মহিলা আই পি এলত আৰ চি বিক পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছে। এই মেচত দলত নাছিল মুম্বাইৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ। ইয়াৰ পিছতো মুম্বাইৰ জয়ৰ কোনো সমস্যা নাছিল। হৰমনপ্ৰীত কৌৰ অবিহনে মুম্বাইয়ে স্মৃতি মান্ধনাৰ আৰ চি বিক পৰাস্ত কৰে। এই মেচত জয়লাভ কৰি মুম্বাই পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। মুম্বাইয়ে বেটিং আৰু বলিং দুয়োটা বিভাগতে আধিপত্য প্ৰদৰ্শন কৰে। ২৯টা বল বাকী থকা অৱস্থাত মুম্বাইয়ে জয়লাভ কৰে।
হৰমনৰ অনুপস্থিতিত মুম্বাইৰ অধিনায়কত্ব কৰিছিল নেট শ্বিভাৰ-ব্ৰাণ্টে। টছত জয়ী হৈ তেওঁ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। মুম্বাইৰ বলাৰৰ সন্মুখত ভাল আৰম্ভণি নকৰিলে আৰ চি বিয়ে। আকৌ এবাৰ মান্ধনা বেটৰ বিফল হ’ল। ৯ ৰানত আউট হয়। ছফী ডেভিনেও ৰান নাপালে।

















