Home Blog Page 990

প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে জন্ম দিলে এটি পুত্ৰ সন্তান…

জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৰ প্ৰায় দুবছৰ পাছত তেওঁলোকৰ পৰিয়াললৈ আহিল এটি পুত্ৰ সন্তান৷

সিদ্ধুৰ পিতৃ বলকৌৰ সিঙে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পুত্ৰৰ ফটো ৷ ফটোখনত তেওঁৰ প্ৰয়াত ডাঙৰ পুত্ৰৰ ফ্ৰেমযুক্ত ফটো এখনৰ সন্মুখত বহি থকা নৱজাতকটোক কোলাত লৈ থকা দেখা গৈছে।

সন্মুখতো কেক এটা আছিল। আনহাতে খবৰ অনুসৰি তেওঁৰ মাতৃৰ বয়স ৫৮ আৰু পিতৃৰ বয়স ৬০।

বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা…

অকল মহিলাৰ দ্বাৰা গঠিত বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা |
এশ গৰাকী দৰিদ্ৰ মহিলাক বিনামূলীয়া লৈ প্ৰদান কৰে পানী বিশুদ্ধকৰন ফিল্টাৰ |বিলাসীপাৰাৰ মহামায়া মন্দিৰ প্ৰাঙ্গণত বিতৰণ কৰে ফিল্টাৰ সমুহ |


উল্লেখ্য যে মহাৰাষ্ট্ৰৰ শ্ৰীকাৰা ৱাৰ্ল্ড ফাউণ্ডেচনৰ অৰ্থ সাহাৰ্য্যত মহিলা গ্ৰুপটোৱো বিতৰণ কৰা কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ফাউণ্ডেচনৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়া ববীয়া ঋষিকেশ বৰুৱা, ইন্দ্ৰনীল ক্যাশ্যপ আৰু তৃষ্ণা সাহা |


বিতৰণী কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ঋষিকেশ বৰুৱাই কয় যে অতি সম্প্ৰতি দূষিত পানী সেৱন কৰাৰ ফলত মানুহে বিভিন্ন বেমাৰ আজাৰত ভুগিব লগীয়া হৈছে |
বিশেষ কৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল বোৰে যাতে এটোপাল বিশুদ্ধ পানী পাব পাৰে তাৰেই প্ৰয়াস কৰা হৈছে |
মূলত শিক্ষা আৰু নাৰী সৱলীকৰণৰ উদ্দেশ্যে গঠন হোৱা শ্ৰীকাৰা ৱাৰ্ল্ড ফাউণ্ডেচনে আগলৈ বিলাসীপাৰাত আৰু অধিক উন্নয়ন মূলক আচঁনি ৰূপায়ণ কৰি বুলি বৰুৱাই কয়

বিলাসী পাৰাৰ পৰা জিয়াৰুল আলমৰ প্ৰতিবেদন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন৷ দিল্লীৰ সুৰা নীতিক লৈ চমন অৰিবন্দ কেজৰিৱাললৈ৷

অৰবিন্দ কেজৰিৱাল শনিবাৰে দিল্লী সুৰা নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতত হাজিৰ হৈছিল। উল্লেখ্য যে, দিল্লীৰ সুৰা নীতিৰ গোচৰত ইতিমধ্যে জেলত আছে

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়া। 

মানকাচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী…

মানকাচৰত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷

ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা ড্ৰাগছ ব্যৱসায়ী ৷

সৰবৰাহকাৰীৰ ঘৰত মাটিৰ তলত লুকাই থোৱা অৱস্থাত উদ্ধাৰ সামগ্ৰীখিনি৷

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ! DSPৰ বিৰুদ্ধে নাবলিকা নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ…

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। বনকৰা কিশোৰীক নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তেজনা।
DSPৰ বিৰুদ্ধে নাবলিকা নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ । দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ DSP কিৰণ নাথৰ বিৰুদ্ধে কিশোৰী নিৰ্যাতনৰ অভিযোগ। কিশোৰী গৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই অহাৰ অভিযোগ পৰিয়ালৰ লোকৰ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দেৰগাঁও থানত এজাহাৰ দাখিল কৰিছে। দোষী আৰক্ষী জনক উচিত শাস্তিৰো দাবী কৰিছে পৰিয়ালৰ লোকে।ঘটনাক গাপ দিয়াৰ চেষ্টা আৰক্ষী বিষয়াৰ পত্নী-পুত্ৰৰ । নাবালিকাক ছোৱালী জনি সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল। যোৱা কালি সন্ধ্যা বনকৰা ছোৱালী জনীৰ ঘৰত গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি দি পুনৰ কণমানি গৰাকীক নিজৰ গাড়ীত উঠাই যৌন

আতিশয্য চলোৱাৱ চেষ্টা কৰে। কিশোৰী গৰাকীয়ে পৰবৰ্তী সময়ত ঘটনাৰ সবিশেষ পিতৃ মাতৃক লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত অৱগত কৰিবলৈ অহাৰ সময়ত DSP কিৰণ নাথৰ পত্নীয়ে আৰক্ষীক ঘটনাটো অৱগত নকৰিবলৈ তনা আযোৰা কৰে আৰু হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয়।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

পশ্চিমবংগৰ সন্দেশখালী কাণ্ড সন্দৰ্ভত আৰু ৩জনক গ্ৰেপ্তাৰ…

Man on the chair in Handcuffs. Rear view and Closeup ,Men criminal in handcuffs arrested for crimes. With hands in back,boy prison shackle in the jail violence concept.

