Home Blog Page 981

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান, ৯ মাৰ্চত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত জুবিন গাৰ্গক প্ৰদান কৰা হ’ব বিশেষ উপাধি…

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদ (নাক)ৰ A++ গ্ৰেড লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু দেশৰ প্ৰথম দহখন ৰাজ্যৰ অন্যতম কলেজ হিচাপে স্বীকৃত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৮০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৯ আৰু ১০ মাৰ্চত বৰ্ণাঢ্য তথা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিৰে পৰা প্ৰাক্তন বিদ্যাৰ্থী সংস্থাই বক্তৃতানুষ্ঠান,সাংস্কৃতিক অনুষ্ঠান,বি বৰুৱাৰ মৃত্যু দিৱস, ৰক্তদান শিবিৰ, আন্ত:মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন আন্ত:গাঁথনি মূলক কাম আদি বছৰজোৰা কাৰ্যসূচীৰে ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰি অহা হৈছে।
বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা অহা ৯মাৰ্চৰ পুৱা ৯:৩০বজাত বিশিষ্ট প্ৰাক্তন বিবিয়ান সকলৰ দ্বাৰা বি বৰুৱা মহাবিদ্যালয় আৰু প্ৰাক্তন বিদ্যাৰ্থী সংস্হা (প্ৰা:বি:স:)ৰ ৮০ খন পতাকা উত্তোলন কৰা হ’ব।ইয়াৰ
পাছতে স্মৃতি তৰ্পণ কৰিব প্ৰা:বি:স:ৰ কাৰ্যকৰী সভাপতি ড০ ধ্ৰুৱ জ্যোতি চৌধুৰীয়ে। ১০:৩০ বজাত বি বৰুৱা কলেজৰ ড০ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য প্ৰাক্তন আৰু বৰ্তমানৰ বিবিয়ানৰ মত বিনিময়ৰ ‘বিবিয়ান সতীৰ্থৰ আলাপ’ শীৰ্ষক অনুষ্ঠান উদ্বোধন কৰিব বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।দুপৰীয়া দুই বজাত অনুষ্ঠিত হ’ব মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান।বি বৰুৱা কলেজত কৰ্মৰত আৰু অৱসৰী শিক্ষক তথা কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা প্ৰদান কৰিব লগা অনুষ্ঠানটি উদ্বোধন কৰিব বি বৰুৱা কলেজৰ অধ্যক্ষ ড০ সত্যেন্দ্ৰ নাথ বৰ্মনে।প্ৰা:বি:স:ৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে ক্ৰমে মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু বিবৰুৱা কলেজ পৰিচালনা সমিতিৰ সভাপতি ড০পাৰ্থ প্ৰতিম বৰুৱাৰ লগতে বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰেকিবুদ্দিন আহমেদ আৰু ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালিত পমি বৰুৱা উপস্থিত থাকিব।


একেদিনাই ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ‘ফাগুনৰ এসন্ধ্যা’ শীৰ্ষক এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব। মইনুল হ’ক,জুবিন গাৰ্গ, ৰিয়াজ তালুকদাৰ, হীৰেণ শৰ্মা,হীৰক শৰ্মাকে ধৰি ভালেসংখ্যক প্ৰাক্তন বিবিয়ানে অনুষ্ঠান পৰিৱেশন কৰিব লগা এই অনুষ্ঠানত সংগীত শিল্পী জুবিন গাৰ্গক বি বৰুৱা কলেজ প্ৰা:বি: স:ৰ তৰফৰপৰা এক উপাধি প্ৰদান কৰা হ’ব।এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰা: লি:ৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। অনুষ্ঠানৰ দ্বিতীয়দিনা অৰ্থাৎ ১০ মাৰ্চৰ পুৱা ১০বজাত ‘বহ্ণিমান বিবিয়ান’ শীৰ্ষক অসমৰ জাতি জনগোষ্ঠী সমূহক প্ৰতিনিধিত্ব কৰিব লগা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব প্ৰা:বি:স:ৰ উপ সভাপতি হিমাংশু দাসৰ তত্ত্বাবধানত অনুষ্ঠিতব্য এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন বিবিয়ান ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই। ‘সোঁৱৰণীৰ কুঁৱলী ফালি..’ শীৰ্ষক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হ’ব দিনৰ ১১:৩০বজাত।এই অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী ইত্যাদি বিভাগৰ মন্ত্রী তথা প্ৰাক্তন বিবিয়ান জয়ন্ত মল্ল বৰুৱাই।
আবেলি চাৰি বজাত ‘বিবিয়ানৰ সুৰীয়া সন্ধিয়া’ শীর্ষক দ্বিতীয় বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।প্ৰাক্তনআৰু বৰ্তমানৰ বিবিয়ান সকলে অংশগ্রহণ কৰিব লগা এই অনুষ্ঠান উদ্বোধন কৰিব প্ৰাগ নিউজৰ স্বত্বাধিকাৰ তথা প্ৰাক্তন বিবিয়ান ড০ সঞ্জীৱ নাৰায়ণে।


