Home Blog Page 992

ভাৰতৰ বাঘ সংৰক্ষণৰ পদক্ষেপক বিশ্বৰ ১৬ খন দেশৰ সমৰ্থন, মোদীৰ আহ্বানৰ প্ৰতি বিশ্বৰ সঁহাৰি…

ভাৰতৰ বাঘ জগত বিখ্যাত। বিগ কেট নামেৰে পৰিচিত বিড়াল প্ৰজাতিৰ বাঘৰ সংৰক্ষণৰ বাবে ভাৰততে নানান পদক্ষেপ গ্ৰহণ কৰিছ। সেই ১৬ খন ৰাষ্ট্ৰ হৈছে আৰ্মেনিয়া, বাংলাদেশ, ভূটান, ব্ৰাজিল, কম্বোডিয়া, ইজিপ্ত, ইথিওপিয়া, ইকুৱেডৰ, কেনিয়া, মালয়েছিয়া, মঙ্গোলিয়া, নেপাল, নাইজেৰিয়া আৰু পেৰু।পৰিৱেশ মন্ত্ৰালয়ৰে প্ৰকাশ কৰা মতে ষোল্লখন দেশে মিত্ৰজোঁটৰ সদস্য হিচাপে আন্তৰ্জাতিক বিগ কেট এলায়েন্স (আইবিচিএ)ত যোগদান কৰিবলৈ সন্মতি প্ৰদান কৰিছে। চুইজাৰলেণ্ডৰ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ (আইইউচিএন); কিৰগিজস্তানৰ পৰা বিজ্ঞান আৰু সংৰক্ষণ আন্তৰ্জাতিক স্নো লিঅ’পাৰ্ড ট্ৰাষ্ট; ৰাছিয়াৰ আমুৰ টাইগাৰ চেণ্টাৰত নটা অংশীদাৰ সংগঠনো এই সমৰ্থনৰ সৈতে অন্তৰ্ভুক্ত আছে।

এনে দেশসমনূহে আইবিচিএত অংশীদাৰ সংগঠন হিচাপে যোগদান কৰিবলৈ সন্মত হৈছে। উল্লেখ্য ২০১৯ চনত গোলকীয় বাঘ দিৱসত তেওঁৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে এছিয়াত বাঘৰ চোৰাং চিকাৰ ৰোধ কৰিবলৈ বিশ্বৰ নেতাসকলৰ মিত্ৰতাৰ আহ্বান জনাইছিল।তেওঁ ২০২৩ চনৰ ৯ এপ্ৰিলত ভাৰতৰ প্ৰকল্প টাইগাৰৰ ৫০ বছৰীয়া স্মৰণীয় অনুষ্ঠানত এই কথা পুনৰ দোহাৰিছে। মোদীৰ আহ্বানৰ পিছতেই বিশ্বৰ ১৬ খন দেশে বাঘৰ সংৰক্ষণৰ বাবে আগুৱাই আহিছে। বাঘৰ সংৰক্ষণকলৈ বিশ্বব্যাপী উদ্বেগ বৃদ্ধি পাইছে, চোৰাং চিকাৰ আৰু বাঘৰ বাসস্থান ধ্বংস অব্যাহত আছে, যাৰ ফলত বিশ্বজুৰি ডাঙৰ বাঘৰ সংখ্যা বিপদাপন্ন হৈছে। বাঘৰ বাসস্থানবোৰ সংৰক্ষণ কৰিলে কেৱল পৰিৱেশ তন্ত্ৰসেৱাই সুৰক্ষিত নহয়, লগতে জলবায়ুৰ সুৰক্ষাতো ই কাম কৰিব।

নিৰ্বাচনৰ আগত ইছ্যু নাই কংগ্ৰেছৰ! এইবাৰ গুজৰাটৰ আত্মহত্যাৰ ঘটনাকলৈ মোদীক সমালোচনা কংগ্ৰেছৰ…

