰ্য্যায়তো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা পাহিৰ ট্ৰফী, মানপত্ৰ, মেডেলসমূহ থ’বলৈও নাই কোনো ব্যৱস্থা, যাৰ বাবে মাটিতে এলাই-আঠানিকৈ থ’ব লগা হৈছে। আজি পৰ্যন্ত চৰকাৰী বা কোনো দল-সংগঠন, আত্মীয়-স্বজনৰ পৰা কোনো সহায়-সহযোগিতা লাভ নকৰা পাহিয়ে বিভিন্ন স্থানত পুৰস্কাৰ হিচাপে পোৱা টকাকেইটাকে জোৰা-টাপলি মাৰি কোনো কোনো স্থানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে।এইগৰাকী দৌৰবিদক সফলতাৰ দিশে অগ্ৰসৰ হোৱাত প্ৰকৃতাৰ্থত কাৰোৰে বাৰু কোনো দায়িত্ব নাই নেকি? স্থানীয় বিধায়ক তথা চৰকাৰৰ এই ক্ষেত্ৰত সুদৃষ্টি পাৰিবনে?

নগাঁৱৰ পূজা কেওট! কিয় চৰ্চিত হৈছে সামাজিক মাধ্যমত…

মনত দুৰ্বাৰ আকাংক্ষা আৰু কঠোৰ অনুশীলন তথা সাধনা অব্যাহত ৰাখিলে যে লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাত কোনো বাধাই প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে এই কথাই যেন পুনৰ প্ৰতিপন্ন কৰিছে নগাঁৱৰ চুতীয়াগাঁৱৰ এগৰাকী ছাত্ৰীয়ে। নাম তেওঁৰ পাহি কেওট। এইবেলি নগাঁৱৰ উৰিয়াগাঁও ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পাহিয়ে ইতিমধ্যে এথলেটিকছত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।প্ৰতিবেশী এজন ককায়েকৰ সহযোগত বঢ়মপুৰ পশুধন পামৰ খেলপথাৰত ২০১৯ বৰ্ষৰে পৰা নিয়মীয়াকৈ দৌৰৰ অনুশীলন কৰি অহাৰ সমান্তৰালকৈ নগাঁও ক্ৰীড়া সংস্থাৰো এগৰাকী প্ৰশিক্ষাৰ্থী পাহিয়ে এই পৰ্যন্ত জিলা, ৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অজস্ৰ পুৰস্কাৰ অৰ্জনেৰে অঞ্চলটোৰ লগতে নগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

৮ মাৰ্চৰ দিনা ডিব্ৰুগড়ত অনুষ্ঠিত All Assam Women’s Half Marathor ৰ ২১ কিঃমিঃ দৌৰত প্ৰথম পুৰস্কাৰ লাভ কৰাকে ধৰি ইতিপূৰ্বে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ উপৰি গুৱাহাটী, শিৱসাগৰ, লখিমপুৰ, কলকাতা, পাটনা, ভূপাল, চেন্নাই আদিত অলেখ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে কোকৰাঝাৰত অনুষ্ঠিত খেল মহাৰণৰ ফাইনেলত ৮০০ মিটাৰ দৌৰতো প্ৰথম স্থান লাভ কৰা পাহিৰ আকাংক্ষা আছে দৌৰিয়েই জগত জিনাৰ। কিন্তু এইগৰাকী দৌৰবিদ পাহি কেওটৰ পৰিয়ালৰ কিছু অকথিত কাহিনী শুনিলে হয়তো প্ৰতিগৰাকী হৃদয়বান লোকৰে অন্তৰে হাহাকাৰ কৰি উঠিব। পাহিৰ পিতৃ বীৰেন্দ্ৰ কেওট এজন দিন হাজিৰা কৰা লোক, আনহাতে মাতৃ চিনু কেওটেও প্ৰায়ে আনৰ ঘৰত কাম কৰি কোনোমতে সংসাৰখনৰ জোৰা-টাপলি মাৰি আহিছে। তাহানিতে লাভ কৰা এটা সৰু কোঠাযুক্ত, অসম্পূৰ্ণ চৰকাৰী গৃহতে আশ্ৰয় লৈ আছে পৰিয়ালটোৱে, যিটোৰ অৱস্থা ভিতৰৰ পৰাই তৰা হিচাপ কৰিব পৰা।