আজি বি বৰুৱা কলেজত অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰি বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামী আৰু সাধাৰণ সম্পাদক ড০ বিজয় শংকৰ গোস্বামীয়ে সংস্থাৰ তৰফৰ পৰা কলেজৰ বৰ্তমানৰ আৰু প্ৰাক্তন সকলো ছাত্ৰ -ছাত্ৰীকে উপৰি উক্ত সামৰণি অনুষ্ঠানৰ দুয়োটা দিনৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰি সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়।সংবাদমেলখনত প্ৰা:বি:স:বিষয়ববীয়া নুৰুল হক , হেমচন্দ্ৰ পাঠক আৰু ড০ সত্যব্ৰত বৰুৱাও উপস্থিত থাকে৷

উৎকোচ দি লাভ কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা…

নিৰ্বাচনী বণ্ড নিষিদ্ধ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলে আন এক গুৰুত্বপূৰ্ণ ৰায়। উচ্চতম ন্যায়ালয়ে সোমবাৰে এক ঐতিহাসিক ৰায়ত কয় উৎকোচ দি ভোট লাভ কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা৷ উৎকোচ লৈ ভাষণ দিয়া, প্ৰশ্ন কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধেও লোৱা হ’ব ব্যৱস্থা৷ ‘সীতা ছোৰেন বনাম ভাৰত চৰকাৰ’ শীৰ্ষক গোচৰত উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰে ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৭জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান৷ ধনৰ বিনিময়ত প্ৰশ্ন কৰা বা ৰাজ্যসভাত ভোট দিয়াটোক সংবিধানবিৰোধী বুলি আখ্যায়িত কৰে উচ্চতম ন্যায়ালয়ে৷ দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে৷