সমাগত লোকসভা নিৰ্বাচন। কিন্তু কোনো ইছ্যুৱেই হয়তো নাই কংগ্ৰেছৰ। সেয়ে ৰাজ্য ভিভিত্তিক ঘটনাকলৈ সৰব হৈছে কংগ্ৰেছ। বিজেপি শাসিত গুজৰাটত ক্ৰমাৎ বৃদ্ধি পাইছে আত্মহত্যাৰ হাৰ৷ বৰ্ধিত নিবনুৱা সমস্যায়ো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মোদী-শ্বাহৰ গৃহ ৰাজ্যখনত৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ আত্মহত্যা আৰু নিবনুৱা সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই শুকুৰবাৰে বিজেপি শাসিত ৰাজ্যখনত আত্মহত্যাৰ বৰ্ধিত হাৰক লৈ কেন্দ্ৰ আৰু গুজৰাট চৰকাৰক লক্ষ্য কৰি লয় আৰু অভিযোগ কৰি কয় যে তেওঁলোকে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে।

তেওঁ এইটোও কৈছিল যে গৃহৰাজ্যৰ এই গুৰুতৰ মানৱীয় ঘটনাৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ মৌনতা ৰহস্যজনক৷ তেওঁ গুজৰাট চৰকাৰক নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষাক প্ৰাধান্য দিবলৈ আৰু ৰাজ্যখনৰ ওপৰত ক’লা ছাঁ পেলোৱা সমস্যাটোৰ সমাধানৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়। এক বিবৃতিত খৰ্গেই কয়, গভীৰ উদ্বেগ আৰু গভীৰ হতাশাৰ সৈতে মই গুজৰাট চৰকাৰে আত্মহত্যাৰ হাৰ সন্দৰ্ভত পোহৰলৈ অনা দুখজনক খবৰত ব্যথিত হৈছোঁ৷ কংগ্ৰেছ ৰ মুৰব্বীগৰাকীয়ে কয় যে ৰাজ্যিক বিধানসভাত উপস্থাপন কৰা শেহতীয়া তথ্যই সূচায় যে বিজেপি চৰকাৰৰ শাসনত যোৱা তিনিটা বিত্তীয় বৰ্ষত ২৫,০০০তকৈও অধিক লোকে আত্মহত্যাৰ ফলত প্ৰাণ হেৰুৱাইছে, যাৰ ভিতৰত প্ৰায় ৫০০গৰাকী ছাত্ৰ আছিল। তেওঁ কয় যে পৰিসংখ্যাই হতাশা, নিৰাশা আৰু সমাধান নোহোৱা অভিযোগৰ সৈতে যুঁজি থকা জনসাধাৰণৰ এক ভয়ংকৰ ছবি অংকন কৰিছে। প্ৰগতি আৰু সমৃদ্ধিৰ গৌৰৱ কৰা এখন ৰাজ্যত ইমানসংখ্যক নাগৰিকে নিজৰ জীৱন ল’বলৈ বাধ্য হোৱাটো অতি দুৰ্ভাগ্যজনক৷ এয়া বিজেপিৰ ডাবল ইঞ্জিনৰ অপশাসনৰ আন এক উদাহৰণ বুলি মন্তব্য কৰে খৰ্গেই৷ তেওঁ লগতে কয়, গুজৰাট চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চাকৰিৰ খালী পদ মুকলি আৰু পূৰণ কৰা আৰু নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণতো ব্যৰ্থ হৈছে৷