এনে এক পৰিৱেশত থাকিয়ে ৰাষ্ট্রীয় পৰ্য্যায়তো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা পাহিৰ ট্ৰফী, মানপত্ৰ, মেডেলসমূহ থ’বলৈও নাই কোনো ব্যৱস্থা, যাৰ বাবে মাটিতে এলাই-আঠানিকৈ থ’ব লগা হৈছে। আজি পৰ্যন্ত চৰকাৰী বা কোনো দল-সংগঠন, আত্মীয়-স্বজনৰ পৰা কোনো সহায়-সহযোগিতা লাভ নকৰা পাহিয়ে বিভিন্ন স্থানত পুৰস্কাৰ হিচাপে পোৱা টকাকেইটাকে জোৰা-টাপলি মাৰি কোনো কোনো স্থানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে।এইগৰাকী দৌৰবিদক সফলতাৰ দিশে অগ্ৰসৰ হোৱাত প্ৰকৃতাৰ্থত কাৰোৰে বাৰু কোনো দায়িত্ব নাই নেকি? স্থানীয় বিধায়ক তথা চৰকাৰৰ এই ক্ষেত্ৰত সুদৃষ্টি পাৰিবনে?

বৰপেটাৰ সৰ্থেবাৰীৰ ১৮ বছৰীয়া যুৱতী নিৰুদ্দেশ…

বৰপেটাৰ সৰ্থেবাৰীৰ ১৮ বছৰীয়া যুৱতী নিৰুদ্দেশ

সৰ্থেবাৰীৰ লছিমা গাঁৱৰ অনিল দাসৰ ছোৱালী বিনু দাস

কিছুদিন পূৰ্বে নিৰুদ্দিষ্ট হৈছিল বিনু দাস

পৰিয়ালৰ লোকে সৰ্থেবাৰী থানাত গোচৰ ৰুজু কৰিছে

এতিয়ালৈকে উদ্বাৰ কৰিব পৰা নাই নিৰুদ্দিষ্ট বিনু দাসক

সম্ভেদ পালে ৯৯৫৪৯২৩১৬৮ নাম্বাৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ

নদুৱাৰ প্ৰেছ ক্লাবৰ উদ্যোগত জামুগুৰিহাটত বিহু কৰ্মশালাৰ আয়োজন…

অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ঢোল আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ ৷

সংস্কৃতিৰ সাৰুৱা ভূমি জামুগুৰিহাটত অহা ১৫ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হব বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ ৷

নদুৱাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু ভৰলী পৰীয়া বিহুৱা দলৰ সহযোগত অনুষ্ঠিত হবলগা এই কৰ্মশালাত ৪ বছৰৰ পৰা ৩০ বছৰীয়া সকলো শ্ৰেণী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰিব পাৰিব ৷

অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত হব লগা এই কৰ্মশালাৰ অন্তিম দিনটোত অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ ইতিমধ্যে বিহু কৰ্মশালাৰ সকলো প্ৰস্তুতি সম্পূৰ্ন কৰি তোলা বুলি মন্তব্য কৰে উদ্যোক্তা সকলে ৷

জামুগুৰিহাটৰ পৰা জোন বৰাৰ প্ৰতিবেদন

নাজিৰাৰ ন-মাটিত চোৰৰ চাফাই অভিযান…

নাজিৰাত চোৰৰ চাফাই অভিযান।

নাজিৰাৰ ন-মাটি ভগনীয়া গাওঁৰ আজিজুৰ ৰহমানৰ ঘৰত যোৱাৰাতি মানুহ নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।