উচ্চতম ন্যায়ালয়ৰ এখন সাতজনীয়া বিচাৰপীঠে কয় যে সাংসদ আৰু বিধায়কসহ আইন প্ৰণেতাসকলে যদি তেওঁলোকৰ ভোট আৰু সংসদ বা বিধানসভাত ভাষণৰ বাবে আৰ্থিক লাভালাভ লাভ কৰে, তেন্তে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত মোকৰ্দমা চলাব লাগিব৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া সংবিধান বিচাৰপীঠে জেএমএম উৎকোচ গোচৰত পাঁচজনীয়া বিচাৰপীঠে দিয়া ১৯৯৮ চনৰ ৰায়ক সৰ্বসন্মতিক্ৰমে অগ্ৰাহ্য কৰে যাৰ দ্বাৰা সাংসদ আৰু বিধায়কসকলক আইনসভাত ভাষণ দিবলৈ বা ভোট দিবলৈ উৎকোচ লোৱাৰ বাবে গোচৰৰ পৰা মুক্তি দিয়া হৈছিল। ৰায়টো ঘোষণা কৰি চিজেআই চন্দ্ৰচূড়ে কয় যে উৎকোচ সংসদীয় বিশেষাধিকাৰৰ দ্বাৰা সুৰক্ষিত নহয় আৰু ১৯৯৮ চনৰ ৰায়ৰ ব্যাখ্যা সংবিধানৰ অনুচ্ছেদ ১০৫ আৰু ১৯৪ ৰ বিপৰীত। সাতজনীয়া বিচাৰপীঠে ৰায় দি কয়, এজন সাংসদ/বিধায়কে বিধানসভাত ভোট বা ভাষণৰ সন্দৰ্ভত উৎকোচৰ অভিযোগত গোচৰৰ পৰা মুক্তি দাবী কৰিব নোৱাৰে৷ উচ্চতম ন্যায়ালয়ে কয় যে আইনসভাৰ এজন সদস্যৰ দ্বাৰা দুৰ্নীতি বা উৎকোচৰ ফলত ৰাজহুৱা জীৱনত সততা হ্ৰাস হয় আৰু উৎকোচ গ্ৰহণ কৰাটো নিজেই অপৰাধ। সংসদ বা আইনসভাৰ কাম-কাজৰ সৈতে সম্পৰ্কিত নোহোৱা যিকোনো বিশেষাধিকাৰ প্ৰদান কৰিলে এনে এটা শ্ৰেণী সৃষ্টি হ’ব যি দেশৰ আইন পৰিচালনাৰ পৰা নিয়ন্ত্ৰণহীন ৰেহাই লাভ কৰে বুলিও এই ৰায়টোত কোৱা হৈছে। সংসদীয় বিশেষাধিকাৰসমূহ মূলতঃ সদনৰ সৈতে সামূহিকভাৱে সম্পৰ্কিত আৰু ইয়াৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় বুলি সাতজনীয়া বিচাৰপীঠে কয়। ৰাজ্যসভা বা ৰাষ্ট্ৰপতি/উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচনো সংসদীয় বিশেষাধিকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য সাংবিধানিক ব্যৱস্থাৰ পৰিধিৰ অধীনত আহিব বুলি উচ্চতম ন্যায়ালয়ে কয়। উচ্চতম ন্যায়ালয়ে সোমবাৰে প্ৰদান কৰিলে এক ঐতিহাসিক ৰায়দান৷ উৎকোচ লৈ ভোট দিলে সাংসদ-বিধায়কৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা৷ উৎকোচ লৈ ভাষণ দিয়া, প্ৰশ্ন কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধেও লোৱা হ’ব ব্যৱস্থা৷ ‘সীতা ছোৰেন বনাম ভাৰত চৰকাৰ’ শীৰ্ষক গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই ৰায়দান৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৭জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান৷ ধনৰ বিনিময়ত প্ৰশ্ন কৰা বা ৰাজ্যসভাত ভোট দিয়াটোক সংবিধানবিৰোধী বুলি আখ্যায়িত কৰে উচ্চতম ন্যায়ালয়ে৷ দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ এখন সাতজনীয়া বিচাৰপীঠে কয় যে সাংসদ আৰু বিধায়কসহ আইন প্ৰণেতাসকলে যদি তেওঁলোকৰ ভোট আৰু সংসদ বা বিধানসভাত ভাষণৰ বাবে আৰ্থিক লাভালাভ লাভ কৰে, তেন্তে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত মোকৰ্দমা চলাব লাগিব৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া সংবিধান বিচাৰপীঠে জেএমএম উৎকোচ গোচৰত পাঁচজনীয়া বিচাৰপীঠে দিয়া ১৯৯৮ চনৰ ৰায়ক সৰ্বসন্মতিক্ৰমে অগ্ৰাহ্য কৰে যাৰ দ্বাৰা সাংসদ আৰু বিধায়কসকলক আইনসভাত ভাষণ দিবলৈ বা ভোট দিবলৈ উৎকোচ লোৱাৰ বাবে গোচৰৰ পৰা মুক্তি দিয়া হৈছিল।

ৰায়টো ঘোষণা কৰি চিজেআই চন্দ্ৰচূড়ে কয় যে উৎকোচ সংসদীয় বিশেষাধিকাৰৰ দ্বাৰা সুৰক্ষিত নহয় আৰু ১৯৯৮ চনৰ ৰায়ৰ ব্যাখ্যা সংবিধানৰ অনুচ্ছেদ ১০৫ আৰু ১৯৪ ৰ বিপৰীত। সাতজনীয়া বিচাৰপীঠে ৰায় দি কয়, এজন সাংসদ/বিধায়কে বিধানসভাত ভোট বা ভাষণৰ সন্দৰ্ভত উৎকোচৰ অভিযোগত গোচৰৰ পৰা মুক্তি দাবী কৰিব নোৱাৰে৷ উচ্চতম ন্যায়ালয়ে কয় যে আইনসভাৰ এজন সদস্যৰ দ্বাৰা দুৰ্নীতি বা উৎকোচৰ ফলত ৰাজহুৱা জীৱনত সততা হ্ৰাস হয় আৰু উৎকোচ গ্ৰহণ কৰাটো নিজেই অপৰাধ। সংসদ বা আইনসভাৰ কাম-কাজৰ সৈতে সম্পৰ্কিত নোহোৱা যিকোনো বিশেষাধিকাৰ প্ৰদান কৰিলে এনে এটা শ্ৰেণী সৃষ্টি হ’ব যি দেশৰ আইন পৰিচালনাৰ পৰা নিয়ন্ত্ৰণহীন ৰেহাই লাভ কৰে বুলিও এই ৰায়টোত কোৱা হৈছে। সংসদীয় বিশেষাধিকাৰসমূহ মূলতঃ সদনৰ সৈতে সামূহিকভাৱে সম্পৰ্কিত আৰু ইয়াৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় বুলি সাতজনীয়া বিচাৰপীঠে কয়। ৰাজ্যসভা বা ৰাষ্ট্ৰপতি/উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচনো সংসদীয় বিশেষাধিকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য সাংবিধানিক ব্যৱস্থাৰ পৰিধিৰ অধীনত আহিব বুলি উচ্চতম ন্যায়ালয়ে কয়।