বিজেপিশাসিত গুজৰাটত ক্ৰমাৎ বৃদ্ধি পাইছে আত্মহত্যাৰ হাৰ৷ বৰ্ধিত নিবনুৱা সমস্যায়ো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মোদী-শ্বাহৰ গৃহ ৰাজ্যখনত৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ আত্মহত্যা আৰু নিবনুৱা সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই শুকুৰবাৰে বিজেপিশাসিত ৰাজ্যখনত আত্মহত্যাৰ বৰ্ধিত হাৰক লৈ কেন্দ্ৰ আৰু গুজৰাট চৰকাৰক লক্ষ্য কৰি লয় আৰু অভিযোগ কৰি কয় যে তেওঁলোকে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে। তেওঁ এইটোও কৈছিল যে গৃহৰাজ্যৰ এই গুৰুতৰ মানৱীয় ঘটনাৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ মৌনতা ৰহস্যজনক৷ তেওঁ গুজৰাট চৰকাৰক নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষাক প্ৰাধান্য দিবলৈ আৰু ৰাজ্যখনৰ ওপৰত ক’লা ছাঁ পেলোৱা সমস্যাটোৰ সমাধানৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়। এক বিবৃতিত খৰ্গেই কয়, গভীৰ উদ্বেগ আৰু গভীৰ হতাশাৰ সৈতে মই গুজৰাট চৰকাৰে আত্মহত্যাৰ হাৰ সন্দৰ্ভত পোহৰলৈ অনা দুখজনক খবৰত ব্যথিত হৈছোঁ৷ কংগ্ৰেছ ৰ মুৰব্বীগৰাকীয়ে কয় যে ৰাজ্যিক বিধানসভাত উপস্থাপন কৰা শেহতীয়া তথ্যই সূচায় যে বিজেপি চৰকাৰৰ শাসনত যোৱা তিনিটা বিত্তীয় বৰ্ষত ২৫,০০০তকৈও অধিক লোকে আত্মহত্যাৰ ফলত প্ৰাণ হেৰুৱাইছে, যাৰ ভিতৰত প্ৰায় ৫০০গৰাকী ছাত্ৰ আছিল। তেওঁ কয় যে পৰিসংখ্যাই হতাশা, নিৰাশা আৰু সমাধান নোহোৱা অভিযোগৰ সৈতে যুঁজি থকা জনসাধাৰণৰ এক ভয়ংকৰ ছবি অংকন কৰিছে। প্ৰগতি আৰু সমৃদ্ধিৰ গৌৰৱ কৰা এখন ৰাজ্যত ইমানসংখ্যক নাগৰিকে নিজৰ জীৱন ল’বলৈ বাধ্য হোৱাটো অতি দুৰ্ভাগ্যজনক৷ এয়া বিজেপিৰ ডাবল ইঞ্জিনৰ অপশাসনৰ আন এক উদাহৰণ বুলি মন্তব্য কৰে খৰ্গেই৷ তেওঁ লগতে কয়, গুজৰাট চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চাকৰিৰ খালী পদ মুকলি আৰু পূৰণ কৰা আৰু নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণতো ব্যৰ্থ হৈছে৷

কম বয়সতে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ কাৰণ কি? কেনেকৈ সুস্থ হৈ থাকিব লাগে…

যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা দিনক দিনে বৃদ্ধি পাইছে। উদ্বেগ প্ৰকাশ কৰি চিকিৎসকে যুৱক-যুৱতীসকলক খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে।

ষ্ট্ৰোক হোৱাৰ কাৰণ-

  • অস্বাভাৱিক মেদবহুলতা, বহি থকা জীৱনশৈলী
  • উচ্চ ৰক্তচাপ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আৰু ধূমপান
  • মানসিক চাপৰ বাবে অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ক্ষেত্ৰ বৃদ্ধি পোৱা, টোপনিৰ অভাৱ, মেদবহুলতা ষ্ট্ৰোকৰ বিপদজনক কাৰকসমূহৰ ভিতৰত অন্যতম, যিবোৰ সাধাৰণতে লক্ষ্য কৰা নহয়।

চিকিৎসকৰ পৰামৰ্শ-

  • দৈনিক ৩০-৪৫ মিনিট খোজ কাঢ়িব লাগে
  • ধ্যান কৰক।
    *ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ বাবে নিয়মীয়াকৈ ঔষধ খাব লাগে।
  • শৰীৰৰ শাৰীৰিক ক্ষমতাতকৈ বেছি ব্যায়াম নকৰিব।
  • নিয়মীয়াকৈ চেকআপ কৰি লওক।
  • বছৰত এবাৰ গোটেই শৰীৰ পৰীক্ষা কৰাব লাগে।
  • ৬-৮ ঘণ্টা টোপনি লওক।

অসমৰ কৃষিভিত্তিক অৰ্থনীতি আৰু উৎপাদিত শস্যৰ বাণিজ্যিকীকৰণৰ দিশটো ত্বৰান্বিত কৰিছে টিংখাঙৰ উৎসাহী খেতিয়কসকলে…

অসমৰ কৃষিভিত্তিক অৰ্থনীতি আৰু উৎপাদিত শস্যৰ বাণিজ্যিকীকৰণৰ দিশটো ত্বৰান্বিত কৰিছে টিংখাঙৰ উৎসাহী খেতিয়কসকলে।

দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত আৰু পেপচিকো প্ৰাইভেট লিমিটেডৰ সহযোগত তথা অসম চৰকাৰৰ মন্ত্ৰী আৰু টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বড়াৰ তৎপৰতাত টিংখাঙৰ স্থানীয় খেতিয়কসকলে ব্যাপক হাৰত আলু খেতি উৎপাদনেৰে এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে। বিমল বড়াৰ আগ্ৰহমৰ্মে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টিংখাঙৰ আলু খেতিৰ বাণিজ্যিক শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ফ্লেগ অফ কৰে।

চিলাপথাৰত বিতৰ্কিত আইন কা’ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা…

কেন্দ্ৰীয় চৰকাৰে অচিৰেই কা’ কাৰ্যকৰি কৰাৰ সম্ভাৱনা স্পষ্ট কৰাৰ পিছতে আৰম্ভ চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি চিলাপথাৰত বিতৰ্কিত আইনখনৰ বিৰূদ্ধে জাঙুৰ খাই উঠে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে বাৰ্তালাপত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে খিলঞ্জীয়া লোকক নি:শেষ কাৰি কা অসমীয়াই কাহানিও মনা নাই আৰু ভৱিষ্যতেও নামানে বুলি মন্তব্য

কৰি যিটো সময়ত বিতৰ্কিত আইনখন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে তেনে সময়তে কি স্বাৰ্থত খিলঞ্জীয়াৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰা আইনখন কাৰ্যকৰী কৰিবলৈ লৈছে। কেৱল নিৰ্বাচন আহিলে বিজেপি চৰকাৰখন খনে ভোটৰ স্বাৰ্থত সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধ বিনষ্ট কৰি জাতিটো ভাগ ভাগ কৰাৰ কু-চক্ৰান্ত কৰি আহিছে বুলি কয়। ইতিমধ্যে আছুসহ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা কৰাৰ লগতে ধাৰাবাহিক আন্দোলন ঘোষণা কৰা হৈছে।

অসম চুক্তি বিৰোধী আইনখন পুনৰ আনিলে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ’ব। অহা ৪  মাৰ্চৰ পৰা সংগঠনটোৰ ধেমাজি জিলাই প্ৰান্তে প্ৰান্তে গৈ আইন খনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব বুলি কয়। ন্যায়লয়ৰ ওপৰত বিজেপি চৰকাৰ নহয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কা বলবৎ কৰাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই  দিয়ে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে।

শম্ভু দাস চিলাপথাৰ

1st BN SSB Sonapur conducted Free Medical Civic Action under Civic Action Program in NE…

1st BN SSB Sonapur conducted Free Medical Civic Action under Civic Action Program in NE

Sonapur, 01 March: To uphold the motto of Sashastra Seema Bal: Service, Security and Brotherhood, 1st Bn Sashastra Seema Bal Sonapur organized Free Medical camp under Civic Action programme in North East Region under the guidance of Shri Sunil Kaushik, Commandant,1st BN SSB Sonapur assisted by Dr.

Th. Nirjanta Devi, Asstt. Commandant (Medical Officer) at Tengaguri & Morikolong village, District Morigaon under AOR of B- Coy Morigaon in which Villagers, media persons and other prominent persons were present during the medical camp.

This medical camp provided basic health care services and free medicines were also distributed to the local villagers. Around 63 villagers benefited from this camp.

জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত

জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত।

অহা ১৫ মাৰ্চত ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত।

আজি মহানগৰী PWD চেণ্টাৰ ছবিখনৰ গীত আৰু ট্ৰেইলাৰ মুকলি কৰা হয়।

বিনাচ মুভি ট’নৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা কৰিছে জয়ন্ত গোস্বামীয়ে।

ছবিখনৰ গোবৰৰ চৰিত্রত অভিনয় কৰিছেজনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই।

লগতে ছবিখনত অভিনয় কৰিছে সুজিত শৰ্মা, স্বগতা ভৰালী, প্ৰতিভা চৌধুৰী।

আনহাতে ছবিখনৰ গীতটিৰ ৰচক আৰু সুৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু কণ্ঠদান কৰিছে গায়ত্ৰী হাজৰিকা। গীতটিত উন্মোচন কৰে কণ্ঠশিল্পী ৰুবি সিংহই।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে গীতিকাৰ কণ্ঠশিল্পী, ৰুবি সিংহ, গায়ত্ৰী হাজৰিকা, অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী চেতনা দাস, প্ৰতিভা চৌধুৰী।