আজিজুৰ ৰহমানে পৰিয়াল লৈ সন্ধিয়া ৬মান বজাত তেওঁৰ ভন্নীয়েকৰ অসুখৰ খবৰ লবলৈ দলবাগানলৈ যায় ।নিশা ১০:৩০মান বজাত ঘৰৰ পাই দেখে সন্মূখৰ দুখন দুৱৰা খোলা। ঘৰত মানুহ নথকাৰ সেই সময়তে চুৰে লৈ কেইবাটাও মূল্যবান আ-অলংকাৰ ।

চোৰে প্ৰায় ১০লক্ষ্যধিক টকা মূল্যৰ সম্পত্তি চুৰি কৰি লৈ যায় বুলি জানিবলৈ দিয়ে ।

আজিজুৰ ৰহমানে নাজিৰা আৰ্দশ আৰক্ষী থানাত খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

সদৌ অসম কবি মঞ্চৰ প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱস উদযাপন…

যোৱা ৮ মাৰ্চ শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত সদৌ অসম কবি মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তথা বৰ্ষপূৰ্তি আৰু আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া সমাজ জীৱনলৈ বৰঙণি আগবঢ়াই যোৱা বৰেণ্য ব্যক্তিসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷ এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাস, সদৌ অসম কবি মঞ্চৰ যুটীয়া সম্পাদক অলকেশ কলিতা আৰু সহকাৰী সম্পাদক কুলদ্বীপ গৌতম শৰ্মাই। সমলয় সত্ৰীয়া সংগীত বিদ্যালয় মালিগাৱৰ শিল্পীসকলে পৰিবেশন কৰা অসমৰ লোক সংস্কৃতিৰ অন্যতম ভোৰতাল নৃত্যৰে দিনযোৰা বৰ্ণাঢ্য অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে আঁত ধৰা এই অনুষ্ঠানত

আদৰণি ভাষণ ৰাখে সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামানে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এমন্ত্ৰণৰ উপ প্ৰৱন্ধক তথা দাপোণ সাংস্কৃতিক কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰশান্ত শৰ্মা আৰু আমন্ত্ৰিত অতিথি হিচাপে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° প্ৰশান্ত শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে সদৌ অসম কবি মঞ্চৰ প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত এই বৰ্ণিল অনুষ্ঠানৰ লগত সংগতি ৰাখি ড° মামণি ৰয়ছম গোস্বামী স্মাৰক এক বক্তৃতানুষ্ঠান আৰু ফাগুনৰ পচোৱাত কবিতাৰ সুবাস শীৰ্ষক কবিতা পাঠৰো আয়োজন কৰা হয়। বক্তৃতানুষ্ঠানত সমল বক্তা হিচাপে উপস্থিত থাকে কে আৰ বি ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নিৰুপমা শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱষণা বিভাগৰ সহকাৰী অধ্যাপিকা ড° মেঘনা চৌধুৰী আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ফুনু দাস শৰ্মাৰ লগতে সমাজসেৱক ধ্ৰুৱজ্যোতি বৰুৱা।

সদৌ অসম কবি মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত ফাগুনৰ পচোৱাত কবিতাৰ সুবাস শীৰ্ষক কবিতা পাঠ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে কবিতা পাঠ কৰাৰ লগতে অসমৰ কেইবাখনো জিলাৰ পৰা অহা প্ৰায় দেৰ শতাধিক কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। গীত নৃত্য আৰু কবিতা পাঠৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সদৌ অসম কবি মঞ্চৰ কাৰ্য্যকৰী সভাপতি সৰোজিনী বসুমতাৰী, উপ-সভাপতি অন্নদা বড়ো ৰংপী, সহকাৰী সম্পাদক ৰেখামণি কোঁ‌ৱৰ, পত্ৰিকা সম্পাদক প্ৰিয়াশ্ৰী নেওগ, কাৰ্য্যনিৰ্বাহক সদস্যা তথা সাংবাদিক জেবিন চুলতানা, শ্ৰুতিস্মিতা ডেকা, বৰষা দাসৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া আৰু জিলা শাখা সমিতিৰ প্ৰতিনিধিৰ লগতে কটন বিশ্ববিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন আৰু যুটীয়া সম্পাদক চাকিল আহমেদে অনুষ্ঠানটো সফলতাৰে সমাপ্তি কৰাত সহযোগ কৰা বাবে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু সদৌ অসম কবি মঞ্চৰ সমূহ বিষয় ববীয়া, অতিথিসকল, শুভাকাংক্ষীসকলৰ লগতে সংবাদ মাধ্যমৰ শলাগ লয়।৷