পশ্চিমবংগৰ সন্দেশখালী কাণ্ড সন্দৰ্ভত আৰু ৩জনক গ্ৰেপ্তাৰ৷

CBI-এ গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত শ্বাহজাহান শ্বেখৰ ভাতৃক৷

Man on the chair in Handcuffs. Rear view and Closeup ,Men criminal in handcuffs arrested for crimes. With hands in back,boy prison shackle in the jail violence concept.

সন্দেশখালীত EDৰ দলক আক্ৰমণত অভিযুক্ত আটাইকেইজন৷

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব…

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ আৰু শিলচৰ সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ মে’ত বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে সংবাদ মেলত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয়, গোটেই বিশ্বৰ দৃষ্টি সৰ্ববৃহৎ গণতন্ত্ৰিক দেশ ভাৰতৰ নিৰ্বাচনৰ ওপৰত থাকে। নিৰ্বাচনী পৰ্ব আমাৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁ কয়, যোৱা সময়ছোৱাত বিভিন্ন জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তসকলৰ সৈতে সাক্ষাৎ কৰিছো। আমি স্মৰণীয় আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো।

আনুষ্ঠানিকভাৱে ঘোষণা হ’ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ তাৰিখ…

আনুষ্ঠানিকভাৱে ঘোষণা হ’ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ তাৰিখ। লোকসভা নিৰ্বাচনৰ উপৰিও চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰো দিন ঘোষণা কৰিলে আয়োগে।

মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব এইবাৰৰ লোকসভা নিৰ্বাচন।নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু

সুখবীৰ সিং ছান্ধুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখে। সেই অনুসৰি মুঠ ৭ টা পৰ্যায়ত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নিৰ্বাচন। ভোটগণনা অনুষ্ঠিত হ’ব ৪ জুনত।

অখিলেশ যাদৱৰ সিদ্ধান্তক লৈ চন্দ্ৰশেখৰ আজাদৰ প্ৰথম প্ৰতিক্ৰিয়া…

চন্দ্ৰশেখৰ আজাদক আঘাত কৰি সমাজবাদী পাৰ্টিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নগিনা আসনৰ পৰা মনোজ কুমাৰক এছ পি প্ৰাৰ্থী হিচাপে গঢ়ি তুলিছে। যাৰ ওপৰত চন্দ্ৰশেখৰ আজাদৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। তেওঁ অকলে প্ৰতিদ্বন্দ্বিতা কৰিলেও এই আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি স্পষ্ট ইংগিত দিছে ।

আজাদ সমাজ পাৰ্টিৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদে দীৰ্ঘদিন ধৰি নগিনা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈ আছিল। তেওঁ ইতিমধ্যে ঘোষণা কৰিছিল, এনে পৰিস্থিতিত তেওঁক ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কৰাৰ কথা চৰ্চা হৈছিল, কিন্তু শেষত অখিলেশ যাদৱে তেওঁক বিশ্বাসঘাতকতা কৰিছিল। SP এ ইয়াত নিজৰ প্ৰাৰ্থীক ফিল্ড কৰি সকলো সমীকৰণ সলনি কৰিছে।চন্দ্ৰশেখৰ আজাদে এছ পিৰ এই পদক্ষেপৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।এক্সত লিখিছে, ‘দুৰ্বল সকলে ভাগ্যৰ বাবে কান্দিছে.. যিসকলে বাঢ়িব লাগে, শিলৰ বুকু ফালিও ডাঙৰ হয়।’ তেওঁৰ বক্তব্যৰ লগে লগে চন্দ্ৰশেখৰ আজাদে নগিনাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে। যদিও তেওঁ অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হয়।

চন্দশেখৰ আজাদেও ১৫ মাৰ্চত নগিনাত এখন বৃহৎ সমাৱেশ অনুষ্ঠিত কৰি নিজৰ শক্তি দেখুৱাবলৈ চেষ্টা কৰিছিল, য’ত তেওঁৰ সমৰ্থনত বৃহৎ সংখ্যক লোকে তেওঁৰ সভাত উপস্থিত হৈছিল, ইয়াৰ লগতে আজাদ সমাজ পাৰ্টিয়েও ইয়াত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছিল।ইছ। আজি চন্দ্ৰশেখৰ নিজেই নিৰ্বাচনী প্ৰচাৰত যাব। আজি তেওঁ সাত স্থানত ৰাজপথৰ সভা পাতি ৰাইজৰ সৈতে জনসংযোগ কৰিব।

ভীম সেনা প্ৰধান চন্দ্ৰশেখৰ দীৰ্ঘদিন ধৰি এছ পি মিত্ৰজোঁটৰ লগত আছিল। অখিলেশ যাদৱৰ সৈতে বহু অনুষ্ঠানত তেওঁক মঞ্চতো দেখা গৈছিল, তাৰ পিছত এছ পিয়ে তেওঁক ভাৰতৰ মিত্ৰতাত অন্তৰ্ভুক্ত কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছিল যদিও সেয়া নহ’ল। ইয়াৰ পিছত এতিয়া চন্দ্ৰশেখৰে কেৱল নিজৰ দলৰ প্ৰতীকতহে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।

নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰৰ ডাঙৰ ঘোষণা ! ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্ৰকল্প…

নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰৰ ডাঙৰ ঘোষণা ।

৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্রকল্প ।

নেনো ইউৰিয়া প্ৰকল্পৰ বাবে কেন্দ্ৰৰ অনুমোদন বিভাগীয় কেন্দ্রীয় মন্ত্রী মনসুখ মাণ্ডব্যৰ এই ঘোষণা