ডিব্ৰুগড় বিমানবন্দৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ক’ৰ পৰা নিৰ্বাচন খেলিব সৰ্বানন্দ সোনোৱালে…

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিবলৈ দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি আজি ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।


ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত সংবাদ মাধ্যমৰ আগত সোণোৱালে কয় যে তালিকা চূড়ান্ত প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। দলীয় প্ৰট’কল অনুসৰি সকলো ৰাজ্যৰ বাবে তালিকা সম্পূৰ্ণ হোৱাৰ পিছত ৰাষ্ট্ৰীয় সভাপতিয়ে নাম ঘোষণা কৰিব। ডিব্ৰুগড়ত তেওঁৰ প্ৰাৰ্থীত্বৰ সন্দৰ্ভত চৰ্চা চলি থকাক লৈ কয় যে এইয়া জনসাধাৰণৰ মৰম আৰু মৰমৰ বাবেই মোৰ নাম সংবাদ মাধ্যমত বেছিকৈ চৰ্চিত হৈছে।

অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত ক্ষীপ্ৰ গতিত নিৰ্মাণ কাৰ্য আৰম্ভ মূৰ্কংচেলেক শিক্ষাখণ্ডৰ পোন্ধৰখন পঞ্চায়তত…

সামাজিক মাধ্যমত দুৰ্নীতিৰ প্ৰচাৰ হোৱা কাণ্ডৰ ভিত্তিহীন,অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত ক্ষীপ্ৰ গতিত নিৰ্মাণকাৰ্য্য চলি আছে মূৰ্কংচেলেক শিক্ষাখণ্ডৰ পোন্ধৰখন পঞ্চায়তত পোন্ধৰখন আদৰ্শ পুথিভঁৰাল

অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ৰ সাংস্কৃতিক বিভাগৰ ২০২১- ২২ বৰ্ষৰ বিশেষ পুঁজিৰ দ্বাৰা নিৰ্মাণ হৈ আছে  মূৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত পোন্ধৰখন বিদ্যালয়ত শিশু আৰু কৈশোৰৰ বাবে আদর্শ পুথিভঁৰাল।

প্ৰতিখন পুথিভঁৰালৰ বাবদ অসম চৰকাৰৰ  দ্বাৰা ষোল্ল লাখ টকাকৈ আৱন্তন দিয়া পুথিভঁৰাল নিৰ্মাণৰ কাৰ্য দ্রুত গতিত চলাই আছে৷ আদৰ্শ পুথিভঁৰাল নিৰ্মাণ কৰা বিদ্যালয় কেইখন হল-কেমি -জেলম গাওঁ পঞ্চায়তৰ জে এন চিলে ট্ৰাইবেল এম ই স্কুল, চিলে গাওঁ পঞ্চায়তৰ  চিলে এম ই স্কুল,  বাহিৰ জোনাই গাওঁ পঞ্চায়তৰ  প্ৰগতি হাই স্কুল, জোনাই গাওঁ পঞ্চায়তৰ মূৰ্কংচেলেক টাউন হাইস্কুল, ৰায়াং বিজয়পুৰ গাওঁ পঞ্চায়তৰ কাৰ্মপুংপুলি হাই স্কুল,

ৰাজাখানা গাওঁ পঞ্চায়তৰ ৰাজাখানা হাইস্কুল, গালী  চিকাৰী গাওঁ পঞ্চায়তৰ গালী হাইস্কুল, চিগা গাওঁ পঞ্চায়তৰ চিগা সন্তপুৰ জনজাতি এম ই স্কুল, ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ ৰামধন এম ই স্কুল, লাইমেকুৰী গাওঁ পঞ্চায়তৰ লাইমেকুৰী কনেং হাইস্কুল, তেলাম গাওঁ পঞ্চায়তৰ তেলাম ট্ৰাইবেল হাইস্কুল, মিছামৰা গাওঁ পঞ্চায়তৰ কে কে পাতিৰ হাইস্কুল, ডেকাপাম গাওঁ পঞ্চায়তৰ ডেকাপাম হাইস্কুল, চিমেন চাপৰি গাওঁ পঞ্চায়তৰ পশ্চিম চিমেন চাপৰি হাইস্কুল, চমকং গাওঁ পঞ্চায়তৰ-চমকং হাইস্কুল। ইয়াৰ ভিতৰত  প্ৰগতি হাইস্কুল, চিলে মধ্য ইংৰাজী বিদ্যালয়, জে.এন চিলে