নীতা আম্বানীৰ ৫৪ কোটি টকীয়া হীৰাৰ আঙঠিৰ ইতিহাসৰ বিষয়ে জানক! এই হীৰাৰ আঙঠিটোৰ সৈতে মোগলৰ সম্পৰ্ক আছে…

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ চৰ্চা এতিয়াও শেষ হোৱা নাই। এই অনুষ্ঠানত দামী সাজ-পোছাক আৰু গহনা পিন্ধা দেখা গ’ল পৰিয়ালটোৰ সদস্যসকলক। এতিয়া পোহৰলৈ আহিছে যে নীতা আম্বানীয়ে এটা অতি বিশেষ আঙঠি পিন্ধিছিল। এই আঙঠিটোৰ লগত মোগলৰ সম্পৰ্ক আছে। নীতা আম্বানীৰ এটা আঙঠিৰ দাম কিমান জানেনে। ব্যৱসায়িক মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰি-ৱেডিং ফাংচনত কোটি কোটি টকা খৰচ কৰিছিল। এই আঙঠিটো মোগলৰ লগত কেনেদৰে জড়িত জানেনে-

জামনগৰত অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত নীতা আম্বানীৰ প্ৰতিটো ৰূপৰ কথা বহুত চৰ্চিত হৈছিল। প্ৰতিটো ষ্টাইলতে বৰ ধুনীয়া আৰু আকৰ্ষণীয় দেখা গৈছিল নীতা আম্বানীক। এই অনুষ্ঠানত নীতা আম্বানীয়েও হীৰা আঙঠি পিন্ধা দেখা গৈছিল। এই হীৰাটো পৃথিৱীৰ আটাইতকৈ দামী হীৰাবোৰৰ ভিতৰত অন্যতম। মনীষ মালহোত্ৰাৰ ডিজাইন কৰা কাঞ্জীৱৰাম সোণালী শাৰীৰে এই আঙঠিটো প্ৰদৰ্শন কৰা দেখা গৈছিল নীতাক। এতিয়া মানুহে এই আঙঠিটোৰ দাম আৰু ওজন জানি সকলো আচৰিত হ’ল। জুলিয়া হেকমেন চাফেৰ মতে নীতা আম্বানীৰ আঙঠিটোৰ নাম ‘মিৰ’ৰ অৱ পেৰাডাইজ’। এই আঙঠিটোৰ ওজন ৫২.৫৮ কেৰেট। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আঙঠিটোত সোমাই থকা হীৰাটো পৃথিৱীৰ অন্যতম ডাঙৰ আকাৰৰ হীৰা। এই হীৰাটোৰ ইতিহাসৰ কথা ক’বলৈ গ’লে, মিৰ’ৰ অৱ পেৰাডাইজ নামেৰে পৰিচিত এই হীৰাটো এসময়ত মোগলৰ ৰাজকীয় গহনাবোৰৰ এটা অংশ আছিল। কোৱা হয় যে ইয়াক গোলকণ্ডা খনিত আৱিষ্কাৰ কৰা হৈছিল। যিটো সমগ্ৰ বিশ্বতে অতি মূল্যৱান বুলি গণ্য কৰা হয়। ২০১৯ চনত ক্ৰীষ্টিজত অনুষ্ঠিত হোৱা নিলামত এই হীৰাটো ৫৪ কোটি টকাত বিক্ৰী হৈছিল। বিবাহৰ পূৰ্বে অনুষ্ঠানৰ পূৰ্বে ২০২৩ চনৰ মাৰ্চ মাহত নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা অনুষ্ঠানত নীতা আম্বানীয়েও এই আঙঠিটো পিন্ধিছিল।