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান ! গীত-মাতেৰে মুখৰিত হ’ল গুঞ্জৰিত ফাগুনৰ বিশেষ সন্ধ্যা…

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

গীত-মাতেৰে মুখৰিত হ’ল গুঞ্জৰিত ফাগুনৰ বিশেষ সন্ধ্যা

অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম খবৰে ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰাক আন্তৰ্জাতিক নাৰী দিৱস আড়ম্বৰপূৰ্ণভাৱে মহানগৰীৰ হোটেল ডায়েস্কোত যোৱা ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত কৰে। সন্ধিয়া ৫বজাৰ পৰা অনুষ্ঠিত উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেনে শুভ উন্মোচন কৰে ডি ৱাই 365ৰ পৰিচালন সঞ্চালক দীপান্বিতা জয়ছোৱালে। মেনেজিং এডিটৰ কমল কুমাৰে আদৰণি ভাষণেৰে উপস্থিত ৰাইজক সন্মোহিত কৰাৰ লগতে ভাষণ প্ৰসংগত কয় যে, ‘নাৰী শক্তিয়েহে সমাজৰ অগ্ৰণী ভূমিকা পালন কৰে লগতে নাৰীক এপাহি সুগন্ধি গোলাপৰ সৈতে তুলনা কৰি ৰামায়ণৰ সীতা দেৱী, দেৱী দুৰ্গা, সতী সাবিত্ৰী, বেউলা লক্ষীন্দৰ, জয়মতীৰ উদাহৰণেৰে নাৰীক মহীয়সি, সৃষ্টিশীলা বুলি কয়।

উক্ত অনুষ্ঠানত সমাজ, সংস্কৃতি আৰু সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অৱধাৰিতভাৱে সেৱা আগবঢ়োৱা বহু কেইগৰাকী নাৰীক ক্ৰমে- অধ্যাপিকা, মডেল ড° মৰমী মাইবাংচা, লেখিকা, শিক্ষয়িত্ৰী নম্ৰতা দেৱী, মাৰোৱাৰী হাস্পতালৰ নাৰ্চিং অধীক্ষক জুবিদা ৰিনঝা, লেখিকা, ৰুক্মিণী কলিত‍া, মাইণ্ডড’মেইন প্ৰাঃ লিঃৰ পৰিচালন সঞ্চালক লিপিকা নাথ, লেখিকা সাংবাদিক দৰ্শনা বৰুৱা, লেখিকা, শিক্ষয়িত্ৰী তন্দ্ৰালী মূৰ্চনা, মডেল, মেকআপ আৰ্টিষ্ট, কুকিং এক্সপাৰ্ট প্ৰীতি দাসগুপ্তা, সাঁতোৰ প্ৰশিক্ষক চোনিয়া শ্বাহনাজ মজুমদাৰ, অধিবক্তা, সাঁতোৰবিদ জিনতউৰ ৰহিম মজুমদাৰ, লেখিকা গাৰ্গী ভূঞা, লেখিকা অংকুৰিতা ফুকনক বঁটা প্ৰদান কৰা হয়। আনহাতে উক্ত অনুষ্ঠানতে বি.এম.ডি. পেকেজিংৰ স্বত্বাধিকাৰী মাধৱ দাস, লেখক বিপিন চন্দ্ৰ কলিতা, অভিনেতা বিপ্লৱ বৰদলৈ আৰু মাৰোৱাৰী হাস্পতালৰ পি.আৰ.অ’ অনুপম লস্কৰক বঁটা প্ৰদান কৰাৰ লগতে গুৱাহাটীস্থিত মাৰোৱাৰী হাস্পতাললৈ শ্ৰেষ্ঠ হাস্পতালৰ বিশেষ বঁটা আগবঢ়োৱা হয়।