ট্ৰেইবেল এম ই স্কুলত  কণিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য্য চলি থকা, প্ৰাকলন বৰ্হিভূতভাৱে নিৰ্মাণকাৰ্য্য চলাই যোৱা বুলি একাংশ  সামাজিক মাধ্যমত বাতৰি প্ৰচাৰ কৰা কাৰ্যক  নসাৎ কৰি  অভিযন্তা গাম পেগুয়ে কয় ইতিমধ্যে  জোনাইৰ ১৫ খন গাওঁ পঞ্চায়তৰ   বিদ্যালয় সমূহত অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ সাংস্কৃতিক বিভাগে মুকলি কৰা ৬৫ শতাংশ টকাৰে ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে , লগতে বিভাগৰ  সম্পূৰ্ণ নিয়মত কাম কৰি থকা হৈছে ইয়াত কোনো দুৰ্নীতি বা অনিয়ম সংঘটিত হোৱা নাই বুলি উল্লেখ কৰি বিভাগৰ মতে দুমাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিব লগীয়া আঁচনি কেইখনৰ নিৰ্মাণ কাৰ্য্য বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে সন্তোষজনকভাৱে দায়িত্ব পালন কৰি আছে বুলি কয়।

শম্ভু দাস চিলাপথাৰ

মেজেংগাৰ ঔষধি গুণৰ বিষয়ে জানক…

চমু বিৱৰণ

মেজেংগা এবিধ শাক। ই বহুবৰ্ষী উদ্ভিদ। ই মধ্যমীয়া ওখ হয়। ইয়াৰ পাত শাক হিচাপে খোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম যান্থযাইলেম অক্সিফাইলাম ইডজিঅ’ (Zanthoxylum Oxyphyllum Edgew) আৰু ই ৰুটাচিয়া(Rutaceae) গোত্ৰৰ। মেজেংগাৰ পাত দীঘলীয়া আকৃতিৰ। বাৰিষা কালত মেজেংগা গছত পাত ওলায়। খৰালি হোৱাৰ লগে লগে মেজেংগাৰ পাত সৰিবলৈ ধৰে। ইয়াৰ পাত আৰু ঠাৰিত কাঁইট থাকে। কোমল পাত ৰান্ধিলে ঘিঁউৰ দৰে মিঠা সুগন্ধি ওলায়। মেজেংগা গছৰ গুটিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ পোৱা যায়। ইয়াৰ বাকলি, ফল, বীজ আৰু পাতৰ ঔষধি গুণ আছে।

মেজেংগাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • শৰীৰত ঘা হ’লে মেজেংগাৰ পাতৰ ৰস শৰীৰত লগালে ঘা সোনকালে নিৰাময় হয়।
  • মেজেংগাৰ কোমল পাতৰ ৰস মূৰৰ বিষ নিবাৰক।
  • পেটৰ বিষ হ’লে মেজেংগাৰ পাতৰ আঞ্জা ৰান্ধি খালে বিষ উপশম হয়।
  • মেজেংগাৰ গুটিৰ ৰসে কুকুৰীকণা ৰোগ নিৰাময় কৰে।

  • স্মৃতিশক্তি বৃদ্ধিত মেজেংগাৰ পাতৰ ৰসে সহায় কৰে।
  • জ্বৰৰ বাবে মেজেংগাৰ পাত, ফল উপকাৰী।
  • মেজেংগাৰ পাতৰ ৰস পক্ষাঘাত ৰোগীৰ বাবেও উপকাৰী।
  • দাঁতৰ বিষ হ’লে মেজেংগাৰ পাত, ফল, বাকলি উতলাই কুহুমীয় কৰি কুলকুলি কৰিলে উপকাৰ পোৱা যায়।
  • অভোক বা অজীৰ্ণ হ’লে মেজেংগা শাক সিজাই খালে ভোক লাগে।

লেখিকা: ললিতা শৰ্মা লহকৰ