বিশিষ্ট অভিনেত্ৰী চেতনা দাস, SBPLৰ সঞ্চালক হৰভেছ কুমাৰ, বিশিষ্ট সমাজসেৱক ৰাজু সাহানী, অভিনেতা যতীন বৰা, নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱা, মাৰোৱাৰী হাস্পতালৰ অধীক্ষক ৰোহিত উপাধ্যায়, জ্যেষ্ঠ সাংবাদিক, ড° কুমুদ দাস, অসমীয়া বোলছবিৰ প্ৰযোজিকা নৱনীতা শৰ্মা বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উক্ত অনুষ্ঠানত যুৱ সাংবাদিক, লেখিকা ডিম্পী ভৰালীৰ শীঘ্ৰেই প্ৰকাশ পাবলগীয়া গ্ৰন্থ ‘সঠিক পথৰ সন্ধান’ৰ বেটুপাত উন্মোচন কৰা হয়।

গীত-মাত, নৃত্যৰে উজ্জ্বীৱিত এই অনুষ্ঠানত মডেল প্ৰীতি দাসগুপ্তাৰ নেতৃত্বত পৰম্পৰাগত সাজেৰে মডেলিং শ্ব’ অনুষ্ঠিত কৰাৰ লগতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জ্বলীমণি শইকীয়াৰ নেতৃত্বত সত্ৰীয়া নৃত্যৰ অনুষ্ঠান, নৃত্যশিল্পী ডলী ডেকাৰ নেতৃত্বত বিহুনৃত্য, কন্ঠশিল্পী ৰিতুপম লস্কৰৰ গীতৰ শৰাই, হৃষী কাশ্যপৰ সংগীতানুষ্ঠানে সকলোকে সমৃদ্ধ কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, ৰুবুল দাস, লেখিকা ড° গীতালি শইকীয়া, ড° স্বৰ্ণলতা নাথ, অধ্যাপক ড° চন্দন হালৈ, লেখিকা বৰষা কাশ্যপ, জোনমণি হাজৰিকা, জুয়েল হক চৌধুৰী উপস্থিত থাকে। ময়ুৰী দত্তই আঁত ধৰা উক্ত অনুষ্ঠানত সহস্ৰাধিক লোক উপস্থিত থকাৰ লগতে বহুকেইগৰাকী বৰণ্য ব্যক্তিক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

অৱশেষত ৰামপুৰৰ আদালতত আত্মসমৰ্পণ কৰিলে ‘পলাতক’ জয়া প্ৰদাই…

অৱশেষত যেন গা লৰিল বিজেপিৰ প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ। পলাতক ঘোষণা কৰাৰ পিছতে ৰামপুৰৰ আদালতত অৱশেষত আত্মসমৰ্পণ কৰিলে জয়া প্ৰদাই। নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় দুটা গোচৰত তেওঁক ‘পলাতক’ ঘোষণা কৰাৰ কেইদিনমান পিছতে জয়া প্ৰদাই আত্মসমৰ্পন কৰে। আদালতৰ শুনানিত কেইবাবাৰো হাজিৰ হোৱাত বিফল হোৱাৰ পিছতে আদালতে জয়া প্ৰদাক পলাতক ঘোষণা কৰিছিল। তেওঁৰ বিৰুদ্ধে ৰামপুৰৰ এমপি/এমএলএ আদালতে কেইবাবাৰো জামিন অযোগ্য ৱাৰেণ্ট (এনবিডব্লিউ) জাৰি কৰাৰ পিছতো ২৭ ফেব্ৰুৱাৰীত তেওঁ আদালতত হাজিৰ নোহোৱাৰ পিছতে পলাতক ঘোষণা কৰা হৈছিল।উল্লেখ্য উত্তৰ প্ৰদেশৰ আদালতে প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে তেওঁ পলাতক হৈ থকাৰ মুদা মৰিছিল। নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত জয়া প্ৰদাৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ সন্দৰ্ভত ৰামপুৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰিছিল । আদালতে তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চৰ ভিতৰত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল।

জয়া প্ৰদাৰ বিৰুদ্ধে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছিল। এই দুটা গোচৰত বিশেষ সাংসদ-বিধায়ক আদালতে তেওঁক বাৰে বাৰে মাতি পঠিয়াইছিল, কিন্তু তেওঁ এবাৰো আদালতত হাজিৰ হোৱা নাছিল। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সাতবাৰ জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰা হৈছিল, কিন্তু তেওঁক আদালতত হাজিৰ কৰিব পৰা হোৱা নাছিল। এনে পৰিস্থিতিত আৰক্ষীয়ে আদালতক জনাইছিল যে জয়াই গ্ৰেপ্তাৰ হ’ব বুলি ভাবিয়েই আদালতৰ পৰা আঁতৰি আছে। তেওঁৰ সকলো ম’বাইল নম্বৰ ‘চুইচ অফ’ পোৱা বুলিও আৰক্ষীয়ে জনাইছিল।

ইয়াৰ পিছতে ন্যায়াধীশ শোভিত বানচালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু জয়াক ‘পলাতক’ বুলি ঘোষণা কৰিছিল। তেওঁ ৰামপুৰৰ আৰক্ষী অধীক্ষকক এটা দল গঠনৰো নিৰ্দেশ দিয়ে। জয়াক গ্ৰেপ্তাৰ কৰা আৰু পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ মাৰ্চত আদালতত হাজিৰ কৰাটো দলটোৰ দায়িত্ব হ’লহেঁতেন।জয়াই ২০১৯ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু তেওঁ সমাজবাদী পাৰ্টিৰ আজম খানৰ হাতত পৰাজিত হৈছিল। তেওঁ ইয়াৰ পূৰ্বে ২০০৪ আৰু ২০০৯ চনত সমাজবাদী পাৰ্টিৰ টিকটত জয়ী হৈছিল। পিছত তেওঁক অখিলেশ যাদৱৰ দলে বহিষ্কাৰ কৰিছিল।

“মেৰা পেহলা ভোট দেশ কে লিয়ে” অভিযানত অংশগ্ৰহণ কৰিলে অসমৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে…

নিৰ্বাচনৰ সময়ত যুৱ প্ৰজন্মৰ সাৰ্বজনীন প্ৰবুদ্ধ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত “মেৰা পেহলা ভোট দেশ কে লিয়ে” শীৰ্ষক অভিযানৰ আয়োজন কৰিছে।এই অভিযানৰ অংশ হিচাপে অসমৰ বিভিন্ন মহাবিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ ‘আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়’ৰ শিক্ষাৰ্থীসকলে সক্ৰিয় ভাৱে এই প্ৰচাৰ অভযানত অংশগ্ৰহণ কৰে আৰু ভোটদানৰ বাবে সংকল্প গ্ৰহণ কৰে।

একে ধৰণে ‘ইলেক্ট্ৰৰেল লিটাৰেচী ক্লাব’, লক্ষীপুৰ মহাবিদ্যালয়, গোৱালপাৰাই ইয়াৰ ‘এনএছএছ ইউনিট’ৰ সহযোগত এখন কৰ্মশালাৰ আয়োজন কৰিছিল, য’ত শিক্ষাৰ্থীসকলক ‘ভোটাৰ পঞ্জীয়ন’ৰ অনলাইন প্ৰক্ৰিয়া আৰু https://electoralsearch.eci.gov.in/ ‘ভোটাৰ তালিকা’ত তেওঁলোকৰ নাম পৰীক্ষা কৰাৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা দাঙি ধৰা হয়। একেদৰে, নগাঁৱৰ কটহগুৰি মহাবিদ্যালয়ে ভোটাৰ সজাগতা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ বাবে এখন কৰ্মশালাৰ আয়োজন কৰে।‘মেৰা পেহলা ভোট– দেশ কে লিয়ে প্ৰচাৰ অভযান’ৰ লক্ষ্য হৈছে নিৰ্বাচনত নতুন আৰু যুৱ ভোটাৰসকলক অংশগ্ৰহণৰ গুৰুত্ব সন্দৰ্ভত সজাগ কৰি তোলা। যুৱ ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ লগতে ‘মেৰা পেহলা ভোট– দেশ কে লিয়ে অভিযান’ৰ লক্ষ্য হৈছে এক প্ৰতিযোগিতামূলক, অথচ সহযোগিতামূলক পৰিৱেশ গঢ়ি তোলা য’ত যুৱক-যুৱতীসকলে বিভিন্ন সৃষ্টিশীল প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ দেশৰ ভৱিষ্যতৰ কল্পনা কৰিব পাৰে।

অশ্লীল ভিডিঅ’, বিজেপিৰ বাৰাবাংকী সমষ্টিৰ প্ৰাৰ্থী উপেন্দ্ৰ সিং ৰাৱাটৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ…

পৱন সিঙৰ পিছত আন এজন প্ৰাৰ্থী। দেওবাৰে আছানচোলৰ বিজেপি প্ৰাৰ্থী পৱন সিঙে প্ৰাথিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত সোমবাৰে বিজেপি সাংসদ উপেন্দ্ৰ সিং ৰাৱাটে উত্তৰ প্ৰদেশৰ বাৰাবাংকী আসনৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কোৰ কথা ঘোষণা কৰে। তেওঁৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সাংসদগৰাকীয়ে এই উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰে। বাৰাবাংকীৰ বৰ্তমানৰ সাংসদ ৰাৱাটক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থীৰ তালিকাত স্থান দিয়া হৈছিল। ইয়াৰ পিছতে সাংসদগৰাকীৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰে। ভিডিঅ’টোত উপেন্দ্ৰ সিং ৰাৱটক বিদেশী মূলৰ এগৰাকী মহিলাৰ সৈতে অতি বেয়া অৱস্থাত দেখা গৈছে। অৱশ্যে, বাৰাবাংকীৰ সাংসদজনে ভিডিঅ’টো ভুৱা বুলি অভিহিত কৰিছে আৰু এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে একাংশ লোকে তেওঁক বদনামী কৰাৰ বাবেই ভুৱা ভিডিঅ’টো প্ৰস্তুত কৰিছে।


এক্সৰ এটা পোষ্টত ৰাৱাটে কয়, “মোৰ এটা সম্পাদিত ভিডিঅ’ ভাইৰেল কৰা হৈছে, যিটো দীপফেক এআই প্ৰযুক্তিৰ দ্বাৰা সৃষ্টি কৰা হৈছে, যাৰ বাবে মই এখন এজাহাৰ দাখিল কৰিছো। এই সন্দৰ্ভত, মই ৰাষ্ট্ৰপতিক ইয়াৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছো। মই নিৰ্দোষ প্ৰমাণিত নোহোৱালৈকে ৰাজহুৱা জীৱনত কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো।”

‘মোদী হিন্দুৱেই নহয়, মাতৃৰ মৃত্যুৰ পিছত কিয় কটা নাছিল চুলি- দাড়ি’? মোদীক উদ্দেশ্যি লালু প্ৰসাদৰ তীৰ্যক প্ৰশ্ন…

মোদীক উদ্দেশ্যি লালু প্ৰসাদৰ তীৰ্যক প্ৰশ্ন। ‘প্ৰধানমন্ত্ৰী মোদী হিন্দুৱেই নহয়’! মোদীৰ বিষয়ে এনেদৰেই মন্তব্য কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি সাগৰৰ তলৰ দ্বাৰকা চহৰলৈকে প্ৰধানমন্ত্ৰীয়ে মন্দিৰ উদ্বোধন কৰি ফুৰিছে। মন্দিৰৰ নামত মোদীয়ে আনকি আৰৱলৈয়ো উৰা মাৰিছে। আগন্তুক লোকসভা নিৰ্বাচনত হিন্দুত্ব বিজেপিৰ মুখ্য অস্ত্ৰ হ’ব বুলি সকলোৱে ধাৰণা কৰিছে। কিন্তু ইমানৰ পিছতো নৰেন্দ্ৰ মোদীক হিন্দু নহয় বুলি লালু প্ৰসাদে কিয় ক’লে? আৰজেডিৰ প্ৰতিষ্ঠাপক লালু প্ৰসাদ যাদৱে পাটনাত এখন ৰাজহুৱা সভাত ভাষণ দি কয়, “নৰেন্দ্ৰ মোদী হিন্দু নহয়।”

লালুৱে পাটনাত ইণ্ডিয়া এলায়েন্সৰ নিৰ্বাচনী জনসভাত ভাষণ দিছিল। ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লৈছিল।লালুৱে মোদীক উদ্দেশ্যি কয় “আপোনাৰ কোনো পৰিয়াল নাই, আপুনি হিন্দু নহয়। “
নিজৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়াই লালুৱে কয়, “মাকৰ মৃত্যুৰ পিছত প্ৰতিগৰাকী হিন্দু পুৰুষে চুলি আৰু দাড়ি কাটে। এতিয়া মোক কওঁক, মোদীয়ে তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত কিয় এনে কৰা নাছিল? তেওঁলোকে ৰাম আৰু ৰহিমক ইজনে সিজনৰ বিৰুদ্ধে থিয় দিয়াইছে”।

গৰ্ভপাতক সাংবিধানিক অধিকাৰ হিচাপে গঢ়ি তোলা প্ৰথমখন দেশ হিচাপে পৰিগণিত ফ্ৰান্স…

মহিলা গৰ্ভপাতক সাংবিধানিক অধিকাৰ হিচাপে গঢ়ি তোলা প্ৰথমখন দেশ হিচাপে পৰিগণিত ফ্ৰান্স। গৰ্ভপাতক সংবিধানত সন্নিবিষ্ট কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে ফ্ৰান্স। সংসদৰ ব্যতিক্ৰমী যৌথ অধিৱেশনত ৭৮০-৭২ ভোটত বিধেয়কখন অনুমোদন কৰে ফ্ৰান্সৰ সাংসদসকলে। ভাৰ্চাইল প্ৰাসাদত সংসদৰ যৌথ অধিৱেশনত ফ্ৰান্সৰ সাংসদসকলে ফ্ৰান্সৰ সংবিধানত গৰ্ভপাতৰ অধিকাৰ সন্নিবিষ্ট কৰা বিধেয়কত অনুমোদন জনাইছে।

সোমবাৰে বিধেয়কখনক ৭৮০-৭২ ভোটৰ অতিশয় ভোটত অনুমোদন জনোৱাৰ লগতে প্ৰায় সমগ্ৰ যৌথ অধিৱেশনত দীৰ্ঘদিনীয়া প্ৰশংসাৰ সৃষ্টি হয় আমেৰিকাত আদালতৰ ৰায়দানত গৰ্ভপাতৰ অধিকাৰৰ বিষয়ে। এই পদক্ষেপে ফ্ৰান্সক বিশ্বৰ প্ৰথমখন দেশ হিচাপে গঢ়ি তুলিছে যিয়ে নিজৰ মৌলিক আইনত গৰ্ভাৱস্থা বন্ধ কৰাৰ বাবে স্পষ্ট সুৰক্ষা প্ৰদান কৰিছে। আনহাতে বহুতে এই আইনখনক সমৰ্থন কৰাৰ লগতে, বহুতে এই আইনক সমালোচনাও কৰিছে।

গহপুৰত বিজেপিৰ সংকল্প যাত্ৰাৰ অংশ স্বৰূপে নাৰী শক্তি বন্দন…

গহপুৰত বিজেপিৰ সংকল্প যাত্ৰাৰ অংশ স্বৰূপে নাৰী শক্তি বন্দন কাৰ্যসূচী ৰূপায়ণ।গহপুৰ নগৰৰ মাজৰে মহিলা সকলে এক পদযাত্ৰা বাহিৰ কৰি নাৰী শক্তি বদন কাৰ্যসূচী ৰূপায়ণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্প যাত্ৰাৰ প্ৰতি সঁহাৰি জনাই নাৰী শক্তিক জাগ্ৰত কৰিবলৈ এই নাৰী শক্তি বদন কাৰ্যসূচী। নাৰী সৱলীকৰন,সকলো ক্ষেত্ৰত যাতে নাৰী সমাজ আগবাঢ়ি যাব পাৰও সেয়ে নাৰী শক্তি বদনৰ মূল লক্ষ্য।

ধুবুৰীৰৰ গোলোকগঞ্জৰ নান্দিনীপাৰত এল্ট’ বাহনৰ খুন্দাত আহত মহিলা…

ধুবুৰীৰ জিলাৰ গোলোকগঞ্জৰ নান্দিনীপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী এল্ট’ বাহনে খুন্দিয়ালে এগৰাকী মহিলাক।

AS 01 DQ 4056 নম্বৰৰ এল্ট’ বাহনে খুন্দিয়ালে মজিয়া বিবি নামৰ এগৰাকী মহিলাক। গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।